সংযুক্ত কৃষক মৰ্চাই শনিবাৰৰ দিনটোত দেশজুৰি গণতন্ত্ৰ ৰক্ষা দিৱস পালনৰ আহ্বান জনাইছিল আৰু দেশৰ শ্ৰমিক সংগঠন সমূহে ইয়াক সমৰ্থন জনাইছিল। ২৬ জুন তাৰিখটো নিৰ্ধাৰণৰ তাৎপৰ্য হ’ল – ১৯৭৫ চনৰ ২৫ জুনৰ মাজনিশা ৰাতি ১২ বজাত দেশৰ তদানীন্তন প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰী কালীন অৱস্থা ঘোষণা কৰিছিল। বৰ্তমানৰ চৰকাৰখনেও বিগত ৭ বছৰৰ কাৰ্যকালত সকলো প্ৰতিবাদী কণ্ঠ ৰুদ্ধ কৰিবলৈ আইনৰ চূড়ান্ত অপব্যৱহাৰ কৰি আছে। সংসদীয় টেঁটু চেপি কৃষি আৰু কৃষক বিৰোধী তিনি কৃষি আইনৰ উপৰিও শ্ৰমিক শ্ৰেণীয়ে আন্দোলন-সংগ্ৰামৰ জৰিয়তে অর্জন কৰা শ্ৰম আইনবোৰ সংশোধন কৰি শ্ৰমিকক দাসত পৰিণত কৰিবলৈ শ্ৰম সংহিতাত পৰিণত কৰিলে আৰু ইয়াৰ বিৰুদ্ধেই সংগঠনটোৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা বুলি জনাই। এই আন্দোলনৰ জৰিয়তে পেট্ৰʼলজাত সামগ্ৰীৰ লগতে অত্যাৱশ্যকীয় বস্তুৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ উপৰিও অসমৰ পৰিপ্ৰেক্ষিতত অমানৱীয় আৰু সাম্প্ৰদায়িক দৃষ্টিভঙ্গীৰে উচ্ছেদৰ বিৰোধিতাৰ লগতে ক্ষুদ্ৰ ঋণ সমূহৰ ৰেহাই সন্দৰ্ভত নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ দাবীও উত্থাপন কৰা হয়। নিখিল ভাৰত কৃষক সভা আৰু চিআইটিইউ কামৰূপ জিলাৰ উদ্যোগত হোৱা এই কাৰ্যসূচীত শৰৎ কলিতা,সমৰ আলী আহমেদ, বাসুদেৱ কলিতা,বীৰেন্দ্ৰ নাথ শৰ্মা,নৃপেন্দ্ৰ নাথ,বিবেকানন্দ অধিকাৰীয়ে অংশ লয়।
এশ বছৰ গঢ়কা দেৰগাঁও স্বৰ্ণলতা পোছাক ভাণ্ডাৰত হাহাকাৰ অৱস্থা
কৰ’নাৰ ভয়াবহতাৰ বাবেই আজি অসমৰ নামঘৰ, ভাওনাৰ পোছাক ঘৰ আদিত নিমাওমাও পৰিবেশ।অনুষ্ঠিত হোৱা নাই অসমীয়া জাতিৰ সাংস্কৃতিক স্বভিমান ভাওঁনা। তাৰ বাবে ভাওনাৰ লগত জড়িত শিল্পী কলা-কুশলী সকল সকলো ক্ষেত্ৰতে জুৰুুলা হৈ পৰিছে। এশ বছৰ গঢ়কা দেৰগাঁৱৰ স্বৰ্ণলতা পোছাক ভাণ্ডাৰ। দেৰগাঁৱৰ বঙাল গাঁৱত ১৯২০ চনতেই স্থাপন হৈছিল এই পোছাক ভাণ্ডাৰ খনি।অসমৰ ভিতৰত অতি জনপ্ৰিয়তা থকা এইখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ ভাওনা দলে পোছাক নি ভাওনা প্ৰদৰ্শন কৰি আহিছে।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি এই ভাওনা ২০২০বৰ্ষৰ পৰা কোভিড মহামাৰীৰ বাবে বন্ধ হোৱাৰ লগতে বন্ধ নামঘৰ মন্দিৰ সমূহো।এইখন প্ৰতিস্থানত ১৬ জনকৈ ব্যক্তিয়ে সংস্থাপিত হৈ পৰিয়াল পো-পাল দি আহিছিল।আজি এই সমূহ পৰিয়ালৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে প্ৰতিস্থান খনৰ গৰাকী অতুল হাজৰিকাৰো দুৰ্যোগৰ সীমা নোহোৱা হৈছে।এতিয়া কেৱল নিমাও মাও পৰিবেশ পোছাক ভাণ্ডাৰৰ চৌহদ।লাখ লাখ টকাৰ পোছাক আজি উৱঁলি গৈছে।কৰ্মচাৰী আৰু স্বত্বাধিকাৰিৰ এটাই আহ্বান চৰকাৰেএই দুৰ্দশা গ্ৰস্থ লোক সকলৰ প্ৰতি সুদৃষ্টি দিয়ক ।
