ভাৰত বাংলাৰ মূল সীমাৰ পৰা দুই কিলোমিটাৰ ভিতৰত কাঁইটীয়া তাৰৰ বেৰ BSF ৰ ।কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি জিৰো পইণ্টৰ পৰা 150 মিটাৰৰ ভিতৰত হব লাগে কাঁইটীয়া তাৰৰ বেৰ। কিন্তু প্ৰায় দুই কিলোমিটাৰ ভিতৰত কাঁইটীয়া তাৰৰ বেৰ দিয়া লৈ আপত্তি স্থানীয় গাঁও বাসীৰ।গাঁওবাসীৰ অভিযোগত গুৰুত্ব নিদি একেদিনাই শ শ BSF এ এইদৰে কাঁইটীয়া তাৰ বেৰ নিৰ্মান কৰিলে।কাঁইটীয়া তাৰ দি গংগাধৰ নদীৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি আগুৰি দিলে।যাৰ ফলত এটুপি খোৱা পানী, খেতি কৰিবলৈ BSF অনুমতি লৈহে যাব লাগিব ।
কোবাই ফালি পেলালে মাতৃৰ মুৰ। ড্ৰাগছৰ নিচাত গাঁওখনতেই উদ্ভণ্ডালি কৰিছে নলবাৰীৰ সন্ধেলীৰ বিৰেণে।
কোবাই ফালি পেলালে মাতৃৰ মুৰ। ড্ৰাগছৰ নিচাত গাঁওখনতেই উদ্ভণ্ডালি কৰিছে নলবাৰীৰ সন্ধেলীৰ বিৰেণে।
ক’ভিডৰ পৰা ৰক্ষা পাবলৈ উত্তৰ প্রদেশত সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ
আধুনিক বিজ্ঞানৰ চিকিৎসাত বিশ্বাসী হৈও কালান্তক ক’ৰোনাৰ পৰা ৰক্ষা পৰিবলৈ দেশব্যাপী একাংশ লোকে অদৃশ্য শক্তি ঈশ্বৰৰ শৰণাপন্ন হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ পৰা নিজকে ৰক্ষা পাবলৈ শেহতীয়াভাৱে উত্তৰ প্রদেশৰ প্রতাপগড়ৰ শুক্লাপুৰ গাঁৱৰ বাসিন্দাসকলে সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ৷
এডাল নিমগছৰ তলত সাজি উলিওৱা ক’ৰোনা মাতা মন্দিৰত গাঁওবাসীয়ে নিতৌ দেৱীৰ পৰা আশীর্বাদ বিচাৰে৷ এই মন্দিৰটোত ক’ৰোনা মাতা মূর্তিত এখন সেউজীয়া মাস্ক পৰিধান কৰোৱা হৈছে৷ স্থানীয় বাসিন্দাসকলে বিশ্বাস কৰা মতে এই মন্দিৰটো নির্মাণ কৰিবলৈ অঞ্চলৰ পৰা ধন সংগ্রহ কৰা হৈছে৷
এই সংগৃহীত ধনেৰে স্থাপন কৰা মন্দিৰটোত দেৱীৰ আশীর্বাদ ল’লে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰে৷ তাৎপর্যপূর্ণ যে মন্দিৰটোত ক’ভিড–১৯ প্রট’কল মানি প্রার্থনা কৰা হয়৷
ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল দিল্লীত : সকলো বজাৰ মুকলিৰ অনুমতি
দেশত প্রাণঘাতী ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ অব্যাহত আছে৷ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত বিগত ২৪ ঘণ্টাত আক্রান্ত হয় ৮০,৮৩৪গৰাকী লোক৷ ইফালে, কেন্দ্রীয় আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি এই সময়ছোৱাত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ৩,৩০৩গৰাকী লোকে৷ অৱশ্যে দেশজুৰি ক’ভিড মহামাৰীত সংক্রমণৰ হাৰ একেৰাহে ষষ্ঠ দিনৰ বাবে ৫ শতাংশৰ তলত আছে৷ বিগত ২৪ ঘণ্টাত দেশত পজিটিভিটী ৰেট আছিল ৪.২৫ শতাংশ৷ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ আছে যদিও মুখ্যমন্ত্রী অৰবিন্দ কেজৱালে আজিৰে পৰা ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয়শাসিত ৰাজ্যখনত৷ কেজৰিৱালে ঘোষণা কৰিছে যে কোনোধৰণৰ যুগ্ম–যুগ্ম নম্বৰ অবিহনেই আজিৰে পৰা সকলো বজাৰ পুনৰ মুকলি কৰা হ’ব দিল্লীত৷ ৫০ শতাংশ আসনৰ সুবিধাৰে ৰেষ্টুৰেণ্টবোৰ খোলাৰ অনুমতি প্রদান কৰিছে কেজৰিৱালে৷
