Home Blog Page 2992

তামুলপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ হোম -যজ্ঞ স্থগিত

কৰুণা মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত বাঘেশ্বৰী থানৰ হোম যজ্ঞ

তামুলপুৰ মহকুমা সদৰৰ প্ৰায় ৫৭২ বছৰ পুৰণি ডিমিলাপাৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গোপাল আৰু বাঘেশ্বৰী থানৰ বাৰ্ষিক হোম-যজ্ঞ অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হৈছে ।

সৰ্বসিদ্ধিদাতা ৰূপে পৰিচিত এই থান খনত অহা ২৬ আৰু ২৭ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাৰ্ষিক হোম- যজ্ঞ অনুষ্ঠিত হোৱাৰ কথা আছিল।

সমগ্র বিশ্বজুৰি দেখা দিয়া ক’ভিড-১৯ মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি
শ্ৰী শ্ৰী গোপাল আৰু বাঘেশ্বৰী থান পৰিচালনা সমিতিয়ে বাৰ্ষিক হোম-যজ্ঞ স্থগিত ৰাখিছে।

উল্লেখযোগ্য যে এই ঐতিহাসিক থান খনত প্ৰতিবছৰে অনুষ্ঠিত হোৱা বাৰ্ষিক হোম যজ্ঞত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তই আহি ভিৰ কৰা দেখা যায়।

ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰিছিল:হিমন্ত বিশ্ব শৰ্মা

নলবাৰীত হিমন্ত বিশ্ব শৰ্মা

আজি নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ ঘৰৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ লবলৈ আহি সংবাদ মাধ্যমৰ সমূখত এই মন্তব্য মন্ত্ৰী গৰাকীৰ।

প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰা বুলি মন্তব্য কৰি তেওঁৰ লগত ১৯৯১ চনৰ পৰা থকা সান্নিধ্যৰ কথাও সুৱৰি প্ৰয়াত নেতা গৰাকী চৰকাৰী স্বীকৃতি পোৱাৰ বাবে যোগ্য বুলি দাবী কৰে ৷

বৰ্তমান অসমত লকডাউনৰ প্ৰয়োজনীয়তা নাই: হিমন্ত বিশ্ব শৰ্মা

নলবাৰীত হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত শিক্ষানুষ্ঠান সম্পূৰ্ণৰূপে বন্ধ কৰা সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব ২ মেৰ পিছত।

অসমত বৰ্তমান অক্সিজেনৰ অভাৱ নাই সম্পূৰ্ণ ভাৱে মজুত আছে অক্সিজেন।অসমত একোৰে অভাৱ হোৱা নাই।

ভূটানতো অক্সিজেনৰ প্লান্ট আৰম্ভ কৰা হৈছে ৷

এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

আজি নলবাৰীৰ বেলশৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ ঘৰৰ শোক সন্তপ্ত পৰিয়াল বৰ্গৰ খবৰ লবলৈ আহি সংবাদ মাধ্যমৰ সমূখত এই মন্তব্য মন্ত্ৰী গৰাকীৰ।

প্ৰয়াত মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনে অসমৰ স্বাস্থ্য ক্ষেত্ৰত এসময়ত আমূল পৰিৱৰ্তন সাধন কৰা বুলি মন্তব্য কৰি তেওঁৰ লগত ১৯৯১ চনৰ পৰা থকা সান্নিধ্যৰ কথাও সুৱৰি প্ৰয়াত নেতা গৰাকী চৰকাৰী স্বীকৃতি পোৱাৰ বাবে যোগ্য বুলি দাবী কৰে ৷

ডিব্ৰুগড়ত এক জঘণ্য কাণ্ড: নাবালিকাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে।

অভিযুক্ত আফজল আনচাৰী

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘণ্য কাণ্ড। এগৰাকী নাবালিকাক যৌন নিৰ্যাতনৰ অপচেষ্টা চলোৱাৰ অভিযোগ আফজল আনচাৰীৰ বিৰুদ্ধে। ডিব্ৰুগড়ৰ চাউলখোৱাৰ ঘৰবন্দীচুকৰ জৰুৱা গাঁৱৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অঞ্চলটোৰ আফজল আনচাৰী নামৰ লোকনে সম্পৰ্কীয় ৮ বছৰীয়া নাতিনীয়েকক যৌন নিৰ্যাতনৰ অপচেষ্টা কৰে। ১৩ মাৰ্চতে সংঘটিত হোৱা ঘটনাৰ পিছতে ২০ মাৰ্চত অভিযুক্তৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত দাখিল কৰিছিল এজাহাৰ। কিন্তু নাবালিকাৰ পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আজিলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আফজল আনচাৰীক। সাংবাদিকে গাভৰুপথাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰাত অভিযুক্তক বিচাৰি অভিযান অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে। আনহাতে আফজল আনচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি পৰিয়ালটোক ন্যায় প্ৰদানৰ বাবে জনাইছে দাবী।

