শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ অতিকৈ ভিতৰুৱা নিতাই মৌজাৰ গোঁহাইপুখুৰী পঞ্চায়তৰ জৰাজীৰ্ণ তথা বিধস্ত লাইবিলৰ দিহিঙৰ মথাউৰি আজি দিনৰ প্ৰায় ১১-৩০ মান বজাত পৰিদৰ্শন কৰে ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পিযুজ হাজৰিকাৰ । মন্ত্ৰীজনে সমষ্টিটোৰ নিতাই মৌজাৰ লাইবিলৰ দিহিং নদী আৰু বকতা মৌজাত দিচাং নদীৰ গৰাখহনীয়া হোৱা স্থানসমূহ পৰিদৰ্শন কৰি এক স্থায়ী সমাধানৰ পোষকতা কৰে। মন্ত্রীগৰাকীৰ লগত সাংসদ তপন কুমাৰ গগৈ, থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই আৰু প্ৰাক্তন বিজেপি বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰাসহ জলসম্পদ বিভাগৰ অভিযন্তা,ঠিকাদাৰসহ প্ৰায় অৰ্ধশতাধিক বিষয়াৰ সৈতে নিতাইপুখুৰী মৌজাৰ দিহিং নৈ-পৰীয়া লাইবিলত উপস্থিত হৈ দিহিঙৰ বিধস্ত খহনীয়াস্থলী প্ৰত্যক্ষ কৰে আৰু স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ মনৰ ভাৱ বুজ লয়। যোৱা কেইবাটাও দশক ধৰি ৰাজ্যৰ কোনো এজন বাননিয়ন্ত্ৰণ মন্ত্রীয়ে এই বিধস্ত দিহিং নদীৰ লাইবিলত উপস্থিত হোৱা নাছিল আৰু আজি মন্ত্রী পিয়ুষ হাজৰিকাই নতুনকৈ দায়িত্ব লাভ কৰিয়েই সেই স্হানত খহনীয়া ৰোধৰ বাবে দিহিঙৰ মথাউৰিৰ ৫০ মিটাৰ দৈৰ্ঘৰ অংশত অব্যাহত থকা চেমি পাৰমেনেন্ট জিঅ বেগৰ কামৰ অগ্ৰগতিৰ বুজ লয়।মন্ত্রীজনে পূৰ্বতকৈ ক্ষীপ্ৰগতিৰে ৰাজ্যৰ বিভিন্ন স্হানত মন্ত্ৰীজনে পৰ্যায়ক্ৰমে মথাউৰি নিৰ্মাণ আৰু গৰাখহনীয়াৰ কাম কৰি যোৱা হ’ব বুলি ঘোষণা কৰে। দিহিঙৰ মথাউৰি পৰিদৰ্শন কালত জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুস হাজৰিকাক ডিমৌৰ সাংবাদিকক কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মই প্ৰতিটো অঞ্চললৈ গৈ গৰাখহনীয়া পৰিদৰ্শন কৰিছো আৰু সমস্যা সমাধান কৰিবলৈ যত্ন কৰিম। থাওৰাৰ লাইবিল আৰু দিহিং কলঘৰৰ গৰাখহনীয়া সমস্যাটো স্থায়ী সমাধান কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। তেওঁ কয় যে ইতিমধ্যে জিঅ’বেগ দি প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে। এই জিঅ’বেগ সমুহৰ ২৫ বছৰ ভেলিডেটি আৰু তিনি বছৰলৈকে এই অংশ সুৰক্ষিত হৈ থাকিব বুলি কয়। ইফালে বহুল চৰ্চিত ডিমৌ নদীৰ মথাউৰি নিৰ্মাণৰ তিনিমাহ নহওঁতেই ছিৰাল ফাট মেলা বিষয়ত মন্ত্ৰী পীয়ুজ হাজৰিকাই কয় যে উক্ত কামৰ বিল ঠিকাদাৰক মুকলি কৰি দিয়া হোৱা নাই। কাম সম্পূৰ্ণ নকৰালৈকে কোনো ঠিকাদাৰক বিল মুকলি কৰি নিদিবলৈ আৰু কামৰ তদন্ত কৰিবলৈ বিভাগীয় কাৰ্যবাহী অভিযন্তাক নিৰ্দেশ দিয়ে। বাৰিষা আহিলেহে জলসম্পদ বিভাগে মথাউৰিৰ কাম কৰে বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় মই বাৰিষা হোৱা মন্ত্ৰী। প্ৰথমবাৰলৈ দিহিমুখলৈ আহি কেনে লাগিল বুলি সাংবাদিকে সোধা প্ৰশ্নত মন্ত্ৰী গৰাকীয়ে কয় যে খিলঞ্জীয়া, ভূমিপুত্ৰৰ অঞ্চললৈ আহিছো ভাল লাগিছে। এই অঞ্চলত ভাল কাম এটা কৰিব পাৰিলে বেছি সুখী হম। ইয়াৰ পিছতে তেওঁ থাওৰা সমষ্টিৰ বকতা কোঁৱৰ গাঁৱৰ দিচাঙৰ মথাউৰি পৰিদৰ্শন কৰে আৰু আবেলি দিচাংমুখৰ অফলাত দিচাঙৰ গৰাখহনীয়া পৰিদৰ্শন কৰিব ।
শ্ৰীৰামপুৰত ধপাত ভৰ্তি দুখন ট্ৰাক জব্দ
ৰাজ্যজুৰি ধপাত, মাদক দ্ৰব্য, ড্ৰাগছ আদিৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ সময়তে অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত যোৱা নিশা দুখন ধপাত ভৰ্তি ট্ৰাক আৰক্ষীয়ে জব্দ কৰিছে৷মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই সদৰি কৰা মতে ৩১ নং চি ৰাষ্ট্ৰীয় ঘাইপথত নিয়মিত তালাচী চলাই থকাৰ সময়তে পশ্চিম বংগৰ পৰা ত্ৰিপুৰাগামী দুখন ধপাত ভৰ্তি ট্ৰাক শ্ৰীৰামপুৰত প্ৰবেশ কৰাৰ পিছতে আৰক্ষীৰ জালত পৰে৷তথ্য মতে এ এছ ১৭ বি/২৩৯৬ নম্বৰৰ ট্ৰাকৰ পৰা ১২২৫০ কেজি ওজনৰ মুঠ ২৪৫ বস্তা আৰু এ এছ ১৭ বি/১২৫১ নম্বৰৰ ট্ৰাকত থকা ১২৪৫০ কেজিৰ ২৪৯ বস্তা ধপাত জব্দ কৰে৷পশ্চিম বংগৰ দিনহাটাৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ সৰবৰাহ কৰিবলৈ অনা ট্ৰাকৰ চালক ক্ৰমে কোচবিহাৰ জিলাৰ নেহৰু নগৰৰ দীপক কুমাৰ পাল(৫৮) আৰু প্ৰথম খণ্ড ভগ্নীৰ বিষ্ণু দাস(৪২) ক আটক কৰিছে৷একেটা সুত্ৰে সদৰি কৰা মতে ই-ওৱে বিল আৰু টেক্স ইনভইচ্ কাগজৰ সহায়ত পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দীনহাটাৰ পৰা ত্ৰিপুৰালৈ অবৈধভাৱে দুয়োটা ধপাত ভৰ্তি ট্ৰাক বৰ্তমানে শিমুলটাপু আৰক্ষী চকীত জব্দ কৰি আইনী প্ৰক্ৰিয়া চলোৱাৰ ব্যৱস্থা গ্ৰহন কৰি থকা হৈছে৷
অৱশেষত জামিন পালে দেবাংগনা কলিতাই : দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন
অৱশেষত জামিন পালে দেবাংগনা কলিতাই৷ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন৷ এবছৰৰো অধিক কাল কাৰাগাৰত বন্দিত্বৰ জীৱন কটাইছে দেবাংগনাই৷ দেবাংগনাৰ লগতে হ’ব আন দুজন ক্ৰমে আছিফ ইকবাল আৰু নাতাছাৰ জামিন মঞ্জুৰ৷ দিল্লীৰ হিংসাত্মক কাণ্ডৰ পাছতেই গ্ৰেপ্তাৰ হৈছিল দেবাংগনা৷
বিগত বৰ্ষৰ মে’ মাহত গ্ৰেপ্তাৰ হৈছিল দেবাংগনা৷ তিহাৰ জে’লত বন্দী হৈ আছিল অসমৰ দেবাংগনা৷ UAPA আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল দেবাংগনাক৷ দিল্লীৰ হিংসাত্মক কাৰ্যত জড়িতৰ অভিযোগত অভিযুক্ত দেবাংগনা কলিতাৰ জামিন মঞ্জুৰ কৰে। কলিতাৰ লগতে এন এগৰাকী ছাত্ৰী নাতাশা নাৰৱাল আৰু আছিফ ইকবালৰো জামিন মঞ্জুৰ কৰে ন্যায়ালয়ে।বিগত ২০২০ৰ মে’ মাহৰ পৰা তিহাৰ জে’লত আছিল অভিযুক্ত ছাত্ৰ-ছাত্ৰী কেইগৰাকী। আছিফ ইকবাল জামিয়া মিলিয়া ইছলামীয়াৰ স্নাতক মহলাৰ ছাত্ৰ হোৱাৰ বিপৰীতে দেৱাংগানা আৰু নাতাছা জেএনইউৰ গৱেষিকা৷ ন্যায়াধীশ সিদ্ধাৰ্থ মৃদুল আৰু অনুপ জে ভামভামিৰ দুজনীয়া বিচাৰপীঠে মঞ্জুৰ কৰে জামিন৷ অধিবক্তা এছ পূজাৰী, তুচাৰিকা মটো আৰু কুনাল নেগীয়ে দেবাংগানা আৰু নাতাছাৰ হৈ ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰিছিল।
যোৰহাটৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰা গীটাৰিষ্ট পিকু মালাকাৰক চিকিৎসাৰ বাবে আগবাঢ়ি আহিল হিউমেন ৱেলফেয়াৰ ছচাইটি
যোৰহাটৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰা ৯০ দশকৰ এজন সংগীত শিল্পী। নাম পিকু মালাকাৰ। ইতিমধ্যে শিল্পী জনৰ ছবি ছছিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে পৰিচয় ওলাল তেওঁৰ। এসময়ত জুবিন গাৰ্গৰ সৈতে একেলগে সংগীত পৰিবেশন কৰা শিল্পী তেওঁ।
মানসিক ৰোগত আক্ৰান্ত হৈ বহুদিন ধৰি যোৰহাটৰ ৰাজপথত অনাই বনাই ঘূৰি ফুৰিছিল পিকু মালাকাৰে ৷ ইতিমধ্যে যোৰহাট নগৰৰ পৰা পিকু মালাকাৰক উদ্ধাৰ কৰি অনা হয় নাজিৰাৰ হাতীপটিস্থিত হিউমেন ৱেলফেয়াৰ ছচাইটিৰ জ্যোতিগৃহলৈ ৷
নাজিৰাৰ এই স্বেচ্ছাসেৱী সংগঠনটোৱে চিকিৎসাৰ দায়িত্ব ল’লে পিকু মালাকাৰৰ।
হিউমেন ৱেলফেয়াৰ ছচাইটিৰ মানসিক ৰোগী পুনঃসংস্থাপন কেন্দ্ৰ জ্যোতিগৃহত বৰ্তমান ৰখা হৈছে পিকু মালাকাৰক ৷ সময়ৰ গতিত সামাজিক জীৱনৰ পৰা প্ৰায় বিচ্ছিন্ন হোৱা অসমৰ যুৱপ্ৰজন্মৰ হাৰ্ট থব জুবিন গাৰ্গৰ সৈতে কেইবাটাও গীত গোৱা, ৯০ দশকৰ এজন প্ৰবীণ শিল্পী, গীটাৰিষ্ট পিকু মালাকাৰৰ এতিয়া নতুন ঠিকনা নাজিৰা৷
নাজিৰা হাতীপটীৰ জ্যোতিগৃহলৈ অহাৰ পিছতে পিকু মালাকাৰৰ হাতত তুলি দিয়া হ’ল এখন গীটাৰ ৷ গীটাৰখন হাতত লৈ যেন নষ্টালজিক হৈ পৰিল পিকু মালাকাৰ ৷ পিকু মালাকাৰৰ গীটাৰত ভাহি আহিল বহুকেইটা পুৰণি গীত ৷সংবাদ মাধ্যম, জুবিন ফ্রেইণ্ডছ ক্লাৱৰ সদস্য আৰু জুবিন গাৰ্গেও পিকু মালাকাৰক সহায়ৰ বাবে জনাইছিল আহ্বান৷যোৱা কালিলৈকে যোৰহাটৰ কে বি ৰ’ডত ঘুৰি ফুৰা মানসিক ভাৰসাম্য হেৰুৱা পিকু মালাকাৰক চিকিৎসাৰ বাবে আগবাঢ়ি আহে হিউমেন ৱেলফেয়াৰ ছচাইটিৰ তত্বাৱধায়ক নাছেৰ খান ৷ জুবিন ফ্রেইণ্ডছ ক্লাব, যোৰহাট, যোৰহাটৰ প্ৰবীণ শিল্পী সমাজ, সাংবাদিক আৰু যোৰহাটৰ সচেতন ব্যক্তিৰ স্বাক্ষৰিত এখন আবেদনৰ ভিত্তিত শিল্পী পিকু মালাকাৰক যোৰহাটৰ পৰা নাজিৰাৰ হাতীপটিস্থিত জ্যোতিগৃহলৈ লৈ অনা হয়।
কাইলৈৰ পৰা পর্যটকৰ বাবে মুকলি হ’ব ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রহালয়
দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ তীব্রতা হ্রাস পাবলৈ ধৰিছে৷ আক্রান্তৰ সংখ্যা ধীৰে ধীৰে নিম্নগামী হৈ আহিছে৷ এদিনত চাৰি লক্ষাধিক লোক আক্রান্ত হৈ বিশ্বৰ প্রথম দেশ হিচাপে অনাকাংক্ষিত অভিলেখ গঢ়া ভাৰতত যোৱা ২৪ ঘণ্টাত ৭০,৪২১জন লোক আক্রান্ত হৈছে৷ আক্রান্তৰ সংখ্যা নিম্নগামী হোৱাৰ পৰিপ্রেক্ষিতেই দেশজুৰি কেন্দ্রৰ দ্বাৰা পৰিচালিত ঐতিহাসিক কীর্তিচিহ্ণ–সংগ্রাহালয় অহা ১৬ জুনৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে ভাৰতীয় প্রত্নতত্ত্ব জৰীপে৷
ঐতিহাসিক তাজমহলকে ধৰি আনবোৰ কীর্তিচিহ্ণত প্রৱেশৰ বাবে অনলাইনযোগে টিকট বুক কৰিব লাগিব৷ এই ক্ষেত্রত কোনো কাৰণতে অফলাইন টিকটৰ ব্যৱস্থা নাথাকে বুলি প্রত্নতত্ত্ব জৰীপে প্রকাশ কৰিছে৷ উল্লেখ্য যে বিগত সপ্তাহ ধৰি এদিনত আক্রান্তৰ সংখ্যা ১ লাখৰ তললৈ নিম্নগামী হৈয়ে আছে৷ ৭২ দিনৰ ভিতৰত যোৱা ২৪ ঘণ্টাত এদিনত ৭০,৪২১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে সুস্থ হৈ উঠিছে ১,১৯,৫০১জন লোক৷ বিগত এমাহ ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা অধিক হৈ আছে৷ যোৱা ২৪ ঘণ্টাত ৭০ সহস্রাধিক লোক আক্রান্ত হোৱাত দেশজুৰি মুঠ আক্রান্তৰ সংখ্যা ২,৯৫,১০,৪১০লৈ বৃদ্ধি পাইছে৷ তেনেদৰে যোৱা ২৪ ঘণ্টাত এক লক্ষাধিক লোক সুস্থ হৈ উঠাত সুস্থ হোৱা লোকৰ সংখ্যা ২,৮১,৬২,৯৪৭জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত সুস্থতাৰ হাৰ প্রায় ৯৬ শতাংশ৷
লক্ষণীয় যে দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ১০ লাখৰ তললৈ নামি আহিছে৷ সম্প্রতি দেশত সক্রিয়া ক’ভিড ৰোগীৰ সংখ্যা ৯,৭৩,১৫৮জন৷ এই সংখ্যা হৈছে বিশ্বৰ সর্বমুঠ সক্রিয় ক’ভিড ৰোগীৰ ৮.০১ শতাংশ৷ বিশ্বৰ মুঠ মৃতকৰ ভিতৰত দেশত ৯.৭ শতাংশৰ মৃত্যু হৈছে৷ আনপিনে, আক্রান্তৰ সংখ্যা হ্রাস পালেও দেশত মৃতকৰ সংখ্যা এতিয়াও তিনি সহস্রাধিক হৈয়ে আছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৩,৯২১জনৰ৷ ইয়াকে লৈ মৃতকৰ সংখ্যা ৩,৭৪,৩০৫জনলৈ বৃদ্ধি পাইছে৷ অর্থাৎ দেশত মৃতকৰ হাৰ ১.২৭ শতাংশ৷
আনপিনে, ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত দেশৰ ৰাজধানী নতুন দিল্লীত দৈনিক পজিটিভিটীৰ হাৰ ৩৫ শতাংশলৈ বৃদ্ধি পোৱাৰ পাছত লকডাউনৰ ফলত সম্প্রতি পজিটিভিটীৰ হাৰ ০.২২ শতাংশলৈ নিম্নগামী হৈছে৷ আজিৰে পৰা ৰাজধানী নতুন দিল্লীত আনলক প্রক্রিয়া আৰম্ভ হৈছে৷ ৰাজধানী চহৰখনত যোৱা ২৪ ঘণ্টাত ১৩১জন লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৬জনৰ৷
দিল্লী চৰকাৰৰ তথ্য মতে ৰাজধানী চহৰখনত সুস্থতাৰ হাৰ ৯৮.০৩ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৭৪ শতাংশ৷ ক’ভিড সংক্রমণৰ তীব্রতা হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি অহা ১৬ জুনৰ পৰা কেন্দ্রীয় চৰকাৰৰ দ্বাৰা পৰিচালিত ঐতিহাসিক কীর্তিচিহ্ণ, সংগ্রহালয়সমূহ দর্শনার্থী, পর্যটকৰ বাবে পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ভাৰতীয় প্রত্নতত্ত্ব জৰীপে (এ এছ আই) সোমবাৰে ঘোষণা কৰা মতে ১৬ জুনৰ পৰা দেশজুৰি কেন্দ্রৰ দ্বাৰা পৰিচালিত ৩,৬৮৪ কীর্তিচিহ্ণ পুনৰ মুকলি হ’ব৷
ভাৰতীয় মানুহৰ বাবে বন্ধ ভুটানলৈ যোৱা প্ৰবেশ দ্বাৰ
অসমকে ধৰি ভাৰতবৰ্ষৰ কেবাখনো ৰাজ্যত ক’ৰনা মহামাৰীয়ে সংসাৰী ৰুপ ধাৰণ কৰিছে ৷ ইতিমধ্যে হেজাৰ হেজাৰ লোক মৃত্যুৰ মুখত পৰিছে ৷ ক’ৰনা দ্বতীয় লহৰৰ পিছত সংকেত আহিছে তৃতীয় লহৰৰ ৷ মাজেতে পৰিস্থিতি কিছু স্বাভাৱিক হৈছিল যদিও এতিয়া মিনি লকডাউনে পৰিবেশৰ অস্বাভাৱিক হৈ পৰিছে ৷ ভাৰতৰ এনে পৰিবেশৰ বাবে সীমান্তত ৰাষ্ট্ৰ ভুটানে বন্ধ কৰি থৈছে ভুটানৰ প্ৰবেশ দ্বাৰা ৷প্ৰবেশ দ্বাৰত কঠোৰ নিৰাপত্তা ৷ভাৰত পৰা ভুটানলৈ যোৱা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰতো কঠোৰ নিয়ম অৱলম্বন কৰিছে ভুটান চৰকাৰে৷আনহাতে ভুটানলৈ যোৱা সামগ্ৰীৰ বাবে প্ৰবেশ দ্বাৰত ঘন্টা ঘন্টা ধৰি অপেক্ষা কৰিব লগা হয় ভটান চৰকাৰৰ অনুমতিৰ বাবে ৷ কেতিয়াবা বিনা অনুমতি ঘুৰি যাব লগাও হয় বহুত গাড়ী৷ কেতিয়াবা অনুমতি পালেও সম্পূৰ্ণ গাড়ী সহ চালক প্ৰবেশ পথতে চেনিটাইজাৰ কৰিহে যাবলৈ দিয়ে ভুটান পুলিচে ৷ আনহাতে ভাৰতৰ পৰা যোৱা সামগ্ৰী কঢ়িয়াই নিয়া গাড়ীসমুহে কোনো কাৰনতে খুলিব নোৱাৰিব গাড়ীৰ খিৰিকী৷বন্ধ খিৰিকীৰে পাব লাগিব গন্তব্য স্থান৷ চালক সহ দুজনৰ মাত্ৰ গাড়ীত যোৱাৰ অনুমতি ৷অতি অত্যাৱশ্যকীয় সাগ্ৰীৰ বাহিৰে বেলেগ গাড়ী প্ৰবেশত অনুমতি নাই ৷ ভুটানৰ প্ৰবেশদ্বাৰাত কোনো ভাৰতীয় মানুহ থিয় হলে ভুটান পুলিচৰ অশ্ৰাব্য গালি গালজ ভাহি অহাও পৰিলক্ষিত হয় ৷ আনহাতে ভুটান চিমেন্টে ভাৰতীয় বজাৰ দখল কৰিবলৈ সক্ষম হোৱা ভুটান চিমেণ্টৰ উৎপাদন বৰ্তমান কমি আহিছে ৷ভুটানত চিমেণ্ট উদ্যোগ কাম কৰা অধিকাংশ শ্ৰমিক ভাৰতীয়৷ এতিয়া ভুটানত প্ৰবেশৰ অনুমতি নাই বাবে শ্ৰমিকৰ অভাৱত তীব্ৰ হাৰত কমিছে উৎপাদন৷ উল্লেখ্য যে ভুটান চৰকাৰৰ এই কঠোৰ নীতি নিয়মৰ বাবে ক’ৰনামহামাৰীৰ কবলৰ পৰা মুক্ত হৈ চলিব পাৰিছে৷
দৈনন্দিন বাৰ্তাৰ বাতৰিৰ প্ৰভাৱ : যমুনামুখৰ বানে ছিঙা বিধ্বস্ত বাট-পথ পৰিদৰ্শন কৰিলে বিধায়কৰ প্ৰতিনিধিয়ে
যমুনামুখ সমষ্টিৰ বানে ছিঙা বিধ্বস্ত পথৰ বাতৰি এক মাত্ৰ আমাৰ কাকত খনত প্ৰকাশ পাইছিল। যোৱা ১৩ জুন তাৰিখে আমি যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰ্লক, যমুনামুখ, বালিৰাম,নগাঞাপাম,চাংমাজি আদি অঞ্চল সমূহৰ লগতে লক্ষাধিক লোকৰ যাতায়তৰ মাধ্যম স্বৰূপ ডবকা-যমুনামুখ সংযোগী গড়কাপ্তানী পথৰবাতৰি প্ৰকাশ কৰোঁ। বাতৰি প্ৰকাশৰ লগে লগে যমুনামুখ সমষ্টিৰ বিধায়ক আলহাজ ছিৰাজ উদ্দিন আজমলৰ অনুপস্থিতিত তেওঁৰেই প্ৰতিনিধি বিশিষ্ট সমাজসেৱক আনৱাৰ হুছেইন, এ আই ই উডিএফৰ যমুনামুখ সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক আলহাজ মোহাম্মদ আলীৰ নেতৃত্বত এটা দলে অঞ্চল সমুহ পৰিদৰ্শন কৰে । প্ৰতিনিধিৰ দলটোৱে পথকেইটাৰ বৰ্তমানৰ অৱস্থা পৰিদৰ্শনৰ লগতে বিধ্বস্ত হৈ পৰা পথকেইটাৰ পুনৰ মেৰামতিৰ প্ৰদক্ষেপ গ্ৰহণ কৰে। উল্লেখযোগ্য কথা হ’ল অসম চৰকাৰৰ এটা বিয়াগোম গড়কাপ্তানী বিভাগৰ চকু এতিয়া লৈকে মেলখোৱা নাই। বিধায়ক ছিৰাজ উদ্দিন আজমলৰ নিজা উদ্যোগত ব্যক্তিগত পুঁজিৰে মেৰামতি কৰি যাতায়তৰ ব্যৱস্থা সুচল কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। আজমলে পথকেইটা মেৰামতি কৰিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰে, সেয়া সময়ত স্পষ্ট হ’ব।
জখলাবন্ধাত তিনি চোৰ গ্ৰেপ্তাৰ:বৃহৎ পৰিমাণৰ চুৰি গেলামাল উদ্ধাৰ
জখলাবন্ধাত নিশা গেলামালৰ দোকানৰ গোডামৰ পৰা খাদ্য সামগ্ৰী চুৰি কৰি ৰঙাঘৰত সোমাল তিনিটাকৈ গভাইত চোৰ। সোমবাৰে পুৱতি নিশা জখলাবন্ধা চহৰৰ মাজ মজিয়াৰ সুৰেশ ৰায় ওৰফে ভিক্ষাৰী নামৰ ব্যৱসায়ীজনৰ গুডামত সোমাই চোৰৰ দলটিয়ে মিঠাতেল, ৰিফাইন তেল লুটকৰাৰ সময়তে হাতে-লোটে আটক কৰে বিবেক ৰবিদাস নামৰ চোৰটোক। ধৃত বিবেক ৰবিদাসৰ স্বীকাৰোক্তিৰ ভিত্তিত জখলাবন্ধা আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক মৃদুল দেৱনাথৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই জখলাবন্ধা থানা এলেকাধীন কেৰিবাকৰিৰ পৰা জয় বাচফৰ(২০) আৰু মিটলেচ চাহানি(১৮) নামৰ আন দুটা চোৰক আটক কৰাৰ লগতে চুৰি হোৱা সামগ্ৰী খিনি উদ্বাৰ কৰি জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰামতে প্ৰায় ১ বছৰৰ পূৰ্বৰ পৰা উক্ত অঞ্চলৰ কেইবাটাও গুডামৰ পৰা এইদৰে বিভিন্ন সামগ্ৰী চুৰি কাৰ্য সংঘটিত হৈ আহিছিল। অবশেষত আৰক্ষীৰ জালত পৰিল এই তিনি চোৰ। ঘটনা সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ ৪৫৭/৩৮০ধাৰাৰ অধীনত ৪০/২১ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
কি অৱস্থাত হাতীমূৰাৰ ‘কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি’
ৰাজ্যৰ কৃষি খণ্ডত পৰিৱৰ্তন আনিবলৈ ১৯৭২ চনতে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। ৮৪৮০ হেক্টৰ কৃষিভুমিত পানী যোগানৰ লক্ষৰে হাতীমুৰাত স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। পৰৱৰ্তী সময়ত ১৯৭৭ চনত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আচঁনি। ২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি নামেৰে আন এক আঁচনি। পৰৱৰ্তী সময়ত আঁচনি দুটাক সংযোগ কৰি এই আঁচনি নাম হয় ‘কলিয়াবৰ-কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি। কিন্তু, কলং উত্তোলন জলসিঞ্চনৰ বাৰাজখনৰ (Barrage) বিপৰীতে হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিচিহ্ন হ’ল ১৯৭২ চনত স্থাপিত কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বাৰাজখন। উচ্চ-ক্ষমতা সম্পন্ন ৮ টাকৈ ইলেক্ট্ৰিক মটৰ-পাম্পৰে পৰিপূৰ্ণ বাৰাজখন সম্প্ৰতি নোহোৱা হ’ল হাতীমুৰাৰ পৰা। ২০১৮ বৰ্ষত হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ বালিত জৰাজীৰ্ণ অৱস্থাত পৰি আছিল বাৰাজখন। বিভাগীয় দায়িত্বজ্ঞানহীনতাৰ ফলতেই জহি-খহি গৈছিল কোটিটকীয়া বাৰাজখন। পৰবৰ্তী সময়ত মেৰামতি কৰাৰ বিপৰীতে জলসিঞ্চন বিভাগে ভাঙি চুৰমাৰ কৰে কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ ব্ৰাজখন। যাৰ ফলত এতিয়া মুকলি আকাশৰ তলত বিভাগটোৱে ধবংস কৰি পেলোৱা বাৰাজখন ভগ্নাৱশেষৰ লগতে উচ্চ ক্ষমতাসম্পন্ন এই ইলেক্ট্ৰিক মটৰসমুহ।উল্লেখ্য যে, কৃষক ৰাইজৰ সুবিধাৰ্থে নগাঁও চহৰৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ কাষেদি পাৰ হৈ যোৱা ব্ৰক্ষপুত্ৰ নদীৰ পাৰত ১৯৭২ চনতে স্থাপিত কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ পৰা কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে। তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ খেতিমাটি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাৱে ৯২,৮৯৬ কিলোমিটাৰ নলা নিৰ্মাণৰ জৰিয়তে হেজাৰ হেজাৰ কৃষকৰ আবাদী কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰ বাহিৰে সাফল্যৰ খটিয়ান স্বয়ং বিভাগটোৰ হাততেই শূণ্য।তদুপৰি, যোৱা সময়ছোৱাত আঁচনিখনৰ বিভিন্ন মেৰামতি বা সামগ্ৰী যোগানৰ নামত বাৰ্ষিক বহৎ ধনৰ ব্যয় হৈছিল। ঠিকাদাৰৰ ধনসিঞ্চন হ’ল ঠিকেই, কিন্তু কলিয়াবৰীয়া কৃষকে সঠিককৈ নাপালে জলসিঞ্চনৰ সুবিধা। বিভাগীয় হেমাহিত ধ্বংসৰ দিশে গতি কৰিছে কলিয়াবৰৰ হাতীমুৰাৰ বৃহৎ জলসিঞ্চন আঁচনি। কাৰ্যতঃ বগাহাতীত পৰিণত হৈছে এই বৃহৎ আঁচনি।











