Home Blog Page 2994

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ।আৰক্ষীৰ জালত বিজেপি নেতাসহ চাৰিজন ।

ৰঙিয়া আৰক্ষী থানাত উত্তপ্ত পৰিস্থিতি ।

ৰঙিয়াত ড্ৰাগচ বিৰোধী অভিযান ।

শুক্ৰবাবে নিশা আৰক্ষীৰ জালত বিজেপি নেতাসহ চাৰিজন ।

আটকাধীন বিজেপি নেতাজন প্ৰদীপ চৌধুৰী বুলি জানিব পৰা গৈছে ।

ধৃত প্ৰদীপ চৌধুৰীৰ বিজেপিৰ হাইপ্ৰফাইল নেতাৰ লগত দিলীপ শইকীয়া,যতীন বৰা,ভবেশ কলিতা আদিকে ধৰি বহুতৰ লগত সম্পৰ্ক ।

পৰিয়ালৰ লোক আৰু ৰঙিয়া আৰক্ষীৰ মাজত হতাহতি ।

স্বাস্থ্যপৰীক্ষাৰ বাবে নিবলৈ ওলোৱা আৰক্ষীৰ বাহনক বাধা ।

উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি।

আটকাধীন ব্যক্তিকেইগৰাকীৰ পৰিয়ালৰ লোকে বন্ধ কৰি দিলে থানাৰ গেট ।

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৌজন্যত নগাঁও চহৰত কোভিড ভেকচিন প্ৰদান

ৰাষ্ট্ৰ সেৱিকা সমিতিৰ সৌজন্যত আৰু বন্দনীয় লক্ষ্মীবাই কেলকৰ স্মাৰক সমিতিৰ উদ্যোগত তথা নগাঁও জিলা প্ৰশাসনৰ সহযোগত কালিৰে পৰা নগাঁও চহৰৰ নতুন বজাৰ অঞ্চলত পাঁচদিনীয়া কাৰ্য্যসূচীৰে কোভিড ভেকচিন প্ৰদানৰ এক শিবিৰ অনুষ্ঠিত হয় । ৰাষ্ট্ৰ সেৱিকা সমিতি নগাঁও নগৰ কার্যবাহিকা বিজুমণি বৰা লিগিৰাই জানিবলৈ দিয়া মতে ৰাষ্ট্ৰ সেবিকা সমিতিৰ সৌজন্যত কোভিড ভেকচিন প্ৰদান কাৰ্যসূচী গ্ৰহণ কৰাৰ উপৰি নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত স্থাপন কৰা কোভিড সেৱা কেন্দ্ৰত থকা ৰোগীসকলক ফলাহাৰ আৰু অন্যান্য খাদ্য সামগ্রী বিতৰণ কৰা হয়। আনহাতে নগাঁও প’লিটেকনিকত স্হাপন কৰা কোভিড সেৱা কেন্দ্ৰত থকা ৰোগী সকলক ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে  বাল্টি,চাবোন আৰু অন্যান্য সামগ্রী বিতৰণ কৰাৰ লগতে ৰোগী সকলৰ স্বাস্থ্যৰ বুজ লয় । “সেৱাই  জীৱনৰ সাধনা” এই উদ্দেশ্যক আগত লৈ ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে অসম তথা ভাৰতৰ চুকে-কোণে এনেদৰে সেৱা অব্যাহত ৰখা বুলি  ৰাষ্ট্ৰ সেবিকা সমিতিৰ নগাঁও নগৰ কাৰ্যবাহিকা গৰাকীয়ে জানিবলৈ দিয়ে ।

পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ উমছুৰত খেতি পথাৰত নামি পৰিছে বহু শিক্ষিত যুৱক

