Home Blog Page 2992

ৰোগীৰ দেহত সংৰোপণ কৰিবলৈ লওঁতেই ধৰা পৰিল নকল পেচমেকাৰ GMCH ত

ক’ভিডসৃষ্ট এই জটিল পৰিস্থিতিৰ মাজতে একাংশ অসাধু ফার্মাচীত নকল ঔষধ, পেচমেকাৰ বিক্রী কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ ৰাজ্যৰ অন্যান্য প্রান্ততত দূৰৰে কথা, খোদ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চৌহদতে নকল পেচমেকাৰ বিক্রী কৰি আহিছে৷ জি এম চি এইচ চৌহদত থকা মেছার্চ ৰ’দালি ড্রাগ্ছ নামৰ ফার্মাচীখনত বিক্রী কৰি আহিছিল নকল পেচমেকাৰ৷

জি এম চি এইচত চিকিৎসাধীন এজন ৰোগীৰ আত্মীয়ই ৰ’দালি ফার্মাচীৰ পৰা পেচমেকাৰটো ক্রয় কৰি চিকিৎসকক দিছিল৷ জি এম চি এইচৰ চিকিৎসকে ৰোগীগৰাকীক পেচমেকাৰটো লগাবলৈ লওঁতেই পেচমেকাৰটোত বিসংগতি ধৰা পৰে৷ চিকিৎসকে ঘটনা সন্দর্ভত জি এম চি এইচৰ অধীক্ষক আৰু অধ্যক্ষক অৱগত কৰে৷ জি এম চি এইচৰ চিকিৎসকসকলে পেচমেকাৰটো নকল বুলি নিশ্চিত কৰে৷ নকল পেচমেকাৰটো ছেণ্ট জুড মেডিকেল নামৰ কোম্পানীটোৱে তৈয়াৰ কৰা৷

সমগ্র ঘটনা সন্দর্ভত জি এম চি এইচৰ অধীক্ষকে ভঙাগড় থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ভঙাগড় থানাত ৩১২/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ জি এম চি এইচ চৌহদৰ ফার্মাচীত নকল পেচমেকাৰ বিক্রী কৰি অহা বিষয়টো স্বাস্থ্য বিভাগে কিদৰে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

নগৰবেৰাৰ পলাহৰটাৰীত লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা জব্দ

কামৰূপ জিলাৰ বকো সমষ্টিৰ  নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ  কাৰ্যালয়ৰ অন্তৰ্গত পলাহৰটাৰীত বন বিভাগে অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ । জানিব পৰা মতে, কাৰ্যালয় খনৰ বন কৰ্মীৰ এটা দলে এক গোপন খৱৰৰ ভিত্তিত যোৱা নিশা  অভিযান চলাই প্ৰায় লক্ষাধিক টকাৰ শাল কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় যদিও কাঠ খিনি পৰিত্যক্ত অৱস্থাত আছিল আৰু তাৰ পৰা উদ্ধাৰ কৰা হৈছে বুলি ৰহস্য জনক ভাষ্য প্ৰদান কৰে বন কৰ্মীৰ দলে। ইপিনে বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ খিনি স্থানীয় ব্যৱসায়ী নজৰুল ইছলামৰ বুলি স্থানীয় একাংশই কুৱা কই কৰিছে যদিও বন বিভাগে ব্যৱসায়ী জনক সুৰক্ষা দিয়াৰ স্বাৰ্থত নাম প্ৰকাশ কৰাত অনিচ্ছুক বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে নগৰবেৰাৰ বিভিন্ন এলেকাত  দীৰ্ঘদিন ধৰি চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি আছে আৰু প্ৰতি গৰাকী চোৰাংকাঠ ব্যৱসায়ীৰ লগত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে বুলি এক গোপন সূত্ৰে জানিব পৰা গৈছে। 

