Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য, ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিখণ্ডৰ হাস্পতালৰ বাবে দাম কিমান হ’ব ?
ৰাজ্য চৰকাৰ আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ভেকচিনৰ মূল্য নিৰ্ধাৰণ কৰিলে Serum Institute-এ । এতিয়াৰ পৰা Serum Instituteৰ Covishield ভেকচিন ৰাজ্য চৰকাৰৰ কাৰণে উপলব্ধ হ’ব ৪০০টকাত (INR 400)ত। ৰাজ্য চৰকাৰ সমূহে এপালি ভেকচিন ৪০০টকাত ক্ৰয় কৰিব লাগিব । আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে এই ভেকচিন ক্ৰয় কৰিব পাৰিব ৬০০টকাত (INR 600) ।
নতুন নিয়ম অনুসৰি, ভেকচিন উৎপাদন কৰা প্ৰতিষ্ঠান সমূহে ৫০শতাংশ ভেকচিন কেন্দ্ৰীয় চৰকাৰক যোগান ধৰিব লাগিব । কেন্দ্ৰীয় চৰকাৰৰ ৪৫বছৰৰ উৰ্ধ্বৰ লোকক বিনামূলীয়া ভেকচিন প্রদান আঁচনি ৰূপায়ন উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । বাকী ৫০শতাংশ তেওঁলোকে পূৰ্বে নিৰ্ধাৰিত মূল্যত প্ৰত্যক্ষভাবে ৰাজ্য চৰকাৰ সমূহক আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহক বিক্ৰী কৰিব পাৰিব ।
আজি প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা জনাই ভেকচিন নিৰ্মাণ কোম্পানী Serum Institute India-ই। বিদেশী ভেকচিনৰ মূল্যতকৈ Serumৰ ভেকচিনৰ মূল্য কম বুলিও দাবী কৰে প্ৰতিষ্ঠানটোৱে । ৪-৫ মাহৰ পিছত ভেকচিন খুচুৰা বজাৰত উপলব্ধ হ’ব বুলিও জানিবলৈ দিছে SIIএ ।
লাকুৱা তৈলক্ষেত্ৰৰ পৰা ONGCৰ ৩ বিষয়া-কৰ্মচাৰীক অপহৰণ : আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ
নাজিৰা অ’ এন জি চি (অসম সম্পদ)ৰ মুখ্য কাৰ্যালয়ৰ অধীনস্ত তৈলক্ষেত্ৰৰ পৰা নিশা ONGCৰ ৩ বিষয়া-কৰ্মচাৰীক অপহৰণ । চৰাইদেউ জিলা অন্তৰ্গত লাকুৱা তৈলক্ষেত্ৰত নিশা কৰ্মৰত অৱস্থাত থকা নিগমৰ ৩ বিষয়া-কৰ্মচাৰী ক্ৰমে অলকেশ শইকীয়া, ৰিতুল শইকীয়া আৰু মোহিনী মোহন গগৈ’ক আলফা স্বাধীনে অপহৰণ কৰাৰ সন্দেহ কৰা হৈছে । জানিব পৰা মতে মাজনিশা ONGCৰ এম্বুলেঞ্চত অহা ৫/৬ জনীয়া অস্ত্ৰধাৰী দলে পুৱতি নিশা ৩ বিষয়াক অপহৰণ কৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ লৈ যোৱাৰ সন্দেহ কৰা হৈছে । আনহাতে ONGCৰ ৩ বিষয়া-কৰ্মচাৰীৰ মোহিনী মোহন গগৈ’ৰ ঘৰ শিৱসাগৰ জিলা ডিমৌৰ নিতাইপুখুৰী, ৰিতুল শইকীয়া’ৰ ঘৰ গোলাঘাট আৰু অলকেশ শইকীয়া’ৰ ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে । তদুপৰি ঘটনা সন্দৰ্ভত আলফা স্বাধীনে বৰ্তমানেও কোনো তথ্য সদৰী কৰা নাই ।
ঢকুৱাখনা আৰক্ষীৰ অভিযান ।বালিগাঁৱৰ পৰা গাঞ্জা সহ এজনক আটক।
ঢকুৱাখনা মহকুমাত শেহতীয়াকৈ নিচাযুক্ত দ্ৰব্য ড্ৰাগছ আৰু গাঞ্জাৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি উঠিছে।এই দুই নিচাযুক্ত দ্ৰব্যৰ কবলত পৰি ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ একাংশ যুৱক-যুৱতীৰ ভৱিষ্যৎ ধ্বংস হৈছে।ইয়াৰ মাজতে আজি ঢকুৱাখনা আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ গাঞ্জাৰ সৈতে এজন গাঞ্জা ব্যৱসায়ী আটক হয়। ঢকুৱাখনা থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শক-ৰাজীৱ বৰুৱাৰ নেতৃত্বত আজি বিয়লি প্ৰায় ৪ বজাত এক গোপন সূত্ৰৰ পম খেদি ঢকুৱাখনা আৰক্ষীৰ এটি দলে অভিযান চলাই ঢকুৱাখনা থানাৰ চৌহদৰ পিছফালেই থকা বালিগাঁৱৰ সৰ্বানন্দ ওজা’ নামৰ এজন গাঞ্জা ব্যৱসায়িক গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাতে হাতে লোতে বুজন পৰিমানৰ গাঞ্জাৰ সৈতে কৰায়ত্ত কৰিবলৈ সক্ষম হয়।উল্লেখ্য যে সৰ্বানন্দ ওজাই বহুদিনৰ পৰা ঢকুৱাখনাত আৰক্ষীৰ চকুত ধূলি দি গাঞ্জাৰ ব্যৱসায় চলাই আহিছিল যদিও আজি আৰক্ষীৰ ফান্দত পৰে। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি জব্দকৃত গাঞ্জা খিনিৰ বজাৰ আনুমানিক-১৪/১৫ হাজাৰ টকা হ’ব।ইতিমধ্যে ঢকুৱাখনা আৰক্ষীয়ে সৰ্বানন্দ ওজাৰ বিৰুদ্ধে এন,ডি,পি,এছ আইনৰ -২০ বি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে।
প্ৰবীন ৰাজনীতিবিদ,জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জ্ঞাপন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
যোৱা ১৮ এপ্ৰিলত সন্ধিয়া গুৱাহাটীৰ দিছপুৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে জননেতা,প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনে ।যোৱাকালি তেওঁৰ নশ্বৰ দেহ গৃহ জিলা নলবাৰীলৈ অনা হয় । যোৱাকালি নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখত থকা বাসগৃহত লৈ গৈ শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নলবাৰী উপায়ুক্ত কাৰ্যালয়লৈ অনা হয় আৰু তাত উপায়ুক্ত পূৰৱী কোৱঁৰে ডা: ভূমিধৰ বৰ্মনৰ নশ্বৰদেহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পিছত প্ৰয়াত জননেতা গৰাকীৰ নশ্বৰ দেহ তেওঁৰ কাপলাবড়িত থকা ঘৰলৈ নিয়া হয় । আজি ৰাতিপুৱা প্ৰয়াত ডা:ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ বিল্বেশ্বৰ দেৱালয়লৈ অনাৰ পিছত বেলশৰত থকা ভকতৰাম পুখুৰী পাৰ উদ্যানলৈ লৈ যোৱা হয় অন্ত্যেষ্টিক্ৰিয়াৰ বাবে । অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে শেষ শ্ৰদ্ধা জনোৱাৰ বাবে ভকতৰাম পুখুৰী পাৰত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰয়াত ডা: ভূমিধৰ বৰ্মনক শেষ শ্ৰদ্ধা জনোৱাৰ পিছতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস,প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা , বিৰোধী দলপতি দেবব্ৰত শইকীয়া,প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন,বিধায়ক নাৰায়ন ডেকা, প্ৰশান্ত ফুকন,কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক প্ৰদ্যুত ভূঞাঁ,মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টে শান্তনু ভঁৰালী,জিলা উপায়ুক্ত পূৰৱী কোৱঁৰ,আৰক্ষী অধীক্ষক অমনজিত কৌৰকে ধৰি কেবাগৰাকী চৰকাৰী বিষয়া আৰু দলীয় নেতা সহ বিশিষ্ট ব্যক্তিসকলে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে অসম আৰক্ষীৰ তৰফৰ পৰা তিনিজাঁই গুলী ফুটাই প্ৰয়াত ডা:ভূমিধৰ বৰ্মনৰ প্ৰতি শেষ অভিবাদন জনায় আৰু তাৰ পিছতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় । প্ৰয়াত ডা: ভূমিধৰ বৰ্মনৰ মুখাগ্নী কৰে পুত্ৰ দিগন্ত বৰ্মনে । প্ৰবীন ৰাজনীতিবিদ, গৰীৱৰ বন্ধু, জননেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডা:ভূমিধৰ বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত হেজাৰ হেজাৰ গুণমুগ্ধ উপস্থিত থাকে ।
জামুগুৰিহাটত কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি
মহামাৰী কৰ’ণাৰ দ্বিতীয়টো ঢৌয়ে জোকাৰি গৈছে জামুগুৰিহাটো।দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা। জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰৰ অধীনৰ এলেকাত এতিয়ালৈকে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি হৈছে। ইয়াৰ ভিতৰত অঞ্চলটোৰ ডেকাসুন্দৰ গাঁওত ৯জন, শান্তিপুৰত তিনি জন আক্ৰান্ত হোৱাৰ বিপৰীতে দীপাটোলাত এজনৰ দেহত ধৰা পৰিছে কভি’ড- ১৯ ৰ উপস্থিতি।জামুগুৰিহাটত আক্ৰান্ত সকলৰ ভিতৰত এজনক তেজপুৰ ডেকাৰ গাঁওত থকা কভি’ড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰা হয় যদিও বাকী সকলক হ’ম আইচলেচনৰ ব্যৱস্থা কৰা হৈছে বুলি জামুগুৰি পৰিপূৰক স্বাস্থ্য কেন্দ্ৰ চিকিংসক ডা: হৰেণ শইকীয়াই জানিবলৈ দিছে। ইফালে ভয়াবহ কৰ’ণাৰ দ্বিতীয়টো লহৰত জামুগুৰিহাটো ইতিমধ্যে আক্ৰান্তৰ সংখ্যা দিনক দিনে বাঢ়ি গৈ আছে যদিও জামুগুৰিহাট,কুসুমটোলাকে ধৰি সকলোবোৰ সৰু বৰ ব্যৱসায়িক কেন্দ্ৰস্হলত উপস্থিত হোৱা লোক সকলৰ অধিকাংশই মাক্স পৰিধান নকৰা বিষয়টোৱে সচেতন ৰাইজৰ চিন্তিত কৰি তুলিছে। এই ক্ষেত্ৰত জামুগুৰিহাটো প্ৰশাসনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি ৰাইজে আশাৰে বাট চাইছে।
মাজুলী জিলা কবি সন্মিলনৰ অধিৱেশন সম্পন্ন
মাজুলী জিলা কবি সন্মিলনৰ ২০১৮-২০২১ বৰ্ষৰ অধিৱেশন আজি সম্পন্ন হয়। সেই মৰ্মে আজি বিয়লি ১ বজাৰ পৰা মাজুলী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ডঃ দেৱজিৎ শইকীয়াৰ সভাপতিত্বত এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। জিলা কবি সন্মিলনৰ সম্পাদক জয়ন্ত হাজৰিকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাখনত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগাম পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি আদৰণি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছত পুৰণা সমিতিয়ে পদত্যাগ কৰাৰ পিছত ২০২১-২০২৩ বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰা হয়। নতুন সমিতিখনত অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সাহিত্যিক ৰামসাগৰ নাথক সভাপতি, ইন্দুলেখা হাজৰিকা আৰু সুৰেন বৰাক উপ-সভাপতি, যুৱ কবি, সাংবাদিক পাপু বৰাক সম্পাদক, শ্যামন্ত পায়েং আৰু পম্পী হাজৰিকাক সহকাৰী সম্পাদক, উপেন চিন্তেক সাংগঠনিক সম্পাদক, কেশৱ কাকতিক প্ৰচাৰ সম্পাদক, লক্ষীপ্ৰসাদ ৰেগনক কোষাধ্যক্ষ, কৃষ্ণা মেধিক পত্ৰিকা সম্পাদক আৰু প্ৰবিত্ৰ হাজৰিকা, শংকৰ ৰেগন, ত্ৰিবেণী পায়েং, ৰোহিত কলিতাকে আদি কৰি সমগ্ৰ মাজুলীক সামৰি ১৫ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। উল্লেখযোগ্য যে, সমিতিখনৰ কেইবাটাও বিষয়-বাব নতুন সমিতিত পৰৱৰ্তী কাৰ্যনিৰ্বাহক সভাত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ ভাং সহ ট্ৰাক জব্দঃ দুজনক আটক
গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা আৰক্ষীয়ে অভিযান চলাই
পৰিমানৰ ভাং সহ ডব্লিউ বি ৪১ ই ৬৩৪২ নম্বৰৰ এখন ট্ৰাক জব্দ কৰাৰ লগতে দুজনক আটক কৰে ৷ ধৃত লোক দুজন পশ্চিম বংগৰ মুৰ্ছিদাবাদৰ সুজন দাস আৰু বিৰভুম জিলাৰ প্ৰকাশ ৰায় বুুুলি আৰক্ষী সুুুুত্ৰত প্ৰকাশ ৷ গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দন্ডিৰাম বৰাই এক গোপন সুত্ৰৰ ভিত্তিত আজি পুৱা পাঁচ মান বজাত শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই ১০৯ পেকেট ভাং সহ ট্ৰাকখনক আটক কৰে ৷ আৰক্ষীয়ে ভাংৰ লগত দুজন সৰবৰাহকাৰীক আটক কৰে ৷ জব্দকৃত প্ৰায় ১১ কুন্টাল ভাংৰ বজাৰ মূল্য দহ লক্ষাধিক টকা হব বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷
কোভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়া হব বৰপেটা সত্ৰৰ দালানৰ সন্মুখৰ সাত বহাগৰ নাম
বৰপেটা সত্ৰৰ দালানৰ সন্মুখত প্ৰতি বছৰে ৭ বহাগত অনুষ্ঠিত হয় থিয়নাম ৷ কিন্তু এইবেলি কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই নাম অনুষ্টুপীয়াকৈ পালন কৰা হব ৷ তিনিওটা থুলৰ হকে সীমিত সংখ্যক ভকতৰ দ্বাৰা দালানৰ সন্মুখভাগত মাত্ৰ এটা থিয়নাম গাই সামৰা হব আৰু তিনিওটা থুলৰ ভকতসকলে একেলগে থান বন্দনী ঘোষাৰে মঠৰ চোতালত সামৰণি ঘোষা গাই বহাগৰ দোমাহীৰ নামৰ পৰম্পৰা ৰক্ষা কৰিব ৷ থুল দক্ষিণহাটী, থুল নহাটী আৰু থুল উত্তৰহাটীৰ নিৰ্দিষ্ট স্থানত পূৰ্ব প্ৰথা অনুসাৰে চাকি জ্বলোৱা হব যদিও কোনো থালী আৰু শৰাই পতা নহব ৷ আনকি পাল তৰাও নহব ৷ নামলৈ অহা প্ৰতিজন ভকতে মাস্ক পিন্ধি আহিব লাগিব আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব ৷ আজি বিয়লি বৰপেটা সত্ৰৰ যোগমোহন গৃহত বৰপেটাৰ মুঠ ২২ খন হাটীৰ ভড়ালী আৰু মজুমদাৰ সকলৰ উপস্থিতিত আৰু থুল দক্ষিণহাটীৰ ভড়লী চিত্তৰঞ্জন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা জৰুৰী সাধাৰণ সভাই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সভাত থুল দক্ষিণহাটী,থুল নহাটী আৰু থুল উত্তৰহাটীৰ ভড়ালী মজুদাৰসকলো উপস্থিত থাকে ৷ উল্লেখ্য যে বিগত বৰ্ষত কৰোণা মহামাৰীৰ বাবে তলা বন্ধ চলি থকাত এই থিয়নাম বাতিল কৰি কেৱল তিনিওটা থুলৰ নামখলাত বন্তি জ্বলাই থান বন্দনী ঘোষাৰে মাত্ৰ ১২ জনমান ভকতে মঠৰ চোতালত সামৰণি ঘোষা গাই পৰম্পৰা ৰক্ষা কৰিছিল ৷
নলবাৰী চকবজাৰত ভিডিঅ গীত “লেংটি চিঙা” উন্মোচন
নলবাৰী জিলাৰ চকবজাৰত আজি সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কলাশ্ৰী ডঃ আম্বেদকাৰ ফেল’শ্বিপ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত শিল্পী পুতুল ৰামচিয়াৰী আৰু শিল্পী দীপক ৰাজবিৰ সংগীতৰ মায়াজালেৰে সৃষ্টি হোৱা “লেংটি চিঙা” নামৰ ভিডিঅ গীত এটি উন্মোচন কৰে সাংবাদিক জ্ঞানজ্যোতি শইকীয়াই। উন্মোচন কৰি শইকীয়াই ভাষনত কয় যে পুতুল ৰামচিয়াৰী বন বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগত বিষয়া হৈও সংগীতৰ সৈতে জড়িত থাকি অনন্য ভূমিকা পালন কৰিছে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে সাংবাদিক প্ৰাঞ্জল শৰ্মাই ভাষনত কয় যে সাংস্কৃতিক দিশেৰেও সমাজক নকৈ গঢ় দিব পাৰি বুলি দোহাৰে। আন এগৰাকী বিশিষ্ট অতিথি ডেকা পুলিছ খ্যাত অভিনেতা প্ৰাণজিৎ লোচন শৰ্মাই কয় যে অসমীয়া সমাজত অসমীয়াই নিজৰ সংস্কৃতি ধৰি ৰাখিব লাগিব বুলি দোহাৰে। শিল্পী কাজল ৰয় আৰু অভিনেত্ৰী আইজনী ডেকাই ভাষন ৰাখে। অনুষ্ঠানত বিশিষ্ট গীতাৰবাদক প্ৰদীপ বৈশ্য, শিল্পী গণেশ কলিতা সহ বহুসংখ্যক সাংস্কৃতিকপ্ৰেমি ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে কৌতুক অভিনেতা উদয় শংকৰ ভূঞা,প্ৰাণজিৎ লোচন শৰ্মা, অভিনেতা কাজল ৰয়, বৰ্ণালী ৰামচিয়াৰী পৰিবেশ কৰা গীতেৰে জীপাল ভিডিঅ গীতটোত ৰাজনীতি আৰু ধৰ্মৰ নামত যে ৰাইজক আভুৱাভাৰি থকা হয় তাকেই উপলব্ধ হৈছে।









