সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছে এক প্ৰকাৰে মহামাৰী ৰূপ ধাৰণ কৰিছে । ইয়াৰ সমান্তৰালকৈ ভাৰত আৰু অসমৰ গাঁৱে-ভূঞে, চাহ-বাগিচা আদি সকলো প্ৰান্তততে এই ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দুলীয়াজান সমষ্টিৰ অন্তৰ্গত
১৬ নং তিনিআলি, প্ৰাগজ্যোতিষপুৰ, বিষ্ণু নগৰ, কমলাবাৰী, বৰাগাধৈ,
দ’হুকুটা, বাম হুকটা, বৰুৱা তিনিআলি, ডিগবৈমুখ, বামুণগাঁৱ আদি বিভিন্ন অঞ্চলত যিসকল কৰ’ণা ৰোগত আক্ৰান্ত, হোম কোৱাৰেণ্টাইন আৰু কন্টেইনমেন জ’নত থকা পৰিয়াল সকলক কিছু সকাহ দিবলৈ নিত্য ব্যৱহাৰিত খাদ্য সামগ্ৰী চাউল, দাইল, মিঠাতেল, আলু, হালধী, নিমখ, চাবোন, বিস্কুট, খাখীৰৰ টোপোলা আৰু মাক্স আদি বিতৰণ কৰাৰ লগতে প্ৰতিটো পৰিয়ালৰ স্বাস্থ্যৰ বুজ লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । অন্যহাতে এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ
পৰিস্কাৰকৈ থকা, সামাজিক দূৰত্ব বজাই ৰখা, চৰকাৰী নিৰ্দেশনা মানি চলা, আৰু ঘৰতে থাকি সুৰক্ষিত থাকিবলৈ পৰামৰ্শ আগবাঢ়ায় লুৰীণজ্যোতি গগৈয়ে । এই কাৰ্যসূচীত অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক ৰুবুল গগৈৰ লগতে দলীয় কৰ্মীসকল সহযোগ আগবঢ়াই ।
দুলীয়াজানৰত কৰ’ণা আক্ৰান্তৰ পৰিয়ালৰ কাষত অ:জা:প:ৰ সভাপতি লুৰীণজ্যোতি গগৈ
মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব অসমৰ যাদৱ পায়েং, লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি
অসমৰ যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা। পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি। পদ্মশ্ৰী যাদৱ পায়েঙক দেশখনত প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে দেশখনৰ চৰকাৰে। কাৰণ দেশখনত চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে গছপুলি ৰোপণ কৰিবলৈ। তেওঁ অসমৰ পৰা লগত লৈ যাব তামোল আৰু নাৰিকলৰ পুলি…
যোৰহাটত মহিলাক ধৰ্ষণ ৰিক্সা চালকৰ
পুনৰবাৰ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হোৱা এক জঘন্য ঘটনাৰ সন্মুখীন হৈছে যোৰহাটত৷ ঘৰলৈ যোৱা মহিলাক ধৰ্ষণ ৰিক্সা চালকৰ৷ সংকটজনক অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী৷ নগেন শইকীয়া আৰু ঘন শইকীয়া নামৰ অভিযুক্ত দুজনক আটক কৰে আৰক্ষীয়ে৷ ধৃত লোকজনৰ ঘৰ যোৰহাটৰ বাদুলীপাৰাত বুলি জানিব পৰা গৈছে৷
আনহাতে জঘন্য ঘটনা সংঘটিত কৰা দুই ধৃত সম্পৰ্কত পিতা-পুত্ৰ বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ বাদুলীপাৰত আৰু তৰাজান বাইপাছৰ সমীপত ভাৰতীয়া হিচাপে আছিল৷ ঘটনাৰ বিৱৰণী অনুসৰি, আন্ধাৰ আৰু কিনকিনিয়া বৰষুণত ঘৰলৈ গৈ আছিল মহিলাগৰাকী৷ এই অন্ধকাৰৰ সুযোগ লৈ এই দুই ধৃত ৰিক্সা চালকে এই ঘটনা সংঘটিত কৰে৷ ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে দুই লম্পদ৷ বিধ্বস্ত অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকী৷আনহাতে ঘটনাস্থলীত উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ মহিলাগৰাকীৰ ব্যৱহৃত অৰ্ন্তঃবাহ, চেণ্ডেলকে আদি কৰি ২৫০ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে।
ৰহাৰ সাহসী বোৱাৰী নিহাৰিকা দাসৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা GMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু ।
অথলে গল নিহাৰিকাৰ প্ৰচেষ্টা পিতৃ স্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত।অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি নিহাৰিকাৰ শহুৰেক থুলেশ্বৰ দাসৰ নিশা ১০.৩০ বজাত মৃত্যু হয় । উল্লেখযোগ্য যে নিহাৰিকাৰ পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শনৰ ছবি ভাইৰেল হৈ পৰিছিল ছচিয়েল মিডিয়াত। কোভিড আক্ৰান্ত শহুৰ দেউতাকক নিজেই বোকোচাত তুলি গাড়ীত উঠাই চিকিৎসালয়লৈ নিছিল নিহাৰিকাই। যাৰ ফলত নিজেও হৈ পৰিছিল কোভিড পজিটিভ।
দেশত ১ লাখলৈ নামিল আক্রান্তৰ সংখ্যাঃ ২৪ ঘণ্টাত ক’ভিড পজিটিভ ১,০০,৬৩৬
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা ধীৰে ধীৰে স্তিমিত হোৱাৰ দিশে৷ এদিনত চাৰি লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ পাছত এতিয়া এদিনত আক্রান্তৰ সংখ্যা ১ লাখলৈ নামিল৷ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈছে ১,০০,৬৩৬জন৷ ৬১ দিনৰ মূৰকত ঘাতক ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা এক লাখলৈ নামিল৷ ইয়াকে লৈ দেশজুৰি আক্রান্তৰ সংখ্যা ২,৮৯,০৯,৯৭৫লৈ বৃদ্ধি পাইছে৷
আনপিনে, বিগত কুৰি দিনতকৈ অধিক দিন ধৰি আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা বেছি হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি সুস্থ হৈ উঠিছে ১,৭৪,৩৯৯জন৷ ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ২,৭১,৫৯,১৮০জনলৈ বৃদ্ধি পাইছে৷
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ১৫ লাখৰ তলত৷ অর্থাৎ চিকিৎসাধীন হৈ আছে ১৪,০১,৬০৯জন৷ আনহাতে, মৃতকৰ সংখ্যাও দিনে দিনে হ্রাস পাই আহিছে৷ যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ২,৪২৭জনৰ৷ ইয়াকে লৈ দেশজুৰি মৃতকৰ সংখ্যা ৩,৪৯,১৮৬জনলৈ বৃদ্ধি পাইছে৷ স্মর্তব্য যে ক’ভিড–১৯ আৰম্ভ হোৱাৰে পৰা দ্বিতীয় জোৱাৰলৈকে দেশৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত শীর্ষস্থানত আছে মহাৰাষ্ট্র৷ মহাৰাষ্ট্রত যোৱা ২৪ ঘণ্টাত ২৩৩জনৰ মৃত্যু ঘটাত ৰাজ্যখনত মৃতকৰ সংখ্যা এক লাখ অতিক্রম কৰিলে৷ মৃতকৰ সংখ্যা ১,০০,১৩০ৰে মহাৰাষ্ট্রই দেশৰ ভিতৰতেই শীর্ষস্থানত থকাই নহয়, ফ্রান্সকো অতিক্রম কৰিলে৷
আনপিনে, আক্রান্তৰ সংখ্যাৰেও ফ্রান্সক অতিক্রম কৰিলে মহাৰাষ্ট্রই৷ ৰাজ্যখনত এতিয়ালৈকে আক্রান্ত হৈছে ৫৮,৩১,৭৮জন৷ ইয়াৰ বিপৰীতে ফ্রান্সত আক্রান্ত ৫৭,০৭,৬৮৩জন৷ মন কৰিবলগীয়া যে দেশজুৰি ক’ভিড–১৯ টিকাকৰণ দ্রুতগতিত চলাই থকা হৈছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি আজি পুৱালৈকে দেশজুৰি ক’ভিড ভেকচিন প্রদান কৰা হৈছে ২৩,২৭,৮৬,৪৮২জনক৷
ওদালগুৰিত প্ৰাক্তন এনডিএফবি কেডাৰৰ সংবাদমেল :চুক্তি অনুসৰি সংস্থাপন নোহোৱাৰ বাবেই পুনৰ জংঘললৈ গৈছে একাংশ কেডাৰ!
তৃতীয় বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ সময়তো চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ সংস্থাপনকে ধৰি আন আন প্ৰতিশ্ৰুতি পালন নকৰাত বৰ্তমান ভাগি পৰিছে সেইসকল কেডাৰ। ৭জুনত ওদালগুৰিত এক সংবাদমেল সম্বোধন কৰে প্ৰাক্তন এনডিএফবি কেডাৰে। সংবাদমেল সম্বোধন কৰি প্ৰাক্তন এনডিএফবি সহকাৰী সাধাৰণ সম্পাদক বি.বৌহুৰবৈথাই কয় যে “বিটিআৰ চুক্তিত উল্লেখ কৰা অনুসৰি প্ৰাক্তন এনডিএফবিসকলৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে ভূমিকা গ্ৰহণ কৰা নাই। কেন্দ্ৰ-ৰাজ্য-বিটিআৰ প্ৰতিখন চৰকাৰেই চুক্তি স্বাক্ষৰ হোৱাৰ পাছৰে পৰাই প্ৰাক্তন এনডিএফবিৰ সমস্যাসমূহক লৈ মাহীআইৰ দৃষ্টি দি আহিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুনকৈ গঠন হোৱা ৰাজ্য চৰকাৰখনক অভিনন্দন গ্ৰহণ কৰিছো। ড৹ শৰ্মাৰ দৰে দক্ষ লোক এগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে লাভ কৰি আমি নথৈ আনন্দিত হৈছো। যিহেতু ড৹ শৰ্মাৰ সাক্ষাতত তৃতীয় বড়ো চুক্তি স্বাক্ষৰিত হৈছে, সেয়েহে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ নেতৃত্বতে বিটিআৰ চুক্তিখনৰ দফাসমূহ ক্ষীপ্ৰতাৰে ৰূপায়িত হোৱাৰ লগতে প্ৰাক্তন এনডিএফবিসকলৰ সমস্যাও শীঘ্ৰে সমাধান হব বুলি আশা প্ৰকাশ কৰিছো। ২০২০ বৰ্ষৰ জানুৱাৰী মাহত এই চুক্তি স্বাক্ষৰ হৈছিল যদি উক্তদিনৰ পৰা ৭জুন পৰ্যন্ত আমি প্ৰাক্তন কেডাৰসকলে পুনঃসংস্থাপন লাভ কৰা নাই। আনকি চুক্তি স্বাক্ষৰৰ পাছত আমাৰ নিয়মীয়া মাহিলী ভাট্টাসমূহো অনিয়মীয়া হৈ পৰিছে। আনহাতে সকলো কেডাৰে এই মাহিলী ভাট্টাৰ সুবিধা সমূহো লাভ কৰিব পৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত আমি আৰ্থিকভাৱে ভাগি পৰিছো। পৰিয়াল পোহপাল দিয়াত একপ্ৰকাৰ ব্যৰ্থ হৈ পৰিছো। আনহাতে চৰকাৰে চলিত বৰ্ষৰ জানুৱাৰী মাহত প্ৰাক্তন কেডাৰসকলৰ বাবে দুবছৰীয়া চাৰি লাখ টকাৰ ফিক্স ডিপোজিটৰ এটা সুবিধা কৰি দিছিল যদিও ফিক্স ডিপোজিট হোৱা বাবে সেই ধনৰাশি উলিয়াবলৈও সক্ষম হোৱা নাই কেডাৰসকল।” ইফালে ৰাজ্য চৰকাৰখনে ঘোষণা কৰা এক লাখ চৰকাৰী চাকৰি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন এনডিএফবি নেতৃত্বই কয় যে “যিহেতু বিটিআৰ চুক্তি অনুসৰি যোগ্যতাৰ ভিত্তিত প্ৰাক্তন এনডিএফবি সদস্যসকলক কৰ্ম সংস্থাপনৰ কথা উল্লেখ আছে, সেয়েহে চৰকাৰখনে উক্ত এক লাখ চাকৰিৰ ভিতৰত কিছু শতাংশ চাকৰি প্ৰাক্তন এনডিএফবিসকলৰ বাবে সংৰক্ষণ কৰক। প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ মাজত বহুতো যোগ্যতাসম্পন্ন যুৱক আছে। তেওঁলোকক চৰকাৰখনে শিক্ষাগত অৰ্হতা তথা যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি প্ৰদানৰ ব্যৱস্থা কৰক।” সংবাদমেলত বিটিআৰ চুক্তি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰাক্তন এনডিএফবিৰ নেতৃত্বই কয় “কেন্দ্ৰ-ৰাজ্য আৰু বিটিআৰ চৰকাৰৰ হস্তক্ষেপত আমাৰ প্ৰাক্তন এনডিএফবিসকলে অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ স্বাৰ্থত মূল সূতিলৈ উভতি আহিছিলো। চুক্তি অনুসৰি প্ৰতিশ্ৰুতি পালন কৰিলেহে অঞ্চলটোলৈ শান্তি ঘুৰি আহিব। যিহেতু বৰ্তমান উভয় চৰকাৰে বিটিআৰ চুক্তিৰ দফাসমূহ পৰ্যায়ক্ৰমে ৰূপায়ন কৰি আছে, সেয়েহে চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি সদস্যসকলৰ সমস্যা সমাধানৰ দফাসমূহো শীঘ্ৰে ৰূপায়ন কৰক চৰকাৰে। শান্তি চুক্তিখন সঠিকভাৱে ৰূপায়ন হ’লেহে অঞ্চলটোলৈ প্ৰকৃতস্বাৰ্থত শান্তি ঘুৰি আহিব। শান্তি চুক্তি হবলৈ হ’লে চুক্তি স্বাক্ষৰকাৰীসকল শান্তিৰে বসৱাস কৰিব লাগে যদিও আজি আমি শান্তিত থাকিব পৰা নাই। আমি বৰ্তমান পৰ্যায়ত আমাৰ মৌলিক প্ৰয়োজন সমূহো পূৰণ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে চৰকাৰখনে প্ৰতিগৰাকী প্ৰাক্তন এনডিএফবিৰ বাবে ঘোষণা কৰা এককালীন আৰ্থিক সাহাৰ্য্যসমূহো শীঘ্ৰে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে।” এনে ধৰণৰ অসুবিধাৰ সন্মুখীন হৈয়ে একাংশ প্ৰাক্তন এনডিএফবি সদস্য পুনৰ জংঘললৈ ঘুৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৭জুনৰ সংবাদমেলৰ নেতৃত্বই। আনহাতে চুক্তিৰ দফা অনুযায়ী প্ৰাক্তন এনডিএফবি কেডাৰসমূহৰ ওপৰত থকা গোচৰসমূহো শীঘ্ৰে প্ৰত্যাহাৰৰ বাবে দাবী তোলে। যিহেতু বিটিআৰ চুক্তিৰ প্ৰথম স্বাক্ষৰকাৰী হিচাপে তেতিয়াৰ এবছু সভাপতি আৰু বৰ্তমানৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আছিল, সেয়েহে চুক্তি স্বাক্ষৰকাৰী হিচাপে বড়োৱে প্ৰাক্তন এনডিএফবিসকলৰ কথা ভাবিব লাগে বুলি ৭জুনৰ সংবাদমেলত উল্লেখ কৰে প্ৰাক্তন এনডিএফবি নেতৃত্বই। সংবাদমেলখনত বি.খাৰ্খলাইৰ লগতে আন কেইৱাগৰাকীও প্ৰাক্তন এনডিএফবি সদস্য উপস্থিত থাকে।
ছান্দমাৰীত ড্ৰাগছ বেপাৰী আটক। ৫২টা কন্টেইনাৰ জব্দ
গুৱাহাটী মহানগৰীতো ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। সোমবাৰে বিয়লি গুৱাহাটীৰ পূৱ শৰণীয়া পথৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে এজন ড্ৰাগছ বেপাৰী আৰু এজন ড্ৰাগছ আসক্তক কৰায়ত্ব কৰাৰ লগতে ৫২টা ড্ৰাগছ কন্টেইনটাৰ জব্দ কৰে। আয়ুশ আলী ওৰফে পোৱালী নামৰ এই ড্ৰাগছ বেপাৰীটোৱে দীৰ্ঘদিনে নিজৰ ভাৰাঘৰৰ পৰা পত্নীৰ সহযোগত ড্ৰাগছৰ বেহা চলাই আছিল। এক বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ঘাটিটো উৎখাট কৰাৰ লগতে পোৱালীকো আটক কৰিবলৈ সক্ষম হয়।
