Home Blog Page 2990

গুৱাহাটীত ১৬,৫৭০জনক ভেকচিন প্রদান

ৰাজ্য চৰকাৰৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে শনিবাৰৰ পৰা পুনৰ আৰম্ভ কৰিছে ভেকচিন প্রদান অভিযান৷ কালি মহানগৰ জিলাৰ ২৩,২৭৮গৰাকী লোকক ভেকচিন প্রদান কৰিছিল৷

দেওবাৰে মহানগৰীৰ ৫৮টা কেন্দ্রত মুঠ ১৬,৫৭০গৰাকী লোকক ক’ভিড ভেকচিন প্রদান কৰা হয়৷ মহানগৰ জিলা প্রশাসনে এসপ্তাহৰ ভিতৰত বাকী থকা প্রায় ১.৬০ লাখ লোকক ভেকচিন প্রদানৰ লক্ষ্য স্থিৰ কৰিছে৷ ইফালে, দেওবাৰে গুৱাহাটী মহানগৰীত ২১,৪৩৫গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হয়৷ ইয়াৰ ভিতৰত ২২৬গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে৷

২৪ ঘণ্টাত ৭০ হাজাৰ লোক কোৰোণাত আক্ৰান্ত, এটা সপ্তাহত ৩০ শতাংশ হ্ৰাস আক্ৰান্তৰ হাৰ

দেশত কোৰোণা ভাইৰাছৰ (Covid-19 Cases in India) দ্বিতীয় ঢৌত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা গৈছে। বিগত সপ্তাহত সংক্ৰমণৰ হাৰ ৩০ শতাংশ হ্ৰাস পাইছে। বিগত ২৪ ঘণ্টাত দেশত কোৰোণাত আক্ৰান্ত হৈছে ৭০ হাজাৰ ৪২১জন লোক। মৃত্যু হৈছে ৩৯২১জনৰ। ১ লাখ ১৯ হাজাৰ ৫০১জন লোক সুস্থ হৈ উঠিছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, দেশত এতিয়ালৈ ২ কোটি ৯৫ লাখ ১০ হাজাৰ ৪১০জন লোক কোৰোণাত আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত ২ কোটি ৮১ লাখ ৬২ হাজাৰ ৯৪৭জন লোক সুস্থ হৈ উঠিছে। এতিয়ালৈ ৩ লাখ ৭৪ হাজাৰ ৩০৫জন লোকৰ মৃত্যু হৈছে। বৰ্তমান ৯ লাখ ৭৩ হাজাৰ ১৫৮জন লোক আক্ৰান্ত হৈ আছে এই ভাইৰাছত।

লাহে লাহে শিথিল হ’ব কোভিড নিয়ম।দুটা ড’জ ভেকচিন লোৱা চৰকাৰী কর্মচাৰীক কার্যালয়ত যোগদানৰ নির্দেশ।

দীর্ঘদিনে চৰকাৰী কার্যালয়সমূহ বন্ধ ৰখাৰ ফলত প্ৰায় স্থবিৰ হৈ পৰিছে ৰাজ্যৰ প্রশাসনিক কাম–কাজসমূহ৷ এই স্থবিৰতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে জাৰি কৰিছে নতুন নির্দেশনা৷ সেই অনুসৰি ক’ভিড ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা চৰকাৰী কর্মচাৰীসকল আজিৰ পৰা নিয়মীয়াকৈ উপস্থিত থাকিব লাগিব কার্যালয়ত৷ অৱশ্যে ভেকচিনৰ দুয়োটা ড’জ গ্রহণ কৰা কর্মচাৰীসকলে কার্যালয়ত উপস্থিত থকাৰ সময়ত মানি চলিব লাগিব চৰকাৰে জাৰি কৰা ক’ভিড প্রট’কল৷

প্ৰথমতে চৰকাৰী আৰু বেচৰকাৰী কার্যালয় দিনৰ দুই বজালৈ খোলা ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছিল চৰকাৰে৷  কিন্তু পৰৱর্তী সময়ত চৰকাৰী–বেচৰকাৰী কার্যালয়সমূহ ১৫ জুনলৈ সম্পূর্ণৰূপে বন্ধ ঘোষণা কৰা হয়৷ ১৫ জুনলৈ চৰকাৰৰ এই এছ অ’ পি বাহাল থাকিব৷ ১৬ জুনৰ পৰা ক’ভিড নিয়ম শিথিল হ’ব বুলি আশা কৰা হৈছে।

ইপিনে ৰাজ্যত ভেকচিন প্রদানৰ প্রক্রিয়া ক্ষিপ্রতৰ কৰি তুলিছে স্বাস্থ্য বিভাগে৷ এই পর্যন্ত ৰাজ্যৰ মুঠ ৪৭ লাখ৫০ হাজাৰ অধিক লোকে। ইপিনে ক’ভিডৰ সংক্রমণ ক্রমাৎ হ্রাস পাবলৈ আৰম্ভ কৰাৰ প্রতি লক্ষ্য ৰাখি সমগ্র ৰাজ্যত ৰাজ্য চৰকাৰে আৰোপ কৰা কঠোৰ নীতি–নির্দেশনা শিথিল কৰাৰ চিন্তা–চর্চা আৰম্ভ হৈছে৷ এনে পৰিপ্ৰেক্ষিতত দুটা ড’জ লোৱা চৰকাৰী কৰ্মচাৰীসকলক কাৰ্যালয়লৈ অহাৰ নিৰ্দেশ দিছে চৰকাৰে।

নলবাৰীৰ বিভিন্ন ঠাইত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী

স্বেচ্ছাসেৱী সংগঠন ৰেইজ ৰ উদ্যোগত নলবাৰী বৰভাগত কোভিড ভেকচিন প্ৰদান কৰা হয়  । বৰভাগৰ কালাগ হাটখোলাস্থিত বৰগভাগ যুৱ সমাজৰ কাৰ্যালয়ত এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী ৰূপায়ণ কৰা হয়  । বৰভাগ অঞ্চলৰ ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক এই কোভিড ভেকচিন প্ৰদান কৰা হয়  । এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিক ভাৱে  শুভাৰম্ভ কৰে বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই । তদুপৰি এই ভেকচিন প্ৰদান কাৰ্যসূচীত উপস্থিত থকা স্বাস্থ্য বিষয়া সহ স্বাস্থ্যকৰ্মী সকলক প্ৰাক্তন বিধায়ক নাৰায়ন ডেকাই গামোচাৰে সম্বৰ্দ্ধনা জনাই  । উল্লেখ্য যে এই ভেকচিন প্ৰদান কাৰ্যসূচীত অঞ্চলটোৰ প্ৰায় ২০০ গৰাকী লোকে কোভিড ভেকচিন গ্ৰহণ কৰে । আজিৰ এই কোভিড ভেকচিন প্ৰদান কাৰ্যসূচীত নলবাৰী জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা,বৰভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি মহিন্দ্ৰ শৰ্মা প্ৰমুখ্যে বহু কেইজন দলটোৰ কৰ্মী উপস্থিত থাকে  ।
          আনহাতে নলবাৰী জিলাৰ গোপালবজাৰস্থিত জ্ঞানপীঠ হাইস্কুলত ও ৪৫ বছৰ ঊৰ্ধৰ ব্যক্তি সকলক কোভিড ভেকচিন প্ৰদান কৰা হয়  । ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আৰু নলবাৰী স্বাস্থ্য বিভাগৰ সহযোগত ৪ নং খাটা গাওঁ পঞ্চায়তৰ অন্তৰ্গত ১২২ নং বুথৰ ৪৫ বছৰ ঊৰ্ধৰ ২০০ ব্যক্তিক এই কোভিড ভেকচিন প্ৰদান কৰা হয়  । আজিৰ এই কাৰ্যসূচীত নলবাৰী স্বাস্থ্য বিভাগৰ চিকিৎসক, স্বাস্থ্যকৰ্মী, নলবাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মী সকল ,ভাৰতীয় জনতা পাৰ্টিৰ নলবাৰী সমিতিৰ বিষয়ববীয়া,৪ নং গাওঁ পঞ্চায়তৰ প্ৰতিনিধি সকল, বুথৰ কাৰ্যকাৰী সভাপতি সহ প্ৰমুখ্যে দলটোৰ কৰ্মকৰ্তা সকল  উপস্থিত থাকে  ।

কণ্টেইনমেণ্ট হোমত থকা ৰাইজৰ মাজত খাদ্য সামগ্ৰী ,মাস্ক,চেনিটাইজাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

সমগ্ৰ দেশৰ লগতে নগাঁৱতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ। বৰ্তমানলৈকে জিলাখনত ১৩ হাজাৰৰো অধিক ব্যক্তি ক’ৰোণাত আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে ৭৪জন ব্যক্তিয়ে ক’ৰোণাত প্ৰাণ হেৰুৱাইছে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক’ৰোণাৰ ব্যাপক সংক্ৰমণ ঘটিছে। ইতিমধ্যে নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাইয়ো সমষ্টিটোৰ চিকিৎসালয় সমূহত থকা ক’ভিদ ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে সমষ্টিটোৰ অন্তৰ্গত কণ্টেইনমেণ্ট জ’ন আৰু কন্টেইনমেন্ট হোম সমূহতো সাধাৰণ জনতাৰ অসুবিধাৰ বুজ লোৱা দেখা গৈছে। আজিও বিধায়ক গৰাকীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তুলসী দেউৰী পঞ্চায়ত,দক্ষিণপাট গাঁও পঞ্চায়ত,পাখিমৰীয়া গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত  কণ্টেইনমেণ্ট হোমত থকা পৰিয়াল সমূহৰ খবৰ লোৱাৰ লগতে তেঁওলোকে সন্মুখীন হোৱা সমস্যাৰো বুজ লয়। লগতে এই জটিল সন্বিক্ষণত কন্টেইনমেন্ট হোমত থকা পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে তেওঁলোকৰ  মাজত প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ টোপোলাৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।খাদ্য সামগ্ৰী বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমানৰ চৰকাৰখনে সাধাৰণ ৰাইজৰ সকলো সমস্যা সমাধানৰ বাবে যৎপৰোনস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। আশাকৰো ইয়াৰ জৰিয়তে ৰাইজসকল উপকৃত হব।

যাত্ৰীৰ সুবিধাৰ বাবে অসমৰ পৰা বহিঃ ৰাজ্যলৈ দুখন সাপ্তাহিক ৰেল

ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ মাজতো যাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ পূৱ সীমান্ত ৰেলৱে কৰ্তৃপক্ষই ইয়াৰ পৰিসৰত অন্তৰ্ভূক্ত ৰাজ্য কেইখনৰ পৰা অহা ২১ মে’ৰ পৰা সাতখনকৈ বিশেষ সাপ্তাহিক ৰেল চলাচল কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত দুখন বিশেষ সাপ্তাহিক ৰেল অসমৰ দুটা ৰেল ষ্টেচনৰ পৰা  চলাচল কৰিব । উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া শুভানন চন্দই জানিবলৈ দিয়া মতে  অসমৰ পৰা চলাচল কৰিবলগীয়া ৰেল দুখন হল ক্ৰমে  ০৫৬১৯/৫৬২০ কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক  এক্সপ্ৰেছ আৰু ০৩১৮১/৩১৮২ কলকাতা – শিলঘাট  টাউন – কলকাতা বিশেষ সাপ্তাহিক এক্সপ্ৰেছ । ইয়াৰ ভিতৰত কামাখ্যা – গয়া – কামাখ্যা বিশেষ সাপ্তাহিক ৰেলখন অহা ২১ জুনৰ পৰা সপ্তাহৰ  প্ৰতি সোমবাৰে পুৱা ৬.৩০ বজাত কামাখ্যা ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা পুৱা ৫.২৯ বজাত গৈ গয়া ষ্টেচন পাব । তেনেদৰে ২২ জুনৰ পৰা  সপ্তাহৰ প্ৰতি মঙলবাৰে বিশেষ সাপ্তাহিক ৰেলখন  দুপৰীয়া  ১২.৫৫ বজাত গয়া ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু পাছদিনা দুপৰীয়া ১২.৩০ বজাত আহি কামাখ্যা ষ্টেচন পাব । আনহাতে কলকাতা – শিলঘাট – কলকাতা বিশেষ সাপ্তাহিক ৰেলখন ২১ জুনৰ পৰা প্ৰতি সপ্তাহৰ   সোমবাৰে  কলকাতা আৰু ২২ জুনৰ পৰা  প্ৰতি সপ্তাহৰ মঙলবাৰে শিলঘাট ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিব । আনহাতে দুয়োখন ৰেলৰে   যাত্ৰাকালত ৰাখিব লগীয়া ষ্টেচন , সময়সূচি  আদিৰ বিতং তথ্য ৰেলৱেৰ  ৱেবচাইটত আৰু উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ বিভিন্ন চ’ছিয়েল  মিডিয়াত উপলব্ধ হব বুলি মুখ্য  জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰি কৰিছে ।

সত্ৰৰ মাটি বেদখলকাৰীৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে মন্ত্ৰী ৰনজিৎ কুমাৰ দাস

বৰপেটাৰ হাউলিত উপস্থিত মন্ত্রী ৰঞ্জিত কুমাৰ দাস।বৰপেটাৰ হাউলী অঞ্চলৰ ঐতিহাসিক মৈৰামাৰা সত্ৰৰ ভূমি বেদখল কৰাক লৈ বিশেক তৎপৰতা  হাতত লৈছে।  তৎকালীনভাৱে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক তথা সংশ্লিষ্ট বিষয়াবৰ্গক উক্ত বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে  নিৰ্দেশ দিয়ে ।  তেনে এক পৰিপ্ৰেক্ষিততেই আজি জিলা প্ৰশাসনৰ সমূহ বিষয়া সকল সত্ৰখনত উপস্থিত হৈ তৎপৰতাৰে সত্ৰৰ মাটিখিনিত  শান্তিপূৰ্ণ ভাবে সীমা নিৰ্ধাৰণ কৰাৰ সমান্তৰালকৈ মাটিৰ পট্টা থকা ব্যক্তিসকলক তেওঁলোকৰ ব্যক্তিগত মাটিৰ চিনাক্তকৰণ কৰি দিয়ে।  ইয়াৰ লগতে, তেখেতে তিনিওখন জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে সংশ্লিষ্ট সকলোলৈকে আহ্বান জনায় যে সত্ৰৰেই হওঁক অথবা মছজিদেই হওঁক নাইবা গীৰ্জাই হওঁক, কোনো লোকেই যাতে এনে ধৰ্মীয় অনুষ্ঠানৰ মাটি বেদখল কৰিব   নোৱাৰে তাৰ প্ৰতি আব্বান জনায়।

কৃষিমন্ত্ৰী অতুল বৰাৰ দ্বাৰা শিৱসাগৰত স্থানীয় সমবায় সমিতিৰ উদ্যোগত গ্ৰহণ কৰা সমূহীয়া কৃষি কাৰ্যৰ শুভাৰম্ভ

