Home Blog Page 2995

লাহৰীঘাটৰ বৰালীমাৰিত জলসম্পদ বিভাগৰ মন্ত্রী পিযুষ হাজৰিকাৰ গৰাখহনীয়া পৰিদৰ্শন

আজি মৰিগাঁও জিলাৰলাহৰীঘাট সমষ্টিৰ বৰালিমাৰীৰ অঞ্চলৰ বান-খহনীয়া পৰিদৰ্শন কৰে   জলসস্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাইমন্ত্ৰী গৰাকীক সংগ দিয়ে মৰিগাঁও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে জলসস্পদ বিভাগৰ বিষয়-ববীয়াই।  উল্লেখ্য যে লাহৰীঘাট আৰু জাগীৰোড সমষ্টিত প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি উন্মুক্ত হৈ আছে। 
 বৰ্তমান বাৰিষাৰ বতৰ হোৱাৰ বাবে এই বছৰত বান-খহনীয়া প্ৰতিৰোধৰ কাম কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই। পৰ্যায়ক্ৰমে লাহৰীঘাট সমষ্টিৰ বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে বিভাগীয় মন্ত্ৰী গৰাকীয়ে।প্ৰতি বছৰেই বান আৰু খহনীয়াই সৰ্বস্বান্ত কৰি আহিছে লাহৰীঘাট সমষ্টিবাসীক।

বৰষুণত বিধ্বস্ত নলবাৰী চহৰৰ পথ: পানীত বুৰ গল দুই বৃহৎ গুদামৰ খাদ্য সামগ্ৰী

এজাক বৰষুণতে জলমগ্ন হৈ পৰিছে নলবাৰী চহৰৰ বাটপথ। লক্ষণীয় ভাবে বছৰৰ পিছত বছৰ ধৰি এজাক বৰষুণতে কৃত্ৰিম বানপানী সৃষ্টি হৈ অহাত ৰাইজে যম যাতনা ভুগি থাকিব লগীয়া হৈছে। আজি পুৱাৰ ভাগত অহা বৰষুণৰ ফলত দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ, হাজো পথ, এম এন চি কলেজ পথ, ত্ৰৈলোক্য নাথ গোস্বামী পথ, গোপাল বজাৰ আদিকে ধৰি চহৰৰ প্ৰায়ভাগ পথ পানীত বুৰ গৈছে। এনে পৰিস্থিতিৰ বাবে যাতায়তত পথচাৰীয়ে দুৰ্ভোগ ভুগিব লগীয়া হৈছে। বৰষুণৰ ফলত আজি চহৰৰ বৰুৱা ৰোডত থকা মেচাছ বিজয় কুমাৰ জৈন গেলামাল আৰু চাউলৰ দোকান সহ গুদামৰ ভিতৰত একাঠু পানী হৈছে। ফলত প্ৰায় তিনি লাখ টকাৰ খাদ্য সামগ্ৰী নষ্ট হৈ গৈছে। একেটা পথত থকা ইন্দৰচন মহাবীৰ প্ৰসাদৰ গেলামাল ষ্টেছনাৰীৰ দোকান সহ চাউলৰ গুদামত পানী সোমাই পৰাই তিনি চাৰি লাখ টকাৰ খাদ্য সামগ্ৰীৰ ক্ষতি হৈছে। কেৱল সেয়াই নহয় মালিকুছি গাঁওৰ উৰ্বশী দেৱী(ঠিকাদাৰণী), সৰ্বেশ্বৰ শৰ্মাৰ ঘৰ চোতালত এতিয়াও একাঠু পানী। এইখন গাঁওৰে মাধৱ শৰ্মাৰ ঘৰৰ চোতালেৰেৰ প্ৰচণ্ড পানীৰ সোঁত বৈছে। পানীৰ ফলত দীঘেলি, মালিকুছি, পয়লা, বৰ্ধাৰী আদি গাঁওৰ গৰু ছাগলী গৃহবন্দী হৈ আছে। বিপদত পৰিছে পশু পালক সকল।

নাজিৰাত পেট্ৰল-ডিজেল,অত্যাৱশকীয় খাদ্য সামগ্ৰী মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত বিৰোধী দলপতি সহ যুৱ মহিলা কংগ্ৰেছ

