Home Blog Page 2994

হোজাইত চহৰত ধূলিসাত্ কোভিড প্রটকল।

দহ হাজাৰৰো অধিক লোক গোট খালে হোজাই নিউ ক’লনিৰ আকবৰ নামৰ লোক জনৰ গৃহৰ সন্মুখত।

ৰমজান মাহৰ জাকাত দিয়াৰ নামত বিভিন্ন ঠাইৰ পৰা মাতিছিল লোকসকলক।

জাকাত লোৱাৰ বাবে হোজাই জিলাৰ বিভিন্ন ঠাইৰ পৰা ভিৰ কৰেহি লোকসকলে।

জাকাত নোপোৱাত ক্ষোভত নিয়ন্ত্ৰণহীন হৈ পৰে ভিৰ।

ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

ইটাখোলাত তিনি গৰাকী লোকৰ দেহত covid_19

ইটাখোলা নিউ phcৰ তৎপৰতা

বিশ্বনাথ জিলাৰ অন্তৰ্গত ১ন‌‌‌‌‌ং ইটাখোলাত তিনি গৰাকীকৈ লোকৰ দেহত মহামাৰী কৰোণাৰ আক্ৰান্ত হোৱাৰ খবৰে এক আত‌‌ঙকময় পৰিবেশৰ সৃষ্টি হৈছে সমগ্ৰ ইটাখোলা অনচলত। যোৱা কালি ১ন‌‌‌‌‌ং ইটাখোলা নিবাসী চুজিত তচা(45) আৰু যতীন ভুয়া(42) দেহত covid_19 ৰ লসন পোৱাৰ পাছত আজি ইটাখোলা নিউ পি এইছ চিৰ ফালৰ পৰা ১ন‌‌‌‌‌ং ইটাখোলা ৰ অনচলৰ প্ৰায় 25গৰাকী লোকৰ RTPCR ৰ বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহ কৰি তেজপুৰ টুমুকী স্থিত চিকিৎসা মহাবিদ্যালয়লৈ নমুনা সমুহ প্ৰেৰণ কৰা হৈছে। উল্লেখ কৰিব পাৰি যে আজি RTPCR বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহৰ সময়ত চপনা তচা নামৰএগৰাকী তিনি মহীয়া গৰভৱতী মহিলা ৰ দেহত covid_19 ৰ বিজানু থকা কথা টো ধৰা পৰাৰ পাছত ইটাখোলা নিউ phcৰ ছজনীয়া চিকিৎসা কমী সকলে অধিক তৎকালীন ভাৱে ১ন‌‌‌‌‌ং ইটাখোলাত আজি পুৱাই উপস্থিত হৈ RTPCRৰ বাবে নমুনা স‌‌‌‌‌‌‌ং‌গ্ৰহ কৰাৰ লগতে স্থানীয় ৰাইজ ক সজাগ সচেতন হৈ নিজৰ ঘৰৰ লগতে সমাজক এই মহামাৰী সদৃশ কৰোণাৰ পৰা মুক্ত হবলৈ আহবান জনায়।।

দিছপুৰ প্ৰেছ ক্লাবৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু সম্বৰ্ধনা অনুষ্ঠান

দিছপুৰ প্ৰেছ ক্লাবৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন আৰু সম্বৰ্ধনা অনুষ্ঠান

দৈনন্দিন বাৰ্তাৰ ডিব্ৰুগড়ৰ সাংবাদিক দিবাকৰ দত্তক সম্বৰ্ধনা

কভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা পালন কৰি বিগত বৰ্ষৰ দৰেই ২০২১বৰ্ষতো আজি দিছপুৰ প্ৰেছ ক্লাবে উদ্‌যাপন কৰে ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ৷ সংবাদজগতৰ লগতে অন্যান্য ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ অনুষ্ঠানৰ লগত সংগতি ৰাখি দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ উল্লেখযোগ্য যে, দিছপুৰ প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা লাভ কৰা ৰাজ্যখনৰ বিশিষ্ট ব্যক্তিসকল হ’ল ক্ৰমে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া গৌতম দাস, শিক্ষাবিদ-সাহিত্যিক ড° আৰতি কলিতা, জেষ্ঠ্য ফটো সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য, বিশিষ্ট সমাজকৰ্মী নুৰুল হক, সমাজসেৱক বৈষ্ণৱ কোচ, বিশিষ্ট সমাজকৰ্মী নাৰায়ণ কুমাৰ ৰাডু ৰাকতি, বিশিষ্ট সমাজকৰ্মী-অধিবক্তা নৃপেন মালাকাৰ, প্ৰতিদিন টাইমৰ ভিডিঅ’ সাংবাদিক বিপুল ৰাজ, ডিৱাই ৩৬৫ৰ জেষ্ঠ সাংবাদিক দিব্যজ্যোতি কলিতা, সাংবাদিক তথা নিউজ নেষ্টৰ মুখ্য সম্পাদক কমল কৃষ্ণ ডেকা, সমাজসেৱক ৰঞ্জন বৰুৱা, সমাজসেৱক দিগন্ত লস্কৰ, প্ৰাগ চেনেলৰ সাংবাদিক বিতোপন বৰা,দৈনন্দিন বাৰ্তাৰ তথা NEWS100ৰ সাংবাদিক দিবাকৰ দত্ত, সমাজসেৱক দিগন্ত বৰা, গন অধিকাৰ কাকতৰ সাংবাদিক তপন কুমাৰ শইকীয়া, সমাজসেৱক পানচুল মহন্ত, শিক্ষাবিদ দিনেশ কুমাৰ ডেকা,সাংবাদিক- NEWS24ৰ সম্পাদক ৰিদীপ কলিতা, সাংবাদিক বাৰ্তাৰ সম্পাদক আৰ্ছাদ ৰহমান বৰা আৰু নিউজ টাইমৰ সাংবাদিক জাহিদুল ইছলামে ৷ অনুষ্ঠানত বৈকুণ্ঠ নাথ গোস্বামী, অমল গুপ্ত,তথ্য আৰু জনসংযোগ বিষয়া
পি কে দত্ত, সাংবাদিক পংকজ ডেকা আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষন ৰাখে।

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম’ ৰ শ্ৰদ্ধাঞ্জলি

কন্ঠশিল্পী ভিতালী দাসলৈ ‘বিৰিণা গোষ্ঠী অসম' ৰ শ্ৰদ্ধাঞ্জলি ৷

ৰাজ্য তথা দেশত কৰোনাৰ দ্বিতীয় ঢৌৱে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে বুধবাৰে বিয়লি কৰোনাত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুৱালে অসমৰ জনপ্ৰিয় কন্ঠশিল্পী ভিতালী দাসে । ভিতালী দাসৰ অকাল বিয়োগত সাংস্কৃতিক কৰ্মীসকলৰ লগতে সৰ্বসাধাৰণ লোক শোকত ম্ৰিয়মান হৈ পৰিছে । বৃহস্পতিবাৰে সন্ধিয়া নলবাৰী জিলাৰ দৌলাশালস্থিত বিৰিণা গোষ্ঠী অসমৰ মুখ্য কাৰ্যালয়ত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত অনুষ্ঠিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিৰিণা বিৰিণা গোষ্ঠী অসমৰ সভাপতি লীলাধৰ পাঠকে । ভিতালী দাসৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ আঁত ধৰে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে। অনুষ্ঠানটোত প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। উক্ত অনুষ্ঠানটোত কেইবাগৰাকী বিশিষ্ট লোকে ভিতালী দাসৰ জীৱন আৰু গীতৰ ওপৰত এক বিশ্লেষণ আগবঢ়ায় । অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত লোকসকলে চেনিটাইজাৰ ব্যৱহাৰ কৰি কভিদ প্ৰটকল মানি অনুষ্ঠানটো অনুষ্ঠিত কৰে।

অসমৰ বাবে ভয়ানক খবৰ । ৰঙিয়াত কৰা নহ’ল COVID TEST

ৰঙিয়া ষ্টেচনত এখন ট্ৰেনৰ যাত্ৰীক কৰা নহল কৰণা পৰিক্ষা ।

ৰঙিয়া ৰেল ষ্টেচনত শুক্ৰবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক ভয়ানক ঘটনা। কৰণা টেষ্টৰ বাবে ব্যৱস্থা থাকিও এখন ট্ৰেনৰ যাত্ৰীক কৰা নহল কৰণা টেষ্ট । স্বাস্থ্য বিভাগৰ কৰ্মচাৰী সময়মতে উপস্থিত নোহোৱাত এই ভয়ানক কাণ্ডটো সংঘটিত হয় ৰঙিয়া ৰেল ষ্টেচনত । ৰাতিপুৱা ৮.৪৫ বজাত কেৰেলাৰ পৰা ৰঙিয়া আহি পোৱা “ট্ৰিবান্ডাম পুৰাম” এক্সপ্ৰেছ নামৰ যাত্ৰীবাহি ৰেলখনত প্ৰায় ৫০ জনৰো অধিক লোক ৰঙিয়া ষ্টেচনত নামিচিল । কেৰেলাৰ বিভিন্ন ঠাইত শ্ৰমিক হিচাপে কৰ্মৰত এই যাত্ৰী সকল ৰঙিয়া ষ্টেচনত নমাৰ পিচতে ৰেল বিভাগে ষ্টেচনৰ ভিতৰৰ পৰা বাহিৰত থকা স্বাস্থ্য বিভাগৰ কৰুণা পৰীক্ষা কেন্দ্ৰৰ সন্মুখৰে যোৱাৰ ব্যৱস্থা কৰিছিল । সেইমতে ট্ৰেনখনৰ যাত্ৰী সকল ষ্টেচনৰ বাহিৰত থকা পৰীক্ষা কেন্দ্ৰৰ সন্মুখৰে যায় যদিও স্বাস্থ্য কৰ্মী সময় মতে উপস্থিত নথকাত বহি:ৰাজ্যৰ পৰা অহা ৰেলখনৰ যাত্ৰী সকলক পৰীক্ষা কৰা নহল । লক্ষণীয় ভাবে উক্ত সময়ত কেন্দ্ৰটোত এজন স্বাস্থ্যকৰ্মী অসহায় অৱস্থাত থকাৰ লগতে তাত উপস্থিত থকা সুৰক্ষা কৰ্মী সকলে অকল চাই থকা পৰিলক্ষিত হয় । গুৰুত্বপূৰ্ণ বিষয়টো হল যে কাৰ ভুলৰ বাবে পুৱাৰ ভাগৰ ৰেলখনত এনে ঘটনা সংঘটিত হবলৈ পালে । কৰণা পৰীক্ষা নকৰাকৈ যাবলৈ দিয়া ৰেল যাত্ৰী সকলৰ ভিতৰত যদিহে কোনো ব্যক্তি কৰুণাত আক্ৰান্ত আছিল তেতিয়া হলে এই ব্যক্তি সকলৰ পৰা নিশ্চয় অধিকলোক আক্ৰান্ত হব । এই ক্ষেত্ৰত ৰঙিয়াৰ মহকুমাধিপতিৰ লগতে কামৰূপ উপায়ুক্তত এক তদন্ত কৰাৰ বাবে দাবী জনাইছে সচেতন ব্যক্তি সকলে ।

নলবাৰীৰ নোনাৰ পাৰত গঢ়ি উঠিছে চুপাৰি উদ্যোগ: পাঁচখন জিলাত বৃহৎ বজাৰ বহুৱাইছে নুৰুল ইছলামে

নুৰুল ইছলাম

স্বাধীনোত্তৰ কালৰে পৰা নলবাৰী জিলাৰ বৰাজোল অঞ্চলৰ বিভিন্ন ঠাইৰ ৰাস্তাঘাটৰ কোনো উন্নয়ন দেখা নগ’ল। অতি ঘন জনবসতিপূৰ্ণ এই বৃহত্তৰ অঞ্চলৰ ৰাইজক জনপ্ৰতিনিধিসকলে কেৱল নিৰ্বাচনৰ সময়তহে দেখা কৰে। প্ৰতিশ্ৰুতিৰ বন্যাৰে ডিঙি ফুলাই ভাষণ দি আভুৱা ভাৰি অহা জনপ্ৰতিনিধি তথা বিগত সময়ৰ কোনো এখন চৰকাৰে দুখীয়া লোক সকলৰ বিষয়ে অকনো চিন্তা নকৰিলে। এনে এক জটিল পৰিস্থিতিৰ মাজতে বহু লোকে নিজৰ সম্বল তথা পচন্দ অনুসৰি ব্যৱসায় চলাই নিজ পৰিয়ালৰ লগতে আন দহজনক আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে। মন কৰিবলগীয়া যে নলবাৰী জিলাৰ সীমান্তৱৰ্তী নোনা অঞ্চলত এজন লোকে চুপাৰি উৎপাদন কাৰ্যৰে ৰাজ্যৰ পাঁচখন জিলাত বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। বৰাজোল চ’কৰ পৰা সেই ঠাইলৈ যাব লাগে অতি দুৰ্গম পথেৰে। বাঁহৰ মাত্ৰ এখন দলং। উল্লেখযোগ্য যে এই নোনা নদীয়ে সেই অঞ্চলত কামৰূপ আৰু নলবাৰী জিলা দুভাগ কৰিছে। নোনাৰ ইপাৰে সুহুৰি মাৰিলেই সিপাৰে শুনে কামৰূপ ৰঙিয়াৰ মানুহে। এই নোনা নদীৰ মথাউৰিৰ কাষৰ পূব চুবাৰ নুৰুল ইছলাম নামৰ লোকজনে নিজ কৰ্মদক্ষতাৰে বৃহৎ ব্যৱসায় চলাই আছে। ইছলামে জানিবলৈ দিয়া মতে- বিভিন্ন ব্যৱসায়ীৰ পৰা তেওঁ কেঁচা তামোল সংগ্ৰহ কৰে। বিভিন্ন গাঁৱৰ ব্যৱসায়ীয়ে নুৰুল ইছলামক তামোলৰ যোগান ধৰি আহিছে । এই তামোল এতিয়া প্ৰতি কিলোত তেওঁ ক্ৰয় কৰে ৪০ থকাকৈ। ক্ষুদ্ৰ ব্যৱসায়ীজনে চুপাৰি উৎপাদন কৰা প্ৰক্ৰিয়া অতি সহজ। তামোলবোৰৰ বাকলি এৰুৱাই ডাঙৰ কেৰাহীত বহু সময় সিজায়। ফলত কেৰাহীৰ পানী ডাঠ ৰঙৰ হৈ পৰে। সিদ্ধ প্ৰক্ৰিয়াৰ পিছত যি ৰঙীন পানী ৰৈ যায় সেই পানী ৰং হিচাপে বিক্ৰী হয়। ইয়াক কাপোৰৰ সূতা ৰং কৰা মানুহে ইছলামৰ পৰা লিটাৰ হিচাপত কিনি নিয়ে। কেৰাহীৰ পৰা তামোলসমূহ উলিয়াই সেইবোৰ মথাউৰিৰ কাষত ৰ’দত শুকুৱাবলৈ দিয়া হয়। একেবাৰে শুকোৱাৰ পিছত এইবোৰ চিকনি-চুপাৰি হিচাপে বিক্ৰী হয়। এই চুপাৰি বিভিন্ন গুটখা কোম্পানীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীত ব্যৱহাৰ কৰে বুলি ইছলামে জানিব দিছে। ইয়াৰে পৰিষ্কাৰ চুপাৰিসমূহ মিঠা,জৰ্দা পাণত ব্যৱহাৰ কৰে ব্যৱসায়ীসকলে। উল্লেখযোগ্য যে তামোলৰ বাকলিসমূহ ৰ’দত শুকুৱাই উক্ত চুপাৰি উৎপাদন কাৰ্যৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। বেছি প্ৰয়োজনতহে অন্য খৰি ব্যৱহাৰ কৰে এই ক্ষুদ্ৰ উদ্যোগীজনে। নুৰুলে এনেদৰে উৎপাদন কৰি বহু কুইণ্টল চুপাৰি বৰাজোল চ’কলৈ চাইকেলত আনি পিছত গাড়ীত ৰঙিয়াৰ এগৰাকী মাৰোৱাৰী সম্প্ৰদায়ৰ ব্যৱসায়ীৰ তালৈ নিয়ে। ইয়াৰ পৰা গোৰেশ্বৰ, হাউলি, টংলা, গুৱাহাটী আদি ঠাইলৈ বিক্ৰীৰ বাবে পঠোৱা হয়। মহানগৰীৰ খানাপাৰা, বেলতলাত নুৰুল ইছলামে স্থায়ী চুপাৰি ব্যৱসায়ীৰ সৈতে বজাই ৰাখিছে বৃহৎ ব্যৱসায়িক সম্পৰ্ক। পত্নী আৰু নিজৰ দুগৰাকী কন্যায়ো তেওঁক এই ব্যৱসায়ত সহায় কৰি আহিছে। সম্প্ৰতি নুৰুল নৱ প্ৰজন্মৰ আদৰ্শৰ প্ৰতীক হৈ থিয় দিছে সততা আৰু তেওঁৰ দুহাতৰ কৰ্মৰ বাবে।।

নলবাৰীত মটৰ শ্ৰমিক সংগঠনৰ উদ্যোগত শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ

শ্ৰমিকৰ মাজত মাস্ক-চাবোন বিতৰণ

ক’ভিড অতিমাৰীৰ ক্ষেত্ৰত সজাগ কৰা আৰু কোৰোনা সংক্ৰমণৰ পৰা ৰক্ষা পৰাৰ বাবে আজি নলবাৰীত তিনিটা মটৰ শ্ৰমিক সংগঠনে বিশেষ উদ্যোগ গ্ৰহণ কৰে। সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ নলবাৰী জিলাৰ সমিতিৰ সভাপতি সীমান্ত দাস,কাৰ্যকৰী সভাপতি শৈলেন গোস্বামী, নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়নৰ সভাপতি নুৰ হুছেইন আৰু অল ইণ্ডিয়া ৰোড ট্ৰেন্সপ’ৰ্ট ৱাৰ্কাৰছ ফেডাৰেছনৰ অসম ৰাজ্যিক সম্পাদক বীৰেন শৰ্মাৰ নেতৃত্বত বিষয়ববীয়াসকলে ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ নলবাৰী বৰকুৰাত চ’কত ৰৈ পথেৰে অহা যোৱা কৰা বাছ আৰু হ্ৰস্ব দূৰত্বৰ টেম্প’, ই-ৰিক্সা আদিৰ চালক,পৰিচালক আৰু হেণ্ডিমেনক মাস্ক আৰু চাবোন প্ৰদান কৰে। আজি ২৫০ গৰাকী শ্ৰমিকৰ মাজত এই সামগ্ৰী বিতৰণ কৰা হয়। তেওঁলোকে অহা দুদিনৰ ভিতৰত মুঠ এহেজাৰ শ্ৰমিকৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰিব। সংগঠনকেইটাই প্ৰতিগৰাকী ব্যক্তিকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলিবলৈ আৰু সঘনাই হাত ধুই বীজাণুমুক্ত হ’বলৈ আহ্বান জনায়।।

মৰাণৰ জকাই চেঁচা দলংৰ তলত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ

মৰাণৰ জকাই চেঁচা দলংৰ তলত পানীত উপঙি থকা অৱস্থাত এটা মৃতদেহ

ডিব্ৰুগড় জিলাৰ মানকটা পথৰ ওপৰত থকা জকাই চেঁচা দলংৰ তলত পানীত উপঙি আছে এটা মৃতদেহ। ৰঙা স্পৰ্তিং পৰিধান যুক্ত মৃতদেহটো কৰ হয় বৰ্তমান পৰ্যন্ত কোনো শুংসূত্ৰ পোৱা নাই। বৰ্তমানৰ লৈকে মৃতদেহটো উদ্ধাৰৰ বাবে জিলা প্ৰশাসনৰ কোনো লোক ঘটনাস্থলীত উপস্থিত হোৱা নাই। পুৱা প্ৰায় ১১ বজাৰ পৰাই নিকটৱৰ্তী লোকসকলে প্ৰত্যক্ষ কৰা বুলি সংবাদ মাধ্যমৰ আগত জনায়।

কঠোৰ দঃশালমাৰা মানকাচৰ জিলা প্ৰশাসন: চৰকাৰে দিয়া COVID প্ৰট’কল নামানিলে শাস্তি

সমগ্ৰ বিশ্বতে মহামাৰী ক’ৰোণাৰ ভাইৰাজ যি হাৰত বৃদ্ধি পাবলৈ ধৰিছে ঠিক সেই ভাবেই অসম ৰাজ্যৰ বিভিন্ন জিলাত দিনক দিনে কৰোণাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাত চৰকাৰ তথা ৰাজ্যৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।কৰোণা প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে যি নিয়ম নীতি ৰাইজৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধি দিছে তাক আখৰে আখৰে পালন কৰিবলৈ দঃশালমাৰা মানকাচৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনে ইতিমধ্যে মাইক যোগে ৰাইজক সজাগ হবলৈ আহ্বান কৰিছে। মাস্ক সকলোকে পৰিধান কৰিব লাগিব, হাট বজাৰ লগতে দোকান পোহাৰ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব আৰু সামাজিক দুৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে স্কল, কলেজ, চৰকাৰী বিভিন্ন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত, বেচৰকাৰী সংস্থা আদিত কাম কৰা কৰ্মচাৰীক ৫০ শতাংশ উপস্থিত থাকাৰ যি নিদেৰ্শ দিছে তাক পালন কৰিবলৈ আহ্বান জনায়। মাস্ক পৰিধান নকৰি অযথা ভাবে হাট বজাৰত গলে ১০০০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব।

কভি’ড বিধি নামানি জামুগুৰিহাটত একাংশ টিঘিলঘিলনি

কভি’ডৰ দ্বিতীয়টো লহৰে জামুগুৰিহাটো সংহাৰ ৰূপ ধাৰণ কৰিছে যদিও অসম চৰকাৰ তথা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জাৰি কৰা নতুন নিদেৰ্শনা সমূহ এতিয়াও পালন কৰা নাই একাংশ লোকে। জিলা প্ৰশাসনৰ এই নীতি নিয়ম সমুহৰ প্ৰতি যেন জামুগুৰিহাটো একাংশ লোকে আংগুষ্ঠ প্ৰদৰ্শন কৰাহে দেখা গৈছে। জামুগুৰিহাট ব্যৱসায়িক কেন্দ্ৰস্হলকে ধৰি অঞ্চলটোৰ কুসুমটোলা,গমিৰিপাল,ইটাখোলা,ধলাইবিল, টুপিয়াকে ধৰি প্ৰায় বোৰ সৰু বৰ ব্যৱসায়িক কেন্দ্ৰস্হলত উপস্থিত হোৱা ৭০শতাংশ লোকই মাস্ক পৰিধান নকৰোতেই যোৱা দুটা দিনত পৰিলক্ষিত হৈছে। কোনো কোনো লোকে মাস্ক খন পিন্ধিব লাগে বুলি পিন্ধিছে যদিও মাস্কখনে মুখ আৰু নাক ধকাৰ সলনি থুতৰিতহে ওলমি থকা দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ ফালৰ পৰা মাস্ক নিপিন্ধিলে জৰিমনা বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও জিলা প্ৰশাসনৰ এই নিৰ্দেশৰ প্ৰতি যে কোনো ধূক্ষেপেই কৰা নাই একাংশ যুৱকে।কভি’ডৰ দ্বিতীয়টো ঢৌত এতিয়ালৈকে জামুগুৰিহাটৰ ১৩জনৰো আধিক লোক কভি’ড -১৯ আক্ৰান্ত হৈছে। ইয়াৰে ডেকাসুন্দৰ গাঁওত ৯জন,শান্তিপুৰত ৩জন আক্ৰান্ত হোৱাৰ বিপৰীতে দীপাটোলাত এজন লোক আক্ৰান্ত হৈছে। আৱশ্যে ৰপিড এন্টিজেন টেষ্টৰ দ্বাৰা অঞ্চলটোত হয়তু আৰু অধিক লোকক দেহত কভি’ড ১৯উপস্থিতি ধৰা পৰিব বুলি স্বাস্থ্য কৰ্মী সকলে আশংকা প্ৰকাশ কৰিছে। ইমানৰ পিছতো জামুগুৰিহাটত একাংশ লোকে কভি’ডৰ নিয়মাৱলী পালন নকৰি টিঘিলঘিলনি কৰি ফুৰাটো সচেতন ৰাইজৰ  দৃষ্টি আকৰ্ষণ হৈছে। সেয়েহে এই ক্ষেত্ৰত জামুগুৰি আৰক্ষীক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে। ইফালে কভি’ডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটৰ কেইবাখনো বিহু সন্মিলন বাতৰি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিহু কমিটিয়ে।