Home Blog Page 2985

আৰাৰ প্ৰথমটো কোভিড ভেকচিন সম্পন্ন

যোৱা ১৩ৰ পৰা ১৫জুনলৈ তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম ৰেষ্টুৰেন্ট এছ’চিয়েচন(আৰা)ৰ উদ্যোগত ভেকচিন প্ৰদান কৰা হয় গুৱাহাটীৰ আৰ.জি.বৰুৱা পথৰ ‘গুৱাহাটী চেন্ট্ৰেলৰ এগজটিকা গ্ৰীনৰ পাৰ্কিঙত। অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সহযোগত আৰম্ভ কৰা ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়নত মেডিচিটী গুৱাহাটীৰ সঞ্চালক ডা: চিৰঞ্জীৱ চক্ৰৱৰ্তীৰ তত্বাৱধানত অহা নাৰ্চ অনামিকা ডেকা,ৰীণা বেগম,ইন্দ্ৰজিৎ সৰকাৰ আৰু ৰোচনে সহযোগিতা আগবঢ়ায়। কোভিডসৃষ্ট বৰ্তমান পৰিস্থিতিত আইডিএফচি ফাৰ্ষ্ট বেংক আৰু এইছ এম এন্টাৰপ্ৰাইজৰ সহযোগীতাও অনুকৰণীয়। তিনিওদিনৰ কাৰ্যসূচীত গুৱাহাটীৰ ১০০খন ৰেষ্টুৰেন্টৰ স্বত্বাধীকাৰ,মেনেজাৰ আৰু কৰ্মচাৰীসকলৰ মুঠ ৭১২জনক প্ৰথমটো ভেকচিন প্ৰদান কৰা হয়।

বৰপেটাত যোগান বিভাগৰ অভিযান,অবৈধ ভাবে মজুত কৰা ৩৫ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ

ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত  চিলিণ্ডাৰ বিক্ৰী কৰা এটা চক্ৰ আজি বৰপেটাৰ যোগান বিভাগে উৎখাত কৰে । বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ  নিৰ্দেশ ক্ৰমে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটা দলে আজি জিলাখনৰ বৰপেটা থানাৰ অন্তৰ্গত পশ্চিম প্ৰান্তৰ ছাপৰা গাঁৱৰ মোকছেদ আলীৰ বাসভৱনৰ সংলগ্ন এটা ঘৰত ৩৫ টা   অবৈধ চিলিণ্ডাৰ জব্দ কৰে । জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, বিশেষ সূত্ৰৰ পমখেদি চলোৱা এই অভিযানত যোগান বিভাগৰ বিষয়া অজয় আগৰৱালা, আশীষ বৰঠাকুৰ, ৰাজীৱ সিং আৰু মনহৰি বায়নে অংশগ্ৰহণ কৰে।  জব্দকৃত চিলিণ্ডাৰ সমূহ প্ৰধান মন্ত্ৰীৰ উজ্বলা আঁচনিৰ হিতাধিকাৰিৰ ৰাজ সাহায্য যুক্ত  বুলি সন্দেহ কৰা হৈছে । ইয়াৰে ২২ টা ভাৰত গেছৰ আৰু ১৫ টা ইণ্ডানৰ বুলি জানিব পৰা গৈছে।  ঘটনাৰ সংক্ৰান্তত অনুসন্ধান চলি আছে যদিও এই পৰ্যন্ত কাকো আটক কৰা হোৱা নাই। জিলাখনত অবৈধ চিলিণ্ডাৰ মজুতকাৰীৰ বিৰুদ্ধে এনে অভিযান অধিক তীব্ৰতৰ কৰি তুলিবলৈ জিলা উপায়ুক্ত‌ই যোগান বিভাগক নিৰ্দেশ দিছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

নাজিৰাত মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ দাবীত মহিলাৰ প্ৰতিবাদ : চৰকাৰৰ চৰ্ত মানি নোলোৱাৰ হুংকাৰ

মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে বান্ধি দিয়া ৭ টা চৰ্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদৰ দাবানল উদগীৰণ হোৱাৰ মাজতে আজি নাজিৰাতো চৰ্তহীন ভাৱে ঋণ ৰেহাইৰ দাবীত নগৰৰ ৰাজপথলৈ ওলাই আহিল ঋণগ্ৰস্ত মহিলা । নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি মহিলাসকলৰ মাইক্ৰ’ফাইনেন্সৰ সকলো ঋণ ৰেহাই দিয়াৰ দাবীত ৰূপায়িত হ’ল প্ৰতিবাদী কাৰ্যসূচী । নাজিৰা নগৰৰ মাজমজীয়াৰ এম চি ক্লাৱৰ সন্মুখত নগৰৰ অৰ্ধশতাধিক ঋণগ্ৰস্ত মহিলা সমবেত হৈ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰা মুখ্যমন্ত্ৰী তথা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰক ধিক্কাৰ দিয়ে ক্ষুদ্ধ মহিলাসকলে । মহিলাসকলে তীব্ৰ ক্ষোভ উজাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি নিৰ্বাচনত ভোট লাভৰ বাবে হাত জোকাৰি , ডিঙি ফুলাই মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰা এইজন নেতাই এতিয়া ওলোটাখৰ মাৰি মহিলাসকলক প্ৰৱঞ্চনা কৰিব বিচৰা বুলি অভিযোগ কৰে । প্ৰতিবাদকাৰী সকলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক , মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই দিয়ক , অশোক সিংহলৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰক , ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰৰ সাতটা চৰ্ত কোনো কাৰণতে মানি লোৱা নহ’ব আদি বিভিন্ন শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী ঋণগ্ৰস্ত মহিলা সকলে প্ৰকৃত দুখীয়া পৰিয়াল তথা মহিলাসকলৰ ঋণ চৰ্তহীন ভাৱে ৰেহাই দিয়াৰ দাবী জনোৱাৰ লগতে প্ৰতিশ্ৰুতি ৰক্ষা নকৰিলে কোনো ঋণগ্ৰস্ত মহিলাই আত্মহননৰ পথ ললে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা বি জে পি নেৰ্তৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলি সকীয়াই দিয়ে । 

গুৱাহাটীৰ বুকুতে বৈ থকা তিনিটা নয়নাভিৰাম অনামী জলপ্ৰপাত। আগেয়ে আপুনি নেদেখা দৃশ্য!

