Home Blog Page 2990

ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড

ডিব্ৰুগড়ত ভয়াবহ অগ্নিকাণ্ড। বহু দোকান জুইত জাহ।

ডিব্ৰুগড় কল ৰোডত অগ্নি কাণ্ড। MD ইডৰিছ, MDহাকিম, সংগীত, K.K ইলেকট্ৰিক আদিকে কৰি বহু কেইটা বাস গৃহ সম্পূৰ্ণ ৰূপে ভস্মিভূত।

অগ্নি নিবাপিন বাহিনী চেষ্টা জুই নুমোৱা। বৰ্তমনলৈকে কমা নাই জুই।

BCPL পৰাও বহু বাহন আহি জুই নুমুৱা চেষ্টা।

কিহৰ কাৰণে জুই লাগিল গম পোৱা হোৱা নাই।

ব্যস্ত অঞ্চল কল ৰোডত সকলো দোকান বজাৰ খালি কৰিবলৈ ডিব্ৰুগড় জিলা প্ৰশাসনৰ নিৰ্দেশ।

চাবুৱাত লোহমৰ্ষক হত্যাকাণ্ড:স্বামীয়ে চোকা অস্ত্ৰৰে হানি হত্যা কৰিলে পত্নীক:আক্ৰমণ কৰিলে দুবছৰীয়া কন্যাক

মঙ্গলবাৰে নিশা চাবুৱাত সংঘটিত হয় এক লোমহৰ্ষক হত্যাকাণ্ড ।

স্বামীয়ে চোকা অস্ত্ৰৰে হানি খুঁচি হত্যা কৰিলে পত্নীক।

আনকি চোকা অস্ত্ৰৰে খুচি আহত কৰিলে নিজ দুবছৰীয়া কণমানি কন্যা পৰিস্মিতা নায়কক। ঘটনাৰ স্হান চাবুৱাৰ নেপালীপট্টি।জানিব পৰামতে অজিত নায়ক নামৰ ব্যক্তিজনে এইটো বাসগৃহতে বিচনাতে চোকা অস্ত্ৰৰে খুচি নিহত কৰে পত্নী মনিষা নায়কক। তেজে তুমৰলি হৈ পৰে সমগ্ৰ বিচনা। আনহাতে কণমানিটিৰ কান্দোন শুনাৰ পাছতহে ৰাতিপুৱাহে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ইয়াৰ পাছতে ঘটনাস্থলীত চাবুৱা আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে হত্যাকাৰী অজিত নায়কক।
ইফালে হত্যাকাৰী অজিত নায়কে চোকা অস্ত্ৰৰে খুচি গুৰুতৰভাৱে আহত কৰে নিজা দুবছৰীয়া কন্যা পৰিস্মিতা নায়কক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে লৈ যোৱা হৈছে AMCH-লৈ। আনফালে ঘৰত অসহায় হৈ পৰি ৰৈছে এতিয়া এই দুটি মৰমলগা পাঁচমহীয়া কন্যা সন্তান। অৱশ্যে বৰ্তমান সময়লৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ইতিমধ্যে এই হত্যাকাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে এতিয়া সমগ্ৰ চাবুৱাতে।

আমি পিন্ধা মাস্কখন ‘মাস্ক’ হয়নে? ই আমাক ৰক্ষা কৰেনে? বিশেষজ্ঞ চিকিৎসকৰ ভাষ্য শুনক।

আমি পিন্ধা মাস্কখন ‘মাস্ক’ হয়নে? ই আমাক ৰক্ষা কৰেনে? বিশেষজ্ঞ চিকিৎসকৰ ভাষ্য শুনক।

”যোগান বিভাগৰ অকালমৃত্যু”:অসম জাতীয় পৰিষদৰ দ্বাৰা যোগান বিভাগৰ শৱযাত্ৰা আৰু ব্ৰহ্মপুত্ৰত বিসৰ্জন