দৈপাম আৰক্ষী বিষয়াৰ নিৰ্মম প্ৰহাৰত আহত ৭ বছৰীয়া শিশু
আৰক্ষী চকীত আৰক্ষীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দল সংগঠনৰ ।
এজেহাৰ দাখিল ভোক্তভোগী পৰিয়ালৰ ।
যি সময়ত ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে শিশু নিৰ্যাতন বন্ধ কৰিবলৈ সহৰহ চেষ্টা চলাইছে । তেনে সময়ত এগৰাকী আৰক্ষী বিষয়াই শিশুৰ ওপৰত চলোৱা অমানুষিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে দৰঙৰ দলগাঁৱত । অভিযোগ অনুসৰি , আজি পুৱা অনুমান ৯ টা মান বজাত দৰঙৰ দলগাঁৱৰ দৈপাম আৰক্ষী চকীত এগৰাকী কনমানী কিশোৰক দাগী অপৰাধীৰ দৰে খেদি খেদি ধৰি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ বিৰুদ্ধে ওলাই আহিল দল সংগঠন তথা ৰাইজ । পূৱাই ৭ বছৰীয়া বাহাৰুল ইছলাম নামৰ কিশোৰ এগৰাকী দৈপাম আৰক্ষী চকী চৌহদত থকা জাম গছৰ তলত জাম খাবলৈ যায় । ফলত জামেই কাল হয় কিশোৰ গৰাকীৰ । জাম খাবলৈ যোৱা কনমানি কিশোৰ গৰাকীৰ ওপৰত আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাৰ নিৰ্দেশত আব্দুল হাকিম নামৰ গৃহৰক্ষী জোৱান এজনে খেদি খেদি শিশুটিক ধৰে আৰু ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মাই দাগী অপৰাধীৰ দৰে বেতেৰে নিৰ্মম ভাৱে প্ৰহাৰ কৰে । ফলত গুৰুতৰ ভাৱে জখম হয় শিশুটিৰ শৰীৰত । চকুৰ সন্মুখতে নিজ পুত্ৰক প্ৰহাৰ কৰা দেখি মাতৃয়ে চিঞৰ বাখৰ কৰাত আগবাঢ়ি আহে ওচৰ চুবুৰীয়া । ঘটনাৰ খবৰ পাই দল সংগঠনৰ নেতা কৰ্মী সকলে ঘটনাস্থলিত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কাৰী সকলে অকণ শৰ্মা মুৰ্দাবাদ , শিশুৰ ওপৰত অমানুষিক নিৰ্যাতন বন্ধ কৰক , আৰক্ষীৰ গুণ্ডা গিৰি বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এই সন্দৰ্ভত শিশুৰ মাতৃ খুদেজা বেগমে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অকণ শৰ্মা আৰু গৃহৰক্ষী জোৱান আব্দুল হাকিমৰ বিৰুদ্ধে দাখিল কৰিছে এজেহাৰ । এনে অমানৱীয় কাণ্ড সংঘটিত কৰা আৰক্ষী বিষয়াৰ শাস্তিমূলক বদলিৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল সংগঠনে । আৰক্ষীৰ বিৰুদ্ধে তৰা গোচৰৰ সঠিক তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আৰক্ষী অধীক্ষকৰ ওচৰত দাবী জনাইছে শিশুৰ মাতৃ খুদেজা বেগমৰ লগতে দৈপাম গাওঁ পঞ্চায়তৰ সভাপতি হবিবুৰ ৰহমানে । শিশু নিৰ্যাতনকাৰী আৰক্ষী বিষয়াৰ বিৰুদ্ধে জিলা আৰক্ষী অধীক্ষকে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব । এই ঘটনাক কেন্দ্র কৰি অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
