Home Blog Page 2995

হোজাই নীলবাগানত ভয়ংকৰ দুৰ্ঘটনা:বিলাসী বাহন চূৰ্ণ বিচূৰ্ণ। চালক আহত

হোজাই নীলবাগানত ভয়ংকৰ দুৰ্ঘটনা

হোজাই জিলাৰ নীলবাগানত ভয়ংকৰ পথ দূৰ্ঘটনাত  বহি ৰাজ্যৰ এখন বিলাসী বাহন চূৰ্ণ বিচূৰ্ণ হোৱাৰ লগতে চালক আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে গুৱাহাটীৰ পৰা আহি থকা NL 07 CA 0973 নম্বৰৰ HUNDAI  I 20 গাড়ীখনে ৷দূৰ্ঘটনাত গাড়ী চালক নিভুকু ভি জিমোৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও কিছু আঘাত প্ৰাপ্ত হয় ৷ গাড়ীৰ SAFTY BALLON ৰ বাবে প্ৰাণ ৰক্ষা পৰে  চালকজনৰ৷চালকজনে অত্যধিক মদ্যপান কৰি গাড়ী চলোৱাৰ বাবেই নিয়ন্ত্ৰণ হেৰুৱাই দূৰ্ঘটনাত পতিত হয় হব বুলি প্ৰতক্ষ্য দৰ্শীয়ে অভিযোগ উত্থাপন কৰিছে ।গাড়ীত উদ্ধাৰ হৈছে বিয়েৰৰ বটল৷চালক নিভুকু ভি জিমো ডিমাপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ডিমাপুৰলৈ গৈ থকাৰ সময়তে ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দূৰ্ঘটনাটো৷নীলবাগান আৰক্ষীয়ে চালকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

পৰীক্ষা হয় বাতিল কৰক নহয় স্থগিত ৰাখক:সৰুপথাৰ মহাবিদ্যলয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

সৰুপথাৰ মহাবিদ্যলয়ত ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

সৰুপথাৰ মহাবিদ্যালয়ত প্ৰতিবাদ ।কৰোণাৰ দ্বিতীয়তো ঢৌত স্তব্ধমান দেশবাসীৰ লগতে ৰাজ্যবাসী। ব্যাপক হাৰত বৃদ্ধি হৈছে কৰ’ণা ৰোগীৰ সংখ্যা। সকলো জনগণৰ লগতে গভীৰ ভাৱে চিন্তিত হৈ পৰিছে ছাত্ৰ সমাজ। শংকিত হৈ পৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল। যাৰ পৰিপেক্ষিতত আজি পুৱা সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শ্ৰেণী কোঠাৰ পাঠদান এৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে। স্নাতক পৰ্যায়ৰ সকলো পৰীক্ষা ছাত্ৰ ছাত্ৰী সকলৰ সুবিধা অনুসৰি   অনলাইন অথবা অফলাইন পদ্ধতিৰে অনুষ্ঠিত কৰিবলৈ দাবী জনাই। সকলো ছাত্ৰ=ছাত্ৰীক কৰ’না প্ৰতিষেধক প্ৰদানৰ দাবী জনোৱাৰ লগতে ছাত্ৰ=ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ হেতালি নেখেলিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অনুৰোধ কৰি সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষৰ যোগেদি সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ=ছাত্ৰীসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গৰাকীলৈ এখনি ৪দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

সৰুপথাৰত মাস্ক নিপিন্ধা লোকক ৫০০টকাকৈ জৰিমনা বিহিলে আৰক্ষীয়ে

সৰুপথাৰত মাস্ক নিপিন্ধা লোকক ৫০০টকাকৈ জৰিমনা বিহিলে আৰক্ষীয়ে

ৰাজ্য চৰকাৰৰ নতুন SOP জাৰি কৰাৰ লগে লগে সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। সমগ্ৰ দেশতে এতিয়া কৰ’না মহামাৰীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দৈনিক আক্ৰান্তৰ সংখ্যা  বৃদ্ধি হৈছে আৰু ঠায়ে ঠায়ে বহুলোকৰ মৃত্যু বৰণ ঘটিছে।

ইমানৰ পিছটো কিন্তু একাংশ অসচেতন লোকৰ গাত কথা লগা নাই। মাস্ক নিপিন্ধাকৈয়ে মুকলি মনে ঘুৰি ফুৰিছে বহুলোক। যাৰ পৰিপ্ৰেক্ষিতত সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন। আজি ধনশিৰি মহকুমাৰ সৰুপথাৰ নগৰতো এচাম মাস্ক পৰিধান নকৰা লোকক আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ধাৰা অনুযায়ী প্ৰথমবাৰৰ বাবে ৫০০ টকাকৈ জৰিমনা বিহিলে আৰু পৰৱৰ্তী সময়ত মাস্ক নিপিন্ধাকৈ পালে ১০০০ টকাকৈ জৰিমনা বিহাৰো সকীয়নি প্ৰদান কৰিলে। ইয়াৰ উপৰিও সন্ধিয়া ৬ বজাৰ লগে লগে সৰুপথাৰ নগৰৰ সকলো দোকান=পোহাৰ বন্ধ কৰা দেখা গল।

সমবায় সমিতিৰ চাউল বিতৰণত ৰাছি লাইনত উত্তপ্ত পৰিস্থিতি।

সমবায় সমিতিৰ চাউল বিতৰণত ৰাছি লাইনত উত্তপ্ত পৰিস্থিতি

সমবায় সমিতিৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ। চাউলখোৱাৰ ৰাছি লাইনত উত্তপ্ত পৰিস্থিতি। সমবায় সমিতিৰ এজেন্টে হিতাধিকাৰীৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ তুলি তীব্ৰ প্ৰতিবাদ লাহোৱাল। মদাৰখাট সমবায় সমিতিৰ অন্তৰ্গত ৰাছি লাইনৰ এজেন্ট চুলেমান লোহাৰৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। হিতাধিকাৰীৰ চহী সংগ্ৰহ কৰি মাহে কুইন্টলে কুইন্টলে এজন্টে লুটিছে চাউল। তদুপৰি হিতাধিকাৰীক পচা, পোকে খোৱা চাউল বিতৰণৰো অভিযোগ তুলিছে ক্ষুব্ধ হিতাধিকাৰীয়ে। হিতাধিকাৰীৰ চাউল বিতৰণত অনিয়ম সংঘটিত কৰা এজেন্ট চুলেমান লোহাৰৰ বিৰুদ্ধে প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী।

মহানগৰীত বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন

মহানগৰীত বীৰাংগনা সতী সাধনী স্মৃতি দিৱস উদযাপন

দেশপ্ৰেম, আত্ম বলিদান, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা নাৰী সতী সাধনীৰ আজি মৃত্যুৰ দিৱসৰ দিনটো সশ্ৰদ্ধ স্মৰণ কৰে ৰাজ্যবাসীয়ে | প্ৰকৃতাৰ্থত সাহস, ধৈৰ্য, বীৰত্ব আৰু দেশ–জাতিৰ বাবে চৰম বলিদান দিয়া যিকেইগৰাকী অসমীয়া বীৰাংগনাৰ নাম ইতিহাসৰ বুকুত স্বৰ্ণলিপিৰে খোদিত হৈ আছে তেওঁলোকৰ ভিতৰত এটি অন্যতম বীৰাংগনা সতী সাধনী মৃত্যুৰ দিনটোত ৰাজ্যৰ সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ বসবাস কৰা চুতীয় জনগোষ্ঠীৰ ৰাইজেও স্মৰণ কৰে। সাম্প্ৰতিক ক’ভিড পৰিৱেশৰ ফলশ্ৰুতিত স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দশনাৰ অনুসৰি মহানগৰীৰ বৰবাৰী মেগজিনস্থিতি সতী সাধনী ভৱনত অনুষ্টুপীয়াকৈ আয়োজন কৰা হয় স্মৃতি দিৱস | সদৌ চুতীয়া জাতি সন্মিলনৰ উপ-সভাপতি তথা উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তৰুণ চুতীয়া, চুতীয়া সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক তথা নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাসে সাধনীৰ প্ৰতিচ্চবিত বন্তি প্ৰজ্বলনে আৰম্ভ কৰা স্মৃতি দিৱসত মহানগৰীৰ প্ৰায় অৰ্ধ শতাধিক পৰিয়ালে অংশ গ্ৰহণ কৰে | সমান্তৰালভাৱে বীৰাংগনা নাৰীগৰাকীৰ লগতে জনগোষ্ঠীটোৰ উপৰি পুৰুষ সোঁৱৰি আৰু শেহতীয়াকৈ হেৰাই যোৱা জাতিটোৰ লোকসকলক আত্মাৰ সদগতি কামনা কৰি মৌন প্ৰাৰ্থানাৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠাত উচ্চ ন্যায়ালয়ৰ অধিবক্তা কবিন শইকীয়া, আৰক্ষী বিষয়া বাবুল চন্দ্ৰ বৰা, জ্যেষ্ঠ নাগৰিক ৰঞ্জন চুতীয়া, দৈনন্দিন বাৰ্তাৰ কাৰ্যবাহী সম্পাদক দিম্পুল চুতীয়া, চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক দিম্পুল চুতীয়া, চুতীয়া যুৱ সন্মিলনৰ শিক্ষা সম্পাদক জ্ঞানেন চুতীয়া আদিয়ে অংশগ্ৰহণ কৰে | উল্লেখ্য যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাকৰিতে আয়োজিত এক স্মৃতি চাৰণ সভাত জ্যেষ্ঠ অধিবক্তা তৰুণ চুতীয়া, নেৰামেকৰ পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস, অগপৰ যুৱ নেত্ৰী কস্তুৰী চুতীয়া,চুতীয়া ছাত্ৰ সন্থাৰ সদস্যা দিম্পী মেধি আদিয়ে মহীয়সীগৰাকীৰ স্মৃতি ৰোমন্থন কৰে | চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কুণ্ডিল চুতীয়া, মহানগৰ জিলা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্থ হাজৰিকাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটো আঁত ধৰে সাংবাদিক ৰণ্টু নেওগে|

সৰুপথাৰত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস ৷

সৰুপথাৰত কেন্দ্ৰীয় বীৰাঙ্গনা সতী সাধনী দিৱস ৷

সৰুপথাৰৰ ছেৱাগুৰি  বীৰপাল সমন্বয় ক্ষেত্ৰত বীৰাঙ্গনা সতী সাধনী দিৱস উদ়াপন কৰা হয় ৷

সদৌ চুতীয়া জাতি সন্মিলন , সদৌ চুতীয়া জাতি মহিলা সন্মিলন ,  চুতীয়া যুৱ সন্মিলন আৰু সদৌ অসম চুতীয়া ছাত্ৰ সন্হাৰ উদ্যোগত  

অসম চৰকাৰৰ সাস্কৃতিক বিভাগ , ধনশিৰি , বোকাজান চুতীয়া জাতি সন্মিলনৰ সহযোগত আৰু ধনশিৰি মহকুমা ৰাইজৰ সহযোগত আয়োজন কৰা সাধনী দিৱসৰ দিনাৰ পুৱাৰ কাৰ্যসুচীত বৃক্ষৰোপন , চুতীয়া জাতীয় ধ্বজা উত্তোলন , স্মৃতি তৰ্পন , সতী সাধনীৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন ,  মাল্যাৰ্পন , দেওকুবেৰ শলিতা লগোৱা সকাম , চিত্ৰাংকনৰ প্ৰতিযোগিতাৰ ওপৰিও  গায়ন-বায়ন , ৰাভা কৃষ্টিৰ লগতে জেং বিহু , বড়ো কৃষ্টি , ঝুমুৰ , বিহু নৃত্ প্ৰৰ্দশন অনুষ্ঠান কাৰ্যসুচী সম্পন্ন হয় ৷

দুপৰীয়া সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় বৰাৰ সভাপতিত্বত  এখনি মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ 

হোজাই বন বিভাগৰ অভিযানত অগৰু ভৰ্ত্তি গাড়ী জব্দ।

হোজাই বন বিভাগৰ অভিযানত অগৰু ভৰ্ত্তি গাড়ী জব্দ।

হোজাই বন বিভাগৰ অভিযানত অগৰু ভৰ্ত্তি গাড়ী জব্দ।

হোজাইৰ জয়ন্তীয়া বস্তিৰ পৰা AS 03 AC 8453 নম্বৰৰ এখন অগৰু ভৰ্ত্তি গাড়ী জব্দ কৰে।

জব্দকৃত গাড়ীখনৰ লগতে অগৰুখিনি ইতিমধ্যে হোজাই বন কাৰ্য়ালয়লৈ অনা হয়।

গাড়ীখনত থকা অগৰু কাঠ সংক্ৰান্তত ইতিমধ্যে অনুসন্ধান অব্যাহত ৰাখিছে হোজাই খণ্ড আঞ্চলিক বন বিষয়াগৰাকীয়ে।

প্ৰাৰম্ভিক অনুসন্ধানৰ পিছতহে সকলো তথ্য পোহৰলৈ আহিব বুলি জানিবলৈ দিয়ে।

মহাৰাষ্ট্ৰৰ নাছিকত শোকাৱহ দুৰ্ঘটনাত ১১জনৰ মৃত্যু।

মহাৰাষ্ট্ৰৰ নাছিকত শোকাৱহ দুৰ্ঘটনাত ১১জনৰ মৃত্যু।

মহাৰাষ্ট্ৰৰ নাছিকত শোকাৱহ দুৰ্ঘটনাত ১১জনৰ মৃত্যু।

এখন চিকিৎসালয়ৰ বাহিৰত অক্সিজেন টেংকাৰৰ পৰা গেছ নিৰ্গত হোৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

নাছিকৰ জাকিৰ হুছেইন হাস্পতালত এই দুৰ্ঘটনা সংঘটিত হয়।

এই দুৰ্ঘটনাৰ ফলত হাস্পতালখনত অক্সিজেনৰ যোগানো ব্যাহত হৈ পৰে।

নিতাইপুখুৰীৰ মোহিনী মোহন গগৈ’ৰ ঘৰত শোকাকূল পৰিৱেশ : অপহৰণকাণ্ডৰ লগত জড়িত নিগমৰ এম্বুলেঞ্চ উদ্ধাৰ

অপহৰণকাণ্ডৰ লগত জড়িত নিগমৰ এম্বুলেঞ্চ উদ্ধাৰ

 লাকুৱাত পুৱতি নিশা অ’ এন জি চি (অসম সম্পদ)ৰ তিনি কৰ্মচাৰীক অস্ত্ৰধাৰী দল এটাই অপহৰণ কৰি নিয়ে । কৰ্মচাৰী তিনিজন ক্ৰমে মোহিনী মোহন গগৈ, ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়া । মঙলবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত সংঘটিত হয় এই অপহৰণৰ কাণ্ড । অপহৰণ কাণ্ডৰ পিছত এতিয়া শোকাকূল পৰিৱেশ বিৰাজমান কৰিছে তিনিওজনৰে ঘৰত । মোহিনী মোহন গগৈৰ মাতৃ, পৰিয়ালবৰ্গ তথা গাঁৱবাসীৰ উক্ত যুৱকজনক এৰি দিবলৈ কাতৰ অনুৰোধ জনালে উগ্ৰপন্থীক । জানিব পৰা মতে ৫/৬ জনীয়া অচিনাক্ত অস্ত্ৰধাৰী দল এটাই লাকুৱা তৈলক্ষেত্ৰৰ এটা ৰিগত কাম কৰি থকা সময়ত নিগমৰ এই কৰ্মচাৰী কেইজনক অপহৰণ কৰি নিয়ে । অপহৰণ কাণ্ডত অ’ এন জি চিৰ এখন এম্বুলেঞ্চ ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে । আনহাতে দুস্কৃতিকাৰীয়ে অপহৰণকাণ্ডৰ লগত ব্যৱহাৰ কৰা নিগমৰ এম্বুলেঞ্চ খন অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ জংঘলৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে ।

চিকিৎসালয়ৰ কক্ষৰ পৰাই পলায়ন ক’ভিড ১৯ত আক্ৰান্ত ৰোগীৰ।

তীব্ৰ আতংকৰ সৃষ্টি কৰিছে নাহৰকটীয়াত।

ক’ভিড ১৯ ৰোগত আক্ৰান্ত এজন যুৱক চিকিৎসালয়ৰ পৰা পলায়ন কৰা কাৰ্যই এতিয়া তীব্ৰ আতংকৰ সৃষ্টি কৰিছে নাহৰকটীয়াত। উল্লেখযোগ্য যে টিংখং প’ষ্ট অফিচৰ সমীপৰ জ্যোতিষ বড়া নামৰ যুৱকজনে অসুস্থতাত ভুগি থকাত মংগলবাৰে নাহৰকটীয়া দীঘলা পথাৰ স্থিত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ বহি: বিভাগত তেওঁ নিজৰ চিকিৎসা কৰাবলৈ উপস্থিত হয়। সেই সময়তে স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি যুৱকজনক প্ৰথমে ৰেপিড এণ্টিজেন টেষ্ট কৰোৱাত যুৱকজনৰ দেহত ধৰা পৰে ক’ভিড ১৯ৰ অৱস্থিতি ।

তাৰ পিছতই ক’ভিড প্ৰটকল অনুসৰি যুৱকজনক আছুতীয়া কক্ষত ৰাখি চিকিৎসা কৰ্মী সকলে অন্য ৰোগীক ৰেপিড এণ্টিজেন টেষ্ট কৰি থকাৰ সময়তে সুবিধা বুজি আছুতীয়া কক্ষৰ পৰা পলায়ন কৰাৰ লগতে যুৱকজনে বন্ধ কৰি দিয়ে নিজৰ মোবাইল ফোনটো । ইফালে যুৱকজন চিকিৎসালয়ৰ পৰা পলায়ন কৰা কথা জানিবলৈ পাৰি এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসকসকলৰ লগতে তাত উপস্থিত থকা লোকসকলৰ মাজত ।শেহতীয়াকৈ এই ঘটনাৰ সন্দৰ্ভত চিকিৎসালয় কৰ্তৃপক্ষই ডিব্ৰুগড় জিলা প্ৰশাসনৰ লগতে নাহৰকটীয়া আৰক্ষী থানা, টিংখং আৰক্ষী থানা, নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া আৰু টিংখং ৰাজহ চক্ৰ বিষয়া এক লিখিত অভিযোগ দাখিল কৰাত যুৱকজনক বিচাৰি তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।