Home Blog Page 2997

নব্বৈ দশকতে শিল-বালিৰ মুখ দেখা এটি পথ,যোৱা ৩৫ বছৰে পকীকৰণ নোহোৱা পথটোৰ পথাচাৰীৰৰ বিলৈ

কলিয়াবৰত সকলো স্থানতে পথ-পানী-পোহৰৰ ব‍্যৱস্থাৰে আগবঢ়াই নিয়াৰ নিৰলস প্ৰচেষ্টাত বিধায়ক আৰু শেহতীয়াকৈ এটা কাৰ্য‍্যকালৰ বাবে মন্ত্ৰীৰূপে কেশৱ মহন্ত নব্বৈ শতাংশ সফল হৈছে‌। তৎস্বত্বেও বিধায়ক-মন্ত্ৰীগৰাকীৰ এই পৰিকল্পনাত হেঙাৰ হৈ থিয় দিছে দুই-এটা পথে। এই অভিযোগ কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী তিনি কিলোমিটাৰ দৈৰ্ঘ‍্যৰ পথছোৱাৰ গাঁওবাসীৰ।দীৰ্ঘদিন ধৰি প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ‍্যৰ এই পথছোৱা ৰাইজৰ হাজাৰ অনুনয়-বিনুনয় কৰাৰ পাছতো পকীকৰণৰ দূৰৰ কথাই মেৰামতিও  নাই। সেয়ে প্ৰতি বাৰিষা জীয়াতু ভোগে এই সংযোগী পথছোৱাৰ পাৰ হৈ যোৱা গাঁওবসীয়ে। পথছোৱা খেতি-পথাৰলৈ যোৱা সাধাৰণতে বোকময় হৈ থকা পথ বুলি ভুল কৰিব কলিয়াবৰৰ নিজৰি গাঁৱৰ পৰা হাটবাগান সংযোগী এটা ব্যস্ত পথটো।সেই পথৰে দৈনিক কেইবা শতাধিক পথাচাৰী পাৰ হয়। ৩ কিলোমিটা দৈৰ্ঘ্যৰ হাটবৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই পথছোৱাই এতিয়া জলা-কলা খুৱাইছে অঞ্চলবাসীক। বাৰিষাতো বাদেই খৰালিতো যদি এজাক বৰষুণ দিয়ে এই পথছোৱা বোকাময় হৈ পৰে। স্থানীয় অঞ্চলবাসীৰ অভিযোগ অনুসৰি বহু বছৰ ধৰি এইছোৱা পথৰ দুৰৱস্থাই অঞ্চলবাসীক জীয়াতু ভোগাই আহিছে। 
গাড়ী-মটৰচাইকেল-চলাই যোৱাটো দূৰৈৰ কথা সেই পথৰে খোজকাঢ়ি যাবলৈও চিন্তা কৰিব লগা এক পৰিস্থিতি। ৰোগী নিবলৈ আহিলেও ১০৮ এম্বুলেঞ্চও আধা বাটতে ৰ’ব লগা হয় পথৰ দুৰৱস্থাৰ বাবে। গুৰুতৰ ভাবে অসুস্থ ৰোগীক ঠেলা বা কান্ধত উঠাই নিবলগীয়া হয়। ছাত্ৰ-ছাত্ৰীসকলো দুৰণিবটীয়া পথেৰেহে স্কুল-কলেজলৈ যাবলৈ বাধ‍্য।১৯৮৫ চনত গঠন হোৱা তদানীন্তন অগপ চৰকাৰৰ দিনত এই গাঁৱলীয়া পথছোৱা শিল-বালিৰে নিৰ্মাণ কৰাৰ পাছত মেৰামতিৰো অভাৱত যাতায়তৰ অনুপযোগী হৈ উঠিছে। গাঁওবাসীয়ে জনোৱা মতে, মাত্ৰ এবাৰ কিছু মেৰামতি হৈছিল যদিও তাৰ পাছত কাৰো দেখা-দেখি নাই। স্বয়ং মন্ত্ৰী কেশৱ মহন্তক ব‍্যক্তিগতভাবে গাঁওবাসীয়ে পথছোৱা পকীকৰণৰ বাবে অনুৰোধ কৰাৰ পাছতো এই পৰ্য‍্যন্ত কোনো সুফল নাপালে বুলি আক্ষেপ কৰে। আনকি স্থানীয় পঞ্চায়ত প্ৰতিনিধিগৰাকীৰো গাঁওবাসীৰ এই জটিল সমস‍্যাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগত মুখৰ হৈ পৰে গাঁওবাসী।অৱশেষত স্থানীয় লোকসকলে পথলৈ ওলায় আহি নিজেই পথটো মেৰামতি কৰাৰ ব্যৱস্থা কৰিছে। লগতে সংশ্লিষ্ট বিভাগক শীঘ্ৰেই পথটো পকীকৰণ কৰাৰ দাবী তোলে অঞ্চলবাসীয়ে।

