Home Blog Page 2956

আজিৰে পৰা কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP

আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ব কোভিডৰ নতুন SOP। এসপ্তাহৰ বাবে বাহাল থাকিব নতুন SOPৰ বিধিসূহ। শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই কথা জনাইছিল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

৪খন জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে। বিশ্বনাথ,মৰিগাঁও, গোলাঘাটৰ বোকাখাট মহকুমা আৰু গোৱালপাৰা জিলাত কণ্টেইনমেণ্ট জ’ন।

আজিৰে পৰা কামৰূপ মেট্ৰ’ত ৪ বজাৰ পৰা সান্ধ্য আইন। বিয়লি ৩ বজালৈ খুলিব পাৰিব দোকান–পোহাৰসমূহ। বাকী জিলা সমূহ পূৰ্বৰ দৰেই থাকিব৷ আন্তঃজিলা যাতায়াত বন্ধ থাকিব৷ ৰাজ্যত ২৪৭টা কোৰোণাৰ হটস্পট চিনাক্ত কৰা হৈছে।

BREAKING গুৱাহাটী ৰে’লৱে ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ ভাং

গুৱাহাটী ৰে’লৱে পুলিচে জব্দ কৰে ভাংখিনি ।৩গৰাকী মহিলাই ৰে’লত আহিছিল ভাংখিনি ।জব্দ কৰা ভাংখিনিৰ মূল্য প্ৰায় ১ লাখ টকা । মহিলাকেইগৰাকী সুনিতা দেৱী, অৰপিতা দেৱী আৰু কিৰণ দেৱী ,আগৰতলাৰ পৰা বিহাৰলৈ নিয়া হৈছিল ভাঙখিনি ।

ডাইনী কু-সংস্কাৰ বিৰোধী আন্দোলনৰ নেত্ৰী বীৰুবালা ৰাভাৰ আশু আৰোগ্য কামনা

ডাইনী, অন্ধবিশ্বাস, কু-সংস্কাৰৰ বিৰুদ্ধে সততে মাত মাতি অহা নেত্ৰী বীৰুবালা ৰাভা বৰ্তমান ভিন ভিন ৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন হৈ আছে। আপোচবিহীন নেত্ৰী বীৰুবালা ৰাভাক ২০২১চনত ভাৰত চৰকাৰে “পদ্মশ্রী” সন্মান, ২০১৫চনত উপেন্দ্র নাথ ব্ৰহ্ম ছলিডাৰ অব্ ইমিউনিটী বঁটা প্ৰদান কৰা হৈছিল। ২০০৫ চনত শান্তিৰ নোবেল বঁটাৰ বাবেও মনোনীত হৈছিল ৰাভা। গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুভিলা গাৱঁৰ পৰা ৰাষ্ট্ৰসংঘৰ মজিয়ালৈকে যোৱ বীৰুবালা ৰাভা বৰ্তমান অসুস্থ হোৱাত চিন্তিত হৈ পৰিছে ভিন ভিন দল-সংগঠন। এক বাৰ্তাত ৰাজ্যৰ সমন্বয়-সংহতি-ঐক্যতাৰ অন্যতম সাহিত্য সংগঠন “বহুবাক” ( সাহিত্য মঞ্চ,অসম)ৰ প্রধান সম্পাদক দীপক শৰ্মাই কয়- “ঈশ্বৰে বীৰুবালা ৰাভা বাইদেউক অতি সোনকালে সুষ্ঠ-সবল কৰি তোলক। কত শত মানুহক সাহস দিয়া, সুপ্ৰতিভ দৃষ্টিৰে মানুহৰ জীৱন ৰক্ষা কৰা ৰাভা বাইদেউ সোনকালে সুষ্ঠ হৈ উঠিব। আমি আশাবাদী, দৃঢ় বিশ্বাস আছে।” এইগৰাকী মহান  মানৱতাবাদী, কু-সংস্কাৰ বিৰোধী বিদূষী বীৰুবালা ৰাভাৰ আশু-আৰোগ্য কামনা কৰে নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী ড০ মলিনা দেৱী ৰাভা, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সভাপতি গৌৰীকান্ত নাথ, পৰাগজ্যোতি প্ৰকাশন আদি দল-সংগঠনে অতি সোনকালে সুষ্ঠ হোৱাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা : গ্ৰেপ্তাৰ কুখ্যাত ড্ৰাগছ মাফিয়া পাপু আলি