অসম চৰকাৰৰ কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, অসম চুক্তি ৰূপায়ণ আৰু সমবায় বিভাগৰ মন্ত্ৰী অতুল বৰাই আজি শিৱসাগৰ জিলাৰ জয়সাগৰ স্থিত ডিমৌ পথাৰত ১৯৬০ চনতে প্ৰতিষ্ঠা লাভ কৰা বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত ১৪৫ বিঘা মাটিত গ্ৰহণ কৰা কঠিয়া সিঁচা কাৰ্যসূচীৰ অনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। সমবায় সমিতি খনৰ সদস্য সকলৰ লগতে কৃষিজীৱী ৰাইজক উৎসাহিত কৰাৰ উদ্দেশ্যে কৃষি মন্ত্ৰী গৰাকীয়ে নিজে পথাৰত নামি গৈ কঠিয়া সিঁচে। তেওঁৰ লগতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ আৰু সোণাৰী সমষ্টিৰ ধৰ্মেশ্বৰ কোঁৱৰেও শালি ধানৰ কঠিয়া সিঁচে। এই সমূহীয়া কৃষি কাৰ্যৰ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা সভাত কৃষি মন্ত্ৰী অতুল বৰাই বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ উদ্যোগত গ্ৰহণ কৰা সমূহীয়া কৃষি কাৰ্যক এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি আখ্যা দি সমবায় সমিতিৰ এই কাৰ্যই কৃষিকৰ্মত মনোনিবেশ কৰিবলৈ গাঁৱৰ ৰাইজক উৎসাহিত কৰিব বুলি উল্লেখ কৰে। তেওঁ কেন্ত্রীয় তথা ৰাজ্য চৰকাৰে কৃষি তথা আনুষংগিক খণ্ড সমূহৰ উন্নয়নৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে বুলি কয়। গ্রাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ বাবে কৃষি খণ্ডত অধিক মনোনিবেশ কৰিব লাগিব বুলি তেওঁ মত প্ৰকাশ কৰে। বিগত বৰ্ষত ৰাজ্যখনত উৎপাদিত শস্য বিদেশৰ বজাৰত প্ৰেৰণ কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ক’ভিডৰ সমস্যা দূৰ হলে এই প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰা হ’ব। তেওঁ সমবায় সমিতি সমূহক শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ বিভাগীয় বিষয়া সকলক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ জাৰি কৰা বুলি অৱগত কৰে। তেওঁ কয় যে, ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ বৰ্ষৰ ভিতৰত কৃষকৰ আয় দুগুণ বৃদ্ধি কৰাৰ লক্ষ্য ধাৰ্য কৰিছে। এই লক্ষ্যত উপনীত হ’বলৈ কৃষিজীৱী ৰাইজ, কৃষি বিভাগ তথা প্ৰশাসনে ঐক্যবদ্ধ প্ৰচেষ্টা হাতত ল’ব লাগিব বুলি তেওঁ উল্লেখ কৰে। নিজ বক্তব্যত তেওঁ অসম চৰকাৰে কৃষিখণ্ড আৰু কৃষকৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপ সমূহৰ বিষয়ে উল্লেখ কৰি ৰাইজক এই সমূহৰ দ্বাৰা লাভান্বিত হ’বলৈ আগবাঢ়ি আহিবলৈ কয়। তেওঁ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখন ৰূপে গঢ়ি তোলাৰ সপোন সাৰ্থক কৰাৰ বাবে ৰাজ্যত এক শক্তিশালী কৰ্ম সংস্কৃতি গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কৃষক সকলক একেডৰা মাটিতে বছৰত দুবাৰ-তিনিবাৰ কৈ খেতি কৰিবলৈ মনোনিবেশ কৰিবলৈ আহ্বান জনায়। তেওঁ ফাৰ্মাৰছ প্ৰডিউচাৰ্ছ কোম্পানীৰ লগতে ভবিষ্যতে ৰাজ্যখনত বৃহৎ বজাৰ, কোল্ড ষ্টৰেজ, কোল্ড ৰুম আদি গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱাৰ কথা উল্লেখ কৰে। সভাত অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহনে সমবায় সমিতিখনে হাতত লোৱা সমূহীয়া কৃষি কাৰ্যৰ এই প্ৰচেষ্টাৰ ভূয়সী শলাগ লৈ এনে পদক্ষেপ নৱ প্ৰজন্মৰ বাবে অনুকৰণীয় হ’ব বুলি মত পোষণ কৰে। সমবায় সমিতিৰ লগত জড়িত সদস্য সকল আৰ্থিক ভাৱে লাভান্বিত  হোৱাৰ লগতে এনে পদক্ষেপে নিবনুৱা সমস্যা সমাধানৰ পথো প্ৰশস্ত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ কৃষি বিভাগৰ দ্বাৰা প্ৰদান কৰা সা-সুবিধা সমূহৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ পোষকতা কৰে। তেওঁ কয় যে, পথাৰ আৰু বজাৰ দখল কৰিব পাৰিলে অসমখন স্বাৱলম্বী হ’ব পাৰিব। তেওঁ লগতে উল্লেখ কৰে যে, বানপানী তথা অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক ক্ষীপ্ৰতাৰে ক্ষতিপূৰণ প্ৰদান কৰাৰ বাবে শেহতীয়া ভাৱে উপায়ুক্ত সকলক কৰ্তৃত্ব প্ৰদান কৰা হৈছে। আজিৰ সভাত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে নিজ বক্তব্যত বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডৰ পদক্ষেপৰ দ্বাৰা যুৱ-প্ৰজন্ম কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী হ’ব বুলি মত প্ৰকাশ কৰে। সমবায় সমিতিখনে কৃষিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বুলিও তেওঁ মত প্ৰকাশ কৰে। তেওঁ এই পদক্ষেপ সুদূৰ প্ৰসাৰী হ’ব বুলি বিশ্বাস ব্যক্ত কৰে। সাংসদ গৰাকীও কৃষক সকলক বছৰৰ দুবাৰ- তিনিবাৰকৈ খেতি কৰি লাভান্বিত হ’বলৈ আহ্বান জনায়। সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাই বীৰাংগনা মূলাগাভৰু কৃষিপাম সমবায় সমিতি লিমিটেডে সমূহীয়া কৃষি কাৰ্যৰ পদক্ষেপ গ্ৰহণৰ দ্বাৰা স্বাৱলম্বী আৰু স্ব-নিৰ্ভৰশীল হোৱাৰ নিদৰ্শন দাঙি ধৰিছে বুলি উল্লেখ কৰে। এনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি জনসাধাৰণক তেওঁ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰি তুলিবলৈ আহ্বান জনায়। তেওঁ সমবায় ব্যৱস্থাপনাক এক আন্দোলন ৰূপে গঢ়ি তোলাৰ পোষকতা কৰে। এই সভাত নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, জিলা কৃষি বিষয়া নীহাৰ ৰঞ্জন বৰুৱা, থাওৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক কুশল দুৱৰী, সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে। ইয়াৰ পিছত কৃষি আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই স্থানীয় আবৰ্ত ভৱনত তেওঁৰ অধীনস্থ বিভাগ সমূহ যেনে- কৃষি, উদ্যান শস্য, পশুপালন আৰু পশু চিকিৎসা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন, সমবায় আদি বিভাগৰ জিলা পৰ্য্যায়ৰ  বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰী গৰাকীয়ে এই বিভাগ সমূহৰ অধীনত ৰূপায়ণ হৈ থকা আঁচনি সমূহৰ অগ্ৰগতিৰ বুজ লয়। তেওঁ লগতে বিভাগ সমূহে সন্মুখীন হোৱা অভাৱ আৰু সমস্যা সমূহৰ বিষয়ে সবিস্তাৰে উপায়ুক্তৰ মাধ্যমেৰে অৱগত কৰিবলৈ কয়। এই সমস্যা সমূহৰ সমাধানকল্পে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰে। বৈঠকত তেওঁ আগন্তুক সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ অৰ্থে বিভাগীয় প্ৰস্তুতি সম্পৰ্কেও বুজ লয়। তেওঁ লগতে অসম-নাগালেণ্ড সীমান্তত অৱস্থিত সীমান্ত আৰক্ষী চকী, শান্তি-শৃংখলাৰ পৰিস্থিতি, যাতায়ত ব্যৱস্থা, বিদ্যুৎ যোগান, খোৱাপানীৰ ব্যৱস্থা আদি সম্পৰ্কে বিস্তৃত ভাৱে বুজ লয়। মন্ত্ৰী গৰাকীয়ে আৰক্ষী বিভাগক ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ ক’ভিড-১৯ নিয়ন্ত্ৰণ ব্যৱস্থাপনা সন্দৰ্ভত এক অৱলোকণ দাঙি ধৰে। বৈঠকত দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতি, অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগ, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাৰ লগতে বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

বীৰাগংনা মুলা গাভৰু কৃষিপাম সমবায় সমিতি উদ‍্যোগত : বিহুগীতৰ মাজেৰে কঠিয়া সিঁচিলে মন্ত্ৰী বিধায়ক-সাংসদে

Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos

 অসমৰ কৃষিৰ সমান্তৰালভাৱে  সমবায় খ‌ণ্ডত এক  নতুন সম্ভাৱনা সৃষ্টি কৰি আজি শিৱসাগৰ জিলাৰ বীৰাগংনা মুলা গাভৰু কৃষি পাম  সমবায় সমিতিৰ  কৃষিকৰ্ম কঁঠিয়া সিঁচি  শুভাৰম্ভণি  ৰাজ্য খনৰ কৃষিমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে । অসমীয়া কৃষিজীৱী সমাজৰ  বাবে অত‍্যন্ত গুৰুত্ব পুৰ্ণ শালিখেতিৰ কঁঠিয়া সিঁচা এই অনুষ্ঠানত বিহুগীত জুৰি এক হষ্-উল্লাসৰ মাজেৰে ৰাজ‍্যখনৰ ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাকে ধৰি বহু সংখ্যক বিষয়া, কৃষক ৰাইজে অংশগ্ৰহণ কৰে । উল্লেখ যোগ‍্য যে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ মেছাগড়, জতকীয়া আদি অঞ্চলৰ ৬৭ জন কৃষক একত্ৰিত হৈ ১৯৬০ চনতে ৰাজ‍্যখনৰ দ্বিতীয় খন কৃষিপাম সমবায় সমিতি গঠন কৰি ঐতিহাসিক ডিমৌ পথাৰত সমুহীয়া ভাবে শালিখেতি কৰি আহিছে ।এই বছৰো কৃষক সকলে সমুহীয়া ভাবে ১৪৫বিঘা মাটিত শালিখেতি কৰাৰ প্ৰস্তুতি চলাই ১০ বিঘাৰো অধিক মাটিত কঠিয়া পৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । আজিৰ এই কঠিয়া সিচা কাৰ্য্যসূচীৰ অন্তত অনুস্থিত এক সভাত কৃষি মন্ত্ৰী জনে কয় যে সম্পতি ৰাজ্য চৰকাৰে অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বহু বোৰ অভিলাসী আঁচনি প্ৰস্তুত কৰিছে । অসমৰ কৃষক ৰাইজে যাতে একেদৰা মাটিতে তিনি তৰপীয়া কৃষি কাৰ্য্য কৰিব পাৰে তাৰ এক বাস্তৱ সম্মত পদক্ষেপ গ্ৰহণ কৰা হব ।  সমুহীয়া ভাবে কৃষি কৰ্মৰ বাবে  সংগঠিত হৈ বীৰাগংনা মুলা গাভৰু কৃষি পাম সমবায় সমিতিয়ে যি পদক্ষেপ লৈছে তাক প্ৰশংসা কৰি মন্ত্ৰীজনে ইয়াৰ যোগেদি অসমৰ কৃষক সমাজ উৎসাহিত হব বুলি মত পোষণ কৰে সভাত ৰাজহ মন্ত্ৰী যোগান মহন, সাংসদ তপন কুমাৰ গগৈ , উপায়ুক্ত বিষ্ণু কমল বৰাই নিজ নিজ ভাসণত কৃষি পাম সমবায় সমিতিৰ এনে পদক্ষেপক উৎসাহজনক বুলি মন্তব্য প্ৰকাশ কৰি সমবায় সমিতিখনক কৃষি, সমবায় বিভাগৰ লগতে অন‍্যান‍্য যাৱতীয় সহযোগ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে ।। 

Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos
Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos
Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos

 

