ৰাজ্যৰ কৃষি খণ্ডত পৰিৱৰ্তন আনিবলৈ ১৯৭২ চনতে হাতীমূৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰত স্থাপন কৰা কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। ৮৪৮০ হেক্টৰ কৃষিভুমিত পানী যোগানৰ লক্ষৰে হাতীমুৰাত স্থাপন কৰা হৈছিল কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনি। পৰৱৰ্তী সময়ত ১৯৭৭ চনত স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আচঁনি। ২১ হাজাৰ হেক্টৰ কৃষিভূমিত পানী যোগানৰ লক্ষৰে স্থাপন কৰা হৈছিল কলং উত্তোলন জলসিঞ্চন আঁচনি নামেৰে আন এক আঁচনি। পৰৱৰ্তী সময়ত আঁচনি দুটাক সংযোগ কৰি এই আঁচনি নাম হয় ‘কলিয়াবৰ-কলং সংযোজিত উত্তোলন জলসিঞ্চন আঁচনি। কিন্তু, কলং উত্তোলন জলসিঞ্চনৰ বাৰাজখনৰ (Barrage) বিপৰীতে হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা নিচিহ্ন হ’ল ১৯৭২ চনত স্থাপিত কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ বাৰাজখন। উচ্চ-ক্ষমতা সম্পন্ন ৮ টাকৈ ইলেক্ট্ৰিক মটৰ-পাম্পৰে পৰিপূৰ্ণ বাৰাজখন সম্প্ৰতি নোহোৱা হ’ল হাতীমুৰাৰ পৰা। ২০১৮ বৰ্ষত হাতীমুৰাৰ ব্ৰহ্মপুত্ৰৰ বালিত জৰাজীৰ্ণ অৱস্থাত পৰি আছিল বাৰাজখন। বিভাগীয় দায়িত্বজ্ঞানহীনতাৰ ফলতেই জহি-খহি গৈছিল কোটিটকীয়া বাৰাজখন। পৰবৰ্তী সময়ত মেৰামতি কৰাৰ বিপৰীতে জলসিঞ্চন বিভাগে ভাঙি চুৰমাৰ কৰে কলিয়াবৰ উত্তোলন জলসিঞ্চন আঁচনিৰ ব্ৰাজখন। যাৰ ফলত এতিয়া মুকলি আকাশৰ তলত বিভাগটোৱে ধবংস কৰি পেলোৱা বাৰাজখন ভগ্নাৱশেষৰ লগতে উচ্চ ক্ষমতাসম্পন্ন এই ইলেক্ট্ৰিক মটৰসমুহ।উল্লেখ্য যে, কৃষক ৰাইজৰ সুবিধাৰ্থে নগাঁও চহৰৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত হাতীমূৰা পাহাৰৰ কাষেদি পাৰ হৈ যোৱা ব্ৰক্ষপুত্ৰ নদীৰ পাৰত ১৯৭২ চনতে স্থাপিত কলং উত্তোলিত জলসিঞ্চন আঁচনিৰ পৰা কলিয়াবৰ ৰাজহ চক্ৰৰ চতিয়াল, পূৱথৰীয়া আৰু বৰভগীয়া মৌজাৰ কৃষকসকলে কোনো সুফল নোপোৱাৰ অভিযোগ উঠিছে। তিনিওটা মৌজাৰ মুঠ ১১,৭০১ হেজাৰ হেক্টৰ খেতিমাটি আৰু ৮,৫৮৩ হেজাৰ হেক্টৰ এন আই ই মাটি সামৰি জলসিঞ্চনৰ বাৱে ৯২,৮৯৬ কিলোমিটাৰ নলা নিৰ্মাণৰ জৰিয়তে হেজাৰ হেজাৰ কৃষকৰ আবাদী কৃষিভূমি নষ্ট কৰি কৃষকক ভূমিহীন কৰাৰ বাহিৰে সাফল্যৰ খটিয়ান স্বয়ং বিভাগটোৰ হাততেই শূণ্য।তদুপৰি, যোৱা সময়ছোৱাত আঁচনিখনৰ বিভিন্ন মেৰামতি বা সামগ্ৰী যোগানৰ নামত বাৰ্ষিক বহৎ ধনৰ ব্যয় হৈছিল। ঠিকাদাৰৰ ধনসিঞ্চন হ’ল ঠিকেই, কিন্তু কলিয়াবৰীয়া কৃষকে সঠিককৈ নাপালে জলসিঞ্চনৰ সুবিধা। বিভাগীয় হেমাহিত ধ্বংসৰ দিশে গতি কৰিছে কলিয়াবৰৰ হাতীমুৰাৰ বৃহৎ জলসিঞ্চন আঁচনি। কাৰ্যতঃ বগাহাতীত পৰিণত হৈছে এই বৃহৎ আঁচনি।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা হৰিণ