৮ বছৰে অসম্পূৰ্ণ দুনী উত্তোলিত জলসিঞ্চন আচনি

দৰঙৰ প্ৰহসনত পৰিণত হৈছে নিৰ্মীয়মান দুনী উত্তোলিত জলসিঞ্চন আচনি ।মুলতঃ জলসিঞ্চন বিভাগৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবে  ৮ বছৰে সম্পূৰ্ণ হোৱা নাই আচনি খন । ২০১২/১৩ বৰ্ষতে পাণ্ডাঘাটৰ দিমীলা নদীৰ ওপৰত স্হাপন কৰা হৈছিল দুনী উত্তোলিত জলসিঞ্চন আচনি । ২২৮৭’৫০ লাখ টকা ব্যয় সাপেক্ষে আচনি  খনৰ নিৰ্মাণ সম্পূৰ্ণ কৰাত ব্যৰ্থ হৈছে সংশ্লিষ্ট বিভাগ । আঠ খন পানী দুৱাৰ সংলগ্ন  মুল বান্ধৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে যদি কৃষি ভূমিলৈ পানী পৰিৱাহী ডোং আজি পৰ্যন্ত নিৰ্মাণ হোৱা নাই । প্ৰাক্ লন অনুসৰি  অঞ্চলটোৰ ১৮০০ হেক্টৰ কৃষি ভূমি আচনি খনে সামৰি লব লাগে ।বাস্তৱত কৃষিভূমিলৈ এটোপাল পানী যোৱাৰ সুব্যৱস্হা হোৱা নাই ।  অভিযোগ অনুসৰি মঙলদৈ সংমণ্ডলৰ অধীনস্থ  নিৰ্মীয়মান আচনি খন  একাংশ বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ খিৰতী গাইত পৰিণত হৈছে । নদীত পানী বঢ়াৰৰ লগে লগে মূলবান্ধৰ উজনি ত খহনীয়া আৰম্ভ হোৱাত মথাউৰিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । খৰালি সময়ছোৱাত ব্লডাৰ পিটচিং নকৰাত খহনীয়াৰ প্ৰকোপ  বৃদ্ধি পোৱাটো নিশ্চিত হৈছে ।তাৰোপৰি  নৰ্মীয়মান বান্ধটোত  ঠিকাদাৰৰ সংখ্য আঙুলিৰ মুৰত হিচাপ কৰিব নোৱাৰি।মূলবান্ধৰ উজনি অংশৰ  মথাউৰি ,ডোং আদি নিৰ্মাণত অসংখ্য ঠিকাদাৰ জড়িত হৈ আছে । আনহাতে আচনি খনৰ তদাৰকৰ দায়িত্বত থকা কনিষ্ঠ অভিযন্তা জনৰ কতৰ্ৱ্যত গাফিলতি আৰু বেপৰুৱা স্বভাৱৰ বাবে নিৰ্ধাৰিত সময়ত আচনি সম্পূৰ্ণ হৈ উঠা নাই ।  জলসিঞ্চন বিভাগৰ মুখ্য অভিযন্তাই যোৱা বৰ্ষত আচনিখন পৰিদৰ্শন কৰি চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰিছিল যদিও সময়ত ফুটুকাৰ ফেনত পৰিণত হল ।  দুনী উত্তোলিত জলসিঞ্চন  সম্পূৰ্ণ কৰি কৃষকক সকাহ দিয়াত সম্পূৰ্ণ ৰূপে ব্যৰ্থ সংশ্লিষ্ট বিভাগৰ মঙলদৈ সংমণ্ডল ।দুনী উত্তোলিত জলসিঞ্চন আচনিয়ে নহয় ৩০ কোটি টকীয়া ননৈ বোঁৱতী জলসিঞ্চন প্ৰকল্প আঁচনিও ধোঁৱাচাঙত উঠাৰ অভিযোগ উত্থাপন হৈছে।

