অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আৰু মুছলপুৰ মহকুমা প্ৰথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাতিপুৱা ১১ বজাত মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত মুছলপুৰ মহকুমাৰ দুই শতাধিক প্ৰাথমিক শিক্ষকে সমবেত হৈ “স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ গ্ৰেড পে’ ঘূৰাই দিয়ক”, “নতুন পেঞ্চন নীতি বাতিল কৰক”, “প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক” আদি শ্লোগানেৰে সমদল কৰি মুছলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে। ইয়াৰ পিছতে শিক্ষকসকলে জিলা কেন্দ্ৰত থকা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিষয়া গৰাকীৰ জৰিয়তে তেওঁলোকৰ দাবী সমূহ সমাধান কৰাৰ বাবে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
অসম মহিলা অভিযন্তা সন্থাৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ দন্ত পৰীক্ষা শিবিৰ
ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন ‘অসম মহিলা অভিযন্তা সন্থা’ৰ উদ্যোগত যোৱা ১৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চচলৰ টেপুৰাম টেৰন হাইস্কুলত ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰ অনুস্থিত হয়।

ভঙাগড়স্থিত “ৰিজিঅনেল ডেন্টেল ক্লিনিক”ৰ ৬ জনীয়া দন্ত চিকিৎসকৰ এটি দল শিবিৰত উপস্থিত ছাত্ৰ ছাত্ৰী সকলৰ দাঁত পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ আৰু চিকিৎসা সেৱা আগবঢ়ায়। তেনেদৰে ছাত্ৰ ছাত্ৰী সকলে নিজৰ দাঁত দুপাৰি সুস্থ কৰি ৰাখিবলৈ পৰিস্কাৰ কৰি ৰখাৰসজাগতা অনাৰ উদ্দেশ্যে অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা উপস্থিত সকলো ছাত্ৰ ছাত্ৰীকে টুথপেষ্ট আৰু টুথব্ৰাচ উপহাৰ দিয়া হয় । তদুপৰি ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমন পৰা নিজকে ৰক্ষা কৰিবলৈ স্কুলখনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাস্ক বিতৰণ কৰা হয়।
ফলক অবিহনে পশ্চিম টীয়কত পথ নিৰ্মাণ, ভূমি সংৰক্ষণৰ কামত ক্ষুব্ধ জনতা
কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনৰ ঢেকীয়ানি সংযোগি টেপৰজান পথাৰ পথৰ তথ্য ফলক অবিহনে পথ নিৰ্মাণ কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জানিব পৰা মতে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ টেপৰজানৰ এম,জি এনেৰেগা অধীনত কলমৌ আৰু টেপৰজান খনৰ কাম স্থানীয় লোক সকলে জৱকাৰ্ডৰ দ্বাৰা সুচাৰুভাৱে চলি আছে যদিও ,আশ্চৰ্যজনক ভাৱে দুলিয়াগাঁও আৰু ঢেকীয়ানি ভৰলুৱা পথাৰৰ এটা পথ কোনো ধৰণৰ তথ্য ফলক অবিহনে কাম কৰা দেখা পাই স্থানীয় সাংবাদিকে পঞ্চায়তটোৰ সচিব পৰা জানিব বিচৰাত ভূমি সংৰক্ষণ বিভাগে কৰা কথা অৱগত কৰাৰ লগতে স্থানীয় ঠিকাদাৰক উপটোকোন দিছে বুলি জানিব পৰা গৈছে । এতিয়া প্ৰশ্ন হৈছে যি সময়ত নৰেন্দ্ৰ মোদী নেতাধীন চৰকাৰ খন ‘ সৱকে সাথ সৱকে বিকাশ ‘ নীতি দাঙি ধৰিছে ঠিক তেনে সময়ত সমস্যা জৰ্জৰিত গ্ৰাম্য অঞ্চলটোৰ টকা সঠিক কামত ব্যৱহাৰ হ’বনে সচেতন ৰাইজৰ মাজত প্ৰশ্ন উঠিছে ।
