Breaking

কি অৱস্থাত হাতীমূৰাৰ ‘কলিয়াবৰ-কলং সংহত উত্তোলন জলসিঞ্চন আঁচনি’

0 559

ৰাজ‍্যৰ কৃষি খণ্ডত পৰিৱৰ্তন আনিবলৈ ১৯৭২ চনতে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। ৮৪৮০ হেক্টৰ কৃষিভুমিত পানী যোগানৰ লক্ষৰে হাতীমুৰাত স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। পৰৱৰ্তী সময়ত ১৯৭৭ চনত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আচঁনি। ২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি নামেৰে আন এক আঁচনি। পৰৱৰ্তী সময়ত আঁচনি দুটাক সংযোগ কৰি এই আঁচনি নাম হয় ‘কলিয়াবৰ-কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি। কিন্তু, কলং উত্তোলন জলসিঞ্চনৰ বাৰাজখনৰ (Barrage) বিপৰীতে হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিচিহ্ন হ’ল ১৯৭২ চনত স্থাপিত কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বাৰাজখন। উচ্চ-ক্ষমতা সম্পন্ন ৮ টাকৈ ইলেক্ট্ৰিক মটৰ-পাম্পৰে পৰিপূৰ্ণ বাৰাজখন সম্প্ৰতি নোহোৱা হ’ল হাতীমুৰাৰ পৰা।  ২০১৮ বৰ্ষত হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ বালিত জৰাজীৰ্ণ অৱস্থাত পৰি আছিল বাৰাজখন।  বিভাগীয় দায়িত্বজ্ঞানহীনতাৰ ফলতেই জহি-খহি গৈছিল কোটিটকীয়া বাৰাজখন। পৰবৰ্তী সময়ত মেৰামতি কৰাৰ বিপৰীতে জলসিঞ্চন বিভাগে ভাঙি চুৰমাৰ কৰে কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ ব্ৰাজখন। যাৰ ফলত এতিয়া মুকলি আকাশৰ তলত বিভাগটোৱে ধবংস কৰি পেলোৱা বাৰাজখন ভগ্নাৱশেষৰ লগতে উচ্চ ক্ষমতাসম্পন্ন এই ইলেক্ট্ৰিক মটৰসমুহ।উল্লেখ‍্য যে, কৃষক ৰাইজৰ সুবিধাৰ্থে নগাঁও চহৰৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ কাষেদি পাৰ হৈ যোৱা ব্ৰক্ষপুত্ৰ নদীৰ পাৰত ১৯৭২ চনতে স্থাপিত কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ পৰা কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে। তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ খেতিমাটি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাৱে ৯২,৮৯৬ কিলোমিটাৰ নলা নিৰ্মাণৰ জৰিয়তে হেজাৰ হেজাৰ কৃষকৰ আবাদী কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰ বাহিৰে সাফল্যৰ খটিয়ান স্বয়ং বিভাগটোৰ হাততেই শূণ্য।তদুপৰি, যোৱা সময়ছোৱাত আঁচনিখনৰ বিভিন্ন মেৰামতি বা সামগ্ৰী যোগানৰ নামত বাৰ্ষিক বহৎ ধনৰ ব‍্যয় হৈছিল। ঠিকাদাৰৰ ধনসিঞ্চন হ’ল ঠিকেই, কিন্তু কলিয়াবৰীয়া কৃষকে সঠিককৈ নাপালে জলসিঞ্চনৰ সুবিধা। বিভাগীয় হেমাহিত ধ্বংসৰ দিশে গতি কৰিছে কলিয়াবৰৰ হাতীমুৰাৰ বৃহৎ জলসিঞ্চন আঁচনি। কাৰ্যতঃ বগাহাতীত পৰিণত হৈছে এই বৃহৎ আঁচনি।

Leave A Reply