Home Blog Page 3031

স্বাস্থ্য মন্ত্রী কেশৱ মহন্তৰ শিৱসাগৰ ভ্ৰমণ:শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন,উপায়ুক্ত কাৰ্যালয়ত ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি শিৱসাগৰ জিলাত উপস্থিত হৈ জয়সাগৰ স্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত মন্ত্ৰী গৰাকীয়ে চিকিৎসালয়খনৰ ক’ভিড ৱাৰ্ডৰ আন্তঃগাথঁনি, চিকিৎসা সেৱা তথা অন্যান্য সা-সুবিধা আদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। তেওঁ উপায়ুক্ত বিষ্ণু কমল বৰা, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যামন্ত মাধৱ শৰ্মা তথা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সৌৰভ কুমাৰ গগৈৰ সৈতে জিলাখনৰ ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ চিকিৎসা ব্যৱস্থাৰ বিষয়ে বিতংভাৱে আলোচনা কৰে। তেওঁ লগতে ক’ভিড ৱাৰ্ড তথা আই. চি. ইউ. ৰ বৃদ্ধি তথা সম্প্ৰসাৰণৰ বিষয়েও আলোচনা কৰে।

ইয়াৰ পিছত মন্ত্ৰী গৰাকীয়ে শিৱসাগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত জিলাখনৰ সামগ্ৰিক ক’ভিড-১৯ ব্যৱস্থাপনাৰ পৰ্যালোচনা কৰে।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ প্ৰতিনিধি প্ৰাঞ্জল খনিকৰ আৰু আমগুৰি সমষ্টিৰ বিধায়ক প্রদীপ হাজৰিকাৰ প্ৰতিনিধি ঘন গগৈৰ উপস্থিতিত অনুষ্ঠিত এই পৰ্যালোচনা বৈঠকত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ক’ভিড প্ৰতিষেধক প্ৰক্ৰিয়া আহল-বহল স্থানত সম্পন্ন কৰাৰ পোষকতা কৰিছে। তদুপৰি, বৰ্তমানে বিদ্যালয়সমূহ যিহেতু বন্ধ হৈ আছে, সেয়ে তেওঁ ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া চিকিৎসা কেন্দ্ৰৰ পৰিবৰ্তে বিদ্যালয় প্ৰাংগণত কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ চক্ৰ বিষয়া সকলক সংশ্লিষ্ট ৰাজহ চক্ৰৰ ক’ভিড ব্যৱস্থাপনা পোনপটীয়াকৈ তদাৰক কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ জিলা উপায়ুক্ত বিষ্ণু কমল বৰাক সাধাৰণ চিকিৎসা সেৱা, ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া তথা ক’ভিড পৰীক্ষণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ অতিৰিক্ত উপায়ুক্তসকলক দায়িত্ব অৰ্পণ কৰিবলৈ কয়। তেওঁ ক’ভিড পৰীক্ষণৰ ক্ষেত্ৰত মুঠ পৰীক্ষণৰ ৩০ শতাংশ আৰ. টি. পি. চি. আৰ. পৰীক্ষণ কৰিবলৈ কয়। তেওঁ জিলা প্ৰশাসনক পূৰ্বতকৈ অধিক শৃংখলিত তথা কাৰ্যকৰী পৰিকল্পনা হাতত লৈ এক শক্তিশালী ক’ভিড-১৯ প্ৰতিৰোধী ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনায়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আৰক্ষী বিভাগক আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা কঠোৰভাৱে বলবত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে জনসমাগম ৰোধৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ কয়। মন্ত্ৰী গৰাকীয়ে ক’ভিড কেয়াৰ চেণ্টাৰ তথা ক’ভিড চিকিৎসা ৱাৰ্ড বৃদ্ধিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি অতিৰিক্ত ১৩০ খন বিচনা মজুত ৰাখিবলৈ নিৰ্দেশ দিয়ে। তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত নিৰ্মীয়মান অক্সিজেন যুক্ত আই. চি. ইউ. -ৰ নিৰ্মাণকাৰ্য্য অহা ১৫ জুনৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ চাহ-বাগিচা এলেকাত ক’ভিড-১৯ ৰোগত আক্ৰান্ত ৰোগীক কোনোপধ্যেই যাতে গৃহ আছুতীয়াকৰণ কৰা নহয়, তাৰ ওপৰত গুৰুত্ব দিবলৈ কয়। নিজ বক্তব্যত তেওঁ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে ক’ভিড পৰীক্ষণ বৃদ্ধি আৰু ৰোগীক প্ৰয়োজনীয় চিকিৎসা সেৱা সময়মতে উপলব্ধ কৰোৱাত গুৰুত্ব প্ৰদান কৰে। তেওঁ উপায়ুক্ত প্ৰমুখ্যে অন্যান্য প্ৰশাসনিক বিষয়া, চিকিৎসক তথা আশাকৰ্মীয়ে গৃহ আছুতীয়াকৰণত তথা ক’ভিড কেয়াৰ চেণ্টাৰত থকা ৰোগীক ফোনযোগে যোগাযোগ কৰি তেওঁলোকৰ সুবিধা-অসুবিধাৰ বিষয়ে বুজে লৈ তেওঁলোকৰ অসুবিধা সমুহ দূৰীকৰণৰ ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী গৰাকীয়ে জনপ্ৰতিনিধিৰ লগতে উপায়ুক্ত, আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়া, অন্যান্য প্ৰশাসনিক বিষয়া সকলক সঘনাই জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰত উপস্থিত হৈ স্থানীয় গাঁওবুঢ়া, পঞ্চায়তৰ বিষয়-ববীয়া তথা স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি ক’ভিড প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া, ক’ভিড পৰীক্ষণ প্ৰক্রিয়া, চেনিটাইজেচন প্ৰক্ৰিয়া তথা আনুষংগিক ক’ভিড-১৯ ব্যৱস্থাপনা সূক্ষ্মভাৱে নিৰীক্ষণ কৰিবলৈ আহ্বান জনায়।

আজিৰ বৈঠকত জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই জিলাখনৰ সামগ্ৰিক ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন আগবঢ়ায়।

বৈঠকত স্বাস্থ্য সেৱাৰ যুটীয়া সচিব ডাঃ স্যমন্ত মাধৱ শৰ্মাই স্বাস্থ্য মন্ত্ৰীক আৰু কেইখনমান এম্বুলেঞ্চ, ৮ টা মনিটৰ আৰু আই. চি. ইউ. -ৰ টেকনিচিয়ান উপলদ্ধ কৰাবলৈ অনুৰোধ জনায়। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে যথাসম্ভৱ ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।

আজিৰ বৈঠকত আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপ-সচিব কমলজিত তালুকদাৰ, চিকিৎসা শিক্ষাৰ সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মন, স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ ৰথীন্দ্ৰ ভূঞা; জিলা উন্নয়ন আয়ুক্ত প্ৰণৱজিত কাকতি, অতিৰিক্ত উপায়ুক্ত ক্ৰমে বিতোপন নেওগ আৰু পলাশ ৰাজকুমাৰ আহোম, নাজিৰাৰ মহকুমাধিপতি লখিমী দত্ত, জিলাখনৰ মুখ্য চিকিৎসা বিষয়া ডাঃ হেমন্ত বৰুৱা, ৰাজহ চক্ৰ বিষয়াসকল, প্ৰশাসনিক বিষয়াসকল, বিভিন্ন চৰকাৰী বিভাগৰ মূৰব্বী বিষয়াসকল আৰু সমাজকৰ্মী সুৰভি ৰাজকোঁৱৰী উপস্থিত থাকে।

এছিয়ান বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত মেৰী কম আৰু সাক্ষীৰ