অর্থাৎ ক’ভিড–১৯ মহামাৰী প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰাৰ পাছত দিল্লীৰ ৰেষ্টুৰেণ্টসমূহত ৫০ শতাংশ গ্রাহকহে উপস্থিত থাকিব পাৰিব৷ অকল সেয়াই নহয়, এসপ্তাহৰ বাবে এই আনলক প্রক্রিয়া দিল্লীত অব্যাহত ৰাখিব চৰকাৰে৷ ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিলৰ পাছত এসপ্তাহৰ ভিতৰত যদি সংক্রমণৰ হাৰ বৃদ্ধি নাপায়, তেন্তে এই আনলক প্রক্রিয়া ধাৰাবাহিকভাৱে প্রয়োগ কৰা হ’ব দিল্লীত৷ কেজিৱালে এখন সংবাদ মেলত ঘোষণা কৰা অনুসৰি যদি সপ্তাহটোৰ ভিতৰত সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পায়, তেন্তে পুনৰ কঠোৰ নিষেধাজ্ঞা বলৱৎ কৰা হ’ব৷
ইফালে, দেশত ভেকচিনক লৈ চলি থকা চৰম নাটনিৰ মাজতে দিল্লীৰ ইন্দ্রপ্রস্থ হাস্পতালে ১৫ জুনৰ পৰা ৰাছিয়াত প্রস্তুত কৰা স্পুটনিক ভি ভেকচিন জনসাধাৰণক প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷ দিল্লীৰ এপল’ হাস্পতালৰ উপৰি হায়দৰাবাদৰ কণ্টিনেণ্টেল হাস্পতালতো আগন্তুক ১৫ জুলাইৰ পৰা স্পুটনিক ভি ভেকচিন প্রদান কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা অনুসৰি মাত্র এটা ড’জ প্রদান কৰিবলগীয়া এই ভেকচিনৰ প্রতিটোৰ মূল্য হ’ব ১,১৪৫ টকা৷ স্মর্তব্য যে ৰাছিয়াই স্পুটনিক ভি ভেকচিন ৯৪.৩ শতাংশ ফলপ্রসূ বুলি ইতিমধ্যে ঘোষণা কৰিছে৷
আৰ্থিক সংকটৰে জীৱন যুজঁত অৱতীৰ্ণ হোৱা সুকণ্ঠী গায়িকা চয়নিকা সভাপণ্ডিতলৈ অসম চৰকাৰৰ সহায়
জীৱনে কি নিশিকাই । দিনটোৰ দুবেলা – দুমুঠি যোগাৰ কৰিবলৈকে গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে জীৱন যুজঁত অৱতীৰ্ণ হৈছে এগৰাকী পাচলি বিক্ৰেতা হিচাপে । কটন বিশ্ববিদ্যালয়ৰ এইগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে চৰম আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ বিচাৰি অৱশেষত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল শাক- পাচলিৰ এখন সৰু দোকান। ছাত্ৰী গৰাকীৰ কৰ্ম সংস্কৃতিৰ কথা ইতিমধ্যে গোলাঘাটত চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু আজি ছাত্ৰী গৰাকীক এই আৰ্থিক সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে বিত্তমন্ত্ৰী অজন্তা নেওগ আহি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ জীৱন তামূলী পথৰ চয়নিকাৰ বাসগৃহত উপস্থিত হ’য়। উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰি চয়নিকাৰ এই কৰ্মৰ শলাগ লোৱাৰ উপৰিও উজ্জ্বল ভৱিষ্যতৰ আৰ্শীবাদ দিয়ে। মন্ত্ৰী গৰাকীয়ে চয়নিকাৰ এই কৰ্মৰ উচ্চ প্ৰশংসা কৰাৰ লগতে গোলাঘাটৰ নৱ প্ৰজন্মই চয়নিকাৰ আদৰ্শৰে আগবাঢ়ি হাতে-কামে লাগিলে গোলাঘাট স্ব- নিৰ্ভৰশীল হৈ উঠিব বুলি মত প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰে চয়নিকালৈ আগবঢ়োৱা এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।এই অনুষ্ঠানত বিত্তমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল, কি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ?