চৰাইপুঙ আৰক্ষী থানাত কতব্যৰত অসম কামাণ্ডো বাহিনীৰ হাবিলদাৰৰ আকস্মিক মৃত্যু

চৰাইদেউ জিলাৰ চৰাইপুঙ আৰক্ষী থানাত কৰ্মৰত অসম কমাণ্ডো বাহিনীৰ হাবিলদাৰ শান্তিৰাম ডেকা (৫০) যোৱা নিশা আকস্মিকভাবে মৃত্যু হয় ৷ জানিব পৰামতে তেখেতে যোৱাকালি  দিনৰ ভাগত অত্যন্ত পেটত বিষ অনুভৱ হোৱাত সাপেখাতী আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰায় ৷ চিকিৎসকে দিয়া ঔষধ সেৱন কৰি  কিছু সুস্থ হৈ উঠে যদিয়ো ৰাতিলৈ পুনৰ অসুস্থ হৈ পৰে ৷ লগে লগে শান্তিকাম ডেকাক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিশায়ে চিকিৎসাৰ বাৱেব ভৰ্ত্তি কৰিবলৈ অনাৰ পথতেই মৃত্যুক আকোঁৱালি লয় ৷ ডেকাৰ ঘৰ নগাও জিলাৰ বেবেজিয়া আউট পোষ্টৰ অন্তৰ্গত বৰখোলা গাৱঁত বুলি জানিব পৰা গৈছে ৷ এজন সৎ নিষ্ঠাৱান কৰ্তব্যপৰায়ন আৰু সৎসাহসী   হেড কনিস্টবল আছিল বুলি জানিব পৰা গৈছে ৷ লগতে তেখেতৰ সৰলতা আৰু অমায়িক স্বভাবৰ বাবে সকলোৰে মাজত জনপ্ৰিয় আছিল ৷ তেখেতৰ আকস্মিক মৃত্যুত শোকাকুল হৈ পৰিছে সমগ্ৰ অঞ্চলটো ৷

ক’ভিড কালৰ ফটোগ্ৰাফীৰে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সাফল্য অসমৰ ছাত্ৰৰ

স্থিৰ চিত্ৰ প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ এগৰাকী কিশোৰ ছাত্ৰই সৰ্বভাৰতীয় পৰ্য্যায়ত বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যত কিশোৰজনে  নিজৰ কেমেৰাৰ লেন্সত বন্দী কৰিছিল এটি দুষ্প্ৰাপ্য পক্ষী। এই ফটোখনৰ বাবেই তেওঁ  সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত হোৱা ফটোগ্ৰাফী প্ৰতিযোগিতাত দ্বিতীয় স্থান লাভ কৰিছে।  কিশোৰজন সম্প্ৰতি গুৱাহাটী  মহানগৰৰ ছাই  আৰ এন এছ  বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ নবঋষি বৰা। উল্লেখযোগ্য যে নেচনেল ইন্সটিটিউত অব হিমালয়ান এনভায়ৰনমেন্ট,উত্তৰ-পূব কেন্দ্ৰ ইটানগৰ আৰু অৰুণাচল প্ৰদেশ বিজ্ঞানকেন্দ্ৰত যোৱা ২২ মেত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰিছিল। জৈব বৈচিত্ৰ আন্তঃৰাষ্ট্ৰীয় দিবস উপলক্ষ্যে এক সৰ্বভাৰতীয় ফটোগ্ৰাফী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। এই প্ৰতিযোগিতাত  দেশৰ ভিন ভিন ৰাজ্যৰ ১০১ জন প্ৰতিযোগীয়ে অংশ লৈছিল।উক্ত প্ৰতিযোগিতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা নবঋষিয়ে উঠোৱা    ফেনখনে দ্বিতীয় স্থান লাভ কৰে। কাজিৰঙা বিলুপ্তপ্ৰায় ধনেশ চৰাইৰ ফটো উঠাই সাফল্য কঢ়িয়াই অনা এইজন নহয়নে বৰা হ’ল  জেষ্ঠ সাংবাদিক নব কুমাৰ বৰাৰ পুত্ৰ।এই প্ৰতিযোগিতাত প্ৰথম স্থান পাইছে  ডালমিয়া চিমেন্টত কৰ্মৰত প্ৰেম চেত্ৰী আৰু তৃতীয় স্থান পাইছে  অসমৰ জলসিঞ্চন বিভাগৰ অভিযন্তা দিগন্ত কুমাৰ শইকীয়াই। 

জামুগুৰিহাটত মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিয়াৰ সন্দৰ্ভত সম্প্ৰতি গঞাঁ মহিলাৰ প্ৰতিক্ৰিয়া

ৰাজ্য চৰকাৰে মাইক্ৰ ফাইনেঞ্চৰ ধন ৰেহাই দিব বুলি সম্প্ৰতি গঞাঁ মহিলাক  প্ৰতাৰণা প্ৰৱঞ্চনা কৰা বুলিহে গুৰুত্বৰ অভিযোগ উঠিছে ৷ গাৱেঁ গাৱেঁ প্ৰতিৱাদ সৃষ্টি হৈছে মহিলা সকলৰ ৷ নিৰ্ব্বাচনৰ প্ৰাক মূহুৰ্ত্বত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সকলৰ ঋণ মাফ কৰি দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি চৰকাৰে কিছুমান নীতি নিয়ম বান্ধি দিয়াত গঞাঁ মহিলা সকল বিপদত পৰা বুলিহে মন্তৱ্য কৰে একাংশ মহিলাই ৷ এই দৃশ্য জামুগুৰিহাটৰ হাটিঙাৰ ৷ এই সকল মহিলা চৰকাৰে বান্ধি দিয়া নীতি নিয়মত সুন্তুষ্ট নহয় বুলি ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰক এই ক্ষেত্ৰত পুনৰ বিবেচনা কৰাৰ আহ্বান জনাইছে ৷ মহিলা সকলে এশ শতাংশ ঋণেই কোনো চৰ্ত নোহোৱাকৈ মাফ কৰি দিয়াৰ দাৱী জনাইছে ৰাজ্য চৰকাৰক ।

দেৰগাঁৱৰ ললিতি মুখত ব্ৰহ্মপুত্ৰৰ তীব্ৰ খহনীয়া, নিমাতী বংকোৱাল সংযোগী ই এন ডি মাঠাউৰিৰ প্ৰতি ভাবুকি