২৮ মে’ ২০২১ঃ ছয়বাৰৰ বিশ্ব চেম্পিয়ন ভাৰতৰ তাৰকা মহিলা বক্সাৰ মেৰীকম আৰু দুবাৰৰ বিশ্ব যুৱ চেম্পিয়ন সাক্ষী চৌধুৰীয়ে বৃহস্পতিবাৰে এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত তেওঁলোকৰ স্থান নিশ্চিত কৰে।মেৰীয়ে ৫১ কিলোগ্ৰামৰ ছেমিফাইনেল বাউটত ৪-১ ৰ ব্যৱধানত সৈতে মংগোলিয়ান লুটাচাইখান আলতান্টছেগৰ পৰা এটা শক্তিশালী প্ৰত্যাহ্বান অতিক্ৰম কৰি কাজাখস্তানৰ নাজিম কিজাইবেৰ সৈতে জয় লাভ কৰে।ইফালে, দুবাৰৰ য়ুথ বিশ্ব চেম্পিয়ন সাক্ষীয়ে ৫৪ কেজিৰ ছেমি ফাইনেলত কাজাখস্তানৰ প্রতিদ্বন্দ্বীক ৩–২ৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ কাইলৈ পুৰুষৰ ছেমি ফাইনেলত অসম সন্তান শিৱ থাপাকে ধৰি ভাৰতৰ পাঁচগৰাকী পুৰুষ বক্সাৰ ৰিঙত নামিব৷

লাহৰীঘাট বজাৰত ভয়াবহ অগ্নিকাণ্ডত বৃহৎ পৰিমাণৰ ক্ষয় ক্ষতি :দুপৰীয়াৰ অগ্নিকাণ্ডত দাউ দাউ জ্বলিল দোকান পোহাৰ

আজি দুপৰীয়া প্ৰায় ২•৩০ বজাত মৰিগাঁও জিলাৰ লাহৰীঘাট বজাৰৰ থানাৰ উত্তৰত অৱস্থিত  দোকানত অকস্মাত জুই লাগি হোটেল, কিতাপ দোকান, পান দোকান , ফাৰ্মাচি ডিষ্টিভিউটাৰ , কম্পিউটাৰ দোকান  , মবাইল ৰিচাৰ্ছ ডিষ্টিভিউটাৰ দোকানৰ , ফ্ৰীজৰ দোকানৰ  লগতে  আৰু বহুতো দোকান পুৰি ভষ্মীভূত হয় । অৱশ্যে ধিং আৰু  ভূৰাগাঁৱৰ পৰা  অগ্নিনিৰ্ব্বাপক বাহিনীৰ গাঢ়ী  আহি জুই নুমুৱাবলৈ সক্ষম হয়  যদিও  তাৰ আগতেই প্ৰখৰ  ৰদত জুইয়ে সকলো ছাৰখাৰ হৈ গৈছিল । লাহৰীঘাট থানাৰ আৰক্ষী প্ৰশাসন তথা স্হানীয় ৰাইজেও বহু কষ্ট কৰি জুই নুমুৱাবলৈ চেষ্টা কৰিছিল ।এফালে কৰোনা মহামাৰী  , মিনি লক ডাউন , সান্ধ্য  আইনে জুৰুলা কৰা  অৱস্হাত  এতিয়া  আকৌ প্ৰকাণ্ড জুইৰ কৱলত ক্ষুদ্ৰ ব্যৱসায়ী তথা ডিষ্টিভিউটাৰ সকলৰ মূৰত ৰাম টাঙোনে  তেওঁ লোকৰ একমাত্ৰ জীৱিকা উপাৰ্জনৰ পথ সম্পূৰ্ণ ৰূপে তচনচ কৰিলে ।অৱশ্যে জুই নুমুৱাৰ পিছত  আৰক্ষীয়ে ব্লাষ্ট হোৱা চিলিণ্ডাৰৰ মূখৰ  অংশ উদ্বাৰ কৰা পৰিলক্ষিত হয়। সৰ্বাধিক ক্ষতি ডিষ্টিভিউটাৰ সকলৰ হোৱা বুলি জানিব পৰা গৈছে। ইফালে পেপাৰ  এজেঞ্চি ৰহমান বুক ষ্টলো পুৰি ভষ্মীভূত হয় । 

লাহৰীঘাটৰ তিনি ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ পৰা যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনি ড্ৰাগছ সৰবৰাহী ক্ৰমে আশ্বাদুল  ইছলাম  ( ২৭ ) ,জাহাঙ্গীৰ  আলম  ( ৩০ ) আৰু  নজৰুল ইছলাম  ( ২৭ ) নামৰ ব্যক্তি সকলক  আজি  ধৃত ড্ৰাগছ সৰবৰাহী সকলৰ বিৰুদ্ধে 284/2021 U / S 22/ (a) 29 NDPS Act ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে ধৃত ড্ৰাগছ সৰবৰাহী সকলৰ পৰা ৫ টা ভৰ্তি  , এটা  অৰ্ধ ভৰ্তি  কন্টিনাৰ উদ্বাৰ কৰে । প্ৰণিধানযোগ্য যে  লাহৰীঘাট থানাৰ বৰ্তমান ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়া অদিত বঢ়ো নেতৃত্বত  এতিয়ালৈ বহু ড্ৰাগছ সৰবৰাহী গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ।

ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গজালিত সংঘটিত পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত ছিপাঝাৰৰ দুজন টেলিকম বিভাগৰ কৰ্মচাৰী

শিৱসাগৰ জিলাৰ ডিমৌ আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ গজালীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে এই দুৰ্ঘটনাটোত  দুজন লোক গুৰুতৰ ভাৱে আহত হৈছে। এখন ইটা কঢ়িয়াই নিয়া এ এচ ০৪ এচি  ৯৩৬০ নম্বৰৰ এখন বলেৰ’ পিক আপ আৰু  এ এচ ০৭ কে ১৩৩৩ নম্বৰৰ এখন মাৰুটি ভানৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । এই সংঘৰ্ষৰ ফলত সূদুৰ ছিপাঝাৰৰ দুজন টেলিকম বিভাগৰ কৰ্মচাৰী মহমদ্দ হোচেইন আৰু চাহিদুল আলম কম বেছি পৰিমানে আহত হৈ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

লক্ষীপুৰ জলেশ্বৰৰ ভয়াবহ গড়াখহনীয়াৰ বুজ ললে উপায়ুক্তই

গোৱালপাৰা জিলাৰ জলেশ্বৰৰ টাকিমাৰী অঞ্চলত  ভয়াবহ ভাবে অৱ্যাহত থকা গড়াখহনীয়াৰ কালি আবেলি  বুজ লবলৈ আহে  গোৱালপাৰা জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে ।উল্লেখ্য যে জলেশ্বৰৰ টাকিমাৰী, নাতিন টোঙা, মধুপুৰ, বানিয়া পাৰাকে ধৰি বিস্তৃত অঞ্চলত দীৰ্ঘ দিনৰ পৰা অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ তীব্ৰ গড়া খহনীয়া । ইতিমধ্যে এনে গড়াখহনীয়াত কিছু দিনৰ ভিতৰতে  অঞ্চলটোত  শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ সা সম্পত্তি সমুলি জাহ গৈছে ব্ৰহ্মপুত্ৰত ।সম্প্ৰতি গড়া খহনীয়াই ভয়াবহ ৰূপ লৈছে । সৰ্বস্ব হেৰুৱা পৰিয়াল সমুহ মথাউৰিৰ পাৰকে ধৰি বিভিন্ন ঠাইত আশ্ৰয় লৈছে । প্ৰসংগত উল্লেখ্যনীয় যে ব্ৰহ্মপুত্ৰৰ এনে  খহনীয়াই স্বাধীনতাৰ পিছৰে পৰা শতাধিক গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছে আৰু এই সকল পৰিয়ালে অসমৰ বিভিন্ন ঠাইত আশ্ৰয় লবলগীয়া হৈছে ।এনে দুৰ্ভগীয়া পৰিয়াল সমুহে সময়ে সময়ে বাংলাদেশীৰ অপবাদ সয্য কৰিব লগীয়া হোৱা বুলিও ক্ষোভ উজাৰে ভূক্ত ভোগী সকলে ।ফলস্বৰূপে   অঞ্চলটোৰ ৰাইজে এনে গড়াখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ লগতে গড়াখহনীয়াত সৰ্বস্ব হেৰুৱা লোক সকলক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপিত কৰি আহিছে । অৱশেষত গোৱালপাৰাত নতুনকৈ দায়িত্ব ভাৰ লোৱা উপায়ুক্ত গৰাকীয়ে এনে গড়াখহনীয়াৰ বুজ লৈ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰি অব্যাহত থকা এনে গড়াখহনীয়াৰ তাৎক্ষনিক  ব্যৱস্থা লোৱাৰ আশ্বাস প্ৰদান কৰে ।জিলা উপায়ুক্ত গৰাকীৰ সৈতে গড়াখহনীয়া স্থলীত উপস্থিত থাকে কেবা গৰাকী জলসম্পদ বিভাগৰ বিষয়া,  লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰিপন জ্যোতি নাথকে ধৰি ভালেমান বিষয়া ।

কামৰূপ,গোৱালপাৰাৰ সীমামূৰীয়া দুখন গাঁৱৰ শতাধিক বাঁহ শিল্পীৰ স্তব্ধ জীৱন জীৱিকা, সাপ্তাহিক বজাৰ বন্ধই অন্ধকাৰ নমাই আনিছে ডেৰ শতাধিক পৰিয়াললৈ

 গোৱালপাৰা জিলাৰ সীমামূৰীয়া পূৱ গোৱালপাৰা সমষ্টিৰ অন্তৰ্গত কমাৰ পথাৰ গাঁৱৰ নয়াপাৰা আৰু তেলিপাৰাৰ দুখনকৈ চুবুৰীত বসবাস কৰা  প্ৰায় ডেৰ শতাধিক পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা। চুবুৰী দুখনৰ লোক সকলৰ সাতামপুৰুষীয়া বাঁহ শিল্পৰ লগত জড়িত প্ৰতি ঘৰ মানুহ। কৰ’ণাৰ দ্বিতীয়টো ঢৌৱে চুবুৰীটোৰ প্ৰতিটো পৰিয়ালৰ মুখৰ পৰা হাঁহি কাঢ়ি নিয়া পৰিলক্ষিত হৈছে ।পুৱাৰে পৰা নিশালৈকে চুবুৰীৰ প্ৰতিটো পৰিয়ালে বাঁহ শিল্পৰ কৰ্মত ব্যস্ত থাকে । বাঁহেৰে বিভিন্ন সামগ্ৰী তৈয়াৰ কৰি জীৱন জীৱিকা চলায় প্ৰতিটো পৰিয়ালে। কিন্তু ক’ৰোনাৰ দ্বিতীয় ঢৌত ক’ভিড সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাত জিলা প্ৰশাসনে সাপ্তাহিক বজাৰ সমুহ বন্ধ কৰি দিয়াত স্তব্ধ হৈ পৰিছে তেওঁলোকৰ জীৱন জীৱিকা। বিক্ৰী কৰিব নোৱাৰাত দমে দমে জমা হৈছে  ঢাৰি, বিচনি, ডুলি আদি বাঁহৰ সামগ্ৰীবোৰ। বাঁহৰে তৈয়াৰ কৰা উক্ত সামগ্ৰী সমূহ বিক্ৰী কৰিব নোৱাৰাত অসহায় হৈ পৰিছে এই পৰিয়াল সমূহ যাৰ ফলত আজি তেওঁলোকে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰাতো  অসমৰ্থ হৈ পৰিছে।কৰ’ণাৰ কালৰ এই দীঘলীয়া বন্ধৰ বাবে বাঁহ শিল্প কৰ্মৰ লগত জড়িত পৰিয়াল সমুহৰ জীৱন জীৱিকা কঠিন হৈ পৰিছে। বাঁহ শিল্প কৰ্মৰে জীৱন নিৰ্বাহ কৰা  চুবুৰীটোৰ প্ৰতিটো পৰিয়ালক কৰ’ণা কালত বিশেষ ভাবে আৰ্থিক সাহাৰ্য্য প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে চুবুৰীটোৰ লোক সকলে।

জোনাইত জলসম্পদ মন্ত্ৰী পীষুজ হাজৰিকা৷ জোনাইৰ লালী চিয়াং নদীয়ে সৃষ্টি কৰা বান আৰু গৰাখহনীয়া অঞ্চল পৰিদৰ্শন৷ টিএমপিকেৰ স্মাৰকপত্ৰ প্ৰদান৷

