Home Blog Page 2986

উদালি চিকিৎসক প্রহাৰ সন্দৰ্ভত হাইক’ৰ্টৰ নিজাববীয়া গোচৰ

হোজাই জিলাৰ উদালিৰ ফুলতলী মডেল হাস্পতালত এগৰাকী চিকিৎসকক নির্মমভাৱে প্রহাৰ কৰা ঘটনা সন্দর্ভত নিজাববীয়া গোচৰ ৰুজু কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ ক’ভিড কেয়াৰ চেণ্টাৰত কর্তব্যৰত চিকিৎসকজনক প্রহাৰ কৰা ঘটনা সন্দর্ভত ৰুজু কৰা ৪/২০২১ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি মঙলবাৰে ন্যায়ালয়ে ঘটনা সন্দর্ভত তদন্তৰ খতিয়ান দাখিল কৰিবলৈ নির্দেশ দিছে৷

দুসপ্তাহৰ ভিতৰত উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব এই প্রতিবেদন৷ তদুপৰি মুখ্য ন্যায়াধীশ সুধাংশু ঢুলীয়া আৰু ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ খণ্ড বিচাৰপীঠে এনে ঘটনা ভৱিষ্যতে ৰোধ কৰাৰ বাবে চৰকাৰে কি ব্যৱস্থা গ্রহণ কৰিছে, সেই সন্দর্ভতো সবিশেষ প্রতিবেদন দাখিল কৰিবলৈ নির্দেশ দিছে৷ দুসপ্তাহৰ ভিতৰতে ৰাজ্য চৰকাৰে উচ্চ ন্যায়ালয়ত এই প্রতিবেদন দাখিল কৰিব লাগিব৷

ইপিনে, মাৰণাস্ত্র লৈ যাতে কোনো লোক হাস্পতালৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈ নির্দেশ দিছে৷ একেদৰে এই সন্দর্ভত প্রতিখন মেডিকেল কলেজ হাস্পতালৰ বাহিৰত সঠিক সতর্কবাণীৰ জাননী আঁৰিবলৈ নির্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷

উল্লেখ্য যে অহা ১৪ জুলাইত গোচৰটোৰ পৰৱর্তী শুনানিৰ দিন ধার্য কৰা হৈছে৷ উল্লেখ্য যে কিছুদিন পূর্বে সেউজ কুমাৰ সেনাপতি নামৰ এগৰাকী চিকিৎসকক বর্বৰভাৱে প্রহাৰ কৰিছিল একাংশ উন্মত্ত লোকে৷ এজন ৰোগীক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে উত্তেজিত লোকসকলে চিকিৎসকগৰাকীৰ লগতে কর্তব্যৰত নার্ছ আৰু স্বাস্থ্যকর্মীক প্রহাৰ কৰিছিল৷ এই সমগ্র ঘটনাই দেশজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ লগতে ৰাজ্যজুৰি চিকিৎসকসকলে প্রতিবাদ সাব্যস্ত কৰে৷ চিকিৎসকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ৰাজ্যবাসীয়ে একমুখে দাবী উত্থাপন কৰিছিল৷

ক’ভিড মহামাৰীয়ে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে চিকিৎসকক প্রহাৰৰ ঘটনাক সমাজৰ সকলো স্তৰৰ লোকে গৰিহণা দিছিল৷ অৱশ্যে তাৎক্ষণিকভাৱে আৰক্ষীয়ে ঘটনাত জড়িত লোকসকলক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷

কয়লা মাফিয়াৰ মহালুন্ঠনৰ সৱিশেষ শীঘ্ৰেইDB NEWSত

লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত : দুই ড্ৰাগছ সৰবৰাহীক জেললৈ প্ৰেৰণ

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োৰ নেতৃত্বত আৰক্ষী সজাতী দলে গোপন সূত্ৰৰ পমখেদি দুটা ড্ৰাগছ সৰবৰাহী   আটক  কৰে। আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী   কেইটা ক্ৰমে দক্ষিণ চেনিমাৰি গাৱৰ  মকবুল ইছলাম ( ৩৭ ) আৰু ধিঙৰআটি গাৱৰ জেহিৰুল ইছলাম ( ৩৫ )  । ধৃত  ড্ৰাগছ সৰবৰাহী দুজনৰ  পৰা   ৮ টা হি’ৰইন ভৰ্তি ,৩টা খালি কণ্টেইনাৰ আৰু এটা মবাইল  উদ্ধাৰ কৰা হৈছে । ধৃত ড্ৰাগছ সৰবৰাহী দুটাৰ  বিৰুদ্ধে 345/21 U/S 21(a)/25/29 NDP’S Act ৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে।