গোলাঘাট জিলাৰ ৮০ বছৰৰ উৰ্ধৰ ৮,১৯৬ গৰাকী ভোটদাতায়ো ডাক বেলটযোগে দিব পাৰিব ভোট
ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনেও প্ৰয়োজনীয় প্ৰস্তুতি অব্যাহত ৰাখিছে । বিশেষকৈ ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা মতে এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহন কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব । আনহাতে ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দিব পাৰিব । এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব । উল্লেখযোগ্য যে এইবাৰ গোলাঘাট জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত এতিয়ালৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ৮০ বছৰৰ উৰ্ধৰ ৮,১৯৬ জন ভোটদাতা আছে । ৮০ৰ পৰা ৮৯ বছৰৰ ভিতৰৰ ৭০৮২ জন, ৯০ৰ পৰা ৯৯ বছৰৰ ভিতৰৰ ১০২৮ জন আৰু ১০০ বছৰৰ উৰ্ধৰ ৮৬ জন ভোটদাতা আছে ।
ইয়াৰে ৯৩নং বোকাখাত সমষ্টিত ৮০-৮৯বছৰৰ ১,১৭৫জন, ৯০-৯৯বছৰৰ ১৭৭জন আৰু শটায়ু গৰকা ৮জন ভোটদাতা আছে । ৯৪ নং সৰুপথাৰ সমষ্টিত ৮০-৮৯ বছৰৰ সৰ্বাধিক ২,১৮১জন, ৯০-৯৯বছৰৰ ৩১৯জন আৰু ৩২জন ১০০ বছৰৰ উৰ্ধৰ ভোটদাতা আছে । ৯৫ গোলাঘাট সমষ্টিত ৮০-৮৯বছৰৰ ২,২২২জন, ৯০-৯৯বছৰৰ ৩২৭জন আৰু শতায়ু গৰকা ৩২জন ভোটদাতা আছে । একেদৰে ৯৬ নং খুমটাই সমষ্টিত ৮০-৮৯বছৰৰ ১,৫০৪জন, ৯০-৯৯বছৰৰ ২০৫জন আৰু ১৪জন ১০০ বছৰৰ উৰ্ধৰ ভোটদাতা আছে । তদুপৰি গোলাঘাট জিলাত এতিয়ালৈকে নাম অন্তৰ্ভুক্ত হোৱা ২,৬৭২ জন বিশেষভাৱে সক্ষম ভোটদাতা আছে । ইয়াৰে ১,৩৫৯জন পুৰুষ আৰু ১,৩১৩ গৰাকী মহিলা ভোটদাতা । বিশেষভাৱে সক্ষম ভোটদাতাসকলক ভোটগ্ৰহন কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।
ওৰাংত বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত বিশ্বজিৎ দৈমাৰী : পৃষ্ঠা প্ৰমুখ সকলৰ কথা মানি চলিব লাগিব নেতা সকলে
পৃষ্ঠাপ্ৰমুখ সকলৰ গুৰুত্ব দায়িত্ব আৰু দাম বাঢ়িল । বৰ্তমান এওঁলোকৰ খবৰ সকলোৱে লয় । কিয়নো পৃষ্ঠা প্ৰমুখ সকলৰ কৰ্মই ভাগ্য নিৰ্ণয় কৰিব আগন্তুক বিধানসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থীৰ । প্ৰমুখ সকলে নিজৰ এলেকাৰ বাৰ ,তেৰটা পৰিয়ালৰ ৬০টা ভোট তেওঁলোকৰ হাতত থাকিব লাগিব তেতিয়াহে ১০০+হব । পৃষ্ঠা প্ৰমুখ সকলৰ কথা মতে ওপৰৰ নেতাই মানি চলিব লাগিব । আত্ম সহায়ক গোট , বৃদ্ধ পেঞ্চন কৃষকৰ সমস্যা আৰু নানান ধৰণৰ ৰাইজৰ সমস্যা সমূহ পৃষ্ঠা প্ৰমুখ সকলে বুজ লৈ দায়িত্বত থকা জেষ্ঠ সকলৰ জৰিয়তে ৰাইজৰ কাম বোৰ কৰি দিব লাগিব । এই বক্তব্য ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীৰ । যোৱা ১৯ফেব্ৰুৱাৰীত ওৰাং লক্ষ্মী মন্দিৰ প্ৰাঙ্গনত মাজবাট বিধানসভা সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলনত অংশ গ্ৰহণ কৰি দৈমাৰীয়ে লগতে কয় “অৰুনোদয়”আঁচনি লাভ কৰা হিতাধিকাৰী সকলে পূজা , বিহু , আদিত বনাচ হিচাপেও ধন লাভ কৰিব । কংগ্ৰেছ দলে সঠিক আঁচনি ৰূপায়ন কৰা নাছিল । যাৰ ফলত স্বাধীনতাৰ ৭৫ বছৰ পিছতো দুখীয়াক থাকিবলৈ ঘৰ এটি দিব নোৱাৰিলে । তাৰ বাবে প্ৰধান মন্ত্ৰীয়ে প্ৰতিটো দুখীয়া পৰিয়ালক ঘৰ দিয়াৰ ব্যৱস্থা কৰিছে । ইফালে ছাত্ৰী সকলে স্কুটি পালে লৰাবোৰৰো চিন্তাৰ কাৰণ নাই বছৰ বুলেট পাব । বিপিফ চৰকাৰে পাৰচেণ্ট লওঁতেই গল । ভাৰত চৰকাৰে ৰূপায়ন কৰা আঁচনি হাগ্ৰামা মহিলাৰীয়ে ৰূপায়ন কৰিব নোৱাৰিলে বিপিএফ দলত থাকি ৰাইজৰ কাম ৰাইজক সেৱা কৰিব নোৱাৰাৰ বাবে বিপিএফ দলৰ পৰা ওলাই বিজেপি দলত যোগদান কৰা বুলিও জানিব দিয়ে । ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকাই আঁত ধৰা সভাখন উদ্বোধন কৰে MCLA দ্বীপক মৌৰে । সভা খনত উপস্থিত থাকে প্ৰাক্তন ৰাজ্যসভাৰ সাংসদ তথা মাজবাট বিধানসভাৰ প্ৰভাৰী শান্তিয়াছ কুজুৰ , সংযোজক তপন চৰকাৰ জিলা সভাপতি কাৰ্তিকচন্দ্ৰ বড়ো , জিলা সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা , ৰাজ্যিক সদস্য জিতু কিষান ,মাজবাটৰ সক্ৰিয় যুৱ নেতা কিশোৰ শৰ্মা , মোহন ভট্টৰাই কষ্ট বাগলাৰীকে ধৰি আৰু বহু জেষ্ঠ কাৰ্যকৰ্তা ।
লাহোৱাল প্ৰেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সভা : উপদেষ্টা দীপজয় শইকীয়াক বিদায় সম্বৰ্ধনা
আবেলি লাহোৱাল প্ৰেছ ক্লাবৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায় ৷ প্ৰেছ ক্লাবৰ কাৰ্য্যলয়ত অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্ব কৰে ক্লাবৰ সভাপতি মুক্তামণি হাজৰিকাই৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ক্লাবৰ ভাৰপ্ৰাপ্ত সম্পাদক লক্ষিন্দৰ কুৰ্মীয়ে৷ উক্ত সভাতেই নৱগঠিত মটক স্বায়ত্ব শাসিত পৰিষদত অন্তৰ্ভুক্ত সদস্য তথা লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা দীপজয় শইকীয়াক ক্লাবৰ তৰফৰ পৰা অভিনন্দন জনোৱা লগতে বিদায় সম্ভাষণ জনোৱা হয় ৷ লগতে অসম চৰকাৰৰ ভাষা গৌৰৱ আঁচনিৰ অধীনত লেখক সম্বৰ্ধনা বঁটা লাভ কৰা লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টাদ্বয় ভূষণজ্যোতি সন্দিকৈ আৰু যাদৱ গগৈক এখনি ফুলাম গামোচাৰে অভিনন্দন জনোৱা হয়৷ সভাত লাহোৱাল প্ৰেছ ক্লাবৰ উপদেষ্টা ভূষণজ্যোতি সন্দিকৈ, কনৌজ শইকীয়া, যাদৱ গগৈ, উপ সভাপতি বিজন্ত গগৈ, সদস্য উজ্জল শইকীয়া, যুগল কোঁৱৰ আৰু ধন্টি শইকীয়া উপস্থিত থাকি বক্তব্য আগবঢ়ায়।
গায়ন গাঁৱৰ উজনি নামঘৰৰ লাইখুটা স্থাপন