 গোলাঘাট ফৰকাটিংৰ কুখ্যাত  ড্ৰাগছ ব্যৱসায়ী পাপু আলি গ্ৰেপ্তাৰ । কিছুদিন পূৰ্বে পাপু আলি তিৰুৱাল বৰফুকন খাটৰ নিৰ্মিয়মান বাসগৃহৰ পৰা  বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিছিল আৰক্ষীয়ে  । উক্ত ঘটনাৰ পিছতে  ড্ৰাগছ মাফিয়া পাপু আলি আৰক্ষীৰ চকুত ধুলি দি   পলাই ফুৰিছিল । অৱশেষত গোলাঘাট ফৰকাটিং আৰক্ষীয়ে ফৰকাটিং অঞ্চলৰ পৰাই ড্ৰাগছ  মাফিয়া পাপু আলিক গ্ৰেপ্তাৰ কৰিবলৈ  সক্ষম হয় ।  উল্লেখযোগ্য যে , পাপু আলি ড্ৰাগছৰ লগতে বহুতো অপৰাধমূলক কাৰ্যৰ লগতো  জড়িত আছিল । অগাধ  ধন-সম্পত্তিৰ মালিক এই পাপু আলিৰ বাসগৃহত  ২০১৯ চনৰ ২৬ ছেপ্টেম্বৰত  অভিযান চলাই ঘৰৰ বিভিন্ন স্থানৰ  পৰা পিষ্টল,গ্ৰেণেড, সেনাৰ পোছাক আদি উদ্ধাৰ কৰিছিল আৰক্ষীয়ে । গোলাঘাট জিলাৰ বিভিন্ন এলেকাৰ লগতে অন্য জিলালৈও ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই অহাৰ অভিযোগ আছে পাপু আলিৰ  বিৰুদ্ধে।  স্থানীয় লোকৰ ভাষ্য অনুসৰি  এনে অসাধু ব্যৱসায় কৰিয়েই পাপু আলিয়ে গোটাইছিল অজস্ৰ ধন-সম্পত্তি।  আজি এই কুখ্যাত ড্ৰাগছ মাফিয়াৰ গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ কৰিছে গোলাঘাটবাসীয়ে।

