পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ হানাপাৰাৰ নিচেই কাষতে থকা কাৱাচিং পাহাৰত দুদিন পূৰ্বে এটি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ পোৱালি উদ্ধাৰ হৈছিল। জানিব পৰা মতে, প্ৰায় ৩/৪ বছৰীয়া আঘাতপ্ৰাপ্ত বনৰীয়া হাতী পোৱালিটো স্থানীয় লোকে প্ৰত্যক্ষ কৰি জনোৱা অনুসৰি গভীৰ অৰণ্যৰ পৰা ওচৰতে থকা বিল এখনলৈ নিশা বনৰীয়া হাতীৰ জাক গা-ধুবলৈ আহে ৷ পিছে পুৱতি নিশা উভতি যোৱাৰ সময়ত হাতীৰ জাকটোৱে পোৱালিটোক আক্ৰমণ কৰাৰ ফলতেই পাহাৰৰ ওপৰৰ পৰা তললৈ বাগৰি পৰাত এনেদৰে পোৱালিটো আঘাতপ্ৰাপ্ত হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে। স্থানীয় লোকৰ তৎপৰতাত বৰদুৱাৰ ভোলাগাঁৱ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ নেতৃবৰ্গ তথা কুলশী বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়া দীপন ডেকাৰ নেতৃত্বত বন বিভাগৰ লোক উপস্থিত হৈ পশু চিকিৎসকৰ দ্বাৰা পোৱালিটোক দুদিন ধৰি চিকিৎসা প্ৰদান কৰি সুস্থ কৰাৰ চেষ্টা চলাইছিল যদিও হাতীৰ পোৱালীটোক বচাব নোৱাৰিলে। অৱশেষত কালি হাতীটোৰ মৃত্যু ঘটাত মৰণোত্তৰ পৰীক্ষাৰ অন্তত পুতি থোৱাৰ ব্যৱস্থা কৰা বুলি বন বিভাগে জানিবলৈ দিয়ে।
আন্তৰ্জাতিক টাইকোৱানডো খেলুৱৈ জ্ঞানদ্বীপে উজ্বলাই তুলিছে অসম তথা দেশৰ ক্ৰীড়াক্ষেত্ৰ
নলবাৰী জিলাত আন্তৰ্জাতিক খেলুৱৈৰ সংখ্যা তেনেই তাকৰ। তাৰে ভিতৰত জ্ঞানদ্বীপ কলিতা এজন অন্যতম খেলুৱৈ। নিজৰ সাহস, একাগ্ৰতা আৰু গভীৰ আত্মবিশ্বাসকে তেওঁ মূলধন হিচাপে লৈ বিভিন্ন দেশত নিজৰ পাৰদৰ্শীতা ডাঙি ধৰি ৰাজ্য তথা দেশলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ১৯৮৯ চনৰ ১ এপ্ৰিলত জন্ম গ্ৰহন কৰা জ্ঞানদ্বীপৰ দেউতাকৰ নাম ধৰ্ম কলিতা আৰু মাকৰ নাম নিৰলা কলিতা। তেওঁ দেৱীৰাম পাঠশালা হাইস্কুলৰ পৰা প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৰ্ত্তীৰ্ণ হৈ ২০১০ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰ স্নাতক ক’লা শাখাত ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয়। সৰুৰে পৰা ক্ৰীড়াক ভাল পোৱা এটা যুজাৰু মন থকা বাবেই তেওঁ ২০০২ চনত প্ৰশিক্ষক কনক দাসৰ তত্বাবধানত অৰুণোদয় টাইকোৱাডো বিদ্যালয়ত টাইকোৱানডোৰ প্ৰশিক্ষণ আৰম্ভ কৰে। ইয়াৰ পিছত তেওঁ ইখনৰ পিছত সিখন আন্তঃ জিলা টাইকোৱানডো প্ৰতিযোগিতাত অংশ গ্ৰহন কৰি নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হয়। ইয়াৰে ভিতৰত ২০০২ চনত গুৱাহাটীত, ২০০৩ চনত ডিব্ৰুগঢ়ত, ২০০৪ চনত শিৱসাগৰত, ২০০৫ চনত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ লেভেলৰ প্ৰতিখন একক আন্তঃ জিলা টাইকোৱাডো প্ৰতিযোগিতাত গোল্ড মেডেল লাভ কৰি প্ৰতিভাৱান খেলুৱৈ হিচাপে প্ৰতিস্থা লাভ কৰে। ইয়াৰ সুবাদতে তেওঁ ৰাষ্ট্ৰীয় টাইকোৱাডো প্ৰতিযোগিতাত সুযোগ লাভ কৰি উজ্বলি উঠে। ২০০৩ চনত ভূপালত অনুষ্ঠিত হৈ যোৱা জুনিয়ৰ নেচনেলত ব্ৰঞ্জ মেডেল, ২০০৪ চনত চেন্নাইত ব্ৰঞ্জ মেডেল, ২০০৬ চনত কেৰেলাত গোল্ড মেডেল, ২০০৭ চনত গোৱাত গোল্ড মেডেল, ২০০৮ চনত পণ্ডিছেৰীত চিলভাৰ মেডেল লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। চিনিয়ৰ নেচনেল টাইকোৱাডো প্ৰতিযোগিতাত তেওঁ অসম দলক প্ৰতিনিধিত্ব কৰি ২০০৭ চনত জম্বু-কাশ্মীৰত ব্ৰঞ্জ, ২০০৮ ত অন্ধ্ৰপ্ৰদেশত ব্ৰঞ্জ, ২০১০ চনত বাঙ্গালোৰত ব্ৰঞ্জ পদক লাভ কৰি ভাৰতীয় টাইকোৱাডোত এজন গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈ ভাৰতীয় চাই মিটত ২০০৫ আৰু ২০০৬ চনত কেৰেলাত গোল্ড, ২০০৭ চনত বিশাখাপট্টমত গোল্ড, ২০০৮ চনত কোলামত গোল্ড, ২০০৯ চনত বাঙ্গালোৰত গোল্ড, ২০১০
চনত কোলামত গোল্ড পদক লাভ কৰে। ২০০৬ চনত ভিয়েটনামত অনুষ্ঠিত হৈ যোৱা আন্তঃৰাষ্ট্ৰীয় জুনিয়ৰ টাইকোৱানডো প্ৰতিযোগিতাত তেওঁ অংশ গ্ৰহন কৰে। ২০১২ চনত অন্দ্ৰপ্ৰদেশত অনুষ্ঠিত হৈ যোৱা প্ৰথম অপেন আন্তঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ অংশ গ্ৰহন কৰে। ২০১৩ চনত বেংকতকত অনুষ্ঠিত হৈ যোৱা অপেন টাইকোৱানডো প্ৰতিযোগিতাত তেওঁ ভাগ লয়। ইয়াৰ উপৰিও ২০০৭ চনত গুৱাহাটীত অনুষ্ঠিত হৈ যোৱা নেচনেল গেমছত তেওঁ ব্ৰঞ্জৰ পদক আৰু ২০১০ চনত নগাওঁত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক অলিম্পিক গেমছত গোল্ড মেডেল পাবলৈ সক্ষম হয়। তেওঁ ২০০৫ চনৰ পৰা ২০১১ চনলৈ গুৱাহাটী ছাই কেন্দ্ৰত মাষ্টাৰ দ্বীপেন বৰ্মনৰ তত্বাবধানত প্ৰশিক্ষণ গ্ৰহন কৰিছিল। টাইকোৱানডোৰ ব্লেক বেল্ট চতুৰ ডান সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱাৰ পিছত এতিয়া তেওঁ ব্ৰেকবেল্ট পঞ্চম ডানৰ বাবে কঠোৰ অনুশীলনত ব্ৰতী হৈ আছে। জ্ঞানদ্বীপ বৰ্তমান নলবাৰী জিলা টাইকোৱানডো সন্থাৰ সম্পাদক হোৱাৰ লগতে অসম টাইকোৱানডো সন্থাৰ হিচাপ পৰীক্ষক আৰু ৰাষ্ট্ৰীয় জোনৰ সম্পাদকৰ দৰে গুৰু দায়িত্ব পালন কৰি উঠি অহা নৱপ্ৰজন্মৰ খেলুৱৈ সকলক উৎসাহিত কৰি আহিছে। মেধা সম্পন্ন জানদ্বীপে ইচ্ছা কৰা হ’লে এটা সন্মানীয় চাকৰী কৰি জীৱন-নিৰ্বাহ কৰিব পাৰিলে হেতেন। কিন্তু তাকে নকৰি ক্ৰীড়াকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহন কৰি ক্ৰীড়াতে নিজকে সমৰ্পিত কৰি ৰাজ্য তথা দেশলৈ যি সুনাম কঢ়িয়াই আনিছে তাৰ বাবে তেওঁ সদায় প্ৰশংসাৰ পাত্ৰ হৈ থাকিব। জ্ঞানদ্বীপ প্ৰতিভাৱান খেলুৱৈৰ বাবে আদৰ্শ। নিজৰ ইচ্ছা শক্তিৰ ওপৰত প্ৰৱল আত্ম বিশ্বাসী হ’লে জীৱনটো নিজৰ ইচ্ছামতে সাজি লব পাৰি। ইয়াকে যেন প্ৰতিপন্ন কৰিছে জ্ঞানদ্বীপ কলিতাই। ইয়াৰ বাবে ক্ৰীড়া সমাজে জ্ঞানদ্বীপক ধন্যবাদ সহ কৃতজ্ঞতা জনাইছে।
বন্ধ হ’বনে ফেচবুক,হোৱাটছএপ? কিহৰ বাবে এই নিষেধাজ্ঞা? কি কৰিব কোম্পানীসমুহে?
