Home Blog Page 3004

হিমন্ত বিশ্ব শৰ্মাই কামাখ্যা ভ্ৰমণ কৰে

হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা দেৱালয় ভ্ৰমণ প্ৰতিদ্বন্দ্বিতা কৰি অহা বিজেপি নেতাগৰাকীক এক বিশাল শোভাযাত্ৰাৰে আদৰণি জনোৱা হয়।

পুৱা তেওঁ দৌল গোবিন্দ মন্দিৰলৈ গৈ পূজা-অৰ্চনা কৰে। হিমন্ত বিশ্ব শৰ্মাই আজি হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকক লৈ পাণবজাৰত উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন-পত্ৰ দাখিল কৰিব। তেওঁ কয়- জালুকবাৰী সদায় মোৰ প্ৰতি দয়ালু আৰু উদাৰ হৈ আছে আৰু থাকিব।

https://twitter.com/himantabiswa/status/1372768673220337669/photo/1

নগাঁৱত বিজেপিৰ ছুনামিত বিধস্ত কংগ্ৰেছ : দুই সহস্ৰাধিক কংগ্ৰেছীৰ বিজেপিত যোগদান

নগাঁৱৰ কংগ্ৰেছ শিবিৰত মোক্ষম আঘাট হানি বৃহৎ সংখ্যক নেতা- কৰ্মীয়ে বিজেপি দলত যোগদান কৰে। নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত প্ৰায় ২ সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰি নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। উল্লেখ্য যে প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ বাবে কংগ্ৰেছত এই খহনীয়াৰ সৃষ্টি হৈছে। নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ শক্তিশালী দাবীদাৰ আছিল নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ডা° দুৰ্লভ চমুৱা। শেষ মূহুৰ্তত কংগ্ৰেছ দলে ডা° চমুৱাক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰি শান্তনু শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদান কৰে। ডা° দুৰ্লভ চমুৱাক প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰাৰ অন্তৰালত নগাঁৱৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ষড়যন্ত্ৰ আছে বুলি নগাঁৱৰ অধিকাংশ কংগ্ৰেছ নেতা কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে। ইয়াৰ পিছতেই নগাঁও সদৰ সমষ্টিত কংগ্ৰেছত খহণীয়া আৰম্ভ হয়। ইয়াৰ অংশ হিচাপে আজি নগাঁও সদৰ সমষ্টিৰ বৃহৎ সংখ্যক কংগ্ৰেছ নেতা – কৰ্মীয়ে নগাঁৱৰ নেহৰুৱালিত অনুষ্ঠিত এক যোগদান সভাত বিজেপি দলত যোগদান কৰে। নগাঁও জিলা বিজেপি উপ সভাপতি সুভাষ দত্তৰ সভাপতিত্বত অনুষ্ঠিত এই যোগদান সভাত অংশগ্ৰহন কৰি‌ নগাঁও সদৰ সমষ্টিৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই যোগদান কৰা কংগ্ৰেছ নেতা কৰ্মী সকলক আদৰণি জনাই কয় : নগাঁও সদৰ সমষ্টি এতিয়া বিজেপিময় হৈ পৰিছে। এইবাৰ নিৰ্বাচনত নগাঁও সদৰ সমষ্টিত বিজেপিৰ কোনো প্ৰতিদ্বন্দি নাই। কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিজেপিত যোগদান কৰি বিজেপি দলক অধিক শক্তিশালী কৰি তুলিছে। এইবাৰ নগাঁও সদৰ সমষ্টিত বিজেপি প্ৰাৰ্থী গৰাকীয়ে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিব। নগাঁও সদৰ সমষ্টিৰ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰাৰ পিছৰে পৰা সমষ্টিটোৰ উন্নয়নৰ বাবে এদিনো বিৰতি নোলোৱাকৈ কাম কৰিছো। নগাঁও সদৰ সমষ্টিত হোৱা উন্নয়ন ৰাইজে প্ৰত্যক্ষ কৰিছে। মই কেনেকুৱা সেয়াও ৰাইজে প্ৰত্যক্ষ কৰিছে। মই