ৰাজ্যত ক’ৰনা মহামাৰীৰ ফলত একপ্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰাৰ মাজতে নৈ পৰীয়া ৰাইজৰ মাজত খহনীয়াই লৈছে ব্যাপক ৰূপ। অন্য প্ৰান্তৰ লগতে দেৰগাঁও সমষ্টিৰ অন্তৰ্গত ললিতি মুখত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰি দৈনিক বিঘাই বিঘাই কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে।বিগত বৰ্ষত অঞ্চলটিৰ ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈ বহু কেইটা পৰীয়ালৰ কৃষি ভূমিৰ লগতে ঘৰ বাৰী উছন কৰি বহু কেইটা পৰিয়ালৰ মাজলৈ অমানিশা কঢ়িয়াই আনিছিল।খহনীয়া ই এন ডি মাঠাউৰিৰ কাষ পোৱাত টি এম পি কে ধৰি বহু কেইটা দল সংগঠনৰ দাবীত চৰকাৰী ভাৱে সেই স্থানত জিঅ বেগ স্থাপন কৰাত কিছু পৰিমাণে খহনীয়া প্ৰতিৰোধ কৰিবলৈ সক্ষম হল যদিও কাষৰে অন্য এটি অংশত পুনৰ খহনীয়াই  তীব্ৰ ৰূপ ধাৰণ কৰিছে।নৈ পৰীয়া অঞ্চলটিৰ ৰাইজে কৃষিকে সাৰথি কৰি সুখ দুখৰ মাজেৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু শেহতীয়াকৈ কৃষি ভূমি খিনি নদীৰ বুকুত জাহ যোৱাত ভৱিষ্যত অন্ধকাৰ দেখিছে অঞ্চলবাসীয়ে।ইফালে নৈ পৰীয়া অঞ্চলটোৰ বাবে বাৰিষা কালত নিমাতীৰ পৰা বংকোৱাল সংযোগী ই এন ডি মঠাউৰিটোৱেই হল একপ্ৰকাৰ ৰক্ষা কৱছ স্বৰূপ।ভৰ বাৰিষাৰ সময়ত এই মাঠাউৰিটোৰ আশ্ৰয়তে পশুধন সমুহৰ জীৱন ৰক্ষা কৰাৰ লগতে হঠাতে আহি নদীৰ বাঢ়নী পানীয়ে ঘৰ দুৱাৰ বুৰাই পেলোৱা বহু কেইখন গাঁৱৰ বাবে মাঠাউৰিটোৱেই হল বাৰিষা কালৰ বাবে প্ৰান কেন্দ্ৰ।উল্লেখ্য যে এই মাঠাউৰিটো ছিঙিবলৈ হ’লে ললিতিকে ধৰি খকণ্ডগুৰি, বৰচাপৰি, বাঁহফলা, গৰুমৰা, গেন্ধালী, নেউল গাঁও, বৰমুকলি, ধোদাং আদি শতাধিক গাঁৱৰ ক্ষতিসাধন হোৱাৰ লগতে দেৰগাঁও নগৰলৈকে ভাৱুকি কঢ়িয়াই আনিব।তেনেস্থলত বাৰিষাৰ প্ৰথম ভাগতে খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত দিক বিদিক হেৰুৱাইছে অঞ্চলবাসীয়ে।অঞ্চলবাসীয়ে খহনীয়া প্ৰতিৰোধৰ এটি স্থায়ী সমাধান বিছাৰি বহুবাৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষলৈ আবেদন নিবেদন কৰিছে যদিও কোনো সুফল পোৱা নাই আজিলৈকে।অঞ্চলটোৰ এই দুৰ্যোগৰ সময়ত আগবাঢ়ি আহিছে স্বেচ্ছাসেৱী সংগঠন ফাৰ্ম টু ফুড ফাউণ্ডেচন।ফাৰ্ম টু ফুড ফাউণ্ডেচনৰ অন্যতম বিষয়ববীয়া বাসুদেৱ দলেৰ তত্বাবধানত অঞ্চলটিত দিনে নিশাই চলিছে খহনীয়া প্ৰতিৰোধৰ কাম। ফাৰ্ম টু ফুড ফাউণ্ডেচনৰ উদ্যোগত খহনীয়া প্ৰতিৰোধৰ বাবে স্থানীয় ৰাইজৰ সহযোগ লৈ নিৰ্মাণ কৰি উলিয়াইছে ড্ৰেগন আকৃতিৰ বাঁহেৰে নিৰ্মিত পাৰ্কোপাইন। পদ্ধতিগত ভাৱে বাঁহেৰে নিৰ্মিত এই পাৰ্কোপাইনৰ দ্বাৰা কিছু পৰিমাণে হ’লেও খহনীয়া প্ৰতিৰোধ কৰিব পৰা হ’ব বুলি ৰাইজ আশাবাদী যদিও কিমান দুৰ সফল হ’ব সেইয়া সময়েহে নিশ্চিত কৰিব।অঞ্চলটোৰ এই বিপদৰ সময়ত ফাৰ্ম টু ফুড ফাউণ্ডেচনে নৈ পৰীয়া ৰাইজৰ কাষত থাকি আগবঢ়োৱা কাম কাজক শলাগ লয় স্থানীয় ৰাইজে ।আনফালে স্থানীয় বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীয়ে বৰ্তমানলৈকে অঞ্চলটি এবাৰো পৰিদৰ্শন নকৰাক লৈ স্থানীয় লোকসকলে ক্ষোভ প্ৰকাশ কৰে। ৰাইজে অতি শীঘ্ৰে বিধায়ক গৰাকীক অঞ্চলটো পৰিদৰ্শন কৰি  খহনীয়া প্ৰতিৰোধৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