সততে আমি দেখা পহুৰ দেহৰ ৰং কেনেকুৱা, তাক দুনাই কোৱা প্ৰয়োজনেইবা ক’ত? কিন্তু পহুৰ দেহৰ ৰং বেলেগো হ’ব পাৰে সেইয় আমাৰ কল্পনাৰ অগোচৰ। এনে অকল্পনীয় ঘটনাৰ কেতিয়া সাক্ষী হ’বলগীয়া হয়, তাৰ কোনো নিশ্চয়তা নাথাকে।
মানুহৰ জল্পনা-কল্পনাৰ অন্ত পেলাই প্ৰকৃতি আগবাঢ়ে সন্তৰপৰ্ণে। কোনেও নভৱা-নিচিনা চমক দিবলৈ প্ৰতিক্ষণতে সাজু প্ৰকৃতি। তেনে এক বিৰল চমকৰ চিত্ৰ বন্দী হ’ল এগৰাকী প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত। এনে অকল্পনীয়, বিৰল ঘটনাৰ সাক্ষী হ’ল কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী, প্ৰকৃতিৰ ছবি তুলি ভালপোৱা এগৰাকী যুৱকৰ কেমেৰাত।
প্ৰকৃতিপ্ৰেমী যুৱকজনৰ কেমেৰাত বন্দী হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিৰল বগা হৰিণ। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে চিহ্নিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এক আশ্চৰ্য্য বগা হৰিণৰ উপস্থিতিয়ে এতিয়া সামাজিক মাধ্যমত খলকনি তুলিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ অন্তৰ্ভাগত দৃশ্যমান হোৱা বগা ৰঙৰ বিৰল হৰিণাই ৰাষ্ট্ৰীয় উদ্যানৰ এই নতুন প্ৰজাতিবিধক লৈ আৰু অধিক উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ বুঢ়াপাহাৰ বনাঞ্চলৰ সমীপৰ আমগুৰি চাহ বাগিচাৰ বাৰ নম্বৰ লাইনৰ কাষৰীয়া বনভুমিত আন-আন হৰিণাৰ জাকৰ মাজতে আপোনমনে চৰি থকা এটি শুদ্ধ বগা হৰিণ ফটো বন্দী হৈছে প্ৰকৃতিপ্ৰেমীৰ কেমেৰাত। কলিয়াবৰৰ প্ৰকৃতিপ্ৰেমী যুৱক জয়ন্ত কুমাৰ শৰ্মাৰ কেমেৰাত বন্দী হৈছিল এই বিৰল দৃশ্য।
কিছুদিন পূ্ৰ্বে কাজিৰঙাত বগা বাঘৰ উপস্থিতিয়ে সমগ্ৰ বিশ্বৰ প্ৰকৃতিপ্ৰেমীৰ মাজত খলকনি তোলাৰ পাছতে এইবাৰ আকৌ বগা হৰিণাৰ উপস্থিতিয়ে প্ৰাণীজগতৰ এক নতুন দিশ উন্মোচিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনত। ৰাষ্ট্ৰীয় উদ্যানখনৰ সমীপতে দেখা পোৱা গৈছিল শুদ্ধ বগা বৰণৰ হৰিণটি৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখা পোৱা এই বগা হৰিণক লৈ চৰ্চিত হৈছে বিভিন্ন দিশ। উত্থাপিত হৈছে প্ৰশ্ন, ই হ’ব পাৰে নেকি বিশ্বৰ প্ৰাণীজগত তথা প্ৰাণীবিজ্ঞানৰ নৱতম সংযোজন৷ কিন্তু পৰিশিলীত অনুসন্ধান আৰু অধ্যয়নৰ জৰিয়তেহে উন্মোচিত হ’ব বগা হৰিণৰ ৰহস্য৷ উল্লেখ্য যে, ২০১০ চনৰ সময়তে ৰাষ্ট্ৰীয় উদ্যানখনত কম সময়ৰ বাবে প্ৰত্যক্ষ হৈছিল এই বিৰল বগা বাঘ৷
এই বিৰল ছবিখনৰ ফটোগ্ৰাফাৰ জয়ন্ত কুমাৰ শৰ্মাৰ মত, প্ৰাণীবিজ্ঞানীসকলৰ মতে, বহু সময়ত বিভিন্ন কাৰণত জীন বা বংশগতিৰ পৰিৱৰ্তন বা আগতি জীনৰ বাবেও এই বৰণ সলনি হ’ব পাৰে হৰিণকে ধৰি আন আন বন্যপ্ৰাণীৰ। অৱশ্যে জীৱ জগতৰ নৱতম সংযোজনৰ কথাটোও একে আষাৰে নুই কৰিব নোৱাৰি ৷ প্ৰাণীবিজ্ঞানীসকলৰ ভাষাত ALBINO বা শ্বেত চৰ্মৰ প্ৰাণী বুলিও অভিহিত কৰিব পাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰিলক্ষিত এই বগা হৰিণক।বংশগতি, জীনৰ পৰিৱৰ্তন বা আগতি জীনৰ উপস্থিতি যি কাৰণেই নহওক, এতিয়া এই বগা হৰিণা বা শ্বেত হৰিণাক লৈ উৎসাহ আৰু উৎসুকতা বাঢ়িছে প্ৰকৃতিপ্ৰেমীৰ মনত। জীৱবিজ্ঞানৰ তালিকাত যদি এই ‘বগা হৰিণ’ নৱতম সংযোজন হিচাপে প্ৰমাণিত হয় তেন্তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হ’ব এই হৰিণৰ নৱতম আশ্ৰয়ভূমি।
মৰ্কজুল মা’আৰিফৰ নীলবাগান ক’ভিড হাস্পাতাল চেনিটাইজেচন, খাদ্যৰ পেকেট বিতৰণ
হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফে আজি জিলাখনৰ ক’ভিড হস্পিটেল ৰূপে পৰিচিত নীলবাগান মডেল হস্পিটেল চৌহদ চেনিটাইজ কৰে৷ লগতে ক’ভিড ৰোগী সকলৰ মাজত খাদ্যৰ টোপোলা বিতৰণ কৰে৷ আজি পুৱাৰ ভাগত সংস্থাটোৰ কাৰ্যবাহী সভাপতি ড° চামছুল হক চৌধুৰী আৰু সমাজকৰ্মী আনোৱাৰ হুছেইনে নীলবাগান হাস্পাতালৰ চেনিটাইজেচনৰ কামৰ শুভাৰম্ভ কৰে৷ ডেপুটি মেনেজাৰ জামাল উদ্দিনৰ নেতৃত্বত স্বেচ্ছাসেৱকৰ দলে হাস্পাতালৰ বাহিৰ-ভিতৰ বীজানুমুক্ত কৰিবলৈ ঔষধ ছটিয়ায় ৷ এই উপলক্ষে হাস্পাতালখনৰ কৰ্তব্যৰত চিকিৎসক ডা: এছ এম এম ইছলামে ক’ভিড মহামাৰীৰ এই সময়ত মৰ্কজুল মা আৰিফে লোৱা পদক্ষেপৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে৷ পিছত স্বেচ্ছাসেৱকৰ দলটোৱে ডবকা ত্ৰিশখন বিচনাযুক্ত হস্পিটেল, ডবকা বজাৰ আৰু মাছ বজাৰ চেনিটাইজড কৰে৷ অভিযানটোৰ নেতৃত্ব দিয়া মৰ্কজুল মা আৰিফৰ ডেপুটি মেনেজাৰ মহম্মদ জামাল উদ্দিনে কয় যে, জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে মৰ্কজুল মা’আৰিফে বিগত কেবাদিন ধৰি এই পবিত্ৰ কামটো চলাই গৈছে৷ তেওঁলোকে হোজাই থানা, হোজাই পৌৰসভা কাৰ্যালয়, বেংক, চুপাৰ মাৰ্কেট, বিদ্যুৎ বিভাগৰ কাৰ্যালয় আদি চেনিটাইজড কৰিছে আৰু অনাগত দিনতো এই কাম চলি থাকিব৷ ক’ভিদৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজেৰে মহামাৰীক পৰাজিত কৰাটো সম্ভৱ বুলি ডেপুটি মেনেজাৰজনে মন্তব্য কৰে৷
