Home Blog Page 3004

মুছলপুৰত আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অসম আৰক্ষীয়ে ড্ৰাগছ্,অবৈধ সুৰা আদিৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ সময়তে আজি বাক্সা জিলাৰ মুছলপুৰ সদৰ আৰক্ষীয়ে মুছলপুৰত জব্দ কৰে বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰা ৷ জানিব পৰা মতে আজি পুৱা মুছলপুৰৰ বেলগুৰি চ’কত আৰক্ষীৰ এটা দলে অইন দিনাৰ দৰে ৰাজপথত নিয়মীয়া তালাচী চলাই থকা অৱস্থাত এখন গাড়ীত উদ্ধাৰ হয় অবৈধ বিলাতী সুৰাখিনি ৷ এমএল ০৮ ই ৩৭৭৩ নম্বৰৰ মেঘালয়ত পঞ্জীয়ণভুক্ত ইক’ গাড়ীৰে মুছলপুৰৰ দিশৰ পৰা নিকাছী অভিমুখে নি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ৪৫ কাৰ্টনকৈ বিলাতী সুৰা ৷ ইয়াৰ ভিতৰত ১৫ কাৰ্টন কিং ফিচাৰ বিয়েৰ আৰু ৩০ কাৰ্টন হিমেন ৯০০০ বিয়েৰ। সুৰাখিনিৰ সৈতে গাড়ীচালক চন্দন দাস আৰু চন্তৰা গয়াৰীক আটক কৰে মুছলপুৰ আৰক্ষীয়ে ৷

কাকীৰ উচ্ছেদক লৈ দক্ষিণ বৰপেটা জিলা আমছু’ৰপ্ৰতিবাদঃকলা বেজ পৰিধান

 সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ ʼআমছুʼৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে কালি  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে দক্ষিণ বৰপেটা জিলা আমছুৱে হোজাই জিলাৰ কাকী অঞ্চলৰ ৭৪ টা পৰিয়ালক কালি প্ৰশাসনে উচ্ছেদ কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত পাঠিমাৰী খোলাবান্ধা জনপ্ৰিয় বজাৰ প্ৰাংগণত আমছুৰ কৰ্মকৰ্তা সকলে দিনৰ ১১বজাত কলা বেজ পৰিধান কৰি হোজাই জিলাৰ কাকী অঞ্চলৰ উচ্ছদক অমানৱীয় আখ্যা দি অসম চৰকাৰ হায় হায়, উচ্ছেদ কাৰ্য বন্ধ কৰক, উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, ভূমিহীন লোকক ভূমি প্ৰদান কৰক, আমছু জিন্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰপেটা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ উক্ত উচ্ছেদিত সন্ধৰ্ভত বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত  দক্ষিণ বৰপেটা জিলাা আমছুৰ সভাপতি ৰহুল আমিন, উপসভাপতি ইকবাল হুছেইন, সম্পাদক, ৰফিকুল ইছলামৰ লগতে ভালে সংখ্যক আমছুু’ৰ কৰ্মকৰ্তা উপস্থিত থাকে।

ধৰ্ষণকাৰীৰ বিৰুদ্ধে শুনিলেই আত্মা কঁপি উঠা শাস্তিৰ আইন সৃষ্টি হ’ব কেতিয়া? যোৰহাটত ৰিক্সাৱালাই ধৰ্ষণ কৰিলে মহিলাক।

বাক্সাৰ ভূটানখুঁটিত বন্যহস্তীৰ তাণ্ডৱ : তহিলং কৰিলে ঘৰ-দুৱাৰ, খেতি পথাৰ

ক’ৰোনা মহামাৰীৰ ত্ৰাসৰ মাজতে ৰাজ্যত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ দৈনিক ভিন্ন ঠাইত বন্যহস্তীয়ে চলাই আহিছে তাণ্ডৱ ৷ একাংশই বনাঞ্চল ধ্বংস কৰি অহাৰ ফলতে প্ৰায়ে জনাঞ্চললৈ ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ ফলত উভয় পক্ষৰ সংঘাতত কেতিয়াবা যদি মানুহে প্ৰাণ হেৰুৱাইছে কেতিয়াবা আকৌ প্ৰাণ হেৰুৱাইছে হাতীয়ে ৷ যোৱা নিশা বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমন্তৱৰ্তী ভূটানখুঁটিত বন্যহস্তীয়ে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহি গাৱখনত প্ৰৱেশ কৰি দুটা পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস কৰাৰ লগতে খেতি পথাৰ তহিলং কৰে ৷ নিশা প্ৰায় দুই মান বজাত মুষলধাৰ বৰষুণৰ মাজতে গাৱখনত বনৰীয়া হাতী জাকটোৱে প্ৰৱেশ কৰি ধ্ৰুৱ পৌড়েল আৰু ছবিলাল খৰেল নামৰ ব্যক্তি দুগৰাকীৰ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে ঘৰৰ মূল্যৱান আচবাবপত্ৰ নষ্ট কৰাৰ উপৰিও বাৰীত থকা নাৰিকল, তামোল আৰু কলগছকে ধৰি পাচলিৰ খেতি তহিলং কৰে । উল্লেখ্য যে, বন্যহস্তীয়ে বাসগৃহত আক্ৰমণ চলোৱাৰ সময়তে পৰিয়াল দুটাৰ লোক সকলে ঘৰৰ ভিতৰতে শুই আছিল ৷ কোনোমতে ঘৰৰ পৰা বাহিৰ হৈ দৌৰি পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয় পৰিয়াল দুটাৰ সদস্য সকলে ৷ এনেদৰেই এতিয়া দিনৰ পিছত দিন বনৰীয়া হাতীৰ আতংকৰ মাজতে জীৱন নিৰ্বাহ কৰিব লগা হৈছে ভূটানখুঁটি অঞ্চলৰ ৰাইজে ৷

