Home Blog Page 2958

দীঘলী পুখুৰীত শতাধিক মাছৰ মৃত্যু

গুৱাহাটীৰ দীঘলী পুখুৰীত মৰিছে শতাধিক মাছ। দীঘলী পুখুৰী কৰতৃপক্ষই জানিবলৈ দিয়া মতে অক্সিজেনৰ অভাৱত মৃত্যু হৈছে সহস্ৰাধিক মাছৰ। আৰু জনায় যে সূৰ্য্য উদয় নহওঁতেই পানীত উপঙি উঠিছে মৃত মাছবোৰ।

নগাঁৱত ৩,২৯,৭০৪ লাখ যান-বাহন৷বৰ্তমান পথত ১,১৪,০০৩ খন যানবাহনৰ চলাচলে তীব্ৰ সমস্যাত পেলাইছে নগাঁওবাসীক

নিয়ন্ত্ৰণত ব্যৰ্থ নগাঁও যান-বাহন আৰক্ষী 

সমগ্ৰ নগাঁও জিলাৰ ওপৰি নগাঁও চহৰত ক্ৰমৰ্ব্ধমান গতিত বৃদ্ধি পাই অহা যান-যটঁৰ সমস্যাই দীৰ্ঘদিনৰ পৰা সৰ্বসাধাৰণ নাগৰিকৰ যাতায়তৰ ক্ষেত্ৰত তীব্ৰ সমস্যাৰ সৃষ্টি কৰি আহিছে ৷ নগাঁও যান-বাহন শাখাৰ আৰক্ষীৰ অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিয়েই একাংশ যান-বাহনৰ গৰাকীয়ে নগাঁও চহৰখনৰ য’তে-ত’তে, যধেমধে নিজ খেয়ালখুচি মতে যান-বাহন সমূহ ৰখোৱাৰ ফলতেই চহৰখনত দিনক দিনে এইদৰে এক অভাৱনীয় যান-যঁটৰ সৃষ্টি হৈ আহিছে বুলি সচেতন মহলে দাবী কৰি আহিছে ৷ নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ৰ উচ্চস্তৰীয় সূত্ৰৰ এক তথ্যৰ পৰা জানিব পৰা মতে, বৰ্তমান নগাঁৱৰ পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যান-বাহনৰ সংখ্যা প্ৰায় ৩,২৯,৭০৪ খন ৷ গড় হিচাপত প্ৰতি মাহে নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত হোবা যান-বাহনৰ সংখ্যা প্ৰায় ২,২০০ হেজাৰৰো অধিক ৷ নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত বিগত আৰু চলিত বিত্তীয় বৰ্ষত পঞ্জীয়নভুক্ত যান-বাহন সমূহৰ নাম সহ তাৰ পৰিমান উল্লেখ কৰা হল ৷ জিলা খনত বৰ্তমানলৈকে পঞ্জীয়নভুক্ত ট্ৰাকৰ সংখ্যা হৈছে ৬,০৩৪ খন (মিডিয়াম/হেভী) ৷ ডাম্পাৰ ১,০৭৫ খন ৷ ইয়াৰ বিপৰীতে এল.চি.ভি গুড’চ ১৩,৩২১ খন (চাৰি চকীয়া) ৷এল.চি.ভি গুড’চ ২১৩৫ খন (তিনি চকীয়া)৷ আনহাতে,বাছ ৯৪৮ খন,ইয়াৰ ভিতৰত ষ্টেজ কেৰিয়েজ বাছ ৭৮ খন,কনটেক্ট কেৰিয়েজ বাছ ৭০০ খন,উমনি বাছ ৭৯ খন,স্কুল বাছ ৯১খন ৷ আনহাতে, এ এ টি টি টেক্সি ৮০ খন,লোকেল ট্ৰেক্সি ২৯৮৩ খন, মটৰ কেৱ্ ৫৮০ খন,মেক্সি কেৱ্ ৪৬ খন,টেম্পো/অটৰিক্সা ১২,৩০০ খন,ই-ৰিস্কা ৩৩৭,স্কুটাৰ ৩৯,০৮২ খন,ম’পেড ১০৬ খন,মটৰ চাইকেল/স্কুটাৰ ১,৯৩,৯১৪ খন,ব্যক্তিগত চাৰিচকীয়া বাহন ৪৩,৯৪৩ খন,জি’প ৭০০ খনষ্টেচন ওগেন ১০ খন,ট্ৰেইলাৰ ৭১৬ খন,টেক্টৰ ৮৩৬৮ খন,ক্ৰেণ ২৯ খন,চৰকাৰী বাহন ৪৯৬ খন(নগাঁৱৰ চৰকাৰী বিভাগ সমূহৰ)এম্বুলেন্স ৯১ খন,অন্যান্য এক্সেভেটৰ ১৬২৫ খন (সৰু-ডাঙৰ মিলি) ৷ এইসকলো মিলি মুঠ পঞ্জীয়নভুক্ত যানবাহনৰ সংখ্যা ৩,২৯,৭০৪ খন ৷ বিগত ২০২০-২১ বিত্তীয় বৰ্ষত নগাঁও পৰিবহন বিষয়া কাৰ্যালয়ত পঞ্জীয়নভুক্ত যানবাহনৰ সংখ্যা ২৬,৪৭৬ খন ৷ ইয়াৰ বিপৰীতে বৰ্তমান ২০২০-২১ বিত্তীয় বৰ্ষৰ বৰ্তমান পথত চলাচল কৰি থকা যানবাহনৰ সংখ্যা হৈছে ১,১৪,০০৩ খন ৷ সাম্প্ৰতিক সময়ত চহৰখনত বিশেষকৈ ঢাকাইপট্টি অঞ্চলৰ ৰামলাল দুৰ্গাদত্ত কাপোৰৰ বিপনীৰ পৰা আৰম্ভ কৰি বহাগী হোটেলৰ চ’কলৈকে চহৰখনৰ মূখ্য ব্যৱসায়ীক অঞ্চলটোৰ একমাত্ৰ পথটোৰ মাজলৈকে দীৰ্ঘসময় ধৰি নিজৰ ব্যক্তিগত যান-বাহন একাংশ সভ্য-গব্য ভদ্ৰলোকে ৰখাই থোবাৰ বাবেই এই পথটোত সৰ্ব্বসাধাৰণ ৰাইজে জীয়াতু ভুগিব লগাত পৰিছে ৷তদুপৰি নগাঁও মহাবিদ্যালয় পেট্ৰল পাম্পৰ ওচৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নতুন বজাৰলৈকে এই অংশতো পথৰ অধিকাংশতে যান-বাহন ৰখাই থোবাৰ ফলত এই পথটোৰে যাবলগীয়া দুৰনীবতিয়া যানবাহন সমূহও জীয়াতু ভুগিব লগাত পৰে বহু সময় ৷ ইফালে,নতুন বজাৰৰ পৰা মুকুট শৰ্মা চাৰিআলি হৈ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ দলংৰ ফালে যোবা পথটোতো একাংশ অবিবেচক কাণ্ডজ্ঞানহীন লোকে উশৃঙ্খলভাৱে যান বাহন পাৰ্কিং কৰাৰ ফলত ব্যাপক যান যটঁৰ সৃষ্টি হৈ আহিছে ৷ ঠিক সেইদৰে হয়ৱৰগাঁও থানাৰ পৰা ধিং গেট পৰ্যন্ত,মৰিগাঁও বাছ আস্থান, কৃষ্ণা হল চাৰিআলিৰ পৰা জয়শ্ৰী চিনেমা হল চাৰিআলিলৈ যোৱা অতি ব্যস্ত পথছোৱাতো পুৱা ন-দহ বজাৰ পৰা নিশা পৰ্যন্ত নানা তৰহৰ যানবাহন ৰখোবাৰ ফলত সাধাৰণ নাগৰিক সকল খোজকাঢ়ি যোবাতো বহুখিনি অসুবিধাৰ সন্মুক্ষীন হৈ আহিছে ৷ তদুপৰি নগাঁৱত বৰ্তমান অধিক হাৰত অবৈধ ৰিস্কা আৰু ই-ৰিস্কাৰ চলাচলে তীব্ৰ যানযঁটৰ সৃষ্টি কৰি আহিছে ৷ স্থানীয় নাগৰিক আৰু সচেতন মহলে চহৰখনৰ যানবাহন আৰক্ষী,জিলা প্ৰশাসনৰ উৰ্ধ্বতন কতৃপক্ষ,পৌৰ সভাৰ কাৰ্য্যবাহী অভিযন্তাক বহুবাৰ অৱগত কৰিছিল যদিও কোনো ৰহস্যজনক কাৰণত আজিকোপতি সংস্লিষ্ট বিভাগৰ বৰমুৰীয়াই বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এতিয়া সময়েহে কব কুম্ভকৰ্ণৰ নিদ্ৰাত থকা এই বিভাগ সমূহৰ বৰমুৰীয়াই নগাঁৱত কেনেদৰে কি পৰিকল্পনাৰে যানযঁটৰ সমস্যা নিয়ন্ত্ৰণ কৰে ৷