আজি বিজুলি ভৱনত শক্তি বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবর্গৰে দুঘণ্টাজোৰা বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শর্মাই।
১. তিনিওটা শক্তি কোম্পানী ক্ৰমে APDCL, APGCL আৰু AEGCLৰ হেৰাই যোৱা ৰাজহ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা।
২. বিদ্যুৎ চুৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ।
৩. বিদ্যুৎ চুৰী কৰাসকলৰ বাবে সর্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে।
৪. এটা বৃহৎ কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান, সেয়া পৰীক্ষা কৰা হ’ব।
৫. গুজৰাটৰ শক্তি বিতৰণৰ আর্হিক অসমত প্ৰয়োগ কৰি শক্তি কিদৰে বচাব পাৰি, সেই সন্দর্ভত শক্তি বিভাগৰে হ’ব ভিডিঅ’ কনফাৰেন্স।
সুশান্ত সিঙ ৰাজপুতৰ মৃত্যুৰ এবছৰ, আজিও প্ৰতিগৰাকী অনুৰাগীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি
এটা বছৰ সম্পূৰ্ণ হ’ল সুশান্ত সিঙৰ অনুপস্থিতিৰ৷ বলীউড তাৰকা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ আজি এটা বছৰ সম্পূৰ্ণ হৈছে যদিও আজিও প্ৰতিগৰাকী অনুৰাগী তথা চলচ্চিত্ৰপ্ৰেমীৰ মনত সজীৱ হৈ আছে সুশান্তৰ স্মৃতি৷ অবিশ্বাস্য তথা অতি আশ্বৰ্যজনকভাৱে হঠাতে হেৰাই যোৱা সুশান্তক দেশবাসীয়ে পুনৰ সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰিছে৷
‘পবিত্ৰ ৰিস্তা’ ধাৰাবাহিকৰ ‘মানৱ’ৰ চৰিত্ৰৰ জৰিয়তে সকলোৰে পৰিচিত তথা আপোন হৈ পৰা অভিনেতাগৰাকীয়ে ‘এম এছ ধোনী’, ‘দিল বেচ্চাৰা’, ‘কেদাৰনাথ’, ‘চিচোৰে’ আদি ছবিত কৰা অভিনয়ৰ প্ৰতিটো চৰিত্ৰই জীপাল কৰি ৰাখিছে সুশান্তৰ স্মৃতি৷
মুম্বাই ঘৰৰ নিজ কোঠাৰ ভিতৰতে আত্মহত্যা কৰা সুশান্তৰ মৃত্যুৰ পাছতে সমগ্ৰ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তী৷ বহুকেইজন ঘনিষ্ঠ বন্ধুও আওপকীয়াকৈ চৰ্চালৈ আহিছিল সুশান্তৰ মুত্যুক কেন্দ্ৰ কৰি৷অতি নম্ৰ তথা শান্ত প্ৰকৃতিৰ সুশান্তৰ আত্মহত্যাৰ ঘটনাটো অনুৰাগী তথা পৰিয়ালৰ লোকে হত্যাকাণ্ড বুলি ধাৰণা কৰিছিল যদিও মৰনোত্তৰ পৰীক্ষাৰ পাছত নিশ্চিত কৰা হয় আত্মহত্যা বুলি৷ আনহাতে সুশান্তৰ মৃত্যুৰ তদন্তৰ আঁত ধৰি এতিয়াও নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰোৱে মুম্বাইত চলাই আছে ড্ৰাগছবিৰোধী অভিযান। সেয়া অৱশ্যে এক অন্য প্ৰসংগ। প্ৰতিভাশালী অভিনেতাগৰাকীৰ আত্মহত্যাই হিন্দী ছবিজগতৰ পৰা এগৰাকী অতি প্ৰতিভাশালী অভিনেতাক আঁতৰাই লৈ গ’ল। দি গ’ল এক অপূৰণীয় শূন্যতৰ।
লাহৰীঘাটৰ বগলীপাৰাত নগদ ধন সহ ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ
মৰিগাঁও জিলাৰ লাহৰীঘাটত যোৱা নিশা আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ড্ৰাগছ , নগদ ধনসহ এজনক আটক কৰে। বগলীপাৰা গাঁৱৰ পৰা আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী টোৰ নাম নজৰুল ইছলাম( ৫০ ) । ধৃত নজৰুলৰ পৰা ৫ টা হি’ৰইন ভৰ্তি ,১ টা খালি কণ্টেইনাৰ, ২৩ টা টেবলেট আৰু নগদ ২৫ হাজাৰ টকা উদ্ধাৰ কৰা হৈছে । ধৃত ড্ৰাগছ সৰবৰাহী নজরুল ইছলামৰ বিৰুদ্ধে Case No 337/21 U/S 21(a)/25/29 NDP’S Act ৰ অধীনত গোচৰ ৰুজু কৰিছে। লাহৰীঘাটৰ পৰা খাইৰুল ইছলামৰ ৰিপোৰ্ট
ৰঙিয়াৰ বিজেপি সদস্য প্ৰদীপ চৌধুৰীক তাৎক্ষণিকভাৱে নিলম্বন
শুকুৰবাৰে নিশা কৰায়ত্ত হোৱা ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীৰ বাতৰিয়ে সমগ্ৰ অসম তোলপাৰ লগাইছিল,যত সাঙোৰ সাই পৰিছিল বিজেপিৰ কিছু নেতা মন্ত্ৰীৰ পৰা সাংসদলৈকে নাম । এইসন্দৰ্ভত উত্তৰ কামৰূপ জিলা বিজেপিৰ তৰফৰ পৰা এখন সংবাদমেল যোগে উপ-সভাপতি ভবেশ ডেকাই স্পষ্ট কৰি দিয়ে যে ধৃত প্ৰদীপ চৌধুৰীৰ লগত বিজেপিৰ কোনো নেতা মন্ত্ৰী তথা সাংসদৰ ঘণিষ্ঠতা নাই,হয়তো তেওঁ বিজেপি দলক ঢাল হিচাপে ব্যৱহাৰ কৰি সকলোৰে অজ্ঞাতে এই ব্যৱসায় চলাই গৈছিল ।সেয়েহে বিজেপি দলে তেওঁৰ এই অভিযোগ পোৱাৰ মাত্ৰেই তাৎক্ষণিকভাৱে কাৰ্য্যকৰী হোৱাকৈ ধৃত ড্ৰাগচ সৰবৰাহকাৰী প্ৰদীপ চৌধুৰীক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ কৰা হৈছে বুলি জনাই। হিমন্তবিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সমগ্ৰ অসমতেই যি ড্ৰাগচ বিৰোধী অভিযান চলাই আছে ,ইয়াত বিজেপি দলে সম্পূৰ্ণ সহযোগীতা আগবঢ়াই আছে আৰু ভৱিষ্যতেও থাকিব বুলি জনাই । তেওঁ এইক্ষেত্ৰত সংবাদ মাধ্যমৰ লগত জড়িত ব্যক্তিসকলকো সঠিক সংবাদ পৰিবেশন কৰি ড্ৰাগছ বিৰোধী সংগ্ৰাম খনক শক্তিশালী কৰিবলৈ অনুৰোধ জনাই। আনহাতে ৰঙিয়া সমষ্টিত প্ৰায় ৪২ হাজাৰ সদস্যৰে পুষ্ট এটি দলৰ প্ৰতিগৰাকীকে চিনাক্ত কৰা অত্যন্ত কঠিন, আৰু ভৱিষ্যতে দল এইক্ষেত্ৰত অধিক কঠোৰ হ্ব বুলিও জনাই ।
গুৱাহাটীত ১৬,৫৭০জনক ভেকচিন প্রদান
ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে শনিবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে ভেকচিন প্রদান অভিযান৷ কালি মহানগৰ জিলাৰ ২৩,২৭৮গৰাকী লোকক ভেকচিন প্রদান কৰিছিল৷
দেওবাৰে মহানগৰীৰ ৫৮টা কেন্দ্রত মুঠ ১৬,৫৭০গৰাকী লোকক ক’ভিড ভেকচিন প্রদান কৰা হয়৷ মহানগৰ জিলা প্রশাসনে এসপ্তাহৰ ভিতৰত বাকী থকা প্রায় ১.৬০ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইফালে, দেওবাৰে গুৱাহাটী মহানগৰীত ২১,৪৩৫গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ২২৬গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷











