Home Blog Page 2987

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গাঞ্জা সহ ট্ৰাক জব্দ

গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিয়লি ২ মান বজাত শিমুলটাপুৰ আৰক্ষীয়ে অভিযান চলাই ৩৩ পেকেট গাঞ্জা সহ N L 01K ৩২৯৪ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে ৷ উল্লেখ যে শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লাল হিলিমচিং এক গোপন সুত্ৰৰ ভিত্তিত শ্ৰীৰামপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ৩৩ পেকেট গাঞ্জা সহ ট্ৰাকখনক আটক কৰে।গাঞ্জাভৰ্তি ট্ৰাকখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দামৰা পাৰাত পৰিতক্ত অৱস্থাত প্ৰত্যক্ষ কৰি তালাচী চলাই গাঞ্জাসমুহ জব্দ কৰি শিমুলটাপু আৰক্ষী চকীলৈ আনে। ৫৩৪ কেজি গাঞ্জা জব্দ কৰা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ।

গোসাইগাঁওৰ পৰা আজিজুল হক

হোজাই শালবাগান গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন যুৱক

হোজাইত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা।

হোজাই শালবাগান গছত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ এজন যুৱক।

উক্ত স্থানত উদ্ধাৰ হয় এখন বাইক।

উদ্ধাৰ হোৱা যুৱকজন হোজাই গীতা মন্দিৰৰ সম্ভূ ছেত্ৰী।

পিতা চন্দ্ৰ বাহাদুৰ ছেত্ৰী দক্ষিণ হোজাই উচ্চতৰ মাধ্যমিকত কৰ্মৰত।

পৰবৰ্ত্তী সময়ত ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ আৰু মৰোনোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰে।

এয়া আত্ম হত্যা নে হত্যা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

লোকসংগীতৰ শিল্পী, বিহুৱা ,নামাচাৰ্য টংলাৰ গোপাল ডেকা আৰু নাই

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বালিপাৰা চমুৱাপাৰা গাঁৱৰ এগৰাকী প্ৰতিভাবান লোকসংগীতৰ শিল্পী , বিহুৱা ,নামাচাৰ্য গোপাল ডেকা আৰু নাই। ২৯ এপ্ৰিল বৃহস্পতিবাৰে নিশা ৯-২০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰি বৈকণ্ঠগামী হোৱা গোপাল ডেকাৰ নিউমনীয়া টাইফয়েড হৈ আছিল। ৩৫ বছৰীয়া গোপালে দীৰ্ঘদিন ধৰি বিহু মঞ্চ,বিহুতলীত বিহু নাম,বাঁহী বজায়, পেঁপা বজাই ৰাইজৰ সমাদৰ লাভ কৰাই নহয় লোকসংগীতৰ এগৰাকী নিভাঁজ শিল্পী হিচাপে পৰিগণিত হৈছিল।

আৰ্থিক অনাটনে জুৰুলা কৰিলেও লোককলা কৃষ্টিৰ চর্চা -সাধনা নিৰন্তৰে কৰি গৈছিল।এক সংস্কৃতিবান পৰিয়ালত জন্ম গ্ৰহণ কৰা গোপালৰ পিতৃ প্ৰয়াত সুকনান্নী ওজাপালিৰ শিল্পী হৰকান্ত ডেকা আৰু মাতৃ ভূমিত্রা ডেকা।খুৰাক, আইতাকৰ পৰা অলেখ অনুপ্ৰেৰণা লাভ কৰি কৃষ্টিৰ পথাৰত ভৰি দিয়া গোপালে বৰগীত, বিয়ানাম,দিহানাম,থিয় নাম খোল বাদনৰ উপৰি কোচ ৰাজবংশী, ৰাভা,শৰণীয়া কছাৰী মিছিং,তিৱা লোকনৃত্যটো দক্ষতা অর্জন কৰিছিল।

