Home Blog Page 2997

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি

Serum-এ নিৰ্ধাৰণ কৰিলে কোৰোণা ভেকচিনৰ মূল্য

জন সমাৱেশ :

আজিৰে পৰা ৰাজ্যত নতুন ক’ভিড বিধি
সমাৱেশৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা নতুন SOPত
সমাৱেশ পাতিব পাৰিব, মানিব লাগিব কঠোৰ ক’ভিড নীতি
৪০০ লোকৰ উপস্থিতিত পাতিব পাৰিব সমাৱেশ
৪০০তকৈ অধিক লোক উপস্থিত থাকিব নোৱাৰিব
ব্যক্তিগত অনুষ্ঠানত উপস্থিতিৰ সংখ্যা হ’ব ১০০জন
সৎকাৰ অনুষ্ঠানত উপস্থিতিৰ সংখ্যা হ’ব ২০জন
ধৰ্মীয় অনুষ্ঠানতো হ্ৰাস কৰা হ’ব উপস্থিতিৰ সংখ্যা
প্ৰতিঘণ্টাত ২০জন লোক উপস্থিত থাকিব পাৰিব ধৰ্মীয় উপাসনাথলীত
সদ্যহতে অসমত নাইট কাৰ্ফিউৰ সিদ্ধান্ত নাই

কৰ্মস্থলী :

কৰ্মস্থানৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা জাৰি
ঘৰৰ পৰা কাম কৰাত উৎসাহিত কৰিব লাগিব
৫০% কৰ্মচাৰীয়ে কাৰ্যালয়ৰ পৰা কাম কৰিব
এই নিৰ্দেশনা প্ৰযোজ্য নহ’ব বিষয়াসকলৰ ক্ষেত্ৰত
গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ সন্তানৰ মাতৃয়ে ঘৰৰ পৰা কাম কৰিব পাৰিব

শিক্ষানুষ্ঠান :

শিক্ষানুষ্ঠানসমূহৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা প্ৰকাশ
শিক্ষানুষ্ঠানসমূহে অনলাইন শিক্ষাক গুৰুত্ব দিব লাগিব
দৈনিক ৫০%তকৈ অধিক শিক্ষাৰ্থী উপস্থিত থাকিব নোৱাৰিব
শ্ৰেণীৰ সময় শিথিল কৰিব লাগিব
প্ৰাৰ্থনা সভা, বিশেষ সভা পৰিহাৰ কৰিব লাগিব
প্ৰাথমিক শ্ৰেণীৰ বাবে অনলাইন শিক্ষাত অগ্ৰাধিকাৰ
শিক্ষা বিভাগে জাৰি কৰিব নতুন নিৰ্দেশনা
এতিয়াই স্কুল বন্ধৰ সিদ্ধান্ত লোৱা নাই চৰকাৰে

পৰিবহণ :

ৰাজহুৱা পৰিবহণতো কেতবোৰ নতুন নিৰ্দেশনা
ক’ভিড বিধি অনুসৰি আসনৰ ব্যৱস্থা কৰিব লাগিব
চিটীবাছ, আন্তঃজিলা বাছসমূহে ৫০% যাত্ৰী কঢ়িয়াব
অট’ৰিক্সা, টেক্সিসমূহে ২জন যাত্ৰী নিব পাৰিব
ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক

দোকান-পোহাৰ :

দোকানৰ সন্মুখত ৬ ফুট দূৰত্ব নিশ্চিত কৰিব লাগিব
দোকানৰ সন্মুখত ৫জনতকৈ অধিক থাকিব নোৱাৰিব
নিয়ম নামানিলে দোকানীৰ ওপৰত লোৱা হ’ব ব্যৱস্থা
বিবাহ–অন্তেষ্টিক্ৰিয়া আদিৰ ক্ষেত্ৰতো উপস্থিতিৰ সংখ্যা নিৰ্ধাৰণ
ছুপাৰ মাৰ্কেট, শ্বপিং ম’ল সন্ধিয়া ৬ বজাত বন্ধৰ নিৰ্দেশ
সদ্যহতে অসমত লকডাউনৰ কোনো সম্ভাৱনা নাই