কু’ত মাতৃভাষা অসমীয়াত প্ৰথম পোষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কু’ত যোগদান কৰিছে। আজি তেওঁ মাইক্ৰ’ব্লগিং প্লেটফৰ্মত নিজৰ গৃহ ৰাজ্যৰ ভাষা ‘অসমীয়া’ মুকলি কৰে। মুখ্যমন্ত্ৰী শৰ্মাই কৰা অসমীয়াত প্ৰথমটো কু, ‘মই আনন্দিত যে কু’ এপে মই কু’ত যোগদান কৰাৰ লগে লগে অসমীয়া ভাষা মুকলি কৰিছে। এই এপটোৱে অসমৰ লোকসকলক তেওঁলোকৰ মাতৃভাষাত তেওঁলোকৰ ভাব-চিন্তা আৰু মতামত ব্যক্ত কৰিবলৈ সক্ষম কৰি তুলিছে। কু’ এপত মানুহৰ সৈতে জড়িত হ’বলৈ বাট চাই আছো। মই ইয়াত মোৰ মতামত, ঘোষণা আৰু বহুতো আপডেট কুইং কৰিম। মই কুত্ৰক তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছো।’ কু’ৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া অপ্ৰময় ৰাধাকৃষ্ণই কয়, “আমাৰ মঞ্চত হিমন্ত বিশ্ব শৰ্মাক পাই আমি অত্যন্ত সুখী। আমি আৰু অধিক উৎসাহিত যে অসমৰ প্ৰথম কু তেওঁৰ আৰু তেওঁ কু অসমীয়া ভাষাত মুকলি কৰিছে। মই নিশ্চিত যে অসমৰ মানুহে ইজনে সিজনৰ সৈতে কু’ত বাৰ্তালাপ কৰিবলৈ আৰু বিভিন্ন বিষয়ৰ বিষয়ে চিন্তা-চৰ্চা বিনিময় কৰিবলৈ ভাল পাব। অসম এখন অতি বৃহৎ ৰাজ্য যাৰ জনসংখ্যা ৩০ নিযুততকৈও অধিক আৰু জনসাধাৰণৰ তেওঁলোকৰ ভাষাৰ প্ৰতি উচ্চ সম্পৰ্ক আছে। কু হ’ব সেই কেইটামান প্লেটফৰ্মৰ ভিতৰত এটা য’ত তেওঁলোকে ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰিব পাৰিব, অসমত চিন্তাৰ আদান-প্ৰদান কৰিব পাৰিব আৰু নতুন বন্ধুও বনাব পাৰিব।” কু’ৰ সহ-প্ৰতিষ্ঠাপক মায়াংক বিদাৱটকাই কয়, “অসমত আৰম্ভ কৰাটো অতি ৰোমাঞ্চকৰ আৰু সেয়াও ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে। মই নিশ্চিত যে অসমৰ মানুহে দেশৰ বাকী অংশৰ দৰেই কু উপভোগ কৰিব। আমি কু’ত অসমীয়া কীবৰ্ডখন সক্ষম কৰিছো যাৰ ফলত তেওঁলোকৰ মাতৃভাষাত ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰাটো অতি সহজ হৈ পৰিছে। তেওঁলোকে লিখনিৰ বাহিৰেও অডিঅ’ আৰু ভিডিঅ’ ফৰ্মেটতো তেওঁলোকৰ চিন্তা ভাগ বতৰা কৰিবলৈ সক্ষম হ’ব। এই মাল্টি-মডেল সৃষ্টি কুৰ বাবে অনন্য। মই আশা কৰোঁ যে ৰাজ্যখনৰ এক বৃহৎ জনসংখ্যাই ইজনে সিজনৰ সৈতে এনেদৰে সংযোগ স্থাপন কৰিবলৈ এই মঞ্চটো ব্যৱহাৰ কৰিব যিটো আগতে কেতিয়াও হোৱা নাছিল!” কুৰ আৰম্ভণিয়ে অসমৰ লোকসকলক তেওঁলোকৰ মাতৃভাষাত যোগাযোগ আৰু বাৰ্তালাপ কৰিবলৈ ক্ষমতা প্ৰদান কৰে। কু ব্যৱহাৰকাৰীসকলে তেওঁৰ হেণ্ডেলত তেওঁৰ সৈতে সংযোগ কৰিব পাৰে @himantabiswa। মুখ্যমন্ত্ৰীয়ে অসমত কু এপ মুকলি কৰাৰ লগে লগে ৰাজ্যখনৰ বহুতো খ্যাতিমান ব্যক্তি আৰু চিন্তাধাৰাৰ নেতাই শীঘ্ৰেই মঞ্চত যোগদান কৰিব বুলি আশা কৰা হৈছে। তেওঁলোকে মঞ্চত ‘অসমিয়া’ বা ‘অসমী’ ভাষাত ৰাজ্যবাসীৰ সৈতে বাৰ্তালাপ কৰিব। কুৰ বিষয়ে কু ২০২০ চনৰ মাৰ্চ মাহত ভাৰতীয় ভাষাত মাইক্ৰ’ব্লগিং প্লেটফৰ্ম হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। একাধিক ভাৰতীয় ভাষাত উপলব্ধ, ভাৰতৰ বিভিন্ন অঞ্চলৰ লোকসকলে মাতৃভাষাত নিজকে প্ৰকাশ কৰিব পাৰে। যিখন দেশত ভাৰতৰ মাত্ৰ ১০% লোকে ইংৰাজী কয়, এনে এখন সামাজিক মাধ্যমৰ মঞ্চৰ গভীৰ প্ৰয়োজন আছে যি ভাৰতীয় ভাষা ব্যৱহাৰকাৰীসকলক নিমজ্জিত ভাষাৰ অভিজ্ঞতা প্ৰদান কৰিব পাৰে আৰু তেওঁলোকক ইজনে সিজনৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰিব পাৰে। কুৱে ভাৰতীয় ভাষা পছন্দ কৰা ভাৰতীয়সকলৰ কণ্ঠস্বৰক এটা মঞ্চ প্ৰদান কৰে।