সন্দেহজনক নাগৰৰিকৰ আগ্ৰাসন : ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাত বেদখলৰ সন্দেহ

ৰাজ্যখনৰ বিভিন্ন জিলাত  প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে । এই সকল উচ্ছেদিত লোকে কলৈ গৈছে, কি খাইছে কাৰোৰে জ্ঞাত নহয় যদিও  পাৰ্শ্বৱৰ্তী অঞ্চলৰ   জিলা সমুহত  উচ্ছেদিত লোক সকলে  থিতাপি লোৱাৰ  তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । এক নিৰ্ভৰযোগ্য সুত্ৰে জানিব পৰা মতে  ভিন্ন জিলাৰ একাংশ উচ্ছেদিত লোকে  ব্ৰহ্মপুত্ৰ বুকুৱেদি নাৱৰে আহি ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ আশে পাশে থিতাপি লোৱাৰ কথা জানিব পৰা গৈছে ।  এই সকল সন্দেহযুক্ত নাগৰিকে  যিকোনো  সময়ত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত  ৰাষ্ট্ৰীয় উদ্যান খনৰ মাটি বেদখল কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। জানিব পৰা মতে একাংশ লোকে বহ্নি জিলাৰ পৰা অহা লোক সকলক আশ্ৰয় দি উদ্যানৰ ভুমি বেদখল কৰাৰ পৰিকল্পনা কৰাৰ কথাও জানিব পৰা গৈছে । আনহাতে ৰাজ্যখনৰ উচ্ছেদিত লোকক  চৰকাৰ তথা স্থানীয় প্ৰশাসনে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও সেই সকল লোকক কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে এনেদৰে সন্দেহ জনক নাগৰিকৰ আগ্ৰাসন ঘটিছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ।

মন্ত্ৰী-শীৰ্ষ বিষয়াৰে ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিক সন্থা, অসমৰ গুৰুত্বপূৰ্ণ আলোচনা: বছৰেকত অনুষ্ঠিত হ’ব শিল্পী-সাংবাদিক সমাৰোহ, বাৰ্ষিক ক্ৰীড়া বঁটা

