কৰোণা প্ৰটোকল মানি অনুস্থিত হ’ব ভোট গণনা ৷ চৰকাৰী নীতি নিয়ম সমূহ মানি চলিবলৈ লামডিং ৰাইজক সজাগ আৰু সতৰ্ক থাকিবলৈ অনুৰোধ জনাইছে আৰু ২ মে নিৰ্বাচনৰ ভোট গণনাক লৈ সাংবাদিকৰ কেমেৰাৰ আগত হোজাই জিলা লামডিং সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাথী শিবু মিশ্ৰ কি কলে ?
ডবকাৰ জাব্ৰাখোৱা RJ পেট্ৰল পাম্পত জব্দ চাৰিখনকৈ অবৈধ কয়লা গাড়ী৷
ৰাজ্যজুৰি অব্যাহত আছে অবৈধ কয়লাৰ বেহা৷
আজি ডবকাৰ জাব্ৰাখোৱা RJ পেট্ৰল পাম্পত জব্দ কৰা হয় চাৰিখনকৈ অবৈধ কয়লা গাড়ী৷
গাড়ী কেইখনৰ নম্বাৰ ক্ৰমে AS02 E6399, AS01 JC1041, AS02C 3403, AS01HC3356,
মেঘালয়ৰ পৰা নগাওঁৰ বিভিন্ন ঠাইত গৈ আছিল এই অবৈধ কয়লা খিনি৷
উল্লেখ্য যে কয়লা ভৰ্তি ট্ৰাক চাৰিখনত নাচিল কোনো ধৰণৰ নথী-পত্ৰ৷
স্থানীয় ৰাইজে গাড়ী কেইখন জব্দ কৰি খবৰ দিয়ে ডবকা আৰক্ষীক৷
আৰক্ষী উপস্থিত হৈ জব্দ কৰে চাৰিওখন অবৈধ কয়লা ভৰ্তি ট্ৰাক।
আচৰিত কথা যে কোনো ধৰণৰ নথী-পত্ৰ নথকা সত্বেওঁ মেঘালয়ৰ পৰা হোজাই জিলাৰ মাজমজিয়াৰে আৰক্ষীয়ে গিজগিজাই থকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰে ডবকাৰ জাব্ৰাখোৱা লৈকে কেনেকৈ আহিল পালে অভাৰ্লোড অবৈধ কয়লা ভৰ্তি ট্ৰাক কেইখন ।
এনেদৰে প্ৰতিদিনে কাৰ্বি আংলং জিলাৰ পৰা ডবকা ডিফু বাইপাছ আৰু নখুটিৰ পৰা উদালী তিনি আলীয়ে দি শশ অবৈধ কয়লা গাড়ী বিভিন্ন পক্ষ্যক মেনেজ কৰি পাৰ হৈ যায়।
চৰকাৰক লক্ষ্য লক্ষ্য টকা কৰ ফাকি দি কোনে চলাইছে অবৈধ কয়লাৰ ৰমৰমীয়া বেহা??
নীলবাগানৰ পৰা হাচিব উদ্দিন তালুকদাৰ
অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ কোভিড-১৯ত মৃত্যু হয়।
বহুতো জনপ্ৰিয় চলচ্চিত্ৰ, টিভি অনুষ্ঠান আৰু ৱেব শৃংখলাৰ অংশ হৈ থকা অভিনেতা বিক্ৰমজিৎ কানৱাৰপালৰ শুকুৰবাৰে কোভিড-১৯ জটিলতাৰ বাবে মৃত্যু হয়। তেওঁৰ বয়স আছিল ৫২ বছৰ।
Covid-19ত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰিলে দিল্লীৰ বিশিষ্ট সাংবাদিক কল্যাণ বৰুৱাই
ক’ৰোনা মহামাৰীয়ে প্ৰাণ ল’লে আৰু এগৰাকী সাংবাদিকৰ । গুৰুগ্ৰামৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে দিল্লীৰ জেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাই । দিল্লীত বিগত ২৭বছৰ ধৰি The Assam Tribune কাকতৰ বিশেষ সংবাদদাতা হিচাপে দায়িত্ব পালন কৰি আছিল তেওঁ । এদিন পূৰ্বে Covid-19ত আক্রান্ত হৈ তেওঁৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ মৃত্যু হয় । ভট্টাচাৰ্য The Times Of India কাকতৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল । ইহ সংসাৰত তেওঁলোকে এৰি থৈ গৈছে এগৰাকী ২০বছৰীয়া কন্যা সন্তান ।
দিল্লীত প্ৰায় ২৭বছৰ জোৰা এক দীঘলীয়া পৰিক্ৰমাত কল্যাণ বৰুৱাই এক সুকীয়া স্থান দখল কৰিছিল । সমগ্ৰ দেশত আলোড়ন সৃষ্টি কৰিব পৰা বহু কেইটা Exclusive Story তেওঁৰ কলমত প্ৰকাশ পাইছিল । ইন্দ্ৰ কুমাৰ গুজৰালৰ পৰা মনমোহন সিঙলৈ প্ৰতিজন প্ৰধানমন্ত্ৰীৰ একাধিক বিদেশ ভ্রমণৰ সাক্ষী আছিল বৰুৱা । বাতৰি সংগ্রহৰ কাৰণে প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ সহযাত্ৰী হৈছিল তেওঁ বহুবাৰ । Press Council of Indiaৰ দুবাৰকৈ সদস্যৰ দায়িত্ব পালন কৰাৰ উপৰিও, বৰুৱা মৃত্যু পর্যন্ত Press Club of Indiaৰ নিৰ্বাচিত কাৰ্যকৰী সদস্য আছিল আৰু North East Media Forumৰ সভাপতি হৈ আছিল ।
কেৱল সাংবাদিকেই তেওঁৰ সান্নিধ্য লাভ কৰা প্রতিজন ব্যক্তিয়েই আজি শোকগ্ৰস্ত । সর্বদা মানুহক সহায় কৰাৰ মন পুহি ৰখা বৰুৱাক আজি সহস্ৰজনে স্মৰণ কৰিছে । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বৰুৱাক স্মৰণ কৰি এক টুইটত কয় – “বৰুৱাই সংসদীয় পৰিক্ৰমাৰ বাতৰি বিশদভাৱে সংগ্ৰহ কৰিছিল; তেওঁ সদায় স্মৰণীয় হৈ ৰ’ব ।“ The Assam Tribune কাকতে বৰুৱাৰ মৃত্যুত প্ৰতিষ্ঠানটোৱে এক শক্তিশালী স্তম্ভ হেৰুওৱা বুলি উল্লেখ কৰিছে । হিমন্ত বিশ্ব শৰ্মাই বৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰি কয় – তেওঁ সাংবাদিকতাৰ ক্ষেত্ৰখনত অতি নিষ্ঠাৰে জড়িত হৈ থাকি সেৱা আগবঢ়াইছিল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰুৱাৰ বিয়োগ সংবাদ জগতৰ কাৰণে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে ।
ম্ৰিয়মান তেওঁৰ সতীৰ্থ, বন্ধু সকলে আজিৰ দিনটোত তেওঁৰ সৈতে থকা স্মৃতিবোৰ অশ্ৰুসিক্ত নয়নৰে স্মৰণ কৰিছে । জেষ্ঠ সাংবাদিক জীয়া হকে কল্যাণ বৰুৱাক ৰোমন্থন কৰি কয় – বৰুৱা North Block আৰু South Blockত অসমৰ Window আছিল । বৰুৱাৰ উত্তৰ পূবৰ ৰাজনৈতিক পৰিক্ৰমাৰ ওপৰত দখল থকাৰ উপৰিও এক দূৰদৃষ্টি বুজা শক্তি আছিল । জেষ্ঠ সাংবাদিক ঋতুপৰ্ণ ভুঞাই কয় – বৰুৱা এক Institution আছিল; তেওঁৰ মৃত্যু সংবাদ জগতৰ কাৰণে অপূৰণীয় ক্ষতি ।
টিভি সাংবাদিক দীনেশ চৌহানে কয় – দিল্লীত অসমৰ সাংবাদিকসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত চিনাকী কৰাই দিয়া ব্যক্তিজনেই আছিল কল্যাণ বৰুৱা । সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যইও বৰুৱাৰ বিয়োগত দুখ প্ৰকাশ কৰে ।
জেষ্ঠ সাংবাদিক ৰেজাউল লস্কৰে কয় – যদি কোনোবাই সমগ্ৰ উত্তৰ পূবৰ পৰা চিকিৎসাৰ কাৰণেও দিল্লীলৈ আহি কল্যাণ বৰুৱাৰ যোগেদি সহায় লাভ কৰা লোকৰ তালিকা প্ৰস্তুত কৰে সেয়া বহু হাজাৰ লোকৰ তালিকা হ’ব । কিন্তু তেওঁক যেতিয়া সহায়ৰ প্ৰয়োজন হৈছিল আমি নিৰুপায় । তেওঁৰ বন্ধু চিত্ৰ নিৰ্মাতা উৎপল বৰপূজাৰীয়ে দিল্লীৰ সংবাদ মাধ্যমে উত্তৰ পূব সন্দৰ্ভত এজন ‘go-to-guy’ক হেৰুৱালে বুলি অভিহিত কৰিছে ।
বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ সকলো Covid protocolৰ মাজত গুৰুগ্ৰামতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । আজিও অনুৰূপ ধৰণে বৰুৱাৰ শেষকৃত্য সম্পন্ন হ’ব ।
হোজাইৰ ধনীৰাম পথাৰত ধৰ্ষণৰ বলি এগৰাকী মুকবধিৰ যুৱতী
হোজাইত পুনৰ সংঘটিত হৈছে এক জঘন্য ঘটনা ৷
হোজাইৰ ধনীৰাম পথাৰত ধৰ্ষণৰ বলি হৈছে এগৰাকী মুকবধিৰ তথা বিশেষভাৱে সক্ষম যুৱতী ৷
মুকবধিৰ যুৱতীগৰাকীক নিজ গৃহৰ পৰা বলপূৰ্বক অপহৰণ কৰি নিশা যৌন নিৰ্যাতন চলালে এজন লম্পটে৷
তাৰ পিছতে ঘৰৰ পৰা লম্পট ভক্ত দাসে যুৱতীগৰাকীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ।
নিশা ঘৰৰ কাষতে অনুষ্ঠিত হোৱা খুৰায়েকৰ বিবাহ অনুষ্ঠানত যুৱতীগৰাকীৰ পৰিয়াল যোৱাৰ বাবে ঘৰত অকলে আছিল যুৱতীগৰাকী৷
পিছত যুৱতীগৰাকীক বিচাৰ খোচাৰ কৰি সংকটজনক অৱস্থাত উদ্ধাৰ কৰে পৰিয়ালৰ লোকে৷
ইফালে ঘটনা সংঘটিত কৰিয়েই লম্পটজনে পলায়ন কৰে৷
পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে ছোৱালীজনীক।
বৰ্তমানেও পলাতক লম্পট ধৰ্ষণকাৰী ভক্ত দাস আৰু পৰিয়াল।