ডিজেল আৰু নিত্য ব্যৱহাৰ্য  খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি নাজিৰা নগৰৰ মাজমজীয়াৰ লাহটী  তেল ডিপু প্ৰাংগণত প্ৰতিবাদ সাব্যস্ত কৰে অসম বিধান সভাৰ বিৰোধী দলপতি তথা নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া সহ যুৱ আৰু মহিলা কংগ্ৰেছৰ অৰ্ধশতাধিক কৰ্মী । অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বান মৰ্মে নাজিৰা গ্ৰাম্য আৰু পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু নাজিৰা সমষ্টি যুৱ কংগ্ৰেছৰ সহযোগত নাজিৰা লাহটী তেল ডিপো প্ৰাংগণত পেট্ৰ’ল-ডিজেল,অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধ কৰক , বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় ,  বি জে পি গ’ বেগ আদি  চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে   উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , দুয়োখন ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিদ্বয় মৃদুল বৰগোঁহাই , আব্দুল ৰহমান , ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰী কানন কাকলি বুঢ়াগোহাঁই , সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আৰফান আজম , মদন ৰয় , দিগন্ত সন্দিকৈ , আলতাফ হুছেইন আদিকে ধৰি ভালেকেইজন বিষয় – ববীয়া আৰু অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে  কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত বহিল বৰক্ষেত্ৰীৰ বিধায়ক দিগন্ত বৰ্মন ৷

পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত বহিল বৰক্ষেত্ৰীৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত বৰ্মন ৷
মুকালমুৱাৰ বৰতলা, বৰলিয়াপাৰ, জয়সাগৰত বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ প্ৰৱল প্ৰতিবাদ ৷
বৰতলা পেট্ৰল পাম্পৰ সন্মুখত প্ৰতিবাদত বহিল বিধায়ক দিগন্ত বৰ্মন ৷
পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ৰোধ কৰক, বিজেপি চৰকাৰ হায়,হায়-হায় আৰু চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
প্ৰতিবাদী কাৰ্যসুচীত বৰক্ষেত্ৰী যুৱ কংগ্ৰেছৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহন কৰে ৷

ৰাজ্যত পেট্ৰ’ল-ডিজেলৰ মূল্য শতকৰ দিশে অগ্ৰসৰ,দুলীয়াজানত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ৰাজ্যত প্ৰতি দিনে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত দৈনিক ব্যৱহৃত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সুৰা-সুৰে বাঢ়িবলৈ ধৰিছে । সাধাৰণ
জনতাক একপ্ৰকাৰে ৰাম টাঙোন 
সুধাইছে চৰকাৰে । ইয়াৰে পৰিপেক্ষিতত আজি দুপৰীয়া নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ আহ্বান মৰ্মে টেঙাখাত ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত আৰু দুলীয়াজান যুৱ কংগ্ৰেছৰ লগতে এন এছ উ আই সহযোগত পেট্ৰ’ল-ডিজেল, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা পেট্ৰল ডিপুৰ সন্মূখত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি পেট্ৰ’ল-ডিজেল আৰু  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ৰোধ কৰক, বিজেপি মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি
বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে পৰিবেশ উত্তাল কৰি তোলে । ইপিনে পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী সমূহৰ মূল্য ৰাজ্য চৰকাৰে অতী শীঘ্ৰে হ্ৰাস নকৰিলে পৰবৰ্ত্তী সময়ত জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে
প্ৰতিবাদকাৰীয়ে । আজিৰ কাৰ্যসূচীত নিখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ সদস্য ধ্ৰুৱজ্যোতি গগৈ, টেঙাখাত ব্লক কংগ্ৰেছৰ সভাপতি সুশান্ত শইকীয়া, দুলীয়াজান সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি মনোজ ভৰালীৰ উপৰিও দলীয় কৰ্মী সকলে সহযোগ আগবঢ়াই ।

এছ.পি.বালাসুব্ৰমনিয়মে দেহাৱসানৰ কেইদিনমান পূৰ্বে এইদৰেই গাইছিল তেওঁৰ কালজয়ী গীত ‘সাথিয়া’

বেজী-সূতাৰে গুৰুজনাৰ অমৰ সৃষ্টি গামোচাত লিপিৱদ্ধ কৰিলে এগৰাকী যুৱকে : অসম বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভূক্ত হ’ল বাক্সাৰ যুৱক