আনহাতে শিল্পী গোপাল ডেকাৰ খুৰাক মটৰ দুৰ্ঘটনাত মৃত্য ভতিজাক শিল্পী গোপাল ডেকাৰ সংস্কাৰ কৰি ঘৰলৈ উভটোতে টংলা কলেজ ৰ’ডৰ বালিপাৰা শ্মশানৰ সমীপতে মাৰুটি ভান (এ এছ-০১A D-৯১৪০) এখনে ষাঠিৰ উৰ্ধৰ ধনপতি ডেকাক মহতিয়াই নিয়ে। ততালিকে উন্নত চিকিৎসাৰ বাবে টংলা স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও মৃত্যু হোৱা বুলি জনা যায়।মাৰুটি ভান খনৰ চালকজন খোখাবস্তিৰ মাৰতুছ তিৰকী। ভতি জাকৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন নৌহতে খুড়াকৰ আকস্মিক বিয়োগত সকলোৱে মৰ্মাহত হয়।

■টংলাৰ পৰা অৰূপ বড়ো

নীলবাগান কভিড চেণ্টাৰত প্ৰথম জন কভিড ৰোগীৰ মৃত্যু।

নীলবাগান কভিড চেণ্টাৰত প্ৰথম জন কভিড ৰোগীৰ মৃত্যু।

নীলবাগান কভিড কেয়াৰ চেন্টাৰত এজনৰ মৃত্যু ৷

হোজাই জিলাৰ নীলবাগান এম জি মডেল হস্পিতালত কভিড আক্ৰান্ত এজন ৰোগীৰ মৃত্যু ৷

মৃত্যু হোৱা লোকজনৰ নাম দেৱ নাথ (50)

নিশা ১২:১৫ বজাত মৃত্যু হোৱা বুলি চিকিৎসক আজহাৰ উদ্দিন আহমেদে জনায় ৷

নিহত লোকজনৰ ঘৰ কাকীত ৷

লোকজনক ২৮ এপ্ৰিলত নীলবাগান মডেল হাস্পতালৰ কভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰা হৈছিল ৷