নগৰবেৰাৰ বিদ্যানগৰৰ বাঁহ শিল্প সকলৰ জীৱনলৈ নামিছে মহাসংকট, চৰকাৰলৈ সাহাৰ্য্য প্ৰদানৰ দাবী

কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ বিদ্যানগৰ গাওঁৰ এটা চুবুৰীৰ শতাধিক বাঁহ শিল্পৰ লগত জড়িত পৰিয়াললৈ নামিছে মহাসংকট। কভিড সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰি দিয়াৰ ফলত বাঁহ শিল্প সকলৰ জীৱন-জীৱিকা স্তব্ধ হৈ পৰিছে। নিতৌ প্ৰখৰ ৰ’দৰ বাবে বাঁহ গছৰ তলত বহি সিহঁতৰ যাদুকৰী দুহাতেৰে ডুলি, ঢাৰি আদি বাঁহেৰ বিভিন্ন সামগ্ৰী সাজি সেইবোৰ বজাৰ সমুহত বিক্ৰী কৰি যি ধন পায় তাৰেই পৰিয়াল পোহপাল দিয়ে। গাওঁখনৰ প্ৰায়সংখ্যক পৰিয়ালে বাঁহেৰ ঢাৰি-ডুলি আদি সাজে যদিও দুৰ্যোগকালীন অস্থিৰতাৰ বাবে বিক্ৰী সমূলি বন্ধ হোৱাত বিপাঙত পৰিছে দুখীয়া পৰিয়ালবোৰে। বেচিবলৈ বজাৰ নাই, কিনিবলৈও আগৰ দৰে গাঁৱত নোসোমায় বেপাৰী, ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে দুখীয়া বাঁহ শিল্প সকলৰ। বিক্ৰী কৰিব নোৱাৰাৰ ফলত দমে দমে জমা হৈছে ঢাৰি, ডুলি আদি সামগ্ৰী সমূহ। যাৰ ফলত আজি তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ক্ৰয় কৰাত অসমৰ্থ হৈ পৰিছে। সম্প্ৰতি মিনি লকডাউনৰ ফলত হাহাকাৰ লাগিছে গাওঁখনৰ দুখীয়া পৰিয়াল সমুহৰ। প্ৰায় তিনি চাৰিমাহ ধৰি বিদ্যানগৰৰ বাঁহ শিল্প সকলে অইন সাহাৰ্য্য দূৰৰে কথা খাদ্য সুৰক্ষাৰ চাউল খিনিও পোৱা নাই। সেয়ে উপায়বিহীন হৈ নতুন চৰকাৰ খনলৈ গাওঁখনৰ দুখীয়া পৰিয়াল সমুহে আৰ্থিক সাহাৰ্য্য বিচাৰি কাতৰ আহ্বান জনাইছে।

সজাগতাৰ অপূৰ্ব নিদৰ্শন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাৰ

সজাগতাৰ অপূৰ্ব নিদৰ্শন দেখুৱাই গুৱাহাটীৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ উমংগ হাজৰিকাই নিজৰ সাঁচতীয়া মুদ্ৰাৰ খোলোংটি আজি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত অৰ্পণ কৰে৷ ক’ভিড মহামাৰীৰ জটিল পৰিস্থিতিত অসম চৰকাৰলৈ আগবঢ়োৱা এই আন্তৰিক অনুদানৰ বাবে মুখ্যমন্ত্ৰীয়ে ধন্যবাদ জনোৱাৰ লগতে ছাত্ৰগৰাকীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে৷