চেষ্টাৰ অসাধ্য একো নাই ৷ এইবাৰ তাকে কৰি দেখুৱালে বাক্সাৰ এগৰাকী যুৱকে ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি “কৰতল কমল” কবিতাটিক নিজৰ শিল্প কৰ্মৰ জৰিয়তে উপস্থাপন কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় জিলাৰ বৰিমাখাৰ যুৱক জ্যোতিষ শৰণীয়াই ৷ পেচাত এগৰাকী শিক্ষক শৰণীয়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ল’ৰালি কালতে ৰচনা কৰা “কৰতল কমল” নাম বিখ্যাত কবিতাটি বেজী আৰু সূতাৰে গামোচাত লিপিৱদ্ধ কৰি এই সন্মান আজুৰি আনিবলৈ সক্ষম হয় ৷ বৰ্তমান নমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক হিচাপে কৰ্মৰত জ্যোতিষ শৰণীয়া সৰুৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি ধাউতি আছিল ৷ পিচত স্থানীয় বৈদ্যশ্ৰী সংগীত মহাবিদ্যালয়ৰ পৰা ফাইন আৰ্টছৰ ডিপ্ল’মা গ্ৰহণ কৰি চিত্ৰ শিল্পৰ সৈতে জড়িত হৈ পৰিছিল ৷ চিত্ৰ শিল্পৰ লগতে জ্যোতিষে সূতা আৰু বেজীৰেও কাম কৰিছিল ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন দৰ্শণৰ প্ৰতি আকৃষ্ট শৰণীয়াই নমাটি মধ্য ইংৰাজী বিদ্যালয়ৰ পূৰ্বে আন এখন বিদ্যালয়ত শিক্ষকতা কৰিছিল ৷ সেই বিদ্যালয়ৰ পৰা বিদায় লোৱাৰ দিনা উপহাৰ হিচাপে পোৱা গামোচাখন স্মৃতি ৰূপে জীয়াই ৰখাৰ মানসেৰে লিপিৱদ্ধ কৰিলে মহাপুৰুষ জনাই ৰচনা কৰা জীৱনৰ প্ৰথমটি কবিতা ৷ মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে মহাপুৰুষ জনাই ৰচনা কৰা কবিতাটি সূতাৰে লিপিৱদ্ধ কৰিছিল জ্যোতিষ শৰণীয়াই ৷ পিচত তেওঁৰ সকলো শিল্পকৰ্মৰ তথ্য অসম বুক অৱ ৰেকৰ্ডছলৈ প্ৰেৰণ কৰাত বিভাগটোৱে তেওঁৰ শিল্পকলাক স্বীকৃতি প্ৰদান কৰে ৷ নিজৰ নাম এনেদৰে অসম বুকচ অৱ ৰেকৰ্ডছত লিপিৱদ্ধ কৰিবলৈ পাই উৎসাহিত হোৱা জ্যোতিষে ভৱিষ্যতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা কৰা বুলি জানিব দিয়ে ৷

ভোগদৈত উপঙি উঠিছে মৎসকূল, খোৱাপানীৰ বাবে হাঁহাকাৰ ৰাইজৰ

 যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি প্ৰবাহিত ভোগদৈ নৈৰ পানী সেৱন কৰি জিলা খনৰ লাখ লাখ লোকে জীৱন নিৰ্বাহ কৰি আহিছে। নগা পাহাৰৰ অসংখ্য সৰু বৰ জান জুৰিৰ পানী বক্ষত লৈ অসমলৈ নামি অহা ভোগদৈ নৈখন অতীতৰ পৰাই কেৱল মৰিয়নীয়ে নহয়, সমগ্ৰ যোৰহাটৰে হৃদস্পন্দন স্বৰূপ। কিন্ত ভোগদৈ নদীৰ পানী যোৱা কিছু দিনৰ পৰা ব্যাপক ৰূপত প্ৰদূষিত হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। যোৱা এসপ্তাহ মানৰ পৰা নৈখনৰ পানীত অস্বাভাবিক ভাবে মৰিছে মাছকে ধৰি নৈ খনত থকা জলজ প্ৰানী। নৈখনৰ পানীৰ বৰণ অধিক ঘোলা আৰু আঠা হৈ পৰাৰ লগতে টেঙা হৈ পৰিছে। এসপ্তাহ মানৰ পূৰ্বে ঘটনাটো প্ৰত্যক্ষ কৰে ভোগদৈ নৈৰ পাৰত অৱস্থিত দিচৈ চাহ বাগিচা আৰু কঠালগুৰি চাহ বাগিছাৰ ৰাইজে।যুগ যুগ ধৰি নৈখনৰ পানী ব্যৱহাৰ কৰি অহা বাগিছা দুখনৰ ৰাইজে পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰা বুলি বাগিছা কতৃপক্ষক অৱগত কৰায়। বাগিছা কৰ্তপক্ষই লগে লগে ভোগদৈ নৈৰ পানীৰ নমুনা সংগ্ৰহ কৰি যোৰহাটৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পৰিক্ষাগাৰলৈ প্ৰেৰণ কৰাত পানীত পি এইছ ভেলু কমি যোৱা আৰু মেংগানিজৰ পৰিমান বাঢ়িযোৱা বুলি পৰীক্ষাত পোহৰলৈ আহে। পৰীক্ষাগাৰৰ প্ৰতিবেদনত নৈৰ পানীত পি এইছ ভেলু পোৱা গৈছে ৩’৮৯ । কিন্ত নদীখনৰ পানীত পি এইছ ভেলু থাকিব লাগে ৬’৫ ৰ পৰা ৮’৫। অনুৰূপ ধৰনে মেংগানিজৰ পৰিমান থাকিব লাগে ০’১ ৰ পৰা ০’৩ মিলিগ্ৰাম বৰ্ত্তমান ভোগদৈ নৈৰ পানীত মেংগানিজৰ পৰিমান বাঢ়ি গৈ পাইছে ১’৬৮ মিলিগ্ৰাম।জানিব পৰা মতে পানী অত্যাধিক প্ৰদুষিত হলে (পাৱাৰ অৱ হাইড্ৰজেন) পি এইছ ভেলু কমি পানীৰ পোষকতত্ব কমি যায়। আনহাতে, পানীত মেংগানিজৰ পৰিমান বাঢ়িলে পানীৰ সোৱাদ টেঙাহৈ পৰে আৰু এই পানী বেছিদিন সেৱন কৰিলে শৰীৰত বিভিন্ন উপসৰ্গয়ে দেখা দিয়ে। ভোগদৈ নৈৰ পৰা পানী উত্তোলন কৰি মজুত কৰা ৰেল বিভাগৰ বৃহৎ পুখুৰীত অস্বাভাবিক ভাবে মৰিছে শ শ সৰু ডাঙৰ মাছ। মৰিয়নী নগৰ পানী যোগান আঁচনিৰ পানী আৰু ৰেল বিভাগে যোগান ধৰা খোৱা পানীৰ সোৱাদ টেঙা আৰু আঠা হৈ পৰাৰ অভিযোহ পোৱা গৈছে। নৈ খনৰ পানী মজুত কৰা ৰেলৱেৰ পুখুৰীত মৰি পানীত উপঙি উঠিছে বৃহৎ আকাৰ ৰৌ বাহুকে ধৰি অসংখ্য মাছ। বিগত এসপ্তাহ মানৰ পৰা পুখুৰীটোত উৎকত দুৰ্গন্ধৰ সৃষ্টি হৈছে যদিও অদ্যাপি ৰেল কৰ্তৃপক্ষয়ে বিষয়তো গুৰুত্ব প্ৰদান কৰা নাই। ইতিমধ্যে মৰিয়নী নগৰ পানী যোগান আচনি কৰ্তপক্ষই বিষয়তো যোৰহাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগক অবগত কৰিছে যদিও সমস্যাটোৰ সমাধান হোৱা নাই।

