বিগত পাঁচটা বছৰে বিজেপিৰ দখলত থকা নগাঁও জিলাৰ ৮২ নং ৰহা বিধানসভা সমষ্টিত বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অভিযান অতিকৈ তুংগত উঠা দেখিবলৈ পোবা গৈছে ৷ ১ এপ্ৰিলত হব লগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মধ্য অসমৰ নগাঁও জিলাৰ এটা গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৰহা বিধানসভা সমষ্টি ৷ মুঠ ২,১০,২৩২ গৰাকী ভোটাৰ থকা ৰহা বিধানসভা সমষ্টিৰ মহিলা ভোটাৰকৈ পুৰুষ ভোটাৰৰ সংখ্যা অধীক আছে ৷ অনুসুচীত জাতি (sc) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হোবা সমষ্টিটোত পুৰুষ ভোটাৰ সংখ্যা ১,০৭,৬৯৩ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১,০২,৫৩৭ গৰাকী আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে ৷ সমষ্টিটোত এইবাৰ নিৰ্বাচনত মুঠ প্ৰাৰ্থী ৰূপে সাত জনে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ ইয়াৰ ভিতৰত এইবাৰ ৰহা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী হিছাপে অগপৰ বিষ্ণু দাসে প্ৰাৰ্থীত্ব লাভ কৰিছে ৷ কংগ্ৰেছ মহাজোটৰ পৰা শশীকান্ত দাসে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ অসম জাতীয় পৰিষদৰ পৰা উৎপল বনিয়া ৷ জনতা পাৰ্টিৰ পৰা মনি দাস ৷ নিৰ্দলীয় ৰূপে প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাস,চিত্ৰলেখা দাস আৰু ৰুবুল দাসে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে ৷ৰহাত প্ৰথম অৱস্থাত বিজেপি মিত্ৰজোটৰ অগপ প্ৰাৰ্থী এগৰাকী নতুন মুখৰ প্ৰাৰ্থী বুলি বিষ্ণু দাসে প্ৰাৰ্থীত্ব লাভ কৰাত ৰহা বিজেপিৰ দলীয় নেতা কৰ্মী সকলৰ মাজত তীব্ৰ বিক্ষোভ সৃষ্টি হৈছিল যদিও বৰ্তমান যোৱা দেওবাৰে ৰহা সমষ্টিৰ বিজেপি মিত্ৰজোটৰ অগপ প্ৰাৰ্থী জনৰ হৈ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী তথা নগাঁও লোকসভা সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ ৰাজেন গোহাঁই নিজে উপস্থিত হৈ প্ৰাৰ্থী জনৰ হৈ ৰাইজৰ মাজত প্ৰচাৰ চলোবাৰ পিছৰে পৰা বিজেপিৰ কৰ্মী তথা নেতা সকলৰ মাজত বিক্ষোভ বৰ্তমান নাইকিয়া হোৱা দেখা গৈছে ৷ ইয়াৰ সমান্তৰালকৈ অগপ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰা আৰু নেডাৰ আহ্বায়ক তথা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ চলাবলৈ অলপতে ৰহালৈ আহিব বুলি জানিব পৰা গৈছে ৷ আনহাতে,কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী হিছাপে শশীকান্ত দাসে ৰহা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰাত ৰহা কংগ্ৰেছ কৰ্মীৰ মাজত ব্যাপক উৎসাহ- উদ্দীপনা দেখিবলৈ পোবা গৈছে ৷ বিগত চৈধ্য-পোন্ধৰ বছৰ ধৰি ৰহাত কংগ্ৰেছৰ হৈ কাম কৰি থকা শশীকান্ত দাসে যোৱা ১২ মাৰ্চত ৰহা সমষ্টিৰ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী হিছাপে নগাঁও উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ সময়ত মিত্ৰজোটৰ প্ৰাৰ্থীক তীব্ৰ প্ৰত্যাহ্বান জনাই যি বৃহৎ ৰেলীৰে মনোনয়ন পত্ৰ দাখিল কৰিলে তালৈ লক্ষ্য কৰিলে দেখা যায় ৰহাত মিত্ৰজোটৰ প্ৰাৰ্থীতকৈ বৰ্তমান প্ৰচাৰত কংগ্ৰেছৰ শশীকান্ত দাস যথেষ্ট আগবাঢ়ি থকা পৰিলক্ষিত হৈছে ৷ ৰহা সমষ্টিৰ পৰা পূৰ্বে অৰ্থাৎ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰি জয়ী হৈছিল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ একান্ত বিশ্বস্ত, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বৰ্তমান অসম মন্ত্ৰী সভাৰ এগৰাকী অন্যতম মন্ত্ৰী, ৰাজ্যিক স্বাস্থ্য তথা নগৰ উন্নয়নৰ স্বতন্ত্ৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ নিজৰ ৰাজনৈতিক জীৱনৰ প্ৰথমাবস্থাত ২০১১ চনত ৰহা বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ ৫৬,৪৩০ টা ভোট লাভ কৰি জয়ী হবলৈ সক্ষম হৈ বিধায়ক হৈছিল পীয়ুষ হাজৰিকা ৷ নিজৰ বাকপটুতাৰ বলত পীয়ুষ হাজৰিকাই সেইবাৰ এ আই ইউ ডি এফ দলৰ হৈ নিৰ্বাচনত অৰ্ৱতীন হোৱা ২০০৬ চনৰ ৰহাৰ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসক পৰাজিত কৰিছিল ৷ সেইবাৰ গুনেশ্বৰ দাসে ৰহা সমষ্টিত লাভ কৰিছিল ৩৮,৪৪৭ টা ভোট ৷ ২০১১ চনত বৰ্তমানৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগত পৰাজয় বৰণ কৰা প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসৰ ভোটৰ ব্যৱধান আছিল ১৭,৯৮৩ টা ৷ কিন্ত, বিগত ২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিছাপে শশীকান্ত দাসে মুঠ ৪৩,৮৬৭ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছিল ৷ তেতিয়া বিজেপিৰ ডিম্বেশ্বৰ দাস জয়ী হৈ বিধায়ক নিৰ্বাচিত হৈছিল ৷ ২০১৬ চনত বিজেপিৰ ডিম্বেশ্বৰ দাসে লাভ কৰিছিল ৭৬,৯৪১ টা ভোট ৷ ডিম্বেশ্বৰ দাসৰ বিপৰীতে শশীকান্ত দাসে লাভ কৰা ভোটৰ ব্যৱধান আছিল ৩৩,০৭৪ টা ৷ আনহাতে,২০০৬ চনৰ বিধানসভা নিৰ্বাচনত নৱগঠিত এ ইউ ডি এফ দলৰ হৈ ৰহাৰ পৰামাত্ৰ ৩৮৭ টা ভোটৰ ব্যৱধানত কংগ্ৰেছৰ আনন্দৰাম বৰুৱাক পৰাজিত কৰি বিধায়ক হৈছিল গুনেশ্বৰ দাস ৷ ২০০৬ চনত গুনেশ্বৰ দাসে লাভ কৰিছিল ৩২,৯৭২ টা ভোট আৰু কংগ্ৰেছৰ আনন্দৰাম বৰুৱাই লাভ কৰিছিল ৩২,৫৮৫ টা ভোট ৷ প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসে বৰ্তমান এ উই ডি এফ দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰিছিল ২০২১ ৰ নিৰ্বাচনত ৰহা সমষ্টিৰ পৰা কংগ্ৰেছৰ মহাজোটৰ টিকত লাভৰ আশাত ৷ কিন্ত,কংগ্ৰেছৰ একাংশ প্ৰাক্তন মন্ত্ৰীৰ লবী কেন্দ্ৰীক ৰাজনীতিৰ বাবে গুনেশ্বৰ দাসে শেষ মুহুত্বত কংগ্ৰেছ দলৰ পৰা টিকত লাভ নকৰি সমষ্টিবাসী ৰাইজৰ দাবীত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল কৰে ৷ অৱশ্যে, কংগ্ৰেছ দলৰ তৰফৰ পৰা গুনেশ্বৰ দাসৰ মনোনয়ন পত্ৰ উঠাই লোবা ক্ষেত্ৰত দলৰ শীৰ্ষ নেতৃত্বতই যোগাযোগ কৰিছে যদিও তেওঁ বৰ্তমান সময়লৈকে মনোনয়ন উঠোবা- নোঠোবা বিষয়ক লৈ কোনো সিদ্ধান্ত লোবা নাই বুলি জানিব পৰা গৈছে ৷ যিহেতু প্ৰাক্তন বিধায়ক গুনেশ্বৰ দাসৰ ৰহা সমষ্টিত এটা সৱল স্থিতি আছে বৰ্তমান ভোটাৰ ৰাইজৰ মাজত ৷ দুখীয়াৰ বন্ধু ৰূপে পৰিচিত এই গৰাকী প্ৰাক্তন বিধায়কে সমষ্টি বিভিন্ন স্তৰৰ লোকৰ লগত দীৰ্ঘদিনৰ পৰা সুসম্পৰ্ক ৰক্ষা কৰি চলা বুলি বৰ্তমান সময়ত সমষ্টি বাসীৰ মাজত চৰ্চা লাভ কৰিছে ৷ সেইফালৰ পৰা এইগৰাকী প্ৰভাবশালী প্ৰাক্তন বিধায়কৰ বাবে ২০২১ ৰ নিৰ্বাচনত কংগ্ৰেছ মহাজোটৰ বৃহৎ ক্ষতি হোবাৰ সম্ভাৱনা আছে ৷ ইফালে,ৰহা সমষ্টিত এইবাৰ দুটা নতুন ৰাজনৈতিক দলে ভুমূকি মাৰিছে ৷ সমষ্টিটোত অসম জাতীয় পৰিষদ দলৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰতিস্থিত অসমীয়া গহনাৰ এজন উদীয়মান যুৱ ব্যৱসায়ী উৎপল বনিয়াই ৷ অসমৰ এই থলুৱা অসমীয়া গহনাক বিশ্বদৰবাৰত চিনাকি কৰাৰ উদ্দেশ্য বহুকাম কৰি অহা এজন যুৱক উৎপল বনিয়াই ৰহা সমষ্টিৰ পৰা জাতীয় পৰিষদ দলৰ হৈ বৰ্তমান প্ৰচাৰ তুংগত কৰি তুলিছে ৷ ৰহা সমষ্টিৰ যুৱক সকলৰ মাজত অতিকৈ জনপ্ৰিয় ৰূপে পৰিচিত উৎপল বনিয়াই সমষ্টিটোৰ চুকেকোণে সুমাই নিজৰ প্ৰচাৰ অভিযান তীব্ৰতৰ কৰা গৈছে ৷ অন্যহাতে,জাতীয়তাবাদী কণ্ঠৰে দীৰ্ঘদিনৰ পৰা অসম অনুসুচীত জাতি মৰ্চাৰ এজন সক্ৰিয় কৰ্মী ৰুবুল দাসে এইবাৰ ৰহা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিছাপে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও পিছ মুহুত্বত তেওঁ নিৰ্দলীয় ৰূপে পুনৰ মনোনয়ন দাখিল কৰা কাৰ্যই ভোটাৰ ৰাইজৰ মাজত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ সমষ্টিৰ ৰাইজৰ মাজত জাতীয়তাবাদী ভাৱ ধাৰাৰে প্ৰচাৰ কাৰ্য তুংগত তুলি ধৰিবলৈ সক্ষম হোবা এই গৰাকী প্ৰাৰ্থীয়ে ৰহা সমষ্টিৰ বিভিন্ন পিছপৰা অঞ্চলত সুমাই প্ৰচাৰ কৰা দেখিবলৈ পোবা গৈছে ৷ সমান্তৰালভাৱে ৰহা সমষ্টিত বৰ্তমান জনতা পাৰ্টিৰ মনি দাস আৰু অন্যান্য নিৰ্দলীয় প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযানো তুংগত উঠা পৰিলক্ষিত হৈছে ৷ দীৰ্ঘদিনৰ পৰা ৰহা সমষ্টিৰ বিভিন্ন সমস্যাৰাজি ক্ৰমে- উন্নত বাটপথ,পকী দলং,উন্নত স্বাস্থ্য সেৱা,কৃষি পথাৰত উন্নত ব্যৱস্থাৰে পানী যোগান,পৰিস্কাৰ বিশুদ্ধ খোৱা পানী ব্যৱস্থাকে ধৰি বহুকেইটা জলন্ত সমস্যা আছে ৷ যি স্বাধীনতাৰ ৭২ বছৰৰ পিছতো বৰ্তমান সম্ভৱ হৈ উঠা নাই ৷ যাতায়তৰ ক্ষেত্ৰত সমষ্টিটোৰ বহু পিছপৰা অঞ্চলৰ ৰাইজে এখন পকী দলংৰ অভাৱত শাকোৰেই দুৰ্বিষহ যাতায়ত অব্যাহত ৰাখিব লগা গৈছে ৷ প্ৰতি পাঁচ বছৰৰ মোৰত নিৰ্বাচন আছে আৰু যাই কিন্ত সাধাৰণ জনতাৰ এই সমস্যাবোৰ সমস্যা হৈয়ে থাকে ৷ নিৰ্বাচনৰ সময়ত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে মনভোলোৱা কথাৰে প্ৰচাৰকাৰ্য চলাৱ যদিও, ৰহা সমষ্টিৰ ৰাইজে অহা ১ এপ্ৰিলত নিজৰ বহুমূলীয়া ভোট সাব্যস্ততৰে কেনে জনপ্ৰতিনিধি নিৰ্বাচন কৰি নিজৰ সমষ্টিৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ নিৰ্মোল কৰে সেইয়া অহা ২ মে’ৰ নিৰ্বাচনৰ ভোটগণনাত স্পষ্ট হব ৷
বকতাত অ’এনজিচিৰ ভয়ানক প্ৰদুষণ : মুগা পালকৰ চুমনিৰ মুগা গছতে মৰিছে
শিৱসাগৰ জিলাৰ অ’এনজিচিৰ উত্তৰ-পৰীয়া তৈল ক্ষেত্ৰৰ অন্তৰ্গত বকতাৰ বিভিন্ন এলেকাত বহু মুগা পালকে অতীজৰ পৰাই পৰম্পৰাগতভাৱে মুগা পালন কৰি আত্মনিৰ্ভৰশীল হোৱাৰ লগতে ঐতিহ্যপূৰ্ণ তথা চহকী মুগা শিল্পটোক জীয়াই ৰখাত আত্মনিয়োগ কৰি আহিছিল যদিও তেওঁলোকৰ বাবে এতিয়া অভিশাপ স্বৰূপ হৈ পৰিছে উদ্যোগটো। কৃষি প্ৰধান বকতা অঞ্চলত মুগা পালনৰ লগত জড়িত লোকসকল অ’এনজিচিৰ ভয়ানক প্ৰদুষণৰ বাবে বৰ্তমান চৰম হতাশগ্ৰস্ত হৈ পৰিছে। মুগাপালকসকলৰ চুমনিৰ মুগা অ’এনজিচিৰ খাদৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক পদাৰ্থ, গেছ আৰু ধোঁৱাৰ বাবে গছৰ মুগা গছতে মৰি গৈছে। মুগা পালনেৰে অৰ্থ উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া এইসকল লোকে এতিয়া হতাশাত মূৰে- কপালে হাত দিছে। আজি বকতানেমুগুৰিৰ এজন মুগা পালক ভূপেন চূতীয়াই তেওঁৰ চুমনিৰ যথেষ্ট সংখ্যক মুগা কাষৰ অ’এনজিচিৰ EV 2004 নম্বৰৰ তেল খাদৰ পৰা প্ৰদুষণ হোৱাৰ ফলতে নষ্ট হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। প্ৰতি বছৰে মুগা খেতি কৰি লাভৱান হোৱা লোকজনে এইবাৰ মুঠ ৬০০ খৰিকা লগোৱা চুমনিখনত এখনো(১০০০টা লেটা) মুগা উৎপাদন কৰিব নোৱৰা বুলি দুখেৰে জানিবলৈ দিছে। অ’এনজিচিৰ প্ৰদুষণৰ ফলতে ক্ষতিগ্ৰস্ত মুগা পালকসকলে অচিৰে ইয়াৰ উচিত ক্ষতিপূৰণ দাবী কৰিছে। অন্যথা অ’এনজিচিৰ বিপক্ষে খাদ বন্ধৰ দৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লব বুলিও জানিবলৈ দিছে।
হোজাই মোৰাঝাৰত মানৱ সমাজক লজ্জিত কৰা ঘটনা
হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী চকীৰ অন্তৰ্গত দেৱস্থান গাঁৱৰ এগৰাকী চৈধ্য বছৰীয়া কিশোৰীয়ে যোৱা বৃহস্পতি বাৰে এটা পুত্ৰ সন্তান জন্ম দিয়ে। যিহেতু কিশোৰী গৰাকী নাবালক অ-বিবাহিত তেনে স্থলত কিশোৰী গৰাকীৰ ঘৰত সন্তান জন্ম লোৱাত অঞ্চলটোত হুৱা-দুৱাৰ সৃষ্টি হোৱাত কিশোৰী গৰাকীক এই বিষয় শুদ-পোছ কৰাত ছোৱালী গৰাকীৰ মুখৰ পৰা এই সন্তানটিৰ পিতৃ মিনহাজ উদ্দিন নামৰ এজন ফেচবুক সাংবাদিকৰ নাম কয়। কিশোৰী গৰাকীয়ে কোৱা মতে মিনহাজে আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বৰে পৰা ভূৱা প্ৰেমৰ প্ৰলোভন দি অবৈধ বাবে শাৰীৰিক সম্পৰ্ক কৰি তাইক এই অবৈধ মাতৃৰ বুজা জাপি দিলে। কিছুমানে আকৌ এই বিষয়টো লৈ কিশোৰী গৰাকীযক আইনৰ আশ্ৰয় লোৱাত বাধা প্ৰদান কৰাৰো অভিযোগ উত্থাপন কৰিছে। যোৱা কালি হোজাই জিলা আইন সেৱা প্ৰাধিকাৰণৰ এটা প্ৰতিনিধি দলে এই কিশোৰী গৰাকীৰ ঘৰ পৰিদৰ্শন কৰি সম্পূৰ্ণ আইনী সাহাৰ্য প্ৰদান কৰাৰ আশ্বাস দিয়ে। মোৰাঝাৰ আৰক্ষী চকীত এখন এজাহাৰ প্ৰদান কৰিলে। মিনহাজে এই বিষয় সম্পূৰ্ণ অস্বীকাৰ কৰিলে। পুলিচৰ সঠিক তদন্তত প্ৰকৃত সত্য পোহৰলৈ আহিব।