যোগান বিভাগৰ শৱযাত্ৰা

ক’ভিড্ মহামাৰীৰ এই বিভীষিকাময় সময়ছোৱাত ভূতৰ ওপৰত দানহ পৰাদি অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ অতিপাত মূল্যবৃদ্ধিয়ে জনসাধাৰণক চাৰিওফালৰ পৰা টেঁটুত চেপা দি ধৰিছে ৷ এফালে ক’ভিদ আতংক আনফালে বজাৰত বস্তুৰ জুইছাই দাম, ফলত জনসাধাৰণৰ নাজল-নাথল অৱস্থা।ক’ভিদ-হৈ নমৰিলেও নাখায় মৰাটো খাটাং বুলি আজি বহুতেই ভাবিবলৈ বাধ্য হৈছে।কিন্তু এনে পৰিস্থিতিটো চৰকাৰ- প্ৰশাসন নিৰ্বিকাৰ। মূল্য বৃদ্ধি ৰোধ কৰাৰ কোনো ব্যৱস্থাই নাই। আজি অস্তিত্বহীন যোগান বিভাগ। চৰকাৰে এই বিভাগটো বিলুপ্ত কৰা হ’ল বুলি ঘোষণা কৰাৰ পূৰ্বেই যেন ইয়াৰ অপমৃত্যু হ’ল। এক কথাত অকাল মৃত্যু। সেয়েহে অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা আৰু জিলা খনৰ জাতীয় যুৱ শক্তিৰ সদস্য সকলে আজি অকাল মৃত্যু হোৱা যোগান বিভাগৰ শৱযাত্ৰা কৰি বিভাগটোক ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে ৰাইজৰ বিপদ কালত অসম জাতীয় পৰিষদ দল কোনো কাৰণতে হাত সাৱটি বহি নাথাকে বুলি চৰকাৰ-প্ৰশাসনলৈ এক স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে।জনসাধাৰণক আওমৰণে মৰিবলৈ এৰি দি অসাধু ব্যৱসায়ী চক্ৰক পৰিস্থিতিৰ সুযোগলৈ অসৎ উপায়েৰে ধন ঘটাৰ সুবিধা কৰি দিয়াটো যদি তাৎক্ষণিক ভাৱে বন্ধ কৰি মূল্যবৃদ্ধি ৰোধ কৰা নহয় তেন্তে তেতিয়া দলে ৰাইজে যি নিৰ্দেশ দিব তাকে পালন কৰিব।ৰাইজে বিচাৰিলে দলে নিজে হাতে-কামে ব্যৱস্থা লবলৈ বাধ্য থাকিব। আজিৰ কাৰ্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সভাপতি সঞ্জীৱ বৰা, সম্পাদকদ্বয় প্ৰণৱ ডেকা, আছিফ আলী আৰু মহানগৰ যুৱশক্তিৰ সভাপতি শৈলেন কলিতা, সম্পাদকদ্বয় জিন্টু কলিতা আৰু মনোজ কলিতাই তীব্র ক্ষোভৰে এই কথা প্ৰকাশ কৰে।

হোজাই ভয়ংকৰ অঘটন৷ কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি থিতাতে মৃত্যু শ্রমিকৰ

হোজাই সংঘটিত ভয়ংকৰ অঘটন৷

হোজাই চহৰৰ কালীবাৰীত এজন শ্রমিকৰ মৃত্যু।

কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি আবদ্ধ হৈ থিতাতে মৃত্যু হয় মিথুন মণ্ডল নামৰ যুৱক।

কালিবাৰীৰ বিজয় দেৱনাথৰ গৃহত সংঘটিত হৈছে এই ঘটনা৷

বিজয় দেৱনাথে এমাহ পূৰ্বে দিয়া চাঁদ খোলাৰ কামত আজি নিয়োজিত কৰা হৈছিল শ্ৰমিককেইজনক৷

কাম কৰি থকাৰ সময়তে ঘৰৰ চাঁদ ভাগি যোৱাত চাদৰ তলত আৱদ্ধ হৈ পৰে শ্ৰমিক পিতা-পুত্ৰ সহ আন এজন৷

চাঁদৰ তলত আৱদ্ধ হৈ থিতাতে মৃত্যুক আঁকোৱালি লয় মিথুন মণ্ডল নামৰ যুৱকজনে৷ আনহাতে পিতৃ ধিৰান মণ্ডল আৰু আনজন শ্ৰমিক নাৰায়ন দাসো গুৰুতৰভাৱে আহত হয়৷

ঘটনাস্থলীত হোজাই আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ জেচিবিৰ সহায়ত শ্ৰমিকজনৰ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

আহত দুয়োজন শ্ৰমিকেক হোজাই FRU ত ভৰ্তি কৰা হয়৷

উক্ত ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে দেহত অক্সিজেনৰ পৰিমান বৃদ্ধি কৰে? সচা নে মিছা? DB FACTCHECK

কৰ্পূৰ,লং,আজৱাইন আৰু ইউকেলিপটাছৰ তেলে অক্সিজেনৰ পৰিমান বৃদ্ধি কৰাৰ কোনো বৈজ্ঞানীক প্ৰমান নাই।