চাপৰমুখ আৰক্ষী আৰু আবকাৰীৰ যৌথ অভিযান : চাপৰমুখৰ মিলনপুৰত মদৰঘাটি উচ্ছেদ

চাপৰমুখ আৰক্ষী চকীৰ অন্তৰ্গত মিলনপুৰত আজি চাপৰমুখ আৰক্ষী আৰু চাপৰমুখ আৱকাৰীৰ সহযোগত অভিযান চলাই প্ৰায় ৭০০ লিটাৰ চুলাই মদ নষ্ট কৰে ৷ জানিব পৰা মতে আজি দুপৰীয়াৰ চাপৰমুখ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঘনকান্ত বৰা আৰু চাপৰমুখ আবকাৰীৰ নেতৃত্বত যোৱা আৰক্ষী দলে মিলনপুৰৰ এটা মদৰ ভাটিত অভিযান চুলাই মদৰ ভাটি উচ্ছেদ কৰাৰ লগতে উদ্ধাৰ হোৱা মদ সমূহ নষ্ট কৰে ৷আৰক্ষী যোৱাৰ আগেয়ে  ভাটিত থকা লোক সকল পলাই  যোৱাত এজনকো আটক কৰবলৈ সক্ষম নহল ৷

কুকাৰপাৰ গাৱত ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ ড্ৰাগছ ব্যৱসায়ী আটক

বৰপেটাৰ চেঙাৰ সমীপৰ কুৰাকপাৰ গাৱত আজি বহৰিস্থ তাৰাবাৰী থানা আৰু সৰ্থেবাৰী থানাৰ অধীনস্থ মাজদিয়া আৰক্ষী চকীৰ আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমানৰ ব্ৰাউন চুগাৰসহ এটা ড্ৰাগছ ব্যৱসায়ী আটক কৰা হয় ৷ আৰক্ষীৰ হাতত ধৃত ড্ৰাগছ ব্যৱসায়ীটো সৰ্থেবাৰী থানাৰ অন্তৰ্গত কুকাৰপাৰ গাৱৰ ফুলচান আলী বুলি জানিব পৰা গৈছে ৷ বৰপেটাৰ উপ আৰক্ষী অধীক্ষক (ডিএছপি) সমীৰদপ্তৰ বৰুৱাৰ নেতৃত্বত আৰু ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসৰ সহযোগত আৰক্ষীয়ে অভিযান চলাই ফুলচান আলী নামৰ ড্ৰাগছ ব্যৱসায়ীটোৰ গৃহৰ পৰা ৫২ টা ব্ৰাউন চুগাৰ ভৰ্তি কন্টেইনাৰ আৰু ৯৩ টা খালী কন্টেইনাৰ জব্দ কৰে ৷ আনহাতে ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা ৩৫ হাজাৰ নগদ টকাও জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জনোৱামতে, ড্ৰাগছ ব্যৱসায়ীটোৱে চাবোনৰ কেচত ব্ৰাউন চুগাৰসমুহ লুকুৱাই ৰাখিছিল ৷ ব্ৰাউন চুগাৰ আৰু নগদ ধনসহ নিজ গৃহৰ পৰা ড্ৰাগছ ব্যৱসায়ীটোক আটক কৰাৰ পিচতে সম্প্ৰতি আৰক্ষীৰ জেৰা অব্যাহত আছে  ৷