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ এমাহপূৰ্তি : বঙাইগাঁৱত দলৰ মুখপাত্ৰ মনোজ বৰুৱাই সংবাদলত দাঙি ধৰিলে সফলতাৰ খতিয়ান

এমাহতে এখন চৰকাৰৰ কাম- কাজ সন্দৰ্ভত এটা স্পষ্ট আৰু স্বচ্চ ধাৰণা ল’ব পৰাকৈ সকলোখিনি সামগ্ৰীক আন্তঃ গাঁথনি সন্পূৰ্ণ কৰাতো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও আমি অসম প্ৰদেশ বিজেপিৰ তফৰ পৰা গৌৰাম্বিত যে এইখন চৰকাৰে এমাহতে কিন্তু কিছুমান পদক্ষেপৰ জৰিয়তে এটা সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম  হৈছে ৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাৰ ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ অসম চৰকাৰৰ এমাহ কাৰ্যকালৰ সফলতা সম্পৰ্কে প্ৰদেশ বিজেপিৰ তৰফৰ পৰা  খতিয়ান দাঙি ধৰাৰ উদ্দেশ্যে শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ ৰাজ্যিক মুখপাত্ৰা মৱোজ বৰুৱাই এই মন্তব্য কৰে ৷ বঙাইগাঁও জিলা বিজেপিৰ  সভানেত্ৰী হিমানী অধিকাৰী , উপ সভাপতি কৌস্তৱ কুমাৰ দাস ,  কোষাধ্যক্ষ মদন আগৰৱালা আদি উপস্থিত থকা সংবাদ মেলত প্ৰদেশ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে ‘আমি ক’ব বিচৰা নাই যে এই এমাহতে সকলো বিষয় সমাপ্ত হৈছে ৷ এমাহতে সকলো বিষয় সমাপ্ত হোৱাতো সম্ভৱপৰো নহয় ৷ কিন্তু এটা সুন্দৰ আৰম্ভণি কৰিবলৈ চৰকাৰখন সক্ষম হৈছে আৰু তাৰ কাৰণে অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ আন্তৰিক শুভেচ্ছা ,অভিনন্দন আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো ‘৷  সংবাদ মেলত মুখপাত্ৰ মনোজ বৰুৱাই উল্লেখ কৰি কয় যে এইখন চৰকাৰৰ আগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ আছিল সেই মিত্ৰজোঁটৰ চৰকাৰখনে সামগ্ৰিকভাৱে অসমত সকলো ধৰণৰ আন্তঃ গাঁথনি সম্পূৰ্ণ কৰাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰি এটা সফল কাৰ্যকাল সমাপ্ত কৰিছিল ৷ সেই যি আন্তঃ গাঁথনি তৈয়াৰ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত যি ইতিবাচক প্ৰেক্ষাপট আৰু ইতিবাচক পৃষ্ঠভূমি সৃষ্টি হৈছিল তাৰ আধাৰত নতুন চৰকাৰখনে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আগন্তুক দিনত অসমক উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি প্ৰদেশ বিজেপিয়ে অনুভৱ কৰে ৷  মুখপাত্ৰগৰাকীয়ে চৰকাৰখনৰ কোইবাটাও সফলতাৰ দিশ আঙুলিয়াই দি কয় যে আজিৰ সময়ত ক’ভিড- ১৯ জনিত যি এক পৰিৱেশ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে সেই ক’ভিড ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতে হওক বা এই গোটেই ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰতে হওক দেশৰ ভিতৰতে অসমে অন্যতম  সফল ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷ ক’ভিডৰ প্ৰথম ঢৌৰ সময় তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও শক্তিশালীভাৱে মোকামিলা কৰিবলৈ সক্ষম হৈছিল ৷ অসমৰ তুলনাত আন উন্নত ৰাজ্যত যি ধৰণৰ ক’ভিডকালীন পৰিৱেশ- পৰিস্থিতিৰ সৃষ্টি হৈছিল তেনে ধৰণৰ অৱনতি নোহোৱাকৈ সামগ্ৰিকভাৱে গোটেই বিষয়টো তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত মোকামিলা কৰিবলৈ সক্ষম হৈছিল ৷ ঠিক সেইদৰে বৰ্তমান ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তো দিল্লী ,মুম্বাই আদিৰ দৰে মহানগৰৰ লগতে উন্নত ৰাজ্যসমূহৰ তুলনাত অসমত ক’ভিড সৃষ্ট যিটো পৰিৱেশ সেই ক’ভিড সৃষ্ট পৰিৱেশত কিন্তু অসমৰ জনসাধাৰণে আতংকিত হ’বলগীয়া পৰিৱেশ হোৱা নাই ৷ এয়া হৈছে কেৱল চৰকাৰৰ ক’ভিড ব্যৱস্থাপনাৰ যি নীতি আৰু পৰিকল্পনা তাৰ কাৰ্যকাৰিতাৰ ফলত ৷ বৰ্তমানো ক’ভিডৰ যি দ্বিতীয় ঢৌ চলি আছে তাক এইখন চৰকাৰে বহু পৰিমাণে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰৰ তৎপৰ পদক্ষেপৰ বাবে অন্যান্য ৰাজ্যত সম্পূৰ্ণ লক ডাউনৰ বিপৰীতে অসমত আংশিক লক ডাউনৰ জৰিয়তে ক’ভিডৰ দ্বিতীয় ঢৌক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ৷ এয়া নিশ্চয়কৈ ভাল খবৰ ৷ অৱশ্যে এয়া কেৱল চৰকাৰী প্ৰচেষ্টাতে যে সম্ভৱ হৈছে সেইটো নহয় ৷ চৰকাৰৰ যিসমূহ নীতি- নিৰ্দেশনা আছে , যি সমূহ স্বাস্থ্য বিভাগৰ নীতি- নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ অসমৰ জনসাধাৰণে মানি