দাবীটোৰ সত্যতা জানিবলৈ আমি আমি চৰকাৰ তথা বিশ্ব স্বাস্থ্য সংস্থাই ভাইৰেল দাবীটোৰ দৰে তেনেকুৱা কোনো নিয়ম ঘোষণা কৰিছে নেকি চালো। আমি এই সম্পৰ্কত তেনেকুৱা একো তথ্য নাপালো। তাৰ পিছত নিতৌ কোভিড ৰোগীৰ চিকিৎসা কৰি থকা খ্যাতিমান চিকিৎসক তথা গৱেষক ডা হিম্মতৰাে বাৱাস্কৰৰ সৈতে ভাইৰেল মেছেজটোৰ সত্যতা জানিবলৈ যোগাযোগ কৰিলো। তেওঁ স্পষ্ট কৰি দিলে যে মেছেজটো সম্পূৰ্ণৰূপে ভিত্তিহীন।

“যেতিয়া আমি কোভিড ১৯ৰ দৰে বিশ্বব্যাপী মহামাৰীৰ সৈতে যুঁজ কৰি থাকো,তেতিয়া মানুহে তেনেকুৱা মেছেজত বিশ্বাস কৰিব নালাগে। তথাকথিত সেই ঘৰুৱা উপচাৰসমুহ কৰ’ণাভাইৰাছৰ চিকিৎসাৰ ক্ষেত্ৰত প্ৰভাৱী নহয়।” ফেনত তেখেতে তেনেকৈ ক’লে।

কৰ্পূৰ হৈছে এবিধ টাৰপিন,যিটো সাধাৰণতে ক্ৰিম,মলম আৰু লোচনত ব্যৱহাৰ কৰা হয়।যদিও ইয়াক বিষ,খজুৱতী আৰু সুৰসুৰণিত ব্যৱহাৰ কৰা হয়, কিন্তু ইয়াৰ কোনো ভাল বৈজ্ঞানীক প্ৰমান নাই যে কৰ্পূৰ তেনেকুৱা আন কামত ব্যৱহাৰ কৰিব পাৰি। যদি আপুনি ইয়াৰ মাত্ৰাধিক ব্যৱহাৰ কৰে,তেনেহ’লে ই পাৰ্শ্বক্ৰিয়া কৰিব পাৰে।
লং যদিও স্বাস্থ্যৰ বাবে ভাল,তথাপি ই কোভিড১৯ ৰোগত চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱাৰ কোনো বৈজ্ঞানীক গৱেষণালব্ধ প্ৰমান নাই। একেধৰণে আজৱাইন হৈছে আজৱাইন নাম উদ্ভিদৰ গুটি। ইয়াত ভাৰতীয় খাদ্যত ব্যৱহাৰ কৰা হয়। সীমিত পৰিমানৰ কিছু গৱেষণাই কয় যে ই কাঁহ নিবাৰক হিচাপে বা হাওঁ-ফাওঁলৈ উশাহৰ পৰিমান বৃদ্ধিত সহায় কৰে। মানুহৰ স্বাস-প্ৰস্বাসজনিত ৰোগ বা কাঁহৰ ক্ষেত্ৰত আজৱাইনে কেনেধৰণৰ প্ৰতিৰোধ গঢ়ে তাৰ বাবে বিস্তাৰিত গৱেষণাৰ প্ৰয়োজন আছে।

আইএএনএছৰ তৰফৰ পৰা ড: নৰোত্তম কুমাৰৰ উদ্ধৃতিত কোৱা হৈছে,” মই এই মিশ্ৰনবোৰ সম্পৰ্কত সচেতনভাৱে নজৰ ৰাখিছো আৰু সম্পূৰ্ণৰূপে বিভ্ৰান্ত হৈছো। হোম আইছ’লেছনত থকা ৰোগীৰ বাবে তেনেকুৱা এটা উপচাৰ হৈছে এচামুচ ডালচিনিৰ গুড়ি গৰম পানীৰ সৈতে গ্ৰহন কৰা। ডালচিনিয়ে পেটৰ ভিতৰত কাৰ্বন ডাই অক্সাইডৰ পৰিমান বঢ়াই দিয়ে আৰু যাৰ ফলত ৰক্ত পৰিবাহী নলী বন্ধ হৈ ৰক্তপ্ৰৱাহ ৰৈ যাব পাৰে। ই গ্ৰীষ্মকালত হিতে বিপৰীত হ”ব পাৰে।”
পালমোনোলোজিষ্ট ড: সূৰ্য কান্তে ৰাইজক হোৱাটছএপৰ দিহা পালন নকৰি চিকিৎসকৰ সহায় ল’বলৈ আহ্বান জনায়।

আমি আনকি কোভিড ১৯ ৰোগীৰ চিকিৎসাত নিয়োজিত ডা: বালানুজ মজুমদাৰৰ সৈতে যোগাযোগ কৰোতে তেওঁৱো কৈছে যে এম্বুলেন্সত তেনেকুৱা কিবা মিশ্ৰন মজুত ৰখা কথাটো তেওঁ শুনায়ে নাই।গতিকে ভাইৰেল মেছেজটো বৈজ্ঞানীক গৱেষণালব্ধ নহয়। আমি আমাৰ পাঠকসকল তেনেকুৱা সত্যাসত্য নিৰূপিত নোহোৱা কথা বিশ্বাস নকৰিবলৈ আহ্বান জনাও।

চুমিলাক ন্যায় প্ৰদানৰ স্বাৰ্থত আমি কি কৰিব পাৰো? ‘ডিবি’ নিউজৰ জনমত গঠনৰ এক ক্ষুদ্ৰ প্ৰয়াস!

আহক একগোট হওঁ!

ছোচিয়েল মিডিয়াত চুমিলা ৰংহাংপিক ন্যায় প্ৰদান কৰাৰ বাবে জনমত গঠন কৰাত অসমৰ সংবাদ মাধ্যমৰ ভূমিকাক লৈ আলোচনা চলি থকাৰ মাজতে আমি দৈনন্দিন বাৰ্তা গ্ৰুপ আৰু ডিবি নিউজে আপোনালোকক আহ্বান জনাওঁ যে আপোনালোকৰ পৰামৰ্শ আমাক জনাওক। আমি আপোনালোকৰ লগত আছো

ডিব্ৰুগড়ৰ জকাইত বালি-পলস মাফিয়াৰ ছিণ্ডিকেট আৰু গুণ্ডাৰাজত অতিষ্ঠ সৰ্বসাধাৰণ।

বালি-পলস মাফিয়াৰ ছিণ্ডিকেট

ডিব্ৰুগড়ৰ জকাইত বালি-পলস মাফিয়াৰ ছিণ্ডিকেট আৰু গুণ্ডাৰাজত অতিষ্ঠ সৰ্বসাধাৰণ।নামত বৈধ কামত সম্পূৰ্ণৰূপে অবৈধভাৱে বালি-পলস খনন জকাইৰ বুঢ়ীদিহিঙৰ বুকুত। এই গুৰুতৰ অভিযোগ জকাইবাসীৰ। বনবিভাগক মেনেজ কৰি একাংশ বালি মাফিয়াই পৰিৱেশৰ প্ৰতি আনিছে তীব্ৰ ভাবুকি। বিস্তৃত অঞ্চলত বৃহৎ খহনীয়াৰ আশংকা। হৰে ঘাট দলঙলৈ কঢ়িয়াইছে অশনি বিপদ। উল্লেখ্য দলঙৰ সমীপত এটা সেউজীয়া চাপৰি, বদ্বীপ সদৃশ এলেকা মুক্তভাৱে খননৰ পাছতো বন বিভাগে অবলম্বন কৰিছে ৰহস্যজনক মৌনতা। ইফালে জকাইৰ ৰাইজে নিশ্চিত বিপদৰ আশংকাত জিলা প্ৰশাসনক এনে খনন কাৰ্য বন্ধ কৰিবলৈ দাবী জনোৱাৰ পাছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে মুকলি ক্ষোভ প্ৰকাশ কৰিছে। আনকি বালি পলস মাফিয়া চক্ৰই জিলা উপায়ুক্তক আপত্তি প্ৰদৰ্শন কৰা একাংশ মহিলাৰ ওপৰত ভুৱা গোচৰ তৰি ভয় ভাবুকি প্ৰদৰ্শন কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
বুঢ়ীদিহিং নৈৰ কাষত থকা পলস বালি দৈনিক জে চি বিৰে খান্দি শশ ডাম্পাৰ, ট্রেক্টৰে, ট্ৰাক আদিৰে ডিব্ৰুগড় জিলাৰ বিভিন্ন অঞ্চলত যোগান ধৰি আহিছে। দীর্ঘদিন ধৰি চলি অহা এই অবৈধ বালি আৰু পলসৰ ৰমৰমীয়া ব্যৱসায়ৰ জকাই খণ্ড বন বিষয়াৰ কার্যালয়ে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে৷

একেদিনাই শতাধিক পজিটিভ: বৰপেটা জিলাৰ মজলীয়া বিদ্যালয়ো বন্ধ ঘোষণা

বৰপেটা জিলাত কোভিড পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ মজলীয়া বিদ্যালয় সমূহো কাইলৈৰ পৰা বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্য চৰকাৰে আজি প্ৰকাশ কৰা নতুন নিৰ্দেশনাৰ আধাৰত কাইলৈৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ অনুৰ্ধৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব। জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ স্বাক্ষৰিত এটা নিৰ্দেশত এই কথা কোৱা হৈছে। এই নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী উভ‌য় ক্ষেত্ৰতে প্ৰযোজ্য হ’ব। অৱশ্যে ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা লাভ ক্ষতিগ্ৰস্ত নোহোৱাকৈ অন লাইন যোগে পাঠদান ব্যৱস্থা বাহাল ৰাখিবলৈ কোৱা হৈছে। আজি একে দিনাই  জিলাখনত শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইতিমধ্যে জিলাখনত মুঠ কৰোনা ৰোগীৰ সংখ্যাই এশ অতিক্ৰম কৰাৰ দিনাই জিলাখনৰ পঞ্চম শ্ৰেণীৰ পৰা নিম্ন শাখাৰ সকলো শ্ৰেণীৰে বিদ্যালয়ৰ পাঠদান বন্ধ কৰি দিয়া হৈছিল। অহা ৮ মে’লৈকে এই নিৰ্দেশ প্ৰযোজ্য হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। অৱশ্যে নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ শ্ৰেণীৰ বিদ্যালয়ত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত অংশ লোৱাৰ অনুমতি বাহাল ৰখা হৈছে। আজি অবিভক্ত বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত ৪১৮১জন লোকৰ কৰা পৰীক্ষাত ১২৯ জনৰ পজিটিভ পোৱা যায়। ইফালে জিলাখনৰ শেহতীয়া কোভিড পৰিস্থিতিৰ বিষয়ে আলোচনাৰ বাবে জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত আজি আবেলি এখন  সভা অনুষ্ঠিত হয়। জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰীয়া, সকলো অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা পৰিবহন বিষয়া, খাদ্য আৰু যোগান বিভাগৰ ভাৰপ্ৰাপ্ত উপসঞ্চালক, শ্ৰম বিষয়া আদিৰ উপস্থিতিত অনুষ্ঠিত সভাখনত সকলো দিশ খৰচি মাৰি আলোচনা কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ কোভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰি সময় সাপেক্ষ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে জিলা উপায়ুক্তই জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাসৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছে। সমিতিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াক মনোজ কুমাৰ ছিকাৰিয়াক উপাধ্যক্ষ আৰু জেষ্ঠ অতিৰিক্ত উপায়ুক্ত দিলীপ কুমাৰ বোথ্ৰাক সদস্য সচিব হিচাপে নিয়ুক্তি দিয়াৰ উপৰি সকলো অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা, জিলা তথ্য আৰু জনসংযোগ বিষয়া, জিলা পৰিবহন বিষয়া, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু শ্ৰম বিষয়াক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। কালি দেওবাৰে সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত কাইলৈও ইয়াৰ  এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ’ব।

টংলা তিনি আলি দৈনিক বজাৰত মৃতদেহ উদ্ধাৰ

ওদালগুৰি জিলাৰ টংলা টংলা থানাৰ অন্তৰ্গত আজি আবেলি প্ৰায় ২-২৬বজাত তিনিআলি দৈনিক বজাৰত এটি মৃতদেহ প্রত্যক্ষ কৰি ৰাইজে খবৰ দিয়াত টংলা আৰক্ষীয়ে উদ্ধাৰ কৰে।প্ৰায় ৩৫বছৰীয়া মৃত মহিলাগৰাকী ওখ পাঁচ ফুট ।প্ৰত্যক্ষ দৰ্শীয়ে জনোৱা মতে মৃত্যুৰ আগমুহূৰ্তলৈকে নিচা খাই মাতাল হোৱাও প্ৰত্যক্ষ কৰিছিল ।আনহাতে মৃতদেহটো অঘৰী মানুহৰে বুলিয়েই স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।প্ৰাপ্ত তথ্য মতে কেইদিনমান আগতে চৰাই চিৰিকটি চিকাৰ কৰি টংলা ৰেল ষ্টেচনত বসবাস কৰাও ৰাইজে প্ৰত্যক্ষ কৰিছিল।অচিনাক্ত মৃতদেহটি টংলা আৰক্ষী য়ে পোষ্ট মৰ্টেম কৰিবলৈ ওদালগুৰি লৈ প্ৰেৰণ কৰিব বুলি জানিব পৰা গৈছে।