বৰপেটাত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা : বিভিন্ন আঁচনিৰ পৰ্যালোচনা
ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আজি বৰপেটা জিলাৰ ক’ভিড ১৯ সংক্ৰমণৰ বাবে উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতিৰে মোকাবিলাৰ বাবে জিলা প্ৰশাসনে হাতত লোৱা বিভিন্ন কাৰ্যব্যৱস্থাৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত জিলাখনত সম্ভাৱ্য বানপানীৰ ব্যৱস্থাপনাৰ বিষয়েও বুজ লয় ৷ আজি কেবাটাও চৰকাৰী বিভাগৰ আঁচনিৰ কাম-কাজৰ পৰ্যালোচনাৰ বাবে বৰপেটালৈ অহা ৰাজ্য প্ৰশাসনৰ সৰ্বোচ্চ পদাধিকাৰী গৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিভিন্ন বিভাগীয় বিষয়াৰ সৈতে এখন গুৰুত্বপূৰ্ণ সভাত মিলিত হয়।
সভাত সমাজ কল্যাণ বিভাগৰ সচিব পাৰ্থ মজুমদাৰ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল, আৰক্ষী অধীক্ষক অমিতাভ সিনহা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ অধ্যক্ষ ডা ৰমেন তালুকদাৰ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা প্ৰমুখ্যে সমাজ কল্যাণ, জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ আদি বিভাগৰ জিলা মুৰব্বী বিষয়া সকল, অতিৰিক্ত উপায়ুক্তসকল, চক্ৰ বিষয়া সকল আৰু জিলা প্ৰশাসনৰ অনান্য বিষয়ববীয়া উপস্থিত থাকে ৷ সকলো চৰকাৰী কাৰ্যালয়ৰ অনাদায় বিদ্যুতৰ দেনা অনতি পলমে আদায় দিবলৈ অসম শক্তি উৎপাদন আৰু বিতৰণ প্ৰতিষ্ঠানৰ অধ্যক্ষৰ দায়িত্বত থকা বিষয়া গৰাকীয়ে উপায়ুক্তৰ লগতে সকলো বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। সভাৰ আৰম্ভণিতে মুখ্য সচিব গৰাকীয়ে জিলাখনত প্ৰতিদিনে চলি থকা ৰেট পৰীক্ষাৰ সংখ্যা, ক’ভিড ৰোগীৰ সংস্পৰ্শলৈ অহা লোকৰ চিনাক্তকৰণ, আৰু ৰোগী সকলৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বুজ লৈ উঠি দৈনন্দিন ৰেট পৰীক্ষা হোৱা লোকৰ অন্তত: ২০% লোকৰ আৰ টি পি চি আৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে ৷ তেওঁ লগতে ক’ভিড-১৯ ভাইৰাছৰ সম্ভাৱ্য তৃতীয় লহৰৰ বাবে প্ৰশাসনক সষ্টম হৈ থাকিবলৈ আহবান জনোৱাৰ লগতে তৎপৰতাৰে পৰীক্ষা আৰু চিকিৎসা কৰি যোৱাৰ লগতে প্ৰতিষেধক প্ৰদান কাৰ্যসূচীকো অগ্ৰাধিকাৰ প্ৰদান কৰিবলৈ আহবান জনায় ৷ ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ অধীনত জিলাখনৰ সকলো আগশাৰীৰ ক’ভিড যোদ্ধা আৰু স্বাস্থ্যকৰ্মী সকলক সামৰি ল’বলৈ স্বাস্থ্য বিভাগক মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে। মুখ্য সচিব গৰাকীয়ে লগতে অঙ্গণবাড়ী শিশু পৰিচৰ্যা কেন্দ্ৰ আদিৰ তত্ত্বাৱধানত থকা লোকসকলক অগ্ৰাধিকাৰ ভিত্তিত ক’ভিড প্ৰতিষেধক প্ৰদান কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷
প্ৰতিষেধক নোলোৱা অঙ্গনবাড়ী আৰু আশা কৰ্মী সকলৰ পাৰিতোষিক বন্ধ ৰাখিবলৈ তেওঁ নিৰ্দেশ দিয়ে। বিশেষ স্বাস্থ্য জনিত সমস্যা অবিহনে চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে কোভিড প্ৰতিষেধক গ্ৰহণ নকৰা বিষয়টোক চৰকাৰী গুৰুত্ব সহকাৰে লৈছে বুলি তেওঁ জানিবলৈ দিয়ে। বৰপেটা জিলাত সমাজ কল্যাণ বিভাগৰ পোষণ অভিযান আৰু প্ৰধান মন্ত্ৰীৰ মাথ্ৰু বন্দনা আঁচনি দুখনৰ সঠিক আৰু দ্ৰুত ৰূপায়ণৰ বাবে ৰাজ্য প্ৰশাসনৰ সকলো মহিলা বিষয়াক ক্ষেত্ৰ পৰিদৰ্শনৰ আহ্বান জনাইছে। আজিৰ পৰ্যালোচনাৰ অংশ হিচাপে মুখ্য সচিবগৰাকীয়ে বৰপেটা জিলাত ক’ভিড ৰোগী সকলৰ চিকিৎসাৰ বাবে উপলব্ধ চিকিৎসা সেৱা ব্যৱস্থা, লগতে জিলাখনত উপলব্ধ ক’ভিড হাস্পতাল, ক’ভিড কেয়াৰ চেন্টাৰ আদিৰ সুবিধা সমূহৰ লগতে ক’ভিড ৰোগীৰ চিকিৎসা ব্যৱস্থাপনাৰ বিষয়ে বুজ লয় ৷ আজিৰ সভাত আগন্তুক দিনত জিলাখনত সৃষ্টি হ’ব পৰা সম্ভাৱ্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ সাজু হৈ থাকিবলৈ মুখ্য সচিবগৰাকীয়ে প্ৰশাসনক নিৰ্দেশ দিয়ে ৷
এই ক্ষেত্ৰত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনাৰ ফালৰ পৰা জাৰি কৰা শেহতীয়া এছ অ’ পি অনুযায়ী আদৰ্শ আশ্ৰয় শিবিৰ স্থাপন কৰাৰ লগতে এই আশ্ৰয় শিবিৰ সমূহত শিশুৰ বাবে অনুকুল পৰিৱেশ আৰু ক’ভিড স্বাস্থ্যবিধিৰ সঠিক পালন নিশ্চিত কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে ৷ দুৰ্বল হৈ পৰা মথাউৰী সমূহ তাৎক্ষণিকভাৱে মেৰামতিৰ ব্যৱস্থা ল’বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। লগতে বানৰ আগৰ আৰু পাছৰ পৰিস্থিতিৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো সংশ্লিষ্ট বিভাগক লগত লৈ আগতীয়াকৈ বিশেষ পৰিকল্পনা প্ৰস্তুত কৰিবলৈও উপস্থিত সকলোকে মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে ৷ জেষ্ঠ ভাৰতীয় প্ৰশাসনিক বিষয়া গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন মিছনৰ কাম-কাজৰ অগ্ৰগতিৰো পৰ্যালোচনা কৰে।
ভূৰাগাৱঁৰ বালিডোঙাৰ নৃশংস ধৰ্ষণ-হত্যা কাণ্ডৰ মূল অপৰাধীক গ্ৰেপ্তাৰ।
অপৰাধীৰ নাম ছৈয়দ আলী (৬৫)।
ভূৰাগাৱৰ বালিডোঙাত ধৰ্ষণকাৰীক ফাচী দিয়াৰ দাবীত স্হানীয় ৰাইজৰ উত্তপ্ত পৰিস্থিতি