চলাৰ লগতে চৰকাৰৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ যি এক ইতিবাচক দিশ তাৰ ফলত ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি কৈ চৰকাৰক ইয়াৰ বাবে দলৰ তৰফৰ পৰা ধন্যবাদ জনায় ৷ মুখপাত্ৰ বৰুৱাই এই পৰ্যন্ত ৰাজ্যত ৪৫ লক্ষাধিক লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে বুলি কৈ গুৱাহাটী মহানগৰীৰ প্ৰায় ৬ লাখ লোকক ভেকচিন দিয়া হৈছে বুলিও উল্লেখ কৰে ৷ মাজতে ভেকচিনৰ উৎপাদন সম্পৰ্কীষ বিষয়ৰ বাবে সমগ্ৰ দেশতে ভেকচিনৰ নাটনি হোৱাতো দৃষ্টিগোচৰ হৈছে ৷ কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে যে অহা জুলাই মাহৰ পৰা অসমত দৈনিক ৩ লাখ ৫০ হাজৰজন লোকক ভেকচিন প্ৰদান কৰা হ’ব ৷ অহা ১৫ আগষ্টৰ পূৰ্বে ৰাজ্যখনৰ জনসাধাৰণক প্ৰথম পালি ভেকচিন প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি কামত আগবাঢ়িছে ৷ আনহাতে ক’ভিড ভেকচিনেচনৰ কাৰণে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ দান – বৰঙণি বিচাৰি যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত ইতিমধ্যে ১১২.৭৮ কোটি টকা সংগৃহীত হৈছে বুলি উল্লেখ কৰে ৷ এই ধনৰ ৫০ কোটি টকাৰে চৰকাৰে ভেকচিন ক্ৰয় কৰিছে যদিও আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ ভেকচিন যোগান ধৰিব বুলি কৈছে, সেয়ে এই পুঁজিৰ সদব্যৱহাৰৰ কাৰণে ৰাজ্য চৰকাৰে নিশ্চয় বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে ৰাজ্য চৰতাৰখনে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ অধীনত ক’ভিডত পিতৃ- মতৃ অথবা উপাৰ্জনকাৰী পিতৃক হেৰুৱা শিশুৰ বাবে প্ৰতি মাহে ৩,৫০০ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি আঁচনিখন শুভাৰম্ভ কৰিছে বুলিও কয় ৷  ইয়াৰ উপৰিও ক’ভিডত আক্ৰান্ত হৈ স্বামীক হেৰুৱা বিধবা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ২.৫০ লাখ টকাৰ সাহাৰ্য চৰকাৰে আগবঢ়াব ৷ ক’ভিডৰ সময়ত আন ৰাজ্যত আই চি ইউ আৰু অক্সিজেনৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু অসমত সুন্দৰভাৱে অক্সিজেনৰ যোগান ধৰিবলৈ চৰকাৰখন সক্ষম হৈছে ৷ ইতিমধ্যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয় তথা জিলা চিকিৎসালয়সমূহত৷মুঠ ৩৬০ খন আই চি ইউ বিচনা স্থাপন কৰা হৈছে ৷ চিকিৎসা মহাবিদ্যালয় কেইখনত ৫১৫ খন অক্সিজেনযুক্ত বিচনা স্থাপনৰ লগতে অন্যান্য চিকিৎসালয়তো এনে ব্যৱস্থা কৰা হৈছে ৷ সৰু সজাইত ডিলআৰ ডি অৰ দ্বাৰা আৰু জি এম চি এইচৰ পাৰ্কিঙতো আই চি ইউ বিচনা তথা অক্সিজেনযুক্ত বিচনা স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে সংবাদ মেলত মুখপাত্ৰগৰাকীয়ে কয় যে বিজেপি মিত্ৰজোঁটৰ    চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি এক  ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ বিগত সময়ছোৱাত বিশেষকৈ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচতে  এটা ভাঙি- চিঙি যোৱা আন্তঃ গাঁথনিৰ মাজত কাম কৰিবলগীয়া হৈছিল ৷ আৰক্ষী প্ৰশাসনকে ধৰি সামগ্ৰিক প্ৰশাসনীয় ব্যৱস্থাটোৱেই হওক ইয়াক এটা পৰ্যায়লৈকে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিগত চৰকাৰখনে যথেষ্ট শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছিল ৷ তাৰ ফলশ্ৰুতিতে আজি এইখন চৰকাৰে এটা শক্তিশালী অভিযান চলাবলৈ সক্ষম হৈছে ৷ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চলা এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে প্ৰায় ৪৫০ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ৭৮৫ জনৰো অধিক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে  ৷ জব্দ হৈছে প্ৰায় ২৫ কোটি টকাৰ হেৰ’ইন – গাঞ্জা আদি ৷ উদ্ধাৰ হৈছে বহু লাখ নগদ ধন ৷