চলিত মাহত ওদালগুৰি মহকুমাত নিৰাপত্তাৰক্ষীৰ ৭টা বৃহৎ সফলতা

চলিত জুন মাহত  নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ক্ৰমাৎ এটাৰ পাছত আনটো সফল অৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় সাতটাকৈ অভিযানত ওদালগুৰি জিলা আৰক্ষী প্ৰশাসনে জব্দ কৰে বৃহৎ সংখ্যক সুৰা, গাঞ্জাকে ধৰি হেৰ‌’ইন জাতীয় নিচাযুক্ত সামগ্ৰী। অভিযানৰ প্ৰথমটো স্থান ওদালগুৰি সদৰ।  বিগত ৪ জুনত ওদালগুৰি আৰক্ষীৰ জালত পৰে গাঞ্জাসহ এজন লোক। নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ওদালগুৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰা আৰু আৰক্ষীৰ এটা দলে অভিযান চলাই ৯.৫ কিল’গ্ৰাম গাঞ্জাসহ ব্যৱসায়ীগৰাকীঅ গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীগৰাকী ওদালগুৰিৰ ৪ নম্বৰ ৱাৰ্ডত ভাৰাতীয়া হিচাপে থকা বিনোদ বসুমতাৰী(৩২)। গ্ৰেপ্তাৰ হোৱা গাঞ্জা ব্যৱসায়ীগজনৰ পৰা আৰক্ষীয়ে ১,৮৪০ টকা নগদ ধন জব্দ কৰে। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি ধৃত লোকজনক জেললৈ প্ৰেৰণ কৰে। আৰক্ষীৰ দ্বিতীয়টো অভিযানৰ স্থান মাজবাট। যোৱা ৬ জুনত ওদালগুৰি জিলাৰ অন্তৰ্গত মাজবাট আৰক্ষীয়ে এক অভিযান চলাই এটা বস্তাত ভৰাই অনা ২৫ কিঃগ্ৰাম গাঞ্জা জব্দ কৰে। মাজবাট অঞ্চলৰ ৰঙাপানীত নিশা চাইকেলেৰে গাঞ্জা সৰবৰাহ কৰি থকা অৱস্থাতে মাজবাট আৰক্ষীৰ তহলদাৰী দলে জব্দ কৰে গাঞ্জাখিনি। অৱশ্যে আৰক্ষীৰ দলটোক দেখিয়েই গাঞ্জা সৰবৰাহকাৰী লোকজন চাইকেল এৰি বৰষুণৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে মাজবাট আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত মাজবাট থানাত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। অভিযানৰ তৃতীয়টো স্থান হৈছে ৰৌতাৰ অমিনপাৰাৰ সমীপৱৰ্তী ফাকিৰালী। বিগত ১০ জুনত এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দিনৰ প্ৰায় ২.১৫ বজাত ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱা আৰু লালপুলৰ আৰক্ষী বিষয়া ছৰাফৎ আলীয়ে আৰক্ষীৰ এটা দলসহ ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰাৰ সমীপৱৰ্তী ফাকিৰালীত এক অভিযান চলাইছিল। অভিযানত আৰক্ষীৰ দলটোৱে ১০ গ্ৰাম সন্দেহজনক হেৰ’ইনসহ দুজন অৰুণাচলৰ লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক দুজন ক্ৰমে তেন নৰবু(২১) আৰু বিজয় ৰয় বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষী থানাত ১২১/২১ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। চতুৰ্থটো অভিযানৰ স্থান হৈছে ওদালগুৰিৰ ভৈৰৱকুণ্ড। যোৱা ১১ জুনত ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ সমীপৱৰ্তী আংৰাজুলি গাওঁত বহু পৰিমাণৰ অৰুণাচলী সুৰা জব্দ কৰে এছএছবিয়ে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ২৩ নম্বৰ লালপুল বেটেলিয়নৰ অন্তৰ্গত কচুবিল এছএছবি শিৱিৰৰ সহযোগত অভিযান চলায়। সহকাৰী কামাণ্ডেণ্ট ৰবি সিঙৰ নেতৃত্বত দহজনীয়া এছ এছবিৰ দল উক্ত দিনটোৰ পুৱা প্ৰায় ১০ বজাত চলোৱা অভিযানত আংৰাজুলি গাওঁৰ পৰা এখন বাহনৰ পৰা অৰুণাচলী সুৰাসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোকজন হৈছে আংৰাজুলি গাওঁৰ চুমেন নাৰ্জাৰী। জব্দকৃত মাৰুটি চুজুকী বাহনখনৰ নম্বৰ হৈছে এএছ১২এফ-৫৭৪০। বাহনখনৰ পৰা এছএছবিৰ দলটোৱে ১৪৪ টা বিভিন্ন বেণ্ডৰ অৰুণাচলী সুৰাৰ বটল জব্দ কৰে। এছএছবিয়ে দাবী কৰা অনুসৰি কভিডৰ মিনি লকডাউনৰ সময়ছোৱাত এনেদৰে জিলাখনৰ বিভিন্ন প্ৰান্তলৈ অৰুণাচলী সুৰাৰ সৰবৰাহ চলি আহিছে। ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি সুৰাখিনি ওদালগুৰি আৱকাৰী বিভাগৰ হাতত গটাই দিয়াৰ লগতে গ্ৰেপ্তাৰ হোৱা লোকজনক এছএছবিয়ে আৰক্ষীৰ হাতত গতাই দিয়ে। অভিযানৰ পঞ্চমটো স্থান হৈছে ওদালগুৰিৰ হৰিশিঙা। ১২ জুনত  হৰিশিঙা আৰক্ষীয়ে এক অভিযান চলাই থানাখনৰ অন্তৰ্গত এলেকাৰ পৰা বহু পৰিমাণৰ সুৰা জব্দ কৰে। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত দিনৰ ১২-৩০ বজাত হৰিশিঙা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰেমাঙ্কুৰ হাজৰিকা আৰু সহ আৰক্ষী বিষয়া অনিল সোণোৱালৰ নেতৃত্বত নিৰাপত্তাৰক্ষীৰ এটা দলে এক অভিযান চলায়। হৰিশিঙা থানাৰ অন্তৰ্গত কুন্দৰবিল গাওঁ আৰু ধীপাবস্তিত অভিযানকাৰী দলটোৱে এক অভিযান চলাই বহু পৰিমাণৰ দেশীয় আৰু বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত সুৰাখিনিৰ ভিতৰত আছে প্ৰায় ২৫ লিটাৰ চুলাই তথা দেশীয় সুৰা। আৰক্ষীৰ সূত্ৰে সাংবাদিকক জনোৱা মতে, কভিডৰ এই জটিল সময়ত সকলো নীতি নিয়ম উলংঘা কৰি একাংশই এনেদৰে মুকলিভাৱে অবৈধ সুৰাৰ বেহা চলাই নিছে। অৱশ্যে আৰক্ষীৰ এই অভিযানত কোনো লোকক ধৰিবলৈ সক্ষম হোৱা নাছিল। ঘটনা সন্দৰ্ভত হৰিশিঙা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিধিগত ব্যৱস্থা গ্ৰহণ কৰে। অভিযানৰ ষষ্ঠ স্থান হৈছে ওদালগুৰি জিলা সদৰ। ১২ জুনৰ নিশা ওদালগুৰি সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে থানাখনৰ অন্তৰ্গত এলেকাৰ পৰা বহু পৰিমাণৰ অবৈধভাৱে বিক্ৰীৰ বাবে মজুত ৰখা সুৰা জব্দ কৰে। ইয়াৰোপৰি সুৰাসহ আৰক্ষীৰ জালত পৰে এজন লোক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত চলাই আছে। এনেদৰে চলিত এমাহত  ওদালগুৰি মহকুমাত আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ৭ টাকৈ সফল অভিযান চলাই বহু নিচাযুক্ত সামগ্ৰীৰ লগতে ঘটনাৰ সৈতে জৰিত লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী এই সন্দৰ্ভত হুংকাৰ প্ৰদান কৰি অভিযান ধাৰাবাহিকভাৱে চলাৰ কথা প্ৰকাশ কৰে।আনহাতে  এক গোপন সূত্ৰৰ পম খেদি আজি ১৯ জুনত সন্ধিয়া ৫.৩০বজাত নিচাযুক্ত দ্ৰব্যসহ এজনক ওদালগুৰিৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাই জনোৱা মতে- ওদালগুৰি জিলাৰ অন্তৰ্গত ভৈৰৱকুণ্ডত তালাচী চলাই টংলা নিবাসী গুবিন্দ্ৰ থাপা(৫৯)নামৰ এজন ড্ৰাগচ সৰবৰাহীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু তেওঁৰ  পৰা সন্দেহযুক্ত  ৩৪০ গ্ৰাম নিচাযুক্ত দ্ৰব্য জব্দ কৰে।বজাৰত নিচাযুক্ত দ্ৰব্যখিনিৰ মূল্য প্ৰায় ২০ হাজাৰ টকা হ’ব।আৰক্ষীয়ে লগতে এ.এছ.০১এৱাই.৬৪৭৩নম্বৰৰ মটৰ চাইকেল এখনো জব্দ কৰে।এই সন্দৰ্ভত অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত আছে।

বকোৰ তামুলদি গাওঁৰ গাওঁবুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বনত অঞ্চলজুৰি স্বস্তিৰ নিশ্বাস

এগৰাকী চৰকাৰী গাওঁবুঢ়াৰ স্বেচ্চাসাৰী কাৰ্য্য কালাপ আৰু হিটলাৰী শোষণত অতিষ্ঠ হৈ গাওঁ খনৰ একাধিক সামাজিক ব্যক্তিয়ে গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে। এই ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছমৰীয়া ৰাজহ চক্ৰৰ অধিনৰ গাওঁ তামুলদি গাওঁত। তামুলদি গাওঁৰ গাওঁবুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বন কৰা বিষয় সন্দৰ্ভত জানিব পৰা মতে ; গাওঁবুঢ়া গৰাকীয়ে গাওঁ খনৰ প্ৰশাসনিক সেৱাৰ নামত চলাইছিল এক প্ৰকাৰৰ গুণ্ডাৰাজ। গাওঁবুঢ়াই গাওঁত শাসনৰ নামত চলাইছিল এক প্ৰকাৰৰ হিটলাৰৰ শাসন।মুঠৰ ওপৰত ধুৰন্ধৰ প্ৰকৃতিৰ ছমেজ উদ্দিন আহমেদে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে গাওঁবুঢ়া হৈছিল। গাওঁবুঢ়াই সামাজিক দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে নিজৰ লগতে পৰিয়ালৰ সকলোকে চৰকাৰৰ আঁচনিত অন্তৰ্ভুক্ত কৰি গাওঁৰ ৰাইজক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। গাওঁবুঢ়া গৰাকীৰ বিৰুদ্ধে গোচৰৰ উপৰি গোচৰ তৰাৰ পিছত বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰি কামৰূপ জিলা উপায়ুক্তই স্মাৰক পত্ৰ নং কে আৰ চি ৮৩/২০১৯/৫ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া মৰ্মে ১৬ – ০৬ – ২০২১ তাৰিখে চূড়ান্ত ৰায় দিয়ে আৰু গাওঁ বুঢ়া ছমেজ উদ্দিন আহমেদক নিলম্বন কৰা হ’ল বুলি ঘোষণা কৰে। লগতে জিলা উপায়ুক্তই গাওঁবুঢ়া গৰাকীক নিলম্বন কৰা হুকুমৰ নথি ছমৰীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ; বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ; ছমৰীয়া মৌজাৰ মৌজাদাৰ আৰু নিলম্বিত গাওঁ বুঢ়া ছমেজ উদ্দিন আহমেদক প্ৰেৰণ কৰি ৰাজহুৱা কৰে। উল্লেখ্য যে ; একাধিক অসামাজিক কাৰ্য্য কালাপত জড়িত আৰু চৰকাৰী আঁচনিৰ সা সুবিধা হৰলুকি কৰা অপৰাধত অভিযুক্ত গাওঁবুঢ়া গৰাকীক নিলম্বন কৰাত অঞ্চলবাসী ৰাইজে স্বস্তিৰ নিশ্বাস পেলাইছে।

হাত জোকাৰি বিদায় দিলে মাতৃয়ে ! মৰিয়নীৰ পৰা গুৱাহাটীলৈ ৰাওনা অখিল গগৈ

মৰিয়নীৰ চেলেং লুখুৰাখন গাঁৱৰ পৰা বিয়লি ৩ বজাত গুৱাহাটী অভিমুখে ৰাওনা হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চকুলো টুকি অখিলক বিদায় জনায় মাতৃ প্ৰিয়দা গগৈৰ লগতে গাঁওবাসীয়ে।

যোৰহাট জিলাৰ লগতে মৰিয়নী সমষ্টিৰ বহুসংখ্যক লোকে অখিল গগৈ ঘৰৰ পৰা ওলাই অহাৰ সময়ত উপস্থিত থাকি নেতাগৰাকীক বিদায় জনায়।

ইপিনে অখিল গগৈৰ বিদায়ৰ মুহূৰ্তত যোৰহাটৰ এগৰাকী উপ আৰক্ষী অধীক্ষকে এগৰাকী বৈদ্যুতিন মাধ্যমৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত অখিল গগৈৰ বাসভৱনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত অখিল গগৈৰ হস্তক্ষেপত ক্ষান্ত হয় সাংবাদিকসকল।

ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ,প্ৰদূষণমুক্ত আৰু দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াস

কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতীন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়া কৰণৰ পদক্ষেপ গ্ৰহন কৰা আঁচনিৰ অধীনত চলি থকা বৃক্ষ ৰোপনে প্ৰদূষণ  মুক্ত পৰিবেশ সৃষ্টিত এক মাইলৰ খুটি হিচাপে চিহ্নিত হ’ব মন্তব্য কৰিছে “মোকছা”ই৷ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ অধীকাৰীৰ অধীনত “মোছকা” নামৰ সংস্থাটোৱে ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত বহুলাংশে দুৰ্ঘটনা প্ৰতিৰোধ হোৱাৰ আশা ব্যক্ত কৰিছে সংস্থাই৷৩১ নং (চি)ৰাষ্ট্ৰীয় ঘাইপথৰ বঙাইগাঁও পি আই ইউ অধীনস্থ এ এছ ১২ পেকেজৰ ১০ কিলোমিটাৰৰ পৰা ৩০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাই পথৰ ডিভাইডাৰত বিভিন্ন প্ৰকাৰৰ বৃক্ষ ৰোপন কৰি ঠাই খিনি প্ৰদূষণমুক্ত কৰাৰ লগতে সুন্দৰ পৰিবেশ সৃষ্টি হৈছে৷কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীৰ এই অভিলাষী আঁচনি এক সোণালী  সুযোগ৷সেউজীয়া ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ যোগেদি যুগান্তকাৰী উন্নয়ন হ’ব বুলিও মন্তব্য কৰিছে ।তাৰোপৰি গছ গছনি বোৰে ৰাতি চালকৰ চকুত আন গাড়ীৰ পোহৰ নপৰাৰ বাবে দুৰ্ঘটনা হ্ৰাস পাব। মোকছা এজেঞ্চীয়ে বিভিন্ন প্ৰকাৰৰ গছৰ পুলি যোগান ধৰিছে।কভিড-১৯ ত বিভিন্ন ব্যক্তিয়ে আক্ৰান্ত হৈ অক্সিজেন ৰ অভাৱত কৰুণ মৃত্যুক আকোৱালি লবলগীয়া হৈছে,তেনেক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাইপথ সেউজীয়াকৰণ কৰাত অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ’ব আৰু সামাজিক পৰিবেশ উন্নত হ’ব বুলি ৰাইজে মত পোষণ কৰিছে।

খানামুখত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযান : নথিপত্ৰ বিহীন পাইন কাঠভৰ্ত্তি ট্ৰাক জব্দ

গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ খানামুখৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা জালুকবাৰী আৰক্ষী আৰু বন বিভাগৰ যৌথ অভিযানত মেঘালয়ৰ বৰ্ণিহাটৰ পৰা চালান বিহীনভাৱে অনা অৱস্থাত এখন পাইন কাঠভৰ্ত্তি বাৰচকীয়া  ট্ৰাক জব্দ কৰে। জব্দ কৰা কাঠখিনীৰ পৰিমাণ প্ৰায় ৪০ ঘনমিটাৰ আৰু ইয়াৰ বজাৰ মূল্য ৬ লাখ টকাৰা অধিক হ’ব বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ। বন বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি পূৱ কামৰূপ বন সংমণ্ডলৰ বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাই গুৱাহাটীৰ গাতে লগা মেঘালয়ৰ বৰ্ণিহাটৰ দিশৰ পৰা গুৱাহাটীলৈ কোনো ট্ৰাকত কৌশলৰে চালান বিহীনভাৱে  বা নথি পত্ৰ অবিহনে পাইন কাঠ গুৱাহাটী বা কাষৰীয়া অঞ্চললৈ আহিব পাৰে বুলি গুৱাহাটীৰ খানামুখ খণ্ড বন বিষয়াৰ কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ক সতৰ্ক কৰি দিছিল । বন সংমণ্ডল প্ৰাধিকাৰী ভাস্কৰ ডেকাৰ নিৰ্দেশত খানামুখ খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাণী বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এটা বনকর্মীৰ দল জালুকবাৰী আৰক্ষী চকীৰ এটা তহলদাৰী দলৰ  সৈতে খানামুখৰ পৰা লংকেশ্বৰৰ মাজত সন্ধিয়াৰ পাছত  ৰাষ্ট্ৰীয় ঘাইপথত তহল দি আছিল। নিশা প্ৰায় ৮ বজাত খানামুখত কৌশলৰে ত্ৰিপাল ঢাকি এ.এছ. ০১ ই.চি ২৯৯২ নম্বৰৰ এখন বাৰচকীয়া ট্ৰাক আহি থকা দেখি দলটোৱে ৰখাই  তালাচি চলোৱাত পাইন কাঠ থকাটো ওলাই পৰে। নিশাই কাঠভৰ্ত্তি ট্ৰাকখন ৰাণী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ নিয়াৰ লগতে ট্ৰাকখনত থকা চালক জনৰ বিৰুদ্ধে অসম বন আইনৰ অধীনত এটা গোচৰ ৰজু কৰা হয়। আজি চালক জনক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে তেওঁক জেললৈ প্ৰেৰণ কৰে। ইতিমধ্যে চালক জনে বৰ্ণিহাটৰ পৰা সান্ধ্য আইনৰ সুযোগ লৈ নথি পত্ৰ অবিহনে পাইন কাঠখিনী অনা বুলি স্বীকাৰ কৰিছে।