জম্মু বিমানবন্দৰৰ ৫ মিনিটৰ ভিতৰত দুটাকৈ বিস্ফোৰণ

জম্মু বিমানবন্দৰৰ টেকনিকেল এরিয়াত শনিবাৰে নিশা পাঁচ মিনিটৰ ভিতৰত দুটা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। এই বিস্ফোৰণত দুজন লোক আহত হোৱা খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, জম্মু টেকনিকেল বিমানবন্দৰত যোৱানিশা হোৱা বিস্ফোৰণত ড্ৰোণ ব্যৱহাৰ কৰা হৈছে। দুয়োটা বিস্ফোৰণ বিমানবন্দৰৰ ভিতৰত হৈছে আৰু সন্দেহ কৰা হৈছে যে ড্ৰোণৰ সহায়ত আই ই ডি নিক্ষেপ কৰা হৈছে।

সূত্ৰ অনুসৰি, বিস্ফোৰক সামগ্ৰী অট্টালিকাৰ ওপৰত আহি পৰিছিল, যাৰ ফলত সমগ্ৰ বেৰেক ধ্বংস হৈ যায়। দ্বিতীয়টো বিস্ফোৰণ অট্টালিকাৰ লগতে মুকলি স্থানত সংঘটিত হয়। এই দুয়োটা বিস্ফোৰণৰ তদন্তৰ বাবে এনআইএৰ দল ঘটনাস্থলীত উপস্থিত হ’ব কিছু সময় পিছতে।

গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত সংযোজিত হ’ল অসমীয়াৰ দেহ-মনত ৰৈ-বৈ থকা ঢেঁকীশাল

অসমীয়াৰ পিছ চোতালৰ এক অবিচ্ছেদ্য অংগ আছিল ঢেঁকী শাল। বিহু আগমনৰ বতৰা দিয়া এই ঢেঁকীৰ শব্দত গুমগুমাই উঠে অসমীয়াৰ প্ৰাণ। চহা জীৱনৰ এই এৰাব নোৱাৰা সামগ্ৰীবিধ এতিয়া যেন স্মৃতিৰ গৰ্ভত বিলীন হৈ যোৱাৰ উপক্ৰম হ’ল। কেৱল বিহুৰ আগমনতেই যে ঢেঁকীৰ শব্দ শুনা যায় ,এনে নহ’য়। পূৰ্বতে অসমীয়া ঢেঁকী শালৰ পৰা তৈয়াৰী চাউলেৰে  জুহালৰ ভাতমুঠিয়ে  পুৰাইছিল পেটৰ তাড়না। বৰ্তমান চহা জীৱনৰ এই নিভাঁজ জীৱনশৈলীও নাই আৰু ঢেঁকী শালৰ সেই গুম গুমনিও নায়। এতিয়া এই সকলোবোৰ যেন স্মৃতি হৈ গ’ল আমাৰ বাবে। যদিও পুনৰ সেই নষ্টালজিক মূহুৰ্তক জীয়াই তুলিবলৈ ঢেঁকী শালৰ মাদকতা বিচাৰি গোলাঘাটৰ যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াৰ একক প্ৰচেষ্টাত যোগীবাৰী গ্ৰাম্য পৰ্যটন ক্ষেত্ৰত গঢ় লৈ উঠিছে অসমীয়া জীৱনৰ অনন্য চানেকি ঢেঁকী শাল। নিয়োজিত কৰিছে প্ৰায় ৩০ গৰাকী মহিলা। ঢেঁকী শালৰ পৰাই স্বাৱলম্বীতাৰ সপোন দেখা এই সকল মহিলাই এতিয়া দৈনিক খুন্দিছে উখোৱা  চাউল, কোমল চাউল, সান্দহ বা পিঠাগুৰি। নিসন্দেহে বিধায়ক গৰাকীৰ এই প্ৰচেষ্টাই কেৱল যে ঢেঁকী শালৰ  হেৰুৱা মান ঘূৰাই আনিছে এনে নহ’য় বহু মহিলাই এতিয়া এই ঢেঁকী শালৰ পৰাই দেখিছে  সপোন সোণালী পথাৰৰ ৰূপালী শইচ।

