Home Blog Page 2991

বীৰাগংনা মুলা গাভৰু কৃষিপাম সমবায় সমিতি উদ‍্যোগত : বিহুগীতৰ মাজেৰে কঠিয়া সিঁচিলে মন্ত্ৰী বিধায়ক-সাংসদে

Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos

 অসমৰ কৃষিৰ সমান্তৰালভাৱে  সমবায় খ‌ণ্ডত এক  নতুন সম্ভাৱনা সৃষ্টি কৰি আজি শিৱসাগৰ জিলাৰ বীৰাগংনা মুলা গাভৰু কৃষি পাম  সমবায় সমিতিৰ  কৃষিকৰ্ম কঁঠিয়া সিঁচি  শুভাৰম্ভণি  ৰাজ্য খনৰ কৃষিমন্ত্ৰীকে ধৰি কেইবাগৰাকী মন্ত্ৰী, বিধায়ক, সাংসদে । অসমীয়া কৃষিজীৱী সমাজৰ  বাবে অত‍্যন্ত গুৰুত্ব পুৰ্ণ শালিখেতিৰ কঁঠিয়া সিঁচা এই অনুষ্ঠানত বিহুগীত জুৰি এক হষ্-উল্লাসৰ মাজেৰে ৰাজ‍্যখনৰ ৰাজহ মন্ত্ৰী যোগেন মহন, সাংসদ তপন গগৈ , বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাকে ধৰি বহু সংখ্যক বিষয়া, কৃষক ৰাইজে অংশগ্ৰহণ কৰে । উল্লেখ যোগ‍্য যে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ মেছাগড়, জতকীয়া আদি অঞ্চলৰ ৬৭ জন কৃষক একত্ৰিত হৈ ১৯৬০ চনতে ৰাজ‍্যখনৰ দ্বিতীয় খন কৃষিপাম সমবায় সমিতি গঠন কৰি ঐতিহাসিক ডিমৌ পথাৰত সমুহীয়া ভাবে শালিখেতি কৰি আহিছে ।এই বছৰো কৃষক সকলে সমুহীয়া ভাবে ১৪৫বিঘা মাটিত শালিখেতি কৰাৰ প্ৰস্তুতি চলাই ১০ বিঘাৰো অধিক মাটিত কঠিয়া পৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে । আজিৰ এই কঠিয়া সিচা কাৰ্য্যসূচীৰ অন্তত অনুস্থিত এক সভাত কৃষি মন্ত্ৰী জনে কয় যে সম্পতি ৰাজ্য চৰকাৰে অসমৰ কৃষি খণ্ডৰ উন্নয়নৰ বাবে বহু বোৰ অভিলাসী আঁচনি প্ৰস্তুত কৰিছে । অসমৰ কৃষক ৰাইজে যাতে একেদৰা মাটিতে তিনি তৰপীয়া কৃষি কাৰ্য্য কৰিব পাৰে তাৰ এক বাস্তৱ সম্মত পদক্ষেপ গ্ৰহণ কৰা হব ।  সমুহীয়া ভাবে কৃষি কৰ্মৰ বাবে  সংগঠিত হৈ বীৰাগংনা মুলা গাভৰু কৃষি পাম সমবায় সমিতিয়ে যি পদক্ষেপ লৈছে তাক প্ৰশংসা কৰি মন্ত্ৰীজনে ইয়াৰ যোগেদি অসমৰ কৃষক সমাজ উৎসাহিত হব বুলি মত পোষণ কৰে সভাত ৰাজহ মন্ত্ৰী যোগান মহন, সাংসদ তপন কুমাৰ গগৈ , উপায়ুক্ত বিষ্ণু কমল বৰাই নিজ নিজ ভাসণত কৃষি পাম সমবায় সমিতিৰ এনে পদক্ষেপক উৎসাহজনক বুলি মন্তব্য প্ৰকাশ কৰি সমবায় সমিতিখনক কৃষি, সমবায় বিভাগৰ লগতে অন‍্যান‍্য যাৱতীয় সহযোগ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰে ।। 

Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos
Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos
Agricultural Minister Atul Bora sowing paddy seeds Organised by Birangana Mulagabharu Samabai Samiti at Jerenga pathar in Sivasagar on 12-06-21.Pix by UB Photos

 

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ এমাহপূৰ্তি : বঙাইগাঁৱত দলৰ মুখপাত্ৰ মনোজ বৰুৱাই সংবাদলত দাঙি ধৰিলে সফলতাৰ খতিয়ান