ডিৰাক কঁপাহতলীত পৌৰাণিক নীতি নিয়মেৰে ৰাতি বিহু পালন

অসম অৰুণাচল সীমান্তৱৰ্তী তথা উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিৰাক কঁপাহতলীত সৰুমেছাই আৰু কঁপাহতলী ৰাইজৰ যৌথ উদ্যোগত কালি ক’ৰণা অতিমাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিডৰ সকলো নীতি নিয়মৰ মাজেৰে অতীজৰ নিয়মেৰে মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত ৰাতি বিহুখনি অনুষ্টুপিয়াকৈ অনুষ্ঠিত হৈ যায় । স্মতব্য যে, ৰাতি বিহু হৈছে মৰাণ জাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱে মৰাণ জনগোষ্ঠীৰ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰাৰ লগতে জাতীয় পৰিচয় প্ৰতিফলিত কৰি আহিছে । ৰাতি বিহু হ’ল গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডিত বিহুঘৰত নিশা ভাগত কটকটীয়া বান্ধোনৰ মাজেৰে ডেকা-গাভৰুৱে একেলগে মৰা বিহু। প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ মাজত কেতবোৰ নীতি-নিয়মৰ মাজেৰে কৰা ৰং-ৰহইচ য’ত বিহুৰ প্ৰকৃত নিভাঁজ ৰূপটো পৰিস্ফুট হয়। এই বিহুৰ গীত-মাতবোৰ মাৰ্জিত। নাচোন-ভঙ্গীত শালীনতাবোধ আছে। বিহুমেলাখন কেৱল ৰং-ৰহইচৰ থলীয়েই নহয়, ই ডেকা-গাভৰুৰ মহামিলনৰ থলী বুলি ক’ব পাৰি। ৰঙালী বিহুৰ এটা প্ৰধান অংশ হৈছে ৰাতি বিহু । মৰাণসকলৰ জাতীয় উৎসৱ ৰঙালী বিহুক ৰাতি বিহুৱে অনন্য মাত্রা প্ৰদান কৰি আহিছে । বৃহৎ অসমীয়া সংস্কৃতিলৈ ৰাতি বিহুৰ অৱদান লেখত লবলগীয়া । গাঁৱৰ ডেকাসকলে চ’ত মাহতেই গাঁৱৰ আচুতীয়া ঠাই বা গাঁৱৰ মূৰত বাঁহ, কাঠ, জেঙুপাত, টকৌপাত আদিৰে দুই কুঠলীয়া এটা বেৰহীন অস্থায়ী ঘৰ সাজি ওলিয়ায়। সেইটোক বিহু ঘৰ বুলি কোৱা হয় । বিহু ঘৰটোক পৱিত্ৰ গৃহ হিচাপে গণ্য কৰে । বিহুঘৰটো দুই কুঠলীয়া। মাজৰ চতিটোৰ ভিত্তিতে ইয়াক দুটা ভাগ কৰি সোঁফালৰ কোঠাটো ডেকাসকলৰ বাবে আৰু বাওঁফালৰ কোঠাটো গাভৰুসকলৰ বাবে নিৰ্ধাৰণ কৰা হয় । তাত ডেকা গাভৰু সকলে বৃত্তাকাৰে ঘুৰি ঘুৰি সুকীয়া সুকীয়াকৈ ৰাতি বিহু মাৰে । ৰাতি বিহু গোৱাৰ সময়ত ডেকা আৰু গাভৰুসকলে পৰস্পৰৰ অংশত প্ৰৱেশ নকৰে । ৰাতি বিহু গাবৰ বাবে এজন বয়োজ্যেষ্ঠ ব্যক্তিক লগত লৈ ডেকাসকলে তামোল-পাণৰ টোপোলা দি অভিভাৱকৰ পৰা গাভৰুসকলক খুজিবলৈ যায় । ডেকাসকলে অভিভাৱকক গাভৰু গৰাকীৰ নিৰাপত্তা তথা সম্পূৰ্ণ সুৰক্ষাৰ আশ্বাস দিয়াৰ পাছতহে অভিভাৱকে নিজৰ গাভৰু ছোৱালীক ৰাতি বিহু মাৰিবলৈ এৰি দিয়ে । ৰাতি বিহু  শেষ হোৱাৰ পাছত ডেকাসকলে গাভৰুসকলক ঘৰে ঘৰে চমজাই থৈ আহে । তেলৰ চাকিৰ পোহৰত গীত, বাদ্য আৰু নৃত্যৰ আকৰ্ষণীয় সমাহাৰেৰে ৰাতি বিহু মায়াময় হৈ পৰে । নিশা আঠমান বজাৰ পৰা আৰম্ভ হৈ পুৱতি নিশালৈকে এই বিহু চলি থাকে, কিন্তু এইবাৰ ক’ৰণা ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সন্ধিয়া হোৱাৰ লগে আৰম্ভ হৈ ৮.০০ বজাৰ লগে লগে সামৰণি পৰে । আন গাঁৱৰ ডেকা বিহুখোলালৈ আহিলে গাভৰুসকলে ডেকাসকলক টকা চমজাই দিয়ে আৰু ডেকাবিলাকেও হাতত থকা বাদ্যবোৰ চমজাই দিয়ে । বেলেগ গাঁৱৰ পৰা অহা ডেকাবোৰে তেতিয়া প্ৰেম-প্ৰণয়, ব্যঞ্জনাধৰ্মী শালীনতাপূৰ্ণ বিহুগীত গায় ঢোল তাল বজায় গাভৰুসকলক নচুৱাই । অৰ্থাৎ আন গাঁৱৰ পৰা অহা ডেকাইহে গাভৰুসকলক নচুৱাই । একে গাঁৱৰ ডেকাই একে গাঁৱৰ গাভৰুক ননচুৱাই । ধেমালি ৰং ৰহইচৰ মাজেৰে বিহু কৰি থাকিলেও এই বিহুত কোনো অশ্লীলতা নাথাকে । বৰঞ্চ ৰাতি বিহু অতি মাৰ্জিত আৰু পৰিশীলিত । আধুনিকতাৰ পৰশত ৰাতি বিহু এতিয়া হেৰাই যাব ধৰিছে যদিও সৰুমেছাই আৰু কঁপাহতলীবাসী ৰাইজৰ প্ৰচেষ্টাত পুনৰ পৌৰাণিক ৰীতি নীতিৰে জীপাল হৈ উঠা দেখিবলৈ পোৱা যায় ।