অসম চৰকাৰৰ মথাউৰি সবলীকৰন আঁচনিৰ বাবে গায়ন গাঁও উজনি নামঘৰৰ স্থানান্তৰ হৈছে গাঁও খনৰ মধ্যস্থল গায়ন গাঁও নৱজ্যোতি উচ্চমাধ্যমিক বিদ্যালয়ৰ কাষলৈ। সেই উদ্দেশ্যে বৃহস্পতিবাৰে নামঘৰৰ লাইখুটা স্থাপনৰ শুভ উদ্বোধন কৰাৰ বাবে এক বৰ্ণাঢ্য কাৰ্যসূচী লোৱা হৈছিল। পুৱা ৮ বজাত এক ধৰ্মীয় বিশাল শোভাযাত্ৰাৰে এলেঙি নৰসিংহ সত্ৰৰ ডেকা সত্ৰীয়া নৱজ্যোতি মহন্তক ডবা শংখ, গায়ন বায়নেৰে আদৰি আনে ৰাইজে। ডেকা সত্ৰীয়া গৰাকীয়ে নিজে সিদ্ধ কৰা ভোগ, সোন ৰূপকে ধৰি পঞ্চৰত্ন দি লাইখুটাৰ নিৰ্মাণৰ শুভ উদ্বোধন কৰি ধৰ্মীয় বক্তৃতাৰে সকলোকে মুগ্ধ কৰে। বক্তৃতাত তেখেতে নামঘৰত নামকীৰ্তন , ভাওনা আদিৰ বাদে যাতে কোনেও গ্ৰাম্য আলোচনা নকৰে তাৰ প্ৰতি সকলো উপস্থিত ৰাইজক আহ্বান জনায়। এই অনুষ্ঠানতে মাজুলীৰ বিষ্ণুপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী দেহেশ্বৰ শইকীয়া, মিস্ত্ৰী জীৱন কলিতা, পূৰ্ণকান্ত কলিতা আৰু গহীন বৰাক সম্বৰ্ধনা জনায়। গাঁওবাসীৰ লগতে কাষৰীয়া নিকিনি খোৱা গাঁও , কলনীবাৰী গাঁও, নপমুৱা গাঁও, লাহন গাঁওৰ নিমন্ত্ৰণ অতিথি সকলে খুটাত শিল বালি চিমেন্ট দিয়ে। অনুষ্ঠানত গাঁওৰ সমাজ কৰ্মী আনন্দ শইকীয়াই বক্তব্য আগবঢ়াই। বহুতো লোকে থিতাতে বহু অনুদান আগবঢ়াই এই অনুষ্ঠানতে। ৰাইজে দান অনুদানেৰে এই মহৎ কৰ্ম কৰিবলৈ লৈছে গতিকে ৰাইজে এই অনুষ্ঠানলৈ দান বৰঙণি আগবঢ়াই সোনকালে নামঘৰ ভাগ সম্পূৰ্ণ কৰাত সহযোগিতা কৰাৰ লগতে দিহা পৰামৰ্শ কামনা কৰিছে। উপস্থিত সকলো ৰাইজ আৰু দাতা সকলক , বিশেষকৈ ভূমিদাতা বিমান বৰাৰ পৰিয়ালক শলাগৰ শৰাই আগবঢ়াই সভাপতি দিলীপ বৰা, যুটীয়া সম্পাদক প্ৰশান্ত বৰা আৰু জয়ন্ত মাধৱ কলিতাই। কোনো লোকে যদি নামঘৰৰ বাবে দান আদবঢ়াৱ বিচাৰে ৬০০০৫৯৯৯২৯ ত যোগাযোগ কৰিব পাৰিব বুলি বিষয়ববীয়া সকলে আমাক অৱগত কৰে ।
টুপামাৰীত বিশাল ধৰ্ম সভাৰ আয়োজন
কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাৰ টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ দ্বাদশ বাৰ্ষিক বিশাল ধৰ্ম সভা ২২ ফেব্ৰুৱাৰী ২০২১ ইং তাৰিখ সোমবাৰে টুপামাৰী আঞ্চলিক হাফিজীয়া মাদ্ৰাছা প্ৰাঙ্গণত আবেলি চাৰি বজাত আয়োজন কৰা হব। টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ পৰিচালনা সমিতিৰ সভাপতি মৌঃ মঃ আহচান আলি (ক্বাজী) ৰ সভাপতিত্বত অনুস্থিত হবলগীয়া বিশাল ধৰ্ম সভাত মুখ্য অতিথি হিচাপে ডেকাচাং ফাৰুকীয়া মাদ্ৰাছাৰ মুহতামিম হাফিজ ক্বাৰী মুফতি মঃ আবুল বাসাৰ, বিশিষ্ট অতিথি হিচাপে মহিমাৰী ছিনিয়ৰ মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত মুদাৰিছ মৌঃ মঃ আশ্ৰাফ আলী তালুকদাৰ, টুপামাৰী হাই মাদ্ৰাছাৰ সহ শিক্ষক মৌঃ মঃ আবু তাহেৰ, দাৰুল উলুম টুপামাৰী মাদ্ৰাছাৰ হেড মুদাৰিছ হাফিজ মৌঃ নজৰুল ইছলাম নিৰ্দিষ্ট বক্তা ৰঙ্গেশ্বৰী টুপামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰবী শিক্ষক মৌলবী মঃ জছিম উদ্দিন, সোনতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহ শিক্ষক মৌঃ মঃ ছিদ্দিক আলী, টুপামাৰী আঞ্চলিক কৱৰস্থান হাফিজীয়া মাদ্ৰাছাৰ হেড মুদাৰিছ হাফিজ মৌঃ মঃ মুফাজ্জল হকৰ লগতে স্থানীয় কেইবাজনো আলেম ওলেমাই অংশ গ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব। উক্ত বিশাল দ্বিনী ওৱাজ মেহফিলত বিভিন্ন প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোগতা সকলে।
উইপ্ৰ ইণ্ডিয়া অৰ্থিয়ান এৱাৰ্ড প্ৰগেম অসমৰ ভিতৰত দ্বিতীয় স্থানপ্ৰাপ্ত জ’ভিয়েলভেলী ছাত্ৰ ফাহিম ইৰফান আহমেদক বঁটা প্ৰদান
উইপ্ৰ ইণ্ডিয়া আৰ্থিয়ান এৱাৰ্ড প্ৰগেমত অসমৰ ভিতৰত দ্বিতীয় স্হান প্ৰাপক নাজিৰা জ’ভিয়েল ভেলী বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাহিম ইৰফান আহমেদক কোম্পানীটোৰ তৰফৰ পৰা ১৮ ফেব্ৰুৱাৰীত বিদ্যালয়ত বঁটা প্ৰদান কৰে। উল্লেখ্য যে দেশৰ অগ্ৰনি কম্পিউটাৰ প্ৰতিষ্ঠান উইপ্ৰ ইণ্ডিয়া লিমিটেডে প্ৰতিবছৰে বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰি আহিছে উইপ্ৰ আৰ্থিয়ান এৱাৰ্ড প্ৰগেম।দলগতভাবে ছাত্ৰ-ছাত্ৰীসকলে পানী,জৈৱ-বৈচিত্ৰ্য আৰু আৱৰ্জনাৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি কোম্পানীটোৰ ওচৰত দাখিল কৰিব লাগে।২০২০বৰ্ষৰ কোম্পানীটোৰ এই সৰ্বভাৰতীয় প্ৰতিযোগিতাত বিদ্যালয় পৰ্যায়ত নাজিৰা মহকুমাৰ তিনি বিদ্যালয় ক্ৰমে গেলেকী জাতীয় বিদ্যালয়ৰ এটা ছাত্ৰ ছাত্ৰী ৰ দলে দলগতভাবে প্ৰথম স্হান আৰু বাউলী মৈদাম উঃমাঃবিদ্যালয়ৰ এটা ছাত্ৰ ছাত্ৰীৰ দলে তৃতীয় স্হান দখল কৰাৰ বিপৰীতে নাজিৰা নগৰৰ আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ’ভিয়েল বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ফাহিম ইৰফান আহমেদে এককভাবে আৱৰ্জনাৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি অসমৰ ভিতৰত দ্বিতীয় স্হান দখল কৰি নাজিৰাৰ লগতে বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে।১৮ফেব্ৰুৱাৰীত উইপ্ৰৰ মূূূূখ্য বিষয়া অনুৰাগ বেহাৰৰ হৈ বিদ্যালয়খনৰ অধ্যক্ষ শিল্মী বড়াই উইপ্ৰ ইণ্ডিয়া আৰ্থিয়ান এৱাৰ্ডত দ্বিতীয় স্হান প্ৰাপ্ত ফাহিম ইৰফান আহমেদক বঁটা প্ৰদান কৰে।একেটা অনুষ্ঠানতে শ্ৰেষ্ঠ প্ৰকল্প প্ৰস্তুতকৰণত সহায় কৰা বিদ্যালয়খনৰ শিক্ষয়ত্ৰী ফিৰদৌচী খাতুনক কোম্পানীটোৰ তৰফৰ পৰা এখন প্ৰমাণ পত্ৰ প্ৰদান কৰে।উল্লেখ্য যে এইখন বিদ্যালয়ৰ পৰা কেইবাজনো ছাত্ৰই বিগত সময়ত বিভিন্ন বিষয়ত কৃতিত্ব লাভ কৰিছে।
বৰবহা হাইস্কুলৰ কৃতী ছাত্ৰক ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান
২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই জিলাৰ বৰবহা হাইস্কুলৰ পৰা সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰ আশিস দাসক আজি ‘বিভা বৰকটকী প্ৰতিভা বঁটা’ প্ৰদান কৰা হয় । বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ তৰফৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হয়। বৰবহা হাইস্কুলত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও আৰু হোজাই জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে মেধাৱী ছাত্ৰ আশিস দাসক বঁটাটি প্ৰদান কৰে । বঁটা প্ৰদান কৰি দিয়া ভাষণত বিদ্যালয়সমূহৰ পৰিদৰ্শক নাথে পিতৄ , মাতৃ আৰু শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল হৈ ছাত্ৰ – ছাত্ৰী সকলক অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় । প্ৰসংগ ক্ৰমে তেওঁ নিজৰ জীৱনৰ উদ্ধৃতিৰে ছাত্ৰ অৱস্থাত কঠোৰ শ্রমৰ মাজেৰে কেনেদৰে শিক্ষা গ্রহণ কৰিছিল সেই বিষয়ে ছাত্ৰ- ছাত্ৰী সকলক অৱগত কৰি সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যাবলৈ আহ্বান জনায় । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰূপক ৰয়ৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত সাংবাদিক জিতেন বৰকটকীয়ে প্ৰকৃত শিক্ষা আহৰণেৰে নিজকে প্ৰস্তুত কৰি সমাজৰ হিতৰ বাবে মনোনিৱেশ কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক আহ্বান জনায় । সভাত বিভা বৰকটকী একাডেমি ফাউণ্ডেচনৰ হৈ আদৰণি ভাষন প্ৰদান কৰে বিভা বৰকটকীৰ কনিষ্ঠ পুত্র তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে। ইয়াৰ পূর্বে বিভা বৰকটকীৰ প্ৰতিচ্ছবিত বিশিষ্ট অতিথি সকলৰ লগতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু বিদ্যালয়খনৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আনহাতে সভাস্থলীত উপস্থিত থকা অঞ্চলটোৰ শ্ৰমজীৱি পাঁচ গৰাকী মহিলাক মাতৃ জ্ঞান কৰি অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে তেওঁলোকৰ চৰণ স্পৰ্শ কৰি সেৱা জনাই একোটিকৈ উপহাৰ প্ৰদান কৰে । এই ক্ষেত্রত ড০ বৰকটকীক সহযোগ কৰে তেওঁৰ পত্নী তথা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ অধ্যক্ষা দীপিকা লস্কৰে। উল্লেখ্য যে বৰবহা অঞ্চলৰ প্ৰয়াত শিক্ষাবিদ তথা সমাজসেৱক নীলকান্ত বৰকটকীৰ পৰিবাৰ বিভা বৰকটকীৰ স্মৃতিত পৰিয়ালৰ লোকে বৰবহা হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক বিগত তিনি বছৰে বিভা বৰকটকী বঁটা প্ৰদান কৰি আহিছে ।বঁটা প্ৰদান অনুষ্ঠানত বিভা বৰকটকীৰ জ্যেষ্ঠ পুত্র অনন্ত বৰকটকী, কনিষ্ঠ পুত্র ড০ শৰৎ বৰকটকী, বোৱাৰী দীপিকা লস্কৰ, নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ শিক্ষক হিৰণ্য শৰ্মাৰ উপৰি বৰবহা হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে । আনহাতে বিদ্যালয়খনত আজি দশম শ্রেণীৰ ছাত্র-ছাত্রী সকলৰ এখনি বিদায় সভাও অনুষ্ঠিত হয় ।










