Home Blog Page 2993

লাহৰীঘাটত যুৱকক দূৰ্বিত্তই দাৰে হত্যা কৰাৰ চেষ্টা

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ৰজাগাধোৱা গাৱত  নিশা আবু ছুফিয়ান ( ৩১ ) নামৰ যুৱক জনক একেখন গাৱৰে আব্দুল ছাত্তাৰ নামৰ ব্যক্তিয়ে দাৰে ঘপিয়াই হত্যা কৰাৰ চেষ্টা কৰে। জানিব পৰা মতে গুৰুতৰ বাবে জখম হোৱা আবু ছুফিয়ানকউন্নত চিকিৎসাৰ বাবে গুৱাহাটী লৈ প্ৰেৰণ কৰা হৈছে। লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়োয়ে ঘটনা স্হলীত উপস্থিত হৈ তদন্ত কৰি আক্ৰমণ কৰা দা উদ্ধাৰ কৰে। অৱশ্যে কি ঘটনা লৈ এনে হিংসাত্মক কাৰ্য্য হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত আছে। বাতৰি লিখা পৰলৈকে আক্ৰমণ কাৰী আব্দুল ছাত্তাৰ পলাতক আছে। আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে।  আক্ৰমণ কাৰী আব্দুল ছাত্তাৰ আৰু আবু ছুফিয়ানৰ বাসগৃহ একেবাৰে ওচৰা ওচৰি। 

পজিটিভিটীৰ হাৰ হ্রাস হ’লেই শিথিল হ’ব গুৱাহাটীৰ নীতি–নিয়ম

ক’ভিড সংক্রমণ ৰোধৰ বাবে কেন্দ্রীয় চৰকাৰৰ নির্দেশত ভেকচিন প্রদান কার্যসূচী দ্রুত কৰি তুলিছে স্বাস্থ্য বিভাগে৷ এই লক্ষ্যৰে ৰাজ্যত প্রতিদিনে তিনি লাখ লোকক ভেকচিন প্রদানৰ পদক্ষেপ লৈছে বিভাগটোৱে৷

শনিবাৰে এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ কামৰূপ (মহানগৰ) জিলাৰ ক’ভিড পৰিস্থিতি সন্দর্ভত আজি এক পর্যালোচনা বৈঠকৰ পাছতেই এই কথা ঘোষণা কৰে স্বাস্থ্যমন্ত্রী মহন্তই৷ সংবাদ মাধ্যমৰ আগত স্বাস্থ্যমন্ত্রী মহন্তই প্রকাশ কৰা অনুসৰি ইতিমধ্যে গুৱাহাটীত ৬ লাখ ৬ হাজাৰ লোকক ভেকচিন প্রদান কৰা হৈছে৷ গুৱাহাটীত প্রায় চাৰি লাখ লোকক ভেকচিন প্রদান কৰিলে এই কার্যসূচী মহানগৰীত সম্পূর্ণ কৰিব পৰা যাব৷ তেওঁ কামৰূপ মহানগৰ জিলাৰ ক’ভিড পৰিস্থিতি সন্দর্ভত বিস্তৃত তথ্য দাঙি ধৰি জানিবলৈ দিয়া মতে, মহানগৰীত তিনিটা ক’ভিড কেয়াৰ চেণ্টাৰত এতিয়াও ১,০৯০খন বিছনা খালী আছে৷ বর্তমান ৬৭১জন ক’ৰোনা আক্রান্তইহে চিকিৎসাধীন হৈ আছে৷ বর্তমান সৰুসজাইত থকা ক’ভিড কেয়াৰ চেণ্টাৰত ৪০০খন, ৰয়েল গ্ল’বেল ক’ভিড চেণ্টাৰত এহাজাৰখন আৰু আজাৰৰ কাঁহিকুছিস্থিত এছ আই আৰ ডিত ২৭০খন বিছনা আছে৷ স্বাস্থ্য বিভাগে আক্রান্তৰ হাৰ হ্রাস কৰাৰ বাবে সর্বাধিক গুৰুত্ব দিছে টেষ্টিং, ট্রেছিং আৰু ট্রিটমেণ্টত৷ সমান্তৰালভাৱে টিকাকৰণ বৃদ্ধিৰ ক্ষেত্রতো স্বাস্থ্য বিভাগে বিশেষ পদক্ষেপ হাতত লৈছে৷ ইতিমধ্যে দুহাজাৰটা দল টিকাকৰণৰ বাবে সাজু কৰি তোলা হৈছে৷