ছয়গাঁৱত ৰে’লৰ চেঁপাত যুৱকৰ মৃত্যু
দক্ষিণ কামৰূপৰ মাজেৰে পাৰ হৈ যোৱা কামাখ্যা – যোগীঘোপা সংযোগী ৰে’ল আলিৰ বালাপুখুৰী অংশত আজি এগৰাকী যুৱকৰ ৰে’লৰ চেঁপাত মৃত্যু হয়।জানিব পৰা মতে ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতি গাঁৱৰ ৰজক মণ্ডল নামৰ যুৱক জনে কৰ্মসূত্ৰে পাছামতোলা গাঁৱলৈ যাবলৈ ৰে’ল আলিটো পাৰ হবলৈ লওতে দুৰ্ঘটনাটো সংঘটিত হয়।পিছত ঘটনাৰ খবৰ লাভ কৰি ছয়গাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ নিজ মৰ্গলৈ লৈ যায়।
বঢ়মপুৰত জিতূ গোস্বামীৰ নিৰ্বাচনী প্ৰচাৰ সভাত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
‘কংগ্ৰেছক ভোট দিয়া মানে বদৰুদ্দিন আজমলক দিছপুৰৰ দুৱাৰ ডলিলৈ অনা।তাৰ পিচত আমি কাৰ ওচৰত মাত দিম,কাৰ ওচৰত কান্দিম ভৱিষ্যতৰ সেই কথা বোৰ আপোনালোকে এবাৰ চিন্তা কৰি চাব।বদৰুদ্দিন আজমলে যদি দিছপুৰৰ বৰঘৰত বহি লয় অসমীয়া জাতিয়ে কেতিয়াও মুৰ দাঙি থাকিব নোৱাৰে সেই কথা স্পষ্ট।আপোনালোকে ধিং,ৰূপহীহাট,বটদ্ৰৱাৰ কথা জানে,কাজিৰঙাৰ গঁড় কেইটাই কেনেদৰে কান্দি আছিল সেই কথা জানে।’- এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।আজি বঢ়মপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীৰহৈ প্ৰচাৰ চলাবলৈ আহি এখন ৰাজহুৱা সভাত ভাষন প্ৰদান কৰি মন্ত্ৰী ডঃ শৰ্মাই কংগ্ৰেছক ক্ষোৰধাৰ সমালোচনা কৰি কয় যে-‘কেইদিনমানৰ পূৰ্বে মই দেখিলো ৰকিবুল হুছেইনে হাতীৰ পিঠিত উঠিছে।আৰ পি শৰ্মাজনে দিল্লীত ঘোঁৰাৰ পিঠিত উঠিছে আৰু ৰিপুন বৰাই মুখ্যমন্ত্ৰী হবলৈ আজমলৰ কোলাত উঠিছে।এনেদৰে দেশ চলিব নেকি।’ সমাগত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীক ভোট দিবলৈ ৰাইজক আহ্বান জনাই তেওঁ কয় যে-‘এই নিৰ্বাচনত বিজেপিক ভোট দিব লাগিব যাতে আমাৰ সত্ৰ-সংস্কৃতি,নামঘৰ আদি বাচি থাকে।’ তেওঁ লগতে কয় যে-‘৭০ বছৰ কংগ্ৰেছ শাসনত আছিল কেতিয়াবা নামঘৰত অনুদান দিয়াৰ কথা চিন্তা কৰিছিল নেকি?আজি বিজেপিয়ে ১২ হাজাৰ নামঘৰত অনুদান দিলে।আজমল আৰু কংগ্ৰেছৰ চৰকাৰ হলে মাদ্ৰাছাত ধন দিব কিন্তু বিজেপিয়ে নামঘৰত ধন দিব।’ মন্ত্ৰী ডঃ শৰ্মাই কয় যে-‘এই নিৰ্বাচন কোন বিধায়ক হব সেই নিৰ্বাচন নহয়,এই নিৰ্বাচন আমাৰ জাতিটোক জীয়াই ৰখাৰ নিৰ্বাচন।সমাগত নিৰ্বাচন দিছপুৰৰ পৰা বদৰুদ্দিন আজমলক ৰাজনৈতিক ভাবে গতিয়াই গতিয়াই খেদাৰ নিৰ্বাচন।এনেদৰে খেদিব লাগিব যাতে ৰিপুন বৰা আৰু আজমলে বাংলাদেশতগৈ মুখ্যমন্ত্ৰী হব পাৰে।’ ডঃ শৰ্মাই কেৱল বঢ়মপুৰতেই নহয় ৰহা,নগাঁও আদিতো বিজেপিক জিকাব লাগিব বুলি মন্তব্য কৰি এশখন আসনৰে চৰকাৰ গঠন কৰিব লাগিব বুলি কয়।তেওঁ অৱশ্যে বটদ্ৰৱা বিধান সভা সমষ্টিৰ নাম উল্লেখ নকৰিলে।ইপিনে বিজেপি চৰকাৰৰ দিনত ৰূপায়িত বিভিন্ন আঁঁচনিৰ কথা উল্লেখ কৰি তেওঁ প্ৰতিশ্ৰুতি দিয়ে যে-ইতিমধ্যে ৰূপায়িত অৰুণোদয় আচনিৰ ধন ৮৩০ টকাৰ স্থানত পৰ্যায়ক্ৰমে ৩ হাজাৰ টকালৈ বৃদ্ধি হব।বিজেপি চৰকাৰৰ প্ৰথম বছৰতে ১ লাখ যুৱক-যুৱতীক চাকৰি দিয়া হব ।যিখিনি ঋণ ললে দুখীয়া মহিলা সকলে ঘূৰাই দিব নোৱাৰে তেওঁলোকৰ ঋণ পৰিশোধৰ দায়িত্ব চৰকাৰে লব।’ অৱশ্যে মন্ত্ৰী ডঃ শৰ্মাই মাইক্ৰফাইনেন্সৰ পৰা ঋণ নলবলৈ মহিলা সকলক অনুৰোধ জনাই। ডঃ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ হাতৰ সূত্ৰৰ পৰিবৰ্তন হৈছে বুলি মন্তব্য কৰি কয় যে -‘কংগ্ৰেছে বদৰুদ্দিন আজমলৰ লগত হাত মিলাইছে।বদৰুদ্দিনৰ লগত চৰকাৰ কৰিব খুজে।আজমলৰ চিন্তা-চৰ্চাৰ লগত আমি একেলগে থাকিব নোৱাৰো।কেইদিনমানৰ আগত এটা ভিডিঅত আজমলে কৈছে যে যিমান পাৰি সিমান সন্তান জন্ম দিব লাগে। অধিক সন্তান জন্ম দিলে মাতৃ সকলৰ স্বাস্থ্য ক্ষতি হব।আজমলে মুখ্যমন্ত্ৰী হোৱাৰ স্বাৰ্থত মাতৃসকলৰ স্বাস্থ্য হানি হোৱাটো বিচাৰিছে।’ সভাত বঢ়মপুৰ সমষ্টিৰ সভাপতি নৰেন শৰ্মা,বঢ়মপুৰ বিধান সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামী,ন বিজেপি নেতা বিভূতি বৰঠাকুৰৰ উপৰিও বাবুল বৰা ,নিভা শৰ্মা,সুৰজিৎ গোস্বামী,চন্দন বৰা আদি বিজেপি নেতা সকল উপস্থিত থাকে।মন্ত্ৰী ডঃ শৰ্মাই সভাখনত বিজেপি আৰু অগপ কৰ্মী-সমৰ্থক সকলে যৌথভাবে মিলি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীক বিজয়ী কৰিব লাগিব বুলি আহ্বান জনালেও প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বঢ়মপুৰ সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ নাম এবাৰলৈও উল্লেখ নকৰিলে ।
নাজিৰা জয়া বাগানত গাঁতত পুতি থোৱা অৱস্থাত মৃত নাহৰফুটুকী বাঘ উদ্ধাৰ
নাজিৰাত বন্যপ্ৰাণীৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাব ধৰিছে । থিক তাৰ মাজতে হেৰাই গৈছে মানৱতা । নাজিৰা খণ্ড বন বিভাগৰ অন্তৰ্গত জয়া বাগানত আজি মাটিত গাঁত খাণ্ডি পুঁতি থোৱা অৱস্থাত উদ্ধাৰ হোৱা মৃত নাহৰফুটুকী বাঘক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বৰ্তমানেও এই আতংক অব্যাহত আছে । বন বিভাগৰ উপস্থিতিত জয়া বাগানত গাঁতত পুতি থোৱা অৱস্থাত থকা নাহৰফুটুকী বাঘটো খতবিক্ষত দুৰ্গন্ধ প্ৰায় । বন বিভাগে জানিবলৈ দিয়ামতে বাঘটোৰ বয়স প্ৰায় ১২ বছৰ মান হ’ব । আনহাতে উদ্ধাৰ হোৱা বাঘটো দাঁত, নেগুৰ, চাৰিওটা ঠেং, নখ নাছিল । কোনো অজ্ঞাত দুস্কৃতিকাৰীয়ে বন্যপ্ৰাণীটো নৃশংসভাৱে হত্যা কৰি মুনাফা লাভৰ স্বাৰ্থত এনেদৰে নাহৰফুটুকীটো বাঘটো খতবিক্ষত কৰি দেহৰ অংগ পতংগ সমূহ কাটি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে । ঘটনা সন্দৰ্ভত নাজিৰা খণ্ড বন বিভাগে প্ৰাথমিক তদন্তৰে দুস্কৃতিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ।
