Home Blog Page 2985

মাজুলীৰ বিৰিণাবাৰী অনাথ শিশু সকলৰ কাষত সদৌ মাজুলী জিলা ছাত্ৰ সন্থা

নামনি মাজুলীৰ বিৰিণাবাৰীৰ অনাথ শিশু কেইটাৰ খবৰ ল’বলৈ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দল তেওঁলোকৰ বাসগৃহত উপস্থিত হয়৷ সৰু অৱস্থাৰে পৰা দেউতাক অবিহনে মাকেই দিন হাজিৰা কৰি  কষ্টৰে কৰি পোহ পাল দি আছিল পৰিয়ালটিক৷ আজি পৰা প্ৰায় একবছৰ মান আগৰ পৰা তেওঁলোকৰ মাতৃৰো শাৰীৰিক অসুস্থতা বাঢ়ি যোৱাৰ ফলত যোৱা  সোমবাৰে কণমানি কেইটাই মাককো হেৰুৱাবলগীয়া হয়৷ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামী সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিতোপন শৰ্মা উপসভাপতি দীপক নেওগ উপস্থিত হৈ আহিবলগীয়া দিন সমূহত শিশু কেইটি যাতে শৈক্ষিক যাত্ৰাত থমকি ৰ’ব লগীয়া নহয় তাৰ বাবে ছাত্ৰ সন্থাই বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে৷ লগতে ছাত্ৰ সন্থাই মাজুলী জিলা প্ৰশাসন আৰু অসম চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি শিশু কেইটিৰ জীৱন সম্পত্তি নিৰাপত্তাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷ লগতে তেওঁলোকক এটি বাসগৃহ প্ৰথমে নিৰ্মান কৰি দিয়াৰ লগতে খোৱা পানীৰ যাৱতীয় ব্যৱস্থা শীঘ্ৰে কৰি দিবলৈ অসম চৰকাৰক আহ্বান জনাইছে৷

টেঙাখাতত নৃশংস হত্যাকাণ্ড : ২ জন দোষীক গ্ৰেপ্তাৰ

 কৰোনা আতংকৰ মাজতেই ডিব্ৰুগড় জিলাৰ টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ  কাছগাঁৱত যোৱা নিশা প্ৰায় ৮ মান বজাত সুৰামত্ত হৈ দুজন লোকে আন এজন লোকক কুঠাৰেৰে মৰিয়াই হত্যা কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে টেঙাখাত আৰক্ষী থানাৰ অধীনস্থ কাছ গাঁৱৰ বাবাটো (অন্নন) ঘাটোৱাৰ (২৪) আৰু কমলেশ্বৰ ঘাটোৱাৰ (২২) নামৰ লোক দুজনে অজয় গোৱালা (২৩) নামৰ লোকজনক পাৰিবাৰিক কাৰণত সুৰামত্ত হৈ কুঠাৰেৰে মৰিয়াই হত্যা কৰে। লোকজনক টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে হত্যাকাৰী বাবাটো ঘাটোৱাৰ আৰু কমলেশ্বৰ ঘাটোৱাৰক আটক কৰি এক গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

ক্ৰিষ্টিয়ানো ৰোনাল্ডৰ এক সংবাদমেলৰ পাছতে ক’কা-ক’লা কোম্পানীৰ হ্ৰাস পালে বজাৰমূল্য

ৰোনাল্ডৰ সামান্য এটি কামৰ বাবে সামাজিক মাধ্যমত যথেষ্ট চৰ্চাৰ বিষয় হৈ পৰিছে ।কিয়নো ক’কা ক’লা ইউৰ ২০২০ বৰ্ষৰ আনুষ্ঠানিক পৃষ্ঠপোষক হোৱাৰ বাবে এক সংবাদমেলত ক’কা কলা ৰ ২তা বটল ৰখা হৈছিল টেবুলত ।কিন্তু সংবাদমেলত উপস্থিত থকা ৰোনাল্ডৰ এই কথাটো চকুত পৰে আৰু ক্ষন্তেকটে সেই বটলদুটি টেবুলৰ পৰা আঁতৰাই দিয়ে আৰু কাষতে থকা পানীৰ বটল আনি পানী খাবলৈ দৰ্শকক উৎসাহ জনায় ।

সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত ইয়াৰ পাছতে সামাজিক মাধ্যময়ত চৰ্চাৰ বিষয় হৈ পৰে ৰোনাল্ড ।