এমাহতে এখন চৰকাৰৰ কাম- কাজ সন্দৰ্ভত এটা স্পষ্ট আৰু স্বচ্চ ধাৰণা ল’ব পৰাকৈ সকলোখিনি সামগ্ৰীক আন্তঃ গাঁথনি সন্পূৰ্ণ কৰাতো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও আমি অসম প্ৰদেশ বিজেপিৰ তফৰ পৰা গৌৰাম্বিত যে এইখন চৰকাৰে এমাহতে কিন্তু কিছুমান পদক্ষেপৰ জৰিয়তে এটা সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম  হৈছে ৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাৰ ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ অসম চৰকাৰৰ এমাহ কাৰ্যকালৰ সফলতা সম্পৰ্কে প্ৰদেশ বিজেপিৰ তৰফৰ পৰা  খতিয়ান দাঙি ধৰাৰ উদ্দেশ্যে শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ ৰাজ্যিক মুখপাত্ৰা মৱোজ বৰুৱাই এই মন্তব্য কৰে ৷ বঙাইগাঁও জিলা বিজেপিৰ  সভানেত্ৰী হিমানী অধিকাৰী , উপ সভাপতি কৌস্তৱ কুমাৰ দাস ,  কোষাধ্যক্ষ মদন আগৰৱালা আদি উপস্থিত থকা সংবাদ মেলত প্ৰদেশ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে ‘আমি ক’ব বিচৰা নাই যে এই এমাহতে সকলো বিষয় সমাপ্ত হৈছে ৷ এমাহতে সকলো বিষয় সমাপ্ত হোৱাতো সম্ভৱপৰো নহয় ৷ কিন্তু এটা সুন্দৰ আৰম্ভণি কৰিবলৈ চৰকাৰখন সক্ষম হৈছে আৰু তাৰ কাৰণে অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ আন্তৰিক শুভেচ্ছা ,অভিনন্দন আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো ‘৷  সংবাদ মেলত মুখপাত্ৰ মনোজ বৰুৱাই উল্লেখ কৰি কয় যে এইখন চৰকাৰৰ আগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ আছিল সেই মিত্ৰজোঁটৰ চৰকাৰখনে সামগ্ৰিকভাৱে অসমত সকলো ধৰণৰ আন্তঃ গাঁথনি সম্পূৰ্ণ কৰাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰি এটা সফল কাৰ্যকাল সমাপ্ত কৰিছিল ৷ সেই যি আন্তঃ গাঁথনি তৈয়াৰ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত যি ইতিবাচক প্ৰেক্ষাপট আৰু ইতিবাচক পৃষ্ঠভূমি সৃষ্টি হৈছিল তাৰ আধাৰত নতুন চৰকাৰখনে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আগন্তুক দিনত অসমক উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি প্ৰদেশ বিজেপিয়ে অনুভৱ কৰে ৷  মুখপাত্ৰগৰাকীয়ে চৰকাৰখনৰ কোইবাটাও সফলতাৰ দিশ আঙুলিয়াই দি কয় যে আজিৰ সময়ত ক’ভিড- ১৯ জনিত যি এক পৰিৱেশ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে সেই ক’ভিড ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতে হওক বা এই গোটেই ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰতে হওক দেশৰ ভিতৰতে অসমে অন্যতম  সফল ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷ ক’ভিডৰ প্ৰথম ঢৌৰ সময় তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও শক্তিশালীভাৱে মোকামিলা কৰিবলৈ সক্ষম হৈছিল ৷ অসমৰ তুলনাত আন উন্নত ৰাজ্যত যি ধৰণৰ ক’ভিডকালীন পৰিৱেশ- পৰিস্থিতিৰ সৃষ্টি হৈছিল তেনে ধৰণৰ অৱনতি নোহোৱাকৈ সামগ্ৰিকভাৱে গোটেই বিষয়টো তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত মোকামিলা কৰিবলৈ সক্ষম হৈছিল ৷ ঠিক সেইদৰে বৰ্তমান ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তো দিল্লী ,মুম্বাই আদিৰ দৰে মহানগৰৰ লগতে উন্নত ৰাজ্যসমূহৰ তুলনাত অসমত ক’ভিড সৃষ্ট যিটো পৰিৱেশ সেই ক’ভিড সৃষ্ট পৰিৱেশত কিন্তু অসমৰ জনসাধাৰণে আতংকিত হ’বলগীয়া পৰিৱেশ হোৱা নাই ৷ এয়া হৈছে কেৱল চৰকাৰৰ ক’ভিড ব্যৱস্থাপনাৰ যি নীতি আৰু পৰিকল্পনা তাৰ কাৰ্যকাৰিতাৰ ফলত ৷ বৰ্তমানো ক’ভিডৰ যি দ্বিতীয় ঢৌ চলি আছে তাক এইখন চৰকাৰে বহু পৰিমাণে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰৰ তৎপৰ পদক্ষেপৰ বাবে অন্যান্য ৰাজ্যত সম্পূৰ্ণ লক ডাউনৰ বিপৰীতে অসমত আংশিক লক ডাউনৰ জৰিয়তে ক’ভিডৰ দ্বিতীয় ঢৌক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ৷ এয়া নিশ্চয়কৈ ভাল খবৰ ৷ অৱশ্যে এয়া কেৱল চৰকাৰী প্ৰচেষ্টাতে যে সম্ভৱ হৈছে সেইটো নহয় ৷ চৰকাৰৰ যিসমূহ নীতি- নিৰ্দেশনা আছে , যি সমূহ স্বাস্থ্য বিভাগৰ নীতি- নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ অসমৰ জনসাধাৰণে মানি চলাৰ লগতে চৰকাৰৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ যি এক ইতিবাচক দিশ তাৰ ফলত ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি কৈ চৰকাৰক ইয়াৰ বাবে দলৰ তৰফৰ পৰা ধন্যবাদ জনায় ৷ মুখপাত্ৰ বৰুৱাই এই পৰ্যন্ত ৰাজ্যত ৪৫ লক্ষাধিক লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে বুলি কৈ গুৱাহাটী মহানগৰীৰ প্ৰায় ৬ লাখ লোকক ভেকচিন দিয়া হৈছে বুলিও উল্লেখ কৰে ৷ মাজতে ভেকচিনৰ উৎপাদন সম্পৰ্কীষ বিষয়ৰ বাবে সমগ্ৰ দেশতে ভেকচিনৰ নাটনি হোৱাতো দৃষ্টিগোচৰ হৈছে ৷ কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে যে অহা জুলাই মাহৰ পৰা অসমত দৈনিক ৩ লাখ ৫০ হাজৰজন লোকক ভেকচিন প্ৰদান কৰা হ’ব ৷ অহা ১৫ আগষ্টৰ পূৰ্বে ৰাজ্যখনৰ জনসাধাৰণক প্ৰথম পালি ভেকচিন প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি কামত আগবাঢ়িছে ৷ আনহাতে ক’ভিড ভেকচিনেচনৰ কাৰণে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ দান – বৰঙণি বিচাৰি যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত ইতিমধ্যে ১১২.৭৮ কোটি টকা সংগৃহীত হৈছে বুলি উল্লেখ কৰে ৷ এই ধনৰ ৫০ কোটি টকাৰে চৰকাৰে ভেকচিন ক্ৰয় কৰিছে যদিও আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ ভেকচিন যোগান ধৰিব বুলি কৈছে, সেয়ে এই পুঁজিৰ সদব্যৱহাৰৰ কাৰণে ৰাজ্য চৰকাৰে নিশ্চয় বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে ৰাজ্য চৰতাৰখনে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ অধীনত ক’ভিডত পিতৃ- মতৃ অথবা উপাৰ্জনকাৰী পিতৃক হেৰুৱা শিশুৰ বাবে প্ৰতি মাহে ৩,৫০০ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি আঁচনিখন শুভাৰম্ভ কৰিছে বুলিও কয় ৷  ইয়াৰ উপৰিও ক’ভিডত আক্ৰান্ত হৈ স্বামীক হেৰুৱা বিধবা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ২.৫০ লাখ টকাৰ সাহাৰ্য চৰকাৰে আগবঢ়াব ৷ ক’ভিডৰ সময়ত আন ৰাজ্যত আই চি ইউ আৰু অক্সিজেনৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু অসমত সুন্দৰভাৱে অক্সিজেনৰ যোগান ধৰিবলৈ চৰকাৰখন সক্ষম হৈছে ৷ ইতিমধ্যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয় তথা জিলা চিকিৎসালয়সমূহত৷মুঠ ৩৬০ খন আই চি ইউ বিচনা স্থাপন কৰা হৈছে ৷ চিকিৎসা মহাবিদ্যালয় কেইখনত ৫১৫ খন অক্সিজেনযুক্ত বিচনা স্থাপনৰ লগতে অন্যান্য চিকিৎসালয়তো এনে ব্যৱস্থা কৰা হৈছে ৷ সৰু সজাইত ডিলআৰ ডি অৰ দ্বাৰা আৰু জি এম চি এইচৰ পাৰ্কিঙতো আই চি ইউ বিচনা তথা অক্সিজেনযুক্ত বিচনা স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে সংবাদ মেলত মুখপাত্ৰগৰাকীয়ে কয় যে বিজেপি মিত্ৰজোঁটৰ    চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি এক  ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ বিগত সময়ছোৱাত বিশেষকৈ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচতে  এটা ভাঙি- চিঙি যোৱা আন্তঃ গাঁথনিৰ মাজত কাম কৰিবলগীয়া হৈছিল ৷ আৰক্ষী প্ৰশাসনকে ধৰি সামগ্ৰিক প্ৰশাসনীয় ব্যৱস্থাটোৱেই হওক ইয়াক এটা পৰ্যায়লৈকে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিগত চৰকাৰখনে যথেষ্ট শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছিল ৷ তাৰ ফলশ্ৰুতিতে আজি এইখন চৰকাৰে এটা শক্তিশালী অভিযান চলাবলৈ সক্ষম হৈছে ৷ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চলা এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে প্ৰায় ৪৫০ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ৭৮৫ জনৰো অধিক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে  ৷ জব্দ হৈছে প্ৰায় ২৫ কোটি টকাৰ হেৰ’ইন – গাঞ্জা আদি ৷ উদ্ধাৰ হৈছে বহু লাখ নগদ ধন ৷
 আনহাতে এইখন চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল  অ’এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুক্তি ৷ তেওঁ কয় যে অসমৰ জনসাধাৰণে দীৰ্ঘদিনৰ পৰা বিচাৰি আহিছে যে আলফাৰ সৈতে চৰকাৰৰ যিটো সংঘাত সেই সংঘাতৰ স্থায়ী সমাধান হওক ৷ ইয়াৰ সমাধান হোৱাৰ এটা ইতিবাচক প্ৰৱণতা অসমৰ জনসাধাৰণে বিগত এমাহত দেখিছে ৷ ইয়াৰ পূৰ্বৰ বিজেপি চৰকাৰখনেও আলফাৰ সৈতে আলোচনা কৰাৰ বাবে বিভিন্ন পৰ্যাত যোগাযোগ অব্যাহত ৰাখিছিল ৷ কিন্তু বিশেষভাৱে বিগত এমাহত ম্যানমাৰত আৱদ্ধ অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ যিটো মুক্তি এই মুক্তিৰ পৰিঘটনাটোৱে আলফা আৰু চৰকাৰৰ মাজৰ যিটো দূৰত্ব বা ব্যৱধান সেয়া যথেষ্ট হ্ৰাস কৰাটো পৰিলক্ষিত হৈছে ৷ এয়া অসমৰ জনসাধাৰণক বাবে এটা ইতিবাচক খবৰ  ৷ গতিকে আগন্তুক দিনত এইখন চৰকাৰৰ নেতৃত্বতে এই দীৰ্ঘদিনা সংঘাতৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব বুলি ভাবো ৷  
