কাৰ্বি আংলং জিলাৰ হাওৰাঘাট নগৰৰ ৩ নম্বৰ ৱাৰ্ডৰ এটা গুৰুত্বপূৰ্ণ পথ । আচলতে পথ বুলি ক’লে এতিয়া ভুল কৰা হ’ব । কঠীয়া ৰুব পৰা এক পৰিৱেশ । য’ত কৰ্তব্যৰত আৰক্ষীৰো হ’ল নগুৰ-নাগুতি । হাওৰাঘাটৰ যমুনা নৈৰ কাষেৰে ৰাজহুৱা শ্মশান তথা মাটিখোলা গাঁৱলৈ যোৱা মাথোঁ ২ কিলোমিটাৰ দূৰত্বৰ নাতিদীৰ্ঘ এই পথছোৱাৰ অৱস্থা বিগত ১০-১৫ বছৰে তথৈবচ্ ।কিন্তু কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ।শেহতীয়াকৈ “জল-জীৱন মিছন”ৰ পানীৰ পাইপ বহুৱাৰ নামত সংশ্লিষ্ট ঠিকাদাৰগৰাকীয়ে অপৰিকল্পিতভাৱে পথৰ কাষত জধে-মধে মাটি খান্দি কদৰ্যময় অৱস্থাৰ সৃষ্টি কৰাত উল্লেখিত পথছোৱা সম্প্ৰতি যাতায়তৰ বাবে আৰু অধিক অনুপযোগী হৈ পৰিছে ।যাৰ বাবে কৰ্তব্যৰত এজন আৰক্ষী এইদৰে সন্মুখীন হয় ব্যাপক লঘু-লাঞ্ছনাৰ ।নিজৰ মটৰ চাইকেলখনেৰে এই কদৰ্যময় পথেৰে বিশেষ কৰ্তব্য পালনৰ হেতু যাবলগীয়া হোৱাত অকল্পনীয় সমস্যাৰ সন্মুখীন হয় আৰক্ষীৰ লোকজন ।পিছত স্থানীয় ৰাইজৰ সহযোগত কোনোমতে মটৰ চাইকেলখন লৈ ওলাই আহে আৰক্ষীৰ লোকজন ।মনকৰিবলগীয়া ৰাইজৰ বাৰম্বাৰ আবেদন-নিবেদনৰ পিছতো গুৰুত্বহীন হৈ আছে হাওৰাঘাটৰ ৰাজহুৱা শ্মশানলৈ যোৱা এই পথছোৱাৰ দীৰ্ঘদিনীয়া সমস্যা ।বছৰৰ পিছত বছৰ ধৰি উপেক্ষিত হৈছে হাওৰাঘাটৰ মাটিখোলা, গজালিপাৰ সংলগ্ন বৃহত্তৰ অঞ্চলবাসী ৰাইজ ।কিন্তু উদাসীন সংশ্লিষ্ট কৰ্তৃপক্ষ । উদাসীন বহুবল্কী জনপ্ৰতিনিধি খনছিং ৰংপি ।উল্লেখযোগ্য যে, হাওৰাঘাট পৌৰসভা কৰ্তৃপক্ষই কেবাবাৰো হেনো পথছোৱা মেৰামতিৰ বাবে উদ্যোগ লৈছিল, আহ্বান কৰাইছিল নিবিদাও ।কিন্তু ঠিকাদাৰৰ অভাৱতহে হেনো আজিলৈকে কৰিব পৰা নাই পথছোৱাৰ মেৰামতি তথা পুনঃনিৰ্মাণৰ কাম ।কথাষাৰৰ সত্যতা পৌৰসভা কৰ্তৃপক্ষই নিজেই জানিব । কিন্তু ৰাইজৰ এই সীমাহীন দুৰ্দশাৰ অন্ত কেতিয়া ? ৰাইজৰ সমস্যাৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিব সেয়াই এতিয়া দুৰ্দশাগ্ৰস্ত ৰাইজৰ বাবে লাখটকীয়া প্ৰশ্ন ? আনহাতে মডেল হাওৰাঘাট বনোৱাৰ শ্লগানেৰে গাদী দখল কৰা স্থানীয় জন প্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যাবাহী সদস্য খনছিং ৰংপিৰ নাইনে অকণো দায়িত্ববোধ এইলৈও প্ৰশ্ন উত্থাপিত হৈছে ।।
বঙাইগাঁৱত ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষীয়ে শনিবাৰে এক অভিযান চলাই ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা ১১ টা সন্দেহজনক ব্ৰাউন চুগাৰভৰ্তি কণ্টেইনাৰো জব্দ কৰে ।
জানিব পৰা মতে উত্তৰ শালমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত গ্ৰাহকৰ ভেশত যোৱা আৰক্ষীয়ে অতি কৌশলেৰে আকবুল হুছেইন আৰু বুদ্ধি ৰবিদাস নামৰ ড্ৰাগছ সৰবৰাহকাৰী দুজনৰক কৰায়ত্ত কৰে যদিও আৰক্ষীৰ কৱলৰ পৰা দুয়ো পলায়ন কৰে।
পিছত আৰক্ষীয়ে খেদি খেদি হাপাচাৰাৰ পৰা কৰায়ত্ত কৰে। আৰক্ষীয়ে ধৃত আকবুল হুছেইন আৰু বুদ্ধি ৰবিদাসৰ পৰা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰৰ লগতে এটা চিৰিঞ্জ আৰু দুটা মোবাইল ফোন জব্দ কৰে ।
আৰক্ষীয়ে ধৃত দুয়োজনকে সোধ- পোছ অব্যাহত ৰাখিছে ।
উল্লেখ্য যে চৰকাৰে শেহতীয়াকৈ জিলাসমূহৰ পূৰ্বৰ আৰক্ষী অধীক্ষকসকলক বদলি কৰাৰ পিছতে এতিয়া ৰাজ্যজুৰি দৈনিক ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হোৱাৰ লগতে জব্দ হৈছে ড্ৰাগছ ৷ বঙাইগাঁও জিলাও ইয়াৰ ব্যতিক্ৰম নহয় ৷
কালী মন্দিৰত গৰুৰ মাংস পেলোৱাক লৈ তীব্র উত্তেজনা
ধুবুৰী জিলাৰ হালাকুৰাৰ জিনকাটা গাঁৱৰ শ্মশান কালী মন্দিৰৰ চৌহদৰ ভিতৰত কালি পুৱা দুষৃকতিকাৰীয়ে সন্দেহজনক গৰুৰ মাংস পেলাই থৈ যোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় যদিও উত্তেজিত ৰাইজে পথ বন্ধ কৰি ঘটনাৰ উচিত তদন্ত বিচাৰে৷ এই ঘটনাক কেন্দ্র কৰি কেইবাশ লোক উপস্থিত হৈ দোষীক কৰায়ত্ত কৰিবলৈ দাবী জনায়৷
পিছত ধুবুৰী জিলা আৰক্ষী অতিৰিক্ত অধীক্ষক ৰোজী ৰাণী শর্মা উপস্থিত হৈ ৰাইজক বুজনি দি পৰিস্থিতি শান্ত কৰে৷ অৱশ্যে দুই দিনৰ ভিতৰত দোষীক কৰায়ত্ত কৰিব বুলি প্রতিশ্রুতি দিয়াতহে ৰাইজ শান্ত হয়৷ আনহাতে, মান্নাফ আলী আৰু আজিজ হক নামৰ লোক দুজনে অবৈধ গো–মাংসৰ বিক্রী বন্ধ কৰিব বুলি বিষয়াগৰাকীয়ে ৰাইজক প্রতিশ্রুতি দিয়ে৷
ভেকচিন লোৱাৰ পিছত ক’ভিড আক্রান্তৰ মৃত্যু হোৱা নাই: এইমছ
ক’ভিড–১৯ ভেকচিন লোৱাৰ পাছত পুনৰ ঘাতক ভাইৰাইছটোত আক্রান্ত হ’লেও কোনো লোকৰ মৃত্যু হোৱা নাই বুলি প্রকাশ কৰিছে নতুন দিল্লীৰ এইমছে৷ এইমছে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ এপ্রিল–মে’ মাহত চলোৱা অধ্যয়নৰ তথ্য অনুসৰি এই মাহ দুটাত ক’ভিড ভেকচিন লোৱাৰ পাছত পুনৰ ক’ভিডত আক্রান্ত হৈছে যদিও কোনো লোকৰ মৃত্যু ঘটা নাই৷
মন কৰিবলগীয়া যে নতুন দিল্লীৰ এইমছৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রৰ স্বাস্থ্য সংস্থা চেণ্টার্ছ ফৰ ডিজিচ কণ্ড্র’ল এণ্ড প্রিভেনচন (চি ডি চি)য়েও ভেকচিন লোৱাৰ পাছত সামান্যসংখ্যক লোক ক’ৰোনাত আক্রান্ত হৈছিল যদিও এই লোকসকলৰ প্রাণহানি হোৱা নাছিল বুলি অধ্যয়নৰ তথ্য প্রকাশ কৰিছিল৷
নতুন দিল্লীৰ এইমছে ভেকচিন লোৱাৰ পাছত পুনৰ ক’ভিডত আক্রান্ত ৬৩জন লোকৰ তথ্য সংগ্রহ কৰিছে৷ ইয়াৰ ভিতৰত ৩৬জনে ভেকচিনৰ দুয়োটা ড’জ লৈছে, বাকী ২৭জনে ভেকচিনৰ এটাকৈ ড’জ লৈছিল৷ ক’ভিশ্বিল্ড লোৱা ১০জন লোক আক্রান্ত হোৱাৰ বিপৰীতে ক’ভাকশ্বিন লোৱা ৫৩জন লোক মহামাৰী ভাইৰাছটোত আক্রান্ত হৈছে৷ ইয়াৰে আটাইকেইজন লোকে পিছলৈ সুস্থ হৈছে৷
ৰং–তুলিকা লৈ প্ৰিয়ংকা ভৰালীৰ বিশ্ব পৰিৱেশ দিৱস পালন
আজি ৫ জুনৰ দিনটো সমগ্ৰ বিশ্ৱতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। অসমতো এই দিৱসৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি আন বিভিন্নজনে এজোপা গছ ৰোপণ কৰি পালন কৰে বিশ্ব পৰিবেশ দিৱস।
কিন্তু বিশ্ব পৰিৱেশ দিৱসত ব্যতিক্ৰম ৰূপত দেখা গ’ল সংগীত শিল্পী প্ৰিয়ংকা ভৰালীক। জনপ্ৰিয় সংগীত শিল্পী প্ৰিয়ংকা ভৰালীয়ে কোভিডৰ সময়ত ঘৰত থাকিয়েই হাতত ৰং তুলিকা লৈ প্ৰাকৃতিক দৃশ্য অংকন কৰি পালন কৰে পৰিৱেশ দিৱস। এগৰাকী শিল্পী ৰূপে শৈল্পিক সুষমা ঢালি অংকন কৰিলে এডাল বিৰিখৰ ছবি।
বেলিৰ বিলীয়মান পোহৰত এডাল গছৰ ছাঁত জিৰণি লৈ দিগন্তলৈ চাই থকা দুই সতীৰ্থৰ দৃশ্যসম্বলিত শিল্পী প্ৰিয়ংকা ভৰালীৰ সুন্দৰ মনোমোহা ছবিয়ে সকলোকে উৎসাহিত কৰে। প্ৰিয়ংকা ভৰালীয়েও এইদৰে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে।
শুকুৰবাৰৰ পৰা নিখোজ কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত জোৱান
পশ্চিম কাৰ্বি আংলং জিলাৰ কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পত কৰ্মৰত এজন জোৱান শুকুৰবাৰৰ পৰা নিখোজ হৈ থকাত সৃষ্টি হৈছে চাঞ্চল্যৰ। নিখোজ জোৱানজন ১৬ আই আৰ বি এন (16 IRBN)ৰ ঋতু বৰা বুলি জানিব পৰা গৈছে। জোৱানজনৰ ইনচাছ ৰাইফলটোৰো সন্ধান পোৱা নাই আৰক্ষীয়ে। শুকুৰবাৰৰ নিশা কৰ্তব্যস্থলীৰ পৰা নিখোজ হৈ থকা জোৱানজনৰ বৰ্তমানলৈ লাভ কৰা নাই কোনো খবৰ।
ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক আজা গৌৰাং বসুমতাৰীৰ নেতৃত্বত জোৱানজনক বিচাৰি অনুসন্ধান অব্যাহত ৰাখিছে। আজি আৰক্ষী অধীক্ষকজনে কাৰ্বি-লাংপি জল বিদ্যুৎ প্ৰকল্পলৈ গৈ জোৱানজন নিৰুদ্দেশ হোৱা সংক্ৰান্তত তদন্ত চলায় যদিও এই মুহূৰ্তলৈ আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ।
জামুগুৰিহাটত আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযান৷:অবৈধ সুৰা জব্দ আৰু চুলাই ভাটি উচ্ছেদ৷
জামুগুৰিহাটৰ নিকটৱৰ্তী ব্ৰহ্মগাঁও আৰু ২নং বৰপথাৰ গাঁৱত আজি বিয়লি জামুগুৰি আৰক্ষী আৰু আবকাৰী বিভাগৰ যুটীয়া অভিযানত অবৈধভাৱে বিক্ৰী কৰি থকা অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে কেবাটাও চুলাই ভাটি উচ্ছেদ কৰে৷ আজি বিয়লী অভিযানৰ সময়ত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া আকাশদ্বীপ কাকতীক লগত লৈ চলোৱা এই অভিযানকালত ৩ কাৰ্টুনৰো অধিক অৰুণাচলী সুৰা জব্দ কৰাৰ লগতে পাঁচশ লিটাৰৰো অধিক চুলাই লাঁওপানী নষ্ট কৰে জামুগুৰি অাৰক্ষী অাৰু অাবকাৰী বিভাগে।
কোৰোণাত স্বামীৰ মৃত্যুৰ পাছতে পত্নী-পুত্ৰক খেদিলে ঘৰৰ পৰা৷
ডবকাৰ ভেলৌগুৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ কোৰোণাত মৃত্যু হোৱা শিক্ষকৰ পত্নীক নিৰ্যাতন চলাই ঘৰৰ পৰা খেদি দিলে স্বামীগৃহৰ লোকে৷ বিপদত পৰা মহিলাগৰাকীক আশ্ৰয় দিয়াৰ নামত নিজৰ সন্তানটি পৰিয়ালটোক বিক্ৰী কৰি দিবলৈ প্ৰস্তাৱ দিলে আন এটা পৰিয়ালে।
চেলিনা বেগম নামৰ এই মহিলাগৰাকীৰ স্বামী শিক্ষক নাজিম উদ্দিনৰ এসপ্তাহ পূৰ্বে কোৰোণাত আক্ৰান্ত হৈ গুৱাহাটীত মৃত্যু হৈছিল৷ শিক্ষকজনৰ মৃত্যুৰ দিনাই স্বামীগৃহৰ লোকে মহিলাগৰাকীক মাৰপিট কৰি খেদি দিলে ঘৰৰ পৰা৷ উল্লেখ্য যে শিক্ষক নাজিম উদ্দিনে পৰিয়ালৰ অমতত প্ৰেমসূত্ৰে বিবাহ কৰিছিল চেলিনাক। কিন্তু বিয়াৰ পাছতো মহিলাগৰাকীক স্বামীৰ পৰিয়ালে স্বীকৃতি নিদিলে। যাৰ বাবে স্বামীৰ মৃত্যুৰ দিনাই সন্তানসহ মহিলাগৰাকীক স্বামীগৃহৰ লোকে ঘৰৰ পৰা খেদি দিয়াত মহিলাগৰাকীলৈ নামি আহে চৰম অমানিশা ।
উপায়ান্তৰ হৈ মহিলাগৰাকীয়ে আশ্ৰয় লয় ডবকাৰ এটি পৰিয়ালত ৷ কিন্তু সেই পৰিয়ালটোৱে চেলিনাৰ পাঁচ বছৰীয়া শিশুটি ৰাখি থৈ শিশুটি তেওঁলোকৰ ওচৰত বিক্ৰী কৰি দিবলৈ ভাবুকি দিয়াত পুনৰ বিপদত পৰে চেলিনা।
ইফালে স্বামীগৃহৰ লোকৰ বিৰুদ্ধে মহিলাগৰাকীয়ে ডবকা থানাত গোচৰ তৰাৰ পিছতো আজিলৈ কোনো ন্যায় নোপোৱাত আজি মহিলাগৰাকীয়ে ন্যায় বিচাৰি উপস্থিত হয় হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ ওচৰত৷ আইনসেৱা প্ৰাধিকৰণে চেলিনা আৰু শিশুটিক আশ্ৰয় গৃহলৈ প্ৰেৰণ কৰে ৷ লগতে প্ৰাধিকৰণে নিজাববীয়াকৈ ৰুজু কৰে এটা গোচৰ৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে পৰা বিনামূলীয়া আইনী সেৱা প্ৰদান কৰিব বুলি জনায় অধিবক্তা ৰোহিনা ৱাৰিছে৷
উদালিৰ কাণ্ডৰ ৯ অভিযুক্তক পুনৰ আৰক্ষীৰ জিম্মাত। জে’লত ১৭ অভিযুক্ত ।
হোজাই জিলাৰ উদালিত চিকিৎসকক প্ৰহাৰ কৰাৰ ঘটনাক লৈ এতিয়াও জিলা খনত বিৰাজ কৰি আছে এক চেপা উত্তেজনা। ইতিমধ্যে ঘটনাৰ লগত জড়িত ১২ অভিযুক্তক আজি লংকা আৰক্ষীয়ে শংকৰদেৱ নগৰ জিলা ন্যায়িক আদালতত হাজিৰ কৰায়। ১২জনৰ ভিতৰত আৰক্ষীয়ে পুনৰ চাৰি দিনৰ জিম্মাত লৈছে ৯ অভিযুক্তক। ইয়াৰে সাত জন হৈছে পূৰ্বে আৰক্ষীয়ে তিনিদিনৰ বাবে জিম্মাত লোৱা অভিযুক্ত, তিনিজন নাবালক বুলি আবেদন কৰি আৰক্ষীৰ নিৰীক্ষণত থকা অভিযুক্ত আৰু দুজন হৈছে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ কৰা অভিযুক্ত।
আৰক্ষীৰ জিম্মাত থাকিব মৃত গিয়াছউদ্দীনৰ পত্নী গুলনেহাৰ বেগম, মুক্তাৰ আলী, ৰিজুল ইছলাম, ৰহিম উদ্দীন, ৰেহান উদ্দীন, জয়নাল উদ্দীন, কমৰউদ্দীন, মফিজুৰ ৰহমান আৰু জামিল আহমেদ। উল্লেখযোগ্য যে মফিজুৰ ইছলামে পূৰ্বতে নাবালক বুলি আদালতত কৰা দাবীৰ আজি উচিত প্ৰমাণ দিব নোৱাৰাত আদালতে তেওঁক সাবালক হিচাপে গণ্য কৰে ।
ইপিনে শুকুৰবাৰে নিশা গ্ৰেপ্তাৰ হৈছিল গুলনেহাৰ বেগম আৰু মুক্তাৰ আলি। পূৰ্বে আৰক্ষীৰ জিম্মাত থকা ৭ অভিযুক্তৰ ৰিমাণ্ড শেষ হোৱাত আজি পুনৰ আদালতত হাজিৰ কৰায়। মিচবাহ বেগমক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰি বাকী ৯ অভিযুক্তক আৰক্ষীয়ে চাৰিদিনৰ বাবে লৈছে জিম্মাত।
অন্যহাতে আন দুই নাবালকো ৯ জুনলৈ আৰক্ষীৰ নিৰীক্ষণত ৰাখি তেওঁলোকে দাখিল কৰা জন্মৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণ কৰিবলৈ আদালতে নিৰ্দেশ দিয়ে। লক্ষণীয় যে উদালি কাণ্ডত এইমুহূৰ্তলৈ ২৮ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ১৭জনক জে’ললৈ প্ৰেৰণ কৰিছে।
নষ্ট হোৱা তবলাত গছ পুলি ৰোপন
অব্যৱহৃত সামগ্ৰীত গছ ৰোপন কৰাটো কোনো নতুন কথা নহয়। আধুনিক গৃহসজ্জাত এই ধাৰা বৰ প্রচলিত। কিন্তু ব্যৱহাৰ নোহোৱা তবলাত গছ ৰোপন কৰা দেখিছেনে কেতিয়াবা? বিশ্ব পৰিবেশ দিৱসত ঠিক এনে এক ব্যতিক্রম কাম কৰি নিজৰ শিল্পী মনৰ প্ৰমাণ দিলে এগৰাকী শিল্পী পণ্ডিত প্রদ্যুৎ মুখাৰ্জীয়ে (Pradyut Mukherjee)।
কংক্ৰিটৰ ভিৰত হেৰাই গৈছে সেউজীয়া। কিন্তু সেই কথা আপুনি পাহৰিবলৈ বাধ্য হ’ব যেতিয়া আপুনি শিল্পী প্ৰদ্যুত মুখাৰ্জীৰ ঘৰত প্ৰৱেশ কৰিব। কাৰণ, শিল্পীগৰাকীৰ ঘৰৰ ছাদ হওক বা শুৱা ৰুম হওক, সকলোতে সেউজীয়াৰে ভৰি আছে।
শিল্পীজনে বিশ্ব পৰিৱেশ দিৱসত তবলাত গছ ৰোপন কৰি সকলোকে আচৰিত কৰিছিল।