নামৰূপত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

সমগ্ৰ ৰাজ্যত ড্ৰাগছ, সুৰা, নিচাজাতীয় সামগ্ৰী বিৰোধী অভিজান চলি থকা সময়তে আজি নামৰূপ উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা নেতৃত্ব যোৱা এটা বৃহৎ দলে এক গোপন সূত্ৰৰ পম খেদি নামৰূপ ৰেল ষ্টেচনৰ কাষৰ ৬নং বাগান লাইনৰ প্ৰভাত সোনাৰ নামৰ ব্যক্তি জনৰ ঘৰৰ পৰা প্ৰায় ২.৪ কি:গ্ৰাম গাঞ্জা জব্দ কৰে।

একে গাৱঁতে নিশা দুঘৰত বাইক চুৰি

মহামাৰী ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বলবৎ হৈ থকা সান্ধ্য আইনৰ সু্যোগ গ্ৰহণ কৰি আজি কিছুদিনৰ পৰা টেঙাখাট থানাৰ অন্তৰ্গত কেইবাখনো গাৱঁত চোৰৰ উপদ্ৰৱ চলি থকাৰ সময়তে বুধবাৰে নিশা টেঙাখাত গন্ধিয়া গাৱঁৰ দুঘৰৰ পৰা মটৰচাইকেল চুৰি হোৱা ঘটনাই গঞা ৰাইজৰ মাজত চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ জানিব পৰা অনুসৰি বুধবাৰে নিশা বাগ্ৰদিয়া চাহ ফেক্টৰীৰ কাষতে থকা গন্ধিয়া গাৱঁৰ ৰাজু বৰুৱাৰ ঘৰৰ গেইটৰ তলা ভাঙি এখন কে টি এম আৰু এখন গ্লেমাৰ বাইক চোৰে চুৰ কৰি নিয়ে যদিও কে টি এম বাইক খন পথতে পেলাই গ্লেমাৰ বাইক খন লৈ যায় ৷অন্যহাতে একে গাৱঁৰে ৰত্নেশ্বৰ গগৈৰ ঘৰলৈ খোৱাঙৰ পৰা অহা জোৱাঁয়েক ৰণী দত্তৰ AS 06V -1364 নম্বৰৰ পালচাৰ বাইক খনো চুৰ কৰি নিয়ে ৷ এই সন্দৰ্ভত বাইকৰ গৰাকীয়ে ইতিমধ্যে টেঙাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়েও তদন্ত আৰম্ভ কৰিছে৷

ডিব্ৰুগড় এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১

COVID পৰিস্থিতিৰ ফলত বিদ্যালয় সমুহ বন্ধ হৈ পৰাত ঘৰতে অনুশীলন কৰি ডিব্ৰুগড়ৰ এগৰাকী কণমানিয়ে কঢ়িয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১। সম্প্ৰতি বন্ধ হৈ আছে বিদ্যালয়। বন্ধৰ মাজতে ঘৰতে থাকি ডিব্ৰুগড়ৰ এগৰাকী চতুৰ্থ শ্ৰেণীত পঢ়ি থকা ১০ বছৰীয়া কণমানি ছাত্ৰীয়ে কঢিয়াই আনিলে ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ।
ডিব্ৰুগড় বৈৰাগী মঠৰ নিবাসী আৰাধ্যা শৰ্মা নামৰ এই ছাত্ৰী গৰাকীয়ে বিদ্যালয় বন্ধ হৈ থকা এই সময় চোৱাত বিজ্ঞানৰ পৰ্যাবৃত্ত তালিকা (ELEMENTS PERIODIC TABLE) ৰ অনুশীলন কৰি কেৱল ১৫.৯ ছেকেণ্ডত আবৃত্তি কৰি দেশত ভিতৰতে “Fastest To recite all elements periodic table” পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰা লগতে কম বয়সত এই দিশত ৰেকৰ্ড কৰা হিচাপে স্থান লাভ কৰিছে । পূৰ্বতে ইয়াত ৰেকৰ্ড আছিল ১৬ ছেকেণ্ড। আৰাধ্যাৰ এই সফলতাই তেওঁ অধ্যয়ন কৰা ডন বক্সৰ স্কুলৰ লগতে সকলোৱে কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। আৰাধ্যা, ৰিণ্টু শৰ্মা আৰু ৰুনা দত্ত শৰ্মাৰ একমাত্ৰ কন্যা।

