Home Blog Page 3014

বন বিভাগৰ দুৰ্বলতাৰ বাবেই ধ্বংস হৈছে জকাই বনাঞ্চল

চৰকাৰে প্ৰকৃতি সংৰক্ষণৰ বিষয়ত গুৰুত্ব প্ৰদান কৰা সময়তে বন বিভাগৰ দুৰ্বলতা আৰু গুৰুত্বহীনতাৰ বাবেই ধ্বংস হৈ পৰিছে ডিব্ৰুগড়ৰ জকাই বনাঞ্চল। কেইবা হাজাৰ বিঘাৰ মাটিকালি যুৰি থকা এই বনাঞ্চল খনত প্ৰতি দিনেই মূল্যবান গছ সমূহ কাটি শেষ কৰিছে দুষ্কৃতিকাৰীয়ে। দল সংগঠন আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পাছতো বন বিভাগে বহু মূল্যবান গছ-গছনি থকা বনাঞ্চলখন সংৰক্ষণৰ বাবে আজি পৰ্যন্ত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।‌ ফলত বিনাবাধাৰে বনাঞ্চলখন ধ্বংস কৰিছে। ইফালে বনাঞ্চলৰ কাষতে লাগি থকা জকাই বন বিষয়া কাৰ্যালয়ৰ পৰা বন ধ্বংসৰ বাবে হাত উজান দিয়া বুলি ৰাইজে অভিযোগ উত্থাপিত কৰি আহিছে । কিয়নো বনাঞ্চল খন সুৰক্ষাৰ বাবে জকাই বন বিষয়া কাৰ্যালয়টো আছে যদিও কিন্তু বন বিষয়াৰ পৰা বন কৰ্মী সকলে বন ধ্বংস কৰা দেখিও নেদেখাৰ ভাও জুৰি থকা ফলতেই জকাই বনাঞ্চলৰ বহু মূল্যবান গছগছনি ইতিমধ্যে শেষ হ’ল । নতুন চৰকাৰৰ বন বিভাগে ডিব্ৰুগড় জিলাৰ অতি গুৰুত্বপূৰ্ণ জকাই বনাঞ্চল সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজ আৰু দল সংগঠনে ।

জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ইউকো বেংকত ঋণ দিয়াৰ নামত বৃহৎ দূৰ্নীতি অনিয়ম সংঘটিত হৈছে ৷ বেংকটোৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ঋণ দিয়াৰ নামত দালালীৰ জৰিয়তে সৰ্ব্বসাধাৰণ ৰাইজৰ পৰা উৎকোষ লৈ থকাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে ৷ শেহতীয়াকৈ এই দালালী চক্ৰটোৰ বিৰুদ্ধে জামুগুৰি আৰক্ষী থানাতো এক গোচৰ ৰুজু কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী অনুযায়ী জামুগুৰিহাটৰ হাটিঙা অমৰাকচা নিৱাসী প্ৰণৱ জ্যোতি ভূঞাঁ নামৰ নিবনুৱা যুৱক জনৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত নগদ পঁছিশ হেজাৰ টকা উৎকোষ লয় যোৱা বৰ্ষৰ ডিচেম্বৰত ৷ জামুগুৰি ইউকো বেংকত অস্থায়ী ভিত্তিত কৰ্মৰত কৰ্মচাৰী গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে প্ৰণৱক এক লাখ নব্বৈ হেজাৰ টকা বেংকৰ পৰা ঋণ দিয়াৰ চুক্তিৰে উকা দলিলত চহীও কৰাই লয় ৷ সেই অনুসৰি প্ৰণৱৰ সকলো নথি পত্ৰ এই গৰাকী গৌতম চাহাই হাত কৰি লয় ৷ পৰবৰ্ত্তী সময়ত ঋণ বিছাৰি গৌতম চাহাৰ ওচৰলৈ প্ৰণৱে বাটকুৰি বাই থাকে যদিও আজিকোপতি ঋণ লাভ নকৰিলে ৷ শেষত প্ৰণৱে জমা দিয়া নথি পত্ৰ সমুহ হেৰাল বুলি কৈ গৌতম চাহা পলাবলৈ ললে ৷ উপায়ন্তৰ হৈ প্ৰণৱে জামুগুৰি আৰক্ষী থানাত গৌতম চাহাৰ ঠগ-প্ৰৱঞ্চঁনাৰ বিৰুদ্ধে যোৱা ৩১ মেত এখন এজাহাৰ দাখিল কৰে ৷ প্ৰণৱ জ্যোতি ভূঞাঁই জানিবলৈ দিয়ামতে গৌতম চাহা নামৰ ব্যক্তি গৰাকীয়ে জামুগৰি অঞ্চলৰ বহুতো নিবনুৱাৰ পৰা বেংকৰ পৰা ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷ বেংকৰ পৰা ঋণলৈ ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণৱে এতিয়া আৰক্ষীৰ পদক্ষেপলৈ বাট চাইছে ৷ চাকৰী মনোবৃত্তি ত্যাগ কৰি কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হব খোজা প্ৰণব জ্যোতি ভূঞাঁৰ দৰে যুৱকক উচিত ন্যায় প্ৰদানৰ বাৱেও জামুগুৰি আৰক্ষীক অঞ্চলটোৰ সচেতন মহলে দাৱী জনাইছে ৷ আনহাতে গ্ৰাহক ৰাইজক দূব্যৱহাৰ কৰি অহা বেংকটোৰ বিষয়া কৰ্মচাৰী সকলকো নাকী লগাবলৈ উৰ্দ্ধতন কতৃপক্ষক দাৱী জনাইছে অঞ্চলটোৰ সচেতন মহলে ৷

গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব : জাতীয় পৰিষদ

ভাৰতবৰ্ষৰ কেইবাটাও বিমানবন্দৰৰ লগতে অসমবাসী ৰাইজৰ আৱেগ বিজড়িত থকা স্বাধীনতা সংগ্রামী, অসমৰ প্ৰথম মুখ্যমন্ত্রী তথা মহাত্মা গান্ধীৰ ঘনিষ্ঠ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাঙ্কিত বৰঝাৰ বিমান বন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ বাবে লোৱা একপক্ষীয় আৰু স্বেচ্ছাচাৰী সিদ্ধান্তৰ পুনৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ দলে৷ আজি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ ভাৰতীয় বিমান প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যবাহী সঞ্চালকৰ হাতত অর্পন কৰি দলৰ কামৰুপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰা নেতৃত্বাধীন এটা প্ৰিতনিধি দলে কয় যে যোৱা সপ্তাহতে আদানি গ্ৰুপে লক্ষ্ণৌ বিমান বন্দৰখন চমজি লোৱাৰ লগে লগেই বিমান বন্দৰৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মাচুল দহগুণ বৃদ্ধি কৰিছে৷ বৰঝাৰৰ বিমান বন্দৰখনৰ দায়িত্ব লোৱাৰ পিছতো তেওঁলোকে নিশ্চয় এনে পদক্ষেপ হাতত লব৷
স্মাৰকপত্ৰখনত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰে বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰা হঠকাৰী কাৰ্য্যৰ প্ৰতিবাদ জনাই যোৱা ইং ৮ আগষ্ট তাৰিখে জাতীয় পৰিষদে বৰঝাৰ বিমানবন্দৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছিল আৰু বিমানবন্দৰৰ কাৰ্য্যবাহী সঞ্চালকক এখন স্মাৰক পত্রও প্ৰদান কৰিছিল।
দলটোৰ মতে, অসমবাসী ৰাইজৰ আৱেগ জড়িত হৈ থকা গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বিমান বন্দৰটিৰ সৈতে অসমীয়া ৰাইজৰ সন্মান আৰু স্বাভিমান জড়িত হৈ আছে।গতিকে ভাৰত ৰত্নৰে সন্মানিত গোপীনাথ বৰদলৈ দেৱক পৰোক্ষ অথবা প্ৰত্যক্ষ ভাৱে অসন্মান কৰা কাৰ্য্য কোনোধৰণে মানি ল’ব নোৱাৰি। আনহাতে লক্ষ্ণৌ, বেংগালুৰু আদিকে ধৰি গুৱাহাটী বিমান বন্দৰ আগন্তুক ৫০ বছৰৰ বাবে আদানি গোটক গতাই দিব বিচৰা হৈছে। আদানি গ্রুপে ইতিমধ্যে দেশৰ অন্য পাঁচটাকৈ বিমান বন্দৰ তেওঁলোকৰ নিয়ন্ত্রণলৈ নিছে । তদুপৰি আদানি গ্ৰুপে ইতিমধ্যে পাৰ্কিং আদিকে ধৰি বিমান বন্দৰৰ বিভিন্ন মাচুল দহগুন বৃদ্ধি কৰিছে।তেওঁলোকৰ এই হঠকাৰী কাৰ্য্যই মহামাৰীৰ কবলত পৰি বিত্তীয় সংকটে জুৰুলা কৰা যাত্ৰীসকলক আৰু অধিক সংকটৰ মুখলৈ ঠেলি দিছে।

ভূঞাই স্মাৰকপত্ৰখনত কয়, “আমি সংশ্লিষ্ট সকলো পক্ষক সতৰ্ক কৰি দিব বিচাৰিছো যে গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত কৰণৰ পৰা বিৰত থাকক। অসমবাসীৰ অধিকাৰ আৰু স্বাভিমানক পদদলিত কৰিব বিচৰা কাৰ্য্য আৰু যাত্রী সকলক লুট কৰিব বিচৰা প্ৰচেষ্টা সফল হ’বলৈ দিয়া নহ’ব। ব্যক্তিগত কৰণৰ পৰা বিৰত নাথাকিলে গণতান্ত্রিক ভাৱে প্ৰৱল প্ৰতিৰোধ গঢ়ি তোলা হ’ব। আমি আমাৰ এই বাৰ্তাটিৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছো যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়া বৰ্গ আৰু আদানি গ্ৰুপে এই বিষয়ে আৰু অধিক সাহস প্ৰদৰ্শনেৰে বৰকঝাৰৰ বিমান বন্দৰটি আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকক।“

বিশিষ্ট গণিতজ্ঞ, মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰ উদ্ভাৱক, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নৌচাদ আলীৰ দেহাৱসান।

গণিতৰ নতুন সুত্ৰ উদ্ভাৱন কৰি অসমজুৰি চৰ্চিত হোৱা গণিতজ্ঞ, প্ৰধান শিক্ষক নৌচাদ আলী আৰু নাই। বিগত কেইবা মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অৱশেষত গৰিয়া চতলাস্থিত নিজ গৃহতে আজি ৰাতিপুৱা ৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে মৌলিক সংখ্যা নিৰ্ণয়ৰ প্ৰথমটো সুত্ৰ উদ্ভাৱক নৌচাদ আলীয়ে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে বৰপেটা জিলাতো । গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ লগতে বিভিন্ন দল সংগঠন, শিক্ষক সমাজে গভীৰ শোক প্ৰকাশ কৰি তেওঁৰ মৃত্যু গণিতৰ জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।
বিশিষ্ট গণিতজ্ঞ গৰাকীৰ মৃত্যুত গৰিয়া ছটলা গাঁওৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ছটলা আঞ্চলিক হাইস্কুলৰ শিক্ষক আৰু প্ৰাক্তন ছাত্র সকলে ক’ভিড প্ৰট’কল মানি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গভীৰ শোক প্ৰকাশ কৰে। তেওঁৰ মৃত্যুত ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনৰ বৰপেটা জিলা সমিতিয়েও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি তেওঁৰ মৃত্যু বৌদ্ধিক জগতৰ বাবে এক ক্ষতি বুলি কৈ গণিতৰ জগতত তেওঁৰ সাধনা, গবেষণা আৰু গণিতৰ জগতত তেওঁৰ অৱদান লেখতলবলগীয়া বুলি কয় । গবেষক, বিশিষ্ট গণিতজ্ঞ নৌচাদ আলীয়ে মৌলিক সংখ্যা নিৰ্ণায়কৰ সুত্ৰ উদ্ভাৱন কৰি সেইটোৰ ওপৰত লিখা “মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰ আৰু পাটিগণিত-জ্যামিতিৰ তত্ব” নামৰ এখন গ্ৰন্থ এখন অনুষ্টুপীয়াকৈ অলপতে উন্মোচন হৈছিল । ২০১৭ চনতে গণিতজ্ঞ নৌচাদ আলীয়ে উদ্ভাৱন কৰা এই সূত্ৰটি সবিস্তাৰে প্ৰকাশ কৰিছে এই গ্ৰন্থখনত। এই সুত্ৰৰ যোগেৰে সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যপুথিত থকা জটিল সুত্ৰৰ সহজ আৰু বাস্তৱধৰ্মী ৰূপ দিছে। গ্ৰন্থখনৰ যোগেৰে জ্যামিতি আৰু পাটিগণিতত থকা বহু ভুলো আঙুলিয়াই দিছে। উদ্ভাৱক নৌচাদ আলীৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰমতে যদি এটা বাস্তৱিক সংখ্যা n>1, 2n_2 ৰ উৎপাদক হয় তেন্তে n এটা মৌলিক সংখ্যা হয়। পূৰ্বৰ মতে, যদিহে কোনো এটা সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হয়, তেন্তে সেই সংখ্যাাটো মৌলিক সংখ্যা হয়। তেওঁ দাবী কৰামতে বিশ্বৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ নিৰ্দিষ্ট কোনো সুত্ৰ এতিয়ালৈকে কোনেওঁ উলিওৱা নাই। গণিতৰ জগতত এইটোৱে প্ৰথম সুত্ৰ যাৰ জড়িয়তে মৌলিক সংখ্যা নিৰ্ণয় কৰিব পৰা যাব ।
অতি মেধাসম্পন্ন, গণিতজ্ঞ নৌচাদ আলীয়ে গণিতৰ জগতত অন্যতম অভিলেখ গঢ়ি আজি ইহলীলা সম্বৰণ কৰে। এই সুত্ৰটো উদ্ভাৱন কৰিবলৈ বিগত ৪০ বছৰে সাধনা কৰিছিল তেওঁ । প্ৰয়াত নৌচাদ আলীয়ে ১৯৭৪ চনত স্নাতক ডিগ্ৰী লাভ কৰি মুকালমুৱা হাইস্কুলত শিক্ষকতা কৰে। তাৰ পিছত ১৯৭৭ ৰ পৰা ১৯৯১ চনলৈ মাজদিয়া হাইস্কুলত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। ১৯৯২ চনত চতলা আঞ্চলিক হাইস্কুলত তেওঁ প্ৰধান শিক্ষক হিচাপে যোগদান কৰে। ২০১৩ চনত অৱসৰ গ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেইবাবাৰো নিৰিক্ষকৰ দ্বায়িত্বভাৰ লৈছিল তেওঁ।
মৃত্যুৰ সময়ত তেখেতে ছয় গৰাকী কন্যা, এগৰাকী পুত্ৰৰ লগতে নাতি-নাতিনীসহ বহু আত্মীয়ক ইহসংসাৰত এৰি থৈ যায় ।