বন্ধ হ’বনে ফেচবুক,হোৱাটছএপ? কিহৰ বাবে এই নিষেধাজ্ঞা? কি কৰিব কোম্পানীসমুহে?
বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ শোক প্ৰকাশ
গোঁসাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ গভীৰ শোক প্ৰকাশ কৰিছে সভাপতি ৰিপুণ বৰা আৰু তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়- “মহামাৰী কোভিড-১৯ৰ লগত যুঁজি যুঁজি অৱশেষত জীৱন যুদ্ধত হাৰ মনা বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীদেৱৰ মৃত্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰি তুলিছে। নাৰ্জাৰীদেৱৰ মৃত্যুত বিপিএফ দলৰ লগতে আমি বিৰোধী মহাজোঁটে এগৰাকী শক্তিশালী আৰু নিষ্ঠাৱান সৈনিকক চিৰদিনলৈ হেৰুৱালো। গোঁসাইগাঁও সমষ্টিবাসীৰ লগতে অসমবাসীয়ে হেৰুৱালে এগৰাকী বলিষ্ঠ নেতাক। নাৰ্জাৰীদেৱৰ অকাল বিয়োগ ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে অসমৰ সমাজ জীৱনৰ বাবেও এক বৃহৎ ক্ষতি।” প্ৰয়াত বিধায়ক গৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে তেওঁৰ শোক সন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনাও জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙেও নাৰ্জাৰীদেৱৰ মৃত্যুত ৰাজ্যবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনৈতিক নেতাক চিৰদিনলৈ হেৰুৱালে বুলি উল্লেখ কৰে। লগতে বিধায়কগৰাকীৰ অকাল মৃত্যু বিপিএফ দলৰ লগতে মহাজোঁটৰ বাবে অপূৰণীয় ক্ষতি বুলি কয় আৰু তেওঁৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত ২৬ মে, ২০২১ তাৰিখে অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ চাওঁ আহক
বৈঠকৰ আৰম্ভণিতে গোসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ বিয়োগত শোক প্ৰকাশ কৰি আজিৰ কেবিনেটে ২ মিনিট সময় মৌনতা অৱলম্বন কৰে।
➡️ মন্ত্ৰীদ্বয় পৰিমল শুক্লবৈদ্য আৰু উৰ্খাও গৌৰা ব্ৰহ্মক আজি প্ৰয়াত বিধায়কগৰাকীৰ গৃহলৈ গৈ অসম চৰকাৰৰ হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিবলৈ কেবিনেটে দায়িত্ব অৰ্পণ কৰে।
➡️ সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে প্ৰয়াত বিধায়কগৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰিবলৈ কেবিনেটে সিদ্ধান্ত লয়।
প্ৰশাসনীয় সংস্কাৰৰ ক্ষেত্ৰত আজিৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
▶️ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি আৰু দীনদয়াল দিব্যাংগ যোজনাৰ বাবে বিত্তীয় অনুমোদন বিচাৰি বিত্ত বিভাগলৈ এতিয়াৰ পৰা কোনো ফাইল প্ৰেৰণ কৰাৰ প্ৰয়োজন নাথাকিব। সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠতম সচিবগৰাকীয়ে নিজাববীয়াকৈ এই ধন হিতাধিকাৰীক মোকলাই দিব পাৰিব। তদুপৰি এই আঁচনি তিনিখনৰ হিতাধিকাৰীয়ে এতিয়াৰে পৰা প্ৰতিমাহৰ ১০ তাৰিখে বেংক একাউণ্ট যোগে প্ৰাপ্য ধন লাভ কৰিব।
▶️ আজিৰে পৰা বড়োলেণ্ড কল্যাণ বিভাগ নামেৰে এটা সুকীয়া বিভাগ সৃষ্টি কৰাত কেবিনেটে অনুমোদন জনায়। পূৰ্বতে এই বিভাগ সংক্ৰান্তীয় কাম-কাজ ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ অধীনস্থ আছিল।