এই ঘটনাৰ পাছতেই ক’কা ক’লাৰ কোম্পানীয়ে ষ্টক মাৰ্কেটত তেওঁলোকৰ মানদণ্ড কমিবলৈ ধৰিলে ।
ৰোনাল্ডৰ সংবাদমেলৰ পাছতেই কোম্পানীটোৱে প্ৰায় ৫.২বিলিয়ন আমেৰিকান ডলাৰ বাণিজ্য বজাৰত হ্ৰাস পোৱা বুলি জানিব দিয়ে ।

উক্ত সংবাদমেলখনৰ পূৰ্বে ক’কা ক’লাৰ কোম্পানীটোৰ শ্বেয়াৰ বজাৰৰ মূল্য আছিল ৭৩.০২টকা ৰোনাল্ডৰ এই কাৰ্যৰ পাছত ৭১.৮৫লৈ হ্ৰাস পায় ।

ক’কা-ক’লাই ৰোনাল্ডোৰ সংবাদমেলৰ পিছত এক বিবৃতি প্ৰকাশ কৰি কয়, “সকলোৱে তেওঁলোকৰ পানীয়ৰ পছন্দৰ অধিকাৰী” আৰু সকলোৰে “সোৱাদ আৰু প্ৰয়োজনীয়তা” পৃথক।

ধুবুৰীত ৪৮ বেটেলিয়ানৰ চি আৰ পি এফ আৰু আৰক্ষীৰ যৌথ অভিযানত ব্ৰাউন ছুগাৰ জব্দ

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে।  ধুবুৰী জিলাৰ অন্তৰ্গত আদাবাৰী গাঁও পঞ্চায়তৰ ৰোৱা দ্বিতীয় খণ্ড গাঁওত আজি দিনৰ ১১,৩০ বজাত ধুবুৰীৰ আৰক্ষীৰ দল আৰু ৪৮ চি আৰ পি এফ দলৰ যৌথ অভিযানত ৰোৱা দ্বিতীয় খণ্ড গাঁওৰ ৩৩ বছৰীয়া   সাহাদ আলীৰ ঘৰত হঠাৎ অভিযান চলাই সহাদ আলীৰ ঘৰৰ পৰা   ২২ পিচ ব্ৰাৰাউন ছুগাৰৰ ডিব্বা উদ্ধাৰ কৰে। জানিব পৰা মতে আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি  এই অভিযান চলায়। অভিযান কালত ৪৮ বেটেলিয়ানৰ চি আৰ পি এফ দল আৰু আৰক্ষীয়ে ব্ৰাৰাউন ছুগাৰৰ বিক্ৰী কৰোতা সাহাদ আলীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। আৰক্ষীৰ অহাৰ উমান পাই ঘৰৰ পৰা পলায়ন কৰে। উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ একাংশ নৱ প্ৰজন্মই। একাংশ যুৱকে  উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এতিয়া ড্ৰাগছৰ বেহা। সাহাদ আলীক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে বুলি ধুবুৰী সদৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া মুকুল হাজৰিকাই জানিবলৈ দিয়ে।

৭২ নং বাঘমাৰাচৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী আকলিমা খাতুনৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ : ৰাইজৰ প্ৰতিবাদ

চৰকাৰী আঁচনি যেন পঞ্চায়ত প্ৰতিনিধি সকলৰ বাবে এতিয়া খিৰতী গাই হৈ পৰিছে। বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত ৭২ নং বাঘমাৰা চৰ গাওঁ পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ ভূয়াপাৰাত পঞ্চায়ত সভানেত্ৰী আকলিমা খাতুনৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাৱস্ত্য কৰে। ৰাইজৰ অভিযোগ মতে পঞ্চায়ত খনত চতুৰ্দশ বিত্তীয় আঁচনিৰ ২৫ লাখ টকাৰ মাত্ৰ ২০-২৫ শতাংশ টকাৰ  কাম কৰি হাতদীঘল সভানেত্ৰী আকলিমা খাতুনে বাকী সমূদায় ধন আত্মসাৎ কৰিছে। উল্লেখ্য যে বিধায়ক পুজিৰ এক লাখ টকা অঞ্চলটোৰ এখন মছজিদৰ নামত আৱন্টন দিছিল যদিও তাৰে পৰা সভানেত্ৰী গৰাকীয়ে ৫০ হাজাৰ টকাৰ আত্মসাৎ কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। উপায়বিহীন হৈ ৰাইজে ৰাজপথত ওলাই প্ৰতিবাদ কৰিবলৈ লোৱাত পঞ্চায়ত সভানেত্ৰীৰ একাংশ ভেৰোনীয়া গুণ্ডাই প্ৰতিবাদকাৰীক বাধা দিয়ে। সাংবাদিকৰ সন্মুখতেই প্ৰতিবাদকাৰীক প্ৰতিবাদ নকৰিবলৈ বাধা দিয়াৰ উপৰিও আক্ৰমণ কৰিবলৈ চোঁচা লয়। প্ৰতিবাদ স্থলীত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়। পিছত পঞ্চায়ত সভানেত্ৰীৰ ভেৰোনীয়া গুণ্ডাৰ বাধা নেওচি বিধায়ক শ্বেৰমান আলী হায় হায়, সভানেত্ৰী আকলিমা খাতুন হায় হায়, পঞ্চায়ত সভানেত্ৰীৰ দুৰ্নীতিৰ বন্ধ কৰক, সভানেত্ৰীৰ গুণ্ডা গিৰি নচলিব, পঞ্চায়তৰ কামত সংঘটিত হোৱা দুৰ্ণীতিৰ তদন্ত কৰিব লাগে আদি শ্ল-গানেৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক সভানেত্ৰী আকলিমা খাতুনে সংঘটিত কৰা দুৰ্নীতিৰ তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।

ৰহাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ সফল অভিযান : ত্ৰিশটা হেৰ’ইন ভৰ্তি কন্টেইনাৰ সহ আটক দুই যুৱক

ৰাজ্যত চলি থকা মাৰাত্মক ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ বাবে যোৱাকালি বিয়লি ৰহাত চলিল আৰক্ষীৰ বৃহত সফল অভিযান। এই অভিযানত বৃহত পৰিমাণৰ হেৰ’ইন সহ দুজন সৰবৰাহকাৰীক ৰহা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন  ব্যক্তি দুজনৰ নাম আনোৱাৰ হুছেইন(৩১) আৰু আছিকুৰ ৰহমান(২৮)। দুয়োৰে ঘৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বাজবাটমাৰী আৰু শালমৰাত। আৰক্ষীয়ে তেঁওলোকৰ পৰা ৩০টা হিৰ’ইন ভৰ্তি কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে ৰহা আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি বহু সময় ধৰি অভিযান চলাই থাকি ৰহা মহাবিদ্যালয়ৰ গেটৰ ৰাষ্ট্ৰীয় ঘাই পথত বিশেষ কৌশলেৰে আটক কৰে দুয়োজনক। লগতে জব্দ কৰে  এ এচ -০২ এ ,বি -১৯০৩ নম্বৰৰ এখন এল্ট বাহন। উল্লেখ্য যে,মৰিগাঁও জিলাৰ পৰা শালমৰালৈ অহা হিৰ’ইন কিনিবলৈ আৰক্ষীয়ে দৰদাম কৰি কিনিবলৈ চেষ্টা কৰি গাড়ীখন আগুচি ধৰাত সৰবৰাহকাৰী এজনে আৰক্ষীৰ হাতত কামুৰি পলায়নৰ চেষ্টা চলাইছিল যদিও ৰহা আৰক্ষীৰ তৎপৰতাত  খেদি খেদি পলাবলৈ বিচৰা যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় যদিও চালক জনে গাড়ীৰ পৰা দৌৰি পলাই যায় ।

আৰাৰ প্ৰথমটো কোভিড ভেকচিন সম্পন্ন

যোৱা ১৩ৰ পৰা ১৫জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ৰেষ্টুৰেন্ট এছ’চিয়েচন(আৰা)ৰ উদ্যোগত ভেকচিন প্ৰদান কৰা হয় গুৱাহাটীৰ আৰ.জি.বৰুৱা পথৰ ‘গুৱাহাটী চেন্ট্ৰেলৰ এগজটিকা গ্ৰীনৰ পাৰ্কিঙত। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়নত মেডিচিটী গুৱাহাটীৰ সঞ্চালক ডা: চিৰঞ্জীৱ চক্ৰৱৰ্তীৰ তত্বাৱধানত অহা নাৰ্চ অনামিকা ডেকা,ৰীণা বেগম,ইন্দ্ৰজিৎ সৰকাৰ আৰু ৰোচনে সহযোগিতা আগবঢ়ায়। কোভিডসৃষ্ট বৰ্তমান পৰিস্থিতিত আইডিএফচি ফাৰ্ষ্ট বেংক আৰু এইছ এম এন্টাৰপ্ৰাইজৰ সহযোগীতাও অনুকৰণীয়। তিনিওদিনৰ কাৰ্যসূচীত গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেন্টৰ স্বত্বাধীকাৰ,মেনেজাৰ আৰু কৰ্মচাৰীসকলৰ মুঠ ৭১২জনক প্ৰথমটো ভেকচিন প্ৰদান কৰা হয়।