ইয়াৰ পূর্বে স্বাস্থ্যমন্ত্রীগৰাকীয়ে কামৰূপ ‘মহানগৰ) জিলা উপায়ুক্তৰ কার্যালয়ত ক’ভিডসৃষ্ট পৰিস্থিতিৰ পর্যালোচনা কৰি গুৱাহাটীৰ পজিটিভিটীৰ ৰেট হ্রাস কৰাৰ ক্ষেত্রত কি কি পদক্ষেপ গ্রহণ কৰিব পাৰি, সেই সন্দর্ভত বিস্তৃত আলোচনা কৰে৷ পর্যালোচনা বৈঠকত পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্তই প্রকাশ কৰা মতে, গুৱাহাটীত ইতিমধ্যে ৭৪,৮২৭জন লোকক পৰীক্ষা কৰোৱাৰ অন্তত ৮,১৮৩জন লোক পজিটিভ চিনাক্ত হৈছে৷

আনহাতে, জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে বৈঠকত স্বাস্থ্যমন্ত্রীক অৱগত কৰে যে যোৱা এক এপ্রিলৰ পৰা ১১ জুনলৈকে জিলাখনৰ ৬,৩৮,৫৫২জন ব্যক্তিক ক’ভিড পৰীক্ষা কৰাৰ বিপৰীতে ৫১,৮৮৩জন পজিটিভ চিনাক্ত হৈছে৷ আক্রান্তসকলৰ ২,৮১৫জন কামৰূপ জিলাৰ৷ তদুপৰি ১১ জুন পর্যন্ত মৃত্যু হৈছে ৭৪৮জন ক’ভিড ৰোগীৰ৷ জিলাখনত ৫,১৫,৭৬৫জন লোকক ক’ভিশ্বিল্ড আৰু ৯১,১২৭জন লোকক ক’ভাক্সিন প্রতিষেধক প্রদান কৰা হৈছে৷

ইফালে বৈঠকৰ অন্তত লকডাউন সন্দর্ভত স্বাস্থ্যমন্ত্রীগৰাকীয়ে কয় যে গুৱাহাটীত পূর্বতকৈ পজিটিভিটীৰ হাৰ যথেষ্ট হ্রাস পাইছে৷ এটা সময়ত গুৱাহাটীত ৭ শতাংশলৈ বৃদ্ধি পাইছিল পজিটিভিটীৰ হাৰ৷ বর্তমান তিনি শতাংশলৈ হ্রাস পাইছে আক্রান্তৰ হাৰ৷ অহা ১৫ জুনলৈ আক্রান্তৰ হাৰ এইদৰে হ্রাস পালে গুৱাহাটীত নীতি–নিয়মৰ ক্ষেত্রত কিছু শিথিলতা অনা হ’ব৷ এই পর্যালোচনা বৈঠকত পৌৰ নিগমৰ আয়ুক্ত দেৱাশিস শর্মা, মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আদিকে কৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷

প্ৰাক্তন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক আৱেদন ” ৱাৰিয়ৰ ” এক জাগৰণ নাৰীত্ব নামৰ সংগঠনৰ।