সেইদৰে  এইখন চৰকাৰে যোৱা এমাহৰ ভিতৰতে বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চলত চলা অবাধ বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ পূৰ্বৰ চককাৰৰ দিনতো বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিছিল আৰু বৰ্তমানৰ চৰকাৰৰ দিনতো চলিছে ৷ ইতিমধ্যে দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰৰ শিৱ মন্দিৰৰ ১৮০ বিঘা মাটি , হোজাইৰ কাকীত ২,৫০০ বিঘা মাটি,শোণিতপুৰ জিলাৰ চতিয়াৰ চৰকাৰী ভূমি আৰু কৰিমগঞ্জৰ বনাঞ্চলৰ বৃহৎ ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে ৷ ছিপাঝাৰৰ ধলপুৰত মুখ্যমন্ত্ৰীয়ে নিজে ঘটনাস্থলী পৰিদৰ্শন কৰি শিৱ মন্দিৰৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰি এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ ,সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ড° পৰমানন্দ ৰাজবংশীক সদস্য আৰু কৃষি বিভাগৰ সচিব বিনোদ শেষাণক সদস্য সচিব হিচাপে লৈ এখন সমিতিও গঠন কৰি দিছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে ৷ একেদৰে চৰকাৰে বটদ্ৰৱা সত্ৰক দেশৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বটদ্ৰৱা সত্ৰলৈ অতিৰিক্তভাৱে ৩৫ বিঘা ভূমি আৱণ্টন দিয়াৰ লগতে প্ৰকল্পৰ খৰতকীয়া ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক প্ৰতি মাহতে বটদ্ৰৱা সত্ৰ ভ্ৰমণ কৰি আঁচনি ৰূপায়ণৰ  অগ্ৰগতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয় ৷  সংবাদ মেলত মুখপাত্ৰগৰাকীয়ে বৰ্তমান চৰকাৰখনৰ আন উল্লেখনীয় সফলতাৰ ভিতৰত এন আৰ এলত ১২.৩৫ শতাংশৰ পৰা ২৬ শতাংশলৈ ৰাদ্য চৰকাৰৰ অংশ বৃদ্ধি কৰা ,গৰুৰসচোৰাং ব্যৱসায় ৰোধৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ ,মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ঋণমুক্ত কৰাৰ পদক্ষেপ ,চাহ শ্ৰমিকৰসমজুৰি বৃদ্ধি ,প্ৰতি সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত , কৃতি ব্যক্তিলৈ অসম ৰত্ন বঁটা ,অসম বিভূষণ বঁটা ,অসম ভূষণ বঁটা আৰু অসমশ্ৰী বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত ,সাহিত্যিক – ক্ৰীড়া আৰু শিল্পী পেঞ্চন আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ, অভিযান্ত্ৰিক নিযুক্তি সেৱা ব’ৰ্ড  গঠন , কোকৰাঝাৰত প্ৰশৈসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ,বড়োলেণ্ড কল্যাণ বিভাগ গঠন ,ৰাইমনা আৰু দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা ,প্ৰশাসনক সন্তুলিত আৰু অধিক গতিশীল কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত আদিৰ বিষয়েও উল্লেখ কৰে ৷ মুখপাত্ৰগৰাকীয়ে শেষত পুনৰ কয় যে এটা মাহতে সকলো দিশ সামৰি বা সকলোবোৰ বিষয় সামৰি পদক্ষেপ গ্ৰহণ কৰি এটা দেখিব পৰা অৱস্থা ( ভিজিবিলিটি) অনাটো হয়তো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও এইখন চৰকাৰে এমাৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তালৈ চাই আগলৈ কাম কৰিব বুলি আশা কৰিছো ৷ সেয়ে আগন্তুক পাঁচটা বছৰত চৰকাৰখনে যিখিনি কাম কৰিব ইয়াৰ জৰিয়তে চৰকাৰে এটা ইতিবাচক আৰম্ভণি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চৰকাৰৰ অংশীদাৰী সকলোকে মুখপাত্ৰ বৰুৱাই প্ৰদেশ বিজেপিৰ তৰফৰ পৰা এমাহপূৰ্তি উপলক্ষে শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জনায় ৷ ইপিনে সংবাদ মেলত মূল্যবৃদ্ধি , কাগজ কল আদি বিষয়সমূহ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত মুখপাত্ৰগৰাকীয়ে কয় যে তেওঁ চৰকাৰক প্ৰতিনিধিত্ব কৰা নাই ৷ দলকে প্ৰতিনিধিত্ব কৰিছে ৷ গতিকে এই সন্দৰ্ভত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷ 

