Home Blog Page 3003

আজিৰ কেবিনেটত বিত্ত বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আজিৰ কেবিনেটত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰা হয়।
অতিৰিক্ত বোজা কঢ়িওৱা কয়লা পৰিবাহী ট্ৰাকৰ চলাচল নিয়ন্ত্ৰণৰ বাবে আজি কেবিনেটে বৰাক উপত্যকাৰ দীঘৰখাল আৰু অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ গে’টত চৰকাৰী জোখ-মাখ বিভাগৰ জৰিয়তে প্ৰতিখন কয়লা পৰিবাহী ট্ৰাকৰ ওজন লোৱাৰ ব্যৱস্থা কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ এই ব্যৱস্থা পৰীক্ষামূলকভাৱে অহা ৩১ মাৰ্চলৈকে চলিব৷ এতিয়াৰে পৰা ছাগলীয়া গে’টেৰে কোনোধৰণৰ কয়লা পৰিবাহী ট্ৰাক আহ-যাহ কৰিবলৈ অনুমতি দিয়া নহ’ব বুলিও আজিৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে৷

এই ব্যৱস্হা কয়লাৰ অবৈধ সৰবৰাহ আৰু কৰ ফাঁকি (Tax Evasion) ৰোধ কৰাত সহায়ক হ'ব বুলি আশা ব্যক্ত কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে।

দুইটা কিডনীয়েই বিকল হৈ মৃত্যুৰ সৈতে যুঁজ কৰিছে এজন গৃহৰক্ষী জোৱানে

কম মাহেকীয়া পাৰিশ্ৰমিকেৰে গৃহৰক্ষী জোৱান হিচাপে সেৱা আগবঢ়াই পৰিয়াল চলাইছিল লভিত বৰপাত্ৰই । সাংসাৰিক জীৱনো আৰম্ভ কৰিছিল । দেউতাক হোৱা কেইটামান মাহ হৈছিলহে মাথোঁ । কিন্তু নিয়তিৰ কি যে খেলা । ডিব্ৰুগড়ৰ লাহোৱাল থানাত কৰ্মৰত গৃহৰক্ষী জোৱান লভিত বৰপাত্ৰৰ দুইটা কিডনী বৰ্তমান বিকল হৈ পৰিল । উন্নত চিকিৎসাৰ বাবে পৰিয়ালে পঞ্জাৱ চণ্ডীগড়ৰএখন চিকিৎসালত চিকিৎসা কৰাই আছে যদিও চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে ধন । ইতিমধ্যে জোৱান জনৰ চিকিৎসাৰ বাবে লাহোৱাল পাত্ৰ গাঁৱৰ পিতৃ গৃহৰ সকলো মাটি সম্পত্তি বিক্ৰী শেষ কৰিছে পৰিয়ালৰ লোকে । এনে পৰিস্থিতিত পৰিয়ালটোৱে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ,স্বাস্থ্যমন্ত্ৰীৰ লগতে অসমবাসীৰ পৰা সহায়ৰ বাবে আহ্বান জনাইছে । সকলো হৃদয়বান লোকৰ অকনমান সহাতয় সুস্থ হৈ উঠিব পাৰে লভিত বৰপাত্ৰ ।

ডিব্ৰুগড়ৰ কনভয় ৰো়ডত ড্ৰাগছ বিৰোধী অভিযান

ডিব্ৰুগড় সদৰ আৰক্ষীৰ বৃহৎ সাফল্য

ডিব্ৰুগড় সদৰ আৰক্ষীৰ জুটিয়া অভিযানত
ডিব্ৰুগড়ৰ কনভয় ৰো়ডত ড্ৰাগছ বিৰোধী অভিযান

গোপন সূত্ৰৰ পম খেদি ডিব্ৰুগড় কণভয় ৰোডত অভিযান চলাই
3.60 গ্ৰাম ব্ৰাউন ছুগাৰ আৰু সাতটা অতিৰিক্ত 7.59 গ্ৰামৰ ব্ৰাউন চুগাৰ কণ্ট্ৰেনাৰ জব্দ।জন আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীৰ নিজ গৃহত অভিযান চলাই লোকজনকো হাটেলোটে আটক কৰিবলৈ সক্ষম হয়।

গোবৰ্ধণা আৰক্ষীয়ে আটক কৰিলে দুই ড্ৰাগছ সৰবৰাহকাৰী

কি উজনি, কি নামনি সমগ্ৰ ৰাজ্যজুৰি নৱ প্ৰজন্মৰ বৰবিহ স্বৰূপ  ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি অসম আৰক্ষীয়ে।বিগত এমাহ ধৰি এনে অভিযানৰ ফলত অসম আৰক্ষীৰ জালত বৰ্তমানৰলৈকে এক শতাধিক ড্ৰাগছ সৰবৰাহীক তথা সেৱনকাৰীক আটক কৰি কাৰাগাৰলৈ নিক্ষেপ কৰাৰ উপৰি ও কেইবাকোটিৰ মূল্যৰ ড্ৰাগছৰ লগতে  চিৰিঞ্ছ,কণটেইনাৰ নগদ ধনৱো আদি উদ্ধাৰ কৰি ড্ৰাগছ মুক্ত সমাজ ৰাজ্য গঢ়াৰ দিশে অসম আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী,সেৱনকাৰীৰ বিৰুদ্ধে দিনে-নিশাই অভিযান  অব্যাহত ৰাখিছে।ঠিক অনুৰূপ ধৰণে বাকসা আৰক্ষী অধীক্ষক সৎ,নিষ্ঠাৱান,দক্ষ বিষয়া ৰাজেন সিংঙৰ কঠোৰ নিৰ্দেশ মৰ্মে আজি পুৱা প্ৰায় ৫মান বজাত গোবৰ্ধণা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিত তালুকদাৰৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে গোপন সূত্ৰৰ ভিত্তিত ডুমৰুগুৰি অঞ্চলৰ পৰা এচ ০১ডিকে৯৭২৮ নম্বৰৰ এখন এলটো গাড়ীসহ দুই যুৱক ক্ৰমে পূৱ-ছাফাকামাৰ পুলক নাথ,হটাপাৰাৰ অনছুমা দৈমাৰীক আটক কৰে।আঠকাধীন দুই যুৱকৰ পৰা আৰক্ষীয়ে ৬.৫৯গ্ৰাম হিৰইন,১টা মবাইল হেন্ডচেট,১টা চিৰিঞ্ছ সহ নগদ ১৪ হেজাৰ ৬শ ৫০ টকা জব্দ কৰে‌।গোবৰ্ধণা আৰক্ষী থানাত আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী জেৰা অব্যাহত ৰাখিছে।উল্লেখযোগ্য যে বাকসা আৰক্ষীয়ে যোৱা ২৩ মেৰ পৰা বৰ্তমান লৈকে শিমলাগুৰি আৰক্ষী চকীৰ পৰা ৪ টা,শিমলা আৰক্ষী থানাৰ পৰা ৬টা ড্ৰাগছ সেৱনকাৰী তথা সৰবৰাহ কাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল।