সমাজত নাৰী জাতিৰ স্বভিমান আৰু নিজৰ স্বকীয়তাৰ পৰিচয়ৰে জীয়াই থকাৰ অধিকাৰ বিচাৰি এক জাগৰণ নাৰীত্বৰ বাণীৰে গঠন কৰা ” ৱাৰিয়ৰ ” নামৰ সংগঠনটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে লিখিত আৱেদন যোগে অৱগত কৰিবলৈ আজি কামৰূপ মহানগৰ জিলা সমিতিৰ তৰফৰ পৰা পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক লগ ধৰা হয়। আৰু আৱেদন প্ৰদান কৰা হয়। দেশৰ নাৰী সৱলীকৰণ আৰু সুৰক্ষাৰ ওপৰত আলোকপাত কৰা সংগঠনটোৰ আৱেদনত উল্লেখ কৰে যে ; সমাজত ধৰ্ষণৰ কেচবোৰৰ fast trach আদালতৰ জৰিয়তে বিচাৰৰ দাবী তথা নাৰী সুৰক্ষাৰ কঠোৰ আইনৰ দাবীৰে ” warriors ” ৰ জৰিয়তে সমগ্ৰ অসমৰ নিজ নিজ স্থানীয় বিধায়কক লগ ধৰি আগন্তুক বিধানসভা অধিবেশনত সেই দাবী সমূহ পূৰণৰ প্ৰস্তাৱ দাঙি ধৰাৰ বাবে  “Meet your MLA” শীৰ্ষক কাৰ্য্যক্ৰম হাতত লোৱা হৈছে আৰু তাৰেই অংশ হিচাপে আজি কামৰূপ মহানগৰ জিলা সমিতিয়ে পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক লগ ধৰি স্মাৰক পত্ৰ প্ৰদান কৰে বুলি সংবাদ মাধ্যমক জানিব দিয়ে সংগঠনটোৰ উপদেষ্টা বকোৰ সোণমণি বায়নে। উল্লেখ্য যে ; পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্যক স্মাৰক প্ৰদান কৰা কাৰ্য্যসুচীত উপস্থিত থাকে কামৰূপ মহানগৰ জিলা সমিতিৰ  উপদেষ্টা সোণমণি বায়ন ; জিলা সভাপতি দিগন্ত নাথ আৰু সক্ৰিয় সদস্য কাৰ্তিক দাস। ইফালে বিধায়ক ভট্টাচাৰ্য্যই সংগঠনটোৰ বিষয়টো গুৰুত্বসহকাৰে লয় আৰু ভৱিষ্যতে ৱাৰিয়ৰৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণ কৰাত সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস প্ৰদান কৰে। সংগঠনটোৰ সকলো জিলা সমিতিৰ উদ্যোগত নিজ নিজ সমষ্টিৰ বিধায়ক সকলোক নাৰী জাতিৰ সুৰক্ষা আৰু সাৱলীকৰণৰ দহ দফীয়া দাৱী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিব দিয়ে সংগঠনটোৰ নেতৃবৃন্দই।

মহানগৰীৰ নাৰেংগীত ৰে’লৱে ক্ৰছিঙত লাইনচ্যুত ছয়টা ডবা।

শনিবাৰে দুপৰীয়াৰ ভাগত মহানগৰী নাৰেংগীত থকা ৰেল লাইনত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নাৰেংগীৰ সেনা শিবিৰৰ যোৱা WDG4-70115 নম্বৰৰ এখন মালবাহি ট্ৰেইনৰ  ছয়টাকৈ ডবা লাইনচ্যুত হোৱাত অঞ্চলটোত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।

জানিব পৰা মতে বহিঃ ৰাজ্যৰ পৰা সাতগাঁওস্থিত ভাৰতীয় সেনা চাউনিলৈ খাদ্যকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী কাঢ়িয়াই  অনা মালবাহী ৰে’ল এখনৰ ছয়টা ডবা নাৰেংগী কলংপাৰ বজাৰত থকা ৰে’লৱে ক্ৰছিঙত লাইনচ্যুত হয়। ফলত অঞ্চলটোত থকা ৰাইজৰ মাজত হুৱা-দুৱা লাগে।

লাইনচ্যুত হোৱাৰ ফলত নাৰেংগী-চন্দ্ৰপুৰ-মৰিগাঁও সংযোগী ৰাজ্যিক ঘাই পথছোৱাত অভাৱনীয় যান যতৰ সৃষ্টি হয়। ইয়াৰ পিছত ঘটনাস্থলীত সেনা বাহিনীৰ লোক আৰু আৰক্ষীৰ লোক আহি উপস্থিত হয়। আৰু  মালবাহী ৰে’লখনৰ চৌদিশে সেনাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে কিয়নো মালবাহি ৰে’লখনত সেনাৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী আছিল। তদুপৰি যি কোনো মুহূৰ্ততে ৰে’ল পথত লাইনচ্যুত হোৱা ৰে’লৰ ডবাকেইটা বাগৰি যোৱাৰ আশংকাত শংকিত হৈ পৰিছিল সেনা।

দুঘণ্টা মানৰ অন্তত ৰে’ল বিভাগৰ লোক উপস্থিত হৈ লাইনচ্যুত নোহোৱা ডবাকেইটা সংযোগ বিছিন্ন কৰি নাৰেংগী ষ্টেচনলৈ লৈ যায় । আবদ্ধ হৈ থকা মূল পথটি মুক্ত কৰে  যদিও  লাইনচ্যুত হোৱা ডবাকেইটা তেনেকৈয়ে ৰে’ল লাইনতে আছিল। ৰে’ল বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি বিশেষজ্ঞ দল ঘটনাস্থলীত উপস্থিত হৈ হে লাইনচ্যুত ৰে’ল ডবাকেইটা তাৰ পৰা আঁতৰাব পাৰিব।

স্থানীয় লোকৰ অভিযোগ নাৰেংগীৰ পৰা সাতগাঁওলৈ যোৱা পথছোৱা  বহু বছৰ ধৰি মেৰামতি কৰা নাই। যাৰ ফলত আজি এনেধৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে। তদুপৰি দিনৰ ১ বজাৰ লগে লগে সান্ধ্য আইনৰ কৱলত পৰা অঞ্চলছোৱাত দিনৰ ১২ বজাৰ পৰা প্রায় ২ বজালৈ যান-বাহন আবদ্ধ হৈ থাকিব লগীয়া হোৱাত স্বাভাৱিকতে অশ্ব স্তিত ভুগিব লগা হয় সাধাৰণ ৰাইজে।

অভিনেতা হৰেন মালাকৰক ২০২০-২১ বৰ্ষৰ অচ্যুত লহকৰ স্মাৰক বঁটা প্ৰদান

প্ৰবীণ কৌতুক অভিনেতা হৰেণ মালাকৰক আজি প্ৰদান কৰা হয় মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰ স্মাৰক বঁটা। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ আজি পঞ্চম মৃত্যুবাৰ্ষিকী। ‘মঞ্চ প্ৰভাকৰ’ হিচাপে খ্যাত এইগৰাকী মহীৰূহে ভ্ৰাম্যমাণ নাট্য জগতখনলৈ আগবঢ়োৱা অৱদান অসমৰ বাবে এক অমূল্য সম্পদ। ষাঠিৰ দশকত ‘নটৰাজ চিনে থিয়েটাৰ’ৰ জন্ম দি অচ্যুত লহকৰদেৱে নাট্য জগতত সৃষ্টি কৰিছিল এক নৱজাগৰণৰ, যাৰ ঢৌ আজিও অম্লান হৈ আছে।

মঞ্চ প্ৰভাকৰ অচ্যুত লহকৰৰ মৃত্যু তিথিত প্ৰতিবছৰেই কামৰূপ জিলাৰ অগ্ৰণী অনুষ্ঠান “মঞ্চ” ই আগবঢ়াই অহা অচ্যুত লহকৰ স্মাৰক বঁটা এইবাৰ প্ৰদান কৰা হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰবীণ কৌতুক অভিনেতা হৰেণ মালাকৰক। অভিনেতাগৰাকীৰ হাজোৰ বাসগৃহত ক’ভিড প্ৰটোক’ল মানি ‘মঞ্চ’ৰ তৰফৰ পৰা আজি প্ৰদান কৰা হয় অচ্যুত লহকৰ স্মাৰক বঁটা। এই অনুষ্ঠানত উপস্থিত থাকে এমন্ট্ৰনৰ উপ প্ৰৱন্ধক দিনমণি ভাণ্ডাৰ কায়স্থ, কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তাৰিণী চৰণ কলিতা, সাংস্কৃতিক কৰ্মী গিৰিন্দ্ৰ দাস, অধ্যাপক নীলোৎপল শৰ্মাৰ লগতে নাট্যকৰ্মী বলেন দাস।

অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে খেলুৱৈলৈ কঢ়িয়াই আনিছে এক আশাৰ বাৰ্তা

ক্ৰীড়া পেঞ্চন আৰু এক কালীন সাহাৰ্যৰ লগতে ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ে অসমৰ প্ৰাক্তন আৰু বৰ্তমানৰ ৰাষ্ট্ৰীয় খেলুৱৈৰ তালিকা বিচাৰি জিলা ক্ৰীড়া বিষয়ালৈ জাননী প্ৰেৰণ কৰিছে। ক্ৰীড়া বিষয়া সকল তৎপৰ হৈ বিভিন্ন ইভেন্টৰ খেলুৱৈৰ তালিকা প্ৰস্তুত কৰাত লাগি পৰিছে। অৱশ্যে ইয়াৰ আগতেও দুবাৰ খেলুৱৈ সকলৰ দাতা চৰকাৰে গ্ৰহন কৰিছিল। সেইবিলাক দাতা সংগ্ৰহ কৰি কি কৰা হ’ল জানিব পৰা হোৱা নাই। এই বেলিও এই দাতা বিলাক সংগ্ৰহ কৰি কি কৰা হ’ব সেয়া এতিয়ালৈ ধূসৰ হৈ আছে। কিছু আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ভাবিয়েই খেলুৱৈ সকলে অতি আনন্দিত হৈ পৰিছে। বিশেষকৈ ল’ক ডাউনৰ সময়ত এনে আঁচনিয়ে নিশ্চিতভাৱে সূদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। ইয়াৰ আগতেওঁ বিভিন্ন ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় খেলুৱৈক নগদ ধনেৰে পুৰস্কৃত কৰা হৈছিল যদিও আঁচনি খনত সকলো খেলুৱৈক সামৰি লোৱা হোৱা নাছিল। যাৰ বাবে খেলুৱৈ সকল বঞ্চিত হৈছিল। এইবাৰ প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈ সকলক সামৰি লোৱা বাবে অসমৰ বহুতো আৰ্থিক ভাৱে দুৰ্বল খেলুৱৈয়ে লাভাম্বিত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। যদিহে চৰকাৰে আৰ্থিক সাহাৰ্যৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। সততে কোৱা হয় অসমৰ ক্ৰীড়াত অংশ গ্ৰহন কৰি লাভ নাই। খেল খেলি জীৱন-জীৱিকাৰ পথ পোৱা নাযায়, খেল এৰাৰ পিছত পানদোকান, চাহদোকান দিবলগীয়া হয়, দিন-হাজিৰা কৰিবলগীয়া হয়, মাংসৰ দোকান দিবলগা হয় ইত্যাদি অনেক কথাই বিভিন্ন সংবাদ মাধ্যমত প্ৰচাৰিত হৈ আহিছে। এই সমূহ দেখি, কোন সচেতন অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক খেলপথাৰলৈ উলিয়াই দিব সেয়াহে বিচাৰ্ষৰ বিষয়। এটা সময়ত খেলপথাৰত দপদপাই থাকি সকলোৰে মৰম-আদৰ লাভ কৰা খেলুৱৈ সকলৰ পিছৰ অৱস্থা দেখিলে সঁচাই দুখ লাগে। উক্ত আঁচনিৰ জড়িয়তে কিবা অলপ সহায় হলেও খেলুৱৈ সকলে নিজৰ নিজৰ জীৱিকাৰ পথ বাছি লৈ সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰিব পাৰিব। যি সকল ৰাজ্যিক, ৰাষ্ট্ৰীয় খেলুৱৈ বা ক্ৰীড়া সংগঠকৰ ইতিমধ্যে চাকৰিৰ বয়স পাৰ হৈ গৈছে সেইসকলক চৰকাৰে বিছাৰিলে নুন্যতম চলিব পৰাকৈ মাননী দি খেলপথাৰত তেওঁলোকৰ অভিজ্ঞতা সমূহ খেলুৱৈৰ মাজত বিলাই দিয়াৰ সুবিধা কৰি দিব পাৰে। তেতিয়া এই সকলে দুগুণ উৎসাহেৰে খেলপথাৰত নামি পৰিব বুলি আমাৰ দৃঢ় বিশ্বাস লগতে উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈ সকলে তেওঁলোকৰ পাৰদৰ্শীতা বৃদ্ধি কৰিব পাৰিব বুলি আমাৰ মনে ধৰে। যদি বিদ্যালয় সমূহত ক্ৰীড়াক বাধ্যতামূলক বিষয় হিচাপে অন্তৰ্ভুক্ত কৰা হয় তেতিয়াহ’লে নিশ্চিতভাৱে এওঁলোকৰো প্ৰয়োজন আহি পৰিব। কিয়নো অসমৰ বিদ্যালয় অনুপাতে যিসকল শাৰীৰিক নিৰ্দেশকে চাকৰি পাবলৈ সক্ষম হোৱা নাই সেইসকলক নিযুক্তি দিলেও শাৰীৰিক নিৰ্দেশকৰ অভাৱ দূৰ ন’হব। অসমক ক্ৰীড়াক ৰাজধানী কৰিব বিছৰা চৰকাৰখনে এনে ধৰণৰ উদ্যোগে গ্ৰহন কৰিলেহে সুফল পোৱা যাব বুলি সচেতন ক্ৰীড়া সমাজে মন্তব্য আগবঢ়াইছে। ইয়াৰ উপৰিওঁ অসমত নিয়মীয়া ক্ৰীড়া পেঞ্চন মাত্ৰ ৪০ গৰাকীকহে দিয়া হয়। যাৰ ফলত বহুতো বিশিষ্ট খেলুৱৈ, ক্ৰীড়া সংগঠকে বছৰ বছৰ ধৰি ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত হৈ আহিছে। কিছুমানে আকৌ ক্ৰীড়া পেঞ্চন বিচাৰি বিচাৰি নোপোৱাকৈয়ে ইহঁলীলা সম্বৰন কৰিছে। সাহিত্যিক বা শিল্পীক প ১০০ জনলৈ পেঞ্চন দিয়াৰ দৰে ক্ৰীড়া পেঞ্চনটোও ১০০ জনলৈ বৃদ্ধি কৰিবলৈ চৰকাৰলৈ বিনম্ৰ অনুৰোধ জনোৱা হৈছে।