লাহোৱালত আৰক্ষীৰ নিয়মীয়া তালাচীত ধন জব্দ
২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন। ৰাজ্যত বলৱৎ হৈ থকা নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। ইয়াৰ মাজতে ডিব্ৰুগড়ত মঙ্গলবাৰ আৰু বুধবাৰে বৃহৎ পৰিমানৰ ধন জব্দ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ লাহোৱাল ৰে’লৱে ক্ৰছিঙৰ পৰা মঙ্গলবাৰে ৩ লাখ ৮০ হাজাৰ টকা নগদ ধন জব্দ কৰাৰ পিছতে বুধবাৰে ১ লাখ ২৫ হাজাৰ টকা জব্দ কৰিছে লাহোৱাল আৰক্ষীয়ে। লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলোৱা নিয়মীয়া তালাচীৰ সময়ত মুঠ ৫ লাখ ৫ হাজাৰ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। ইফালে জব্দকৃত ধনসমূহ জিলা প্ৰশাসনে গঠন কৰি দিয়া ফ্লায়িং স্কোৱাড, ভিডিঅ’ চাৰ্ভিলেন্স, ষ্টেটিক চাৰ্ভিলেন্স দলক চমজাই দিয়ে। ইতিমধ্যে নিৰ্বাচনী আচৰণবিধি বলৱতৰ ক্ষেত্ৰত এই দলটোৱে জিলাখনৰ ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে।
যোগীপাৰা বালিঝাৰ সংযোগী পথৰ দুৰৱস্থা , বিধস্ত পথত যাতায়তৰ নামত হাৰাশাস্তি : গুৰুত্ব নাই বিভাগৰ
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত যোগীপাৰা বালিঝাৰ সংযোগী গুৰুত্বপুৰ্ন পথটি দীৰ্ঘদিনৰ পৰা বিধস্ত হৈ পৰাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বিধস্ত হৈ পৰা পথটিৰে ৰাইজে যাতায়তৰ নামত খাৱলগীয়া হৈছে জ্বলাকলা ৷ জানিব পৰা মতে গ্ৰাম্য গড়কাপ্তানী বিভাগৰ অতিকৈ ব্যস্ত পথটিৰে বকো হৈ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানলৈ যাৱ পৰা সুবিধা আছে ৷ কিন্ত বিধস্ত হৈ পৰা পথটিৰ বাবেই লক্ষাধিক ৰাইজে বৰ্হি জগতৰ লগত প্ৰায় বিচিন্ন হোৱাৰ পথত ৷ আভিযোগ অনুসৰি যোগীপাৰাৰ পৰা বালিঝাৰলৈ প্ৰায় ৮কিলোমিটাৰ দৈৰ্ঘৰ পথটি প্ৰায় ১৩ বছৰ পুৰ্বে কৰা হৈছিল পকীকৰন ৷ কিন্ত পকীপথটি ক্ৰমান্বয়ে ঠায়ে ঠায়ে খলাবমা হৈ পৰাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ যাৰ বাবে সাধাৰন এজাক বৰষুন হলেই পথটিত পানী জমা হৈ যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মায় ৷ তদুপৰি পথটিত থকা কেবাটাও পকী দলঙৰ অবস্থাও হৈ পৰিছে দুৰ্বল ৷দলঙ সমুহৰ দুয়োকাষে ফাট মেলাত তেনেই দুৰ্বল হৈ পৰিছে ইয়াৰ বহন ক্ষমতা সমুহ ৷ জানিব পৰা মতে গুৰুত্বপূৰ্ণ পথটিৰে বিভিন্ন স্থৰৰ ৰাইজৰ লগতে চলাচল কৰে শ শ সৰুবৰ যানবাহন ৷ জানিব পৰা মতে বৃহত্তৰ দেশী জনগোষ্টীয় অধ্যষিত অঞ্চলটোৰ একমাত্ৰ পথটিৰ এনে জৰাজীৰ্ন অৱস্তাৰ বিষয়ে