যোৱা ২০ জুনত মৰিগাঁও জিলাৰ ভূৰাগাৱৰ বালিডোঙাত সংঘটিত হৈছিল এক শিহৰণ কাৰী ৯ বছৰীয়া কন্যা শিশুৰ ধৰ্ষণৰ পিছত নৃসংশ হত্যাকাণ্ড। আৰু সেই ঘটনাৰ বুজ লবলৈ শুক্ৰবাৰে আহিছিল অসমৰ মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ধৰ্ষণকাৰী তথা হত্যাকাৰী বালিডোঙা গাৱৰে ৬৫ বছৰীয়া ছৈয়দ আলীক। এই খবৰ ওলোৱাৰ লগে লগে আজি সহস্রাধিক জনতাই মথাউৰিত ধৰ্ষণকাৰীক ফাচী দিয়াৰ দাবীত উত্তাল কৰি তোলে। অৱশ্যে আৰক্ষী প্ৰশাসনে পৰিস্থিতিৰ নিয়ন্ত্রণ কৰি ৰাখিছে।
চিলাপথাৰত নিৰ্মাণৰত অসমৰ ভিতৰতে বৃহৎ বৌদ্ধ মন্দিৰ
অসম-অৰুনাচল প্ৰদেশৰ সীমাৰ পৰা কিছু দূৰৰ ধেমাজি জিলাৰ বাণিজ্যিক নগৰ চিলাপথাৰত নিৰ্মাণ হৈ আছে অসমৰ ভিতৰতে বৃহৎ বৌদ্ধ মন্দিৰ৷ তিনি মহলাযুক্ত মন্দিৰটোৰ উচ্চতা হ’ব ১২০ ফুট৷ চিলাপথাৰ নগৰৰ সমীপৱৰ্তী মালিনীপুৰ পঞ্চায়তৰ অন্তৰ্গত ফুলবাৰী গাঁৱত নিৰ্মাণৰত এই সু-উচ্চ বৌদ্ধ মন্দিৰটোৰ ভূমিৰ পৰিসীমা হৈছে চাৰিশ বিঘা৷ এই মন্দিৰৰ চৌহদত থাকিব চিকিৎসালয়ৰ লগতে বিদ্যালয় আৰু মহাবিদ্যালয়৷ ২০১৪ চনৰপৰা এই মন্দিৰটোৰ নিৰ্মাণকাৰ্য চলি আছে৷ চলিত বছৰতে শেষৰফালে নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছিল যদিও কৰ’না মহামাৰীৰ পৰিস্থিতিৰ বাবে ২০২৩ চনতহে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি মন্দিৰ কৰ্তৃপক্ষই জনাইছে৷ উল্লেখ্য যে, ইতিমধ্যে সত্তৰ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা বৌদ্ধ মন্দিৰটোলৈ মাজে মাজে দৰ্শনাৰ্থী আহিবলৈ আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়ত বৌদ্ধ মন্দিৰটোক কেন্দ্ৰ কৰি অঞ্চলটো পৰ্য্যটনক্ষেত্ৰত পৰিৱৰ্তন হ’ব বুলি আশা কৰিছে চিলাপথাৰৰ স্থানীয় ৰাইজে৷ নিঃসন্দেহে মালিনী থানৰ পাছতে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম এক কেন্দ্ৰবিন্দু হৈ পৰিব এই মন্দিৰটো৷
গীতৰ তালে তালে তবলা বাদন বিধায়ক ৰূপক শৰ্মাৰ। ডেৰ শতাধিক শিল্পী,কলাকুশলীক সাহায্য প্ৰদান।
ক’ৰোনাৰ বাবে ৰাজ্যত জনসাধাৰণৰ পানীত হাঁহ নচৰ অৱস্থা হৈছে। সাধাৰণ জনসাধাৰণ, খাটি খোৱা লোকৰ লগতে একাংশ শিল্পী, কলা কুশলীৰ জীৱনলৈ নামি আহিছে ঘোৰ আমানিশা। দেওবাৰে নগাঁৱত সাংস্কৃতিক গোষ্ঠী সৃষ্টিৰ উদ্যোগত শিল্পী, কলা কৌশলীৰ লগত জড়িত থকা প্ৰায় ডেৰ শতাধিক লোকৰ মাজত প্রয়োজনীয় খাদ্য সামগ্ৰী বিতৰণ কৰে নগাওঁ সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ে। শিল্পী, কলা কুশলী সকলৰ পৰিয়ালক সামান্য সকাহ দিয়াৰ বাবে সৃষ্টিৰ এই পদক্ষেপক শলাগ ললে বিধায়ক শৰ্মায়ে। খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত মানুহে মানুহৰ বাবে গীত পৰিবেশন কৰে। গীতৰ তালে তালে বিধায়ক ৰূপক শৰ্মায়ে ৩০ বছৰৰ অন্তত তবলা বাদন কৰে।
কোভিড প্ৰট’কল পালন কৰি সাজু কৰি তোলা হৈছে নতুন অসমীয়া চিনেমা ‘দেউতা’
ক’ৰোনা কালে অসমৰ সাংস্কৃতিক জগতখনলৈ কাল অমানিশা নমাই আনিলেও তাক অতিক্ৰম কৰি বিশেষকৈ অসমৰ ছবি উদ্যোগটোক পুনৰোজ্জীৱিত কৰি ৰাখিবলৈ আৰু ছবি নির্মাণৰ ধাৰাটো অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈছে গৌৰী ফিল্মছ। ইতিমধ্যে প্ৰযোজনাগোষ্ঠীটোৰ বেনাৰত নির্মিত প্রস্তুতি পৰাশৰ অভিনীত এখন বিগ বাজেটৰ ছবি ‘গংগাৰ পােষ্ট-প্রডাকচনৰ কাম পূর্ণগতিত চলি আছে।
গৌৰী ফিল্মছৰ বেনাৰতে এইবাৰ নিৰ্মাণ হৈ উঠিছে এখন কলাত্মক ধাৰাৰ ছবি ‘দেউতা’। অভিজিত ভট্টাচার্যৰ কাহিনী-চিত্রনাট্য আৰু সংলাপেৰে মনােজ বৈশ্যৰ পৰিচালনাত নির্মিত ছবি ‘দেউতা’ প্রযােজনা কৰিছে গৌৰী ফিল্মছৰ হৈ বাচ্চু ৰয়ে। এদিন হঠাতে সন্ধানহীন হৈ পৰা দেউতাকক বিচাৰি এটি কণমানি শিশুৰ অন্তহীন যাত্ৰাৰ এক স্পর্শকাতৰ বিষয়ক লৈ নিৰ্মাণ কৰা ছবিখনৰ মাজেদি বহু সামাজিক বিষয়বস্তুকো স্পর্শ কৰা হৈছে।
কোভিড বিধিৰ সকলাে বাধা-নিষেধ মানি চলি দৃশ্যগ্রহণ সমাপন কৰা ‘দেউতা’ৰ সম্পাদনাও সম্পূর্ণ হৈ উঠিছে। কণমানি শিশু শিল্পী সৃষ্টি ৰয়ৰ অনবদ্য অভিনয় এই ছবিখনৰ অন্যতম আকর্ষণ হ’ব। সৃষ্টিৰ উপৰি ‘দেউতা’ত সঞ্জীৱ শৰ্মা, অঞ্জনজ্যোতি বেজ, প্রকাশ মেধি, দ্বিবন কুমাৰ বৈশ্য, ৰঞ্জন দাস, মাইনু গগৈ, অর্চনা দাস, কৃষ্ণাশ্রী ডেকা আদি ন-পুৰণি শিল্পীয়ে অভিনয় কৰিছে। ‘দেউতা’ত থাকিব লগা দুটি গীতৰ কথা অভিজিত ভট্টাচাৰ্যৰ আৰু সুৰ অহিৰ ভৈৰৱৰ। ছবিখনৰ শীর্ষ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী জুবিন গার্গে। আগষ্টত চেন্সৰ কৰি ছেপ্টেম্বৰতেই ছবিখনি দৰ্শকৰ কাষলৈ লৈ যােৱা হ’ব বুলি বাচ্চু ৰয়ে জনাইছে।
ধৰ্মপুৰ সমষ্টিৰ পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন নলবাৰী জিলা ছাত্ৰ সন্থাৰ
পশ্চিম নলবাৰী অঞ্চলৰ ধৰ্মপুৰ সমষ্টিৰ সমাগত বাৰিষাৰ বাবে নৈপৰীয়া ৰাইজ অধিক শংকিত হৈ পৰিছে । কিয়নো সমষ্টিটোৰ ২১নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত উত্তৰ আমনি পূৰ্ণি পামৰ বুঢ়াদিয়াৰ ভগ্ন মথাউৰি মেৰামতি তথা পুনৰ নিৰ্মানৰ কাম আজিও সম্পূৰ্ণ নহোৱাত বৰষুন আহিলেই বানৰ আশংকাত বিনন্দ্ৰৰজনী কটাবলগীয়া হৈছে ইয়াৰ স্হানীয় ৰাইজে। উল্লেখ্য যে উক্ত মথাউৰিটো ২০২০ চনৰ বানত চিঙি যোৱাৰ ফলত ধৰ্মপুৰ সমষ্টিৰ ৩৫ নং আৰু ৩৬ নং গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰায় বাৰখন গাঁও প্লাৱিত কৰি হাজাৰ-হাজাৰ কৃষক, শ্ৰমিক পৰিয়ালে হেৰুৱাইছিল নিজৰ সা সম্পত্তি । তদুপৰি, উপাৰ্জনৰ একমাত্ৰ খেতি খিনিও হেৰাই আলাই-আথানি নোহোৱা হৈছিল নৈপৰীয়া ৰাইজৰ ৷ উল্লেখ্য যে যোৱা বছৰে বুঢ়াদিয়াৰ বানে চিঙা পুৰ্ণি পামৰ মথাউৰি ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পৰিদৰ্শন কৰি গ্ৰামোন্নয়ন বিভাগৰ পৰা ৩৫ লাখ টকাৰ অনুদানৰে এমজিএনৰেগাৰ জৰিয়তে ২১নং ক্ষেত্ৰী ধৰ্মপুৰ গাওঁ পঞ্চায়তৰ সভাপতিক উক্ত ভগ্ন মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল । মন্ত্ৰী পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে সভাপতিগৰাকীয়ে যোৱা বছৰে কাম আৰম্ভ কৰে যদিও আজিলৈকে মেৰামতিৰ কাম সম্পূৰ্ণ হৈ নুঠিল । কালি জিলা ছাত্র সন্থাৰ এটা সজাতি দলে পুৰ্ণি পামৰ ভগ্ন মথাউৰিৰ নিৰ্মানৰ কাম পৰিদৰ্শন কৰে আৰু এক সপ্তাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰি আনাগত দিনত বানপানীৰ পৰা মুক্ত কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে অতিশীঘ্ৰে গ্ৰামোন্নয়ন বিভাগৰ তদাৰকত থকা ভগ্ন মথাউৰি সমুহ জলসম্পদ বিভাগৰ আওতালৈ নিয়াৰ বাবে দাবী জনায় । ছাত্র সন্থাৰ সজাতি দলটোত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুনজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষম ডেকা, সহকাৰী সম্পাদক নিৰুজুদ্দিন আহমেদ, গৌতম বেজবৰুৱা শিক্ষা সম্পাদক চন্দন বেজবৰুৱা, কাৰ্যনিৰ্বাহক প্ৰাঞ্জল বৰ্মন লগতে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াসকল উপস্থিত থাকে ।
বাঘবৰৰ সুখোৱাঝাৰত কেঁকো সাপ উদ্ধাৰ, গ্ৰেপ্তাৰ এজন
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ আলোপতি চৰ আৰক্ষী থানাৰ অন্তৰ্গত সুখোৱাঝাৰত আৰক্ষীয়ে এডাল দুস্প্ৰাপ্য কেকোঁসাপ উদ্ধাৰ কৰাক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে আলোপতিচৰ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ৩/৪ দিন খাপ পিটি থকাৰ অন্তত শনিবাৰৰ নিশা ১১-৩০ মান বজাত সুখোৱাঝাৰ নিবাসী মুনজিল বেপাৰীৰ পুত্ৰ জুল হ’ক (২৮) ৰ শোৱা কোঠালিৰ পৰা কেকঁডাল উদ্ধাৰ কৰাৰ উপৰি জুল হককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দুস্প্ৰাপ্য প্ৰজাতিৰ মুল্যবান সৰীসৃপ ডাল উদ্ধাৰৰ বাতৰিয়ে অঞ্চলজুৰি বিয়পাইছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে কেকোঁডাল বৰপেটা জিলা বন বিভাগক হস্তান্তৰ কৰিবলৈ যাৱতীয় যো-জা কৰিছে বুলি জানিব পৰা গৈছে।