ধুবুৰীৰ ভাৰত-বাংলা সীমান্ত অঞ্চলৰ পৰা ভাৰতীয় দুই লাখ টকাৰ জাল নোট জব্দ। আটক ২ ।

ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী বিন্নাছোৰা অঞ্চলৰ পৰা ভাৰতীয় মুদ্ৰাৰ দুই লাখ  টকাৰ  জালনোট সহ আটক দুই অপৰাধী। এক গোপন সুত্ৰৰ পম খেদি আজি ধুবুৰী আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে বিন্নাছোৰাত চলাইছিল অভিযান। আৰক্ষী আৰু বি এছ এফৰ যুটীয়া অভিযানত উদ্ধাৰ হয় ভাৰতীয় মুদ্ৰাৰ দুই লাখ জাল নোট।আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ জালনোটৰ লগতে সৰবৰাহকাৰী ক্ৰমে হুছেইন আলী আৰু মোছলেম আলী নামৰ যুৱকদ্বয়ক আটক কৰিবলৈ সক্ষম হয়। ইয়াৰে হুছেইন আলীৰ ঘৰ বিন্নাছোৰাত আৰু মোছলেম আলীৰ ঘৰ  বালাডোবাৰ শৌলমাৰীত।এই দুই লাখ টকাৰ জালনোট বাংলাদেশৰ পৰা ভাৰতলৈ অনাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে,ভাৰতীয় অৰ্থনীতি তচনচ কৰাৰ বাবে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ছফা হয় ভাৰতীয় মুদ্ৰাৰ জাল নোট। আৰু ইয়াৰ লগত জড়িত হৈছে ধুবুৰীৰ একাংশ যুৱক। ধুবুৰীত ইয়াৰ পূৰ্বে ঝগৰাৰপাৰ আৰু দক্ষিণ শালমাৰাৰ মানকাচৰত উদ্ধাৰ হৈছে কেবা লাখ টকাৰ জালনোট।কিন্তু এতিয়ালৈকে উদ্ধাৰ নহল জালনোট ছপোৱা সেই গোপন স্থান।

অভি-নীল হত্যাকাণ্ডৰ ৩ বছৰ: আজিও ন্যায়ৰ অপেক্ষাত পিতৃ-মাতৃ

৮ জুন দিনটোৱে ৰাজ্যবাসীক পুনৰ সোঁৱৰাই দিলে ডকমকা কাণ্ডৰ সেই শিহৰণকাৰী অধ্যায়ৰ। দেশ কঁপোৱা অভি-নীল হত্যাকাণ্ডই আজি তিনি বছৰ সম্পূৰ্ণ কৰিলে। আজিও ন্যায়ৰ অপেক্ষাত অভি-নীলৰ দুয়োটা দুৰ্ভগীয়া পৰিয়াল। ২০১৮ চনৰ আজিৰ দিনটোতে কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হৈছিল মানৱ জাতিক লজ্জানত কৰা সেই হত্যাকাণ্ডৰ। যি হত্যাকাণ্ডই দেশৰ লগতে বিদেশতো জোকাৰণিৰ সৃষ্টি কৰিছিল। কাংঠি লাংছু জলপ্ৰপাতৰ পৰা উভতি অহাৰ সময়ত মাজবাটতে এদল লোকে আগচি ধৰি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল দুজন নিৰ্দোষী যুৱকক। আক্ৰমণকাৰীৰ কৱলৰ পৰা জীৱনৰক্ষাৰ বাবে জনোৱা কাতৰ আহ্বানৰ ভাইৰেল ভিডিঅ’ই জোকাৰি গৈছিল সমগ্ৰ মানৱ জাতিক। সোপাধৰাৰ সন্দেহতেই যুৱকদ্বয়ক হত্যা কৰা হৈছিল বুলি স্বীকাৰ কৰিছিল হত্যাকাৰীৰ দলে। কিন্তু আজিও ন্যায় নাপালে দুৰ্ভগীয়া নিলোৎপল দাস আৰু অভিজিৎ নাথে। ন্যায়ৰ আশাত আজিও বন্দী দুয়োৰে পিতৃ-মাতৃ তথা পৰিয়াল।

আৰিমাৰী গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত ব্যাপক দুৰ্নীতি

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি অনিয়ম । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া / কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধি  লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত । তথাপিও গা লৰানাই বিভাগীয় কৰ্তৃপক্ষৰ । যতেই এনৰেগা আঁচনি তাতেই দুৰ্নীতি । বৰ্তমান খিৰতী গাইত পৰিনত হৈছে এমজি এনৰেগা আঁচনি ।  এটাৰ পিছত আন এটা এমজি এনৰেগা  আচঁনিৰ  নামত লাখ লাখ টকা আবন্টন দিয়া হৈছে যদিও উন্নত  হোৱা নাই বহু পঞ্চায়তৰ  বাট পথ । একে দৃশ্য পৰিলক্ষিত হৈছে  দলগাও শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত  আৰিমাৰি গাও পঞ্চায়তত । অভিযোগ অনুসৰি , আৰিমাৰী গাওঁ পঞ্চায়ত খনৰ অন্তৰ্গত বদলি বৰালি গাৱত ২০২০-২১ বৰ্ষত এগ্ৰিল বান্ধ ফ্ৰম গুনোৰ আলী হাউছ টো আক্কেল আলী হাউছ লৈ যোৱা পথটো নিৰ্মাণৰ নামত এমজি এনৰেগা আঁচনিৰ অধীনত বিভাগীয় ভাৱে  আৱন্টন দিয়ে  ৮ লাখ ২৩ হাজাৰ ৩৯৪ টকা । উক্ত আবন্টিত ধনেৰে প্ৰাককলন জলাঞ্জলি দি  নাম মাত্ৰ কাম কৰি  পথটো অৰ্ধ নিৰ্মিত কৰি সিংহভাগ ধন আত্মসাত কৰি দায়িত্ব সামৰে  পঞ্চায়ত খনৰ জনপ্ৰতিনিধিয়ে । একেদৰে মুনতাজ আলী হাউছ টো গুনোৰ আলী হাউছ লৈ  যোৱা পথটো নিৰ্মাণৰ বাবে এনৰেগা আঁচনিৰ অধীনত প্ৰায় ১০ লাখ টকা আৱন্টন দিয়ে । উক্ত পথচোৱা  নিৰ্মাণৰ নামতো ঠিকাদাৰ ৰূপী জনপ্ৰতিনিধিয়ে সংঘটিত কৰে ব্যাপক দুৰ্নীতি । গাওঁ পঞ্চায়ত খনত চলি থকা এমজি এনৰেগা আৰু চতুৰ্দশ বিত্তীয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।
উক্ত গাওঁ পঞ্চায়তত চৰকাৰে  লাখ লাখ টকা  আৱন্টন দিয়ে  যদিও পঞ্চায়তৰ সদস্য সচিব , কম্পিউটাৰ সহায়ক, ইঞ্জিনীয়াৰ, এক্ৰিকেটেড ইঞ্জিনীয়াৰৰ সহায়ত উক্ত  কামত নিয়োজিত চতুৰ ঠিকাদাৰ ৰূপী পঞ্চায়ত প্ৰতিনিধিয়ে  ৰাইজক অন্ধকাৰত ৰাখি কেই ট্ৰেক্টৰ মান বালি ছটিয়াই আচনি দুটাৰ কাম সম্পন্ন কৰে । উল্লেখযোগ্য যে বিভাগীয় কৰ্তৃপক্ষই আঁচনিৰ কাম তদাৰক নকৰাকৈয়ে লাখ লাখ টকা মুকলাই দিয়া কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ একাংশ বিষয়া কৰ্মচাৰীক  মেনেজ কৰি আৰিমাৰী গাওঁ পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে সংঘটিত কৰিছে এটাৰ পিছত আন এটা  দুৰ্নীতি অনিয়ম । সেয়ে গাওঁ পঞ্চায়ত খনত উত্থাপিত  অভিযোগৰ এক  উচ্চ পৰ্যায়ৰ তদন্ত কৰি সঠিক ভাৱে আঁচনিৰ কাম সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদে ।