নগাঁৱত পুনৰ আজিৰ দিনটোত ১২৩ গৰাকী লোক আক্ৰান্ত ক’ৰোণাত

নগাঁৱত  পুনৰ আজিৰ দিনটোত ১২৩ গৰাকী লোক আক্ৰান্ত ক’ৰোণাত# দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ৰোণাৰ সংক্ৰমণ:সৰ্বমুঠ ৫৭০ আক্ৰান্ত

কোভিড ১৯ৰ দ্বিতীয় লহৰে এতিয়া সমগ্ৰ  নগাঁও জিলাত এতিয়া ভয়াবহ ৰূপ ধাৰণ কৰিছে।প্ৰতিদিনে নগাঁও জিলাত দ্ৰুত গতিত বৃদ্ধি পাই আছে ক’ৰোণাৰ সংক্ৰমণ। আজিৰ দিনটোতে পুনৰ নগাঁৱত ১২৩জন লোকৰ দেহত ধৰা পৰিল ক’ভিদ ১৯ৰ সংক্ৰমণ। ইয়াৰে ১১৮জনক এণ্টিজেন টেষ্ট আৰু ৫ জনক আৰটিপিচিআই টেষ্টৰ জৰিয়তে ক’ভিদ ১৯ পজিটিভ বুলি চিনাক্ত কৰিছে স্বাস্থ্য বিভাগে। ইয়াৰে ৮ গৰাকীক ক’ভিড চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে ১১৫ গৰাকী  হ’ম কোৱাৰীণ্টাইন হৈ আছে। নগাঁৱত বৰ্তমানলৈকে ৫৭০ জন লোক ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে। আনহাতে আজিৰ দিনটোত ক’ৰোণাৰ পৰা আৰোগ্য লাভ কৰিছে  ৩৮জন ব্যক্তিয়ে। ইয়াৰে ৩৪ জন হোম আইছ’লেচনত আছিল আৰু ৪ জন নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ আছিল।

লামডিং ৰঙালী বিহু স্থলী পৰিণত হ’ল সমন্নয় স্থলীলৈ ৷

লামডিং ৰঙালী বিহু স্থলী পৰিণত হ’ল সমন্নয় স্থলীলৈ ৷ বিহুত প্ৰদৰ্শন হ’ল বিহু, ঝুমুৰ, বাৰেৰহণীয়া সাংস্কৃতিক নৃত্য ৷ বিহু অনুস্থিত হোৱা বিহুত মাক্স, চেনিটাইজাৰ ব্যবহাৰ কৰি বিহু উদযাপন কৰা হ’য় ৷ সমগ্ৰ ৰাজ্যত ব্যাপক হাৰত কৰু’ণাৰ সংশাৰী ৰূপে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ সামন্তৰালভাৱে ,অসমীয়া চেনেহৰ ৰঙালী বিহুটি উদযাপনৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মঞ্চ বিহু উদযাপনৰ বাবে ব্যাপক

আলফা স্বাধীনৰ বিত্ত সম্পাদক জীৱন অসমক অব্যাহতি

জীৱন অসম

আলফা স্বাধীনৰ বিত্ত সম্পাদক মেজৰ জেনেৰেল জীৱন অসমক (গুণত ডাঙৰীয়া) স্বাস্থ্য আৰু প্ৰতিকূল অৱস্থানত সু-স্বাস্থ্য চিকিৎসা অভাৱৰ বাবে ঘৰলৈ গৈ উন্নত চিকিৎসাৰ আৰু বাকী কালছোৱা পৰিয়ালৰ মাজত কটোৱাৰ মনোবাঞ্ছাক গ্ৰাহ্য কৰি ২৫ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠন সকলো দায়িত্বৰ পৰা অব্যাহতি দিছে বুলি আলফা স্বাধীনৰ সভাপতি আৰু সৰ্ব্বাধিনায়ক ডাঃ অভিজিত অসমৰ স্বাক্ষৰিত এক বিবৃতি যোগে ঘোষণা কৰিছে।

বয়োজ্যেষ্ঠ জনক সান্নিধ্যৰে ব্যতিক্ৰমী সম্বৰ্ধনা হাতীগাঁও বিকাশ মঞ্চৰ

ব্যতিক্ৰমী সম্বৰ্ধনা হাতীগাঁও বিকাশ মঞ্চৰ

বাৰ্ধক্য আৰু শাৰিৰীক অসুস্থতাজনিত কাৰণত গৃহবন্দী হৈ একাকীত্বৰে দিন পাৰ কৰা লোকক কিছুসময়ৰ সৰব সান্নিধ্যৰে সাহচাৰ্য দিবৰ প্ৰচেষ্টাৰে মহানগৰীৰ হাতীগাঁও বিকাশ মঞ্চ নামৰ অনুষ্ঠানটোৱে এইবেলি বিহুৰ সময়ত এক বিশেষ উদ্যোগ হাতত লয়। হাতীগাঁও বিকাশ মঞ্চৰ বিষয়ববীয়া সকল এনে লোকৰ ঘৰত উপস্হিত হৈ আনুষ্ঠানিক ভাবে বিহুৰ ওলগ জনোৱাৰ লগতে এনে লোক সকলে বিচৰা ধৰণে তেওঁলোকৰ সতে সময় অতিবাহিত কৰে। হাতীগাঁও বিকাশ মঞ্চই প্ৰথম প্ৰয়াস হিচাপে এইবাৰৰ বিহুত সামাজিকভাবে সক্ৰিয় বৃহত্তৰ হাতীগাঁও অঞ্চলৰ আলহাজ চিদ্দিক ৰহমান,তাহিৰুল ইছলাম, চৈয়দ মুহিবুল্লা, সুভাষ নাথ, হেম শৰ্মা, চৈয়দা নুৰজাহান, হীৰকবালা ডেকা আৰু সৰোজিনী দেৱীক তেওঁলোকৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনায় আৰু তেওঁলোকে বিচৰা পৰিমানৰ সময় তেওঁলোকৰ সতে কটাই। হাতীগাঁও বিকাশ মঞ্চৰ হৈ এই অনুষ্ঠানত ধ্ৰৱজ্যোতি দাস, বাবুল আহমেদ, পবেন্দ্ৰনাথ ভট্টাচাৰ্য, মফিজুৰ ৰহমান আৰু সুভাষ শৰ্মাই অংশগ্ৰহণ কৰে। ২০০৬ চনত প্ৰতিষ্ঠা হোৱা এই অনুষ্ঠানটোৱে সময়ে সময়ে চিকিৎসা শিৱিৰ অনুষ্ঠিত কৰা দুৰ্গত জনক চিকিৎসা সাহায্য আগবঢ়োৱাকে ধৰি বিভিন্ন ধৰণৰ জনকল্যাণমূলক কাম কৰি আহিছে।

ক’ৰনা সংক্ৰমণৰ বাবেই ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু উৎসৱ স্থগিত

ঐতিহ্যমণ্ডিত মৰিগাঁও ৰজাগাঁৱৰ আহঁততলিত আজিয়ে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৩৩ সংখ্যক মৰিগাঁও নগৰ বিহু সন্মিলনৰ ৰঙালী বিহু উৎসৱটি সাম্প্ৰতিক ক’ৰোণা পৰিস্থিতিৰ বাবে সাময়িক ভাৱে স্থগিত ৰখা হৈছে।আজি ২৫ আৰু ২৬ এপ্ৰিলত দুদিনীয়া বৃস্তিত কাৰ্যক্ৰমনিকাৰে আয়োজিত হ’ব লগা আঁহততলিৰ নগৰ ৰঙালী বিহু সন্মিলনৰ সমূহ বিহুৰ কাৰ্যসূচী স্থগিত ৰখা হৈছে।এই সন্দৰ্ভত কালি বিহু আয়োজক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইপিনে, নগৰ বিহু সন্মিলনৰ বিহু উৎসৱ উপলক্ষে হ’ব লগা উপহাৰ কুপনৰ খেলখন অহা ৮ মে’ৰ বিয়লি ভাগত ৰজাগাঁও আঁহততলিৰ বাকৰিত অনুষ্ঠিত হ’ব বুলি আয়োজক সমিতিৰ সভাপতি শৰৎ ডেকা, কাৰ্যকৰী সভাপতি ধৰণী গোহাঁই আৰু সম্পাদকদ্বয় ভদ্ৰেশ্বৰ ডেকা আৰু কুলিন  বৰাই সদৌটি ৰাইজক ৰাইজক জানিবলৈ দিছে।

হোজাইৰ মোৰাঝাৰত মাছ চুৰিক লৈ চাঞ্চল্য।

মোৰাঝাৰৰ বুৰুঙাতলিত সংঘটিত হয় এই মাছ চুৰিৰ ঘটনা।

মীন পালনৰ ফিচাৰীৰ পৰা প্ৰায় ডেৰ লাখ টকাৰ মাছৰ পোনা চুৰি হোৱাৰ অভিযোগ উত্থাপিত কৰি চুফিয়ান আহমেদ নামৰ লোকজনে মোৰাঝাৰ আৰক্ষীত এজাহাৰ দাখিল কৰিছে।

ভুক্তভোগীৰ অভিযোগ অনুসৰি পাচঁ লাখ মাছৰ পোনা পোহি থকা পুখুৰীটোৰ পৰা স্থানীয় আজিজুল হক আৰু আব্দুল হাফিজে মাছৰ পোনা কেইটা চুৰি কৰি লৈ যায়।

উল্লেখ যোগ্য যে বুৰুঙাতলি গাঁৱৰ তাজ উদ্দিনৰ পুখুৰী লিজত লৈছিল বান্দৰমেলাৰ চুফিয়ান আহমেদে৷ আৰু ৰহস্যজনক ভাৱে স্থানীয় আজিজুল হক আৰু আব্দুল হাফিজে উক্ত পুখুৰীত জাল মেলি মাছ চুৰি কৰি লৈ যায়।

ইতিমধ্যে মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ চুৰে ব্যৱহাৰ কৰা জালখন জব্দ কৰি আৰম্ভ কৰিছে ঘটনাৰ তদন্ত৷