Home Blog Page 2991

শ্ৰীৰামপুৰত বন্ধন বেংকত দিন ডকাইতিঃ পাঁচ লক্ষাধিক টকা লুট কৰি নিয়ে ডকাইতৰ দলটোৱে

চাৰিজনৰ এটা দলে আজি বিয়লি চাৰিমান বজাত বন্ধন বেংকত সোমাই বেংকৰ কেছিয়াৰৰ ওচৰত আহি অস্ত্ৰ টোৱাই পাঁচ লাখ তিনি হাজাৰ টকা লুট কৰি নিয়ে

বন্ধন বেংকৰ সূত্ৰৰ পৰা জানিব পৰা মতে আজি বিয়লি চাৰিমান বজাত হঠাতে চাৰিজন অচিনাকী যুৱক বেংকত প্ৰৱেশ কৰি বেংকৰ কেছিয়াৰৰ ওচৰত আহি আগ্নেয়াস্ত্ৰ টোৱাই ধন দাবী কৰে। কেছিয়াৰ জনে ধন দিবলৈ অমান্তি হোৱাত তেওঁক বন্দুকৰ বাটেৰে কোৱাই গুৰুত্বৰ ভাৱে আহত কৰি পাঁচ লাখ তিনি হাজাৰ টকা কাঢ়ি লৈ যায়।পাছত উক্ত ঘটনাৰ খবৰ পাই শিমূলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই ঘটনাস্হলীত উপস্হিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈকে উক্ত ডকাইতিৰ ঘটনাৰ লগত কোন জড়িত সেই সন্দৰ্ভত কোনো শুংসূত্ৰ উলিৱাব পৰা নাই যদিও বেংকত থকা চিচি কেমেৰাৰ ফুটেজ লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

নলবাৰীত কৰ’না সজাগতা: ৫ শতাধিক লোকৰ মাজত মাস্ক-চাবোন বিতৰণ

ক’ভিড মহামাৰীৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰা আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে আজি নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গনেশ মন্দিৰ চ’কত
নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা , নলবাৰী জিলা প্ৰেছ ক্লাব আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰে। সংগঠনকেইটাই ক’ভিড ১৯ মহামাৰীৰ দ্বিতীয় ঢৌৰ কালত দূৰণিবটীয়া বাছৰ চালক,পৰিচালক, হেণ্ডিমেন, অন্যান্য মটৰ শ্ৰমিক , ই-ৰিস্কা-টেম্প’ চালক আৰু জনসাধাৰণৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে। এনে প্ৰায় ৫০০ গৰাকী লোকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকা, সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক ইউনিয়ন নলবাৰী জিলা সমিতি সভাপতি সীমান্ত দাস , নলবাৰী জিলা প্ৰেছ ক্লাবৰ সভাপতি কমলেশ শৰ্মা , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক কৌশিক বৰ্মন , সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ , সাংবাদিক মনোজ শৰ্মা, বিজু দাস , নলবাৰী জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক বসন্ত দাস , জিলা ছাত্ৰ সন্থাৰ জিতু শৰ্মা, অৰিন্দম হালৈ, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰুবুল বৰ্মন উপ-সভাপতি বিশাল বিক্ৰম চৌধুৰী, শ্ৰমিক নেতা উৎসব পাটগিৰি ,ইউচুৱ আলী আদিয়ে। তেওঁলোকে মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব বজাই চলিবলৈ লগতে স্বাস্থ্য বিভাগে দিয়া বিধি মানি চলিবলৈ জনসাধাৰণক আহ্বান জনোৱাৰ লগতে অনাহক ঘৰৰ পৰা ওলাই নাহিবলৈ অনুৰোধ জনায়।।

একুৰা জুয়ে শেষ কৰি পেলালে জামুগুৰিহাটৰ কেইজনমান উদ্যমী যুৱকৰ সকলো সপোন। জাহ গ’ল পাঞ্চজন্য!

চাকৰি কৰাৰ চিন্তা এৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হ’ব খোজা জামুগুৰিহাটৰ একাংশ যুৱকৰ সপোন আজি পূৱাই ভাঙি চূৰ-মাৰ হ’ল ৷ “পাঞ্চঁজন্য আত্ম সহায়ক” গোট নামদি এই সকল নিবনুৱা যুৱকে প্ৰায় বিশ বিঘা মাটি লিজত লৈ আৰম্ভ কৰিছিল কৃষি কৰ্ম ৷ গৰু,ছাগলী,হাহঁ,কুকুৰা পালনৰে স্বাবলম্বী হ’ব খোজা এই সকলৰ কৃষি ফ্ৰামখন আজি পূৱাই দপদপাই জ্বলি উঠে ৷ এই বিধ্বংসী জুইত নিমিষতে জাহ যায় ফ্ৰামখনত থকা হাহঁ,কুকুৰা,ছাগলীৰ লগতে টিভি,বৈদ্যুতিক মটৰকে ধৰি বিভিন্ন মূল্যৱান আচবাৱ ৷ পূৱা ১০ মান বজাত সংঘটিত এই বিধ্বংসী জুই নিৰ্ব্বাপনৰ বাৱে পাচত জামুগুৰি অগ্নি নিৰ্ব্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও ইতিমধ্যে ফ্ৰামখনৰ তিনিটা বৃহৎ ঘৰ সহ প্ৰায় ৮ লাখ টকাৰ সামগ্ৰী জ্বলি ছাইহৈ পৰে ৷ বৈদ্যুৎতিক চৰ্টচাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে গোটৰ সদস্য সকলে ৷

লামডিঙ বন বিষয়াৰ কাৰ্য্যালত জুই‌ ।

ৰেলনগৰী লামডিঙৰ কালীবাড়ি ৰোডৰ আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালৰ প্ৰাঙ্গত জাবৰত জুই লগাৰ ফলত তাত থকা বৈদ্যুতিক ‌ ট্ৰান্সফৰৰ্মাটো সেই জুইত জাহ যায় ।স্থানীয় ৰাইজ আৰু আৰক্ষীৰ ভাষ্য অনুসৰি কোনে জাৱৰত জুই লগাইছিল কোনোও দেখা নাই ৷ লামডিং আৰক্ষীৰ প্ৰকৃত তদন্তৰ পিছতহে ঘটনাৰ সুএ পোহৰলৈ আহিব ৷

প্ৰিয়ংকা ভঁৰালীৰ ফটো বিতৰ্ক। প্ৰাগ নিউজক চিৰ জীৱনৰ বাবে বৰ্জন কৰিলে জনপ্ৰিয় গায়িকাগৰাকীয়ে

অসমৰ চেটেলাইট চেনেল প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ন আৰু চেনেলটোৰ বিৰুদ্ধে মুকলি বিষোদগাৰ প্ৰকাশ কৰিলে জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভঁৰালীয়ে। প্ৰাগ নিউজৰ এটা অনুষ্ঠানত অংশ গ্ৰহন কৰি উঠাৰ পিছত তোলা এখন ফটোক লৈ ফেচবুক লাইভযোগে নিজৰ বক্তব্য প্ৰকাশ কৰি প্ৰিয়ংকা ভঁৰালীয়ে চিৰ জীৱনৰ বাবে প্ৰাগ নিউজক বৰ্জন কৰা বুলি প্ৰকাশ কৰিছে।

ক’ভিড নীতিৰ মাজেৰে ৩৬তম হোজাই কেন্দ্ৰীয় বিহু অনুষ্ঠিত ।

হোজাই নতুন বজাৰৰ বিহুতলী ৰাজহুৱা খেলপথাৰত আজি এদিনীয়া কাৰ্যসূচীৰে ৩৬তম ৰঙালী বিহুটি উদযাপনৰ কৰা হয়। সম্পূৰ্ণ ক’ভিডৰ নীতি নিৰ্দেশনা মানি আয়োজিত এই ঐতিয্যমণ্ডিত বিহুত পূৰ্বৰদৰে এইবাৰ কোনো বাহুল্যতা কৰা নাই। পতাকা উত্তোলন কৰে হোজাইৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি শিলাদিত্য দেবে। শ্বহীদ তৰ্পন কৰে দক্ষিণ নগাঁও বন সংমণ্ডলৰ বন প্ৰাধিকাৰী গুনজিত দাসে। সমিতিৰ পৰম্পৰাগত নিয়ম মতে উদযাপন সমিতিৰ সভাপতিয়ে উপস্থিত সকলোকে বিহুববীয়া ওলগ আৰু সম্বৰ্ধনাৰ জনোৱাৰ পিছত সু-গায়িকা প্ৰয়াত ভিটালী দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত সুদূৰ ঢেকীয়াজুলীৰ পৰা আমন্ত্ৰিত ৰূপজ্যোতি বিহুৱা দলৰ দ্বাৰা মঞ্চত বিহু হুচৰী আৰু বিহুনাচ প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় শিল্পীৰ অনুষ্ঠানেৰে বিহুৰ সামৰণি মৰা হয়।

বজালীৰ পাঠশালা,নলীপাৰাত স্কুল ভান দুৰ্ঘটনাগ্ৰস্থ।কথমপি প্ৰাণ ৰক্ষা ১৪ গৰাকী ছাত্ৰ ছাত্ৰীৰ।

কথমপি প্ৰাণ ৰক্ষা ১৪ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ।

বজালী জিলাৰ পাঠশালাৰ নলীপাৰাত স্কুল ভান দুৰ্ঘটনাগ্ৰস্থ।

পাঠশালা শিক্ষা তীৰ্থ একাডেমীৰ ছাত্ৰ ছাত্ৰী আছিল স্কুল ভান খনত । কথমপি প্ৰাণ ৰক্ষা ১৪ গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ।টুৰ্কুনী জানত পৰাৰ পৰা কথমপি প্ৰাণ ৰক্ষা ছাত্ৰ ছাত্ৰী সকলৰ ।অতি দুৰ্গম পথৰ বাবে ঘটনা সংহতিত হোৱা বুলি স্থানীয় ৰাইজৰ অভিযোগ।গাড়ী খনৰ নম্বৰ AS28C 6801 ।

হোজাই পূব ধনীৰাম পাথাৰত চাঞ্চল্যকৰ ঘটনা

হোজাই পূব ধনীৰাম পাথাৰত চাঞ্চল্যকৰ ঘটনা।

নিশা নিজ ঘৰত চিপ লৈ আত্মহত্যা ।

মৃত লোকজনৰ নাম বাবলু দাস (৪০)।

হোজাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে আৰু পৰবৰ্ত্তী সময়ত মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

পত্নীয়ে মন্তব্য দিয়া অনুসৰি নিশা ঘৰৰ পৰা সকলোকে উলিয়াই দিয়ে আৰু ভিতৰৰ পৰা তলা মাৰে।

পূৱা ৮ বজা মানতেহে ঘটনাৰ কথা গম পায়।

ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ভূটানৰ চানদ্ৰুপ জংখাৰত অক্সিজেন প্লাণ্ট পৰিদৰ্শন পিষুজ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীৰ

মহামাৰী কৰ’নাৰ ভয়াবহ সংক্ৰমণৰ সময়ত দেশজুৰি অক্সিজেনৰ নাটনিৰ খবৰে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে । কিন্তু ইয়াৰ মাজতে দেশবাসীৰ কাৰণে এক সুখবৰ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ।

দেওবাৰে অসমৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিষুজ হাজৰিকা আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভূটানৰ চানদ্ৰুপ জংখাৰত যোৱা বছৰ কভিডৰ সময়ত আৰম্ভ কৰা অক্সিজেন প্লাণ্ট এটা পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে যোৱা বছৰ লকডাউনৰ বাবে এই অক্সিজেন প্লান্তটো বন্ধ হৈ আছিল। মন্ত্ৰী পিষুজ হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে জানিবলৈ দিয়া মতে এই অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় ৪০ দিন সময় লাগিব। অক্সিজেন প্লান্তটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতিদিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন হ’ব আৰু তেতিয়া দেশত অক্সিজেনৰ অভাৱ বহুলাংশে লাঘৱ হ’ব।

অৱশেষত আৰক্ষীৰ জালত ‘টিকলা’ আৰু ‘পাকু’ ।দীৰ্ঘদিন ধৰি ৰঙিয়াত উপদ্ৰৱ উপদ্ৰৱ চলাইছিল দুই চিলনী চোৰে।

টিকলা আৰু পাকু

ৰঙিয়া আৰক্ষীৰ মুৰৰ কামোৰণি ‘টিকলা’ আৰু ‘পাকু’ অৱশেষত আৰক্ষীৰ জালত। দীৰ্ঘদিন ধৰি ৰঙিয়া মহকুমাত চিলনী চুৰৰ উপদ্ৰৱ বৃদ্ধি হৈছে। সাধাৰণ ৰাইজ শংকিত হৈছে নিৰাপত্তাক লৈ। সেই সময়তে ৰঙিয়া আৰক্ষীয়ে দিনে-নিশাই অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে ৰঙিয়াৰ Most wanted টিকলা আৰু পাকুক। উল্লেখ্য যে, পূৰ্বেও টিকলা আৰু পাকুই সংঘটিত কৰিছে এনে বহুত চুৰি কাৰ্য। লগতে পূৰ্বৰ পৰাই দুয়ো এনেধৰণৰ দুষ্কাৰ্যত লিপ্ত। এই দুই চোৰক ৰঙিয়া আৰক্ষীৰ বৃহৎ দল এটাই যোৱা নিশা গুৱাহাটীৰ পৰা কৰায়ত্ত কৰে। ধৃত চোৰ দুজনৰ পৰা সোণৰ চেইন ১১ ডাল, নগদ ধন ১৬ হাজাৰ টকা, ফোন এটা, ATM ৩ খন, মাণিক ৭ টা আৰু AS 01 AT 1449 নম্বৰৰ এখন Verna বাহন জব্দ কৰে।

শেহতীয়া ভাৱে ৰুণুমা বেগম নামৰ ৰঙিয়াৰ শিক্ষয়িত্ৰী এগৰাকীৰ সোণৰ চেইন দিন দুপৰতে ডিঙিৰ পৰা আজুৰি নিছিল এই দুই ধৃত চোৰে। আৰু ৰুণুমা বেগমৰ এজাহাৰৰ ভিত্তিতেই ৰঙিয়া আৰক্ষীয়ে বিশেষ ভাৱে অভিযান চলাই কৰায়ত্ত কৰিবলৈ সক্ষম হ’ল এই দুই চোৰক।