দুলীয়াজানত ভাঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান : ভাংসহ এজনক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ

ৰাজ্যৰ সমান্তৰালকৈ তৈলনগৰী দুলীয়াজানতো অবৈধ ভাং, ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে । শেহতীয়াকৈ কালি সন্ধিয়া আৰক্ষীয়ে দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ সমীপত অভিযান চলাই এটা ভাংৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হয় । নামৰূপৰ নৱ নিযুক্ত উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰাৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৱে অভিযান চলাই ঘাটিটোৰ পৰা বুজন পৰিমাণৰ অবৈধ ভাং জ্বব্দ কৰাৰ লগতে বহুতো আপত্তি জনক সা -সামগ্ৰী উদ্ধাৰ কৰে । ইফালে অবৈধ ভাং ব্যৱসায়ৰ লগত জড়িত জান বৰুৱা(৩৯)ক আৰক্ষীয়ে আটক কৰে । উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি তৈলনগৰী দুলীয়াজানত ভাঙৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈ অহা ধৃত জান বৰুৱাক কি কাৰণত দুলীয়াজান আৰক্ষীয়ে ইমান দিনে আটক কৰিবলৈ সক্ষম নোহোৱা মূল অভিযুক্তক অৱশেষত নামৰূপৰ উপ আৰক্ষী অধীক্ষকে হাতে লুটে আটক কৰিবলৈ সক্ষম হয় । দুলীয়াজানৰ ৰেলৱে ষ্টেচনৰ সমীপৰ এটা টিঙৰ বেৰা দিয়া ঘৰটোতে ভাংৰ ৰমৰমীয়া ব্যৱসায় চলাই দুলীয়াজানৰ সামাজিক পৰিবেশ কলুষিত কৰি আহিছিল । আনহাতে এই অবৈধ ভাঙৰ ঘাটিটোৰ পৰা দুলীয়াজানৰ একাংশ লোকে মাহেকীয়া উপঢৌকন লৈ ব্যৱসায় চলোৱাত উদ্গনি যোগায় অহাৰো অভিযোগ উত্থাপিত হৈ আহিছিল । ইফালে ঘটনা সৰ্ন্দভত আৰক্ষীয়ে দুলীয়াজান আৰক্ষী থানাত ২৬২/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি আজি দুপৰীয়া অভিযুক্ত জান বৰুৱাক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে ।

নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ অভিযান: বদ্ৰীনাথ বাৰোৱাতীৰ পত্নীৰ ঘৰৰ পৰা নগদ ৩লাখ টকা, সোণৰ গহণা আৰু হীৰাৰ গহণা জব্দ

নগাঁও আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ অভিযান। আৰক্ষী উপপৰিদৰ্শক বদ্ৰীনাথ বাৰোৱাতিৰ পত্নীৰ কোৱাৰ্টাৰত অভিযান চলাই মহানগৰ আৰক্ষীয়ে। বিশেষ সুত্ৰে জানিব পৰা মতে আজি গুৱাহাটীত মহানগৰ আৰক্ষীয়ে উদ্ধাৰ কৰা ৫০লাখ টকাৰ সোণৰ সৈতে সম্পৰ্ক আছিল বদ্ৰীনাথ বাৰোৱাটিৰ।আজি নিশা নগাঁৱৰ আৰক্ষী ছাউনীত মহানগৰ আৰক্ষীৰ এটা দলে অভিযান চলায়। গুৱাহাটীৰ ৰেলৱে আৰক্ষীৰ উপপৰিদৰ্শক বদ্ৰীনাথ বাৰোৱাটিৰ পত্নী বৰ্ণালী বৰাৰ চৰকাৰী আৱাসত অভিযান চলাই মহানগৰ আৰক্ষী সহকাৰী আৰক্ষী আয়ুক্তৰ নেতৃত্বত এটা দলে। আৰক্ষীৰ দলটোৱে বাৰোৱাতীৰ পত্নীৰ ঘৰৰ পৰা নগদ ৩লাখ টকা, সোণৰ গহণা আৰু হীৰাৰ গহণা জব্দ কৰে। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে নগাঁৱৰ বিকানেৰ জেমছ এণ্ড জুৱেলাৰীতো অভিযান চলাই। উল্লেখযোগ্য যে, ৫০ লাখ টকাৰ সোণৰ সৈতে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মনোজ শ্বাহ বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ কৰ্মচাৰী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আনজন অভিযুক্ত আৰমান আলীৰ সৈতেও সু-সম্পৰ্ক বিকানেৰ জেমছ এণ্ড জুৱেলাৰীৰ স্বত্বাধিকাৰী মণিহাৰীৰ। তাৎপৰ্য্যপূৰ্ণ ভাৱে মণিহাৰী নামৰ ব্যৱসায়ী গৰাকীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও বহু অভিযোগ আছিল। নগাঁৱৰ বহু লোকৰ টকা আত্মসাৎ কৰি তেঁও বহুদিন বহি:ৰাজ্যত আত্মগোপন কৰি আছিল। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে ৰামঅৱতাৰ মণিহাৰী নামৰ ব্যৱসায়ী গৰাকীকো আটক কৰিছে।

টীয়কৰ জাঁজীমুখ : পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা

যোৰহাট জিলাৰ পূৱ প্ৰান্তত টীয়কত অৱস্থিত জাঁজীমুখ। ৰাষ্ট্রীয় ঘাইপথৰ পৰা আঠ কিলোমিটাৰ নিলগত আছে এই ঐতিহাসিক জাঁজীমুখ। উল্লেখযোগ্য যে, ব্ৰিটিছৰ দিনত জাহাজ ৰখাইছিল এই জাঁজীমুখতে। ব্ৰহ্মপুত্ৰ আৰু জাঁজী নদীৰ সমন্বয়ে সৃষ্টি হৈছে এই জাঁজীমুখ অঞ্চলটো। টীয়ক ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো ৰাজহ গাঁও সাঙুৰি এই বৃহত্তৰ অঞ্চলটোক জাঁজীমুখ নামেৰে জনাজাত। কলিতা, মিছিং, কৈৱৰ্ত, মুছলিম, খ্ৰীষ্টিয়ান, বিহাৰী সম্প্ৰদায়ৰ লোকৰ সমন্বয়ে প্ৰাণ পাই উঠিছে মহাবাহুৰ বক্ষ। মুলতঃ এই অঞ্চলৰ লোকসকলৰ জীৱিকাৰ প্ৰধান উৎস খেতি, গৰু-ম’হ পালন,দুগ্ধ ব্যৱসায়, মৎস্য পালন তথা নদীত মাছ ধৰি পৰিয়াল পুহ পাল দিয়ে এই অঞ্চলৰ লোকসকলে। জাঁজীমুখ এঠা দৈৰ এক সুকীয়া সমাদৰ আছে যোৰহাট জিলাত। বছৰটোৰ তিনিমাহ বানপানীয়ে জুৰুলা কৰা আৰু বন্যহস্তীৰ তাণ্ডৱৰ এই সমস্যাৰ বাহিৰে জাঁজীমুখত বিশেষঃ কোনো ধৰণৰ সমস্যাই ৰাইজক বিপদত পেলোৱা নাই। সতেজ শাক-পাচলি, গাখীৰ, নদীৰ মাছ, নিজা উৎপাদিত শস্যৰে এই ভোগালী ঠাই জাঁজীমুখ। আগতে যোগাযোগৰ সম্বল ৰাস্তাৰ সমস্যাই এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰী অথবা ৰাইজক সমস্যাত পেলাইছিল যদিও বৰ্তমান ৰাস্তা-ঘাটৰ উন্নতমানৰ ব্যৱস্থাই যথেষ্ট সকাহ দিছে জাঁজীমুখবাসীক। জাঁজীমুখ জনজাতি হাইস্কুল, লুইতপৰিয়া মধ্য ইংৰাজী বিদ্যালয় তথা কেইবাখনো প্ৰাথমিক বিদ্যালয় অৱস্থিত এই অঞ্চল কলেজত অধ্যয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে টীয়ক বা যোৰহাটলৈ যাবলগীয়া হয়। জাঁজীমুখ বুলি কলেই অসমত বানপীড়িত এটা অঞ্চল বুলি সকলোৱে ভাৱে কিন্তু জাঁজীমুখ জৈৱ বৈশিষ্ট্যৰ ক্ষেত্ৰত যথেষ্ট চহকী আৰু অনাগত দিনত জাঁজীমুখ যে অসমৰ অনন্য পৰ্যটনৰ কেন্দ্ৰবিন্দু হব সেইটো নিশ্চিত। কেইবাখনো বিল, জলাশয় থকা এই বৃহত্তৰ অঞ্চলটো পক্ষীৰ অন্যতম বিচৰণস্থলী। এটা অন্যতম স্বেচ্ছাসেৱী সংগঠন “কেতেকী”য়ে দীৰ্ঘ সময়ৰ পৰা এই অঞ্চলত পশু-পক্ষীৰ সুৰক্ষাৰ বাবে কাম কৰি আহিছে আনকি এসময়ত বহু বিদেশী পৰ্যটক পক্ষীৰ বিচৰণস্থলী চাবলৈ জাঁজীমুখলৈ ঢাপলি মেলিছিল আৰু এতিয়াও বহু লোকে পক্ষীৰ বিচৰণৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ জাঁজীমুখলৈ আহে। তাৰ লগতে তিনিটা সুঁতি পাৰ হৈ জপং গাঁও পাৰ হৈ ব্ৰহ্মপুত্ৰৰ বক্ষত প্ৰকৃতিপ্ৰেমী ললিত টাউড নামৰ এজন লোকে নিৰৱে গছ গছনি ৰুই প্ৰতিষ্ঠা কৰিছে “বালিমাহী চাপৰি” নামেৰে এখন অৰণ্য। এজন চৰকাৰী কৰ্মচাৰী হৈয়ো কৰ্মবিৰতিৰ সময়ত ললিত টাউডে গছ গছনি ৰুই প্ৰাকৃতিক ভাৰসাম্যতাৰ ৰক্ষাৰ বাবে চেষ্টা চলাইছে। তেওঁক বিশেষভাৱে সহযোগিতা আগবঢ়াইছে সদৌ অসম ছাত্ৰ সন্থাই। উল্লেখযোগ্য যে, ২০২০ বৰ্ষৰ পৰা ২৫০ বিঘাৰো অধিক মাটিৰে আবৃত্ত বালিমাহী চাপৰিত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত, টীয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পূৰ্ণ তত্ত্বাৱধানত বিশ্ব পৰিৱেশ দিৱসৰ দিনটোৰ পৰা ‘এক লক্ষাধিক গছ-পুলি ৰোপণ’ৰ প্ৰচেষ্টা হাতত লৈছে ছাত্ৰ সংগঠনটোৱে। বালিমাহীত এতিয়া লহপহকৈ বাঢ়িছে ৰোপণ কৰা গছ গছনিবোৰ, মাথোঁ সেউজীয়া হৈছে বালিমাহী। আমাৰ হাতত পোৱা তথ্যমতে বৰ্তমানলৈকে প্ৰায় বিশ হাজাৰ গছ পুলি ৰোপণ কৰিছে বালিমাহী চাপৰিত। এতিয়া আহিছোঁ কেনেকৈ জাঁজীমুখ পৰ্যটনৰ কেন্দ্ৰ হব পাৰে এই সম্পৰ্কত। প্ৰতিবছৰে আমি দেখি আহিছো, ডিচেম্বৰ মাহৰ পৰা জানুৱাৰী মাহলৈকে স্থানীয় লোকৰ বাহিৰেও যোৰহাট, শিৱসাগৰৰ বহু লোকে তৃপ্তিৰে এসাঁজ খাবলৈ জাঁজীমুখলৈ আহে। হাজাৰ-হাজাৰ লোকৰ সমাবেশে ভৱিষ্যতৰ দিনত জাঁজীমুখৰ বনভোজস্থলীক সুকীয়া স্থান দিব সেইটো নিশ্চিত। কিয়নো বনভোজ খাবলৈ অহা লোকসকলে অকল মাত্ৰ ভোজ খাবলৈ নাহি এই অঞ্চলৰ প্ৰাকৃতিক দৃশ্য চাই, নৌকা বিহাৰ কৰে অথবা ব্যৱসায়িক দিশত থলুৱা গাখীৰ, মাছ, শাক পাচলি ক্ৰয় কৰি ৰাইজক অৰ্থনৈতিকভাৱে সুদৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ দেৱৰ চৰকাৰৰ দিনত জাঁজীমুখক প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত টীয়কৰ কেইবাজনো ব্যক্তিৰ প্রচেষ্টাত “জাঁজীমুখ মহোৎসৱ” আয়োজন কৰিছিল। নানা মেলা,থলুৱা খাদ্য মেলা, গ্ৰন্থ মেলা তথা সাংস্কৃতিক সন্ধিয়া আয়োজন কৰি কেইবাজনো অসমৰ জনপ্ৰিয় গায়কক আমন্ত্ৰণ জনাই উদ্যোক্তাসকলে জাঁজীমুখক পৰ্যটকৰ আকৰ্ষণৰ থলী হিচাপে গঢ় দিবলৈ চেষ্টা কৰিছিল। এই জাঁজীমুখ অঞ্চলৰ ৰাইজ তথা টীয়কৰ বিভিন্ন দল-সংগঠনে বহু সময়ৰ পৰাই জাঁজীমুখক পৰ্য্যটনথলী হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায় আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই আজিলৈকে। কিয়নো যদি জাঁজীমুখ পৰ্যটনথলী হিচাপে পৰিগণিত হয় তেতিয়া এই অঞ্চলৰ ৰাইজে নিজে উৎপাদিত কৰা শাক-পাচলি, দৈ-গাখীৰ, মাছ ইত্যাদি সামগ্ৰীসমূহ জাঁজীমুখ পৰিভ্ৰমণ কৰিবলৈ অহা লোকসকলে নিশ্চিতভাৱে ক্ৰয় কৰিব আৰু এখন বৃহৎ থলুৱা বজাৰৰ সৃষ্টি হব ফলত এই অঞ্চলৰ লোকসকল অৰ্থনৈতিকভাৱে যথেষ্ট টনকিয়াল হব সেইটো নিশ্চিত। তাৰোপৰি জাঁজীমুখৰ দুয়োটা সুঁতিত যদি নৌকাবিহাৰৰ ব্যৱস্থা কৰা হয় তাৰ ফলতো এই অঞ্চলৰ বহু লোক স্বাৱলম্বী হব। তাৰ লগতে জাঁজীমুখ প্লেটফৰ্মৰ নাতিদূৰত অৱস্থিত “বালিমাহী চাপৰি” অসমৰ বিভিন্ন প্ৰান্তৰ লোকসকলে  চাই মানসিক তৃপ্তি লাভ কৰিব। এই লেখাৰ পৰা অসম চৰকাৰৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে জাঁজীমুখৰ বান-গৰাখহনীয়া সমস্যাৰ বৈজ্ঞানিক পদ্ধতিৰে এক সমাধানসূত্ৰ উলিয়াব লাগে লগতে জাঁজীমুখক পৰ্যটনক্ষেত্ৰ হিচাপে গঢ় দিব লাগে।