কোকৰাঝাৰ জিলাৰ অভয়াখুটি অঞ্চলত দুগৰাকী কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ চৰজমিন বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

ঘটনাৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰাৰ বাবে অসম আৰক্ষীক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

দুৰ্ভগীয়া কিশোৰী দুগৰাকীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

আজি মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাই কোকৰাঝাৰ জিলাৰ অভয়াখুটি গাঁৱত যোৱা শুক্ৰবাৰে ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা দুগৰাকী কিশোৰীৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে ঘটনা সন্দৰ্ভত মত-বিনিময় কৰাৰ উপৰি ঘটনাৰ সবিশেষ বুজ লয়। মুখ্যমন্ত্ৰীয়ে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰাৰ উপৰি এই দুখৰ মুহূৰ্তত ৰাজ্য চৰকাৰ তেওঁলোকৰ লগত আছে বুলিও আশ্বাস প্ৰদান কৰে। উল্লেখ্য, শুক্ৰবাৰে অভয়াখুটি গাঁৱত কিশোৰী দুগৰাকীৰ এক ৰহস্যজনক অৱস্থাত চিপজৰী লৈ মৃত  অৱস্থাত  স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে দুৰ্ভগীয়া কিশোৰী দুগৰাকীৰ বাসগৃহত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অভয়াখুটি গাঁৱৰ  কিশোৰী দুগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰি গোটেই ঘটনাটো ৰহস্যজনক হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজেই আজি পৰিয়ালটোক সাক্ষাৎ কৰি ঘটনাৰ চৰজমিন বুল ল’লে। বিটিআৰৰ আই জি পি আৰু কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষকৰ সৈতে তেওঁ এই সম্বন্ধে কথা পাতিছে। যদি ঘটনাটোত কোনো দুষ্টচক্ৰ জড়িত আছে তেন্তে দোষীয়ে উপযুক্ত শাস্তি পাব আৰু যদি ঘটনাটো আত্মহত্যা হয় তেতিয়াহ’লে আত্মহত্যাৰ প্ৰকৃত কাৰণ কি, সেই বিষয়ৰ ওপৰতো তদন্ত কৰাৰ বাবে আৰক্ষী প্ৰশাসনক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। আৰক্ষীয়ে এই ঘটনাৰ তদন্ত প্ৰক্ৰিয়া চলাই আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে এই ঘটনাৰ ৰহস্য অচিৰেই পোহৰলৈ আনিবলৈ সক্ষম হব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বৰ্তমানৰ চৰকাৰখনে দুখীয়া আৰু নিস্পেষিতসকলৰ ওপৰত চলোৱা অত্যাচাৰ আৰু শোষণ কেতিয়াও সহ্য নকৰে। দুৰ্ভগীয়া পৰিয়লটোক সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, কোকৰাঝাৰ পূব বিধান সভা সমষ্টিৰ বিধায়ক লৰেন্স ইছলাৰী, পূব বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক সিংহীৰ লগতে প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

মোৰাঝাৰত নিচাজাতীয় বস্তু সহ এজন আটক

হোজাই জিলাৰ  মোৰাঝাৰ  আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ  নেতৃত্বত চৌধুৰীবজাৰ উপ আৰক্ষী চকীৰ বিষয়া প্ৰদীপ তামুলীৰ সহযোগত কালি নিশা এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই   চৌধুৰীবজাৰৰ বজাৰখনৰ এখন গেলামালৰ দোকানৰ পৰা নিচাজাতীয় বস্তু জব্দ কৰাৰ লগতে বিক্ৰী কৰাৰ অভিযোগত পাৰবেজ আহমেদ (৩৫)নামৰ এজনক লোকক  আটক কৰে।  যুুৱক জনৰ নিজৰ গেলামালৰ দোকানৰ পৰা জব্দ  কৰা হয়  এক কাৰ্টোন নিচাজাতীয় দ্ৰব্য৷ সম্প্ৰতি পাৰবেজৰ সৈতে জড়িত থকাৰ তথ্য উদ্ঘাটনৰ বাবে জেৰা চলাইছে মোৰাঝাৰ আৰক্ষীয়ে।