নলবাৰী জিলা উপায়ুক্তক আদৰনি নলবাৰী ৰেডক্ৰচ চোছাইটিৰ

নলবাৰী জিলাৰ নবনিযুক্ত উপায়ুক্ত গীতিৰানী ফুকনক নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ত ভাৰতীয় ৰেডক্ৰচ চোছাইটিৰ, নলবাৰী জিলা শাখাৰ উদ্যোগত আজি আদৰনি জনোৱা হয়। নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনৰ নেতৃত্বত জিলা ৰেডক্ৰচৰ এটি সজাতি দলে জিলা উপায়ুক্ত গৰাকীক লগ কৰি এখন ফুলাম গামোচাৰে নলবাৰী জিলালৈ স্বাগতম জনায়। ৰেডক্ৰচ ৰ সংবিধান অনুসৰি ভাৰতবৰ্ষৰ প্ৰত্যেক খন জিলাৰ উপায়ুক্তসকল সেই সংশ্লিষ্ট জিলাৰ সাংবিধানিক সভাপতি হয়। সেই অনুসৰি নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ বিভিন্ন কাৰ্যক্ৰমনিকা সন্দৰ্ভত জিলা উপায়ুক্ত তথা নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সভাপতিৰ সৈতে আলোচনাত মিলিত হয়। ৰেডক্ৰচ হস্পিতালত কভিড কেয়াৰ চেন্টাৰ নিৰ্মাণ সন্দৰ্ভত ও কৰ্মকৰ্তা সকলে জিলা উপায়ুক্তক অবগত কৰে। আলোচনাৰ অন্তত ৰেডক্ৰচ ৰ মাস্ক আৰু চাবোন প্ৰদান কৰা হয়। নলবাৰী জিলা ৰেডক্ৰচ চোছাইটিৰ সম্পাদক পংকজ বৰ্মনে জিলা উপায়ুক্ত গৰাকীক তেখেতৰ সুবিধা অনুযায়ী এদিন ৰেডক্ৰচ হস্পিতাল আৰু কাৰ্যালয় পৰিদৰ্শন কৰাৰ বাবে অনুৰোধ জনায় লগতে অনাগত দিনত সহযোগিতা কামনা কৰে।

নলবাৰীত কেইবাটাও দুৰ্গত পৰিয়াললৈ ‘স্বৰ্ণিল’ৰ সাহায্য

ক’ভিডে সৃষ্টি কৰা পৰিবেশ-পৰিস্থিতিৰ বাবে একাংশ লোকে চৰম দীনতাত কালাতিপাত কৰিবলগীয়া হৈছে। আৰ্থিক দুৰৱস্থাত ভোগা এনে কোনো লোকৰ কাষত দুই এক সংগঠন আৰু ব্যক্তি থিয় দিছে। নলবাৰী দীঘেলিস্থিত ‘স্বৰ্ণিল কো-অপাৰেটিভ চোছাইটিৰ’ নামৰ সংস্থাটোৰ উদ্যোগতো জিলাখনৰ ক’ভিড মহামাৰীৰ বাবে আৰ্থিকভাবে জুৰুলা হোৱা আৰু ক’ভিড আক্ৰান্ত হোৱা কেইবাটাও পৰিয়ালক আজি কেতবোৰ সামগ্ৰী প্ৰদান কৰা হয়। স্বৰ্ণিলৰ সভাপতি প্ৰণৱ বৰদলৈ আৰু সম্পাদক চন্দন চক্ৰৱৰ্তীৰ নেতৃত্বত আজি নলবাৰীৰ দীঘেলি, পয়লা, মালিকুছি আদি অঞ্চলৰ ভালেমান পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী, নিত্য ব্যৱহাৰ্য সামগ্ৰী আৰু মাস্ক বিতৰণ কৰে।।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান ASSP ৰ।

 যোৱা কালি দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ সমষ্টিৰ ধলপুৰ চৰ চাপৰিত অৱস্থিত ঐতিহ্যমণ্ডিত শিৱমন্দিৰ পৰিদৰ্শন কৰে অসমৰ নব নিৰ্বাচিত  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । ভ্ৰমণকালত সংগ দিয়ে দৰং জিলা অভিভাৱক মন্ত্ৰী চন্দ্রমোহন পটুৱাৰী, চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী, মঙলদৈৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসে। ভ্ৰমনস্থলীত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি  মহম্মদ আলী খলিফা, দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদকদ্বয় নুৰমহম্মদ আলি,মফিদুল ইছলামে উপস্থিত হৈ  মুখ্যমন্ত্ৰী গৰাকীক অসমীয়াৰ জাতীয় স্বাভিমান এটি শৰাই, ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনায়। ইয়াৰ লগতে চিপাঝাৰ আঞ্চলিক অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা চিপাঝাৰ সমষ্টিৰ সংখ্যালঘু এলেকাৰ লোকসকলৰ বিভিন্ন সমস্যা ৰাজিৰ ওপৰত ১০ দফীয়া দাবীৰে মুখ্যমন্ত্ৰী গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে । ঐতিহাসিক ধলপুৰ শিৱধামৰ ভূমি সংৰক্ষিত কৰি ঐতিহাসিক পৰ্যটন স্থলী ৰূপে চকাৰীভাৱে ব্যবস্থা কৰা, ধলপুৰ শিৱধামলৈ অহা পৰ্যটকসকলৰ সুবিধাৰ বাবে গৰুখুটি আকবৰি চকৰ পৰা ভেটিবজাৰ হৈ ঢলপুৰ শিৱধামলৈ পথটো নিৰ্মান কৰা, চৰাঞ্চলৰ একমাত্ৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ধলপুৰ কীৰকাৰা আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়খন চৰকাৰীকৰন কৰা, চিপাঝাৰ চৰ অঞ্চলৰ একমাত্ৰ ধলপুৰ ভেটি বজাৰ চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লগতে উপ স্বাস্থ্য কেন্দ্ৰ সমূহত পর্যয়াপ্ত  পৰিমানে স্বাস্থ্য কৰ্মী নিয়োগ কৰা, ৬৬ নং চিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সানোৱা আৰু বাজানা পথাৰ গাঁও পঞ্চায়তৰ চৰ অঞ্চলৰ উন্নয়ন মূলক মুকলি কৰা,চিপাঝাৰ অঞ্চলৰ মহাবাহুৰ গৰাখনিয়া বৈজ্ঞানিক পদ্ধতিৰে ৰোধ কৰা, চিপাঝাৰ অঞ্চলত বৈদ্যুতিক শক্তি যোগান ধৰা, ধলপোৰত উচ্ছেদিত পৰিয়াল সমূহক ভূমি আবন্টনৰ লগতে পুনৰ সংস্থাপন কৰা, চিপাঝাৰ অঞ্চলত যোগ যোগ ধৰি বসতি কৰা নাগৰিকক ভূমি পট্টা দিয়া, চিপাঝাৰ অঞ্চলৰ নাগৰিকক ভেকচিন প্ৰদান কৰা, ঢলপুৰ আৰক্ষী পহৰা চকীখন পূৰ্ণাংগ আৰক্ষী চকীলৈ ৰূপান্তৰ কৰাৰ দাবী সম্বলিত  স্মাৰক পত্ৰ খন মুখ্যমন্ত্ৰী গৰাকীৰ হাতত প্ৰদান কৰে । আনহাতে ঐতিহাসিক শিৱ মন্দিৰ খন সুৰক্ষা প্ৰদান কৰাৰ স্বাৰ্থত মন্দিৰ পৰিচালনা সমিতিৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বিষয় ববীয়াক লগত থাকিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ উপৰিও ধলপুৰ হব লগীয়া পৰ্যটনস্থলী আৰু সকলো উন্নয়ন মূলক কামত সংগঠটোৰ সমৰ্থনৰ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। ।

মৈৰাবাৰীত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহতঃএজনক গ্ৰেপ্তাৰ

 আজি মৈৰাবাৰী আৰক্ষী নিৱেশৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি দলে মৈৰাবাৰীৰ ওচৰতে থকা দুৰাবান্ধি অঞ্চলত এটি অভিযান চলায়। উক্ত অভিযানত মফিজ উদ্দিন নামৰ এজন ড্ৰাগছ মাফিয়াৰ ঘৰত তালাচী চলাই মফিজ উদ্দিনক গ্ৰেপ্তাৰ কৰাত সক্ষম হয়।উক্ত আচামিজনৰ ঘৰৰ পৰা ১৩৭৮ টা নিচাজাতীয় টেবলেট, লিকু, চিৰাপ ৫০ বটল, আৰু ৫৫০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।মফিজ উদ্দিন নামৰ এই ব্যক্তিজনে বহু দিনৰ পৰা এই ব্যৱসায় চলাই আছিল। কিন্তু কোনো প্ৰমাণ আৰক্ষীৰ হাতত নাছিল। আজি এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ দলে এনে এক অভিযান চলাই তেওঁক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ এনে সফলতাক সচেতন মহলে ভূয়সী প্ৰসংশা কৰে। শ্ৰী মৃদুল হাজৰিকাই আগলৈয়ো এনে অভিযান অব্যাহত থাকিব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে।

বৰপেটা আৰক্ষীৰ ড্ৰাগছ আৰু সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত

বৰপেটাৰ পৰা নিখিল দাসৰ প্ৰতিবেদন,৮ জুন:: বৰপেটাত ক্ৰমাৎ বৃদ্ধি পাই আহিছে ড্ৰাগছ আৰু সুৰাৰ ব্যৱসায়ী । একাংশই চলাই এ আহিছে  এনে অবৈধ ব্যৱসায়। বৰপেটা আৰক্ষীয়ে অভিযান চলাই দুজন সুৰাৰ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়। আতকধীন ব্যৱসায়ী দুজন বৰপেটা চহৰৰ দহাতিৰ সঞ্জয় দাস আৰু ফাতাহাটীৰ দণ্ডজিত ওজাক আটক কৰে। তেওঁলোকৰ পৰা বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে।এই দুজন ব্যৱসায়ীযে দীৰ্ঘদিন ধৰি সুৰাৰ ৰোমৰমীয়া ব্যৱসায় চলাই আছিল।ইতিমধ্যে আৰক্ষীয়ে এই সংক্ৰান্তত1344/21 ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰে আৰু মহামান্য আদালতত প্ৰেৰণ কৰে।

বকোৰ ভখুৰাদিয়াত চোৰাং কাঠৰ বিৰুদ্ধে বকোৰ বনকৰ্মীৰ নিশা অভিযান : অবৈধ কাঠফলা মিল জব্দ

বকোৰ আগছিয়াৰ পৰাও গাড়ীসহ জব্দ বৃহৎ পৰিমানৰ ফলাকাঠ

বন মাফিয়াৰ হাতোৰাত বন্দী পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলসমূহ সম্প্ৰতি উছন হোৱাৰ পথত ৷ দীৰ্ঘদিন ধৰি ইয়াৰ মূল্যৱান বনজ সম্পদৰ লগতে মূল্যৱান গছ- গছনিসমূহ বন মাফিয়া তথা চোৰাং ব্যৱসায়ীয়ে এফালৰ তহিলং কৰি চলাই গৈছে ধ্বংসযজ্ঞ ৷ বনজ সম্পদৰ এই ধ্বংসলীলা   ৰুধিবলৈ প্ৰচেষ্টা অব্যাহত ৰখা পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত বকো বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদে দিনে- নিশাই চোৰাং কাঠ ব্যৱসায়ীৰ বিৰুদ্ধে চলাইছে ধাৰাবাহিক অভিযান ৷ প্ৰচণ্ড বৰষুণৰ মাজতে  বনাঞ্চলিক বিষয়া গৰাকীৰ নেতৃত্বত  যোৱানিশাও  বন বিভাগে চলায় দুটা সফল অভিযান ৷ বকো সমষ্টিৰ সোণতলীৰ ভখুৰাদিয়াত নিশা প্ৰায় তিনি বজাত অবৈধ কাঠ ফলা মিল আৰু কাঠৰ চোৰাং বিৰুদ্ধে বকো বনাঞ্চলিক কাৰ্যালয়ৰ টহলদাৰী বনকৰ্মীৰ অভিযানত এখন কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ গোপন সূত্ৰ পমখেদি চলোৱা এই অভিযানত ভখুৰাদিয়াত দীৰ্ঘদিনে কাঠৰ চোৰাং ব্যৱসায়ী এজনে চলাই আহিছিল এই অবৈধ কাঠফলা মেচিনটো ৷ জব্দ কৰা মেচিনটোৰ মূল্য মূল্য প্ৰায় ডেৰ লাখ টকা হ’ব বুলি বন বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷ পিচত জব্দকৃত মেচিনটো নিশাই বকো বনাঞ্চলিকৰ কাৰ্যালয়লৈ লৈ আহে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম নহয় ৷ ইয়াৰোপৰি যোৱানিশা বকো বনাঞ্চলিক বিষয়া আব্দুল ৰৌফ আহমেদৰ নেতৃত্বত বকো বনকৰ্মীৰ দলে বকোৰ আগছিয়াৰ পৰাও এ এচ ২৫ চি চি ৬৪৫৩ নম্বৰৰ ফলাকাঠ ভৰ্তি এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয় ৷