ছুইগী–জমেট’ বয়ৰ বেশত ড্রাগ্ছৰ হোম ডেলিভাৰী

ক’ৰোনাসৃষ্ট পৰিস্থিতিত ৰাজ্যজুৰি বলৱৎ হৈ আছে আংশিক লকডাউন৷ দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন৷ কিন্তু অনলাইন ডেলিভাৰী সেৱাসমূহক সান্ধ্য আইনৰ পৰা ৰেহাই দিয়া হৈছে৷ ইয়াৰে সুযোগ লৈ একাংশ অসাধু ব্যক্তিয়ে চলাই গৈছে মাৰাত্মক ড্রাগ্ছৰ হোম ডেলিভাৰী সেৱা৷ জমেট’, ছুইগী আদিৰ লগত জড়িত ডেলিভাৰী বয়ে নিচাসক্তক ঘৰতে যোগান ধৰিছে ব্রাউন ছুগাৰৰ দৰে ড্রাগ্ছ৷ মহানগৰ আৰক্ষীৰ অভিযানত এই ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷

ড্রাগ্ছৰ হোম ডেলিভাৰীত জড়িত তিনিজন সৰবৰাহকাৰীক পল্টনবজাৰ আৰক্ষীয়ে মহানগৰীৰ দক্ষিণ শৰণীয়াৰ পৰা গ্রেপ্তাৰ কৰিছে৷ আৰক্ষীৰ জালত পৰা তিনি সৰবৰাহকাৰী হৈছে শুভাংকৰ সৰকাৰ, ব্রজেন দাস আৰু গায়ত্রী ৰয়৷ তেওঁলোকৰ পৰা আৰক্ষীয়ে ৬ গ্রাম ব্রাউন ছুগাৰ আৰু ১৩টা কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়৷ ধৃত তিনি ড্রাগ্ছ সৰবৰাহকাৰীৰ ভিতৰত ব্রজেন দাসে ছুইগীৰ জৰিয়তে খাদ্য–সামগ্রী ঘৰে ঘৰে যোগান ধৰে৷ একে সময়তে তেওঁ দীর্ঘদিন ধৰি ড্রাগ্ছো যোগান ধৰি আহিছিল৷

ইণ্ডিয়ান আইডলৰ জনপ্ৰিয় পৱনদ্বীপ ৰাজনে কনমানিক শিকালে অসমীয়া গীত।

নতুন চৰকাৰৰ দৃষ্টি পৰিবনে দধিয়াৰ ৰাইজৰ ওপৰত : গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা দধিয়া

গৰাখহনীয়াত ঘৰ ভেঁটি-মাটি সকলো হেৰুৱাই সৰ্বস্বান্ত হৈ জীয়াই থকাৰ বাবে এডোখৰ নিৰাপদ ঠাই বিচাৰি  ৰাজপথত মাহজোৰা আন্দোলন কৰিছিল ডিব্ৰুগড়ৰ চাবুৱা সমষ্টিৰ দধিয়াৰ ৰাইজে। বিগত বৰ্ষত পুনৰ সংস্থাপনৰ প্ৰতিবাদ কৰি তিনিচুকীয়া জিলাৰ উপায়ুক্ত কাৰ্যলয়ৰ সমীপত এগৰাকী গৰ্ভৱতী মহিলা আৰু  এজন যুৱকে মৃত্যুক সাবটি ল’বলগীয়া হৈছিল । প্ৰতিবাদ স্থলীলৈ আহিছিল চৰকাৰৰ মন্ত্ৰী বিধায়ক, দল সংগঠনৰ প্ৰতিনিধি। চৰকাৰে কমিটি গঠন কৰি দধিয়া ৰাইজৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা বুলি প্ৰতিশ্ৰুতি দিছিল । কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতিৰ বহু মাহ পাৰ হ’ল । ৰাজ্যত নতুন চৰকাৰ গঠন হ’ল । কিন্তু নৈপৰিয়া দধিয়াবাসীৰ কেনে আছে খবৰ ল’বলৈ কাৰোৰে সময় নহ’ল । এতিয়া ধাৰাষাৰ বৰষুণৰ পাছতে মহাবাহু ব্ৰহ্মপুত্ৰ ফেনে ফুটুকাই বাঢ়ি অহাত উজাগৰে দিন পাৰ কৰিছে দধিয়াৰ ৰাইজে। ব্ৰক্ষ্মপুত্ৰৰ বালি পলসে সকলো খেটি মাটি নষ্ট কৰাত গাঁও খনৰ ৰাইজৰ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰিছে । সকলোৱে কেৱল ব্ৰক্ষ্মপুত্ৰত মাছ মাৰি পৰিয়াল ভৰণ পোষণৰ চেষ্টা কৰিছে যদিও বহুতৰ বাবে পৰিয়াল চলোৱাটো কষ্টকৰ হৈ পৰিছে । সমাগত বাৰিষাৰ আগতে দধিয়াবাসীক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে ৰাইজে। নহ’লে ৰাজপথতে পুনৰ বাস কৰিব লাগিব দধিয়াবাসীয়ে ।‌