 আনহাতে এইখন চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল  অ’এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুক্তি ৷ তেওঁ কয় যে অসমৰ জনসাধাৰণে দীৰ্ঘদিনৰ পৰা বিচাৰি আহিছে যে আলফাৰ সৈতে চৰকাৰৰ যিটো সংঘাত সেই সংঘাতৰ স্থায়ী সমাধান হওক ৷ ইয়াৰ সমাধান হোৱাৰ এটা ইতিবাচক প্ৰৱণতা অসমৰ জনসাধাৰণে বিগত এমাহত দেখিছে ৷ ইয়াৰ পূৰ্বৰ বিজেপি চৰকাৰখনেও আলফাৰ সৈতে আলোচনা কৰাৰ বাবে বিভিন্ন পৰ্যাত যোগাযোগ অব্যাহত ৰাখিছিল ৷ কিন্তু বিশেষভাৱে বিগত এমাহত ম্যানমাৰত আৱদ্ধ অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ যিটো মুক্তি এই মুক্তিৰ পৰিঘটনাটোৱে আলফা আৰু চৰকাৰৰ মাজৰ যিটো দূৰত্ব বা ব্যৱধান সেয়া যথেষ্ট হ্ৰাস কৰাটো পৰিলক্ষিত হৈছে ৷ এয়া অসমৰ জনসাধাৰণক বাবে এটা ইতিবাচক খবৰ  ৷ গতিকে আগন্তুক দিনত এইখন চৰকাৰৰ নেতৃত্বতে এই দীৰ্ঘদিনা সংঘাতৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব বুলি ভাবো ৷  
সেইদৰে  এইখন চৰকাৰে যোৱা এমাহৰ ভিতৰতে বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চলত চলা অবাধ বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ পূৰ্বৰ চককাৰৰ দিনতো বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিছিল আৰু বৰ্তমানৰ চৰকাৰৰ দিনতো চলিছে ৷ ইতিমধ্যে দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰৰ শিৱ মন্দিৰৰ ১৮০ বিঘা মাটি , হোজাইৰ কাকীত ২,৫০০ বিঘা মাটি,শোণিতপুৰ জিলাৰ চতিয়াৰ চৰকাৰী ভূমি আৰু কৰিমগঞ্জৰ বনাঞ্চলৰ বৃহৎ ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে ৷ ছিপাঝাৰৰ ধলপুৰত মুখ্যমন্ত্ৰীয়ে নিজে ঘটনাস্থলী পৰিদৰ্শন কৰি শিৱ মন্দিৰৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰি এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ ,সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ড° পৰমানন্দ ৰাজবংশীক সদস্য আৰু কৃষি বিভাগৰ সচিব বিনোদ শেষাণক সদস্য সচিব হিচাপে লৈ এখন সমিতিও গঠন কৰি দিছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে ৷ একেদৰে চৰকাৰে বটদ্ৰৱা সত্ৰক দেশৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বটদ্ৰৱা সত্ৰলৈ অতিৰিক্তভাৱে ৩৫ বিঘা ভূমি আৱণ্টন দিয়াৰ লগতে প্ৰকল্পৰ খৰতকীয়া ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক প্ৰতি মাহতে বটদ্ৰৱা সত্ৰ ভ্ৰমণ কৰি আঁচনি ৰূপায়ণৰ  অগ্ৰগতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয় ৷  সংবাদ মেলত মুখপাত্ৰগৰাকীয়ে বৰ্তমান চৰকাৰখনৰ আন উল্লেখনীয় সফলতাৰ ভিতৰত এন আৰ এলত ১২.৩৫ শতাংশৰ পৰা ২৬ শতাংশলৈ ৰাদ্য চৰকাৰৰ অংশ বৃদ্ধি কৰা ,গৰুৰসচোৰাং ব্যৱসায় ৰোধৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ ,মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ঋণমুক্ত কৰাৰ পদক্ষেপ ,চাহ শ্ৰমিকৰসমজুৰি বৃদ্ধি ,প্ৰতি সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত , কৃতি ব্যক্তিলৈ অসম ৰত্ন বঁটা ,অসম বিভূষণ বঁটা ,অসম ভূষণ বঁটা আৰু অসমশ্ৰী বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত ,সাহিত্যিক – ক্ৰীড়া আৰু শিল্পী পেঞ্চন আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ, অভিযান্ত্ৰিক নিযুক্তি সেৱা ব’ৰ্ড  গঠন , কোকৰাঝাৰত প্ৰশৈসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ,বড়োলেণ্ড কল্যাণ বিভাগ গঠন ,ৰাইমনা আৰু দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা ,প্ৰশাসনক সন্তুলিত আৰু অধিক গতিশীল কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত আদিৰ বিষয়েও উল্লেখ কৰে ৷ মুখপাত্ৰগৰাকীয়ে শেষত পুনৰ কয় যে এটা মাহতে সকলো দিশ সামৰি বা সকলোবোৰ বিষয় সামৰি পদক্ষেপ গ্ৰহণ কৰি এটা দেখিব পৰা অৱস্থা ( ভিজিবিলিটি) অনাটো হয়তো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও এইখন চৰকাৰে এমাৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তালৈ চাই আগলৈ কাম কৰিব বুলি আশা কৰিছো ৷ সেয়ে আগন্তুক পাঁচটা বছৰত চৰকাৰখনে যিখিনি কাম কৰিব ইয়াৰ জৰিয়তে চৰকাৰে এটা ইতিবাচক আৰম্ভণি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চৰকাৰৰ অংশীদাৰী সকলোকে মুখপাত্ৰ বৰুৱাই প্ৰদেশ বিজেপিৰ তৰফৰ পৰা এমাহপূৰ্তি উপলক্ষে শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জনায় ৷ ইপিনে সংবাদ মেলত মূল্যবৃদ্ধি , কাগজ কল আদি বিষয়সমূহ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত মুখপাত্ৰগৰাকীয়ে কয় যে তেওঁ চৰকাৰক প্ৰতিনিধিত্ব কৰা নাই ৷ দলকে প্ৰতিনিধিত্ব কৰিছে ৷ গতিকে এই সন্দৰ্ভত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