জামুগুৰিহাটৰ চৌকী ঘাটত পুনৰ সন্দেহজনক নাগৰিকৰ দপদপনি

জামুগুৰিহাটৰ চৌকী ঘাটত পুনৰ সন্দেহজনক নাগৰিকৰ দপদপনি বৃদ্ধি পাইছে ৷ বৃহস্পতিবাৰে জামুগুৰিহাটৰ চৌকী ঘাটত খিলঞ্জীয়া যুৱকৰ এখন কৃষি পামত জুই লগাই দিয়ে সন্দেহজনক লোকে ৷ এই জুইত কৃষি পামখনৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মিভূত হয় ৷ পাচত ঘটনা স্থলীত স্থানীয় বিধায়ক পদ্ম হাজৰিকা,জামুগুৰি আৰক্ষী আৰু নদুৱাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে এই দূস্কাৰ্য্যত জৰিত সন্দেহজনক নাগৰিকক শীঘ্ৰে কৰায়ত্ব কৰাৰো নিৰ্দ্দেশ দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ মনকৰিবলগীয়া যে যোৱা ২০১৯ বৰ্ষত চতিয়া সমষ্টিৰ অন্তৰ্গত চৌকীঘাট আৰু দিঘলী চাপৰিৰ পৰা ৫২২ টা সন্দেহজনক পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদ কৰাৰ লগতে উক্ত উচ্ছেদিত ভূমিত স্থানীয় যুৱকৰে গঠিত ৫২ টা কৃষি গোটক কৃষি কৰ্মৰ বাৱে আবণ্টন দিছিল ৷ সম্প্ৰতি সন্দেহজনক নাগৰিক সকল উক্ত চৰচাপৰিতে পলাই থাকি উচ্ছেদিত ভূমি পুনৰ দখলৰ চেষ্টা চলাই আহিছে ৷ স্থানীয় যুৱকৰ কৃষি কৰ্ম অনিষ্ট কৰি অহাৰ লগতে শহতীয়াকৈ কৃষি পামত জুই লগাই ভাবুকি প্ৰদান কৰি আহিছে ৷ চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই এনেকূৱা ভাবুকি কেতিয়াও সহ্য কৰা নহব আৰু ইয়াক কঠোৰ হাতেৰে দমন কৰা হব বুলিও মন্তৱ্য কৰে ৷

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত বিজেতাৰ সন্মান দখল কৰা অসম দলটোক আৰ্থিক সাহাৰ্য প্ৰদানৰ আহ্বান

ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত ৰানাৰ্চআপৰ খিতাপ অৰ্জন কৰা অসম দলটোক সম্বৰ্ধনা আৰু আৰ্থিক সাহাৰ্য প্ৰদান কৰিবলৈ ক্ৰীড়া মন্ত্ৰীক আহ্বান জনাইছে ক্ৰীড়া প্ৰেমী ৰাইজে। যোৱা ৫ মাৰ্চৰ পৰা ১১ মাৰ্চলৈ ভূৱনেশ্বৰ, ওড়িষাৰ কলিংগ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈ যোৱা ৬৯ সংখ্যক ছিনিয়ৰ(পুৰুষ-মহিলা) ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত সকলোকে আচৰিত কৰি সাংঘাটিক বুজাবুজিৰে দলটোৱে একপ্ৰকাৰ অসাধ্য সাধন কৰি দেখুৱাইছিল। অৱশ্যে কোৱাৰ্টাৰ ফাইনেল আৰু ছেমী ফাইনেলত ৩৬ ঘন্টাত ১২ টা শ্বেট আৰু ৩খন খেলা অসম দলটো চুড়ান্ত খেলৰ পূৰ্বে আছিল ক্লান্ত আৰু ইয়াৰ সুবৰ্ণ সুযোগ গ্ৰহন কৰি ১৯৮২, ২০০৪ আৰু ২০০৭ চনত ৰাষ্ট্ৰীয় ছিনিয়ৰ ভলীবল প্ৰতিযোগিতাত বিজয়ী হোৱা হাৰিয়ানাই ২৫-২৩, ২৫-১৮ আৰু ২৫-১৯ পোনপটীয়া ছেটত অসম দলটোক পৰাভুত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে। অসম দলটোৱে উন্নত প্ৰদৰ্শন ডাঙি ধৰিও ৰানাৰ্চআপতে থমকি  ৰ’বলগীয়া হয়। এইটোৱে আছিল ৰাষ্ট্ৰীয় ভলীবল প্ৰতিযোগিতাত অসমৰ আটাইতকৈ শ্ৰেষ্ঠ প্ৰদৰ্শন। ইয়াৰ আগেয়ে ছিনিয়ৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলৰ দেওনাই অতিক্ৰম কৰিব পৰা নাছিল। অসমৰ ভলীবলৰ এই ফলাফলে নিশ্চিতভাৱে উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈ সকলক উৎসাহিত কৰাৰ লগে লগে সাহস আৰু প্ৰেৰণা যোগাইছে। ভাৰতীয় ভলীবলৰ মানচিত্ৰত সম্ভ্ৰম আদায় কৰি অসমক গৌৰাৱাম্বিত কৰা উক্ত ছিনিয়ৰ দলটোক চৰকাৰী ভাৱে আজিলৈ কোনো ধৰণৰ খবৰ নোলোৱাত ভলীবল প্ৰেমীৰাইজে আক্ষেপ প্ৰকাশ কৰিছে। অসমৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হোৱা দলটোৰ খেলুৱৈ সকলে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছিল। খেলি থকা সময়ত তেওঁলোকৰ মনত এটা কথাই আহিছিল কেনেকৈনো অসমক এটা মেডেল দিয়াব পাৰি আৰু কাৰ্য্যত সেয়াই পতিপন্ন কৰি দেখুৱাইছিল দলটোৱে। সেয়েহে ক্ৰীড়া প্ৰেমী ৰাইজে নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু ক্ৰীড়ামন্ত্ৰীক বিনম্ৰ ভাৱে অনুৰোধ জনাইছে যাতে খেলুৱৈ সকলক উৎসাহিত কৰাৰ বাবে সম্বৰ্ধনাৰ লগতে আৰ্থিক সাহাৰ্যৰ জড়িয়তে তেওঁলোকৰ কষ্টৰ স্বীকৃতি প্ৰদান কৰি উঠিঅহা নৱপ্ৰজন্মৰ খেলুৱৈ সকললৈ এক শুভবাৰ্তা কঢ়িয়াই আনে। উল্লেখ্য যে জানিব পৰা মতে প্ৰতিযোগিতাখনত চুড়ান্ত বিজয়ী হোৱা হাৰিয়ানাৰ দলটোক চৰকাৰে ইতিমধ্যে শকত ধনেৰে পুৰস্কৃত কৰিছে

ছয়গাঁৱত ১১ টা চোৰাং গৰুসহ বাহন জব্দ : দুজন আটক

ৰাজ্যত এতিয়াও অব্যাহত আছে চোৰাং গৰুৰ বেহা ৷ বৃহস্পতিবাৰে পুৱা ছয়গাঁও আৰক্ষীয়ে ছয়গাঁৱৰ নিকটৱৰ্তী বৰটাৰীত জব্দ কৰে ১১ টাকৈ চোৰাং গৰুসহ গৰু কঢ়িওৱা বাহন ৷ লগতে আটক কৰে দুজন লোক ৷ জানিবপৰামতে কুকুৰমাৰাৰ পৰা বৰটাৰীলৈ যোৱা পথটোৰে চোৰাং গৰু সৰবৰাহৰ তথ্য ছয়গাঁও আৰক্ষীয়ে লাভ কৰাৰ পিচত বিগত কেইবাদিনো ধৰি ছয়গাঁও আৰক্ষীয়ে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰাৰ বাবে গোপন অভিযান চলাই আছিল ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় ৮ বজাত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কপিল পাঠক আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বসন্ত কলিতান যৌথভাৱে চলোৱা এক অভিযানত এ এছ ২৫ চি চি ৮১৯৪ নম্বৰৰ বাহনখন বৰটাৰীত জব্দ কৰিবলৈ সক্ষম হয় ৷ বাহনখনত ১১ টা গৰু কঢ়িয়াই আনিছিল ৷ লগতে বকোৰ মাহতলীৰ মোক্ৰম আলী আৰু গৰৈমাৰীৰ কান্দুলিমাৰীৰ দিলবৰ আলী নামৰ লোক দুজনকো আটক কৰে ৷ জানিবপৰামতে উক্ত বাহনখন  দক্ষিণ কামৰূপৰ বিজয়নগৰৰ পৰা বকোৰ সোণতলীলৈ দিশে গৈ আছিল ৷ উক্ত বাহনখনে কুকুৰমাৰা হৈ বৰটাৰীৰে মথাউৰিত উঠি মথাউৰিৰে সোণতলীলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ৷ উল্লেখযোগ্য যে পূৰ্বে ছয়গাঁৱৰ গুমি পথেৰে চোৰাং গৰুৰ চালান হৈ আছিল ৷ কিন্ত উক্ত পথটোত আৰক্ষীৰ চোকা পহৰা থকাৰ বাবে চোৰাং গৰু বেপাৰী সকলে পথ সলাই নতুনকৈ কুকুৰমাৰা বৰটাৰী পথটো বাছি লৈছে ৷ এই তথ্য লাভ কৰাৰ পিচতেই ছয়গাঁও আৰক্ষীয়ে কুকুৰমাৰা বৰটাৰী পথটোতো চোকা নজৰ দি আছি ৷ যাৰ ফলত বৃহস্পতিবাৰে চোৰাং গৰু কঢ়িওৱা গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷

নগাঁৱত দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল: কুখ্যাত অপৰাধী তাজনুৰক জেৰা

নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড কুখ্যাত অপৰাধী তাজনুৰ হুছেইনক ওৰফে ৰাজাক যোৱা ৬ জুনৰ নিশা নগাঁও চহৰৰ সমীপৰ কাতিমাৰী পৰা জুৰীয়া আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাচত কুখ্যাত অপৰাধীজনক নগাঁও সদৰ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখে। আনহাতে আজি গুৱাহাটীৰ পৰা অহা অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ এটা  দল নগাঁৱত উপস্থিত হৈ নগাঁও সদৰ থানাৰ ভাৰপ্রাপ্ত বিষয়াৰ কোঠাত প্ৰায় দুঘন্টা সময় তাজনুৰক জেৰা চলায়।উল্লেখ্য , নগাঁও আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড অপৰাধী তাজনুৰ হুছেইন মৰিগাঁও আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াৰে ঘনিষ্ঠ হোৱাৰ সূত্রে  মৰিগাঁৱত মুকলিকৈ ঘূৰি ফুৰিছিল ।এখন বগা ৰঙৰ এক্সইউভি গাড়ী লৈ মৰিগাঁৱত নিজকে চিআইডি বিষয়া বুলি পৰিচয় দিয়া তাজনুৰক মৰিগাঁৱৰ বহুলোকে সময়ে সময়ে আৰক্ষীৰ পোছাকতো প্ৰত্যক্ষ কৰিছিল ।নিজৰ ফেচবুক একাউণ্টত আনকি  তাজনুৰে আৰক্ষী গেষ্ট হাউচত জিৰণি লোৱাৰ ফটো দি নিজকে মৰিগাঁও আৰক্ষীৰ মানুহ বুলি জাহিৰ কৰিছিল ।সেই সময়ত মৰিগাঁও আৰক্ষীৰ পৰা তাজনুৰে বিশেষ মৰ্য্যদা পোৱাৰো অভিযোগ উত্থাপিত হৈছিল । এই সন্দৰ্ভত সামাজিক মাধ্যমতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । আৰক্ষীৰ নামত তাজনুৰে মৰিগাঁৱত কোনো কোনো লোকক ব্লেকমেইলিং কৰাৰো অভিযোগ উত্থাপিত হৈছিল ।মৰিগাঁও আৰক্ষীৰ কোন শীৰ্ষ বিষয়াই তাজনুৰক ৰাজ আতিথ্য প্ৰদান কৰিছিল সেই বিষয়ক লৈয়ো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শেহতীয়াভাৱে তাজনুৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে যোৱা ৮ জুনত সংবাদ মাধ্যমত এই সন্দৰ্ভত বাতৰি সম্প্ৰচাৰিত হয়  । ইয়াৰ পিছতে আজি নগাঁৱত দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল উপস্থিত হোৱা বিষয়টোৱে তাৎপর্য বহন কৰিছে । অৱশ্যে আৰক্ষীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দলে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য সদৰি কৰা নাই। তেওঁলোকে সংবাদ মাধ্যমক জনোৱা অনুসৰি সকলো বিষয় সামৰি তদন্ত চলি আছে আৰু পৰৱৰ্তী সময়ত এই সকলো কথা প্ৰকাশ কৰা হব।আনহাতে দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল নগাঁৱলৈ তাজনুৰক জেৰা কৰিবলৈ অহা বিষয়টো কোনো কোনো আৰক্ষী বিষয়াৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে ।