শিলিখাগুৰিত আৰম্ভ হ’ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা

শিলিখাগুৰিত আৰম্ভ হ'ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা
শিলিখাগুৰিত আৰম্ভ হ'ল প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতা

ৰাজ্যজুৰি ৰঙালী বিহুৰ আনন্দ। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান, খেল -ধেমালিৰ মাজেৰে উদযাপিত হৈছে হেঁপাহৰ বসন্ত উৎসৱটি। একেদৰে মানুহ বিহুৰ দিনা শিলিখাগুৰি গাঁৱৰ লগতে চুবুৰীয়া গাঁও মেৰবিলৰ যুবকসকলেও পৰম্পৰাগত বোকাখেলত ভাগ লোৱা দেখা যায়। অন্যহাতে বিগত বৰ্ষৰ দৰে এইবছৰো মাজুলী জিলাৰ শিলিখাগুৰি খেল পথাৰত মিলিজুলি ক্ৰিকেট ক্লাবৰ সৌজন্যত আন্তঃমাজুলী ভিত্তিত আয়োজন কৰা হৈছে এখনি প্ৰাইজমনি ক্ৰিকেট প্ৰতিযোগিতাৰ। আজিৰে পৰা আৰম্ভ হোৱা খেলখনিৰ পতাকা উত্তোলন কৰে পদ্মশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক ভূপেন হাজৰিকাই। বিয়লি প্ৰায় ১ বজাত আৰম্ভ হোৱা প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱাই। বোকাজান ক্ৰিকেট ক্লাব আৰু নিকিনিখোৱা ক্ৰিকেট ক্লাবৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন খেলৰ পিছতে মাজুলীৰ বিভিন্ন ঠাইৰ কেইবাটাও ক্ৰিকেট ক্লাবে যোগদান কৰে । ১৫ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিললৈকে অনুষ্ঠিত হ’বলগীয়া খেলকখনিৰ মুঠ প্ৰাইজমানি ১০,০০০ টকা নিৰ্ধাৰণ কৰা হৈছে । প্ৰতিযোগিাখনৰ সফল সামৰণিৰ হেতু মিলিজুলি ক্ৰিকেট ক্লাবৰ সভাপতি আৰু সম্পাদকদ্বয়ে ক্ৰিয়াপ্ৰেমী আৰু অঞ্চলাবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে ।

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন ।

নলবাৰীত শেষ শয়নত ডা: ভূমিধৰ বৰ্মন

নলবাৰীক নতুনকৈ গঢ়াত বিশেষ অৱদান আগবঢ়াই গলগৈ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন । আজি ডাঃ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা নলবাৰীলৈ অনাৰ লগে লগেই শোকাভূত হৈ পৰে নলবাৰীৰ ৰাইজ । গুৱাহাটীৰ পৰা অহাৰ পথত ৰঙীয়া আৰু উদিয়ানাত ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছত নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ কাষত থকা ফাৰ্ম হাউচ তথা নতুনকৈ নিৰ্মাণ কৰা বাসগৃহত ক্ষন্তেক সময় ৰখোৱাৰ পিছত নিজে গঢ়া নলবাৰী জিলা উপযুক্ত কাৰ্যালয়ত এইদৰে প্ৰশাসনৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । ১৯৮৫ চনৰ ১৪ আগষ্ট তাৰিখে ভূমিধৰ বৰ্মনে নিজে মুকলি কৰিছিল এইটো নলবাৰীৰ উপায়ুক্তৰ কাৰ্যালয় । আৰু আজি উপায়ুক্ত পুৰবী কোঁৱৰে এইদৰে ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা নিবেদন কৰে । উপায়ুক্তৰ কাৰ্যালয়তে বিভিন্ন জনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বৰেণ্য ৰাজনীতিবিদ প্ৰাক্তন মন্ত্ৰী গৰাকীৰ মৃতদেহত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় । একেদৰে নলবাৰী জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীব ভৱনত কংগ্ৰেছ কৰ্মী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে । ইয়াৰ পিছতেই নলবাৰীৰ বৰক্ষেত্ৰীৰ কাপলাবড়ীৰ বাসগৃহত ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ কিছু সময় ৰখাৰ পিছত নিজ জন্ম গাও বেলশৰলৈ অনা হয় ।

বশিষ্ঠ থানা এলেকাত পাহাৰত আবকাৰী বিভাগৰ অভিযান, ২১ টা চুলাইৰ ভাটি ধ্বংস

অসম বিধানসভাৰ আগন্তক নিৰ্বাচনত  প্ৰতিদ্বন্দীতা কৰা কোনো ৰাজনৈতিক দল বা প্ৰাৰ্থীয়ে সুৰা যোগান ধৰি ভোটাৰক যাতে প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে ৰাজ্য চৰকাৰলৈ  নিৰ্দেশনা জাৰি কৰিছে । সেই নিৰ্দেশনাৰ আধাৰত আবকাৰী বিভাগে ইতিমধ্যে ৰাজ্যজুৰি দেশী বিদেশী অবৈধ সুৰাৰ বিৰুদ্ধে বিশেষ অভিযান চলাই আহিছে । ২৮ মাৰ্চৰ  পুৱা আবকাৰী বিভাগৰ  কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰৰ নেতৃত্বত বশিষ্ঠ থানাৰ আৰক্ষীৰ  সহযোগত থানা এলেকাৰ  কাৰ্গিল আৰু  সোণাইঘুলিত চুলাই মদৰ ভাটিত এক বৃহৎ অভিযান চলোৱা হয় । অভিযানত চুলাই মদ প্ৰস্তুত কৰা  ২১ টা বৃহৎ ভাটী ধ্বংস কৰা হয় । অৱশ্যে অভিযানৰ উমান পায়ে চুলাই মদ প্ৰস্তুত কৰা কাৰ্যৰ লগত জড়িত দুষ্কৃতিকাৰী সকল পলাই যাবলৈ সক্ষম হয় । অভিযানকাৰী দলটোৱে ভাটী সমূহৰ পৰা চুলাই প্ৰস্তুত কাৰ্যত ব্যবহাৰ হোৱা প্ৰায় ১৮,৪০০ হাজাৰ লিটাৰ পাছ , ৫৫ টা ড্ৰাম আৰু ৩৮  টা  বিভিন্ন প্ৰকাৰৰ সা-সঁজুলি আৰু  প্ৰায় ৬১০ লিটাৰ চুলাই জব্দ কৰি নষ্ট কৰিবলৈ সক্ষম হয় ।

ডিমৌত আটছা’ৰ অনুষ্ঠিত মাৰথান দৌৰ প্ৰতিযোগি সম্পন্ন

অসম চাহ জনজাতি ছাত্ৰ সন্হা (আটছা )কেন্দ্রীয় সমিতিৰ নিৰ্দেশমৰ্মে  আটছা আঠাবাৰী উপ-শাখাৰ উদ্যোগত অলপতে অনুষ্ঠিত হৈ যায় এক মাৰথান দৌৰ প্ৰতিযোগিতা। ইয়াৰ কলিয়াপানী চাহ বাগিচাৰ ৰাজহুৱা খেল পথাৰৰ পৰা আৰম্ভ কৰা মাৰথান দৌৰ আঠাবাৰী চেতিয়া গাওঁৰ তিনি আলিয়েদি পুনৰ কলিয়াপানী খেলপথাৰলৈকে ৭ কিলোমিটাৰ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত হয় । উক্ত প্ৰতিযোগিতাত অঞ্চলটোৰ লগতে জিলাখনৰ ভালেসংখ্যক প্ৰতিযোগিয়ে ভাগ লয়। প্ৰতিযোগিতাৰ ‘ক’ শাখাত প্ৰথম স্হান অধিকাৰ কৰে  দিৰৈ চাহ বাগিচাৰ অৰুপ পাণ্ডৱ,দিত্বীয় স্হান অধিকাৰ কৰে কলিয়াপানী চাহ বাগিচা মুকুল গঞ্জু,আৰু তৃতীয় স্থান অধিকাৰ কৰে দিৰৈ চাহ বাগিচা বিশ্বজিৎ ৰাজবংশীয়ে। প্ৰতিযোগিতাৰ “খ” শাখাত প্ৰথম স্হান অধিকাৰ কৰে কলিয়াপানীৰ চিদু চাওৰা ,দিত্বীয় স্হান অধিকাৰ কৰে দিঘলিবাম অখিল দাস আৰু তৃতীয় স্হান অধিকাৰ কৰে দিঘলিবামৰ বিবেক দাসে। উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতি গৰাকী প্ৰতিযোগিলৈ আটছা ডিমৌ শাখাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰা হয়।

‘কা’ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্ব সংকট নমাই আনিছে বিজেপিয়ে : বিপিএফ প্ৰাৰ্থী হিতেশ বসুমতাৰী

‘কা’ৰ নিচিনা ভয়ংকৰ আইন জাপি দি খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট নমাই আনিছে বিজেপিয়ে। গতিকে বিজেপিৰ বিৰুদ্ধে ৰাইজে এইবাৰ মাৰবান্ধি থিয় হোৱাৰ বাবে একত্ৰিত হৈছে। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত বিপিএফৰ উদ্যোগত উলিওৱা এক মহিলা পদযাত্ৰাত অংশগ্ৰহণ কৰি ৬৩ নং চাপাগুৰি সমষ্টিৰ দলীয় প্ৰাৰ্থী হিতেশ বসুমতাৰীয়ে এইদৰে কয়। তেখেতে কয় যে, কংগ্ৰেছ, বিপিএফ, এআইইউডিএফ, চিপিআই, চিপিআই(এম এল), চিপিআই(এম)ৰ মহাজোঁটে ঐক্যবদ্ধ হোৱাৰ বাবে আমি এইবাৰৰ বিধানসভা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিব পাৰিম। ইতিমধ্যে চাপাগুৰি সমষ্টিটোৰ সকলো ধৰ্মালম্বী লোকে নিজকে বিজেপিৰ দৰে অপশক্তিৰ পৰা ৰক্ষা পৰাৰ বাবে একত্ৰিত হৈছে। সেয়েহে সমষ্টিটোৰ ভোটাৰ ৰাইজে একত্ৰিত হৈ  বিপিএফ দলক ভোট প্ৰদান কৰাৰ বাবে সাজু হোৱা বুলি মন্তব্য কৰে। সমষ্টিটোৰ ভোটাৰ ৰাইজক এইবাৰৰ নিৰ্বাচনত শান্তি-সম্প্ৰীতি অক্ষু্ণ্ণ ৰক্ষাৰ স্বাৰ্থত বিপিএফক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায়। আজি এই মহিলা পদযাত্ৰাত প্ৰায় তিনি শতাধিক মহিলাই পদযাত্ৰা কৰি সমষ্টিটোৰ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰে ৷

যমুনামুখ সমষ্টিত আজমলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

অপেক্ষা ,অপেক্ষা ৷ কোন হব পৰৱৰ্তী যমুনামুখৰ বিধায়ক৷ ভোটাৰৰ হাতত ১৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য৷ সুযোগৰ অপেক্ষাত জাতীয়তাবাদী শিবিৰো৷ মহাজোঁট,মিত্ৰজোঁট,এজেপি আৰু ৰাইজৰ দলেযমুনামুখ সমষ্টিৰ চোকে কোনে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ আটাইকেইটা দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে দিন ৰাতি একাকাৰ কৰি ভোটাৰক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰি আছে৷ আজমলৰ দখলত থকা সমষ্টিটোত  অগপৰ পৰা  বিগত বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰা  উচ্চ শিক্ষিত যুৱ নেতা জিয়া উদ্দিন আহমেদক এলাগী কৰি মিত্ৰজোঁট সমৰ্থিত  অগপে প্ৰাৰ্থিত্ব দিলে  ছাদিক উল্লা ভূঞাক৷ ফলত ভূঞাক লৈ দলীয় কৰ্মীৰ নাই উচাহ৷ ততাপিও জয়ৰ আশা এৰা নাই অগপে৷ বহু নেতা কৰ্মীৰ লগতে বিজেপিৰ যুৱনেতা অমৰজ্যোতি শইকীয়াই মিত্রজোঁটৰ মনোনীত প্রাৰ্থী ছাদিক উল্লা ভূঞাক উদ্বাৰ কৰিবলৈ ব্যাপক  নিৰ্বাচনী প্রচাৰ চলোৱা পৰিলক্ষিত হয়৷ তাৰ বিপৰীতে পুৰনি কোনো নেতাক নিৰ্বাচনী প্ৰচাৰত দেখা নাই ৰাইজে৷ উল্লেখ যোগ্য যে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল ৷ সেইহেতুকে এসময়ৰ অগপৰ  দুৰ্গ  ৰুপে পৰিচিত যমুনামুখ সমষ্টিপুনৰ উদ্বাৰ কৰাৰ সম্ভাৱনা নাই৷ নৱগঠিত এজেপি আৰু ৰাইজৰ দলেও সমষ্টি দখলৰ  সুযোগৰ অপেক্ষাত ৷ উল্লেখ যোগ্য যে এইবাৰৰ নিৰ্বাচনত মুঠ ১৪ জন প্ৰাৰ্থীৰ ভিতৰত মহাজোঁটৰ প্ৰাৰ্থী ছিৰাজুদ্দিন আজমল (এআইইউডিএফ) , অসম জাতীয় পৰিষদৰ বদৰুল হক, অসম গণ পৰিষদ ছাদিক উল্লা ভূঞা ,ৰাইজৰ দলৰ সমৰ্থিত  নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা বেগম চৌধূৰী ৰাইজৰ চৰ্চাত আছে যদিও সমষ্টিটোত মূল ৰাজনৈতিক যুঁজখন হব এআইইউডিএফৰ ছিৰাজুদ্দিন আজমল আৰু ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী দিলোৱাৰা চৌধুৰীৰ মাজত হব ৷ সমষ্টিত বদৰুদ্দিন আজমলৰ বিধায়ক পুত্ৰ আব্দুৰ ৰহিম আজমলৰ বিৰুদ্ধে প্ৰৱল প্ৰতিষ্ঠানবিৰোধী ঢৌ আছিল ৷ একপ্ৰকাৰ আজমলৰ বাবে সমষ্টিটো উদ্ধাৰ কৰা এক প্ৰত্যাহ্বান আছিল ৷ তাৰ পাছতো আজমলে সমষ্টিত ব্যাপক সভা সমিতি পাতি ভোটাৰৰ  সহাঁৰি লাভ কৰিছে৷ তাৰ সমানে সমানে কংগ্ৰেছৰ আটাইকেইটা শিবিৰৰ পৰা মুকলি সমৰ্থন পাইছে ছিৰাজুদ্দিন আজমলে ৷ এনে এক  দৃষ্টিত যমুনামুখ জয়ৰ দিশে আজমল৷ যদিও ইয়াৰ বাবে মাত্ৰ  কেইটামানদিন অপেক্ষা কৰিব লাগিব৷

চৰণ বড়োৰ হৈ বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য হাগ্ৰমা মহিলাৰীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

ওদালগুৰি জিলাৰ মাজবাটস্থিত আই টি আই ফিল্ডত ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ পৰা  প্ৰাৰ্থীত্ব আগবঢ়োৱা মহাজোঁটৰ উমৈহতীয়া প্ৰাৰ্থী চৰণ বড়োৰ হৈ ২৮মাৰ্চত হাগ্রামা মহিলাৰীয়ে বিশাল নিৰ্বাচনী প্ৰচাৰ চলায়  । উক্ত নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ (ই) কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, এ আই ইউ ডি এফৰ জিলা সভাপতি আব্দুল ৰহিম , বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডি , ধনশিৰি সমষ্টিৰ এম্ চি এল এ ফ্ৰেছ   মোছাহাৰী , মাজবাট কংগ্ৰেছ (ই) কমিটীৰ সভাপতি নৱ কুৰ্মী তথা বি পি এফৰ সমূহ কৰ্মকৰ্তা লগতে হাজাৰ হাজাৰ ৰাইজ ।অনুষ্ঠানটিত সভাত ইউ পি পি এলৰ পৰা পদত্যাগ কৰি বহু লোকে বি পি এফত যোগদান কৰে । অনুষ্ঠানটিত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই বি জে পিক ক্ষুৰধাৰ বুলি সমালোচনা কৰি ৰাইজক প্ৰশ্ন কৰে যে বি জে পি য়ে এতিয়ালৈ কেইজনক ১ তোলাকৈ সোণ দিছে লগতে এইবাৰ মহাজোঁট  বন্ধনৰ চৰকাৰ হোৱা মানেই জনতাৰ চৰকাৰ হব বুলি প্ৰতিশ্ৰুতি দিয়ে । লগতে মহিলা সবলীকৰণৰ বিষয়ে কয় আৰু প্ৰত্যেক মাহত মহিলাৰ একাউণ্টত ২০০০ টকাকৈ সোমাব বুলি কয় । লগতে মহাজোঁট  বন্ধনৰ অৰ্থ বুজাবৰ হকে ৰাইজক কয়  যে নাঙল ধৰিবলৈ সদায় হাতৰ প্ৰয়োজন ,যত পদুম ফুল , ট্ৰেক্টৰ এইবোৰৰ একো কাম নাই । তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে  যে মহিলা সকলে যি মাইক্ৰো ফাইনেঞ্চৰ লোণ লৈ থৈছে সেই সকলোবোৰ মহাজোঁট বন্ধনৰ চৰকাৰ হলেই ৰেহাই দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে  । ইপিনে বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য  হাগ্রামা মহিলাৰীয়ে বি জেপি আৰু ইউ পি পি এল এ মিত্ৰজোঁট চৰকাৰৰ জৰিয়তে  দিয়া সকলো প্ৰতিশ্ৰুতি মিছা আৰু আগন্তুক বিধানসভা নিৰ্বাচনত মহাজোঁট বন্ধনৰ চৰকাৰ হোৱাটো নিশ্চিত আৰু চৰকাৰ হোৱা পিছতেই যিবোৰ প্ৰতিশ্ৰুতি তেওঁলোকে ৰাইজক দিছে সম্পূৰ্ণ কৰা হব প্ৰতিশ্ৰুতি দিয়ে ৷তেওঁ আৰু উল্লেখ কৰি কয় যে আগন্তুক দিনত তেওঁলোকৰ ওদালগুৰিতেই মাটিৰ পট্টাৰ কাম হোৱাকৈ সু ব্যৱস্থা কৰি দিব , ইউনিভাৰচিটি ও ইয়াতেই দিয়া  হব, স্বাস্থ্য কেন্দ্ৰ আদি ব্যৱস্থা কৰাৰ পৰিকল্পনা আছে । লগতে সাংবাদিকে প্ৰশ্ন কৰাত যেতিয়া তেওঁক সোধা হয়- আপুনি সৰ্বানন্দক কিয় টাৰ্গেট  নকৰে সকলো সময়ত হিমন্ত কিয় ? তাৰ উত্তৰত তেওঁ  উল্লেখ কৰে যে  তেওঁ হৈছে এজন বুৰ্বক হিমন্তৰ বুদ্ধিত চলে তেওঁক টাৰ্গেত কৰি লাভ নাই । আৰু লগতে তেওঁক এইটো প্ৰশ্ন কৰা হয়  যে বিজেপি আৰু বিপিএফ ৰ মিত্ৰতা হোৱা কিবা আশঙ্কা আছে নেকি? তেতিয়া তেওঁ স্পষ্ট কৰি কৈ দিয়ে যে যত হিমন্ত তাত তেওঁ কেতিয়াও নাই বুলি জনায় ৷

ক্ৰমাত গৰম হৈ উঠিছে ওদালগুৰিত নিৰ্বাচনী বতাহ : হিমন্ত বিশ্বৰ ৰোড শ্ব

প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিন অন্ত পৰা পাছতে দ্বিতীয় পৰ্য্যায়ৰ ভোটৰ বাবে নিৰ্বাচনী প্ৰচাৰ তুংগত সকলোতে ।গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ ইতিমধ্যেই কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিৰ্বাচনী প্ৰচাৰ চলাই যোৱা পিছতে২৮ মাৰ্চত  সন্ধিয়া ওদালগুৰিত  সন্ধিয়া ৭ বজাত  হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰোড শ্বো অনুষ্ঠিত কৰে।৬৯ নং ওদালগুৰি বিধানসভা সমষ্টিৰ ইউপিপিএল দলৰ মনোনীত প্ৰাৰ্থী গোবিন্দ চন্দ্ৰ বসুমতাৰীৰ হৈ ৰোড শ্বো কৰি বিশাল নিৰ্বাচনী প্ৰচাৰ হিমন্তবিশ্ব শৰ্মাৰ গোলামাগাও হাইস্কুল খেল পথাৰৰ পৰা আৰম্ভ কৰা ৰোড শ্বোৰ বিশাল ৰেলিৰে ওদালগুৰিৰ চহৰৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মাৰ আগন্তুক বিধানসভা নিৰ্বাচনত ওদালগুৰি সমষ্টিৰ পৰা ইউপিপিএল দলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীয়ে জয়ী হোৱাতো নিশ্চিত বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ।

প্ৰতিক্ৰিয়াৰ পিছত এইচ এন এমৰ বিলুপ্তি চীনত

চৰকাৰে জোতা আৰু কাপোৰৰ ব্ৰেণ্ডৰ ওপৰত চাপ সৃষ্টি কৰাত চীনৰ ইণ্টাৰনেটৰ পৰা এইচ এণ্ড এম অদৃশ্য হৈ গৈছিল। জিনজায়াং অঞ্চলত উৎপীড়ন কৰাৰ অভিযোগক লৈ ব্ৰিটিছ বিষয়াসকলৰ বিৰুদ্ধে শুকুৰবাৰে নিষেধাজ্ঞা জাৰি কৰিছিল।

ৰাজ্যিক সংবাদ মাধমৰ আহ্বানৰ পিছত শ্বিডিছ ৰিটেইলাৰৰ চিন্তিংগাৰ পৰা কপাহ ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্তৰ বাবে আলিবাবা আৰু JD.comকে ধৰি মুখ্য ই-কমাৰ্চ প্লেটফৰ্মৰ পৰা এইচ এণ্ড এমৰ সামগ্ৰী নোহোৱা হৈ পৰিল।

ষ্টেট মিডিয়াই জিনজিয়াঙৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰাত ব্ৰেণ্ডবোৰক সমালোচনা কৰাত ডজন চেলিব্ৰেটিয়ে নাইকী, এডিডাছ, বুৰ্বেৰী, ইউনিকলো আৰু লাকোষ্টেৰ সৈতে অনুমোদন দিয়াৰ বাবে অন্যান্য ব্ৰেণ্ডলৈ বিয়পি পৰিছিল।