Home Blog Page 2996

ক’ভিডে নিঠৰুৱা কৰা তিনি ভগ্নীৰ বিলৈ : চৰকাৰলৈ সহায়ৰ আহ্বান

দৰঙৰ ছিপাঝাৰৰ কুৰুৱাত এটা মাহৰ ভিতৰতে পিতৃ মাতৃক অকালতে হেৰুৱাই নিঠৰুৱা হৈ দিশহাৰা হৈ পৰিছে তিনি ভগ্নী।উপৰ কুৰুৱা নিৱাসী তথা কুৰুৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী    দিপালী দাসৰ যোৱা ১২ মে’ত মৃত্যু হৈছিল।যি সময়ত তেওঁৰ স্বামী ক’ভিডত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে অসুস্থ হৈ পৰিছিল পত্নী দিপালী দাস। পিছত দিপালী দাসক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও অকালতে মৃত্যুবৰণ কৰিবলগীয়া হয়। ইপিনে ক’ভিডত আক্ৰান্ত দিপালী দাসৰ স্বামী নেপুৰ দাস সুস্থ হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিছিল যদিও দাসৰ পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ৪ জুনত তেওঁৰো মৃত্যু হয়।যাৰ পিছত পিতৃ-মাতৃক অগা- পিছাকৈ হেৰুৱাই নিঠৰুৱা হৈ পৰা তিনি ভগ্নী ক্ৰমে নিবেদিতা দাস(২১),বনশ্ৰী দাস(১৯) আৰু দৰ্শনা দাস(১৩) জীৱনলৈ‌ নামি আহিছে ঘোৰ অমানিশা।জীৱন সংসাৰৰ কন্টকময় বাটত খোজ দিবলৈ গৈ আউল লাগি পৰা তিনি ভগ্নীৰ বাবে হৈ পৰিছে চকু পানীয়েই যেন লগৰী।অধ্যয়ণত তিনি ভগ্নীৰ সপোন আছিল পঢ়ি শুনি এদিন নিজকে মানুহ হিচাপে আত্ম প্ৰতিষ্ঠা কৰা। কিন্তু নভবাকৈয়ে যেন কাল ধুমুহাই  থানবান কৰি দিলে মনৰ আশা – আকাংক্ষাক। সম্প্ৰতি সাগৰৰ মাজত বঠা নোহোৱা নাওৰ দৰে বিপদত পৰা তিনি ভগ্নীয়ে চৰকাৰক সহায়ৰ বাবে কাতৰে জনাইছে আহ্বান। গাঁওবাসীৰ ৰাইজেও চৰকাৰ, বিধায়কৰ ওচৰত নিঠৰুৱা হৈ পৰা তিনি ভগ্নীক সহায়ৰ বাবে আহ্বান জনাইছে। 

অৱশেষত ধুবুৰী জিলাৰ মাজেৰচৰত চুৰি হোৱা ১২ টা গৰু উদ্ধাৰ।

 কিছুদিন পূৰ্বে ধুবুৰী জিলাৰ মাজেৰচৰত এটা ৰাতিৰ ভিতৰত পাঁচটা পৰিয়ালৰ মাজত ১২ টাকৈ গৰু চুৰিকাণ্ড সংঘটিত হৈছিল। যোৱা ৫ জুন তাৰিখত  ৰাতি মাজেৰচৰ কুন্তীৰচৰ গাঁওৰ কমেও পাঁচ গৰাকী লোকৰ ঘৰৰ গোৱাহালি ঘৰৰ পৰা ১২ টাকৈ গৰু চুৰি কৰি লৈ যায়। চাৰি পাঁচদিন ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত বিচাৰি ফুৰিছিল যদিও অৱশেষত ধুবুৰী জিলাৰ চলাকুৰা গাওঁত গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত খবৰ অনুসৰি আজি চলাকুৰা গাঁওৰ এখন ঝাই খেতিত এগৰাকী লোকে গৰু কেইটা প্ৰত্যক্ষ কৰে। লগে লগে স্থানীয় ৰাইজক অৱগত কৰে আৰু গৰুৰ গৰাকী সকলক খৱৰ দিয়ে। আজি ৰাতিপুৱাই গৰুৰ গৰাকীয়ে খবৰ পাই স্থানীয় গাঁও ৰক্ষি বাহিনীক খবৰ দি চলাকুৰা চৰত উপস্থিত হৈ গৰু কেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ধুবুৰীৰ ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত পেট্ৰ’ল,ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা।

ধুবুৰীৰ  ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত ধুবুৰীৰ পেট্ৰল পাম্পৰ সন্মুখত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্য বৃদ্ধিৰ প্ৰতিবাদত কংগ্ৰেছ দলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। পেট্ৰল-ডিজেল-ৰন্ধন গেছ তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সৰ্বসাধাৰণ ৰাইজক৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দিনত অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্য অভাৱনীয় ভাৱে বৃদ্ধি হোৱাত সাধাৰণ ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। তাৰ পৰিপ্ৰেক্ষিতত আজি সমগ্ৰ ৰাজ্যৰ লগতে ধুবুৰী জিলাৰ ভিন্ন স্থানত অব্যাহত আছে মূল্যবৃদ্ধিৰ প্ৰতিবাদ। এই ধৰ্ণা কাৰ্যসূচীত বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’বেক, পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ হায়, পেট্ৰল, ডিজেল, আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লো-গানেৰে প্রতিবাদকাৰী সকলে হাতে হাতে প্লেকার্ড লৈ মূল্য বৃদ্ধি ৰোধ কৰাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। 

হালোৱাৰ ৰূপত কৃষি মন্ত্ৰী অতুল বৰা : নৱপ্ৰজন্মক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত হ’বলৈ আহ্বান

আজি পুৱাই কৃষি মন্ত্ৰী অতুল বৰাই হাল জুৰিলে পথাৰত।জন্মস্থান গোলাঘাটৰ বাম বৰাহী গাঁৱত  নিজা কৃষি ভূমিত হাতত ট্ৰেক্টৰ লৈ পথাৰত হাল বোৱা দেখা গ’ল কৃষি মন্ত্ৰী গৰাকীক।   মন্ত্ৰী জনে  নৱ প্ৰজন্মক কৃষি কৰ্মত নিয়োজিত হৈ খেতিয়কক মৰ্যদা প্ৰদান কৰিবলৈও আহ্বান জনায়।সাংবাদিকৰে হোৱা বাৰ্তালাপত , এনেদৰে পথাৰত  হাল বাই অতীতৰ স্মৃতি  সোঁৱৰণ কৰি মন্ত্ৰী জনে নষ্টালজিক হৈ পৰা দেখা গ’ল। কৃষি কৰ্মৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ মন্ত্ৰী জনে প্ৰতিবছৰে এনেদৰে পথাৰত হাল বাই বুলিও উল্লেখ কৰে। ইয়াৰপিছতে গোলাঘাট জিলা অগপৰ কখৰ্যালয়ত উপস্থিত হ’য় মন্ত্ৰী গৰাকী। নিৰ্বাচনৰ ফলাফলৰ পিছত প্ৰথমবাৰলৈ কাৰ্যালয়ত উপস্থিত হোৱা মন্ত্ৰী গৰাকীক অগপৰ কৰ্মকৰ্তাসকলে উষ্ম আঁদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখ্য যে, বিগত কিছুদিন ধৰি অগপৰ জন্মস্থান গোলাঘাটত দলটোৰ প্ৰতি আকৃষ্ট হৈ বহু কংগ্ৰেছ কৰ্মী অগপত যোগদান কৰা দেখা গৈছে। আজিও মন্ত্ৰী জনৰ উপস্থিতিত প্ৰায় ৪০ গৰাকী আছু কৰ্মীয়ে দলটোত যোগদান কৰে। যোগদান কাৰ্যসূচীত মন্ত্ৰী অতুল বৰাই আগন্তুক বৰ্ষত পশুপালন আৰু কৃষি বিভাগৰ খালী হৈ থকা প্ৰায় ৫০০০ পদত নিযুক্তি দিয়া হ’ব বুলি ঘোষণা কৰে।

বিশ্বনাথ চাৰিআলি মাজুলিগড় চাহ বাগিচা চিকিৎসক বসন্ত গোস্বামীক আক্ৰমণ কৰা দুই দুস্কৃতিকাৰীক আটক।

বুধবাৰে বিশ্বনাথ চাৰিআলি  মাজুলিগড় চাহবাগিছাৰ জেষ্ঠ চিকিৎসক ডাঃ বসন্ত কুমাৰ গোস্বামীক কেইজনমান লোকে আক্ৰমণ কৰিছিল বাগিচাৰ খনত।ইফালে এই আক্ৰমণ কাৰী বিৰুদ্ধে জ্যেষ্ঠ চিকিৎসক বসন্ত দাসে বিশ্বনাথ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰেইফালে নিশা বিশ্বনাথ চাৰিআলি  আৰক্ষীয়ে আক্ৰমণৰ  লগত জৰিত দুজন মূল অভিযুক্ত যোৱা নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ 

ধৃতলোক দুজন ক্ৰমে অজিত তাঁতি(৩৮) আৰু সুজিত তাঁতি(২৫)৷ দুয়োৰে ঘৰ মাজুলীগড় চাহবাগিছাৰ ১০ নম্বৰ লাইনত৷ চিকিৎসক আক্ৰমণ সম্পৰ্কত IPC ৰ 143/447/352/325/307 আৰু R/E W Sec 51(b) DM Act ত বিশ্বনাথ চাৰিআলি থানাত 167/21 নম্বৰ গোছৰ ৰুজু হৈছে৷ উল্লেখ যে,কভিডৰ বাবে বাগিছা খনৰ দোকান-পোহাৰ বন্ধ কৰা কাৰ্যত বাগিছা কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুব্ধ হৈ থকা শ্ৰমিক সকলে চিকিৎসক জনকে প্ৰহাৰ কৰিছিল৷

বিশেষভাবে সন্মানিত কৰ্মোদ‍্যমী আংগনৱাড়ী কৰ্মী বীনা কালিন্দীৰ মনৰ কথা…

দেশৰ তথা ৰাজ‍্যৰ শিশু কল‍্যাণৰ বাবে প্ৰতিষ্ঠা হোৱা আংগনৱাড়ী কেন্দ্ৰ বুলি ক’লে যি এখন ছবি ভাঁহি আহে তাৰ ঠিক ওলোটা এখন ছবি দেখা পাব এই আংগনৱাড়ী কেন্দ্ৰটোত। কলিয়াবৰৰ এখন চাহ বাগিচাত থকা এই কেন্দ্ৰটোৱে আপোনাৰ মোৰ ধাৰণা সলনি কৰি দিব। বিশেষভাবে সন্মানিত হোৱা কৰ্মোদ‍্যমী নিষ্ঠাবান আংগনৱাড়ী কৰ্মী বীনা কালিন্দীয়ে কি দৰে নিজ কেন্দ্ৰটোক শ্ৰেষ্ঠ আংগনৱাড়ী কেন্দ্ৰ ৰূপে গঢ়ি তুলিছে তাৰেই আশাপ্ৰদ এক খবৰ দিবলৈ ওলাইছো।
বৰ্তমান আংশিক লকডাউনত স্তব্ধ জনজীৱন। কিন্তু এই আংশিক লকডাউনতো কলিয়াবৰ মহকুমাৰ চাহ জনজাতি অধ্যুষিত এলেকাৰ এগৰাকী অংগনবাড়ী কৰ্মীৰ নিষ্ঠাবান সেৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কলিয়াবৰ মহকুমাৰ শাকমুঠিয়া চাহ বাগিছাৰ অৰ্ন্তগত জামুনদাঙা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী বীনা কালিন্দীয়ে ক’ৰণাসৃষ্ট এই সময়ছোৱাতো কেন্দ্ৰটোলৈ প্ৰত্যেক দিনাই আহি কেন্দ্ৰটো নিজ হাতে বাহিৰে-ভিতৰে অতি সুন্দৰকৈ  সজাঁই তুলিছে।উল্লেখযোগ্য যে ২০০৭ চনত  চাহ জনজাতি অধ্যুষিত এলেকাত স্থাপিত হোৱা কেন্দ্ৰটো অতি নিয়াৰিকৈ কৰ্মী বীনা কালিন্দীয়ে  চলাই নিয়াৰ বাবে ২০১৬ চনত কলিয়াবৰ মহকুমাৰ তদানীন্ত মহকুমাধিপতি মধুমিতা ভাগৱতীয়ে গণৰাজ্য দিৱসত কৰ্মী গৰাকীক শ্ৰেষ্ঠ অংগনবাড়ী কৰ্মীৰ বঁটাৰে সন্মান জনাই। তদুপৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থায়ো বীণা কালিন্দীক সু-সমাজ সেৱিকা হিচাপে ইতিমধ্যে সন্মান জনাইছে। ক’ৰনাৰ এই সময়চোৱাতো বীনা কালিন্দীয়ে নিজ ঘৰখনৰ দৰেই অংগনবাড়ী কেন্দ্ৰটো সজাঁই তুলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।য’ত আছে শিশুসকলৰ বাবে এখনি সুদৃশ‍্য প্ৰাচীৰ পত্ৰিকা। সাহিত‍্য চৰ্চা কৰা বীনা কালিন্দীয়ে শিশুসকলৰ বাবে শিশু উপযোগী গল্প-কবিতাৰে শিশুসকলৰ মনত আমোদ দি মানসিকতা গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কেন্দ্ৰটো চৌহদত গঢ়ি তুলিছিল এখনি ফুলৰ বাগিচা। চৌহদতে খেতি কৰা শাক-পাচলিৰে শিশুসকলৰ বাবে ৰান্ধিছিল খাদ‍্য। সেই সূত্ৰে বিভাগৰ পৰা লাভ কৰিছে এক দৃশ‍্য-শ্ৰব‍্য সঁজুলি – প্ৰজেক্টৰ। কিন্তু কেন্দ্ৰটোত কিছু চৰকাৰী জটিলতাৰ বাবে শাকমুঠি বাগিচা কৰ্তৃপক্ষই বিজুলী যোগান ধৰাৰ পৰা বিৰত থকাত নাতি দূৰত থকা নিজ গৃহৰ পৰাই বিজুলী সংযোগ কৰি শিশুসকলৰ শিক্ষাদান যোৱা সময়ত চলাই গৈছিল বুলি কথা প্ৰসঙ্গত উল্লেখ কৰে কালিন্দীয়ে।বৰ্তমান চৰকাৰী বিধি-নিষেধৰ বাবে কেন্দ্ৰটো বন্ধ থকাত এনেবোৰ কামত কিছু যটি নপৰা নহয়।কৰ্মী গৰাকীৰ এনে নিষ্ঠাবান সেৱাক শলাগ লৈছে সকলোৱে।

সুখচৰৰ বেৰাভাঙা গাৱত দুই শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য৷

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত বেৰাভাঙা গাৱঁৰ ইনামূল হকৰ দুই শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে ৷আজি  ইনামূল হকৰ  নামৰ ব্যক্তি জনৰ দুই কণমানি শিশু মৌছুমি বেগম (১০) নাজমুল হক (৭)ক কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈছিল ইনামুল হকৰ ঘৰৰ ওচৰৰ এটা চৰত ৷ মৃত্যু শিশুৰ দুটাৰ বেৰাভাঙা গাওঁৰ শাহিদুৰৰ পুত্ৰ আলিউলে হত্যা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে৷মৃত্যু শিশুৰ পৰিয়ালৰ লোকে উত্তেজিত হৈ অভিযোগ কাৰীৰ ঘৰত আক্ৰমণ কৰাৰ চেষ্টা চলায় যদিও ঘটনাস্থলীত আৰক্ষী উপস্থিতহৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।সম্প্ৰতি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হৈছে।

ভংগ সান্ধ্য আইন: নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ কোন বিধায়ক ?

নিশা সান্ধ্য আইন ভংগ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।

নিশা ১২ বজাত চেলুনত দাড়ি কটাত ব্যস্ত বিজেপিৰ বিধায়কগৰাকী।

নিশাৰ কাৰ্ফিউ উলংঘা কৰি চেলুনৰ ছাটাৰ আধা খুলি দাড়ি-চুলি কটিলে জয়ন্ত মল্ল বৰুৱাই।

উলুবাৰীৰৰ বি বৰুৱা ৰ’ড স্থিত “ৰাজু ৰিয়াজ” চেলুনত দাড়ি চুলি কাটিছিল জয়ন্ত মল্ল বৰুৱাই।

সাংবাদিকৰ পৰা আঁতৰাৰ চেষ্টা চেলুনৰ স্বতাধিকাৰী আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ।।

সাংবাদিকৰ সন্মুখৰ পৰা পলায়নৰ চেষ্টা নলবাৰীৰ বিধায়কজনৰ।

ৰৌতাত দহগ্ৰাম হেৰ’ইনৰসৈতে দুজন অৰুণাচল প্ৰদেশৰ যুৱকক গ্ৰেপ্তাৰ

ওদালগুৰি জিলাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ৰৌতা অঞ্চলত একাংশ অসাধু ব্যৱসায়ীয়ে  দীৰ্ঘদিন ধৰি কৰি আছে ড্ৰাগছৰ  ব্যৱসায় । সেয়েহে ৰাজ্যখনৰ অন্যান্য জিলাৰ দৰে  বৃহত্তৰ ৰৌতা অঞ্চলত বৰ্তমান  ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক গতিত অভিযান চলাই আছে ৰৌতা আৰক্ষী থানাই  । গতিকে এনেকুৱা  অভিযানৰ সময়ত এক গোপন তথ্যৰ পমখেদি কালি ১০ জুনৰ  দিনা  আবেলি  ৰৌতাৰ আৰক্ষীয়ে  সন্দেহ  কৰি  ড্ৰাগছ ব্যৱসায়ৰ   সৈতে জড়িত দুজন যুৱকক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা যুৱক দুজন ক্ৰমে- অৰুণাচল প্ৰদেশৰ বোমডিলা জিলাৰ বালিমুহ আৰক্ষী থানাৰ অন্তৰ্গত বেটচিলিং গাঁৱৰ টেন নৰবু আৰু অৰুণাচল প্ৰদেশৰ পাপুংপেয়াৰ জিলাৰ নাহৰলগুন আৰক্ষী থানাৰ অন্তৰ্গত নাহৰলগুন ডেমচাইড গাঁৱৰ বুলি জানিব পৰা গৈছে । এই ড্ৰাগছ সৰবৰাহকাৰী ধৃত যুৱক দুজনৰ পৰা ১০ গ্ৰাম   হেৰ’ইন আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষী বিষয়া হেমন্ত বৰুৱা আৰু এছ আই ছাৰাফত আলীৰ নেতৃত্বত  থানাৰ আৰক্ষীৰদলে ৰৌতা থানা এলেকাৰ আমিনপাৰা -ফকিৰআলি নামৰ গাঁৱত চলোৱা অভিযানৰ সময়ত হেৰ’ইন দহগ্ৰামৰ  লগত গ্ৰেপ্তাৰ কৰা যুৱক দুজনৰ বিৰুদ্ধে আৰক্ষীয়ে ১২১/ ২১ ইউ / এছ ২১(বি) এন দি পি এছ ধাৰাত নিজাৱবীয়াকৈ গোচৰ ৰুজু কৰি ওদালগুৰি জিলা আদালতলৈ আজি প্ৰেৰণ কৰে।

৩৫ বছৰে এক লাখৰো অধিক মৃতদেহ কটা নগাঁৱৰ দ্বীপলালৰ জীৱন গাঁথা

৩৫ বছৰে মই প্ৰায় এক লাখৰো অধিক মৃতদেহ প’ষ্টমৰ্টেম কৰিবলৈ কাটিছো। কিন্তু, যেতিয়াই কোনো শিশুৰ মৃতদেহ প’ষ্টমৰ্টেম কৰিবলৈ প’ষ্টমৰ্টেম টেবুলত থৈ হাতত ছাৰ্জিকেল ব্লেডখন তুলি লওঁ তেতিয়াই মোৰ হাত কঁপি উঠে। দুচকু সেমেকি উঠে। বৰ দুখ লাগে। হৃদয়ৰ গভীৰ কোণৰ পৰা এটা হুমুনিয়াহ কাঢ়ি এইদৰে মন্তব্য কৰিছিল দ্বীপলাল বাছফৰে। তিনিটা দশকৰো অধিক দিন ধৰি অতিশয় কৰ্কশ কামত নিয়োজিত হৈ থকা সত্বেও লোকজনৰ হৃদযত যে অনেক কোমলতা সোমাই আছে, সেয়া সাধাৰণ দৃষ্টিত ধৰিব নোৱাৰি। কিন্তু তেওঁৰ কথাই স্পষ্ট ৰূপে বুজাই দিলে যে পেটৰ তাড়নাত মৃতদেহ কটাৰ কাম কৰিলেও সেই কাৰ্যই তেওঁক ব্যথিত কৰি আহিছে।নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প’ষ্টমৰ্টেম কক্ষত ছুইপাৰ ৰূপে নিয়োজিত হৈ আছে দ্বীপলাল। চিকিৎসালয়ৰ মৰ্গ আৰু প’ষ্টমৰ্টেম কক্ষত মৃতদেহৰ লগত যাৰ এৰাব নোৱাৰা সম্পৰ্ক। সুদীৰ্ঘ ৩৫ বছৰে চিকিৎসালয়খনৰ প’ষ্টমৰ্টেম কক্ষত তেওঁ মৃতদেহৰ কটা (ফলা) কামত নিয়োজিত হৈ আছে। এই সময়ছোৱাত বিভিন্ন বয়সৰ ব্যক্তিৰ মৃতদেহ প’ষ্টমৰ্টেম টেবুলত তুলি লৈ ছাৰ্জিকেল ব্লেডেৰে কটাই হৈছে দ্বীপলালৰ প্ৰধান কাম। এই সুদীৰ্ঘ সময়ছোৱাত তেওঁ প্ৰায় একলাখৰো অধিক মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কাটিছে। দ্বীপলাল নহ’লে চিকিৎসালয়খনত মৰণোত্তৰ পৰীক্ষা মুঠেই সম্ভৱ নহয়। কিয়নো তেওঁ মৃতদেহৰ পেট ফলাৰ পাছতহে তাক প্ৰত্যক্ষ কৰি চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লিখে। নিতৌ মৃতদেহৰ লগত ব্যস্ত থাকিলেও দ্বীপলালৰো আছে এখন সুকোমল হৃদয়। প’ষ্টমৰ্টেম টেবুলত কেতিয়াবা মৃতদেহ তুলি লৈ আবেগিক হৈ পৰে তেওঁ। দ্বীপলাল বাছফৰে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত এজন চাফাই কৰ্মী ৰূপে চাকৰিত যোগদান কৰিছিল ১৮৮৬ চনত। প্ৰথম তিনিটা মাহ চিকিৎসালয়খনৰ অধীক্ষককৰ কাৰ্যালয়ত চাফাই কৰ্মচাৰী ৰূপে নিয়োজিত হোৱাৰ পাছত তেওঁক নিয়োগ কৰা হয় চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষাৰ কক্ষত। তেতিয়াৰ পৰা আজি পৰ্যন্ত সুদীৰ্ঘ ৩৫ বছৰ কাল তেওঁ প’ষ্টমৰ্টেম কক্ষত মৃতদেহ কটা চিঙা কৰা কামত নিয়োজিত হৈ আছে। দ্বীপলালে আজি “দৈনন্দিন বাৰ্তাৰ” এই প্ৰতিবেদকৰ আগত কয়, “প্ৰথম যি দিনা প’ষ্টমৰ্টেম ৱাৰ্ডৰ টেবুলত মৃতদেহ এটা তুলি হাতত ছাৰ্জিকেল ব্লেড লৈ মৃতদেহ কাটিছিলো, তেতিয়া ভয় লাগিছিল। মনটো ভাল লগা নাছিল। প্ৰথম তিনিমাহমান ভালকৈ শুব পৰা নাছিলো। সপোনত মই প’ষ্টমৰ্টেম টেবুলত কটা মৃতদেহ বোৰ দেখা পাইছিলো। প্ৰথমে হাত কঁপিছিল। এতিয়া আৰু নকঁপে। এই কামেই যিহেতু মোৰ কৰ্ম, মোৰ কৰ্তব্য কৰি গৈছো, অতি নিষ্ঠাসহকাৰে।’ তেওঁ আৰু কয়- ,’ ৩০বছৰ মানৰ আগৰ কথা। প’ষ্টমৰ্টেম টেবুলত এজনী কণমানি ছোৱালীৰ মৃতদেহ তুলি লৈ যেতিয়া প’ষ্টমৰ্টেম কৰিবলৈ হাতত ছাৰ্জিকেল ব্লেড তুলি লৈছিলো সেইদিনা বুকুখন বেদনাত বিষাইছিল। মোৰ হাত দুখন থৰথৰকৈ কঁপিছিল। দুচকু সেমেকি উঠিছিল। সেইদিনা মই ভাত খাব পৰা নাছিলো। আত্মহত্যা কৰা, দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা, অস্বাভাৱিক মৃত্যু হোৱা লোকৰ মৃতদেহবোৰ প’ষ্টমৰ্টেম টেবুলত তুলি লৈ ছাৰ্জিকেল ব্লেডেৰে বুকুৰ পৰা তল পেটলৈ ফালিব লাগে দ্বীপলালে। তেওঁ এই‌ কামটোকে কৰি আহিলেও আজিও যিকোনো শিশুৰ মৃতদেহ প’ষ্টমৰ্টেম টেবুলত দেখিলেই তেওঁক দুখে হেঁচা মাৰি ধৰে বুলি অকপটে প্ৰকাশ কৰি‌ আৰু কয়- ‘সেই কাম বৰ কষ্টকৰ।’ দুৰ্ঘটনাত মৃত্যু হোৱা কোনো শিশুৰ মৃতদেহ যেতিয়া প’ষ্টমৰ্টেমৰ কৰিবলৈ আনে, তেতিয়া অভিভাৱকসকলে প’ষ্টমৰ্টেমৰ বাবে কাটিব নিদিয়ে। কান্দোনত গগন ফালে তেওঁলোকে। মোৰো বৰ দুখ লাগে। ডেকা-গাভৰুৰ মৃতদেহো প’ষ্টমৰ্টেমৰ কাৰণে কাটিবলৈ বেয়া লাগে। নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত পষ্টমৰ্টেম  কৰিবলৈ দৈনিক কমেও পাঁচটা মৃতদেহ অনা হয় বুলি প্ৰকাশ কৰি দ্বীপলালে কয় কেতিয়াবা মৃতদেহ ১৫টা পৰ্যন্ত  হয়গৈ । ১৯৯২ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত নিহত অবিভক্ত নগাঁও জিলাৰ ৫৬ জন লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মই নিজ হাতেৰেই ফালিবলৈয়া হৈছিল। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰায় একলাখৰো অধিক মৃতদেহ ছাৰ্জিকেল ব্লেডেৰে কাটিও ক্লান্ত  নোহোৱা দ্বীপলালে নিজকে উপেক্ষিত বঞ্চিত বুলিও অনুভৱ  কৰে।তেওঁ অতি আপেক্ষেৰে কয় , ʼপ’ষ্টমৰ্টেম কৰিবলৈ একোটা মৃতদেহ প’ষ্টমৰ্টেম টেবুলত তুলি লৈ কটা- ছিঙা  কৰাটো ইমান সহজ কাম নহয়। ইমান নিষ্ঠাৰে এই কাম কৰি গৈছো, তথাপি আমাক চৰকাৰে একো সুবিধা দিয়া নাই। কেৱল দৰমহাহে পাওঁ। কিন্তু প’ষ্টমৰ্টেমৰ বাবে বিশেষ পোছাক দিব লাগে যদিও নিদিয়ে। একেযোৰ কাপোৰে প’ষ্টমৰ্টেম ৱাৰ্ডটো পিন্ধো ঘৰতো পিন্ধো। প’ষ্টমৰ্টেম কৰোতে কেতিয়াবা কাপোৰ তেজেৰে ৰঙা হৈ যায়। আমাক এখন মাক্স আৰু এযোৰ গ্ল’ভছ’ দিয়া হয় যদিও পোছাকো দিব লাগে।তাৰ ওপৰিও থাকিবলৈ যিটো জুপুৰী সদৃশ আৱাসগৃহ দিছে তাত মাত্ৰ এটা কোঠা। তাতেই বিভিন্ন অসুবিধা মাজেৰেবাস কৰিছো। ঘৰ দিলেও শৌচালয়ৰ কোনো ব্যৱস্থা নাছিল। পাছত সেইবোৰ মই নিজে পকেটৰ টকা খৰচ কৰি তৈয়াৰ কৰি লৈছো।’ উল্লেখযোগ্য যে দ্বীপলালৰ চাৰিজনীয়া সংসাৰ। তেওঁৰ পত্নী পুত্ৰ আৰু বোৱাৰী আটায়ে এটি সৰু কোঠাৰ সৰু চৰকাৰী আৱাসগৃহটোত থাকে। অৱশ্যে পুত্ৰই একেখন চিকিৎসালয়তে চতুৰ্থ বৰ্গৰ  এটা পদত কাম কৰে। দ্বীপলালে কয়- আমিওতো মানুহ, আমাৰ কথা চৰকাৰে কিয় নাভাবে। মই কৰি থকা কামটো ইমান সহজ কাম নহয়। কেতিয়াবা বৰ দুখ লাগে। কেতিয়াও জীৱনত এটুপি মদ মুখত দিয়া নাই। যি কাম কৰিছো সততাৰে, নিজৰ দ্বায়িত্ব বুজি কৰিছো। মৃতদেহ হ’লেও মানুহৰ মৃতদেহ কটা- চিঙা কৰাটো ইমান সহজ কাম নহয়।’