হোজাইত পুৰণা বজাৰত উত্তপ্ত পৰিস্থিতি। দোকানৰ ভিতৰত দীৰ্ঘদিন ধৰি অনৈতিক কাৰ্য্যকলপা চলি থকা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় এই পৰিস্থিতিৰ। পুৰণা বজাৰৰ এইখন দুই মহলীয়া গেলামাল দোকান। এই খন গেলামাল দোকানৰ ভিতৰত প্ৰায়ে বাহিৰৰ পৰা যুৱতী আনি অনৈতিক কাৰ্য্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় ব্যৱসায়ীৰ। শুক্ৰবাৰে দুপৰীয়া এইখন গেলামাল দোকানৰ ওপৰ মহলাত এহাল যুৱক-যুৱতীয়ে অনৈতিক কাৰ্য্যত লিপ্ত থকা অৱস্থাত স্তানীয় ব্যৱসায়ীয়ে হাতে-লোটে ধৰা পেলায়। সুযোগ বুজি ঘটনাস্থলী পৰা পলায়ন কৰে অভিযুক্ত হিন্দু যুৱতী গৰাকী। আনহাতে স্থানীয় ব্যৱসায়ীয়ে গেলামাল দোকানৰ স্বত্তাধিকাৰ দেৱশীষ দে ৰ লগত ঘটনাৰ লগত জড়িত থকা যুৱক শ্ববিল খানক উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে।
ভাৰত ৰত্ন শচীনৰ ৪৮ তম জন্মদিন
৪৮ বছৰীয়া হ’ল ভাৰতৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া তাৰকা ‘ভাৰত ৰত্ন’ শচীন তেণ্ডুলকাৰ। ১৯৭৩ চনৰ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা শচীনে যদিও আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় জনাইছে কিন্তু আজিও দেশ আৰু পৃথিৱীত তেওঁৰ প্ৰতি আগ্ৰহ হ্ৰাস হোৱা নাই। অনুৰাগীসকলে তেওঁক এবাৰ চাবলৈ আজিও ব্যাকুল। তেওঁৰ ৪৮ তম জন্মদিনত, সহযোগী খেলুৱৈ, দেশৰ বিশিষ্ট লোক আৰু লাখ লাখ অনুৰাগীয়ে মাষ্টাৰ ব্লাষ্টাৰক অভিনন্দন জনোৱাৰ লগতে সোনকালে আৰোগ্য হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে।
শচীন যোৱা মাহত ক’ৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছিল। তেওঁ নিজেই এই বিষয়ে টুইট কৰিছিল। সতৰ্কতামূলক ব্যৱস্থা হিচাপে তেওঁক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। য’ৰ পৰা তেওঁ ৮ এপ্ৰিলত ঘৰলৈ উভতি আহিছিল আৰু বৰ্তমান ঘৰত জিৰণি লৈ আছে। শচীনে ঘৰলৈ উভতি অহাৰ পিছত তেওঁৰ অনুৰাগীসকললৈ এটা বাৰ্তা জাৰি কৰিছিল। ইয়াত, তেওঁ লিখিছিল যে মই চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছো আৰু ক’ৰোনাৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য হোৱাৰ বাবে কেইদিনমান ৰৈ থাকিম। শুভকামনা আৰু প্ৰাৰ্থনাৰ বাবে মই সকলোকে ধন্যবাদ জনাব বিচাৰো।
দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে শপত ল’লে এন ভি ৰমনাই, ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱালে শপত বাক্য
আজি ন্যায়াধীশ এন ভি ৰমনাই দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে শপত লয়। ৰাষ্ট্ৰপতি ভৱনত এন ভি ৰমনাক শপত বাক্য পাঠ কৰোৱাই ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে। শপত গ্ৰহণ সমাৰোহত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ন্যায়াধীশ ৰমনা দেশৰ ৪৮সংখ্যক মুখ্য ন্যায়াধীশ।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ পূৰ্বে ন্যায়াধীশ ৰমনা দিল্লী উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ হৈ আছিল। ইয়াৰ পূৰ্বে তেওঁ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত কাৰ্যকৰী মুখ্য ন্যায়াধীশৰ দায়িত্ব পালন কৰি আছিল।
২৩ এপ্রিল তাৰিখে ন্যায়াধীশ শাৰদ অৰবিন্দ ববড়েই দেশৰ মুখ্য ন্যায়াধীশৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত ন্যায়াধীশ ৰমনা উক্ত পদত অধিষ্ঠিত হয়। যোৱা মার্চত ন্যায়াধীশ ববড়েই মুখ্য ন্যায়াধীশৰ সাংবিধানিক ক্ষমতা ব্যৱহাৰ কৰি ন্যায়াধীশ ৰমনাক পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল।
১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট।
শোনিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ ঘটনা।
চাৰিদুৱাৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।
১০০ টকাৰ বিনিময়ত কৰোনা টেষ্ট নকৰাকৈ দিলে নিগেটিভ ৰিজাল্ট।
চাৰিদুৱাৰ চিকিৎসালয়ত চলি আছিল কৰোনাৰ RAT টেষ্ট।
স্থানীয় ৰাইজৰ তৎপৰাতত ধৰা পৰিছে এই ভয়ানক ঘটনাটো।
হোজাইত আটক IPL জুৱাৰী।
হোজাইত আটক IPL জুৱাৰী।
হোজাইৰ বৰপুখুৰী ৰ পৰা আটক 4 জনকৈ IPL জুৱাৰী।
দীৰ্ঘদিন ধৰি আইজুল হক নামৰ লোকজনে নিজ ঘৰৰ পৰাই চলাই আছিল এই জুৱা খেল।
জুৱা খেলৰ লগত জড়িত আইজুল হকৰ লগতে তিনিজনক আটক কৰে।
জুৱাৰীকেইজনৰ পৰা মবাইলৰ লগতে জুৱাৰ লগত জড়িত কিছু সামগ্ৰী জব্দ কৰে।
আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি জুৱাৰী কেইজনক আটক কৰিবলৈ সক্ষম হয়।
ধিঙত এডাল বাঁহৰ বাবেই প্ৰচণ্ড মাৰপিট । পিতৃ-মাতৃসহ আহত কন্যা ।
সমগ্ৰ দেশ এতিয়া কম্পমান মহামাৰী কভিডৰ আতংকত । ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সাহস নকৰা হৈছে বহুতেই । কিন্তু এনে কিছুমান অঞ্চল আছে কি কভিড, কি ভাইৰাছ । তেওঁলোকৰ বাবে এইবোৰ কেৱল সাধু হে । ভ্ৰক্ষেপ নাই এনেবোৰ বিষয়ক লৈ । তাৰ বিপৰীতে এইসকল লোক ব্যস্ত হয় নিজৰ স্বাৰ্থক লৈহে । থকা-খোৱা, সা-সম্প্ৰতিক লৈ ব্যস্ত এইসকল লোক ।
আপুনি বিশ্বাস কৰিবলৈ টান পাব যে এডাল সাধাৰণ বাঁহক লৈ প্ৰচণ্ড মাৰপিট দুই ফৈদৰ মাজত । এই মাৰপিটৰ ঘটনাত আহত হ’ল পিতৃ-মাতৃ আৰু জীৱৰী । এই ঘটনা ধিঙৰ উধানতলাৰ । ৰফিকুল ইছলাম নামৰ লোকজনে ঘৰৰ ওচৰতে থকা বাহঁনীত এডাল ভলুকা বাঁহ কাটি থকা অৱস্থাত একেখন গাঁৱৰে চলমান আৰীৰ নেতৃত্বত অহা সাত জনীয়া এটা দলে চোকা অস্ত্ৰৰে বেয়াকে আঘাত কৰাৰ লগতে তেওঁৰ পত্নী আৰু জীয়াৰীকো মাৰপিট কৰি আহত কৰে । ঘটনা সন্দৰ্ভত ৰফিকুল ইছলামে চুলতান আলীসহ সাতজন অপৰাধীৰ ওপৰত ডুমডুমীয়া উপ-আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে কোনো এজন অপৰধীক কৰায়ত্ব নকৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্র অঞ্চলটোত ।
অসমত বৰ্তমানলৈকে লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই : মুখ্যমন্ত্ৰী সোণোৱাল