বৰপেটাত যোগান বিভাগৰ অভিযান,অবৈধ ভাবে মজুত কৰা ৩৫ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত  চিলিণ্ডাৰ বিক্ৰী কৰা এটা চক্ৰ আজি বৰপেটাৰ যোগান বিভাগে উৎখাত কৰে । বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ  নিৰ্দেশ ক্ৰমে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে আজি জিলাখনৰ বৰপেটা থানাৰ অন্তৰ্গত পশ্চিম প্ৰান্তৰ ছাপৰা গাঁৱৰ মোকছেদ আলীৰ বাসভৱনৰ সংলগ্ন এটা ঘৰত ৩৫ টা   অবৈধ চিলিণ্ডাৰ জব্দ কৰে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, বিশেষ সূত্ৰৰ পমখেদি চলোৱা এই অভিযানত যোগান বিভাগৰ বিষয়া অজয় আগৰৱালা, আশীষ বৰঠাকুৰ, ৰাজীৱ সিং আৰু মনহৰি বায়নে অংশগ্ৰহণ কৰে।  জব্দকৃত চিলিণ্ডাৰ সমূহ প্ৰধান মন্ত্ৰীৰ উজ্বলা আঁচনিৰ হিতাধিকাৰিৰ ৰাজ সাহায্য যুক্ত  বুলি সন্দেহ কৰা হৈছে । ইয়াৰে ২২ টা ভাৰত গেছৰ আৰু ১৫ টা ইণ্ডানৰ বুলি জানিব পৰা গৈছে।  ঘটনাৰ সংক্ৰান্তত অনুসন্ধান চলি আছে যদিও এই পৰ্যন্ত কাকো আটক কৰা হোৱা নাই। জিলাখনত অবৈধ চিলিণ্ডাৰ মজুতকাৰীৰ বিৰুদ্ধে এনে অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ জিলা উপায়ুক্ত‌ই যোগান বিভাগক নিৰ্দেশ দিছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

নাজিৰাত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত মহিলাৰ প্ৰতিবাদ : চৰকাৰৰ চৰ্ত মানি নোলোৱাৰ হুংকাৰ

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া ৭ টা চৰ্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল উদগীৰণ হোৱাৰ মাজতে আজি নাজিৰাতো চৰ্তহীন ভাৱে ঋণ ৰেহাইৰ দাবীত নগৰৰ ৰাজপথলৈ ওলাই আহিল ঋণগ্ৰস্ত মহিলা । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মহিলাসকলৰ মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ ৰেহাই দিয়াৰ দাবীত ৰূপায়িত হ’ল প্ৰতিবাদী কাৰ্যসূচী । নাজিৰা নগৰৰ মাজমজীয়াৰ এম চি ক্লাৱৰ সন্মুখত নগৰৰ অৰ্ধশতাধিক ঋণগ্ৰস্ত মহিলা সমবেত হৈ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা মুখ্যমন্ত্ৰী তথা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰক ধিক্কাৰ দিয়ে ক্ষুদ্ধ মহিলাসকলে । মহিলাসকলে তীব্ৰ ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি নিৰ্বাচনত ভোট লাভৰ বাবে হাত জোকাৰি , ডিঙি ফুলাই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰা এইজন নেতাই এতিয়া ওলোটাখৰ মাৰি মহিলাসকলক প্ৰৱঞ্চনা কৰিব বিচৰা বুলি অভিযোগ কৰে । প্ৰতিবাদকাৰী সকলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক , মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়ক , অশোক সিংহলৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক , ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰৰ সাতটা চৰ্ত কোনো কাৰণতে মানি লোৱা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী ঋণগ্ৰস্ত মহিলা সকলে প্ৰকৃত দুখীয়া পৰিয়াল তথা মহিলাসকলৰ ঋণ চৰ্তহীন ভাৱে ৰেহাই দিয়াৰ দাবী জনোৱাৰ লগতে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে কোনো ঋণগ্ৰস্ত মহিলাই আত্মহননৰ পথ ললে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলি সকীয়াই দিয়ে । 

গুৱাহাটীৰ বুকুতে বৈ থকা তিনিটা নয়নাভিৰাম অনামী জলপ্ৰপাত। আগেয়ে আপুনি নেদেখা দৃশ্য!