বৰপেটাৰ পালহাজিত এজন ড্ৰাগছ ব্যৱসায়ী আটক

এক গোপন সুত্ৰৰ পম খেদি বৰপেটাৰ আৰক্ষীয়ে পালহাজিত  বজাৰত এজন ড্ৰাগছ ব্যৱসায়ী  আটক কৰিবলৈ সক্ষম হয়। বৰপেটাৰ পালহাজিৰ বজাৰত এখন জুৱেলাৰী দোকানত ৰাখিছিল  ৫ টা ড্ৰাগছৰ কংতেইনাৰ ।ইয়াৰ পৰিমান ১.৭১ গ্ৰাম। লগতে দোকানী ইমৰান হুছেইন নামৰ এজন ড্ৰাগছ ব্যৱসায়ী জনক আটক।  ড্ৰাগছৰ ব্যৱসায়ী জনে জুৱেলাৰীৰ ব্যৱসায়ী কৰাৰ লগতে সমান্তৰাল ভাৱে ড্ৰাগছৰ ব্যৱসায়ী চলাই গৈছিল। বৰপেটাৰ সদৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন মেধীৰ নেতৃত্বত চলা অভিযানত  ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰিবলৈ সক্ষম হয়। এই সংক্ৰান্তত বৰপেটা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে আৰু মহামান্য আদালতলৈ প্ৰেৰণ কৰে।

দক্ষিণ শালমাৰা আৰক্ষীৰ তৎপৰতাত ৭ টা চোৰাং গৰু জব্দ

ক্ষিণ শালমাৰা থানাৰ অন্তৰ্গত ৰাভাটাৰীত আজি পূৱা ৮ বজাত দক্ষিণ শালমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অতুল ৰয় প্ৰধানীৰ নেতৃত্বত এক গোপন সুত্ৰৰ পমখেদি অভিযান চলাই ৭ টাকৈ চোৰাং গৰু জব্দ কৰে৷ উক্ত গৰু কেইটা বাংলাদেশলৈ নিয়াৰ পথত জব্দ কৰা হয় বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰে৷ ইফালে আৰক্ষীয়ে জনোৱা মতে এজন সৰবৰাহকাৰীক আটক  কৰিবলৈ সক্ষম হয়৷ সৰবৰাহকাৰী জন আশ্ৰৱ আলী (২১) পিতাঃ আব্দুল গণি গাওঁঃ মাজেৰচৰ বুলি চিনাক্ত কৰা হৈছে৷ ইতিমধ্যে পুলিচৰ জিম্মাত আছে ধৃত ব্যক্তিজন৷ বৰ্তমান লৈকে দক্ষিণ শালমাৰা আৰক্ষীয়ে চোৰাং গৰুৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

নিশা ধুবুৰীৰ কলেজ নগৰ আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট,ব্ৰাউন চুগাৰ আৰু নগদ ধন সহ এজন যুৱক গ্ৰেপ্তাৰ

 ধুবুৰী অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ হাফিজুৰ ৰহমানৰ গাড়ী চালক জুলফিকাৰ আলম মণ্ডল ওৰফে জুল নামৰ যুৱক জনে চিকিৎসকৰ গাড়ী চলোৱাৰ সমান্তৰাল কৈ কৰি গৈছিল ড্ৰাগছৰ বেহা। তেনেই এক গোপন খবৰৰ ভিত্তিত ধুবুৰীৰ বি এন কলেজ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জয়ন্ত দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই অভিযান চলায় ধুবুৰীৰ ঝগৰাৰ পাৰ দ্বিতীয় খণ্ড গাঁওত। অভিযানত জুলফিকাৰ আলম ওৰফে জুলৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, নগদ ধন আৰু ব্ৰাউন চুগাৰ জব্দ কৰাৰ পিছতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুলফিকাৰক। লগতে তেওঁৰ স্কুটি এখনো জব্দ কৰে আৰক্ষীয়ে। সম্প্ৰতি জুলফিকাৰৰ সৈতে জড়িত থকাৰ তথ্য উদ্ঘাটনৰ বাবে জেৰা চলাইছে ধুবুৰী আৰক্ষীয়ে।

ধুবুৰীত মাৰাত্মক ড্ৰাগছৰ সহ আৰক্ষীৰ জালত পাঁচ গৰাকী যুৱক গ্ৰেপ্তাৰ

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ধুবুৰী আৰক্ষীয়ে। যোৱা কালি ধুবুৰীত ড্ৰাগছ সহ পাঁচ গৰাকী লোকক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, সৰ্বনাসী ড্ৰাগছৰ বেহাত নামি পৰিছে ধুবুৰীৰ একাংশ নৱ প্ৰজন্মই। একাংশ যুৱকে  উপাৰ্জনৰ পথ হিচাপে বাছি লৈছে এতিয়া ড্ৰাগছৰ বেহা। আৰক্ষীয়ে এক গোপন তথ্য লাভ কৰি পাঁচজন যুৱক গ্ৰেতাৰ কৰিবলৈ সক্ষম হয়। আটকাধিন ক্ৰমে-  এ,এম,কো ৰোডৰ পংকি ৰহমান, ফলিমাৰীৰ আতোৱাৰ।ৰহমান, চফীকুল ইছলাম, আই,জি ৰোডৰ ৰাজা আহমেদ আৰু নুৰ জামান ৰহমান । আৰক্ষীয়ে অভিযান চলাই চাৰি চকীয়া বাহন আৰু এখন বাইক জব্দ কৰে লগতে বৃহৎ পৰিমাণৰ ড্ৰাগছ জাতীয় টেবলেট, ব্ৰাউন চুগাৰ আৰু নগদ ৮ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা চাৰি চকীয়া বাহন খনৰ নম্বৰ AS 01AU2451 আৰু বাইকৰ নম্বৰ AS17 K5181 বৰ্তমানে ধুবুৰী সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। লগতে তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে নিজাকৈ এখন এজাহাৰ দাখিল কৰিব বুলি সাংবাদিকক  জানিবলৈ দিয়ে।

দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ ৰাজ্যিক সমন্বয়কৰ উপস্থিতিত বৰপেটা উপায়ুক্তৰ কাৰ্যালয়ত সভা

বৰপেটা জিলাৰ আগন্তুক সাম্ভাব্য বান-দুৰ্যোগৰ প্ৰস্ততিমূলক আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ সভা আজি বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয়। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ সমন্বয়ক তথা উপ সচিব ধীৰাজ সাউদো উপস্থিত থাকে। তেওঁ দুৰ্যোগ ব্যৱস্থাপনাৰ সংশোধিত নতুন নীতি-নিয়ম সমূহৰ বিষয়ে অবগত কৰি কয় যে , এইবাৰ কোডিড নিয়মানুযায়ী বান-পীড়িতৰ আশ্ৰয় শিবিৰ সমূহ আবাসীৰ বাবে আহল-বহল হ’ব লাগিব। প্ৰতিজন আবাসীৰে স্বাস্থ্য পৰীক্ষা কৰিব লাগিব আৰু তেওঁলোকক প্ৰতিষেধক প্ৰদানৰো ব্যৱস্থা লব লাগিব। তেওঁ প্ৰয়োজন সাপেক্ষে হেলিকপ্তাৰেৰে উদ্ধাৰ অভিযান বা সামগ্ৰী যোগানৰ বাবে ওখ স্থান চিনাক্তকৰণৰ ওপৰতো গুৰুত্ব দিয়ে।  জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে জনোৱা মতে ইতিমধ্যে জিলাখনৰ ২৬৩ টা স্থান সাম্ভাব্য আশ্ৰয় শিবিৰ হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰে বৰপেটা ৰাজহ চক্ৰতে সৰ্বাধিক ৫৩ টা আশ্ৰয় শিবিৰৰ স্থান চিনাক্ত কৰা হৈছে। যোৱা বছৰ জিলাখনত ৭৮ টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল যদিও কোভিড নীতি-নিয়ম অনুসৰিয়ে এইবাৰ আশ্ৰয় শিবিৰৰ বাবে অধিক গৃহ নিৰ্বাচন কৰি ৰখা হৈছে বুলি জানিবলৈ দি তেওঁ কয় যে এই শিবিৰ সমূহ ছেনিটাইজেচনৰো ব্যৱস্থা কৰা হৈছে।  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই সাংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰি কয় যে,  আগন্তুক বানপানীৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ কাৰ্যকৰী ভাবে মুখামুখি হোৱাৰ উদ্দেশ্যে  ইতিমধ্যে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ উদ্যোগত দুখনকৈ সভা অনুষ্ঠিত হৈ গৈছে। সেই অনুসৰি জিলা পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপনা সমিতি গঠন কৰাৰ উপৰিও প্ৰতিটো ৰাজহ চক্ৰতে চক্ৰ বিষয়াক সভাপতি হিচাপে লৈ একোখনকৈ সমিতি গঠন কৰা হৈছে। প্ৰতিটো আশ্ৰয় শিবিৰতে স্বাস্থ্য কৰ্মীৰ দল নিয়োজিত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।  সভাত জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ জিলা প্ৰকল্প বিষয়া ড: নন্দিতা দত্ত্ই এক পাৱাৰ প‌ইন্ট প্ৰেজেন্টেচনৰ দ্বাৰা জিলাখনৰ বান-দুৰ্যোগৰ প্ৰস্তুতিৰ এটি চমু আভাষ দাঙি ধৰে। সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়া, অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু লখিমী দত্তৰ উপৰিও সকলো ৰাজহ চক্ৰৰে চক্ৰ বিষয়া আৰু বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া সকল উপস্থিত থাকে। সভাৰ অন্তত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাজ্যিক প্ৰকল্প সমন্বয় গৰাকীয়ে বহৰিত স্থাপন কৰা এটা আদৰ্শ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে।

নেমু খেতিৰে বজাৰ দখলৰ লক্ষ্য সোণাৰি চফ্ৰাইৰ একাংশ যুৱকৰ

ৰাজপথ বা সভাৰ শ্ল’গান নহয়, পথাৰো আমাৰ, বজাৰো আমাৰ এই বাক্যশাৰী বাস্তৱত সঠিক ৰূপত ব্যৱহাৰ কৰিছে সোণাৰিৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে। চাকৰিৰ মহঙা দিনত কৃষিকাৰ্যৰ জৰিয়তে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে এইগৰাকী যুৱক প্ৰশান্ত দত্ত। সোণাৰিৰ চফ্ৰাই মোহন গাঁও অঞ্চলৰ নিবাসী ক্ষীৰেন্দ্ৰ দত্তৰ পুত্ৰ প্ৰশান্ত দত্তই কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে। চৰাইদেউ জিলাৰ সোঁমাজেৰে বৈ যোৱা দিচাং নদীৰ কাষত কেইবা বিঘা মাটিত বিভিন্ন শস্যৰ খেতি কৰি উপাৰ্জনৰ পথ মুকলি কৰিছে। বিশেষকৈ তিনি বিঘা মাটিত থলুৱা জাতৰ কাজি নেমু আৰু ডেৰ বিঘা মাটিত গোল নেমুৰ খেতি এতিয়া বছৰি লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। প্ৰায় দহ বছৰ পূৰ্বে নেমু খেতি কৰিবলৈ লোৱা প্ৰশান্ত দত্তই এতিয়া সোণাৰি, শিমলুগুৰিকে ধৰি চৰাইদেউ জিলাৰ বিভিন্ন বজাৰত বছৰি ৭০ হাজাৰোধিক কাজি নেমু যোগান ধৰিবলৈ সক্ষম হৈছে। ইফালে চৰকাৰী সুবিধা অবিহনে কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ নিজৰ অভিজ্ঞতাৰে কৃষিকৰ্ম কৰি স্বাৱলম্বী হোৱা প্ৰশান্তই নিজৰ ঘৰখন পোহপাল দিয়াৰ লগতে কেইবাটাও পৰিয়ালক দিছে সংস্থাপনৰ সুবিধা। এই গৰাকী যুৱ কৃষক প্ৰশান্ত দত্তই জনোৱা মতে তেখেতৰ বাৰীত প্ৰায় ৩৫০ জোপা কাজি নেমু আৰু ৮০ জোপা গোল নেমুৰ গছ আছে। বৰ্তমান ফলেৰে পৰিপূৰ্ণ হৈ থকা গছবোৰ প্ৰতিপালন কৰিবলৈ প্ৰশান্তই থলুৱা পদ্ধতি ব্যৱহাৰ কৰিছে যদিও কিছু ব্যতিক্ৰমী পদ্ধতি নিজা অভিজ্ঞতাৰ পৰা গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে এই প্ৰতিবেদকক। আনহাতে বৰ্তমান  প্ৰতিটো কাজিনেমু দুই টকাকৈ পাইকাৰী দৰত সোণাৰি, শিমলুগুৰি আদি বজাৰত ব্যৱসায়ীসকলে ক্ৰয় কৰে বুলি জনায় কৃষকজনে। ইফালে প্ৰশান্ত দত্তৰ আন দুগৰাকী ভাতৃ ৰিতুল দত্ত আৰু বিতুল দত্তয়ো ঋতুকালীন শস্যৰ লগতে নেমু খেতিৰ জৰিয়তেই স্বাৱলম্বী হোৱা বুলি জানিবলৈ দিয়ে। মন কৰিবলগীয়া যে যি সময়ত ৰাজ্যৰ লাখ লাখ যুৱকে নিজৰ ঘৰতে অজস্ৰ মাটিবাৰী এনেয়ে পৰি থকাৰ পাছতো নিজকে নিবনুৱা আখ্যা দি চৰকাৰে নিবনুৱা সমস্যা সমাধান কৰিবলৈ সক্ষম হোৱা নাই বুলি কেৱল চৰকাৰক দোষ দি আহিছে তেনে সময়তে প্ৰশান্ত, ৰিতুল, বিতুলহঁতৰ দৰে বহুজনে ওপজা মাটিৰ সুবাসেৰে কৃষিকৰ্মৰ লগতে আন আন কামৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ কৰা প্ৰয়াস আছলতে সমাজৰ আদৰ্শ হিচাপে বিবেচিত হৈছে।