আজি লাডাখলৈ যাব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

লাডাখত সেনাৰ সৈতে মত-বিনিময় কৰিব ৰাজনাথ সিঙে ৷লাডাখত ভাৰত-চীনৰ মাজত বিবাদ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈ অব্যাহত আছে চেপা উত্তেজনা, সেয়ে পুনৰ আলোচনাত মিলিত হোৱাৰ পোষকতা কৰিছে দুয়োখন দেশৰ বিষয়াসকলে ৷

পৌৰসভাৰ অচলাৱস্থা : ভুক্তভোগী সৰ্বসাধাৰণ ৰাইজ

বিটিসিৰ নতুন চৰকাৰ গঠন হোৱাৰ ছমাহ উকলি যোৱাৰ পিছতো বাসুগাওঁ পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনক লৈ বিটিসি চৰকাৰৰ দুই মিত্ৰজোঁটৰ অংশীদাৰী ৰাজনৈতিক দল ইউ পি পি এল আৰু বিজেপি ৰ মাজত টনা-আঁজৰা চলি থাকোতে আজি লৈকে পৌৰসভাৰ নতুন পৰিচালনা সমিতিৰ গঠন সম্ভৱপৰ হৈ উঠা নাই। ফলত স্থানীয় ৰাইজে পৌৰসভাৰ বিভিন্ন কাম-কাজৰ ক্ষেত্রত ভুগিব লগা হৈছে। কিয়োনো যোৱা ছমাহে নতুন কমিটি গঠন নোহোৱাত অস্থায়ীভাৱে এগৰাকী চৰকাৰী বিষয়াই পৌৰসভাৰ কাম-কাজ চলাই লোৱাৰ বাবে কাৰ্যবাহী বিষয়া হিচাপে যথেষ্ট ব্যস্ততাৰ মাজতে বাসুগাওঁ চহৰৰ বিভিন্ন উন্নয়ন মূলক কামৰ যোগেদি নিয়াৰিকৈ দায়িত্ব পালন কৰি আহিছে যদিও পৌৰসভাৰ নতুন পৰিচালনা সমিতি গঠনৰ যোগেদি স্থায়ী সভাপতি আৰু মুঠ চাৰিটা ওৱাৰ্ডৰ সদস্যৰ অভাৱত সৰ্বসাধাৰণ ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। উল্লেখ্যযোগ্য যে চিৰাং জিলাৰ তিনিখন পৌৰসভাৰ ভিতৰত বিজনী আৰু কাজলগাওঁ পৌৰসভাৰ উন্নয়নমূলক কাম-কাজ ইতিমধ্যে ইউ পি পি এল দলৰ নেতৃত্বত গঠন হোৱা নতুন সমিতিয়ে চলাই থকাৰ বিপৰীতে কিছুদিন পূর্বে বাসুগাওঁ পৌৰসভাৰ নতুন সমিতিখনো ইউ পি পি এল দলৰ নেতৃত্বত গঠন কৰাৰ কুচ-কাৱাজ চলি আছিল যদিও বিজেপি দলৰ স্থানীয় নেতৃবৰ্গই হস্তক্ষেপ কৰাত সমিতি খন স্থগিত ৰাখিব লগীয়া হয় আৰু দুৰ্ভাগ্যবশত আজি লৈকে নতুন পৰিচালনা সমিতি খন গঠন নোহোৱাত স্থানীয় ৰাইজৰ লগতে স্থানীয় দল-সংগঠনবোৰে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ ওৰাং আৰক্ষীৰ