শ্রীৰামপুৰত কন্টেইনাৰৰ পৰা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ : চালকক গ্রেপ্তাৰ

ৰাজ্যৰ বিভিন্ন জিলাত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্র কৰি তোলাৰ সময়ত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁৱ মহকুমাৰ অন্তৰ্গত অসম পশ্চিমবংগ সীমান্তৱৰ্ত্তী শ্রীৰামপুৰত আজি ৰাতিপুৱা প্রায় পাঁচ বজাত ৩১ নং (গ)ৰাষ্ট্ৰীয় ঘাইপথত শিমূলটাপু আৰক্ষী চকী ৰ ভাৰপ্রাপ্ত বিষয়া প’ল লাহলিমছাং ৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোপন খবৰৰ ভিত্তিত  তালাচী অভিযান চলাই  ডিব্ৰুগড়ৰ  পৰা শিলিগুৰী অভিমুখে গৈ থকা এখন কন্টেইনাৰৰ  পৰা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা জব্দ কৰে।NL O1Q-1691 নম্বৰৰ কেন্টেইনাৰ খনৰ সন্মুখ ভাগত কৌশল গত ভাৱে চেম্বাৰ বনোৱাই পিছফালে  বিস্কুটৰ পেকেট দি লুকুৱাই ৩২৫ কাৰ্টুনত লৈ অনা বৃহৎ পৰিমাণৰ অৰুনাচলী সুৰা আৰক্ষীয়ে জব্দ কৰে।জব্দ কৰা অৰুনাচলী সুৰাৰ আনুমানিক  বজাৰ মূল্য প্রায় দহ লাখ টকা হ’ব বুলি আৰক্ষী সূত্রই প্রকাশ কৰিছে।কন্টেইনাৰ খনৰ  চালক  আৰমান হোছেইনৰ ঘৰ মৰিগাঁও  জিলাৰ জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি গাওঁত বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে। চালকক গ্রেপ্তাৰ কৰি অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে সুৰা খিনি অৰুনাচল প্ৰদেশৰ পৰা কেন্টেইনাৰ যোগে পশ্চিমবংগৰ শিলিগুৰী অভিমুখে গৈ থকাৰ তথ্য নিশ্চিত কৰিছে। উল্লেখযোগ্য যে মাত্র পাঁচ  দিন পূৰ্বে শিমূলটাপু আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ভাং জব্দ কৰাৰ পিছত আজি পুনৰ অৰুনাচলী সুৰা জব্দ কৰাটোৱে আন্তঃৰাজ্যিক সীমান্তত ড্রাগছৰ মাফিয়া চক্র সক্রিয় হৈ থকাৰ স্পষ্ঠ ইংগিত বহন কৰিছে। 

নলবাৰীত ডকাইত-আৰক্ষীৰ সংঘৰ্ষত তিনি ডকাইত আহত

নলবাৰীৰ মুগকুছিতত যোৱা নিশা আৰক্ষী আৰু ডকাইতৰ  মাজত গুলিয়াগুলীৰ ঘটনা সংঘটিত হয় । মহিন্দ্ৰা জাইল’ গাড়ী লৈ অহা এটি ডকাইতৰ দলে নলবাৰী-হাজো আহি থকাৰ সময়ত আৰক্ষীৰে সংঘৰ্ষ হয় । আৰক্ষীয়ে ডকাইতৰ বাহনখনৰ চকাত গুলিয়াই গাড়ী খন ৰখাই দিয়াত ডকাইত কেইজন পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আবু বক্কৰ,বিজু আহমেদ আৰু ৰুবুল হুছেইন নামৰ ডকাইত তিনিটাক কৰায়ত্ত কৰে । তিনি  ডকাইত আৰক্ষীৰ গুলিত আহত হয় আৰু তিনিওটাকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাল লৈ প্ৰেৰণ কৰা হৈছে ।উল্লেখযোগ্য ডকাইতৰ দলটোৱে আৰক্ষীৰ গাড়ীৰ সন্মুখত দাম্পাৰ এখন ৰখাই পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীয়ে গুলি চালনা কৰে । ডকাইতৰ কবলৰ পৰা আৰক্ষীয়ে পিষ্টল এটা,সজীৱ গুলি আৰু বহু আপত্তিকৰ সামগ্ৰী উদ্ধাৰ কৰিছে ।আৰক্ষীয়ে জনোৱা মতে ডকাইত দলটোৰ মূল অভিযুক্ত আবু বক্কৰ ধন লুট,গৰু চোৰ, বেংক ডকাইতি, মন্দিৰ লুটপাত আদি ঘটনাৰে জড়িত । আনহাতে নলবাৰী সদৰ থানাৰ এনে সফলতাত ৰাতিপুৱাৰ ভাগত নলবাৰীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ সদৰ থানাত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ বিষয়ে আলোচনা কৰি শেষত নলবাৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তপন কলিতা , ঘগ্ৰাপাৰ থানাৰ বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীকে ধৰি এই অভিযানত থকা আটাইকেইগৰাকী আৰক্ষীক গামোচাৰে উস্মভাৱে সম্বধৰ্ণা জনাই আটাইকে উৎসাহ যোগায়‌।

‘মা’ৰ বুকুৰ গাখীৰো উৎপাদন কৰা হ’ল লেবৰেটৰীত

নৱজাতক শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে অতিকৈ প্ৰয়োজনীয় মাতৃদুগ্ধ। পিছে এনে বহু শিশু আছে, যি খুব কম দিনতে হেৰুৱাই মাতৃক। তেনে নৱজাতক বঞ্চিত হয় মাতৃদুগ্ধৰ পৰা। পিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ ফলত তেনে শিশুৱেও এতিয়াৰে পৰা কৰিব পাৰিব মাতৃদুগ্ধপান। প্ৰথমবাৰৰ বাবে বায়’মিল্ক নামৰ এক কোম্পানীয়ে  মহিলাৰ স্তন কণিকাৰ পৰা উৎপাদন কৰিছে এবিধ বিশেষ দুগ্ধ। সেই দুগ্ধবিধত থকা প্ৰ’টিন, কার্বহাইড্ৰেট ইত্যাদিৰ পৰিমাণ মাতৃদুগ্ধৰ সমপর্যায়ৰ।

প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দি গ্ৰেপ্তাৰ চলমান

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক হত্যা কৰিবলৈ ফোন কৰা এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। খাজুৰী খাছ আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযুক্ত চলমানক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা মতে, ২২ বছৰীয়া চলমানে যোৱা নিশা আৰক্ষীক ফোন কৰিছিল আৰু প্ৰধানমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিছিল। অভিযুক্তজনক দিল্লীৰ জ্যেষ্ঠ আৰক্ষী বিষয়াই সোধা-পোছা কৰি আছে। আৰক্ষীয়ে জনোৱা মতে যুৱকজনৰ ওপৰত পূৰ্বেও কেইবাটাও গোচৰ ৰুজু হৈ আছে। অভিযুক্তজনে প্ৰাৰম্ভিক জেৰাত কৈছিল যে তেওঁ কাৰাগাৰলৈ যাবৰ বাবেই আৰক্ষীক এইদৰে ফোন কৰি ভাবুকি দিছিল।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত সংবাদমেলৰ আয়োজন

 ক’ভিড প্ৰতিৰোধী নীতি-নিৰ্দেশনা সন্দৰ্ভত পুনৰ বিবেচনা কৰা কৰিব চৰকাৰে৷ ৭ মে’ত নতুন নিয়ম বলৱৎ কৰা নকৰা সন্দৰ্ভত পুনৰ বিবেচনা হ’ব৷ ১৫ জুনলৈকে এতিয়াৰ নাতি-নিৰ্দেশনাই বাহাল থকাৰ সম্ভাৱনা আছে। এই বিষয়ে প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। আজি দিছপুৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত এখন সংবাদমেলৰ আয়োজন কৰে৷ ৰাজ্যত ক্ৰমান্বয়ে কৰ’না সংক্ৰমণ হ্ৰাস পোৱা বুলি প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী মহন্তই৷

মৃত্যুৰ সংখ্যাও আগৰ তুলনাত কমাৰ কথাও সদৰি কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷ সংবাদমেলত তেওঁ কয়, ৰাইজৰ সহযোগত কৰ’না নিয়ন্ত্ৰণ কৰা সম্ভৱ হৈছে৷ এতিয়া দৈনিক ৫০ হাজাৰ লোকক ভেকচিন দি থকা হৈছে আৰু এই সংখ্যা ৭০ হাজাৰলৈ বৃদ্ধি কৰিববলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ৬খন জিলাক ইয়াৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিব স্বাস্থ্য বিভাগে।চৰকাৰে ক্ৰয় কৰিব নোৱৰা ২৫ শতাংশ ভেকচিন বেচৰকাৰী খণ্ডৰ চিকিৎসালয়ক ক্ৰয় কৰাৰ আহ্বান জনায় স্বাস্থ্যমন্ত্ৰী মহন্তই। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পুঁজিৰ বাবে ৩ মাহৰ সূদবিহীন ঋণ দিব চৰকাৰে৷ ৰাজ্যৰ সাতখন মেডিকেল কলেজত পেডিয়াট্ৰিক আইচিইউ নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ সদৰি কৰে৷ শিশুৰ বাবে ৫টা আইচিইউ নিৰ্মাণ কৰাৰ কাম হাতত লোৱা হৈছে বুলিও মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই৷

RSSৰ মুখ্য কাৰ্য্যালয়স্বৰূপ গীতাশ্রমত উপস্থিত বন তথা আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

হোজাইত উপস্থিত অসম চৰকাৰৰ বন তথা আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। হোজাইত উপস্থিত হৈ পোনে পোনে উপস্থিত হয় উত্তৰ পূৱৰ RSS ৰ মুখ্য কাৰ্য্যালয়স্বৰূপ গীতাশ্রমত। গীতাশ্রমত উপস্থিত হৈ হোজাই জিলাৰ দলীয় কৰ্মকৰ্তা তথা নেতাসকলৰ সৈতে বৈঠকত মিলিত হয়। হোজাইত উপস্থিত হৈ ক’ভিড পৰিস্থিতিৰ বুজ লয়। হোজাইৰ বন্যহস্তীৰ সমস্যা লৈও মন্তব্য দিয়াৰ লগতে লামডিং বনাঞ্চল বেদখল মুক্ত কৰাৰ কথা সদৰি কৰে সাংবাদিকৰ সন্মুখত। হোজাইৰ গীতাশ্রমৰ পৰা পোনে পোনে হোজাই জিলাৰ কোভিড পৰিস্থিতিৰ বুজ লবলৈ উপায়ুক্তৰ কাৰ্য্যালয়লৈ প্ৰস্থান কৰে মন্ত্ৰীগৰাকী।