নিশ্চিতভাৱে ৰাইজৰ পৰীক্ষাত উত্তীৰ্ণ হ’ম। নগাঁও সদৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মাক আওপকীয়াকৈ সমালোচনা কৰি ৰূপক শৰ্মাই কয়- মই পিতৃ পৰিচয়ৰে ৰাজনীতিলৈ অহা নাই। এই পৰিচয়ৰে মই নিৰ্বাচনো খেলা নাই। বিগত প্ৰায় কুৰি বছৰ ধৰি নগাঁৱৰ সামাজিক, সাংস্কৃতিক আৰু ক্ৰীড়া জগতৰ লগত জড়িত হৈ ৰাইজৰ হকে কাম কৰিছিলো। সেই পৰিচয়ৰে মই ৰাজনীতিলৈ আহিছো। ৰাইজে মোক আদৰি লৈছে। উল্লেখ্য যে সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী শান্তনু শৰ্মা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত মুকুট শৰ্মাৰ পুত্ৰ আৰু শান্তনু শৰ্মা আৰু ৰূপক শৰ্মা সম্বন্ধত ভাই- ককাই। অনুষ্ঠানত অংশগ্ৰহণ কৰি‌ ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী তথা নগাঁও জিলাৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী ৰবি কুমাৰ আগৰৱালাই কংগ্ৰেছ এ আই ইউ ডি এফ ক কঠোৰ সমালোচনা কৰি কয়-এই দুয়োটা দলে অসমৰ সভ্যতা সংস্কৃতিক বাধা দিবলৈ বিচাৰিছে। এই দুয়োটা দলৰ অশুভ মিত্ৰতাই অসমৰ সভ্যতা সংস্কৃতি ধ্বংস কৰিব। সেয়ে এই দুয়োটা দলৰ অপশাসনৰ পৰা অসমক মুক্ত কৰিব লাগিব। এই দুয়োটা দলক বিষাক্ত বুলি মন্তব্য কৰি বিজেপি নেতা গৰাকীয়ে কয়- এইবাৰৰ নিৰ্বাচনত এই দুয়োটা দলক অসমৰ পৰা বিদায় দিব লাগিব। তেওঁ লগতে কয় আজি নগাঁও সদৰ সমষ্টিত কংগ্ৰেছৰ ভেটি উছন হৈছে। কংগ্ৰেছৰ নেতা কৰ্মী সকলে বিজেপিত যোগদান কৰি সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ জয় নিশ্চিত কৰাত এক শক্তিশালী গতি দিলে। আজি বিজেপিত যোগদান কৰা এই নতুন বিজেপি নেতা কৰ্মী সকলে সমানে গুৰুত্ব পাব বুলি মন্তব্য কৰি তেওঁ ভাষণ প্ৰসংগত কয়- এইবাৰ নগাঁও সদৰ সমষ্টিত অসমৰ ভিতৰতে ৰেকৰ্ড সংখ্যক ভোটত  বিজেপি প্ৰাৰ্থী জয়ী হ’ব। আজিৰ এই অনুষ্ঠানত বিজেপিৰ ৰাজ‌্যিক সম্পাদক কিশোৰ উপাধ্যায়, নগাঁও  জিলাৰ বিজেপিৰ সভাপতি অভিজিত নাথ, জ্যেষ্ঠ বিজেপি নেতা মহেন্দ্ৰ কোঁৱৰ, ৄনগাঁও সদৰ, হয়বৰগাঁও আৰু পাখিম’ৰীয়া  বিজেপি মণ্ডলৰ সভাপতিসকল  ক্ৰমে বিজয় গুপ্তা, দিপাংকৰ ৰয়, নৰেন দাস, আন বিষয় ববীয়া পংকজ বৰা, জুলি দাস, ময়ূৰী মহন্ত আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানতেই নগাঁও পৌৰ ব্লক কংগ্ৰেছৰ সভাপতি পৰাণ মহন্ত, সম্পাদক সপোন মহন্ত আৰু পাখিম’ৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ৰবিন দাসৰ নেতৃত্বত দুই সহস্ৰাধিক কংগ্ৰেছ নেতা কৰ্মীয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰা এই নেতা কৰ্মী সকলে কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰা দেখা যায়। ইপিনে  নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত হুজ ৰঙাগড়া গাঁও পঞ্চায়তত আজি বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ উপস্থিতিত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত হুজ ৰঙাগড়া গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ সভানেত্ৰী ফাতেমা বেগম আৰু কেইবাগৰাকীও ৱাৰ্ড সদস্যৰ লগতে দুই শতাধিক কংগ্ৰেছ দলৰ সদস্যই বিজেপি দলত যোগদান কৰে ।

চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী : শুকুৰ আলী আহমেদৰ বাহন চূৰ্ণ বিচূৰ্ণ কৰিলে ৰেলীত অহা লোকে

ৰাইজে বাহন ভাঙি ছিঙি পেলাই দিলে দ’ খালত কোনোমতে প্ৰাণ ৰক্ষা শুকুৰ আলীৰ। ৰেলীত অহা লোকক টকা নিদিয়া বাবে ঘটে এই অঘটন। টকাৰ বিনিময়ত শুকুৰ আনিছিল প্ৰায় পাচ সহশ্ৰাধিক লোক। এই লোকসকলোক লগত লৈ দৌলাশালৰ পৰা ভেল্লা হৈ বহৰি লৈ উলিয়ায় বৃহৎ ৰেলী। শিলা পাৰ হোৱাৰ পিছত জনতা বজাৰৰ পৰা অলপ নিলগত ৰেলীত অহা লোকে বিচাৰে টকা। কিন্তু শুকুৰৰ দালাল কেইজনমানে ৰেলীত অহা লোকক টকা দিবলৈ অমান্তি হোৱাত এই অঘটন ঘটাৰ অভিযোগ উঠিছে। টকা পোৱাৰ পৰা বঞ্চিত সমৰ্থকে শুকুৰ আলীৰ বাহন ঘেৰাও কৰি লাঠিৰে ভাঙি ছিঙি চূৰমাৰ কৰে বাহনখন। তাৰ পিছতে পৰিস্থিতি অধিক ভয়াবহ হয়। দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰ পিট ঘটে বুলি অভিযোগ উঠিছে। চাৰিটা কালৰ কংগ্ৰেছৰ বিধায়ক গৰাকীয়ে ওচৰৰে এঘৰ মানুহৰ ঘৰত সোমাই কোনোমতে প্ৰাণ ৰক্ষা কৰে। 
উল্লেখযোগ্য যে শুকুৰ আলী আহমেদে  টিকট পোৱাৰ পিছতে আজি উলিয়ায় বৃহৎ ৰেলী। কেইবা সহশ্ৰাধিক কৰ্মী সমৰ্থকক লৈ ৰেলী উলিয়াই চমক সৃষ্টি কৰে তেওঁ ভোটাৰৰ মাজত । বিগত বিশ বছৰে নিজৰ দখলত থকা সমষ্টিটোৰ বিশেষ উন্নয়ন নহলেও তেওঁ নিৰ্বাচনৰ সময়ত এইদৰে ৰেলী উলিয়াই ৰাইজক ভেল্কীবানত আবদ্ধ কৰে তেওঁ। সমষ্টিৰ কোণে কোণে প্ৰচাৰ চলায় এই ৰেলীৰে। বহৰি, চেঙা, ভেল্লাৰ মাজৰে পাৰ হৈ শিলাৰে পুনৰ বহৰি উলিয়ায় এই ৰেলী। ভেল্লাত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত চেঙা সমষ্টিত তেওঁৰ কোনো প্ৰতিদ্বন্দী নাই বুলি দম্ভালি মাৰে শুকুৰ আলীয়ে।মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰে তেওঁ। উল্লেখযোগ্য যে চেঙা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী শুকুৰ আলী আহমেদে উলিওৱা এই বৃহৎ ৰেলীৰ ফলত কেইবা ঘন্টা ধৰি বৰপেটা-দৌলাশাল-হাজো পথত যান জঁটৰ সৃষ্টি হয়। ফলত ব্যাপক অসুবিধাত ভূগিব লগা হৈছে সাধাৰণ ৰাইজে। ইপিনে ভেল্লা পাৰ হোৱাৰ পিছতে এই অনাকাংক্ষিত ঘটনাটো ঘটে। 

বকোত দ্বিতীয় বাৰৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থীত্ব নন্দিতা দাসকনগৰবেৰাত উষ্ম আদৰণি দলীয় কৰ্মী – সমৰ্থকৰ