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষীৰ সফলতা। অৰুণাচল প্ৰদেশৰ জী’ৰৰ পৰা চুৰি হোৱা বাইক উদ্ধাৰ হ’ল ওৰাঙত। ওৰাং আৰক্ষীয়ে ২৫ জুনত উদ্ধাৰ কৰিলে অৰুণাচল প্ৰদেশৰ পৰা চুৰি হোৱা মটৰ বাইক। ওৰাঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ওৰাং আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচী অভিযানত উদ্ধাৰ হ’য় চুৰি বাইক খন। ওৰাং আৰক্ষীৰ নিয়মীয়া তালাচী অভিযানত শোণিতপুৰ অভিমুখৰ পৰা আহি থকা এখন বাইক আৰু বাইকখনৰ আৰোহী দুজনৰ ওপৰত সন্দেহ হ’য় ওৰাং আৰক্ষীৰ। বাইক আৰোহী দুজনৰ ওপৰত আৰক্ষীৰ সন্দেহ হোৱাত হোৱাত ওৰাং আৰক্ষীয়ে লোক দুজনক জেৰা কৰে। ওৰাং আৰক্ষীৰ জেৰাত বাইক খনত অহা আৰোহী দুজনে আৰক্ষীক বাইকখনৰ সঠিক তথ্য প্ৰদান কৰিবলৈ অসমৰ্থ হ’য়। বাইকত অহা লোক দুজনৰ পৰা ওৰাং আৰক্ষীয়ে বাইক খনৰ সঠিক তথ্য নোপোৱাত বাইকখন জব্দ কৰে। লোক দুজনৰ পৰা বাইকখন জব্দ কৰি ওৰাং আৰক্ষীয়ে অনুসন্ধান কৰাত বাইকখন যোৱা ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা চুৰ হোৱা বুলি জানিব পাৰে। ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা লোক দুজনে চুৰ কৰি আনিছিল বাইকখন। বাইকখন চুৰি কৰি অনাৰ তথ্য লাভ কৰাৰ লগে লগে ওৰাং আৰক্ষীয়ে বাইকখনৰ সৈতে বাইক আৰোহী আইনুল হুক আৰু ৰাছিদুল ইছলাম নামৰ লোক দুজনক গ্ৰেপ্তাৰ কৰে। ওৰাং আৰক্ষীয়ে লোক দুজনৰ পৰা উদ্ধাৰ কৰা চুৰি বাইক খনৰ নম্বৰ হৈছে এ এছ ০৩ জে ৩০১৫ ।আইনুল হুক আৰু ৰাছিদুল ইছলাম নামৰ লোক দুজনে যোৱা ২৩ জুনত অৰুণাচল প্ৰদেশৰ জী’ৰুৰ পৰা বাইক খন চুৰি কৰি ধুবুৰীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল বুলি জানিবলৈ দিছে ওৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক দাসে। ওৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে আইনুল হুক আৰু ৰাছিদুল ইছলামে দীৰ্ঘদিন ধৰি অৰুণাচল প্ৰদেশৰ জী’ৰুত কৰ্মসূত্ৰে আছিল। দীৰ্ঘদিন ধৰি কৰ্মসূত্ৰে জী’ৰত থাকি আইনুল আৰু ৰাছিদুলে চুৰ কৰি আনে বাইকখন। ধূত আইনুল হুকৰ ঘৰ পশ্চিম বংগৰ দিনহাতা আৰু ৰাছিদুল ইছলামৰ ঘৰ ধুবুৰীৰ গুলগঞ্জৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে  ২৬জুনত ওৰাং আৰক্ষীয়ে দুয়োজন লোককে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে আইনুল হুক আৰু ৰাছিদুল ইছলামক৷ ওৰাং আৰক্ষীৰ  এনে ধৰনৰ কাৰ্যক প্ৰশংসা কৰি শলাগ লৈছে ৷

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰী সত্য সাই সংগঠনৰ পৰা ৩০টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰদান

তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সাই সংগঠন,অসমৰ তৰফৰ পৰা  ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷
এই  অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অধীক্ষকগৰাকীয়ে ৷  তেজপৰ চিকিৎসা মহাবিদ্যালয়ত শ্ৰীসত্য সংগঠন,অসমৰ তৰফৰ পৰা ২৬জুনত   ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় ৷তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডা° মাধৱ ৰাজবংশী আৰু অধ্যক্ষ ডা° কৰুণা হাজৰিকাৰ হাতত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰে শ্ৰীসত্য সাই সংগঠনৰ  বিষয়াবৰ্গই ৷পোনপ্ৰথমে শ্ৰীসত্য সাই বাবাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ঔমকাৰ ধ্বনি দিয়াৰ লগতে মঙ্গল আৰতি কৰি শ্ৰীসত্য সাই অৰগেনাইজেছনৰ বিষয়ববীয়াসকলে তেজপৰ মেডিকেল কলেজত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰে৷বৰ্তমান কভিডৰ জটিল পৰিস্থিতিৰ সময়ত উক্ত ৩০ টা অক্সিজেন কনচেনট্ৰেটৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ক’ভিড ৰোগীসকলক যথেষ্ট উপকৃত কৰিব বুলি মন্তব্য কৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° কৰুণা হাজৰিকা আৰু অধীক্ষক ডা° মাধৱ ৰাজবংশীয়ে ৷তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জনায় যে,তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত পূৰ্বৰেপৰা অৰ্ধশতাধিক অক্সিজেন কনচেনট্ৰেটৰ মজুত আছে যদিও শ্ৰীসত্য সাই সংগঠনটোৱে  প্ৰদান উক্ত অক্সিজেন কনচেনট্ৰেটৰৰ দ্বাৰা ৰোগসকল বাৰুকৈয়ে উপকৃত হ’ব ৷ অক্সিজেন কনচেনট্ৰেটৰ বিদ্যুতৰ দ্বাৰা পৰিচালিত হয় যদিও উক্ত অক্সিজেন কনচেনট্ৰেটৰ সহজতেই এঠাইৰ পৰা আন এঠাইলৈ স্থানান্তৰ কৰিব পাৰি বাবে যথেষ্ট সুফলদায়ক । উক্ত অক্সিজেন কনচেনট্ৰেটৰৰ জৰিয়তে কম অক্সিজেন লেভেল থকা ৰোগীসকল যথেষ্ট পৰিমাণে উপকৃত হ’ব বুলি মন্তব্য কৰে চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীয়ে ৷ শ্ৰীসত্য সাই সংগঠন,অসমে পিছলৈয়ো তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ এনেদৰে সহযোগিতা আগবঢ়াবলৈ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধীক্ষকে বিনম্ৰতাৰে অনুৰোধ জনায়।  শ্ৰীসত্য সাই সংগঠনৰ  আহ্বায়ক ড° ধৰ্মেন্দ্ৰ শৰ্মাই সংবাদমাধ্যমত জনায় যে, ভাৰতবৰ্ষৰ শ্ৰীসত্য সাই সংগঠনটোৰ  সভাপতি নিমিষ পাণ্ডেই  অসমলৈ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৫০ টা অক্সিজেন কনচেনট্ৰেটৰ প্ৰেৰণ কৰিছিল ইয়াৰে ৩০ টা অক্সিজেন কনচেনট্ৰেটৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২৬জুনত প্ৰদান কৰা হয় বুলি জনায় আহ্বায়কগৰাকীয়ে ৷অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মাৰ তত্ত্বাৱধানত অক্সিজেন কনচেনট্ৰেটৰ বিতৰণ কৰা হয় বুলি জনায় শ্ৰীসত্য সাই সংগঠনৰ বিষয়াবৰ্গই ৷উক্ত অনুষ্ঠানত শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলিৰ শ্ৰীসত্য সাই  সংগঠনটোৰ  জিলা সভাপতি বিজয় বৰা ,ওদালগুৰি আৰু দৰং জিলাৰ বিষয়ববীয়া ধৃতিমান বৰুৱা আৰু ভূপেশ কুমাৰ ডেকা,আহ্বায়ক ড° ধৰ্মেন্দ্ৰ শৰ্মা,মহিলা আহ্বায়িকা আইৰিন বৰা,ড° পিকে শৰ্মা,মায়াৰাণী বৰাৰ লগতে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ফণী শৰ্মাৰ ওপৰিও কেবাগৰাকী জ্যেষ্ঠ চিকিৎসক আৰু বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰন সম্পাদক নব কুমাৰ ডেকা আদি সকল উপস্থিত থাকে ৷