জামুগুৰিহাটত চকীঘাটত পুনৰ হিংসাত্মক কাৰ্যকলাপ : দুষ্কৃতিকাৰীয়ে জ্বলালে আত্মাসহায়ক গোটৰ কৃষিপাম৷

 চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে বসবাস কৰা জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ চকীঘাটত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ প্ৰচেষ্টাত বিগত সময়ত শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই হাজাৰ হাজাৰ ভূমি বেদখলমুক্ত কৰাৰ পিছতেই সেই স্থানত চতিয়া সমষ্টিৰ নিবনুৱা যুৱকসকলে কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বৰ বাবে কৃষিকাৰ্যত হাত দিছিল যদিও নিৰ্বাচনৰ ফলাফলৰ পূৰ্ৱেও খেতি বাতি নষ্ট কৰাৰ লগতে বাৰে বাৰে দুস্কৃতিকাৰীৰ দলে হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিয়েই আহিছে৷আজিও জামুগুৰিহাটৰ চকীঘাটত সন্দেহজনক নাগৰিকৰ কবলৰ পৰা শোণিতপুৰ জিলা প্ৰশাসনে বেদখলমুক্ত কৰা চৰকাৰী মাটিত কৃষি কৰ্ম কৰা খিলঞ্জীয়া যুৱকৰ কৃষি পামত দিনদুপৰতে দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা বিৰাজ কৰিছে।বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰাৰ পাছতে ইয়াত ৫২টা আত্মসহায়ক গোটে সেই মাটিত কৃষি কৰ্মত মনোনিবেশ কৰিছিল।কিন্তু আজি দিনদুপৰতে সমন্বয় আত্মসহায়ক গোটৰ মাটিত থকা গৃহত একাংশ দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে।প্ৰত্যক্ষদৰ্শীৰ মতে অগ্নিসংযোগ কৰি দুষ্কৃতিকাৰীৰ দলটো পলাই যায় যদিও নাতিদুৰত কৃষি কৰ্মত নিয়োজিত হৈ থকা আন এটা আত্মসহায়ক গোটৰ সদস্যই এই ঘটনা প্ৰত্যক্ষ কৰি ঘটনাস্থলীত  উপস্থিত হৈ এই সন্দৰ্ভত জামুগুৰি আৰক্ষীক অৱগত কৰাই।ততাতৈয়াকৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি পয্যবেক্ষণ কৰাৰ লগতে অপৰাধীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে যদিও এই পৰ্য্যন্ত অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী।ইফালে ঘটনাস্থলীত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা উপস্থিত হৈ খিলঞ্জীয়া যুৱকৰ কৃষি কৰ্মৰ ওপৰত দুষ্কৃতিকাৰীয়ে চলোৱা এই ঘটনা কোনো কাৰণতে মানি লোৱা নহব বুলি উল্লেখ কৰি আমাৰ খিলঞ্জীয়া যুৱকে এই মাটি যিদৰে দখল কৰি কৃষিকাৰ্য সম্পন্ন কৰাত হাত দিছে সেয়া কোনো কাৰণতে বন্ধ কৰিব নোৱাৰে আৰু মই আমাৰ সেইসকল যুৱকৰ লগত আছো বুলি উল্লেখ কৰি বিধায়ক পদ্ম হাজৰিকাই কয়  যে আমাৰ মাটিৰ ওপৰত আমাৰ অধিকাৰ সাব্যস্ত কৰিবই লাগিব আৰু এই দুষ্কাৰ্য্যৰ লগত জড়িত অপৰাধীয়ে দৃষ্টান্তমুলক শাস্তি পাব বুলিও হুংকাৰ দিয়ে বিধায়ক হাজৰিকাই৷।উল্লেখ্য যে সন্দেহজনক নাগৰিকৰ কবলৰ পৰা বেদখলমুক্ত কৰা এই মাটি এটি দুষ্ট চক্ৰই পুনৰ দখল কৰাৰ চেষ্টা চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে।