দক্ষিণ কামৰূপৰ নগৰবেৰাৰ বদলা গাওঁৰ দুৰ্ভগীয়া আব্দুৰ ৰহমান নামৰ ব্যক্তিজনৰ চিকিৎসাৰ বাবে সহায় বিচাৰি আমাৰ দৈনন্দিন বাৰ্তা কাকতত ২ জুন তাৰিখে এটা বাতৰি প্ৰকাশিত হৈছিল। সবিস্তাৰে বাতৰিটো প্ৰকাশ হোৱাৰ পাছতেই আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি দক্ষিণ কামৰূপ জিলাৰ আমছুৰ সভাপতি ইমদাদ হুছেইন, সাধাৰণ সম্পাদক আব্দুল লতিফ মণ্ডল সহ ১৫ জনীয়া দল এটাই নগৰবেৰাস্থ টুপামাৰীৰ বদলা গাওঁৰ আব্দুল ৰহমানৰ ঘৰত উপস্থিত হয়। যোৱা বছৰ লকডাউনৰ সময়ত দৰং জিলাৰ মৌচিতা গাওঁত হাজিৰা কাম কৰিবলৈ গৈ আব্দুৰ ৰহমান নামৰ ব্যক্তিজনৰ পুলিচৰ কোবত ভৰি ভাঙিছিল। পিছত দুখীয়া পৰিয়ালটোৱে বহু চিকিৎসা পাতি কৰিলে যদিও ভাল নহল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আব্দুৰ ৰহমানে। পৰিয়ালৰ মূল উপাৰ্জনকাৰী পঙ্গু হৈ বিছনাত পৰি থাকিবলগীয়া হোৱাত পৰিয়ালটোলৈ নামি পৰিছে ঘোৰ অমানিশা। কেতিয়াবা খাই আকৌ কেতিয়াবা নাখায় দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে দুৰ্ভগীয়া পৰিয়ালটোৰ। আজি দক্ষিণ কামৰূপ জিলাৰ আমছু সজাতি দলটোৱে আব্দুৰ ৰহমানৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে পৰিয়ালটোলৈ নগদ দুই হাজাৰ টকা আৰু প্ৰায় ১৫ দিন খাব পৰাকৈ চাউলস লগতে বিভিন্ন খাদ্য সামগ্ৰী আগবঢ়ায়। দক্ষিণ কামৰূপ জিলাৰ আমছুৰ সভাপতি গৰাকীয়ে আৰক্ষীৰ প্ৰহাৰত আব্দুৰ ৰহমান নামৰ ব্যক্তিজন পঙ্গু হোৱাত অসম আৰক্ষীক গৰিহণা দিয়ে আৰু অসম চৰকাৰক আব্দুৰ ৰহমানলৈ আৰ্থিক সাহাৰ্য্য প্ৰদান দাবী জনায়। ইয়াৰ উপৰিওঁ স্থানীয় বিধায়িকা নন্দিতা দাসক দুৰ্ভগীয়া আব্দুৰ ৰহমানৰ চিকিৎসাৰ বাবে বুজন পৰিমাণৰ আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ আহ্বান জনায় দক্ষিণ কামৰূপ জিলাৰ আমছুৰ সভাপতি গৰাকীয়ে।
ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি এটি ৩ বছৰীয়া কণমানিৰ ।
নাগালেণ্ডৰ ৩ বছৰীয়া কণমানি এজনীৰ ফটো ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। নাম তাইৰ লিপাভি। ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছে এইগৰাকী কণমানি লিপাভিয়ে।কণমানি লিপাভিৰ আগদিনা নিশাৰ পৰাই পানীলগা জ্বৰ হৈছিল। কিন্তু পুৱাই পিতৃ-মাতৃ ওলাই গৈছিল কামলৈ। আন কথা চিন্তা নকৰি লিপাভি নিজেই গৈ ওলাল ওচৰৰ হাস্পতালত।লিপাভিৰ এই কাণ্ড দেখি অতি আচৰিত আৰু উৎসাহিত হৈ পৰে চিকিৎসক। নাগালেণ্ডৰ ঝুনেবট’ জিলাৰ গাটাছি মহকুমাৰ হেবোলিমি স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে সকলোকে আচৰিত কৰি তোলা এই কাণ্ড।নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ হাজিৰ হোৱা লিপাভিয়ে পিন্ধি গৈছিল মাস্ক। যিসময়ত বহু শিক্ষিত আৰু বয়সত ডাঙৰ লোকে দিন-ৰাতি কোৰোণাৰ বিধি উলংঘা কৰি আহিছএ তেনে সময়তে লিপাভিৰ এই সচেতনতাই সকলোকে অবাক কৰি তুলিছে।
ছয়গাঁও ঔদ্যোগিক কেন্দ্ৰত হাজাৰ হাজাৰ বস্তা চোৰাং চাউল সহ ট্ৰাক জব্দ।
ৰাজ্যত অব্যাহত আছে চোৰাং ব্যৱসায় আৰু চিণ্ডিকেটৰ বজাৰ। এনে এক বৃহৎ চোৰাং চাউল ব্যৱসায়ৰ খৱৰ ৰাজহুৱা হৈছে কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ছাটাবাৰীস্থ উদ্যোগিক কেন্দ্ৰত। দক্ষিণ কামৰূপৰ ছয়গাঁওৰ ঔদ্যোগিক কেন্দ্ৰত চৰকাৰৰ এফ ,চি ,আই বিভাগৰ হাজাৰ হাজাৰ বস্তা চোৰাং চাউল জব্দ কৰে বকো আৰক্ষী বিষয়াই। জানিব পৰা মতে মাৰুতি ফুটজ ইউনিট-২ নামৰ ঔদ্যোগটোত মেঘালয়ৰ এফ, চি,আইৰ চাউল ট্ৰাকে ট্ৰাকে দীৰ্ঘদিনৰ পৰা আহি আছিল।লগতে উদ্যোগটোৰ এফ চি আইৰ চাউল বস্তাৰ পৰা উলিয়াই নতুনকৈ চাউল পেকেজিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।উল্লেখ যে নতুন কৈ পেকেট কৰা চাউল সমূহ প্ৰেৰণ কৰা হয় আছাম ৰাইফলছ আৰু চি আৰ পি এফ তথা আৰক্ষীলৈ। প্ৰাপ্ত তথ্য অনুসৰি উদ্যোগটোৰ স্বত্বাধিকাৰী দীপক আগৰৱালাই বহু দিনৰ পৰা এনে ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ মতে যোৱা ১জুনৰ নিশা নধিয়াপাৰাত এখন ট্ৰাক উদ্ধাৰ হোৱাৰ পিছতেই এই ভয়াবহ দূৰ্নীতি পোহৰলৈ আহে। বকোৰ নধিয়াপাৰাত চাউল ভৰ্তি ট্ৰাক খন দেখি স্থানীয় ৰাইজৰ সন্দেহ হোৱাত বকো আৰক্ষীক অবগত কৰে। ইফালে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু আৰক্ষীয়ে এন এল – ০৭ এ – এ০৪৯৩ নম্বৰৰ ট্ৰাকখন জব্দ কৰে লগতে আৰু বহু কেইখন ট্ৰাক উদ্যোগটোৰ ভিতৰত সোমাইছে বুলি স্থানীয় ৰাইজে জনায়। ঘটনা সন্দৰ্ভত যোৱা নিশা বকো আৰক্ষীয়ে উদ্যোগটোত অধিক তথ্যৰ বাবে অভিযান চলাই। আনহাতে বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জীত কুমাৰ ৰয়ে বৰ্তমানো ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে। প্ৰকাশ যে একো একোখন ট্ৰাকত চাউল আহে প্ৰায় ৫০০ বস্তাকৈ।
আজৱ ঘটনা : যুৱকৰূপী যুৱতীয়ে মবাইল প্ৰেমে পলুৱাই নিলে যুৱতীক
মৰিগাঁৱৰ লাহৰীঘাটত সংঘটিত হৈছে আজৱ ঘটনা । যুৱকৰূপী যুৱতীয়ে ম’বাল প্ৰেম কৰি পলুৱাই লৈ গ’ল যুৱতীক। সাৱধান, আপোনাৰ যুৱতী গৰাকীও পৰিব পাৰে ম’বাইল প্ৰেমত।হয়,ৰং নম্বৰে বহু যুৱক যুৱতীৰ হৈছে বৈবাহিক জীৱন।পিছে কোনোবা আকৌ ম’বাইল প্ৰেমত পৰিছে খাইছে হাবুডুবু। আজি আমি লৈ আহিছো তেনে ৰং নম্বৰত কথা পাতি হিয়া দিয়া নিয়া কৰা দুই যুৱতীৰ কাহিনী ।লাহৰীঘাটৰ কোঁছকাটি গাঁৱৰ এইগৰাকী যুৱকৰূপী যুৱতীৰ নাম লভিতা বাংঠাই(ক’লা চাৰ্ট আৰু জিনছৰ হাফপেণ্ট পৰিহিত) । ১৯ বছৰীয়া যুৱতী গৰাকীয়ে অঞ্চলটোৰ পটীয়াবন্ধা গাঁৱৰ ১৬ বছৰীয়া এইগৰাকী মালতি বৰদলৈৰ লগত ৰংনম্বৰত প্ৰেম কৰি চাৰিদিন পূৰ্বে লৈ গৈছিল পলোৱাই ।অবশ্যে পৰিয়ালৰ লোকে দুয়োকে উদ্ধাৰ কৰি বৃহস্পতিবাৰে ঘৰলৈ লৈ যায় আৰু তাতে উলাই পৰে উৰহীৰ গছৰ ওৰ । উল্লেখ্য যে লভিতা বাংঠাইয়ে নিজকে অভি নামৰ যুৱকৰ পৰিচয় দি মাত্ৰ এটা দিনতে প্ৰেমৰ জাল পেলাই পলোৱাই লৈ গৈছিল পটীয়াবন্ধাৰ মালতি বৰদলৈক।পাছত যুৱতী দুগৰাকীক আৰক্ষীক গতাই দিয়ে আৰু আজি দুয়োকে জেল হাজোতলৈ প্ৰেৰণ কৰে।খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও
পুৰণিগুদাম আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান : অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদ মেল
নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন স্থানত যোৱা নিশা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে পুৰণিগুদাম আৰক্ষীয়ে এক ব্যাপক অভিযান চলায় । বিশেষকৈ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী হায়াংথলত গোপন সুত্ৰৰ পম খেদি চলোৱা এক অভিযানত মহিলা সহ তিনিজন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নিৰ্দেশত পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিৰদাও গয়াৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে হায়াংথলৰ পৰা সৰবৰাহকাৰী অতুল কোৱৰ, ঋতু বৰা আৰু প্ৰতিমা বৰাক আটক কৰে । আনহাতে নিশাৰ ভাগলৈ পুৰণিগুদাম আৰক্ষী চকীত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলেৰ উপস্থিতিত অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সম্বোধন কৰা এক সংবাদ মেলত অভিযানত ৪৬০৮টা নিচাযুক্ত কেপচুল আৰু ৭০০টা নিচাযুক্ত চিৰাপৰ বটল জব্দ হয় বুলি জানিবলৈ দিয়ে। ইয়াৰোপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে সংবাদ মেল খনতেই এই চক্ৰটোৰ লগত আৰু বহু লোক জড়িত আছে বুলি মন্তব্য কৰাৰ লগতে এই অঞ্চলটো নাগালেণ্ডৰ সীমামূৰীয়া হোৱা বাবে ইয়াত অধিক ড্ৰাগছৰ ঘাটি থকাৰ কথা আমি উমান পাইছো আৰু আমাৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকিব বুলি কয় । উল্লেখ্য যে উক্ত চক্ৰটোৱে নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলত দীৰ্ঘদিন ধৰি নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ চলাই আহিছিল ।
গেলেকী আৰক্ষীৰ অভিযানঃপুনৰ আৰক্ষীৰ জালত দুই নগা ড্ৰাগছ সৰবৰাহকাৰী : বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ
নাগালেণ্ডৰ ডিমাপুৰৰ পৰা নাজিৰা মহকুমাৰ গেলেকী সীমান্তয়েদি সমগ্ৰ শিৱসাগৰ জিলাত চলে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । সমগ্ৰ অসমৰ লগতে শিৱসাগৰ জিলাৰ সীমান্তবৰ্তী গেলেকীত আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত পোহৰলৈ আহিছে এই কথা।ইফালে যোৱাকালি পৰা গেলেকী আৰক্ষীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে।যোৱাকালি বিয়লি নাজিৰা মহকুমাৰ অসম – নাগালেণ্ড সীমান্তৱৰ্তী গেলেকী আৰক্ষীয়ে সীমান্ত অঞ্চলত অভিযান চলাই সীমান্ত অঞ্চলটোৰ কুখ্যাত ড্ৰাগছৰ ব্যৱসায়ী ইনামুল হুছেইন ওৰফে বিটু(২২ , গেলেকী ৰঙাপাৰা ) আৰু চাহিদা ৰহমান ওৰফে পুতু(২৫ , গেলেকী কলগাওঁ ) ক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুৱা পুনৰ ড্ৰাগছসহ দুজন নগা যুৱকক গ্ৰেপ্তাৰ কৰে। গেলেকী আৰক্ষী থানাৰ এছ আই সুনীল দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী আৰক্ষীৰ এটা দলে সীমান্ত অঞ্চলটোৰ আঠখেলৰ পৰা মুৱাটেমচু চামটাম(৩১)আৰু ইম্নলিনবা(২৫)নামৰ নাগালেণ্ডৰ দুই যুৱকক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে।মুৱাটেমচুৰ ঘৰ নাগালেণ্ডৰ টুৱেনচাঙৰ লাংখিম নগৰত আৰু ইম্নলিনবাৰ ঘৰ হৈছে নাগালেণ্ডৰ ডিমাপুৰত । উল্লেখ্য যে এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা সীমান্তৰ এই অঞ্চলটোৱেদি গেলেকী,নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাত ড্ৰাগছ,হিৰইন’ব্ৰাউন চুগাৰৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।যোৱাকালি গেলেকী ৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী দলটোৱে নাগালেণ্ডৰ পৰা ড্ৰাগছ গেলেকীত বিক্ৰি কৰাৰ উদেশ্যে অনাৰ মূহুৰ্তত গ্ৰেপ্তাৰ হোৱাৰ পাছত আজি নাগালেণ্ডৰ দুই যুৱক বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই সমগ্ৰ শিৱসাগৰ জিলাত যে নাগালেণ্ডৰ পৰা গেলেকী সীমান্তইদি এক ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ কথা পোহৰলৈ আহিছে। নাগালেণ্ডৰ ডিমাপুৰৰ পৰা মুককচা,টুৱেনচাং,লংলং আদি নাগালেণ্ডৰ বিভিন্ন অঞ্চলৰ পৰা সীমান্তৰ এই অঞ্চলটোৱেদি গেলেকী,নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে সমগ্ৰ শিৱসাগৰ জিলাৰ একাংশ কলেজ,স্কুলীয়া যুৱকৰ যোগেদি যুৱ প্ৰজন্মৰ বাবে বৰবিহ স্বৰূপ এই মাৰাত্মক ড্ৰাগছৰ ব্যৱসায় অব্যাহত আছে ।
গোলাঘাটত গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা
অসম চৰকাৰৰ নিৰ্দেশ অনুযায়ী সমগ্র ৰাজ্যত ড্ৰাগছৰ উৎখাত অভিযান আৰম্ভ হৈছে। প্ৰত্যেক দিনাই ড্ৰাগছ ব্যৱসায়ীৰ গ্ৰেপ্তাৰে সংবাদ শিৰোনাম দখল কৰিছে। গোলাঘাটতো বিভিন্ন অঞ্চলত ধাৰাবাহিকভাৱে ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ হৈ আছে । পুনৰ গোলাঘাট ফৰকাটিংত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ । গোলাঘাট ফৰকাটিং ২ নং ফাটোৱাল গাঁৱৰ পৰা গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী চন্দন বৰুৱা । বহুদিনৰ পৰা ফৰকাটিং ২ নং ফাটোৱাল গাৱঁ তথা বৃহত্তৰ ফৰকাটিং অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল চন্দন বৰুৱাই । ফৰকাটিং আৰক্ষীয়ে লাভ কৰা গোপন সূত্ৰৰ পম খেদি চন্দন বৰুৱা বাসগৃহত তালাচী চলাই ১০ গ্ৰাম হেৰইন সহ গ্ৰপ্তাৰ কৰে ধৃত চন্দন বৰুৱাক । নিষিদ্ধ ড্ৰাগছ সমূহ ঘৰৰ টিনৰ মাজত লুকুৱাই থৈছিল চন্দনে । আৰক্ষীয়ে তালাচী চলাই উদ্ধাৰ কৰে ড্ৰাগছ সমূহ ।
বক্সাৰ শিৱ থাপাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক
আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বক্সাৰ শিৱ থাপাই সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰাৰ বাবে শিৱ থাপাক অভিনন্দন মুখ্যমন্ত্ৰীৰ। ৰাজ্যিক ক্ৰীড়া নীতি অনুসৰি শিৱ থাপাক ৩ লাখ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰীৰ।সাক্ষাতৰ সময়ত ক্ৰীড়া মন্ত্ৰী বিমল বৰাও উপস্থিত।
চাবুৱাৰ চাহ বাগিছাত ভয়ংকৰ কাণ্ড ভুৱা চিকিৎসক অব্যাহত ৰাখিছিল অসৎ কাৰ্য
চাবুৱাৰ মোকালবাৰী চাহ বাগিছাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। চাহ বাগিছা খনৰ হাস্পতালত কৰ্মৰত এজন ভুৱা চিকিৎসক। নাম ষ্টিফেন এণ্ট্ৰনী ওৰফে চাইমন নাগ ওৰফে ৰবেন নাগ। অৱশেষত আৰক্ষীৰ জালত এইজন মুন্নাভাইৰূপী চিকিৎসক। যি সময়ত বৰ্তমানৰ এই কভিডসৃষ্ট পৰিৱেশত চিকিৎসক সকলে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি তথা দিন-ৰাতি একাকাৰ কৰি অহৰহ কৰ্তব্যত নিয়োজিত হৈ আছে সেই সময়তে কিন্তু এনে অসৎ ব্যক্তিয়ে ভুৱা চিকিৎসক হৈ চিকিৎসা আগবঢ়াই আহিছে। জানিব পৰামতে মোকালবাৰী বাগিছাৰ হাস্পতালত এইজন ভুৱা চিকিৎসক চাইমন নাগে সকলোৰে চকুত ধূলি দি চিকিৎসা সেৱা কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে..উল্লেখ্য যে চাইমন নাগে ষ্টিফেন এণ্টনীৰ নামত ভুৱা প্ৰমাণ পত্ৰৰে চিকিৎসকৰূপে যোগদান কৰিছিল..আনহাতে এই বিষয় সন্দৰ্ভত এজন সচেতন ব্যক্তিয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক অৱগত কৰাৰ পাছতে চাবুৱা থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া টুলুমণি দুৱৰাৰ আৰু ৰহমৰীয়া আৰক্ষী থানাৰ জিতেন বুঢ়াগোহাঁই নেতৃত্বত যোৱা এটি আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক। আৰক্ষীৰ তথ্য অনুসৰি ভুৱা চিকিৎসকজনে 2007-বৰ্ষত কৰ্ণাটকৰ বাংগালোৰৰ এখন প্ৰতিষ্ঠানৰ পৰা ষ্টিফেন এণ্ট্ৰনীৰ নামত ডাক্তৰী পাছৰ প্ৰমাণ পত্ৰ লৈ অসমৰ কেইবাটাও স্থানত চিকিৎসক হিচাপে কাম কৰি আহিছিল।
ইফালে ষ্টিফেন এণ্ট্ৰনী ওৰফে চাইমন নাগে 2003-বৰ্ষত চাবুৱাৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ উক্ত পৰীক্ষাত ফেইল কৰা সেই একেই জন ব্যক্তিয়ে কি দৰে ষ্টিফেন এণ্ট্ৰনীৰ নামত ( দাবী কৰা অনুসৰি ) সুখ্যাতিৰে প্ৰথম বিভাগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ 2007-বৰ্ষত কৰ্ণাটকৰ বাংগালোৰৰ পৰা MBBS- পাছ কৰিলে সেয়াও এক ৰহস্যৰ বিষয়..উল্লেখ্য যে ষ্টিফেন এণ্ট্ৰনী শীৰ্ষক একে নামৰ এগৰাকী সুদক্ষ চিকিৎসক ভাৰতৰ বাহিৰত কৰ্মৰত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰহমৰীয়া আৰক্ষীয়ে ন্যায়ধীশ আদালতত কৰা আবেদনৰ ভিত্তিত পাছতে চাইমন নাগক অধিক সোধা-পোছাৰ বাবে ৰহমৰীয়া আৰক্ষী থানাত ৰাখিছে বুলি জানিব পৰা গৈছে..আনহাতে বাগিছাৰ কৰ্তৃপক্ষৰ লগতে হাস্পতাল কৰ্তৃপক্ষ সকলোৰে চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা কিদৰে এনে এজন ব্যক্তিয়ে চিকিৎসকৰ দৰে এটি মহৎ বৃত্তিত নিয়োজিত হৈ আছিল তাকে লৈ এতিয়া চাবুৱাৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে
নগা বেদখলকাৰীৰ কৱলত অভয়পুৰ সংৰক্ষিত বনাঞ্চল : নীৰৱ ৰাজ্যৰ বন বিভাগ।
চৰাইদেউ জিলাৰ এখন অন্যতম গুৰুত্বপূৰ্ণ বনাঞ্চল হ’ল অভয়পুৰ সংৰক্ষিত বনাঞ্চল। অসম-নগালেণ্ড সীমান্তবৰ্তী এলেকাত থকা বনাঞ্চল খনৰ মুঠ মাটিকালি ৬৭৩২.৬৬০। সম্প্ৰতি নগা বেদখলকাৰীৰ কৱলত পৰিছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা মাটি। তাৰ পিছতো নীৰৱে আছে ৰাজ্যৰ বন বিভাগ। উল্লেখ্য যে চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত পৰ্যাপ্ত বনকৰ্মী নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে বনাঞ্চলখনৰ বৃহৎ বৃহৎ গছ কাটি কাঠৰ চোৰাং সৰবৰাহ কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া। আনহাতে বনাঞ্চল খনত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰা লগতে বন ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ অভিযোগ বহু পুৰণি। মূলত বনকৰ্মীৰ সংখ্যা সীমিত হোৱাৰ বাবেই নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ কৰিছে বনাঞ্চল খনত। শেহতীয়াকৈ বনাঞ্চল খনৰ ভিতৰত নগা দুষ্কৃতিকাৰীয়ে বনাঞ্চল খনৰ ভিতৰত শিবিৰ পাতি প্ৰায় তিনি শ বিঘা মাটি বেদখল কৰি ৰবৰৰ বাগিচা স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০১৯ চনৰ অক্টোবৰ মাহতে চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষী বাহিনীৰ লোকে বনৰক্ষীক লগত লৈ বনাঞ্চল খনত চলোৱা এক অভিযানত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ তথ্য পোহৰলৈ আহিছিল। সেই অভিযানৰ সময়ত বেদখল আৰু কাঠৰ চোৰাং সৰবৰাহত জৰিত চাৰিজন নগা যুৱকক মাৰনাস্ত্ৰ আৰু গছ কটা যন্ত্ৰসহ আটক কৰা হৈছিল যদিও বন বিভাগৰ নিৰ্লিপ্ততাৰ বাবেই আটাইকে মুকলি কৰি দিব লগা হৈছিল আৰক্ষীয়ে। মন কৰিবলগীয়া যে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত পৰ্যাপ্ত বনৰক্ষী নথকাৰ বাবে নিৰাপত্তা জনিত কাৰণত কিছুবছৰ পূৰ্বে বনাঞ্চল খনৰ ভিতৰত থকা জয়মতী বন শিবিৰটো বন্ধ কৰি দিয়া হয় আৰু ইয়াৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে বেদখল অব্যাহত ৰাখিছে বনাঞ্চল খনত। ইফালে শেহতীয়াকৈ বনাঞ্চল খনৰ ভিতৰত নগা দুষ্কৃতিকাৰীয়ে বেদখল কৰাৰ লগতে বন ধ্বংসযজ্ঞ অব্যাহত ৰখা এটা ভিডিঅ’ চছিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পাছতেই হুৱাদুৱা লাগিছে বন বিভাগৰ মাজত।