বোকাখাতত কৃষি মন্ত্ৰী অতুল বৰাৰ দ্বাৰা উন্নতমানৰ ধানৰ কঠীয়াৰ সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ

 বোকাখাত মহকুমা কৃষি বিভাগৰ উদ্যোগত অসম চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা ২০২১-২২ৰ অধীনত ধানৰ কঠীয়া উৎপাদনৰ বাবে  পানবাৰী নিগমত আৰম্ভ কৰা সমূহীয়া নাৰ্চাৰীৰ আজি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক অতুলই শুভ উদ্বোধন কৰে। উল্লেখযোগ্য যে, আসন্ন বানপানীৰ প্ৰতি লক্ষ্য ৰাখি কৃষকক সময়মতে ধানৰ কঠীয়া যোগানৰ বাবে  বোকাখাত মহকুমাৰ কৃষি বিভাগে পানবাৰী নিগম, মহকুমাধিপতি কাৰ্য্যালয়ৰ প্ৰাংগন তথা ৰৌদুৱা পথাৰত প্ৰায়  ৪০ হেক্টৰ ভূমিত উন্নত মানৰ ৰণজিৎ চাব ১ আৰু বাহাদুৰ চাব ১ প্ৰজাতি ধানৰ কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰিছে। আজি পানবাৰী নিগমত সমূহীয়া নাৰ্চাৰীৰ শুভাৰম্ভ কৰি কৃষিমন্ত্রী অতুল বৰাই কৃষিক্ষেত্ৰৰ বিপুল পৰিৱৰ্তনৰ বাবে কেন্দ্রীয় তথা ৰাজ্য  চৰকাৰে কৃষিখণ্ডৰ উন্নয়নমূলক আঁচনিসমূহৰ সফল ৰূপায়ণত গুৰুত্ব দিছে বুলি উল্লেখ কৰে। সাম্প্ৰতিক সময়ত কৃষিক্ষেত্ৰৰ যুগান্তকাৰী উন্নয়নৰ দ্বাৰাহে ৰাজ্যখনৰ  শিক্ষিত যুৱক যুৱতীসকলক স্বাৱলম্বী  কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন সম্ভৱ বুলিও  কৃষিমন্ত্রীগৰাকীয়ে উল্লেখ কৰে।  আনহাতে কৃষকৰ উৎপাদিত সামগ্ৰীৰ সংৰক্ষণৰ বাবে কৃষি বিভাগে ৰাজ্যখনৰ বিভিন্ন এলেকাত  শীতল ভঁড়াল নিৰ্মাণৰ কাম চলাই আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।  উল্লেখ্য যে, কৃষি বিভাগৰ বলিষ্ঠ পদক্ষেপৰ ফলত  বিগত বৰ্ষৰ দৰে এই বছৰো অসমত  উৎপাদিত ফচল দেশৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে বুলিও জানিবলৈ দিয়ে। কৃষি মন্ত্ৰী অতুল বৰাই ৰাজ্যৰ শিক্ষিত যুৱক যুৱতীসকলক কৃষি, পশুপালন আৰু ইয়াৰ লগত জড়িত অন্যান্য ক্ষেত্রসমূহত মনোনিৱেশ কৰি ৰাজ্যখনক স্ব-নিৰ্ভৰশীল কৰি তোলাত সহযোগিতা আগবঢ়াবলৈ পৰামৰ্শ দিয়ে। আজিৰ উদ্বোধনী অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি বিপুল দাসৰ লগতে কৃষি বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।