হোজাইত সংঘটিত হয় মৰ্মান্তিক ঘটনা

কপিলী নৈত গা ধুবলৈ গৈ ২ গৰাকী কিশোৰৰ শলিল সমাধি।

হোজাইৰ নং কানাবালি নামৰ গাওঁত সংঘটিত হয় এই ঘটনা

লোক সকলে ধুবলৈ যাওঁতেই সংঘটিত হয় এই ঘটনা।

লংকা খেৰনি গাওঁৰ লোক সকলে বিবাহ অনুষ্ঠানত আহি গা ধুবলৈ যাওতেই সংঘটিত হয় উক্ত ঘটনা।

ঘটনাস্থলিৰ পৰা স্থানীয় লোক হাৰিলাল চৌহানে বিজয় চৌহানক জীবন্তে উদ্ধাৰ কৰে যদিও সনঞ্জয় চৌহান (12) আৰু ধনঞ্জয় চৌহান (13) এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা নাই।

ঘটনাস্থলিত SDRF লোক সকল উপস্থিত হৈ অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্য্য।

“বলীয়া বলীয়া” বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ তিনিজনকৈ উদিয়মান শিল্পী ।

জামুগুৰিহাটৰ গেলা হাটিঙাস্থিত মাচান পাৰ্কৰ এক সেউজময় পৰিৱেশত খেৰি দুইতলীয়া গৃহৰ চৌহদত “বলীয়া বলীয়া” বিহু গীত ইউ টিউব যোগে মুকলি কৰি বিশেষভাৱে চৰ্চা লাভ কৰিছে জামুগুৰিহাটৰ গেলা হাটিঙাৰ তিনিজনকৈ উদিয়মান শিল্পী । তেওঁলোকৰ নিজা প্ৰচেষ্টাত এটি সুন্দৰ বিহু গীতৰ এলবামত নতুনকৈ কন্ঠদান কৰিছে গেলা হাটিঙাৰ উদিয়মান কন্ঠশিল্পী তথা কথা-সুৰ দিয়ে ডেনিয়েল কৰাড, সংগীত ব্যৱস্থাপনা বিপুল চৌধুৰী, ভিডিঅ’গ্ৰাফী বিশ্বজিৎ কলিতা, অভিনয় কৰিছে অনুৰাগ তচা আৰু প্ৰীতি তিৰ্কীয়ে । তেওঁলোকৰ নিজা প্ৰচেষ্টাত পোন প্ৰথমবাৰৰ বাবে সমুহ অসমবাসী ৰাইজক ভিডিঅ’টি সম্পুৰ্ণ চাবৰ বাবে Youtube ত Daniel Korad বুলি Search কৰিলে পাব বুলি তেওঁ অনুৰোধ জনায় । তেওঁলোকক বিশেষভাৱে অনুপ্ৰেৰণা যোগাই জনপ্ৰিয় কন্ঠশিল্পী সুজিত তচা, উদিয়মান বিভিন্ন গীতৰ ৰচক পাপুমনি বৰা, নৰেণ পান তাঁতি, স্নেল চনা, আমোন তাঁতি, অনিল চাহু, প্ৰণৱ নাগ, চাহিদ খান, অনুজ ৰয়ৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তিয়ে । কৰুণা মহামাৰীৰ সময়ত ঘৰতে আৱদ্ধ থাকি তেওঁলোকৰ এনে মহান চিন্তাধাৰাক লৈ অঞ্চলবাসীয়ে বহু শলাগ লোৱাৰ লগতে উৎজ্জ্বল ভৱিষ্যত কামনা কৰে । তেওঁলোকৰ ইউ টিউব লিংক

চতিয়াত বেচৰকাৰী সংগঠনৰ উদ্যোগত বস্ত্ৰ বিতৰণ।

তিয়াৰ দক্ষিণ অঞ্চলৰ এটা বেচৰকাৰি সংগঠন প্ৰয়াস-এটি প্ৰচেষ্টাৰ উদ্যোগত চতিয়াৰ দক্ষিন অঞ্চলৰ শতাধীক দৰিদ্ৰ পৰিয়ালক ৰমজান মাহত ঈদউল ফিতৰৰ আগে আগে আজি প্ৰদান কৰে বস্ত্ৰ।
২০১৯চনত চতিয়াৰ সিপৰীয়া অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উদ্যোগত গঢ়ি উঠা প্ৰয়াস এটি প্ৰচেষ্টা নামৰ বেচৰকাৰী সংগঠনটোৱে তেওঁলোকৰ সদস্য সকলৰ উৎপাজনৰ ধনৰ প্ৰতিমাহে ১ৰ পৰা ৩ হাজাৰটকাকৈ প্ৰতিজন সদস্যয়ে সংগঠনৰ পুজিত জমা কৰে আৰু নিজ সদস্যৰ মাজৰ পৰা সংগ্ৰিহিত ধনৰে অঞ্চলটোত জনহিতৰ কাম কৰি আহিছে আজিওঁ অঞ্চলটোৰ ১নং আধাভেটি,
ভোজমাৰী আদি গাওঁত শতাধীক দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে সংগঠনটোৱে।
ৰমজানমাহত দৰিদ্ৰজনৰ হাত তুলি দিয়া এপদ বস্ত্ৰয়ে সেই পৰিয়াল সমূহৰ মাজত হাহঁহী বিৰিঙাৱলে সক্ষম হৈছে।
আজি এই বস্ত্ৰ বিতৰণ অনুষ্ঠানত সন্থাটোৰ সভাপতি আৱিদুৰ ৰহমান সম্পাদক জেহিৰুল ইছলামৰ লগতে প্ৰায়সকল সদস্য উপস্থিত আছিল।

”অসমত হ’ব মহাজোঁটৰ চৰকাৰ”-জিতেন্দ্ৰ সিঙে:বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোঁটৰ ৰথী-মহাৰথী

জিতেন্দ্ৰ সিঙ

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি সন্ধিয়া হোজাইৰ গোপাল নগৰস্থিত বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোটৰ শীৰ্ষ নেতাসকলৰ হঠাৎ আগমনক লৈ অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বদৰুদ্দিন আজমলৰ বাসগৃহত কংগ্ৰেছৰ জিতেন্দ্ৰ সিং, ৰিপুণ বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈৰ লগতে অজিত ভূঞাও উপস্থিত থাকে।

আজমলৰ বাসগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি আমাক ইফতাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল, সেই নিমন্ত্ৰণকে ৰক্ষা কৰিব আহিছো।সেইবাবে ইয়াত ইফতাৰৰ বাদে একো আলোচনা নহয় বুলিও মন্তব্য কৰে। ইপিনে বহু সময়  আজমলৰ সৈতে সকলোৱে ভিতৰত একেলগে সময় অতিবাহিত কৰাৰ পিছত এখন গাড়ীত জিতেন্দ্ৰ সিং, প্ৰদ্যুত বৰদলৈ আৰু ৰিপুণ বৰা ওলাই অহাৰ সময়ত কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিঙে কয় যে অসমৰ জনতাই সিদ্ধান্ত কৰি পেলাইছে বৰ্তমানৰ চৰকাৰক উৎখাত কৰাৰ বাবে। গতিকে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব। ইপিনে আজমলৰ ঘৰত ইফতাৰ উপলক্ষে অহা বুলিও কয় সিঙে।

ইপিনে মহাজোঁটে অসমত এইবাৰ ১০০ৰ ওচৰত আসন লাভ কৰিব বুলিও মন্তব্য কৰে জিতেন্দ্ৰ সিঙে। মহাজোঁটৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰী কোন হ’ব বুলি সাংবাদিকে কৰাৰ প্ৰশ্নৰ উত্তৰত জিতেন্দ্ৰ সিঙে অপেক্ষা কৰক বুলি কৰে মন্তব্য।

আজটকৰ জনপ্ৰিয় এংক’ৰ তথা জনপ্ৰিয় সাংবাদিক ৰুহিত চাৰদানাৰ কৰ’নাত আক্ৰান্ত হৈ আজি মৃত্যু ।

আজটকৰ জনপ্ৰিয় এংক’ৰ তথা জনপ্ৰিয় সাংবাদিক ৰুহিত চাৰদানাৰ কৰ’নাত আক্ৰান্ত হৈ আজি মৃত্যু ।