ড্ৰাগছ ধৰিছে থিকেই। কিন্তু প্ৰকৃত ঘাটি যেন এতিয়াও বহু দূৰত। পৰিছে বিৰূপ প্ৰভাৱ।
ড্ৰাগছ ধৰিছে থিকেই। কিন্তু প্ৰকৃত ঘাটি যেন এতিয়াও বহু দূৰত। পৰিছে বিৰূপ প্ৰভাৱ।
দুধনৈ আৰক্ষীৰ আন এক বৃহৎ সফলতা :আটক ৫ জন বাইক চোৰ ৯ খন বাইক,১ খন স্কুটি, ১১ খন ভুৱা নম্বৰ প্লেট সহ বহু সামগ্ৰী জব্দ
দুধনৈ আৰক্ষী থানাত এতিয়া উদ্ধাৰ হোৱা চুৰি বাইকৰ উজান উঠিছে। জিলাখনৰ অ’ত ত’ত উদ্ধাৰ হৈছে বাইক৷ ৰাস্তাই ঘাটে চুৰি বাইক উদ্ধাৰ হব ধৰিছে৷ যোৱা ৫ জুনৰ নিশা ৰংজুলিৰ কাণকাটা অঞ্চলত আব্দুল বাৰিক নামৰ ভুৱা ডি টি অ এজনক বাইক চোৰ কৰা বিভিন্ন সামগ্ৰীৰ লগতে লেপটপ, প্ৰিন্টাৰ, ভুৱা পঞ্জীয়ন নম্বৰ প্লেট সহ দুধনৈ আৰক্ষীয়ে আটক কৰাৰ পিছত এইবাৰ আৰু পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয় দুধনৈ আৰক্ষীয়ে। যোৱা নিশা গোপন সূত্ৰৰ পম খেদি দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত দুধনৈ আৰক্ষী আৰু ৰংজুলি আৰক্ষীৰ সহযোগত পাঁচজন বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা বাইক চুৰি কাণ্ডৰ সৈতে জড়িত চোৰ কেইটা ক্ৰমে- মাটিয়া থানাৰ অন্তৰ্গত মামুদপুৰৰ আব্দুল ৰহিম আলী, মালেক হুছেইন, বামুনপাৰাৰ ৰাজিবুল ইছলাম (২৩), ৰংজুলি থানাৰ অন্তৰ্গত ফৰেষ্ট কাণকাটাৰ আব্দুল বাৰিক, খেৰোপাৰাৰ নুৰ আলম ওৰফে ৰাহুল (২৮), কাণকাটাৰ সোমেৰ আলী ওৰফে তৰুণ (৩৬)। আৰক্ষী সূত্ৰে জানিব পৰা মতে এই বাইক চোৰ কেইজনৰ পৰা যোৱা নিশা আৰু আজি ৮ খন বাইক, এখন বুলেট আৰু এখন স্কুটি জব্দ কৰাৰ উপৰি ১১ খন ভুৱা নম্বৰ প্লেট, বাইক মেৰামতিৰ বিভিন্ন সামগ্ৰী জব্দ কৰে। ইপিনে আজি দিনৰ ভাগত লেলাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চুৰি বাইক এখন পৰিত্যক্ত অৱস্থাত পৰি থকাৰ খবৰ পাই আৰক্ষীয়ে দুধনৈ থানালৈ আনে। তিনি দিনত মুঠ ১০ খন বাইক, ২ খন বুলেট আৰু ১ খন স্কুটি জব্দ কৰে আৰক্ষীয়ে। আজি দুধনৈ থানাত গোৱালপাৰা জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাই বাইক চুৰি চক্ৰৰ সৈতে জড়িত ধৃত বাইক চোৰ কেইজনে অসমৰ বিভিন্ন জিলাত সিঁচৰিত হৈ থকা বাইক চোৰৰ ৰেকেটৰ সৈতে জড়িত থকা বুলি জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ পৰা সমূলঞ্চে বাইক চোৰৰ ৰেকেট উৎখাত কৰা হব বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে। যিসকল লোকে চুৰি বাইক ক্ৰয় কৰিছে তেওঁলোকেও ৰেহাই নাপাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীয়ে বাইক চোৰৰ ৰেকেটৰ বিৰুদ্ধে তীব্র অভিযান অব্যাহত ৰাখিছে।