▶️ কোকৰাঝাৰত বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপন কৰা হ’ব। এই কাম তৎকালীনভাৱে আৰম্ভ কৰিবলৈ আৰু চৰকাৰী ভৱন নাথাকিলে প্ৰয়োজনসাপেক্ষে ভাৰাঘৰৰ পৰাই এই মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ কৰিবলৈ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে।
▶️ আজিৰ কেবিনেটে জিলা প্ৰশাসনৰ অভিভাৱক মন্ত্ৰীসকলৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত সুনিৰ্দিষ্ট নীতি নিৰ্দেশনাত অনুমোদন জনায়।

চৰকাৰলৈ সদৌ অসম কৰ্মচাৰী পৰিষদৰ সাহায্য:ক’ভিড টিকাকৰণ অভিযানৰ বাবে আগবঢ়ালে ৰাজ্যিক কৰ্মচাৰীৰ এদিনৰ মূল দৰমহা
মহামাৰী কৰ’নাই সৃষ্টি কৰা সংকটময় পৰিস্থিতিত নৱগঠিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সাহায্য বিচাৰি জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। কৰ’নাৰ সংক্ৰমণ প্ৰতিৰোধৰ হেতু ৰাজ্যত ক’ভিড-১৯ টিকাকৰণ অভিযানক জন আন্দোলনলৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে চৰকাৰে গ্ৰহন কৰা ভূমিকাত হাত উজান দি সদৌ অসম কৰ্মচাৰী পৰিষদে অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ সকলো পৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক ৰেহাই দি আন প্ৰতিটো বিভাগৰ প্ৰতি গৰাকী শিক্ষক আৰু বিষয়া-কৰ্মচাৰীৰ এদিনৰ মূল দৰমহাৰ চৰকাৰলৈ সাহায্য হিচাপে আগবঢ়াইছে ৷ পৰিষদৰ এই সিদ্ধান্তক ইতিমধ্যে জিলা কৰ্মচাৰী পৰিষদ আৰু বহুকেইটা শিক্ষক, কৰ্মচাৰী সংগঠনে সমৰ্থন জনাইছে ৷ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক প্ৰধান শ্যামন্ত দাসে কয় যে–কৰ’নাৰ দ্বিতীয়টো লহৰে ৰাজ্যত জটিল ৰূপ লোৱাত সাধাৰণ জনতাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি আৰু বিষয়া-কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱটি লৈছে ৷এনে পৰিস্থিতিত চৰকাৰে ক’ভিড আক্ৰান্তৰ চিকিৎসাৰ বাবে অতি তৎপৰতাৰে যাৱতীয় ব্যৱস্থা গ্ৰহন কৰিছে ৷ সেয়ে ৰাজ্যৰ প্ৰতি গৰাকী নাগৰিকক ক’ভিড-১৯ টিকাকৰণৰ দুটাকৈ পালি অনতিপলমে বিনামূলীয়াকৈ দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰি সকলোৰে জীৱন সুৰক্ষিত কৰিবলৈ সংগঠনটোৰ নেতাদ্বয়ে চৰকাৰলৈ আহ্বান জনাইছে ৷ তদুপৰি ১৮ ৰ পৰা ৪৫ বছৰ অনুৰ্ধ্বৰ লোকে অনলাইন পঞ্জীয়ন ব্যৱস্থাৰে টিকাকৰণ কৰিবলৈ দুৰণিবটীয়া স্থানলৈ যাবলগীয়া হোৱাত অত্যাধিক খৰস্বান্ত হৈছে আৰু নিম্ন আয়ৰ লোকৰ বাবে ই অসম্ভৱ হৈ পৰিছে বুলি উল্লেখ কৰি নিজ স্থানৰ ওচৰে-পাঁজৰে টিকাকৰণ উপলব্ধ কৰাৰ বাবে চৰকাৰলৈ নেতাদ্বয়ে লগতে বিবৃতিটোৰ জৰিয়তে আহ্বান জনাইছে ৷
গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।
গোঁসাইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ অকাল বিয়োগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ।অসমবাসীয়ে এগৰাকী নিষ্ঠাৱান ৰাজনীতিবিদক হেৰুৱালেঃ মুখ্যমন্ত্ৰী