কৃষি কৰ্মত দেশ এখন শক্তিশালী নহলে সেই দেশখনক আৰ্থিক ভাৱে শক্তিশালী বুলি গণ্য কৰিব নোৱাৰি । আনহাতে বিগত বৰ্ষত ক’ভিড মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক  বিশেষকৈ ডেকাচামক আৰ্থিক ভাৱে স্বাৱলম্বী হবলৈ “ভকেল ফৰ লোকেল “শীৰ্ষক এটা আহ্বান জনায় নিজৰ সাধ্যানুসৰি সকলোকে কৃষি কৰ্মৰ উপৰিও পশুপালন, মীনপালন  আদিত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছিল । সেই আহ্বানৰ প্ৰতি সঁহাৰি জনায় দেশৰ আন ৰাজ্যৰ লগতে অসমতো বহুতে কৃষিৰ  লগতে মীনপালন , পশুপালন আদিত জড়িত হৈ আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে । আনহাতে ৰাজ্যৰ ভিতৰত কমলা খেতিৰ বাবে বিখ্যাত গুৱাহাটীৰ পৰা কিছু নিলগৰ তথা পশ্চিম গুৱাহাটীৰ  ৰাণী উন্নয়ন খণ্ডৰ অধীনৰ অসম – মেঘালয় সীমান্তৰ উমছুৰকে ধৰি কাষৰীয়া অঞ্চলত শিক্ষিত যুৱক সকলে পাৱাৰ টিলাৰ লৈ পথাৰত নামি পৰা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত অঞ্চলটোৰ শিক্ষিত যুৱক আৰু এইবেলি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ অৱ চছিয়েল ৱর্ক ( এম এছ ডব্লিউ ) বিষয়ত চূড়ান্ত ছেমিষ্টাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ধ্ৰুৱজ্যোতি দলৈয়ে জানিবলৈ দিয়া মতে বৃহত্তৰ  অঞ্চলটোত বাস কৰা  প্ৰায় ৪০০ টা পৰিয়ালৰ বেছিভাগেই কৃষিজীৱী । তেওঁলোকে পৰম্পৰাগতভাবে কমলা , জালুক , তামোল , কল আদিৰ লগতে ধান বিশেষকৈ শালি ধানৰ  খেতি কৰি আহিছে । কিন্তু এতিয়াৰ যুৱ প্ৰজন্মৰ বহুতেই পূৰ্বৰ পৰম্পৰাগত গৰুৰ সলনি কম সময়ত অধিক মাটি চহাব পৰা পাৱাৰ টিলাৰ বা যান্ত্ৰিক পদ্ধতিৰে কৰা কৃষি কৰ্মত মনোনিবেশ কৰিছে । এই ক্ষেত্ৰত কাঁহিৰাম ৰাভা , ধনজিৎ ৰাভা , সীমান্ত মাৰাক , তুলিন্দ্ৰ জামু , শংকৰ ৰাভাকে ধৰি স্নাতক ডিগ্ৰী উত্তীৰ্ণ কেবাজনো শিক্ষিত যুৱকে সম্প্রতি শালি ধানৰ খেতি আৰম্ভ কৰিছে । ধ্ৰুৱজ্যোতি দলৈয়ে সদৰি কৰা অনুসৰি চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নোলোৱাকৈ তেওঁলোকে কৃষি কৰ্ম কৰি আহিছে । আনকি নিজেও ১৫০ টা কমলা , ২০০ টাকৈ  জালুক , তামোল  আৰু মালভোগ  কলৰ পুলি ৰোপণ কৰিছে ।  আনকি অসম চৰকাৰৰ অৱহেলাৰ বিপৰীতে  সীমামুৰীয়া হোৱা বাবে মেঘালয় চৰকাৰেহে মাজে সময়ে কৃষি কৰ্মত বা আন ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াই আহিছে । মেঘালয়ৰ কৃষি বিভাগৰ বিষয়া  – কৰ্মচাৰী তেওঁলোকৰ খেতি পথাৰত আহি খবৰ লোৱাৰ বিপৰীতে অসম চৰকাৰৰ কৃষি বিভাগৰ কোনো বিষয়া – কৰ্মচাৰীক আজিলৈ গাঁৱৰ মানুহে দেখা পোৱা নাই বুলি ধ্ৰুৱজ্যোতি দলৈয়ে আক্ষেপ প্ৰকাশ কৰিছে ।

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত গছপুলি ৰোপন

নলবাৰী জিলাস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত আজি বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নলবাৰী জিলাৰ চান্দকুছিস্থিত নলবাৰী পলিটেকনিকেলত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে বৃক্ষৰোপণ কৰে  । প্ৰায় ৩০০ গছপুলি নলবাৰী  পলিটেকনিকেলৰ প্ৰাংগনত ৰোপন কৰে চি আৰ পি এফ বাহিনীয়ে  । লগতে গছপুলি সমূহ সংৰক্ষিত থাকিবলৈ ও ব্যৱস্থা গ্ৰহণ কৰে চি আৰ পি এফ বাহিনীৰ দলটোৱে  । ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ উদ্যোগত আয়োজিত এই বৃক্ষৰোপণ কাৰ্যসূচীত বেটেলিয়নৰ সহ কামানডেন্ট আৰ পি সিঙৰ লগতে চি আৰ পি এফ বাহিনীৰ বিষয়ববীয়া আৰু জোৱান সকলে গছপুলি ৰোপন কৰে  ।

পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত নগাঁৱত কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

ক্ৰম বৰ্দ্ধমান গতিত পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নগাঁৱত কংগ্ৰেছ দলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। আজি নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত নগাঁও চহৰৰ শ্বহীদ ভৱনৰ ওচৰৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছে ধৰ্না কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন কুমাৰ শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, দুই বিধায়ক শশীকান্ত দাস, শিবামনি বৰা, কংগ্ৰেছ নেতা সুৰেশ বৰা, মৃণাল হাজৰিকাকে ধৰি কেবাগৰাকী কংগ্ৰেছ নেতাই অংশ গ্ৰহন কৰে। প্ৰতিবাদকাৰী সকলে বিভিন্ন ধ্বনি দি নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে পেট্ৰল, ডিজেলৰ মূল্য দিনে দিনে বৃদ্ধি হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰক কঠোৰ সমালোচনা কৰাৰ লগতে শীঘ্ৰে পেট্ৰল- ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়।প্ৰতিবাদী কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু বৰ্তমানৰ চৰকাৰখনক কঠোৰ সমালোচনা কৰি , এইখন ১মাহৰ চৰকাৰ নহয়। কাৰণ এতিয়াৰ মুখ্যমন্ত্ৰীজন পূৰ্বতেও ছেকেণ্ড ইন কামাণ্ড আছিল। কিন্তু শিক্ষা আৰু স্বাস্থ্যত একো উন্নতি কৰিব নোৱাৰিলে।” ৰকিবুল হুছেইনে লগতে   ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ কাৰ্যৰো বিৰোধিতা কৰি কয়, নাগালেণ্ড সীমান্তত কিয় উচ্ছেদ চলোৱাৰ সাহস নাই চৰকাৰ। আনহাতে ৰাজ্যত ক’ৰোণাৰ প্ৰকৃত সংখ্যা কমকৈ দেখুওৱাৰ বাবে ঘনজবসতিপূৰ্ণ অঞ্চলত টেষ্ট কৰা নাই বুলিও অভিযোগ কৰে ৰকিবুল হুছেইনে।  ইফালে সাংসদ প্ৰদ্যুৎ বৰদলৈয়েও  এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক চোকা সমালোচনা কৰি কয় “বিজেপি চৰকাৰে সাধাৰণ ৰাইজৰ মূৰত মাধমাৰ সোধাই প্ৰতিদিনেই পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰিছে, ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অধিক বৃদ্ধি পাইছে।”

বোকা পানী গচকি বটদ্ৰৱাৰ নিৰ্মিয়মান প্ৰকল্প স্থলীত সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা

অসমীয়া জাতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত নিৰ্মীয়মান হৈ থকা “বটদ্ৰৱা প্ৰকল্প” স্থলীত আজি বিয়লি সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰা উপস্থিত হয়। বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত ১৮৮ কোটি টকা ধনৰ আবন্টনত নিৰ্মাণ হৈ থকা প্ৰকল্পস্থলীত উপস্থিত হৈ বোকা পানী গচকি নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰে। যোৱা ৮ জুনত অনুষ্ঠিত চৰকাৰৰ কেবিনেট বৈঠকত বটদ্ৰৱা প্রকল্প” ৰ কামকাজ তৰান্বিত কৰা আৰু নিৰিক্ষণৰ দ্বায়িত্ব প্ৰদান কৰিছিল সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বৰাক। প্ৰতি মাহত পুংখানুপুংখ ভাৱে নিৰীক্ষণ কৰিবলৈ দায়িত্ব দিয়াৰ পিছত আজি প্ৰথমবাৰৰ বাবে মন্ত্ৰী গৰাকীয়ে গুৰুজনাৰ জন্মস্থানৰ বটদ্ৰৱা প্ৰকল্পস্থলী পৰিদৰ্শন কৰি মন্ত্ৰী বৰাই কয় – “অসমৰ সমাজ জীৱনৰ কাৰনে গুৰুজনাৰ আশীষ অতুলনীয়। ৩ কোটি ৫০ লাখ জনসাধাৰণে সমাজ, জীৱন, কৃষ্টি সংস্কৃতি, ৰীতি নীতি, এই গোটেই খিনি গুৰুজনাৰ পৰা লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ অমৃত সোঁৱৰণত তেখেতৰ জন্মস্থান বটদ্ৰৱাত অসমীয়া ৰাইজৰ অনুভৱ, উপলব্ধি, আশা আকাংক্ষা খিনি হৃদয়ংগম কৰি এই প্ৰকল্প নিৰ্মাণৰ কৰিবলৈ আগবাঢ়িছো। আৰু আমাৰ চৰকাৰে দায়বদ্ধতাৰে অতি আন্তৰিকতাৰে ভক্তি ভাবেৰে এই কাম কাম আগবঢ়াই নিবৰ বাবে ইতিমধ্যে ঠিৰাং কৰিছো। ইতিমধ্যে আমাৰ চৰকাৰৰ সদিচ্ছাৰ কথা অসমীয়া ৰাইজে গম পাইছে। ২০২২ চনৰ ২১ এপ্ৰিলৰ ভিতৰত এই কাম সম্পূৰ্ণ হৈ উঠাৰ কাৰনে বিভাগ সমুহক চৰকাৰী নিৰ্দেশনা দিছে।” মন্ত্ৰী বিমল বৰাই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলা উপায়ুক্ত কবিতা পদ্মনাভন, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব বৰঠাকুৰ, সঞ্চালক ঠাকুৰীয়াক লগত লৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা তথা বিষয়ববীয়া সকলক লগতো প্ৰকল্পস্থলীত  কামকাজৰ অগ্ৰগতিৰ সন্দৰ্ভত এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়। ইফালে অসমত চিনেমাগৃহ বন্ধ হৈ পৰা  সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি  কয় যে এইয়া আমাৰ বাবে দুভাৰ্গ্য জনক। চলচ্চিত্ৰ জগতৰ কল্যাণৰ বাবে আমাৰ চৰকাৰে পৰবৰ্তী সময়ত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। লগতে শিল্পী সকলৰ বাবেও অনাগত দিনত সুখবৰ আহিব  বুলিও মন্ত্ৰী গৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।

সুখৰ খবৰ। কোভিড নিগেটিভ হ’ল নীলপৱন বৰুৱা।

শুকুৰবাৰে ঘৰলৈ যাব দিয়াৰ কথা মহান শিল্পীগৰাকীক।

অসমৰ প্ৰথিতযশা শিল্পী নীলপৱন বৰুৱাৰ কোভিড নিগেটিভ হৈছে। কিছুদিন গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ থকাৰ পিছত আজি পৰীক্ষাৰ অন্তত তেখেতৰ নিগেটিভ ওলাইছে। ফলত আনন্দিত হৈ পৰিছে সকলো স্বাস্থ্যকৰ্মী তথা গুণমুগ্ধ।

ক’ভিড -১৯ত পিতৃ-মাতৃহাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ

ক’ভিড – ১৯ ত আক্রান্ত হৈ অকালতে মৃত্যু ঘটা ছিপাঝাৰ সমষ্টিৰ উপৰ কুৰুৱাৰ প্ৰয়াত দম্পতী নূপুৰ দাস আৰু দীপালী দেৱীৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃহাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ কৰি দুখৰ সমভাগী হ’ল ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী। চৰকাৰে প্ৰদান কৰা আঁচনিৰ ধন সঠিক সময়ত পোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বিধায়কজনে।

আজিৰ দিনটোত কুৰুৱা বাজনা পথাৰ গাঁও পঞ্চায়তত এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰি বিভিন্ন সমস্যাৰ বুজ ল’লে ড০ ৰাজবংশীয়ে। আজিৰ এই সময়ছোৱাত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে ছিপাঝাৰ আৰু পাথৰিঘাট দুয়োটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয়। খণ্ড উন্নয়ন বিষয়া , ছিপাঝাৰ আৰু সাংস্কৃতিক মহাসভা , অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মা ।

উদালীৰ চিকিৎসক আক্ৰমণৰ ঘটনাত জড়িত আৰু এটা অপৰাধীক লংকা আৰক্ষীৰ জালত।

লংকাৰ উদালীৰ ফুলতলী আদৰ্শ চিকিৎসালয়ৰ  চিকিৎসক আক্ৰমণৰ ঘটনাৰ লগত  জড়িত থকা আন  এটা অপৰাধীক আটক কৰিছে লংকা আৰক্ষীয়ে । আৰক্ষীয়ে আটক কৰা অপৰাধীটোৰ  নাম হিলাল উদ্দিন । যোৱা নিশা লংকা আৰক্ষীয়ে নখুটীৰ পৰা আটক কৰে দুষ্কৃতিকাৰীটোক। চিকিৎসক আক্ৰমণৰ ঘটনাৰ পিছৰে পৰা হিলাল উদ্দিনে  নখুটীত আত্মগোপন কৰি আছিল । বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৯ টা  অপৰাধীক লংকা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

পশ্চিম গুৱাহাটীৰ অসম মেঘালয় সীমান্তৰ উমছুৰত খেতি পথাৰত নামি পৰিছে বহু শিক্ষিত যুৱক :অসম চৰকাৰৰ বিৰুদ্ধে অৱহেলাৰ অভিযোগ