কৰ’না ভাইৰাছৰ দ্বিতীয়টো লহৰে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে মধ্য অসমৰ তিনিখন জিলা ক্ৰমে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নগাঁৱত উপস্থিত হয় । কোভিড পৰিস্থিতিৰ সম্পৰ্কত তিনিওখন জিলাৰ প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকলৰ সৈতে নগাঁৱৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী গৰাকীয়ে এক বৈঠকত মিলিত হয়। উক্ত বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় : নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কোভিড পৰিস্থিতি বুজ লোৱাৰ লগতে আজি তিনিওখন জিলাৰ প্ৰশাসনৰ সৈতে আলোচনা কৰা হয়। সম্প্ৰতি এই তিনিওখন জিলাৰ কোভিড পৰিস্থিতি সম্পূৰ্ণ নিয়ন্ত্ৰণাধীন। আনহাতে জিলা তিনিখনত কোভিড পৰিস্থিতি মোকাবিলা কৰাৰ বাবে গ্ৰহন কৰা ব্যৱস্থাৱলী , অক্সিজেনৰ ব্যৱস্থা, আইশ্বলেশ্বন বিছনা,আই চি ইউৰ ব্যৱস্থা সন্দৰ্ভতো জিলা প্ৰশাসন আৰু স্বাস্হ্য বিভাগৰ বিষয়া বৰ্গৰে আলোচনা কৰি তিনিওখন জিলাতে বৰ্ত্তমান এই সকলোবোৰ পৰ্যাপ্ত থকা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় : সম্প্ৰতি তিনিওখন জিলাত মাত্ৰ ৫০ জন কোভিড ৰোগী চিকিৎসাধীন হৈ আছে । ইয়াৰে নগাঁও জিলাত ২২ গৰাকী, হোজাই জিলাত ২৪ গৰাকী আৰু মৰিগাঁও জিলাত মাত্ৰ ৪ গৰাকী কোভিড ৰোগী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৰাজ্যখনত পুনৰ লকডাউন হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় : এতিয়ালৈকে অসমত লকডাউনৰ পৰিস্থিতি উদ্ভৱ হোৱা নাই আৰু ৰাইজে সেই পৰিস্থিতিলৈ নিবও নালাগে। চৰকাৰে দিয়া নীতি নিৰ্দেশনা মানি চলিলে লকডাউনৰ উদ্ভৱ নহয়। আমাৰ দৃঢ় বিশ্বাস যে যোৱা বছৰৰ দৰে ৰাইজে শৃংখলাবদ্ধতাৰে নীতি নিৰ্দেশনা মানি মুখত মাস্ক পৰিধান কৰি, সঘনাই হাত ধুই আৰু শাৰীৰিক দুৰত্ব অক্ষুণ্ণ ৰাখিলে এই কোভিড-১৯ৰ যুঁজখনত পুনৰ বাৰ জয়ী হ’ব পাৰিম বুলি আন্তৰিকতাৰে বিশ্বাস ৰাখিছো। উল্লেখ্য, মুখ্যমন্ত্ৰী গৰাকীৰ লগতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্হ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পিয়ুষ হাজৰিকা,বিধায়ক ৰূপক শৰ্মা উক্ত বৈঠকত উপস্থিত থাকে ।
বিজেপিক হৰ্ছ ট্ৰেডিঙৰ কোনো প্ৰয়োজন নাই, আমি ৮০ ওচৰে-পাজৰে আসন পাম:পিযুষ হাজৰিকা
কংগ্ৰেছৰ নাটক খন দেখি কংগ্ৰেছৰ প্ৰাৰ্থী সকলেই এতিয়া সন্দিহান হৈছে। অৱশ্যে দুই-এজন কংগ্ৰেছৰ প্ৰাৰ্থীয়ে কৈছে এইকেইদিন অন্তত ভালকৈ খাবলৈ পাইছো শুবলৈ পাইছো।- নগাঁৱত মন্ত্ৰী পিযুষ হাজৰিকাৰ মন্তব্য। পিযুষে লগতে কয়- “হৰ্ছ ট্ৰেডিঙৰ কথাই নাহে, আমি ৮০ ওচৰে-পাজৰে আসন পাম। আকৌ আমি ৰাইজৰ সেৱা কৰিম।” আজি নগাঁও আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকৰ অংশগ্ৰহণ কৰিবলৈ আহি ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পিযুষ হাজৰিকাই অসমত পুনৰ মিত্ৰজোঁটৰ চৰকাৰ নিশ্চিত বুলিও মন্তব্য কৰে। মধ্য অসমৰ ক’ভিদ পৰিস্থিতিৰ বুজ ল’বলৈ অহা মুখ্যমন্ত্ৰীক সংগ দিয়া পিযুষ হাজৰিকাই কংগ্ৰেছৰ হৰ্ছ ট্ৰেডিঙৰ আশংকাৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়, আমাক ৰাইজে পুনৰ সেৱা কৰিবলৈ সুযোগ ইতিমধ্যেই দিছে।অৱশ্যে এইবাৰ বিজেপিয়ে কিয় মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নাম আগতীয়াকৈ ঘোষণা নকৰিলে সেই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত পিযুষে কয়, ” আমি বহুত সৰু কৰ্মকৰ্তা। আমাক তেনে প্ৰশ্ন নুসুধিব।”
জামুগুৰিহাটৰ ধৰ্মপ্ৰাণা মহিলা অৰুণা হাজৰিকাৰ মৃত্যু৷
জামুগুৰিহাটৰ শলগুৰি গাঁৱৰ ধৰ্মপ্ৰাণা মহিলা অৰুণা হাজৰিকাৰ কালি বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে৷৮৩ বছৰীয়া ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত শোঁকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটিত৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন উপ পদাধিকাৰ,সংস্কৃতি শাখাৰ সভাপতি প্ৰয়াত ডম্বৰুধৰ হাজৰিকাৰ সহধৰ্মিনী অৰুণা হাজৰিকাই গোটেই জীৱনটো এটা আধ্যাত্মিক পৰিৱেশত থাকি পৰিয়ালটোক আগবঢ়াই নিছিল৷জামুগুৰি আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একান্ত সংগী অৰুণা হাজৰিকাই মৃত্যুৰ সময়ত পুত্ৰদ্বয় ড° প্ৰাণজিৎ হাজৰিকা,প্ৰদ্যুম্ন হাজৰিকাকে ধৰি ২ কন্যা,২ বোৱাৰী আৰু নাতি নাতিনীসহ এক ভৰাসংসাৰ এৰি থৈ যায়৷
নগাঁৱৰ কভিড আক্ৰান্ত মহিলাৰ মৃত্যু: স্বাস্থ্য বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে আত্মীয়ই
নগাঁও চহৰৰ মিলনপুৰৰ কভিড আক্ৰান্ত সুনীতি শইকীয়া বৰা নামৰ এগৰাকী মহিলাই মৃত্যুক সাৱতি লোৱাৰ পিচতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে সোচ্ছাৰহৈ পৰিছে মহিলা গৰাকীৰ আত্মীয়।উল্লেখযোগ্য যে এই মহিলা গৰাকী আৰু তেওঁৰ স্বামী হিতেশ্বৰ বৰা তথা দুই শিশু কণ্যা কভিড আক্ৰান্ত হৈছিল।প্ৰথম অৱস্থাত তেওঁলোক হোম কোৱাৰেন্টাইনত আছিল।যোৱা ২০ এপ্ৰিলত সুনীতি শইকীয়া বৰাৰ শাৰীৰিক অৱনতি ঘটাত তেওঁক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়স্থিত কভিড চিকিৎসালয়লৈ স্বামী হীতেশ্বৰ বৰাই লৈ আনিছিল।কিন্তু সেইদিনা পুৱা ১০ বজাৰ পৰা বিয়লি ২ বজা পৰ্যন্ত চিকিৎসকৰ সাক্ষাৎ নোপোৱাত পত্নী আৰু শিশু কণ্যাদ্বয়সহ হীতেশ্বৰ বৰা ঘৰলৈ উভতি গৈছিল।ইয়াৰ পিচতেই হীতেশ্বৰ বৰা আৰু তেওঁৰ আত্মীয়ৰ অভিযোগৰ ভিত্তিত সংবাদমাধ্যমত স্বাস্থ্য বিভাগৰ গাফিলতিৰ সম্পৰ্কত বাতৰি প্ৰকাশ পাইছিল।তদুপৰি মহিলা গৰাকীৰ ভাগিনীয়েক বিৰিঞ্চি বৰাই স্বাস্থ্য বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দিয়ে।ইয়াৰ পিচতেই অসুস্থ মহিলাগৰাকীক কালাপাহাৰস্থিত কভিড হস্পিতেললৈ নগাঁৱৰ পৰা প্ৰেৰণ কৰা হয়।কিন্তু যাত্ৰা পথতে কালি নিশা মহিলা গৰাকীৰ মৃত্যু হয়।জানিব পৰামতে মহিলা গৰাকী বৃক্কজনিত ৰোগতো ভুগি আছিল।সুনীতি শইকীয়া বৰাৰ মৃত্যু স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবে হোৱা বুলি মৃত্যু বুলি অভিযোগ কৰিছে তেওঁৰ ভাগিনীয়েক বিৰিঞ্চি বৰাই।সামাজিক মাধ্যমতো তেওঁ এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।কভিডেৰে যুঁজ দিবলৈ স্বাস্থ্য বিভাগৰ কোনো ব্যৱস্থাপনাই নাই বুলিও সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে মৃত মহিলা গৰাকীৰ আত্মীয়ই।