শিল্পী-ক্ৰীড়া পেঞ্চনৰ ক্ষেত্ৰতো ইতিবাচক সিদ্ধান্ত

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’ আৰু ‘অসম ক্ৰীড়া সাংবাদিক সন্থা’ৰ এটি যুটীয়া প্ৰতিনিধি দলে সোম আৰু মংগলবাৰে জনতা ভৱনত অসমৰ সাংস্কৃতিক তথা ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ সৈতে এক বৈঠকত মিলিত হয়। দুদিনীয়াকৈ অনুষ্ঠিত আলোচনাত ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিকসকলৰ বিভিন্ন সমস্যা তথা পৰামৰ্শসমূহৰ বিষয়ে আলোচনা কৰি কেতবোৰ ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। আলোচনাকালত মন্ত্ৰী বৰাই ৰাজ্যখনৰ দুয়োটা খণ্ডৰ সামগ্ৰিক বিকাশৰ বাবে ক্ৰীড়া আৰু সংস্কৃতিৰ সকলো অংশীদাৰৰ বাবে এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ গঢ়ি তোলাৰ ইচ্ছা প্ৰকাশ কৰে। সাংবাদিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে সংশ্লিষ্ট বিভাগসমূহৰ মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে এনে আলোচনাত মিলিত হোৱাৰ লগতে সমাধান বিচাৰিবলৈ চেষ্টা কৰিছে। বৈঠকত মন্ত্ৰীগৰাকীয়ে অসম ক্ৰীড়া সাংবাদিক সন্থাৰ বাৰ্ষিক ক্ৰীড়া বঁটা আৰু অসম সাংস্কৃতিক সাংবাদিক সন্থাৰ শিল্পী-সাংবাদিক সমাৰোহ অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি তেওঁ খেলুৱৈসকলৰ লগতে শিল্পীসকলক উৎসাহিত কৰিবলৈ কৰ্পোৰেট খণ্ডৰ অন্তৰ্ভুক্তিৰো পৰামৰ্শ দিয়ে। অসমৰ ক্ৰীড়া আৰু সংস্কৃতিৰ বিষয়ত গৱেষণামূলক গ্ৰন্থ প্ৰকাশত অসম চৰকাৰৰ সহায়ৰ আশ্বাস দিয়ে। তেওঁ দুয়োটা সাংবাদিক সংগঠনৰ সহযোগত অসম চৰকাৰৰ দ্বাৰা ৰাজ্যখনৰ অখ্যাত ক্ৰীড়া আৰু সাংস্কৃতিক ব্যক্তিৰ জীৱনৰ আধাৰত তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। সমগ্ৰ দেশতে অনুষ্ঠিত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠানলৈ ক্ৰীড়া আৰু সাংস্কৃতিক সাংবাদিক প্ৰেৰণ কৰা আৰু দুয়োটা সন্থাৰ সাংবাদিকসকলক চৰকাৰী স্বীকৃতি প্ৰদান কৰাৰ দৰে দিশসমূহৰ বিষয়ে আলোচনা কৰে। তেওঁ এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগৰ সৈতে আলোচনা কৰি ইতিবাচক সঁহাৰি দিব বুলি আশ্বাস দিয়ে। সোমবাৰৰ বৈঠকত অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সুবোধ মল্লা শৰ্মা, ৰাজকুমাৰ শৰ্মা, ইমতিয়াজ আহমেদ,পাৰ্থ চক্ৰৱৰ্তী, সমৰেন্দ্ৰ শৰ্মা আৰু সাংস্কৃতিক সাংবাদিক সন্থাৰ শিৱাণু বৰা, গোপাল জালান, গৌতম শৰ্মা, মৃণাল কুমাৰ বৰা হেমন্ত শৰ্মা উপস্থিত থাকে।
ইপিনে, মংগলবাৰে সাংস্কৃতিক বিভাগৰ শীৰ্ষ বিষয়াসকলক লগত লৈ মন্ত্ৰী বিমল বৰাই সাংস্কৃতিক সাংবাদিক সন্থাৰ বিষয়ববীয়াসকলৰ সৈতে প্ৰায় দুইঘণ্টাজোৰা বৈঠকত মিলিত হয়। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত সংগতি ৰাখি সাংস্কৃতিক সাংবাদিক সন্থাই আগবঢ়োৱা কেতবোৰ পৰামৰ্শ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। শিল্পী পেঞ্চনকে আদি কৰি চৰকাৰী বঁটা-স্বীকৃতিসমূহৰ ক্ষেত্ৰত প্ৰাথমিক আৰু চূড়ান্ত বিচাৰ কমিটিত সন্থাৰ এগৰাকী সদস্যক ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। শিল্পী পেঞ্চনৰ ক্ষেত্ৰত একাংশ বয়সীয়াল জনপ্ৰিয়-খ্যাতনামা শিল্পী বঞ্চিত হ’বলগীয়া হয় কেৱল কঠোৰ চৰকাৰী নীতি তথা নথি-পত্ৰৰ বাবে। সেইসকল শিল্পীক পেঞ্চন পোৱাৰ ক্ষেত্ৰত চৰকাৰী আবেদনৰ পৰা ৰেহাই দি চৰকাৰে নিজাববীয়াকৈ ব্যৱস্থা কৰাৰ লগতে এইক্ষেত্ৰত সন্থাই সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি দিয়া পৰামৰ্শত ইতিবাচক সঁহাৰি জনায়। আনহাতে, ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক প্ৰয়াত অচ্যুত লহকৰৰ নামত চৰকাৰী বঁটা ঘোষণা কৰিবলৈ সন্থাই অনুৰোধ জনোৱাৰ লগতে প্ৰথমগৰাকী ভ্ৰাম্যমাণ থিয়েটাৰৰ নায়িকা ৯৪ বৰ্ষীয় অনুপমা ভট্টাচাৰ্যক প্ৰথমে এই বঁটা প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এইক্ষেত্ৰতো তাৎক্ষণিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি মন্ত্ৰী বৰাই প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি, সন্থাই আহ্বান জনোৱা ৰাজ্যিক চলচ্চিত্ৰ বঁটা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত থকা আসোঁৱাহ সন্দৰ্ভতো কিছু পৰামৰ্শ আগবঢ়ায় আৰু মংগলবাৰৰ বৈঠকতে ৰাজ্যিক চলচ্চিত্ৰ বঁটা জানুৱাৰীৰ ভিতৰত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কিয়নো বৰ্তমান প্ৰচলিত পৰম্পৰা অনুসৰি পলমকৈ এই বঁটাৰ প্ৰক্রিয়া আৰম্ভ হয় বাবেই ইতিমধ্যে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা ছবিয়ে পুৰস্কৃত বিভাগত ৰাজ্যিক চলচ্চিত্ৰ বঁটাত যোগদানৰ পৰা বঞ্চিত হৈ আহিছে। সেয়ে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাতকৈ ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ প্ৰক্ৰিয়া আগতে আৰম্ভ কৰিলে শিল্পীসমাজ যোগ্য সন্মানৰ পৰা বঞ্চিত হোৱাৰ সুযোগ নাথাকিব। উল্লেখ্য যে, মংগলবাৰৰ এই বৈঠকত মন্ত্ৰী বিমল বৰাৰ লগতে সাংস্কৃতিক সাংবাদিক সন্থাৰ শিৱাণু বৰা, গৌতম শৰ্মা, হেমন্ত শৰ্মা, গোপাল জালান আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়া, অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ, অসম চলচ্চিত্ৰ বিত্ত (উন্নয়ন) বিভাগৰ উপাধ্যক্ষ ডাঃ আলেখ্য বৰুৱা, সাংস্কৃতিক মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া উপেন থাপা, ৰাজনৈতিক সচিব হিতেশ চক্ৰৱৰ্তী উপস্থিত থাকে।