মৰিগাঁওত গণ শিল্পী ,বিহু সম্ৰাট খগেন মহন্তৰ ৭তম মৃত্যু বাৰ্ষিকী ।

ৰিগাঁও জিলাৰ আগশাৰীৰ নাট্য, সাংস্কৃতিক অনুষ্ঠান সমলয় উদ্যোগত গণশিল্পী ,বিহু সম্ৰাট খগেন মহন্ত দেৱৰ ৭তম মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰে,ক’ভিড সৃষ্ট পৰিবেশৰ মাজতেই অনুস্হপিয়া কৈ হলেও ক’ভিড প্ৰতকল মানি সমলয়ৰ কাৰ্য্যালয়ত শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ, বন্তি প্ৰজ্বলন আৰম্ভ কৰি শিল্পী গৰাকীক স্মৰণ কৰি এখনি সভা অনুষ্ঠিত কৰি জিলা খনৰ কেইগৰাকীমান জ্যেষ্ঠ শিল্পীক সম্বৰ্ধনা জনোৱা লগতে খগেন মহন্ত দেৱৰ গীতৰ এটি অনুষ্ঠানোও অনুষ্ঠিত কৰে , যত জিলা খনৰ কেইবা গৰাকী নবীন, প্ৰবীণ শিল্পীযে গীত পৰিবেশন কৰে

বাক্সা আৰক্ষী সাফল্য ! পিষ্টলসহ গ্ৰেপ্তাৰ ৫ দুধৰ্ষ ডকাইত।

দীৰ্ঘদিন ধৰি বাক্সাৰ বিভিন্ন অঞ্চলত ডকাইতৰ এটা বৃহত চক্ৰই নিদ্ৰাহৰণ কৰি আহিছিল বাক্সা আৰক্ষীৰ ৷ ৰাজ্যখনৰ কেইবাটাও মাইক্ৰোফাইনেন্সৰ কৰ্মচাৰীক বাট আগচি ধৰি ধন লুট কৰি আহিছিল ডকাইতৰ দলটোৱে ৷ দীৰ্ঘদিন ধৰি চলা চেষ্টাৰ অন্তত আৰক্ষীয়ে পিষ্টল সহ ৫ জনীয়া ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

বাক্সাৰ নৱ নিযুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্বল প্ৰতীম বৰুৱাৰ নেতৃত্বত শুকুৰবাৰে পিষ্টলসহ পাঁচ জনীয়া ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে মুছলপুৰ আৰু অডালবাৰীত তীব্ৰ অভিযান চলাই ডকাইতৰ দলটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।ডকাইতৰ দলটো ক্ৰমে  অঞ্জন দাস, গোপেশ দাস, হিমাংশু হালৈ, কুলদীপ ৰয় আৰু খনীন ডেকা ৷ ডকাইত কেইটাৰ পৰা এটা পিষ্টল, এখন মাৰুতী চুজুকী, এখন গ্ৰেণ্ড আই টেন, এখন ৰেদী গ’ গাড়ী, দুখন বাইকৰ লগতে ৫টা মোবাইল হেণ্ডচেট জব্দ কৰে আৰক্ষীয়ে ৷ অধিক তথ্যৰ বাবে ডকাইতৰ দলটোক মুছলপুৰ আৰক্ষী থানাত জেৰা চলাই থকা হৈছে।

আৰক্ষীয়ে দুবছৰ ধৰি ডকাইত কেইটাৰ অনুসন্ধান কৰি আছিল যদিও আৰক্ষীৰ চকুত ধুলি দি চলাই আছিল ডকাইতি কাণ্ড । অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে ডকাইতৰ দলটোৰ আৰু দুজন সংগী বৰ্তমানো পলাতক অৱস্থাত আছে ৷ অচিৰেই গেংটোৰ বাকী দুটাকো কৰায়ত্ত হব

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত কৰা ৮ অপৰাধী

আৰক্ষী অধীক্ষক হিচাপে সুশান্ত বিশ্ব শর্মা নিযুক্ত হোৱাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে চলাইছে ব্যাপক অভিযান৷ যোৱানিশা জালনোট চক্রৰ লগত জডিত ৪টা আৰু অন্য এক অভিযানত আন ৪টা ডকাইতসহ মুঠতে ৮টা দুর্ধর্ষ অপৰাধী কৰায়ত্ত কৰিব সক্ষম হয় দৰং আৰক্ষী৷ ইতিমধ্যে কৰায়ত্ত হোৱা অপৰাধীৰ পৰা ভালেসংখ্যক নথি, সঁজুলি জব্দ কৰাৰ লগতে অপৰাধৰ লগত জড়িতসকলৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷

লক্ষণীয় যে খাৰুপেটীয়া আৰক্ষীয়ে এক অভিযান চলাই বান্দিয়া চাপৰিৰ পৰা আলী হুছেইন, আমিৰুল ইছলাম, ৰুহুল আলী আৰু ইমানুল হকক গ্রেপ্তাৰ কৰে৷ দীর্ঘদিন ধৰি জালনোট প্রস্তুত কৰি নিৰক্ষৰ চৰবাসীক প্রৱঞ্চনা আৰু অর্থনীতি বিধ্বস্ত কৰিবলৈ নামি পৰা চাৰিজনীয়া দলটোৰ সৈতে জালনোট বনোৱা প্রিণ্টাৰ, কাগজ, চাৰিটা ম’বাইলৰ লগতে নগদ ১৩ হাজাৰ টকা জব্দ কৰে৷ অত্যন্ত আধুনিক প্রিণ্টাৰটোৰ যোগেদি দলটোৱে পাঁচশ টকীয়া জালনোট প্রস্তুত কৰি আহিছিল৷

আৰক্ষীয়ে ধৃত চাৰিজনৰ পৰা জালনোটৰ ভিন্ন স্তৰৰ এজেণ্ট আৰু ধন সলনি কৰা ভিন্ন স্তৰৰ অপৰাধীৰ সন্ধান লাভ কৰিছে যদিও তদন্তৰ স্বার্থত বিষয়টো ৰাজহুৱা কৰা নাই৷ ইপিনে, ৪ চকীয়া লঘু বাহন লৈ নিশা ডকাইতি কৰিবলৈ চেষ্টা কৰা অন্য এটা দলো আৰক্ষীৰ জালত পৰে যোৱানিশা৷ দলটোৰ হাতৰ পৰা তলা ভঙাত ব্যৱহাৰ কৰা সঁজুলি উদ্ধাৰ কৰাৰ লগতে বাহন এখনো জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষী বিষয়া মিণ্টুু বৰাৰ নেতৃত্বত আৰক্ষীৰ টহলদাৰী দলে অপৰাধীৰ দলটো কৰায়ত্ত কৰাত সক্ষম হয়৷ স্থানীয় মন্দিৰৰ দানপাত্র অথবা বেংক এটিএম লুট কৰিবলৈয়েই ওলাই অহাৰ আশংকা কৰা হৈছে৷

সমগ্র ঘটনা সন্দর্ভত আৰক্ষীৰ ভাষ্য মতে যোৱানিশা খাৰুপেটীয়া চহৰত সন্দেহজনক চালচলনৰ বাবে আৰক্ষীৰ টহলদাৰী দল এটাই নিশা এল্টো বাহন এখন মহাবীৰ পথেৰে খেদি যায়৷ আৰক্ষীৰ বাহন দেখি বাহনখন তীব্রবেগে ষট্পূজা ঘাটৰ দিশে আগুৱায় যদিও ঘাটত বাহন ৰখাই কেইবাটাও অপৰাধী পলায়ন কৰে৷ ঘাটত পানী হোৱা বাবে আৰক্ষীয়ে চাৰিজনক কৰায়ত্ত কৰে৷ পানীৰঘাটৰ পৰা কৰায়ত্ত কৰা ৪ অপৰাধী ক্রমে ২নং শ্যামপুৰৰ ২৫ বছৰীয়া মিস্কীন আলী, খাৰুপেটীয়া ভোটপুখুৰীৰ ২২ বছৰীয়া ৰফিকুল ইছলাম, আলিকাষৰ ৩০ বছৰীয়া শুকুৰ আলী আৰু ধুবুৰীৰ পূব বতিয়ামাৰীৰ ২৩ বছৰীয়া চফিকুল ইছলাম৷

ইতিমধ্যে চাৰিজনৰ ভাষ্যৰ ভিত্তিত ষট্ পূজাঘাটৰ পানী যুৱলিৰ পৰা পলায়ন কৰা অপৰাধীৰো পৰিচয় ওলাইছে যদিও তদন্তৰ স্বার্থত আৰক্ষীয়ে প্রকাশ কৰা নাই৷ কেৱল দৰঙৰ এজন অধিবক্তা হত্যা আৰু ডকাইতিৰ অপৰাধত জামিনত থকা অভিযুক্ত বুলি প্রকাশ পাইছে৷ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই ৮টাকৈ অপৰাধীক কৰায়ত্ত কৰা বুলি মন্তব্য কৰিছে খাৰুপেটীয়া থানাৰ ভাৰপ্রাপ্ত বিষয়া অভিজিত কাকতিয়ে৷

গুৱাহাটী উচ্চ ন্যায়ালয়ত ২২ পদ খালী

গুৱাহাটী উচ্চ ন্যায়ালয়ত খালী হৈছে ২২ পদ৷ পদকেইটা গ্রেড–৩ পর্যায়ৰ৷ মুঠ পদ ২২টাৰ ভিতৰত অসংৰক্ষিত ১৩টা, এছ চিৰ ৪টা, এছ টি–পিৰ ৩টা আৰু এছ টি–এইচৰ ২টা৷

ইতিমধ্যে এই বিষয়ে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰি ন্যায়ালয়ৰ পঞ্জীয়কে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰিছে৷ দৰমহাৰ নিৰিখ ২৭,৭০০–৭৭০/৩৩,০৯০–৯২০/৪০, ৪৫০–১০৮০/৪৪, ৭৭০টকা৷ আবেদন মাচুল হিচাপে এছ চি আৰু এছ টি শ্রেণীৰ প্রার্থীয়ে ২৫০ টকা পৰিশোধ কৰাৰ বিপৰীতে অন্যান্য শ্রেণীৰ প্রার্থীয়ে ৫০০ টকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হকে পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এই মাচুল দিব্যাংগ শ্রেণীৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বিষয়ে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ বিভাগীয় ৱেবছাইটwww.ghconline.gov.in লগ ইন কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৬ জুন ২০২১৷