ঘটনা সংক্ৰান্তত হোজাই থানাত ভুক্তভোগীৰ পৰিয়ালৰ লোকে এটা গোচৰ তৰাত হোজাই আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ (২) ধাৰাৰ অধীনত ২৯৬/২১ নং এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷
কৰ’ণাত আক্ৰান্ত হৈ মৃত্য মুখত পৰিল উদীয়মান প্ৰতিভাশালী গায়িকা পাৰবিন পৰী।
কৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে প্ৰতিভাৱান গায়িকা পাৰবীন পৰীয়ে। শনিবাৰে চিকিত্সাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে যুৱ প্ৰজন্মৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে। উল্লেখ্য যে, কেইদিনমান আগলৈকে বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰি আছিল কণ্ঠশিল্পীগৰাকীয়ে। কিন্তু হঠাত্ শাৰীৰিক ভাবে অসুস্থ হৈ পৰা পাৰবীনে অৱশেষত শনিবাৰে অকালতে মৃত্যুক সাৱটি লয়।
দুদিন পূৰ্বে পাৰবীন পৰীৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰিছিল। পিছত স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটীৰ জিএনআৰচি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল গায়িকাগৰাকীক। প্ৰয়াত কণ্ঠশিল্পীগৰাকীৰ পিতৃও বৰ্তমান কোৰোণাত আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, কৰ’ণাত আক্ৰান্ত হৈ ইয়াৰ পূ্ৰ্বে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস আৰু সংগীত পৰিচালিকা বিজয়লক্ষ্মী দাসে মৃত্যুক সাৱটি লৈছে। পাৰবীনৰ মৃত্যুত এতিয়া ৰাজ্যৰ সাংস্কৃতিক জগতত গভীৰ শোকৰ ছাঁ পৰিছে।
ক’ভিডৰ বাবে চেন্নাইলৈ চিকিৎসাৰ বাবে যোৱাৰ অনুমতি পোৱা নাই মেধাৱী ছাত্ৰ ৰাজেশ কলিতাই
ভয়াবহ ৰূপত অগ্ৰাসন হোৱা ক’ভিড১৯ তথা ৰাজ্যত প্ৰবৰ্তিত ক’ভিড১৯ প্ৰট’কলৰ পৰিপ্ৰেক্ষিতত এক জটিল ৰোগত আক্ৰান্ত যুৱক তথা মেধাৱী ছাত্ৰক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিব নোৱাৰা এক কৰুণ ঘটনা সংঘটিত হৈছে ভৱানীপুৰৰ বাংলীপাৰা গাঁৱত। উল্লেখ্য যে ভৱানীপুৰৰ বাংলীপাৰা গাঁৱৰ বাসিন্দা তথা অসম আৰক্ষী বিভাগৰ চাকৰিয়াল ভৱানন্দ কলিতা আৰু কল্পনা কলিতাৰ জ্যেষ্ঠ পুত্ৰ,সৰুপেটাৰ বিএইচবি মহাবিদ্যালয়ৰ স্নাতক ষষ্ঠ চেমিষ্টাৰ তথা চূড়ান্ত বৰ্ষৰ ছাত্ৰ (অৰ্থনীতি বিষয়ত মেজৰসহ) এক জটিল ৰোগত আক্ৰান্ত হোৱা ৰাজেশ কলিতাক ক’ভিড প্ৰট’কলৰ বাবে চেন্নাইলৈ উন্নত মানৰ চিকিৎসাৰ বাবে নিব নোৱাৰাত নিজৰ ঘৰতেই শয্যাগত হৈ থাকিবলগীয়া হৈছে। কাৰণ ৰোগাক্ৰান্ত ৰাজেশ কলিতাক বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কলৰ বাবে চৰকাৰী অনুমতি পোৱা নাই বুলি ৰাজেশৰ পিতৃয়ে আজি সংবাদ মাধ্যমক জানিবলৈ দিছে।
উল্লেখ্য যে মেধাৱী ছাত্ৰ ৰাজেশ কলিতাৰ মগজুত টিউমাৰ হোৱাটো চিকিৎসা বিভাগৰ দ্বাৰা প্ৰমাণিত হোৱাত চলিত বৰ্ষৰ জানুৱাৰীত চেন্নাইৰ এপলো হাস্পতালত ভৰ্তি কৰা হয়।লগতে এক জটিল অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হোৱাৰ পিছত যোৱা ১৯ মাৰ্চত নিজ গৃহলৈ কিছু সুস্থ হৈ উভতি আহে। কিন্তু দুৰ্ভাগ্যবশতঃ ২৫ মাৰ্চৰ পৰা ৰাজেশ কলিতাৰ দেহত ডাঙৰ বসন্ত ৰোগে দেখা দিয়ে।পুণৰ অসুস্থ হৈ পৰাত ৰাজেশ কলিতাক যোৱা ৩০ মাৰ্চত গুৱাহাটীৰ আয়ুৰচন্দ্ৰা চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও যোৱা ৫ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰা হয়।ৰাজেশ কলিতাই সুস্থ হৈ নুঠাৰ লগতে ১৩ এপ্ৰিলত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাল কৰ্তৃপক্ষই ৰিলিজ দিয়াত ১৩ এপ্ৰিলৰ পৰা বাতৰি লিখা সময়লৈকে বাংলীপাৰাৰ নিজ গৃহৰ বিছনাতেই অসুস্থ হৈ পৰি আছে ৰোগাক্ৰান্ত ৰাজেশ। উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপলো হাস্পতাললৈ বিমানযোগে নিয়াৰ ক্ষেত্ৰত ক’ভিড প্ৰট’কলৰ বাবে বাধাৰ সন্মুখীন হৈছে। ৰাজেশ কলিতাক বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ ওচৰত অনুমতি বিচৰিছে যদিও অনুমতি পোৱা নাই বুলি জানিবলৈ দিছে ৰাজেশৰ পিতৃয়ে।ফলত দিশহাৰা হৈ পৰিছে ৰাজেশ কলিতাৰ পিতৃৰ লগতে পৰিয়ালবৰ্গই। ৰাজেশ কলিতাক উন্নত চিকিৎসাৰ বাবে বিমানযোগে চেন্নাইলৈ নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ তথা ব্যবস্থা গ্ৰহণৰ দাবী জনাইছে পৰিয়ালবৰ্গৰ লগতে স্থানীয় সচেতন ৰাইজে আৰু দিশপুৰ আাইন মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক দ্বিগবিজয় ডেকাই ।
আন এক উল্লেখ্য যে ৰাজেশ কলিতাৰ চিকিৎসাৰ ক্ষেত্ৰত পিতৃয়ে বহু পৰিমাণৰ ধন ব্যয় কৰি সৰ্বস্বান্ত হৈ পৰিছে। এই ক্ষেত্ৰত চৰকাৰীভাৱে আৰ্থিক সহায়ৰো অধিক প্ৰয়োজন হৈছে। কোনো লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰিলে ভাৰতীয় ষ্টেট বেংকৰ নলবাৰী শাখাৰ ৰাজেশৰ পিতৃ ভবানন্দ কলিতাৰ ২০০০১৬৯১৯১৭ নম্বৰৰ একাউণ্টত আৰ্থিক ভাবে সহায় কৰিবলৈ পৰিয়ালটোৱে অনুৰোধ জনাইছে
কপিলী নৈত সন্ধানহীন হোৱা দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ
কপিলী নৈত সন্ধানহীন হোৱা দুয়ো কিশোৰৰ মৃতদেহ উদ্ধাৰ৷
স্থানীয় ৰাইজে অভিযান চলাই উদ্ধাৰ কৰে মৃতদেহ দুয়োটা৷
উদ্ধাৰ হোৱা মৃতদেহ দুটা সঞ্জয় চৌহান (12) আৰু ধনঞ্জয় চৌহান (13)৷
উল্লেখ্য যে তিনি বন্ধু বিয়াৰ বাবে আহিছিল হোজাইৰ 2 নং কানাবালিৰ নৰেশ চৌহানৰ ঘৰত৷
শুক্ৰবাৰে হোজাইৰ কানাবালি টুপ নামৰ গাওঁত কপিলী নৈত গা ধুবলৈ গৈছিল কাৰ্বি আংলং খেৰনিৰ তিনি বন্ধু ক্ৰমে বিজয় চৌহান, সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহান৷ গা ধুই থকাৰ সময়তে তিনি বন্ধুক নৈৰ সোঁতে উটুৱাই নিয়ে৷ স্থানীয় ৰাইজে বিজয় চৌহানক জীৱন্তে উদ্ধাৰ কৰে যদিও বাকী দুজন সন্ধানহীন হৈ আছিল৷
শুক্ৰবাৰে গোটেই দিন SDRF বাহিনীয়ে অভিযান চলাইয়ো দুয়োৰে শুংসুত্ৰ লাভ কৰাত ব্যৰ্থ হৈছিল৷
স্থানীয় ৰাইজৰ সহযোগত আজি সঞ্জয় চৌহান আৰু ধনঞ্জয় চৌহানৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
উদ্ধাৰ হোৱা দুয়োৰে মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷
ডিব্ৰুগড় জিলাৰ নাদুৱা বাইপাছত দুৰ্ঘটনা
ডিব্ৰুগড় জিলাৰ নাদুৱা বাইপাছত ভয়ঙ্কৰ দুৰ্ঘটনা
কথমপি প্ৰাণ ৰক্ষা ৬ জন ব্যক্তি
ততালিকে উপস্থিত চাবুৱা থানাৰ আৰক্ষী বিষয়া টুলুমনি নেতৃত্বত আৰক্ষী দল
জানিব পৰা মতে বিয়া খাই আহি এ এচ 23G 6468 চেন্ট গাঢ়ীখন ডিব্ৰুগড় অভিমুখে তীব্ৰ বেগেৰে আহি থকা অৱস্থাত এই ঘটনাটো সংঘটিত হয়
আটাইকেইজন দিনজয় পকা লাইনৰ বুলি জানিব পৰা গৈছে
জামুগুৰিহাটত এগৰাকী কিশোৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱা অভিযুক্তৰ ভাঙিলে ৰাইজে।
জামুগুৰিহাটৰ চামধৰাত উত্তপ্ত পৰিস্থিতি। এগৰাকী ১৫ বছৰীয়া কিশোৰীক দিব্যজ্যোতি নাথ নামৰ এজন যুৱকে বলাৎকাৰৰ চেষ্টা কৰা ঘটনাক লৈ সৃষ্টি হৈছে এই ভয়ানক পৰিস্থিতি। উত্তেজিত ৰাইজে অভিযুক্তক মাৰিবলৈ নাপাই ভাঙিছে ঘৰৰ আচবাৱ।
ঘটনাৰ বিৱৰণী অনুযায়ী আজি দুপৰীয়াৰ ভাগত কিশোৰী গৰাকীয়ে অভিযুক্ত দিব্যজ্যোতি নাথৰ বাসগৃহত ছাগলী বিছাৰি যোৱাৰ অৱস্থাত কিশোৰী গৰাকীক সুযোগবুজি পাছফালৰ পৰা ধৰি নি গোহালী ঘৰৰ খোটাত বান্ধি লৈ দিব্যজ্যোতিয়ে মাতৃৰ সৈতে উপয্যোপৰী প্ৰহাৰ কৰে। আৰু তাৰ পাছতেই দিব্যজ্যোতি নাথে কিশোৰী গৰাকীক বলাৎকাৰৰ প্ৰচেষ্টা চালাই থকা অৱস্থাতে আন এগৰাকী বান্ধৱীয়ে ঘটনা প্ৰতক্ষ কৰি স্থানীয় ৰাইজক অৱগত কৰাৰ পাছতেই স্থানীয় ৰাইজে আহি এইদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। ইয়াৰ পাছতেই ঘটনাস্থলিত জামুগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্হিতি নিয়ন্ত্ৰণ কৰি দুই অভিযুক্ত ক্ৰমে দিব্যজ্যোতি নাথ আৰু মাতৃ ৰীণা নাথক গেপ্তাৰ কৰে। আনফালে ৰাইজে দুই অভিযুক্ত মাতৃ পুত্ৰক কঠোৰ শাস্ত্ৰীৰ বিহিৱৰ বাবে প্ৰশাসনক দাৱী জনাই।
জামুগুৰিহাটৰ পৰা জোন বৰা