অৰ্হতাহীন বিষয়াই চলাইছে ৰাজ্যৰ জলসিঞ্চন বিভাগ। ভৱেশ কলিতাৰ আশীৰ্বাদত উঠি ৰজা বহি ৰজা মনেশ্বৰ ডেকা।

অঘৰী,ভিক্ষাৰীসকলৰ বাবেও যিয়ে নিৰন্তৰে কৰি গৈছে সেৱা। সৰভোগৰ জ্যোতিষ দাসৰ কথা।

মহানগৰীৰ ভৰলুমুখত বৃহৎ পৰিমাণৰ সোণ জব্দ : সোণৰ বিস্কুট,মুদ্ৰা আৰু সোণৰ চেইনসহ আটক দুজন

মহানগৰ আৰক্ষীয়ে চোৰাং ব্যৱসায়ীৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণ। ভৰলুমুখত  দুজন চোৰাং ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ কৰিছে আৰক্ষীয়ে। জব্দ সোণখিনি নগাঁৱৰ পৰা গুৱাহাটীলৈ অনা হৈছিল।

মহানগৰ আৰক্ষী আৰু ভৰলু আৰক্ষীযে AS-02-Z-9705 নম্বৰৰ চাৰিচকীয়া বাহন এখনৰ পৰা উদ্ধাৰ কৰে সোণখিনি । আৰক্ষীয়ে আটক কৰে মনোজ শ্বাহ আৰু আমান আলী নামৰ দুজন লোকক । জব্দ সোণখিনিৰ মূল্য প্ৰায় ৫০ লাখ টকা। পশ্চিম গুৱাহাটী জিলা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

নগাঁৱৰ প্ৰথম গৰাকী একৰডিয়ান বাদক চিত্তদেৱ মহন্ত : চিৰ তৰুণ ৭৪ বছৰীয়া এই গৰাকী শিল্পী

নগাঁও চহৰৰ খুটিকটীয়াৰ স্বৰ্গীয় গোলোক চন্দ্ৰ মহন্ত আৰু স্বৰ্গীয় জেউতি মহন্তৰ শিল্পী পুত্ৰ  চিত্তদেৱ মহন্ত অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনৰ এক পৰিচিত নাম । বৰ্তমান  শিল্পী গৰাকীৰ বয়স ৭৪ বছৰ । আজীৱন সংগীতৰ সুৰীয়া যাত্ৰাতে নিমগ্ন একৰডিয়ান বাদক চিত্ত দেৱ মহন্তই নগাঁও ড’চন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থাকোতেই নগাঁৱৰ বিখ্যাত তবলাবাদক স্বৰ্গীয় বিবেকানন্দ ভট্টাচাৰ্য্যৰ তত্বাৱধানত তবলাৰ প্ৰশিক্ষণ লয় । প্ৰথমতে অৱশ্যে তেখেতে শাস্ত্ৰীয় সংগীতজ্ঞ সুশীল বেনাৰ্জীৰ ওচৰত প্ৰশিক্ষণ লৈছিল যদিও তবলাৰ প্ৰতি বেছি আকৰ্ষিত হোৱাত পাছত তবলাৰ প্ৰশিক্ষণ লয় । অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন মঞ্চত বহু কণ্ঠ শিল্পীৰ লগত তেওঁ তবলা সংগত কৰিছিল । সেই সমূহ অনুষ্ঠানৰ ভিতৰত স্মৰণীয় অনুষ্ঠান হিচাপে ১৯৭০ চনত নগাঁও জিলাৰ ধিং সাহিত্য সভাৰ অধিৱেশনত অসম তথা ভাৰতবৰ্ষৰ বিশিষ্ট কণ্ঠ শিল্পী পাৰবীন চুলতানা আৰু সেই সময়ৰ জনপ্ৰিয় পেৰডী গায়ক ৱাহিদুৰ ৰহমানৰ লগত অসমৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰিছিল । ইয়াৰ উপৰিও অসমৰ সেই খিনি সময়ৰ প্ৰায় সংখ্যাক খ্যাতনমা শিল্পীৰ লগত তবলা সংগত কৰিবলৈ সুবিধা পাইছল তেওঁ । সেই সকলৰ ভিতৰত তাৰিকউদ্দিন আহমেদ, চেতাৰ বাদক মতিউৰ ৰহমান , বেহেলাবাদক নিতাই চৰকাৰ , বাহী বাদক পাই দাস , বৰেণ্য কণ্ঠ শিল্পী খগেন মহন্ত, সূৰ্য দাস , চুয়েজ বৰদলৈ, ফুনু গোস্বামী, তুনু দেৱীকে লৈ বহু শিল্পীৰ লগত তবলা সংগত কৰিছিল তেওঁ । ১৯৭৯  চনত ‘সুৰ সমলয় সাংস্কৃতিক গোষ্ঠী’ প্ৰতিষ্ঠা কৰি নগাঁৱৰ ভালেসংখ্যক ন শিকাৰু শিল্পীক প্ৰতিষ্ঠিত কৰিছিল । চিত্তদেৱ মহন্তৰ ভগ্নী সাহিত্যিক, শিল্পী  অঞ্জলী মহন্তই আৰম্ভ কৰা অসমৰ প্ৰথমটো মহিলা মিউজিকেল বেণ্ড  ‘সুৰ সমলয়’ৰ মুখ্য পৰিছালক তেওঁ । ১৯ ৮২ চনত সুৰ সমলয়ৰ প্ৰযোজনাত ‘ গুৱাহাটীৰ জ্যোতি চিত্ৰবন ষ্টুডিঅত এখন গ্ৰামফোন ৰেকৰ্ডত প্ৰথম চাৰিটা গীত বানীবদ্ধ কৰোৱাইছিল । অসমৰ বিশিষ্ট কণ্ঠ শিল্পী অপূৰ্ব বেজবৰুৱা ,তৃষাৰাণী শইকীয়া, দিপ্তি দাস  আৰু ঘন বৰদলৈৰ কণ্ঠত বানীবদ্ধ কৰাইছিল সেই গীত সমুহ । চিত্তদেৱ মহন্তৰ সংগীতেৰে সজাই তোলা সেই গীত সমূহে তেতিয়া যঠেষ্ট সমাদৰ লাভ কৰিছিল । ১৯৮৪ চনত কলিকতাৰ এইচ এম ভি ত শিল্পী দ্বিজেন কাকতি আৰু কল্পনা ভূঞাই কণ্ঠ দান কৰা গ্ৰামফোন ৰেকৰ্ড খনিতো সংগীত পৰিছালনা কৰিছিল তেওঁ । ইয়াৰ পাছতেই তেওঁ একৰডিয়ানৰ প্ৰতি আকৰ্ষিত হয় । যি সময়ত তেওঁ এই বিধ বাদ্য যন্ত্ৰৰ প্ৰতি আকৰ্ষিত হৈছিল সেইখিনি সময়ত একৰডিয়ান নামৰ এই বিধ বাদ্যযন্ত্ৰৰ  কথা জনাই নাছিল বহুতে । বিশিষ্ট একৰডিয়ান বাদক ৰঞ্জিত ডে আৰু ৰাজেশ্বৰ বৰদলৈৰ ওচৰত  একৰডিয়ানৰ প্ৰশিক্ষণ লৈ তেওঁ আৰম্ভ কৰিছিল সংগীতৰ আন এক যাত্ৰা । নগাঁৱত প্ৰথম তেৱেঁই বিভিন্ন মঞ্চত একৰডিয়ান বজাইছিল । এটা সময়ত চিত্তদেৱ মহন্তৰ পৰিচয় অসমৰ সাংস্কৃতিক ক্ষেত্ৰ খনত এগৰাকী জনপ্ৰিয় একৰডিয়ান বাদক বুলিয়েই সকলোৱে জানিছিল আৰু এতিয়াও তেনেকৈয়ে জানে ।    এই গৰাকী বৰ্তমান ৭৪ বছৰীয়া শিল্পীয়ে বাৰ কেজি ওজনৰ একৰডিয়ান খন বুকুত লৈ আজিও বহু শিল্পীৰ লগত মঞ্চত অনুষ্ঠান পৰিবেশন কৰি আছে । চিত্তদেৱ মহন্তই সংগীত পৰিছালনা কৰা জনপ্ৰিয় কেছেট সমূহ আছিল  ‘মন কলিজা’, ‘ঢুলীয়া নাচনী’ ,’জয় হনুমান’, আদি । বিশিষ্ট শিল্পী অৱনী ৰঞ্জন পাঠকৰ প্ৰযোজনাত ‘এই চহৰৰ মায়াজাল’ নামৰ ভিডিঅ ছবি খনতো সংগীত পৰিছালনা কৰিছিল তেওঁ । ইয়াৰ উপৰিও ১৯ ৮৬ চনত অসম চৰকাৰৰ জনস্বাস্থ্য কৰিকৰী বিভাগৰ দ্বাৰা প্ৰযোজিত বিশুদ্ধ খোৱা পানীৰ উপৰত এখন তথ্য চিত্ৰও নিৰ্মাণ কৰিছিল তেওঁ ।       এই গৰাকী আজীৱন শিল্পীয়ে সংগীতৰ এই যাত্ৰাত বহু তিতা মিঠা অভিজ্ঞতাৰ সন্মোখিন হৈছে । কিন্তু শ্ৰোতা দৰ্শকৰ অভূতপূৰ্ব সমাদৰত আজিও জীপাল হৈ আছে তেখেতৰ শিল্পী মনটো । ১৯৭৯ চনত দুটি শিশু শিল্পী সুবীৰ গাংগুলী আৰু পাৰ্থ দাসক লগত লৈ শ্বিলং বঙাইগাঁও, গুৱাহাটীৰ দীপক সংঘ আৰু বহুতো ঠাইত কৰা অনুষ্ঠানে যঠেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল । ওৰেটো জীৱন সংগীতৰ মাজেৰে পাৰ কৰা এই গৰাকী শিল্পীয়ে জীৱনকালত অসম সাহিত্য সভাকে লৈ বহু অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা বহু সন্মান বটা লাভ কৰাৰ লগতে অসম চৰকাৰেও এগৰাকী শিল্পী হিচাপে এককাললীন সাহাৰ্য আগবঢ়াইছিল । কিন্তু জীৱনৰ বিয়লি বেলাত আৰ্থিক নিৰাপত্তাৰহীনতাত ভুগিছে এই গৰাকী নগাঁৱৰ শিল্পীয়ে ।

ডিমৌৰ লাইবিলত ৰাজ্যৰ বাননিয়ন্ত্ৰণ মন্ত্রী পিয়ুষ হাজৰিকাই পৰিদৰ্শন কৰিলে দিহিং নদীৰ বিধস্ত গড়াখহনীয়া

শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অতিকৈ ভিতৰুৱা নিতাই মৌজাৰ গোঁহাইপুখুৰী পঞ্চায়তৰ জৰাজীৰ্ণ তথা বিধস্ত লাইবিলৰ দিহিঙৰ মথাউৰি আজি দিনৰ প্ৰায় ১১-৩০ মান বজাত পৰিদৰ্শন কৰে ৰাজ্যৰ  জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ । মন্ত্ৰীজনে সমষ্টিটোৰ  নিতাই মৌজাৰ লাইবিলৰ দিহিং নদী আৰু বকতা মৌজাত দিচাং  নদীৰ গৰাখহনীয়া হোৱা স্থানসমূহ পৰিদৰ্শন কৰি এক স্থায়ী সমাধানৰ পোষকতা কৰে। মন্ত্রীগৰাকীৰ লগত সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু প্ৰাক্তন বিজেপি  বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰাসহ জলসম্পদ বিভাগৰ  অভিযন্তা,ঠিকাদাৰসহ প্ৰায় অৰ্ধশতাধিক বিষয়াৰ সৈতে নিতাইপুখুৰী মৌজাৰ দিহিং নৈ-পৰীয়া লাইবিলত  উপস্থিত হৈ দিহিঙৰ বিধস্ত খহনীয়াস্থলী প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ ভাৱ বুজ লয়। যোৱা কেইবাটাও দশক ধৰি ৰাজ্যৰ কোনো এজন বাননিয়ন্ত্ৰণ মন্ত্রীয়ে এই বিধস্ত দিহিং নদীৰ লাইবিলত উপস্থিত হোৱা নাছিল আৰু আজি মন্ত্রী পিয়ুষ হাজৰিকাই নতুনকৈ দায়িত্ব লাভ কৰিয়েই সেই স্হানত খহনীয়া ৰোধৰ বাবে দিহিঙৰ মথাউৰিৰ ৫০ মিটাৰ দৈৰ্ঘৰ অংশত অব্যাহত থকা চেমি পাৰমেনেন্ট জিঅ বেগৰ কামৰ অগ্ৰগতিৰ বুজ লয়।মন্ত্রীজনে পূৰ্বতকৈ ক্ষীপ্ৰগতিৰে ৰাজ্যৰ বিভিন্ন স্হানত মন্ত্ৰীজনে   পৰ্যায়ক্ৰমে মথাউৰি নিৰ্মাণ আৰু গৰাখহনীয়াৰ কাম কৰি যোৱা হ’ব বুলি ঘোষণা কৰে। দিহিঙৰ মথাউৰি পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুস হাজৰিকাক ডিমৌৰ সাংবাদিকক কয় যে  মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মই প্ৰতিটো অঞ্চললৈ গৈ গৰাখহনীয়া পৰিদৰ্শন কৰিছো আৰু সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম। থাওৰাৰ লাইবিল আৰু দিহিং কলঘৰৰ গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে ইতিমধ্যে জিঅ’বেগ দি প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। এই জিঅ’বেগ সমুহৰ ২৫ বছৰ ভেলিডেটি আৰু তিনি বছৰলৈকে এই অংশ সুৰক্ষিত হৈ থাকিব বুলি কয়। ইফালে বহুল চৰ্চিত ডিমৌ নদীৰ  মথাউৰি নিৰ্মাণৰ তিনিমাহ নহওঁতেই ছিৰাল ফাট মেলা বিষয়ত মন্ত্ৰী পীয়ুজ হাজৰিকাই কয় যে উক্ত কামৰ বিল ঠিকাদাৰক মুকলি কৰি দিয়া হোৱা নাই। কাম সম্পূৰ্ণ নকৰালৈকে কোনো ঠিকাদাৰক বিল মুকলি কৰি নিদিবলৈ আৰু কামৰ তদন্ত কৰিবলৈ বিভাগীয় কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে।  বাৰিষা আহিলেহে জলসম্পদ বিভাগে মথাউৰিৰ কাম কৰে বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় মই বাৰিষা হোৱা মন্ত্ৰী। প্ৰথমবাৰলৈ দিহিমুখলৈ আহি কেনে লাগিল বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে খিলঞ্জীয়া, ভূমিপুত্ৰৰ অঞ্চললৈ আহিছো ভাল লাগিছে। এই অঞ্চলত ভাল কাম এটা কৰিব পাৰিলে বেছি সুখী হম।  ইয়াৰ পিছতে তেওঁ থাওৰা সমষ্টিৰ বকতা কোঁৱৰ গাঁৱৰ দিচাঙৰ মথাউৰি পৰিদৰ্শন কৰে আৰু আবেলি দিচাংমুখৰ অফলাত দিচাঙৰ গৰাখহনীয়া পৰিদৰ্শন কৰিব ।