বকো বিধানসভা সমষ্টিত কংগ্ৰেছযে বিধায়িকা নন্দিতা দাসক পুনৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাত সমষ্টিটোৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকসকল উৎফুল্লিত হৈ পৰিছে। প্ৰাৰ্থীত্ব লাভ কৰি কালি নন্দিতা দাসে সমষ্টিটোৰ ছমৰীয়া ব্লক কংগ্ৰেছ এলেকাত প্ৰবেশৰ  লগে লগে কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ কেইবা শতাধিক নেতা কৰ্মী আৰু সমৰ্থকে  সুদুৰ  জামলাইৰ পাঁচ কিলোমিটাৰ পথ বাইক ৰেলী কৰি আদৰি আনি নগৰবেৰাস্থ ইন্দিৰা ভৱন প্ৰাংগণত উপস্থিত হয়। পিছত উৎফুল্লিত দলীয় কৰ্মী সকলে নন্দিতা দাসক গামোচা আৰু ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ লগতে আতচবাজী ফুটাই ইন্দিৰা ভৱন প্ৰাংগণ মুখৰিত কৰি তোলে। ইয়াৰ পিছত দলীয় কৰ্মীৰ সৈতে আলোচনাত মিলিত হৈ সমষ্টিটোৰ ৰংগেশ্বৰীত উৎফুল্লিত কংগ্ৰেছ কৰ্মী সকলে আযোজন কৰা সাংস্কৃতিক কাৰ্যসূচীত অংশ গ্ৰহণ কৰি উপস্থিত সকলোকে হাতত চিহ্নত ভোট দি তেওক বিপুল ভোটত জয়ী কৰিবলৈ আহ্বান জনায়। তদুপৰি কংগ্ৰেছ প্ৰাৰ্থী নন্দিতা দাসে সমষ্টিটোৰ টুপামাৰী, বদলা, ৰাংগাপানী, সোণতলী আদি বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থীত্ব লাভ কৰি নন্দিতা দাসে সংবাদ মাধ্যমৰ আগত  নিজৰ প্ৰক্ৰিয়া প্ৰকাশ কৰি কয় য়ে দ্বিতীয়বাৰৰ বাবে কৰ্মদক্ষতা চাই দলে মোক প্ৰাৰ্থীত্ব প্ৰদান কৰাত মই কংগ্ৰেছৰ উৰ্ধ্বতম কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ । সমষ্টিটোত বিগত দিনত কৰি অহা সেৱা, বানপানী আৰু লক ডাউন সময়ত দৰিদ্ৰ লোকক ওচৰত গৈ কৰা সহায় – সহযোগিতাৰ তথা বহিঃৰাজ্যৰ পৰা সমষ্টিটোৰ বহু  শ্ৰমিক, শিক্ষাৰ্থীক সহায় কৰাৰ বাবে ৰাইজে মোক পুনৰ নিৰ্বাচিত কৰিব কৈ নন্দিতা দাসে কয় আগন্তক নিৰ্বাচনত অগপ দলৰ প্ৰাৰ্থী গৰাকীৰ  লগত মোৰ প্ৰতিন্দ্বিতা হব যদিও বকো সমষ্টিৰ পৰা মই বহু ভোটৰ ব্যৱধানত নিশ্চিতভাৱে জয়ী হম।

ডিব্ৰুগড় দুৰদৰ্শনত ডিমৌৰ পুষ্পাঞ্জলী নাট্য গোষ্ঠীৰ ‘যশোদা’ নাটক সম্পচাৰ

সমাজত ঘটি থকা সন্ত্ৰাসবাদ, মদ ভাঙ, জোৱাৰ অপকাৰিতা, প্ৰদুষণ নিয়ন্ত্রণ কৰা, ডাইনী হত্যা, অন্ধ বিশ্বাস, তুলি লোৱা সন্তানক লৈ ভুল বুজা-বুজি আদি বিভিন্ন দিশ সামৰি অলপতে ডিব্ৰুগড় দুৰদৰ্শনত ডিমৌৰ অন্যতম পুষ্পাঞ্জলী নাট্য গোষ্ঠীৰ  ‘যশোদা’ নামৰ এখন ব্যতিক্রমী নাটক সম্পচাৰ হৈ যায়। নাট্যকৰ্মী অনু গোস্বামীৰ  ৰচিত আৰু জানমণি তামুলিৰ  পৰিচালনাত  সম্পচাৰিত হোৱা নাটখন চিত্র নাট্য সংলাপ দিয়ে ৰচয়িতা গৰাকীয়ে। বিশিষ্ট সমাজকৰ্মী প্ৰমোদ চন্দ্ৰ গোস্বামীৰ ব্যবস্থাপনাত ডিব্ৰুগড় দুৰদৰ্শনৰ কৰ্মকৰ্তা সকলৰ লগতে নাটখন প্ৰযোজনা কৰে মিনতি বড়া আৰু সম্পদনা কৰে চিত্তৰঞ্জন গগৈয়ে। নাটকখনত উপস্থাপন কৰা দেখা গৈছে যে, এটা সভ্ৰান্ত পৰিয়ালৰ পৰিবেশত থাকি এগৰাকী মহিলাই কেনেকৈ বিভিন্ন সমস্যাৰ হৈতে মোকাবিলা কৰি সমস্যা সমুহ সমাধান কৰিব পাৰে তাকে অনু গোস্বামীৰ অভিনয়ত ফুতাই তোলাৰ লগতে জানমণি তামুলী লগত  শাহু বোৱাৰী চৰিত্ৰও ফুতাই তুলিবলৈ প্ৰয়াস কৰিছে। এখন গাম্য জীৱনৰ খুহুতীয়া চৰিত্ৰত   সুন্দৰ ৰূপত অভিনয় কৰে ৰুমী গোস্বামীয়ে। নিজৰ সন্তানক আন এগৰাকী নি-সন্তান মহিলাক হাতত তুলি দি এক মানবীয়তা নিদর্শন অভিনয় যোগেদি দাঙী ধৰে বৰ্ণালী দেৱীয়ে। সমাজৰ পদুষণ মুক্ত কৰাত এগৰাকী নেপালী মহিলাৰ নিখুঁত অভিনয় কৰিছে বিশ্বৰূপা কোঁৱৰে। আটলান্টা কাকতি, গীতালী দেৱীৰ এৰাব নোৱাৰা বন্ধুত্ব, আশা কৰ্মী ৰূপত মীনাক্ষী খনিকৰৰ অভিনয় আৰু নেপথ্য শিল্পী দুলুমণি বৰদলৈ কণ্ঠই সকলোকে সন্মোহিত কৰে।  নাটকখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰে অনু গোস্বামী, জানমণি তামুলী, ৰুমি  গোস্বামী, বৰ্ণালী দেৱী, আটলান্টা কাকতি, গীতালী দেৱী, বিশ্বৰূপা কোঁৱৰ, মীনাক্ষী খনিকৰ আৰু দুলুমণি বৰদলৈয়ে। নাটকৰ শোভাযাত্রাত অভিনয় কৰে বিদ্যাৱতী চাংমাই,ৰিনা বিশ্বকৰ্মা, জিমি বৰুৱা, তাৰা চাহু,ফুলেশ্বৰী চাহু, মেঘালী দেৱী, বাচু চাহু, অনিতা চাহু, চান্তা চাহু, সবিতা চাহু আৰু বিচিত্রা দেৱীয়ে। এই নাটকখন উপভোগ কৰিব বিচৰা সকলে ইউ টিউবত ডিডি ডিব্ৰুগড় “যশোদা” চাৰ্চ কৰি চাব পাৰিব।

দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত হোজাইৰ তিনিটা সমষ্টিত মুঠ ২৬ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৬৯০৩০৭ জন ভোটাৰে

দ্বিতীয় পৰ্য্যায়ত ১ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচন-২০২১ত হোজাই জিলাৰ তিনিটা সমষ্টিত মুঠ ২৬ জন প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ ইয়াৰে ৯০ নং যমুনামুখ বিধানসভা সমষ্টিত মুঠ ১৬ জন প্ৰাৰ্থী ক্ৰমে ছিৰাজুদ্দিন আজমল ( এআইইউডিএফ) , বদৰুল হক (অসম জাতীয় পৰিষদ), ছাদিক উল্লা ভূঞা , (অসম গণ পৰিষদ), দিলোৱাৰা বেগম চৌধূৰী (নিৰ্দলীয়), নুৰ আহমেদ (নিৰ্দলীয়), আব্দুল কাদিৰ (নিৰ্দলীয়), ৰেজুৱান আহমেদ (সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ),সিৰাজ উদ্দিন (নিৰ্দলীয়),বদৰ উদ্দিন, (নিৰ্দলীয় ) , আব্দুল মালিক বৰভূঞা (নিৰ্দলীয়) , হৰি মোহন দাস,(নিৰ্দলীয়)মহম্মদ নাছিৰ উদ্দিন লস্কৰ,(নিৰ্দলীয়) , গৌৰি কোৱঁৰ (নিৰ্দলীয়) আৰু জাহিৰুল ইছলাম লস্কৰ, (জনতা দল ইউনাইটেড) এইবাৰ নিৰ্বাচনী যুঁজত নামিছে৷ সমষ্টিটোত ২১৬৯১৬ গৰাকী ভোটাৰে এইকেই গৰাকী  প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব৷ আনহাতে ৯১ নং হোজাই বিধানসভা সমষ্টিত মুঠ পাঁচজন প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছে৷ প্ৰাৰ্থী ক্ৰমে ৰাজ কুমাৰ গুপ্তা,(লোক ৰক্ষা পাৰ্টী)  ৰামকৃষ্ণ ঘোষ , (ভাৰতীয় জনতা পাৰ্টী) দেৱব্ৰত সাহা (ভাৰতীয় জাতীয় কংগ্ৰেছ) ,দুলাল সুত্ৰধৰ (নিৰ্দলীয় ) নজমুল হুছেইন লস্কৰ (নিৰ্দলীয়) । সমষ্টিটোত মুঠ ২৬৩৭৮০ জন ভোটাৰে তেওঁলোকৰ ভাগ্য নিৰ্ণয় কৰিব৷ তদুপৰি ৯২ নং লামডিং বিধানসভা সমষ্টিৰ প্ৰাৰ্থী ক্ৰমে  টুটু আচাৰ্য, (সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছ) মৌচুমী শৰ্মা বেজবৰুৱা (অসম জাতীয় পৰিষদ),  শিবু মিশ্ৰ,(ভাৰতীয় জনতা পাৰ্টী) স্বপন কৰ( ভাৰতীয় জাতীয় কংগ্ৰেছ) , ছৈয়দ হুছেইন বৰভূঞা,( নিৰ্দলীয়) আৰু ইসকিকাৰ আহমেদ,( নিৰ্দলীয়)  উজ্জ্বল দেৱ (নিৰ্দলীয়)।  মুঠ সাত জন নামিছে নিৰ্বাচনী যুঁজত।এই সমষ্টিত মুঠ ২০৯৬১১ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য৷ শেষত কোনে মাৰিব শেষ হাঁহি ৷তাৰ বাবে কিছুদিন অপেক্ষা কৰিব লাগিব৷

বাবা চাহেব ড°বি.আৰ. আম্বেদকাৰ নেচনেল ফেল’শ্বিপ এৱাৰ্ড প্ৰদান

ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে “বাবা চাহেব ডক্টৰ ভীমৰাও আম্বেদকাৰ নেচনেল ফেল’শ্বিপ এৱাৰ্ড ২০২০” গুৱাহাটীৰ নীলাঞ্জনা শৰ্মা বৰুৱা,দিশপুৰ লখিমী নগৰৰ বৰ্ণালী দাস, গোৱালপাৰাৰ শংকৰ নগৰৰ জয়ন্ত দাস,যোৰহাটৰ চোলাধৰা সুৱাগপুৰৰ অনিমা নেওগ, ম’হবন্ধা নাওশলীয়াৰ প্ৰফুল্ল ভূঞা, চাৰিঙীয়াৰ ৰঞ্জু পূজাৰী দত্ত, যোৰহাট নন্দনপুৰৰ ৰেখামনি কলিতা বৰদলৈ, তিতাবৰ চৰাইপানীৰ নীলিম নয়ন,সন্ধ্যাৰাণী বেজবৰুৱা,গোলাঘাটৰ পাভজান বাৰমুখীয়া গাঁওৰ সুশীলাপ্ৰভা ভৰালী কাকতি,কমাৰবন্ধাৰ মুকুতা হাজৰিকা চেতিয়া, বকলাই চুতীয়া গাঁওৰ ইলা শইকীয়া, দেৰগাঁও জ্যোতি নগৰৰ অৱনী বৰঠাকুৰ, দোমজৰীয়া কছলীয়াল গাঁওৰ অৰুণা ঠাকুৰ, বিশ্বনাথ জিলাৰ গহপুৰ কণিবড়ি গাঁওৰ দিপালী তচা, শিৱসাগৰৰ জেউতি বৰা ভূঞা, তিনিচুকীয়া ডিগবৈৰ ৰশ্মিৰেখা শইকীয়া, ধেমাজিৰ কোলাপথাৰ গাঁওৰ মনিকা ফুকনক সাহিত্য তথা সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে নতুন দিল্লীৰ পঞ্চশীল আশ্ৰম প্ৰাংগণত আয়োজিত দলিত সাহিত্য একাডেমীৰ ৩৬ সংখ্যক লেখক সন্মিলনত প্ৰদান কৰা হয়। আনহাতে একেটা অনুষ্ঠানতে যোৰহাট ন – আলি ঢেকিয়াজুলীৰ কঁহাৰ গাঁওৰ  ৰূপৰেখা বৰুৱাক ৰাষ্ট্ৰীয় সাহিত্যশ্ৰী এৱাৰ্ডেৰে সন্মানিত কৰে।

প্ৰতিভাধৰ ২১ বছৰীয়া যুৱক জনক জীয়াই তুলিবলৈ আপোনাৰ অকণমান সহায়ৰ প্ৰয়োজন

নাটক কৰি ভাল পোৱা লৰাটো মঞ্চত অভিনয়ৰ মাজেৰে জীৱনৰ সপোন ৰচিব খোজা লৰাটো অংশুপ্ৰতীম শইকীয়া ৷ হয়তু বহুতৰে চিনাকি নাম হৈ পৰিছিল অংশুপ্ৰতীম । হঠাৎ ২১ বছৰীয়া অংশুপ্ৰতীমৰ জীৱনলৈ নামি অহা কাল অমানিশাই তেওঁৰ পিতৃ মাতৃৰ লগতে দুখীয়া পৰিয়াল টিক চকুৰ পানীৰে চৌদিশে অন্ধকাৰমই অৱস্থাৰ সৃষ্টি কৰিছে ৷ কাৰ্বিআংলংৰ দেওপানী গাৱঁৰ কম বয়সীয়া যুৱক অংশুপ্ৰতীম বৰ্তমান অতিশয় সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন চিকিৎসা লয়ত ভৰ্তি হৈ আছে ৷ বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ নাটকৰ ছাত্ৰ অংশুপ্ৰতিম শইকীয়া লিভাৰৰ অতি সংকটজনক ৰোগত আক্ৰান্ত হৈ  বৰ্তমান নেমকেয়াৰ হাস্পতালৰ আইচিইউ ত চিকিৎসাধীন হৈ আছে ৷ প্ৰতিভাধৰ যুৱক জনৰ চিকিৎসাৰ বাবে বহু  পৰিমাণৰ মোটা ধনৰ আৱশ্যক হৈ পৰিছে ৷ ইতিমধ্যে বহুতো শুভাকাংক্ষীয়ে তেওঁক সহায়ৰ হাত আগবঢ়াইছে যদিও সেইয়া যথেষ্ট নহয় তেওঁ জীৱনটো বচাবৰ বাবে ৷ অন্যহাতে অংশুপ্ৰতীম শইকীয়াৰ একাউন্টটো ‘জিৰ’ বেলেন্সৰ একাউন্ট’ হোৱা বাবে ১ লাখতকৈ অধিক ধনৰ লেনদেন নহয় । সেই কাৰণে বহু শুভাকাংক্ষীয়ে তেওঁলৈ ধন পঠিয়াব পৰা নাই বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছোঁ । গতিকে হৃদয়বান ব্যক্তি সকলক অংশুপ্ৰতীমৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে  বিনম্ৰতাৰে অনুৰোধ জনাইছে ব্যক্তি সকলে শক্তি অনুযায়ী অংশুপ্ৰতীমক সহায় কৰিব বিচাৰিলে তেওঁৰে নাট্য শিক্ষাগুৰু সোনমণি শৰ্মাৰ একাউন্ট নাম্বাৰত দিব পাৰিব ৷ আপোনালোকৰ অকণমান সহায়ে এজন প্ৰতিভাধৰ যুৱক সুষ্ঠ হৈ উঠিব ৷ পুনৰ মঞ্চত অভিনয় কৰিবলৈ সক্ষম হব ৷ সকলোৰে সুবিধাৰ বাবে তলৰ একাউণ্ট নম্বৰটোত দিব পাৰিব ৷
সোণমিণ শৰ্মা
একাউণ্ট নং – ৩৩৮২১৬৭৬৬৭৩
IfSc:SBIN0007060

নগৰবেৰাৰ মালঞ্চাত ৪০ সংখ্যক সাৰ্বজনীন পালনাম মহোৎসৱ আয়োজন

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰগ্ৰাম মালঞ্চাত ২০ ,২১ আৰু ২২ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য ধৰ্মীয় কাৰ্যসূচীৰে সাৰ্ব্বজনীন পালনাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মালঞ্চা জগন্নাথ মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিতব্য পালনাম মহোৎসৱৰ কাৰ্যসূচী সমূহ যথাক্ৰমে-২০ মাৰ্চৰ পুৱা ৯-০০ বজাত ধৰ্মধ্বজা উত্তোলন ,৯-৩০ বজাত স্মৃতি তৰ্পণ ও শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ,১০-০০ বজাত গছপুলি ৰোপণ ,১০-৩০ বজাত সমূহীয়া চাফাই অভিযান ,সন্ধিয়া ৬-০০ বজাত ৪০ গছি বন্তি প্ৰজ্বলন ,৬-৩০ বজাত গাঁৱৰ পদূলিয়ে-পদূলিয়ে বন্তি প্ৰজ্বলন ,৭-০০ বজাত ভাগৱত আনয়ন ,৮-৩০ বজাত ভাগৱত স্থাপন ,৯-০০ বজাত ভড়াল স্থাপন ও অধিবাস ,২১ মাৰ্চৰ পুৱা-ব্ৰহ্মমুহুৰ্তত ভাগৱত স্থাপন প্ৰসঙ্গ(২৪) যুগল আৰু অখণ্ড পালনাম ,দিনৰ ১১-০০ বজাত আয়তী সকলৰ নাম-প্ৰসঙ্গ, আবেলি ২-০০ বজাত আমন্ত্ৰিত নামদলৰ নাম আৰু ২২ মাৰ্চৰ পুৱা ৭-০০ বজাত ভাগৱত ভ্ৰমণ, ১১-০০ বজাত সমূহীয়া প্ৰাৰ্থনা আৰু কেচাঁ প্ৰসাদ বিতৰণ, দুপৰীয়া ১-০০ বজাত প্ৰীতি ভোজ আৰু আবেলি ৪-০০ বজাৰ পৰা আয়তী নাম। পালনাম মহোৎসৱৰ তিনিও দিনৰ প্ৰতিটো কাৰ্যসূচীতে আয়োজক সমিতিৰ হৈ ক্ৰমে-সভাপতি-হেমচন্দ্ৰ কলিতা, উপ সভাপতি-মহেন্দ্ৰ পাঠক, মুখ্য সম্পাদকদ্বয়-ৰবেন দাস, ৰঞ্জিত মজুমদাৰ, সম্পাদকদ্বয়-নিশিকান্ত কলিতা, বিপুল কলিতা, সহঃসম্পাদকদ্বয়- শচীন দাস, কাৰ্তিক ঠাকুৰীয়া আদিয়ে সমূহ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি ও সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে। 

গীতা-ববিতাৰ ভগ্নী ৰিতিকা ফোগাতৰ আকিস্মক মৃত্যু

কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী গীতা ফোগাত আৰু ববিতা ফোগাতৰ খুড়া ছোৱালী (ভনী) ৰিতিকা ফোগাতৰ মৃত্যু হৈছে। আজি এই খবৰ টুইটযোগে নিশ্চিত কৰে দুই ভগ্নীয়ে। খবৰ অনুসৰি ১৭ বছৰীয়া ৰিতিকা যোৱা সপ্তাহত ভাৰতপুৰত এখন কুস্তি প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰি ঘৰলৈ উভতি আহিছিল।