“প্ৰেমৰ নীলপৱন,শিল্পৰ নীলপৱন!” হাস্পতালতো থমকি ৰোৱা নাই নীলপৱন বৰুৱা।

মাজুলীত নীডচৰ প্ৰশংসনীয় পদক্ষেপ

উত্তৰ -পূৱ প্ৰীড়িত অঞ্চল উন্নয়ন সমিতি ( north- east affected area development sociecty ) চমুকৈ নীডচ – ৰ উদ্যোগত আৰু হাই ( humanitarian aid international ) আৰু হিমালয়াৰ সহযোগত আজি মাজুলী জিলাৰ কমলাবাৰী গাওঁ পঞ্চায়ত অন্তৰ্গত আলিমুৰ বামুণগাওঁ আৰু নাম  সোনোৱাল গাৱঁত ৩০০ শ হাইজিন কিটচ বিতৰণ কৰে ৷অতিমাৰী ক’ৰনা মহামাৰীৰ আতংকই ৰাইজক আতংকিত কৰি ৰখাৰ সময়ত স্বেচ্ছাসেৱী সংগঠন যোৰহাটৰ উদ্যোগত গ্ৰহণ কৰা পদক্ষেপক মাজুলীবাসীয়ে ভুয়সী প্ৰশংসা কৰে ৷ স্বেচ্ছাসেৱী সংগঠনটিয়ে মাজুলীত এটি কাৰ্যালয় স্হাপন কৰি ইতিমধ্যে ক’ভিড – ১৯ ৰ বিৰোধে জন সচেতনতা বৃদ্ধি কৰি ৰাইজৰ মাজত মাস্ক , চেনিটাইজাৰ বিতৰণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উপৰিও বান বিধস্ত অঞ্চলৰ দুখীয়া প্ৰায় ১০০ জন কৃষকৰ মাজত বিনামূলীয়াকৈ শস্য বীজ বিতৰণ কৰি ৰাইজৰ হিত সাধন কৰে ৷ আজিৰ হাইজিন কিটচ বিতৰণ কাৰ্যসূচীত  প্ৰকল্প সমন্বয়ক হেমন্ত ফুকন , জীৱিকা সমন্বয়ক দেবাশীষ শইকীয়া , ক্ষেত্ৰ সমন্বয়ক ডেইজি গগৈ , কমিউনিটি ম’লোবাইলাজাৰ পৰেশ দাস , ধমেন্দ পেগু আৰু ৰাজীৱ শইকীয়াই অংশগ্ৰহণ কৰে ৷