এফালে লকডাউন আৰু কাৰ্ফিউ আনফালে সৰ্বসাধাৰণৰ মাজত অৰ্থনৈতিক সংকট। অৰ্থনৈতিক দুৰবস্থাই কোঙা কৰা এই জটিল সময়তে গোলাঘাটত পুনৰ সক্ৰিয় হৈ উঠিছে চোৰৰ বৃহৎ গেং।কাৰ্ফিউৰ সুযোগ লৈ নগৰখনৰ কেইবাটাও অঞ্চলত চোৰে চলালে চাফাই অভিযান। শনিবাৰে নিশা গোলাঘাটৰ তিনিটা অঞ্চলত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড।লাখ লাখ টকাৰ সামগ্ৰী লুটি নিলে চোৰে।
গোলাঘাটৰ তপন নগৰৰ অনুপম ফেক্টৰীৰ সমীপত এটা বাসগৃহৰ পৰা নগদ ১ লাখ টকা আৰু প্ৰায় ডেৰ লাখ টকাৰ আ-অলংকাৰ লুটপাট চোৰৰ । নিশাৰ আন্ধাৰত গৃহস্থ শুই থকা অৱস্থাত চলালে এই চুৰিকাণ্ড। শ্ৰীকান্ত গুপ্তা নামৰ লোকজনৰ বাসগৃহত সংঘটিত হয় এই চুৰিকাণ্ড।
অন্যহাতে,নগৰখনৰ নিউ ফিচ মাৰ্কেটৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰাও চোৰে লুটি নিলে নগদ ১০ হাজাৰ টকা।গেলামালৰ দোকানখনৰ দুৱাৰ ভাঙি চোৰে সংঘটিত কৰে এই ঘটনা।পুৱাই গৌৰৱ বাৰ্ণাল নামৰ স্বত্বাধিকাগৰাকী জনে দোকান খুলিবলৈ বুলি আহি প্ৰত্যক্ষ কৰিলে এই চুৰিকাণ্ড।
ইপিনে,গোলাঘাটৰ ঘোষ গাৰ্মেন্টচ নামৰ এখন কাপোৰৰ দোকানতো চোৰে চলালে অন্য এক অভিযান।অৱশ্যে দোকান খনৰ পৰা কোনো সা-সামগ্ৰী লুটি নিব নোৱাৰিলে যদিও দোকানখনৰ দুৱাৰ ভাঙি প্ৰৱেশ কৰিবলৈ চেষ্টা চলাইছিল চোৰে।বৰ্তমান গোলাঘাট আৰক্ষী তিনিওটা অঞ্চলত উপস্থিত হৈ আৰম্ভ কৰে তদন্ত প্ৰক্ৰিয়া।
কাৰ্ফিউৰ সুযোগ লৈ গোলাঘাটত চোৰৰ গেং
উন্নত জাতৰ বিনামূলীয়া বীজ নাপালে ওৰাঙৰ কৃষকে
বিটিএডি ওদালগুৰি জিলাৰ মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাৰ কৃষক সকলে এইবাৰ এক কিলো উন্নত জাতৰ বিনামূলীয়া ধানৰ বীজ পাবলৈ সক্ষম নহল । বিগত সময়ত ওদালগুৰি জিলা কৃষি বিভাগে মৌজাটোৰ কৃষক সকলক সকাহ দি জেঠৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে উন্নত জাতৰ আইজং, ৰনজিত, স্বৰ্ণ মনচুৰি ইত্যাদি উন্নত জাতৰ শালি ধানৰ বীজ বিতৰণ কৰিছিল যদিও এইবেলি ওৰাং মৌজাৰ কৃষক সকলে বিনামূলীয়া বীজৰ পৰা বঞ্চিত হব লগা হল । এই খিনিতে উল্লেখনীয় আৰু পৰিতাপৰ কথা যে অইন বছৰৰ তুলনাত এইবাৰ মহামাৰী ক’ৰণাৰ গইনা লৈ একাংশ অসাধু ব্যৱসায়ীয়ে উন্নত জাতৰ ধানৰ বীজৰ মুল্য দুগুন বৃদ্ধি কৰাত কৃষক সকলে উপায়ন্তৰ হৈ ভঁড়ালত খাবলৈ সাচি থোৱা ধানকে কঠিয়া পাৰিছিল যদিও এই পৰ্যন্ত মাজবাট ৰাজহ চক্ৰৰ ওৰাং মৌজাত পৰ্যাপ্ত পৰিমাণে বৰষুণ নোহোৱাৰ বাবে কৃষক সকলে এদৰা শালিধান ৰুব পৰা নাই । যাৰ ফলত মেচিনেৰে পানী সিঁচি পেলোৱা কঠিয়া পৈনত হোৱাৰ পাছত এমাহ বা দেৰমাহৰ ভিতৰত ৰুব নোৱাৰিলে সেই কঠিয়া ধানৰ উৎপাদন হ্ৰাস পাব বুলি জানিবলৈ দিছে ওৰাং মৌজাৰ কৃষক সকলে । এতিয়া মাজবাট , ওৰাং, ৰৌতাৰ শ ,শ কৃষকে বৰষুণৰ পানীৰ লগতে কঠিয়াৰ বাবে চিন্তাত মুৰে কপালে হাত দিছে ।
সমাজ কৰ্মী তুষাৰ পাললৈ “ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা”
মৰিয়নি চেলেংহাটৰ এগৰাকী সমাজ কর্মী তথা শৰীৰ চৰ্চাবিদ তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা । আপকুৰ সহযোগত পাঁচ বছৰো অধিক সময় ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে সজাগতা শিবিৰ অনুষ্ঠিত কৰি অহাৰ বাবে এই জন সমাজ কৰ্মী তথা শৰীৰ চৰ্চা বিদলৈ আগবঢ়োৱা হৈছে এই সমাজ সেৱা ৰত্ন বঁটা ।২০১৬ চনৰ পৰা ড্ৰাগচৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি ধাৰাবাহিক ভাবে চলাই অহা এই জন সমাজ কর্মীয়ে ইতিমধ্যে পাঁচ তাকৈ বঁটা পাবলৈ সক্ষম হোৱাৰ সমান্তৰাল ভাৱে এই বঁটা পাই তেওঁক কাম কৰাৰ প্ৰৱণতা অধিক জন্মিব বুলি জানিবলৈ দিয়ে । ২০১৯ চনত আম্বেদকাৰ বঁটা,২০২০ ত ইণ্ডিয়ান বুক অব ৰেকৰ্ডৰ পৰা মানৱতা বঁটা,ভাৰতীয় দলিত সাহিত্য একাডেমি বঁটা,বলমা আলোক যুৱ সংঘৰ ২০১৯ অনুপ্ৰেৰণা বঁটা আৰু এইবাৰ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা ২০২১ পাবলৈ সক্ষম হৈছে। সজাগতা মূলক চুটি ছবিও ডিজিটেল মাধ্যমত ক্ৰমে আতংক,যোদ্ধা, মৃত্যু দূত,আদি সম্প্ৰচাৰ কৰিছে ড্ৰাগছ ৰোধৰ সজাগতা সৃষ্টি কৰিছে। উল্লেখ যে যি সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি নৱ প্ৰজন্ম ধ্বংসৰ মুখলৈ যোৱাত উদ্ধাৰৰ চেষ্টাত ব্ৰতী এই গৰাকী শৰীৰ চৰ্চাবিদক বিভিন্ন দল সংগঠনে সন্মান প্ৰদান জনাইছে যদিও মানৱ দৰদী তুষাৰ পাল আজিও চৰকাৰী স্বীকৃতি পৰা বঞ্চিত।
ঈদগাহ, কৱৰ স্থানত দুই হিন্দু যুৱকৰ বৃক্ষৰোপন
দক্ষিণ কামৰূপ সচেতন মঞ্চই ৭২ সংখ্যক বন মহোৎসৱৰ স’তে সংগতি ৰাখি পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৯খন ঈদগাহস্থলী আৰু কৱৰ স্থানত বৃক্ষৰোপন কৰে। সচেতন মঞ্চৰ উপদেষ্টা, সাংবাদিক তথা লেখক দীপক শৰ্মা আৰু মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাসৰ দৰে দুই হিন্দু যুৱকে লোৱা এই প্ৰচেষ্টাক ইছলাম ধৰ্মাৱলম্বী একাংশ বিশিষ্ট লোকে ভূয়সী প্ৰশংসা কৰে। পশ্চিম গুৱাহাটী সমষ্টিৰ পাচনীয়াপাৰা ঈদগাহ, পাচনীয়াপাৰা ৰাজহুৱা কৱৰ স্থান, পলাশবাৰী সমষ্টিৰ মিৰ্জাৰ কোছপাৰা নিউক’লনি জামা মছজিদ, কোছপাৰা নিউক’লনি কৱৰ স্থান, সৰপাৰা কৱৰ স্থান, হালীগাঁৱ- সৰপাৰা ঈদগাহ, হালীগাঁৱ কৱৰ স্থান, নৈপৰীয়া চিমিনা ৰাজহুৱা মছজিদ, চিমিনা ৰাজহুৱা কৱৰ স্থানত শতাধিক গছপুলি ৰোপন কৰে। এই অনুষ্ঠানত পাচনীয়াপাৰা মফিজুদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আয়ুৱউদ্দিন আহমেদ, পাচনীয়াপাৰা ঈদগাহ সমিতিৰ সম্পাদক তথা খ্যাতিমান প্ৰাক্তন ফুটবল তথা কাবাডী খেলুৱৈ আক্ৰাম হুছেইন, বঙৰা অঞ্চলৰ সমাজকৰ্মী জাফৰ আলী, মকবুল আলী, মিৰ্জাৰ ইমাম মতিউৰ ৰহমান, মিৰ্জাৰ সমাজসেৱী নাছিৰ আহমেদ, বিজু ৰহমান, মোস্তফা ৰহমান, সৰপাৰা কৱৰ স্থানৰ সম্পাদক মন্টু আলী, সহ: সম্পাদক মমতাজ আলী, বিটিএডিৰ গোৰেশ্বৰ অঞ্চলৰ সমাজকৰ্মী ৰাজীৱ আলী, ইনটাজুল আলী, চফিকুৰ ৰহমান, নুৰুদ্দিন আলী, চিমিনাৰ ইমাম আব্দুল ৰহমান, সমাজকৰ্মী নুৰ ইছলাম আলী, ইউনুছ আলী, যুৱ ব্যৱসায়ী লফিকুল আলী, তাজনুৰ আলাম প্ৰভৃতি লোকসকলে অংশগ্রহণ কৰে। শিক্ষাবিদ-সমাজকৰ্মী আয়ুৱউদ্দিন আহমেদে কয়- সচেতন মঞ্চ সচাঁকৈয়ে প্ৰশংসাৰ পাত্ৰ। মহামাৰী কৰ’ণাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতো নিজৰ জীৱনৰ প্ৰতি ভয়- শংকা নকৰি সাংবাদিক দীপক শৰ্মা আৰু প্ৰাক্তন ছাত্র নেতা মদন দাসে ঈদগাহ, কৱৰ স্থানত গছ ৰোপন কৰে। খ্যাতিমান প্ৰাক্তন খেলুৱৈ আক্ৰাম হুছেইনে কয়- সমন্বয়-সংহতিৰ সেতু গঢ়িলে সচেতন মঞ্চই। তেওঁলোকৰ চিন্তাই সমাজত এক ইতিবাচক বাৰ্তা বহন কৰিব। ইমাম মতিউৰ ৰহমানে কয়- আজিৰ এই জটিল সন্ধিক্ষণত এক মহামিলনৰ বাট সূচল কৰিলে দীপক-মদনে। মানুহৰ মাজত থকা ভেদা ভেদৰ প্ৰাচিৰখন ভাঙিবলৈ কৰা প্ৰয়াসক ইমাম গৰাকীয়ে আদৰণি জনায়।
লাহৰীঘাট গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ডত ছেনিটাইজেচন
সম্প্রতি ক’ৰণা মহামাৰী চলি থকা সময়ত বহু সংখ্যক লোক ক’ৰণা আক্রান্ত হৈ মৃত্যু বৰণ কৰি আছে। তেনে অৱস্থাত বৰ্তমান মৰিগাঁও জিলাক ৰেড জ’ন চিনাক্ত কৰি সম্পূৰ্ণ লক ডাউন ঘোষণা কৰা হৈছে । এই কেইদিনত লাহৰীঘাটতো ক’ৰণা আক্রান্ত হৈ একাংশ ব্যক্তিৰ মৃত্যু হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি লাহৰীঘাট গাঁও পঞ্চায়তৰ তৰফৰ পৰা সভানেত্রী লিলিমা খাতুনৰ নেতৃত্বত উক্ত পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ কেবাটাও বাসগৃহত আৰু পঞ্চায়তৰ কাৰ্যালয়ত ছেনিটাইজেচন কৰোৱা হয়। উল্লেখ্য যে ৬ নং ৱাৰ্ডৰ দুগৰাকী ব্যক্তিৰ ক’ৰণাত আক্রান্ত হৈ মৃত্যু হোৱাত সেই ব্যক্তি সকলৰ ঘৰতো আজি ছেনিটাইজ কৰোৱা হয়।
ব্লাড কেঞ্চাৰত ভুগি থকা শিশুৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য প্ৰদান স্বেচ্ছাসেৱী সংগঠনৰ
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ এটা ব্যতিক্রমী স্বেচ্ছাসেৱক সংগঠন, লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনে এই বেলি বহু জনহিতকৰ কাম কৰি সমাজত এটা বিশেষ মৰ্যাদা লাভ কৰিছে।লাহৰীঘাট অঞ্চলৰ ধিঙৰআটি গাঁৱৰ আইজুল ইছলামৰ কন্যা শিশু চোমাইয়া ছিদ্দিকা বিগত প্ৰায় এমাহ ধৰি ব্লাড কেঞ্চাৰ ৰোগত আক্রান্ত হৈ গুৱাহাটীত চিকিৎসাধীন হৈ আছে। শিশুটিৰ চিকিৎসাৰ বাবে আৰ্থিক সাহায্য বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে আবেদন জনাইছিল। সেই মৰ্মে আজি লাহৰীঘাট ছচিয়েল ওয়েল ফেয়াৰ অৰগেনাইজেচনৰ সভাপতি তথা সমাজ সেবক জাবেদ আলীৰ নেতৃত্বত শিশুটিৰ অভিভাবকক চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য আগবঢ়ায় । আৰু আৰ্থিক সাহায্য প্ৰদান কাৰ্যত সহযোগিতা কৰে সমুহ অৰগেনাইজেচনৰ কৰ্ম কৰ্তা ক্ৰমে ফাহাদ শাহিন আলী, ৰেজুৱান ইছলাম, , আজহাৰুল আহমেদ , আফৰুচ জাহান আৰু ৰাজিবুল ইছলামে। তেওঁলোকৰ এই কাৰ্যত স্হানীয় লোকে প্ৰশংসা কৰিছে।
১৫ বছৰীয়া বৈবাহিক জীৱন সমাপ্ত আমিৰ-কিৰণৰ
১৫ বছৰীয়া বিবাহ সমাপ্ত কৰাৰ সিদ্ধান্ত ল’লে বলীউড অভিনেতা আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে। শক্তি দম্পতীহালে ৩ জুলাইত এক যুটীয়া বিবৃতিৰে পৃথকীকৰণৰ কথা ঘোষণা কৰে। অভিনেতাজনে প্ৰথমে ৰীনা দত্তৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। দম্পতীহালৰ দুই সন্তান ক্ৰমে পুত্ৰ – জুনেইদ আৰু জীয়ৰী- ইৰা। এই বিবাহ খনৰ পৃথকীকৰণৰ পিছত ২০০৫ চনৰ ২৮ডিচেম্বৰ তাৰিখে আমিৰ খান কিৰণ ৰাওৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। সেই সময়চোৱাত কিৰণ লগনৰ ছেটত আছোতোষ গোৱাৰিকাৰৰ সহকাৰী পৰিচালক আছিল।২০১১ চনৰ ৫ডিচেম্বৰ তাৰিখে দুয়োজনে চাৰোগেচীৰ জৰিয়তে জন্ম হোৱা তেওঁলোকৰ পুত্ৰ আজাদ ৰাও খানৰ কথা ঘোষণা কৰে।
“এই ১৫ টা সুন্দৰ বছৰত আমি জীৱনজোৰা অভিজ্ঞতা, আনন্দ আৰু হাঁহি ভাগ-বতৰা কৰিছো আৰু আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমত হে বৃদ্ধি পাইছিল। এতিয়া আমি আমাৰ জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো – এতিয়া স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু ইজনে সিজনৰ বাবে সহ-পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে”।
বন্দীত্ব জীৱনৰ অৱসান ঘটাই পুৱাৰে পৰা শিৱসাগৰত তহল বিধায়ক অখিল গগৈৰ
দীৰ্ঘদিনৰ বন্দীত্ব জীৱনৰ অৱসান ঘটাই কালি শিৱসাগৰত গৈ উপস্থিত হোৱা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে এতিয়া শিৱসাগৰৰ সমস্যাক লৈ বিশেষ গুৰুত্ব দিছে।
শিৱসাগৰৰ সমস্যা সমাধানৰ প্ৰতি আগ্ৰহী বিধায়ক গৰাকীয়ে আজি পুৱাৰে পৰা শিৱসাগৰৰ ঐতিহাসিক দল-দেৱালয়,দলং, পুখুৰী আদি পৰিদৰ্শন কৰে।
পুৱা প্ৰায় ৫ বজাৰ পৰা অখিল গগৈয়ে শিৱসাগৰ পুখুৰী, বিষ্ণুদল,যমুনা নদী, আৱৰ্ত ভৱন, দিখৌ নদী ওপৰৰ ওলমা দলং, জয়সাগৰ পুখুৰী, স্বৰ্গদেউ ৰুদ্ৰসিংহ উদ্যান, ঘনশ্যাম দল, দেৱী দল, ফাকুৱা দল, হৰগৌৰী দৌল, তলাতল ঘৰ, গোলাঘৰ পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়।
উল্লেখযোগ্য যে,বিধায়ক অখিল গগৈয়ে ৪/৫ দিন শিৱসাগৰত থাকি শিৱসাগৰ সমষ্টিৰ প্ৰতিখন গাওঁলৈ গৈ অঞ্চলসমূহৰ সমস্যাবোৰৰ বুজ ল’ব বুলি জানিবলৈ দিছে।
ৰঙিয়াৰ চাৰ্ছ পাব্লিক স্কুলত শিক্ষকৰ ছিপ লৈ আত্মহত্যা
ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ বিদ্যলয় চাৰ্ছ পাব্লিক স্কুলৰ নৱ ডেকা নামৰ কম্পিউটাৰৰ শিক্ষক জনে আজি ৰাতিপুৱা প্ৰায় ৭ মান বজাত স্কুলখনৰে এটা শ্ৰেণিকোঠাত থকা ফেনত চিপলৈ আত্মহত্যা কৰে । কামৰূপ জিলাৰ বেজেৰাত ঘৰ আছিল শিক্ষকজনৰ। স্বৰ্গীয় বিপিন চন্দ্ৰ ডেকা মাতৃ বিণা ডেকাৰ পুত্ৰ নৱ ডেকা প্ৰায় ৮ বছৰে উক্ত বিদ্যলয়খনত কৰ্মৰত আছিল । আত্মহত্যৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও বহুতে স্কুল কতৃপক্ষৰ সৈতে কোনো কথাত মতানৈক্য হৈ এই সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰা হৈছে । ঘটনাস্থলিত ইতিমধ্যে আৰক্ষীসহ দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি পৰৱৰ্তী পৰ্যায়ত মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হʼব বুলি জানিবলৈ দিয়ে ।
আৰক্ষীৰ গুলীত নিহত মাষ্টাৰমাইণ্ড কানৱালদীপ
ড্রাগ্ছ ব্যৱসায়ৰ সৈতে জড়িত হৈ পৰা অজিত দাসৰ অপহৰণৰ ঘটনাৰ সৈতে জড়িত হৈ থকা অভিযুক্ত এজনক আজি গ্রেপ্তাৰ কৰাৰ পাছতেই পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলীয়াই নিহত কৰে৷ কার্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে প্রকাশ কৰা অনুসৰি অজিত দাসৰ অপহৰণৰ সৈতে জড়িত হৈ থকাৰ তথ্যৰ ভিত্তিত আজি কার্বি আংলঙৰ পৰা গ্রেপ্তাৰ কৰা কানৱালদীপ সিং সিদ্ধুক গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে লৈ আহি থকাৰ সময়তে কার্বি আংলং জিলাখনৰ দলদলি সংৰক্ষিত বনাঞ্চলত এজন আৰক্ষী বিষয়াৰ পৰা হঠাৎ অস্ত্র কাঢ়ি পলাবলৈ লওঁতে আৰক্ষীয়ে কানৱালদীপ সিং সিদ্ধুক গুলীচালনা কৰে৷ আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হোৱা কানৱালক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ ইফালে বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙেও এই ঘটনা সন্দর্ভত টুইট কৰি সবিশেষ প্রকাশ কৰিছে৷
উল্লেখ্য যে ৰে’লৱে প্রটেকচন স্পেচিয়েল ফ’চৰ চতুর্থ বেটেলিয়নৰ পৰিদর্শক হিচাপে চাকৰি কৰা কানৱালদীপ সিং সিদ্ধুক নানা অপৰাধজনিত ঘটনাৰ সৈতে জড়িত থকা অপৰাধত বর্খাস্ত কৰা হৈছিল৷ এনেদৰে চাকৰিৰ পৰা বর্খাস্ত হৈ থকাৰ সময়তে ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত হৈ পৰা সিদ্ধুৱে শেহতীয়াকৈ অজিত দাসৰ অপহৰণৰ সৈতে জড়িত হৈ পৰাই নহয়, এই অপহৰণৰ মাষ্টাৰমাইণ্ড হিচাপেও কাম কৰিছিল৷
উল্লেখ্য যে অজিত দাসৰ অপহৰণৰ সৈতে জড়িত থকাৰ অভিযোগত ইতিমধ্যে গ্রেপ্তাৰ হৈছে ফাঁচীবজাৰ আৰক্ষী চকীৰ কনিষ্টবল ৰাজবাবু সিং, আছাম ফৰেষ্ট প্রটেকচন ফ’চ বেটেলিয়নৰ হাবিলদাৰ জিতেন বাইলুং আৰু জাগীৰোড থানাৰ গৃহৰক্ষী জোৱান সূৰুয পাটৰ৷ তদুপৰি মনেশ্বৰ দাস নামৰ এজন ফার্মাচিষ্টকো এই ঘটনা সন্দর্ভত গ্রেপ্তাৰ কৰা হৈছে৷ যোৱা ২৩ জুনৰ নিশা পৰিকল্পিতভাৱে গুৱাহাটীৰ ৰে’লৱে কলনীৰ কালীবাৰীৰ বাসগৃহৰ পৰা অজিত দাসক অপহৰণ কৰি নিছিল এই অভিযুক্তকেইজনে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে অভিযান চলাই কার্বি আংলঙৰ পৰা অজিত দাসক উদ্ধাৰ কৰাৰ লগতে গ্রেপ্তাৰ কৰিছিল তিনিজনকৈ অপহৰণকাৰীক৷ ড্রাগ্ছ সৰবৰাহৰ সৈতে জড়িত থকা আটাইকেইজনে ধনৰ লেনদেনৰ খেলিমেলি হেতু অজিত দাসক অপহৰণ কৰা বুলি স্বীকাৰ কৰিছিল৷ উল্লেখ্য যে ড্রাগ্ছ সৰবৰাহ তথা ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত অজিত দাসকো আৰক্ষীয়ে ইতিমধ্যে গ্রেপ্তাৰ কৰিছে৷