অসম বিধানসভাৰ অধিবেশন সমাপ্ত হোৱাৰ পিছৰে পৰা গেৰুৱাদল নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানপানী নিয়ন্ত্ৰণৰ বাবে যুদ্ধকালীন তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে৷ ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰিদৰ্শন কাৰ্য্যসূচী অব্যাহত ৰাখিছে৷ একেদৰে আজি জোনাই সমষ্টিৰ প্ৰতিবছৰে বানগ্ৰস্ত হোৱা অঞ্চলত উপস্থিত হয় জলসম্পদ, তথ্য- জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্রী পিযুষ হাজৰিকা৷ জোনাই সমষ্টিবাসীৰ প্ৰতি নিজ কৰ্তব্যক সৰোগত কৰি তথা ভাৰতীয় জনতা পার্টীৰ  “বানমুক্ত অসম”ৰ প্ৰতিশ্ৰুতিক কাৰ্যকৰী কৰাৰ উদ্দেশ্যে দুদিন ধৰি স্থানীয় বিধায়ক ভূবন পেগুৱে বিভিন্ন অঞ্চল পৰিদৰ্শন কৰাৰ পিছতে অসমৰ জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা তথা জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা আৰু অতিৰিক্ত মুখ্য অভিযন্তা তথা বিষয়ববীয়া সকলৰ সৈতে সমষ্টিৰ লালী চিয়াং নদীয়ে সৃষ্টি কৰা বান আৰু গড়াখহনীয়াৰ কবলত পৰা ঐৰাম ঘাট, বেৰাচাপৰি, বাহিৰ জোনাই, লুহিজান,তিনি মাইল ঘাট, চেঙা ঘাট আদি স্থানত মাথাউৰী পৰিদৰ্শন কৰাৰ লগতে বানপানীৰ সম্ভাৱনাপ্ৰবল অংশ সমূহ পৰিদৰ্শন কৰি এক আলোচনাত মিলিত হয়। মন্ত্রী গৰাকীয়ে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্রে সমষ্টিখনক বানমুক্ত কৰাৰ বাবে সকলো যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়ে৷ ইপিনে সদৌ মিচিং ছাত্ৰ সন্থা (টিএমপিকে)ৰ তৰফৰ পৰা বানপানী আৰু খহনীয়া ৰোধ কৰাৰ বাবে এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে পৰিভ্ৰমণ কালত মন্ত্ৰীগৰাকীক চেঙাজান ঘাটত লগ কৰি ধেমাজি জিলা গোর্খা ছাত্ৰ সন্থাৰ তৰফৰ পৰাও সম্বৰ্ধনা জনোৱাৰ লগতে “অসমৰ গোর্খাৰ ঐতিহ্যৰ অন্বেষণ” কিতাপ এখন আগবঢ়াই ধেমাজিত বসবাস কৰা গোর্খা সকলৰ সমস্যাৰ অৱগত কৰে৷

মুকালমুৱাত নিচাজাতীয় দ্ৰব্যসহ ধৃত ৰঞ্জন আলী৷

নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰি সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমানৰ নিচাজাতীয় টেৱলেট আৰু ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন ঘোগা গাঁৱৰ ৰঞ্জন আলী ৷ উল্লেখ্য যে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধৰ দাবী আছুৰঃক’ভিডৰ আতংকঃমন্ত্ৰী পীযুষ হাজৰিকাই আতিথ্য নল’লে এন এইচ পি চিৰ

২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰিি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণৰূপে বন্ধৰ দাবী জনাইছে গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাই ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত ছাত্ৰ সন্হাৰ তৰফৰ পৰা বিবৃটিত কয়- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ সন্দৰ্ভত নৱগঠিত অসম চৰকাৰে স্থিতি স্পষ্ট কৰিব লাগে ৷ যিহেতু প্ৰকল্পটোৰ নামনি অংশৰ জনসাধাৰণৰ জীৱন-সা-সম্পত্তিৰ নিৰাপত্তাৰ দিশটোৰ এতিয়াও সংশয় আঁতৰা নাই ৷ এনেক্ষেত্ৰত অ-কৰ্তৃত্বশীলভাৱে প্ৰকল্পটো এন এইচ পি চিয়ে নিৰ্মাণ অব্যাহত ৰখাটো ছাত্ৰ সন্হাই কোনোপধ্যেই মানি নলয় ৷ ছাত্ৰ সন্হাৰ ফালৰ পৰা লগতে কয়- সম্প্ৰতি ক’ভিড-১৯ ৰ ভয়াবহতাই সমগ্ৰ ৰাজ্যখনৰ দৰে বৃহত্তৰ গোগামুখ অঞ্চলৰ জনসাধাৰণকো আতংকিত ৰাখিছে ৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ক’ভিড প্ৰট’কলৰ বিধি বান্ধি দিয়াৰ লগতে জনতা কাৰ্ফিউ জাৰি কৰিছে ৷ কিন্তু এন এইচ পি চি আৰু ইয়াৰ অধীনস্থ নিৰ্মাতা সংস্হাবোৰে ক’ভিড প্ৰট’কল সম্পূৰ্ণৰূপে ভংগ কৰি হাজাৰ হাজাৰ শ্ৰমিকক লৈ দিনে-নিশাই কি দৰে প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাব পাৰিছে তাক লৈ আচৰ্য্য প্ৰকাশ কৰিছে ছাত্ৰ সন্হাই ৷ এন এইচ পি চিৰ জনস্বাৰ্থ বিৰোধী কাৰ্যৰ বাবে গোগামুখত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পাইছে আৰু তিনিগৰাকী প্ৰকল্পত নিৰ্মাণত জৰিত শ্ৰমিকে ক’ভিডত প্ৰাণহেৰুৱাইছে ৷ এন এইচ পি চিয়ে অচিৰেই যদি তেওঁলোকৰ জনবিৰোৰধী কাৰ্য ভংগ নকৰে তেন্তে ছাত্ৰ সন্হাই পুনৰ এন এইচ পি চিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিব বুলি চৰকাৰ আৰু এন এইচ পি চিক সকীয়নি দিছে ৷ বিবৃটিতো স্বাক্ষৰ কৰিছে ধেমাজি জিলা ছাত্ৰ সন্হাৰ উপদেষ্টা গোপাল দাস, জিলা কাৰ্যনিৰ্বাহক ঋতুপৰ্ণ কোঁচ, সত্যজিৎ সোনোৱাল আৰু গোগামুখ আঞ্চলিক ছাত্ৰ সন্হাৰ সভাপতি সত্যজিৎ চেতিয়া আৰু সম্পাদক অনিৰ্বাণ শইকীয়াই ৷  ইপিনে উত্তৰ অসম ভ্ৰমণলৈ অহা ৰাজ্য চৰকাৰৰ শক্ততিশালী মন্ত্ৰী পীযুষ হাজৰিকাই জোনাই, মাজুলী আৰু ঢকুৱাখনাৰ বান-গৰাখহনীয়া পৰিদৰ্শনৰ অন্তত এন এইচ পি চিৰ অতিথিশালাত কালি ৰাতি এন এইচ পি চিৰ আতিথ্যত থকাৰ কথা আছিল  যদিও এন এইচ পি চিৰ প্ৰকল্প নিৰ্মাণস্থলী গেৰুকামুখৰ চৌদিশ ক’ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ বাবে এন এইচ পি চিৰ অতিথিশালাত থকাৰ পৰা বিৰত থাকে ৷ ইয়াৰ বিপৰীতে মন্ত্ৰী গৰাকী কালি নিশা জোনাইৰ চাৰ্কিট হাউছত নিশা কটোৱা বুলি জানিব পৰা গৈছে ৷ মন্ত্ৰী পীযুষ হাজৰিকাৰ এনে কাৰ্যই গোগামুখ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ দায়িত্বশীল মন্ত্ৰী হাজৰিকাই ক’ভিড-১৯ত আক্ৰান্ত হোৱাৰ ভয়ত এন এইচ পি চিৰ অতিথিশালাত নাথাকিল ঠিকেই আছে ৷ কিন্তু এন এইচ পি চিয়ে চৰকাৰৰ জ্ঞাতসাৰেই চৰকাৰী ক’ভিড বিধি উলংঘা কৰি প্ৰকল্প নিৰ্মাণত কি দৰে হাজাৰ হাজাৰ শ্ৰমিকক প্ৰকল্প নিৰ্মাণত নিয়োজিত কৰিব পাৰিছে তাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