ক’ৰনা ভেকচিনে সৃষ্টি কৰিছে চুম্বকীয় শক্তিঃ দেহত লাগি ধৰিছে ষ্টিলৰ সামগ্ৰী

ক’ৰনাৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ নাগৰিকেও ভেকচিনৰ বাবে হেতা উপৰা কৰাৰ সময়তে পোহৰলৈ আহিছে এক আশ্চৰ্যজন খবৰ। ক’ৰনাৰ ভেকচিন গ্ৰহণ কৰাৰ পিছত মানুহৰ দেহত বিকশিত হৈছে চুম্বকীয় শক্তি। শেহতীয়াকৈ দেশত এনে ঘটনা কেইবাটাও পোহৰলৈ অহাৰ খবৰ পোৱা গৈছে। কেইদিনমান পূৰ্বে মহাৰাষ্ট্ৰৰ নাছিকৰ এগৰাকী ব্যক্তিৰ দেহত কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ পিছত চুম্বকীয় শক্তি সৃষ্টি হোৱাৰ খবৰ পোহৰলৈ আহিছিল। নাছিকৰ ৭১ বছৰীয়া অৰবিন্দ জগন্নাথ নামৰ ব্যক্তিজনে কোৰোনাৰ দ্বিতীয়টো ড’জ গ্ৰহণ কৰাৰ পিছতে তেওঁৰ দেহত ষ্টিলৰ বিভিন্ন সামগ্ৰীৰ লগতে এটকীয়া আৰু দুটকীয়া খুচুৰা পইছা লাগি ধৰাৰ এক ভিডিঅ’ পোহৰলৈ আহিছিল।

অৰবিন্দ জগন্নাথৰ দেহত এইদৰে চুম্বকীয় শক্তি উৎপন্ন হোৱাৰ খবৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই ছত্তীছগড়টো এনে এক ঘটনা সংঘটিত হোৱাৰ খবৰ প্ৰকাশ পাইছে। ছত্তীছগড়ৰ ৰাজনন্দগাঁৱত এগৰাকী মহিলাৰ লগত এনে ঘটনা সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। সুনীতা ফাডনাভিচ নামৰ মহিলাগৰাকীয়ে ক’ৰনা ভেকচিনৰ দ্বিতীয় ড’জ গ্ৰহণ কৰাৰ পিছতে তেওঁৰ দেহত ষ্টিলৰ বিভিন্ন সামগ্ৰীৰ লগতে খুচুৰা পইছা লাগি ধৰিছে বুলি খবৰ পোৱা গৈছে। সুনীতা ফাডনাভিচ নামৰ মহিলাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি ভেকচিন গ্ৰহণ কৰাৰ পিছতে তেওঁৰ হাতত বিষ হোৱাৰ লগতে টোপনি ভালকৈ নহা হৈছে। হাতত বিষৰ উপৰিও মধ্যমা আঙুলি নিষ্টেজ হৈ আছে।

শেহতিয়াকৈ সংঘটিত হোৱা এই ঘটনাৰ পিছতে এতিয়া চাঞ্চল্য সৃষ্টি হৈছে। অৰবিন্দ জগন্নাথৰ লগত এনে ঘটনা সংঘটিত হোৱাৰ পিছতে জয়পুৰত থকা চি এল পাৱাৰ চিকিতৎসালয়ৰ চিনিয়ৰ কনচালটেণ্ট আৰু হোমিওপেথিক মেডিকেল এছ’চিয়েশ্বন অৱ ইণ্ডিয়াৰ সদস্য চিকিতৎসক এন চি পাৱাৰে কয় যে, ভকচিনৰ বাবে এনে ঘটনা সংঘটিত হোৱাটো সম্ভৱ নহয়। কিয়নো এনে ঘটনা সংঘটিত হ’লে এতিয়ালৈকে কিমান মানুহৰ দ্বিতীয়টো ড’জ গ্ৰহণৰ পিছতে এনে সমস্যাৰ সৃষ্টি হ’ল হয় তাৰ হিচাপ নাথাকিল হয়। আন লোকৰ সৈতে এনে ঘটনা সংঘটিত হোৱাটো দেখিবলৈ পোৱা নাই। আন একাংশ চিকিৎসকেও ভেকচিন গ্ৰহণৰ বাবে এনে ঘটনা সংঘটিত হৈছে বুলি কোৱা কথাটো গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিছে। অৱশ্যে অৰবিন্দ জগন্নাথে তেওঁৰ কথা প্ৰমান কৰিবলৈ এক ভিডিঅ’ প্ৰস্তুত কৰিছে আৰু সেই ভিডিঅ’ প্ৰচাৰ কৰিছে। তেওঁৰ দেহত ষ্টিলৰ বিভিন্ন সামগ্ৰী লাগি ধৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। একেদৰে ছত্তীছগড়ৰ সুনীতা ফাডনাভিচৰ লগত সংঘটিত হোৱাৰ ঘটনাৰ ক্ষেত্ৰতো চিকিৎসকে একেই মনত্ব্য কৰিছে। এই ঘটনাj ভেকচিনৰ লগত কোনো সম্পৰ্ক নাই। তথাপিও কোৰোনা ভেকচিন গ্ৰহণ কৰাৰ পিছতেই মানৱ শৰীৰত চুম্বকীয় শক্তি সৃষ্টি হোৱা বুলি যি দাবী উত্থাপন হৈছে সেই দাবীক গুৰুত্বসহকাৰে লবলৈ সামাজিক মাধ্যমৰ জৰিয়তে আহ্বান জনাইছে দেশৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিয়ে।

এই মাহৰ পৰা ৰেশ্যন ভাট্টা বৃদ্ধি অসম বন সুৰক্ষা কৰ্মীৰ

এই মাহৰ পৰা অসম বন সুৰক্ষা কৰ্মীৰ ৰেশ্যন ভাট্টা বৃদ্ধি – অসম বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা বৃদ্ধি সন্দৰ্ভত আজি এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰে ৰাজ্য চৰকাৰে।

জাননী অনুসৰি বন সুৰক্ষা কৰ্মীসকলৰ ৰেশ্যন ভাট্টা ২০০০ লৈ বৃদ্ধি হ’ল। পূৰ্বে এই পৰিমান আছিল ১২০০ টকা।

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা টুইটৰ জৰিয়তে এই কথা জনায়।

তেওঁ টুইটত কয়, ‘পশুৰ সুৰক্ষা নিশ্চিত কৰাত বনৰক্ষীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাজিৰঙাত বানপানীৰ প্ৰস্তুতি পৰ্যালোচনাৰ সময়ত, তেওঁলোকৰ ৰেশ্যন ভাট্টা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এই কথা জনাব পাই সুখী যে ৰেচন ভাট্টা প্ৰতি মাহে ১২০০ টকাৰ পৰা ২০০০ টকালৈ বৃদ্ধি কৰা হৈছে, আৰক্ষী কৰ্মীৰ সমান’।

উল্লেখ্য যে এই নতুন ৰেশ্যন ভাট্টা জুন মাহৰ পৰা প্ৰযোজ্য হ’ব।

দুমুনিচকী-কুৰুৱা পথৰ জৰাজীৰ্ণ অৱস্থা।গ্ৰাম্য পথে জলাকলা খুৱাইছে পথচাৰীক।

দৰং জিলাৰ লোকনিৰ্মাণ বিভাগৰ ছিপাঝাৰ সমষ্টিৰ  অন্তৰ্গত দুমুনিচকী-কুৰুৱা পথ জৰাজীৰ্ণ  অৱস্থা। গ্ৰাম্য পথে জলাকলা খুৱাইছে পথচাৰীক ।চহৰীয়া পাৰা মন্দিৰৰ সন্মুখ অংশ ,হেটামতোলা জামে মজিদৰ সমীপৰ লগতে কেইবাটাও অংশত  এজাক বৰষুণ দিলেই  পানীত পুখুৰী গাঁত সদৃশ হৈ পৰে । কিন্তু বিগত সময়ত পথছোৱাৰ কোনো মেৰামতি নকৰাৰ ফলত সম্প্ৰতি পথছোৱা অধিক জৰাজীৰ্ণ হৈ যাতায়াতৰ অনুপযোগী হৈ পৰিছে । বাৰিষাৰ আগমনৰ লগে লগে পথছোৱা অধিক জৰাজীৰ্ণ হৈ পৰে । ইয়াৰ ফলত উক্ত গুৰুত্বপূৰ্ণ ব্যৱসায়ী পথছোৱাৰে যাতায়াত কৰা ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । উল্লেখ্য যে বিগত বিধান সভাৰ নিৰ্বাচনৰ আগে আগে ফ্ৰেব্ৰুৱাৰী মাহত  ছিপাঝাৰ সমষ্টিৰ তদানীন্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া পথছোৱা  নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল যদিও  উক্ত ভগ্ন প্ৰায় পথছোৱাৰ আজিলৈ নিৰ্মাণ কাৰ্যৰ কোনো অগ্ৰগতি নহল । এই বাবেই  বাঁহগড়া, গনেশকুঁৱৰী, খলিহৈ, কুৰুৱা শিক্ষাৰ্থী তথা ব্যৱসায়ী সকলক জলাকলা খুৱাইছে ।  ইফালে লোক নিৰ্মাণ বিভাগৰ দায়িত্ববাহী ঠিকাদাৰ লগতে বিভাগীয় বিষয়া সকলৰ সোপাধিলা কামৰ ফলত দুমুনিচকী-কুৰুৱা পথত খলিহৈ মেডিকেল চ’কলৈ   ২৩ টাত কৈ অধীক স্পীড বেকাৰ দিয়াৰ বাবে কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈছে । উক্ত জৰাজীৰ্ণ গ্ৰাম্য পথৰ তৎকালি সু ব্যৱস্থা কৰিবলৈ এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে আঞ্চলিক ৰাইজে ।

লাহৰীঘাটত যুৱকক দূৰ্বিত্তই দাৰে হত্যা কৰাৰ চেষ্টা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাৱত  নিশা আবু ছুফিয়ান ( ৩১ ) নামৰ যুৱক জনক একেখন গাৱৰে আব্দুল ছাত্তাৰ নামৰ ব্যক্তিয়ে দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে। জানিব পৰা মতে গুৰুতৰ বাবে জখম হোৱা আবু ছুফিয়ানকউন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োয়ে ঘটনা স্হলীত উপস্থিত হৈ তদন্ত কৰি আক্ৰমণ কৰা দা উদ্ধাৰ কৰে। অৱশ্যে কি ঘটনা লৈ এনে হিংসাত্মক কাৰ্য্য হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। বাতৰি লিখা পৰলৈকে আক্ৰমণ কাৰী আব্দুল ছাত্তাৰ পলাতক আছে। আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।  আক্ৰমণ কাৰী আব্দুল ছাত্তাৰ আৰু আবু ছুফিয়ানৰ বাসগৃহ একেবাৰে ওচৰা ওচৰি।