স্থানীয় প্ৰাক্তন বিধায়িকা নন্দিতা দাসক অৱগত কৰাৰ পিছতো কোন ধৰনৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গ্ৰাম্য পথটিৰ এনে দুৰৱস্থা থাকিলে সম্প্ৰতি অচিৰেই ৰাইজৰ যাতায়ত ব্যৱস্তা বন্ধ হৈ পৰিব সেয়া অনুমেয় ৷ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰেই পথটি মেৰামতি কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ দাবী জনাইছে ৷
বিজেপিক পূৰ্ণ সমৰ্থন চাহ মজদূৰ সংঘ গোলাঘাট শাখাৰ
বিজেপিলৈ মুকলি সমৰ্থন ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ । আজি গোলাঘাট দৈয়াং চাহ বাগিচাত ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখায়ে সংবাদমেল যোগেদি বিজেপি আগন্তুক নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়ায়। এক সংবাদমেল সম্বোধন কৰি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি নাৰায়ণ মাহাৰে চাহ বাগিচাত বিজেপি চৰকাৰে ৰূপায়ণ কৰা উন্নয়ন মূলক আঁচনি আৰু বাট-পথ আদি উন্নয়নৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে , কিছু দিন পূৰ্বে জামুগুৰি চাহ বাগিচাত বিজেপি নিৰ্বাচনী প্ৰচাৰ সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ বাবে আটছাক সমালোচনা কৰে ভাৰতীয় চাহ মজদুৰ সংঘই।
গোলাঘাট কমাৰবন্ধা বামুনগাঁৱত হত্যাকাণ্ড : অতীষ্ঠ মাতৃয়ে অৱশেষত হত্যা কৰিলে সুৰাপায়ী স্বামীক
“মানুহজনক মাৰি দিলোঁ, ছোৱালীজনীক সদায় বলৎকাৰ কৰিব বিচাৰে ” । এগৰাকী মাতৃৰ কান্দি কান্দি দিয়া স্বীকাৰোক্তি। আজি পুৱা প্ৰায় ৬-৩০ বজাত গোলাঘাটৰ কমাৰবন্ধা বামুনগাওঁত সংঘটিত হল এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীয়ে খৰিৰে মাৰি হত্যা কৰিলে স্বামীক। অত্যাধিক সুৰা পাণ কৰি ঘৰুৱা অশান্তিৰ সৃষ্টি কৰি অহা নিতুল বৰা (৪৮)নামৰ লোক জনক পত্নী জোনাকী বৰাই (৪৫) অৱশেষত হত্যা কৰে। দুটা সন্তানৰ মাতৃ জোনাকী বৰাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দি কয় যে , নিতৌ সুৰাপাণ কৰি অহা স্বামীয়ে ঘৰত কৰা অশান্তিয়ে চৰম পৰ্যায় পাইছিলগৈ। নিজ কন্যাক লৈও চৰম সংশয়ত ভুগিছিল মাতৃগৰাকী। কন্যাৰ সুৰক্ষাৰ বাবে একপ্ৰকাৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছিল মাতৃগৰাকীৰ। পাষাণ পিতৃয়ে পুত্ৰৰ পঢ়া কিতাপ-বহী পৰ্যন্ত জ্বলাই দিয়াত একপ্ৰকাৰ পঢ়া-শুনা এৰিব লগীয়া অৱস্থা হৈছিল একমাত্ৰ পুত্ৰ সন্তানটিৰ। আৰু অৱশেষত অতীষ্ঠ হৈ পত্নী জোনাকী বৰাই এডাল খৰিৰে স্বামীক মূৰত মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে, স্বামীক হত্যা কৰাৰ পাছত অতি শীতল মস্তিষ্কৰে হত্যাকাৰী জোনাকী বৰাই কমাৰবন্ধা আৰক্ষীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ কৰাৰ লগতে এনেদৰে হত্যাৰ আঁৰৰ সকলো কথা ব্যক্ত কৰে।