”বছৰত এসপ্তাহ সমগ্ৰ বিশ্বতে লকডাউন দিয়ক”-অৰণ্য মানৱ যাদৱ পায়েঙ
অসমৰ পৰা এজন বিশেষ ব্যক্তিয়ে সমগ্ৰ বিশ্ববাসীলৈ জনাইছে এটি বিশেষ আহ্বান। প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি চলাৰ বাবে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে এসপ্তাহৰ বাবে লকডাউন দিবলৈ বিশ্বৰ সকলো দেশৰ নেতৃত্বলৈ অনুৰোধ জনাইছে অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙে।
বিগত বৰ্ষত কভিড পৰিস্থিতিৰ বাবে যেতিয়া সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল, সেই সময়ছোৱাত প্ৰকৃতিত বহু যোগাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছিল। প্ৰকৃতিয়ে যেন নতুনকৈ প্ৰাণ পাই উঠিছিল সেই সময়ত। বায়ু প্ৰদূষণ অভাৱনীয়ভাৱে কমি গৈছিল। আৰু বন্য জীৱ-জন্তু তথা চৰাই-চিৰিকতিসমূহ যেন আনন্দত উথলি উঠিছিল। সেয়েহে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰি প্ৰকৃতিক অধিক সেউজীয়া কৰি জীপাল কৰি তোলাৰ উদ্দেশ্যে প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে আহ্বান জনাইছে যাদৱ পায়েঙে।
অৰণ্য মানৱ যাদৱ পায়েঙে পৃথিৱীৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কৰ ব্ৰেণ্ড এম্বেচাদৰৰ সন্মুখত এই প্ৰস্তাৱ উৎথাপন কৰিছে। পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ বিশ্বৰ সকলো দেশৰে মূৰব্বীসকলক বছৰি এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিবৰ বাবে অনুৰোধ জনাইছে পদ্মশ্ৰী যাদৱ পায়েঙে। নিজৰ বনাঞ্চলত লকডাউনৰ সময়ছোৱাত জীৱ-জন্তু, চৰাই-চিৰিকতিৰ মাজত পৰিলক্ষিত হোৱা অভূতপূৰ্ব যোগাত্মক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰিয়েই অৰণ্য মানৱগৰাকীয়ে এই আহ্বান জনাইছে।
“লকডাউনৰ সময়ছোৱাত মই মোৰ হাবিত জীৱ-জন্তু , চৰাই-চিৰিকতিসমূহৰ মাজত বহু পৰিৱৰ্তন দেখিবলৈ পাইছিলো। প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰাখি পৃথিৱীখন জীপাল কৰি ৰাখিবলৈ প্ৰতি বছৰে এসপ্তাহৰ বাবে সমগ্ৰ বিশ্বতে লকডাউন দিয়াটো অতিকৈ প্ৰয়োজনীয়। মই ইতিমধ্যে এই প্ৰস্তাৱটো ইউনেস্কৰ ব্ৰেণ্ড এম্বেছাদৰৰ সন্মুখত উৎথাপন কৰিছো।”, অৰণ্য মানৱ যাদৱ পায়েঙে এনেদৰে কয়।
যদিহে যাদৱ পায়েঙৰ এই আহ্বানে বিশ্ববাসীৰ পৰা সঁহাৰি লাভ কৰে তেন্তে সেয়া হয়তো এক অভূতপূৰ্ব ঘটনা হ’ব আৰু প্ৰকৃতিৰ বাবে ই কঢ়িয়াই আনিব বহুত আশাৰ বতৰা।
কিহৰ তাড়নাত ৰাতি ৰাতি ছাগলী চুৰি কৰিছিল এইজন যুৱ গায়কে?
কিহৰ তাড়নাত ৰাতি ৰাতি ছাগলী চুৰি কৰিছিল এইজন যুৱ গায়কে?
তিনি ফুটকৈ উচ্চতাৰ তিনিগৰাকী ভাই-ভনী। কৰ’ণাকলীয়া পৰিস্থিতিত এতিয়া ভাতমুঠিৰো হাহাকাৰ।
তিনি ফুটকৈ উচ্চতাৰ তিনিগৰাকী ভাই-ভনী। কৰ’ণাকলীয়া পৰিস্থিতিত এতিয়া ভাতমুঠিৰো হাহাকাৰ।
এইবাৰ অসমত ওলাল এনে এজন লোক যি জনৰ গাত লাগি ধৰিছে চামোচ, মুদ্ৰা, খন্তি আদি
বিগত কেইদিনমানত এনে কেইবাটাও খবৰ আমি লাভ কৰিছিলোঁ যে কওভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতে একাংশ লোকৰ দেহত চিম্বকীয় শক্তি দেখা দিছে। এনে বহু ফটো ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল ঙৈছে। শেহতীয়াকৈ অসমতো এনে চুম্বকীয় শক্তিৰ অধিকাৰী লোক এজনৰ সম্ভেদ পোৱা গৈছে।
বিজনীত এইজন লোকৰ গাতো দেখা গৈছে চুম্বকীয় শক্তি ৷ বিজনীৰ কাউৱাটিকাৰ শিৱশংকৰ অধিকাৰী নামৰ এই লোক জনৰ দেহত চামুচ, হেতা, মুদ্ৰা, খন্তি আদি লাগি ধৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই কাণ্ড দেখি স্থানীয় লোকো হতভম্ব হৈ পৰে।
ভেটাগাঁও নৱাৰূপ স্কুলৰ বিজ্ঞান শিক্ষক অধিকাৰীয়ে কিছু দিন পূৰ্বে কোভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰিছিল ৷ ভেকচিন গ্ৰহণৰ পিছত বিভিন্নজনৰ গাত চুম্বকীয় শক্তি লাভ কৰা বুলি খবৰ লাভ কৰাৰ পাছত নিজে পৰীক্ষা কৰি চোৱাত এই কথা জানিব পাৰে ৷
অৱশ্যে প্ৰায় সাত বছৰ পূৰ্বেও বিজ্ঞান শিক্ষকজনৰ গাত এনে চুম্বকীয় শক্তি ধৰা পৰিছিল বুলি জানিব দিয়ে। সেয়ে ভেকচিনেচনৰ কাৰণে এই চুম্বকীয় শক্তি লাভ কৰাৰ কথা অস্বীকাৰ কৰে তেঁও ৷ কিছুু সংখ্যক লোকৰ দেহত চুম্বকীয় শক্তি থাকে বুলি দাবী কৰে বিজ্ঞান শিক্ষক শিৱশংকৰ অধিকাৰীয়ে ৷
নলবাৰীত আশ্ৰয় এ বহন কৰিলে মানসিক ৰোগীক চিকিৎসাৰ ব্যয়
মানসিক ৰোগ থকা এগৰাকী মহিলাক কিছুসংখ্যক লোকে নিশা মাৰধৰ কৰি থানাত চমজাই দিয়াৰ পিছত এটা স্বেচ্ছাসেৱী সংগঠনে চিকিৎসক লগত লৈ মহিলা গৰাকীক সম্পূৰ্ণ সেৱা আগবঢ়াই সম্পূৰ্ণ সুস্থ কৰি তোলা এটা ঘটনাই সম্প্ৰতি সমাজত এক বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত নদলা গাঁওৰ দুটি কনমানি শিশুৰ মাতৃ তথা দুখীয়া বিধৱা মহিলা মামনী বৰ্মনক স্থানীয় কিছু লোকে যোৱা ৯ জুনত মানসিক ৰোগী বুলি ভিত্তিহীন অভিযোগ কৰি আনি মাৰ ধৰ কৰি নিশা ১১ বজাত বেলশৰ থানাত খবৰ দিছিল । বেলশৰ আৰক্ষীয়ে মানুহ গৰাকীক সেইদিনাই আনি নিশা সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত “সখী একক অৱস্থান কেন্দ্ৰ” নলবাৰীত সম্পূৰ্ণ নিৰাপত্তাৰে ৰাতি থকাৰ বাবে ব্যৱস্থা কৰে । সমাজ কল্যাণ বিভাগৰ দ্বাৰা ডেজিগনেটেড এন জি অ’ ৰূপে স্বীকৃতি প্ৰাপ্ত নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন “আশ্ৰয়” ৰ লগত জিলা সমাজ কল্যাণ বিভাগৰ পৰা যোগাযোগ কৰাত আশ্ৰয়ৰ সভানেত্ৰী ৰিংকুবৰুৱা মহন্তই অতি তৎপৰতাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিশেষজ্ঞ ডাঃ নিপুল মহন্তৰ দ্বাৰা মহিলা গৰাকীক চিকিৎসা কৰাই। উল্লেখ্য যে নলবাৰী জিলাৰ নৱ নিযুক্তি উপায়ুক্ত গিতিমনি ফুকন উপস্থিত হৈ সখী একক অৱস্থান কেন্দ্ৰত মহিলা গৰাকীৰ বুজ লয়। ডা: নিপুল মহন্ত চিকিৎসাৰ প্ৰদান পত্ৰ অনুসৰি আশ্ৰয়ৰ ফালৰ পৰা এমাহৰ দৰৱ আৰু নিজ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে নগদ ধন সহ সখী একক অৱস্থান কেন্দ্ৰৰ বিষয়া প্ৰজ্বলিকা চৌধুৰী, জুনু বৈশ্য, আশ্ৰয়ৰ সভানেত্ৰী সহ সদস্য কিশোৰ শৰ্মা,অৰুণ ৰাজবংশী আৰু অৰবিন্দ কলিতাই মহিলা গৰাকীৰ মাতৃ গৃহ ধমধমাৰ মহেনীয়া গাওঁত ১১ জুনত ধমধমা আৰক্ষীৰ সহযোগত থৈ আহে। তদুপৰি মহিলা গৰাকীৰ পৰৱৰ্তী সময়ত মানসিক ৰোগৰ চিকিৎসাৰ ব্যয় ‘আশ্ৰয়’ৰ তৰফৰ পৰা বহন কৰিব বুলি সাংবাদিকক জানিব দিছে। আজি চিকিৎসকে পুনৰ স্বাস্থ্যৰ বুজ লবলৈ যায়। বৰ্তমান মহিলা গৰাকী মাতৃ গৃহত নিৰাপদে আছে বুলি ‘আশ্ৰয়’ কৰ্তৃপক্ষই জানিব দিছে।
আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো ৰক্তদান দিৱস আয়োজন
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো এই ৰক্তদান দিৱস আয়োজন কৰা হয়।হোজাই গীতাশ্ৰমত উদযাপন কৰা হয় এই দিৱস।
নেচনেল মেডিক’জ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ হেডগেৱাৰ স্মাৰক সমিতি,গুৱাহাটীৰ উদ্যোগত এই ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়।
হোজাইৰ বিধায়ক ৰামকৃষ্ণ গোষ প্ৰমুখ্যে উক্ত সংস্থাটোৰ বিষয় ববীয়া লগতে চিকিত্সক আৰু ৰক্ত দানৰ লগত জড়িত লোক সকল উপস্থিত থাকে।
এই ৰক্তদান দিৱসত প্ৰায় 20 গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে।
গোসাইগাঁওৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
গোসাইগাঁও মহকুমাৰৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ৰাতিপুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্বৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। মৃত লোকজনৰ এতিয়ালৈকে কোনো পৰিচয় লাভ কৰা হোৱা নাই। এইটো হত্যাকাণ্ড নে আন কিবা সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত।