প্ৰয়াত বিধায়কগৰাকীৰ স্বৰ্গগত আত্মাৰ সদগতি কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ।
শোণিতপুৰৰ সোনাই ৰূপাই অভয়াৰণ্যত গুলী চালনাৰ ঘটনা:দুটা হস্ত নিৰ্মিত বন্দুক দুই জাই সজিব গুলি উদ্ধাৰ
শোণিতপুৰ জিলাৰ অন্তৰ্গতত সোনাই ৰূপাই অভয়াৰণ্যত বনৰক্ষী আৰু চোৰাং চিকাৰী ৰ মাজত গুলিচালনাৰ ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ।তথ্য অনুসৰি যোৱা ২৩ মেৰ নিশা বন বিভাগৰ ৰেঞ্জ বিষয়া বিভূতি মজুমদাৰ নেতৃত্বত যোৱা এটা তহলদাৰী দলৰ ওপৰত লক্ষ্য কৰি চিকাৰীৰ দল তোৱে অতৰ্কিটে গুলী চলায় । ইয়াৰ পিছত বন কৰ্মীৰ দলটোৱে প্ৰত্যুত্তৰত দুই জাই গুলী বর্ষণ কৰে বতাহত।বন কৰ্মীয়ে পিছত উক্ত অঞ্চলৰ পৰা দুটা হস্ত নিৰ্মিত বন্দুক দুই জাই সজিব গুলি ,
এক বাকচ গুলিৰ নিৰ্মান কৰা পদাৰ্থৰ লগতে বহুতো সামগ্ৰী উদ্ধাৰ কৰে ।
উল্লেখযোগ্য যে বনাঞ্চল খনত ইতিমধ্যে বহু বাৰ চোৰাং চিকাৰী আটক কৰা হৈছে আৰু অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।
আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন
অৱশেষত নগাঁও আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন। অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত যোৱা দলে গ্ৰেপ্তাৰ কৰিলে ইকবালক। ইকবালৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ড্ৰাগছ সহ পইণ্ট ২২ পিষ্টল আৰু ৭জাই সজীৱ গুলী। হেৰাপট্টিত আত্মগোপন কৰি আছিল ইকবালে। সমগ্ৰ অঞ্চলটো ঘেৰি অভিযান চলাইছিল আৰক্ষীয়ে। চনু ৰবি দাস নামৰ আন এটা ড্ৰাগছ মাফিয়াকো আটক আৰক্ষীৰ।
ধুবুৰী জিলা বন বিভাগৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ দুৰ্নীতিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতো বিভাগটোৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্ত নোহোৱা ঘটনাটোৱে সৃষ্টি কৰিছে বিৰূপ প্ৰতিক্ৰিয়া
ধুবুৰীত এইবাৰ বন বিভাগটোত ৰক্ষকেই যেন ভক্ষকৰ ৰূপত অৱৰ্তীন হৈছে, ধুবুৰী বন সংমণ্ডলৰ ৰেঞ্জাৰ হৰিশ নাথৰ বিৰুদ্ধে সাংবাদিকৰ কেমেৰাৰ সন্মুখত বন বিভাগৰ চোৰাং চিন্দিকেত চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ কৰিলে স্বয়ং ব্বিভাগটোৰ এগৰাকী বন কৰ্মীয়ে। জিলাখনত একেৰাহে বিগত ৭ টা বছৰ ধৰি একেখন ঠাইতে কাৰ্য্যনিৰ্বাহ চলাই থকা ৰেঞ্জাৰ হৰিশ নাথে ধুবুৰী বন সংমণ্ডলৰ প্ৰাধিকৰণক মেনেজ কৰি অসম বংগ সীমান্তৰ বক্সীৰহাটৰ পৰা খোৰাঘাট, সোনামুখিৰ শিল -ৱালিৰ কুৱেৰীলৈ দীৰ্ঘদিন ধৰি চলাই গৈছে ছেন্টকেট ৰাজ কৰাৰ এক গুৰুতৰ অভিযোগ দিলে সাংবাদিকৰ কেমেৰাৰ আগত । এই চিন্দিকেত ৰাজৰ বিৰুদ্ধে বন বিভাগৰ কৰ্মচাৰীয়ে মাত মাতিলে ৰেঞ্জাৰ হৰিশ নাথে কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তি প্ৰদান কৰে বদলিৰ৷ ধুবুৰী বন বিভাগটোৰ লাখ-লাখ টকাৰ ৰাজহ ফাকি দি লুণ্ঠন চলাই গৈছে বুলি বন বিভাগটোৰে এগৰাকী বন কৰ্মচাৰী আলতাফ হছেইনে বৰভুঞাই এনদৰে সাংবাদিকৰ কেমেৰাৰ সন্মুখত অভিযোগ কৰে ।











