Home Blog Page 3040

পৰেশ বৰুৱা প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

পৰেশ বৰুৱা প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ৰহিম আৰু চফিকুল হক ৷ ৯ টা কন্টেইনাৰ, ২০৯ টা নিচাজাতীয় টেৱলেট জব্দ৷

মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷
ড্ৰাগছৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীৰ সফল অভিযান ৷
মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ ঘোগাত আৰক্ষীৰ অভিযান ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷
ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি ৯ টাকৈ কন্টেইনাৰ আৰু ২০৯ টা নিচাজাতীয় টেৱলেট ৷
দুই ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ১৫,৩৪০ টকা ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে আব্দুল ৰহিম আৰু চফিকুল হক ৷
দুয়োজনৰে ঘৰ মুকালমুৱা থানাৰ ঘোগাত ৷

লেটচ পেডেলৰ কভিড সজাগতাৰে চাইকেল ৰেলী

 লে’টছ পেডেলৰ উদ্যোগত  পুৱাভাগতে  বিশ্বনাথ চাৰিআলিৰ মধুপুৰ তিনিআলিৰ পৰা এক ক’ভিড সজাগতা ৰেলি উলিওৱা হয়।  লে’টছ পেডেলৰ তৰফৰ পৰা বিশ্বনাথ ঘাট, নৱপুৰ আৰু বামগাৱঁত চাবোন আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ক’ভিড আচৰণবিধি সম্পূৰ্ণৰূপে পালন কৰি আজিৰ ৰেলি সম্পন্ন কৰা লে’টছ পেডেলৰ সদস্য‌সকলে বিশ্বনাথ ঘাটৰ গাওঁ সুৰক্ষা বাহিনীৰ (ভিডিপি) সম্পাদক সোনালী ভৰালীৰ হাতত পুৱা ছয় বজাত কিছু মাস্ক আৰু চাবোন অৰ্পণ কৰে। ইয়াৰ পাছত নৱপুৰ ভিডিপিৰ সভাপতি অক্ষয় বৰ্মণৰ হাতত আৰু বামগাঁৱত ৰেলি সমাপন কৰি ভিডিপি সম্পাদক গজেণ বৰুৱা, সদস্য যতীন বৰা আৰু গাওঁবুঢ়া অংকু বৰাৰ হাতত কিছু মাস্ক আৰু চাবোন অৰ্পণ কৰে। আজিৰ কাৰ্যসূচীত লে’টছ পেডেলৰ প্ৰতিষ্ঠাপক স্নেহাংকৰ চক্ৰৱৰ্তী তথা সদস্য নিহাৰ শ‌ইকীয়া, ৰাজ ঋষি ভট্টাচাৰ্য্য, চম্পক শৰ্মা, ধীৰাজ গুপ্তা আৰু শেখৰ ভূঞাই অংশ গ্ৰহণ কৰে।

মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত।

মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত।

উপস্থিত থাকে সদস্য মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৱজ্যোতি শইকীয়া,অমূল্য সেনাপতি ,সদৌ অসম মটক সন্মিলনৰ (কেন্দ্ৰীয়) সাংগঠনিক সম্পাদক জীৱন কোঁৱৰ, সদৌ অসম মটক সন্মিলনৰ (মহানগৰ) সাধাৰণ সম্পাদক শংকৰ গোহাঞি, শৰণীয়া কছাৰী প্ৰচাৰ সম্পাদক অৰুণ শৰণীয়া আদি ।

নগাঁও মৰিকলং আৰক্ষীৰ অভিযান নগাঁও মৰিকলংত ব্ৰাউন চুগাৰ সহ এজনক আটক

নগাঁৱত  অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান।নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জুমনি কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলেকালি সন্ধিয়া মৰিকলং অঞ্চলৰ পৰা  আটক কৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়াক। কুখ্যাত ড্ৰাগছ মাফিয়াটোৰ নাম ৰিংকু আলি।ৰিংকু আলিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৪০ হাজাৰ টকা মূল্যৰ ব্ৰাউন চুগাৰ।উল্লেখযোগ্য যে ৰিংকু আলিৰ মাতৃও বন্দী হৈ আছে কাৰাগাৰত।দীৰ্ঘদিনৰ পৰা ৰিংকুয়ে মৰিকলংৰ নিজ বাসগৃহৰ পৰাই চলাই আহিছিল এই অবৈধ বেহা৷  

অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ

অৱশেষত ১৮ দিনীয়া উৎকণ্ঠাৰ পাছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ ৰাণা হত্যাকাণ্ডত অভিযুক্ত, অলিম্পিকত দুবাৰকৈ মেডেল অৰ্জন কৰা মল্লযোদ্ধা সুশীল কুমাৰক। দেওবাৰে পুৱা দিল্লী মুণ্ডকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে সুশীল কুমাৰৰ লগতে আন এগৰাকী অভিযুক্ত অজয় কুমাৰক। উল্লেখযোগ্য যে সুশীল কুমাৰক বিচাৰি দিল্লী পুলিচৰ স্পেচিয়েল চে’লে দিল্লীৰ লগতে উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, হাৰিয়ানা আৰু পঞ্জাৱত তালাচী চলাইছিল। সুশীল কুমাৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল দিল্লী পুলিচে। লগতে আনজন অভিযুক্ত অজয় কুমাৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকা পুৰস্কাৰ দিয়া কথা আছিল দিল্লী পুলিচৰ। উল্লেখযোগ্য যে দিল্লীৰ ছত্ৰসাল ষ্টেডিয়ামত ৪ মে’ৰ নিশা সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী কেইবাগৰাকী মল্লযোদ্ধাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল সাগৰ ৰাণাক।

দূৰাৰোগ্য ব্লাডকেঞ্চাৰত আক্ৰান্ত মৰিগাঁওৰ লাহৰিঘাটৰ কণমাণী ছোৱালীঃ আৰ্থিক সাহায্যৰ আহ্বান দৰিদ্ৰ পৰিয়ালৰ

সম্প্ৰতি মৰিগাঁও জিলাৰ লাহৰিঘাট গাঁও নিবাসী আইজুল  ইছলামৰ কণমাণী ছোৱালী ছুমায়া চিদ্দিকা(৭) ই বিগত  ৬ মাহ ধৰি দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছে। বৰ্তমান তাইৰ অৱস্থা খুবেই সংকটজনক হোৱা বাবে বৰ্তমান তাইৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈ পৰিছে। যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়। যাৰ বাবে উন্নত চিকিৎসাৰ কাষ চাপিব পৰা নাই। সেয়ে  কোনোবা সু-হৃদয়বান ব্যক্তিৰ পৰা অাৰ্থিক সাহায্য বিচাৰিছে। সেয়ে কোনোবা ইচ্ছুক সদাশয় ব্যক্তিয়ে অাৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে  A/C- 33195482269IFSC- SBIN0005462Account holder name: Afsarin sulatanaPH-9101664752 ( gpay, phonepay, paytm)A/C- 33195482269IFSC- SBIN0005462Account holder name: Afsarin sulatanaPH-9101664752 ( gpay, phonepay, paytm) অথবা  87210 25667 নম্বৰত পোনপটীয়াকৈ  যোগাযোগ কৰি কৰিবও পাৰে ।

আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।

আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।

তিনিচুকীয়া,লখিমপুৰ,ডিব্ৰুগড়ৰ কোভিড প্ৰট’কল পালন কৰি বীৰপুৰুষগৰাকীৰ প্ৰতিমুৰ্তি আৰু প্ৰতিকৃতিত মাল্যাৰ্পন,বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধা জনোৱা হয়।

শিমলুগুৰি ৰামুগাৱঁত শ্ৰমদান কৰি শোচনীয় পথ মেৰামতি ৰাইজৰ

যি সময়ত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পথ নিৰ্মাণকে ধৰি বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল বাস্তৱ ক্ষেত্ৰত বহুত অঞ্চলত তাৰ বিপৰীত ছবিখন স্পষ্টকৈ ফুটি উঠিছে ৷ এসময়ত গড়কাপ্তানি মন্ত্ৰীৰ দায়িত্বত থকা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ মাহমৰাৰ শিমলুগুৰিৰ ৰামুগাও ফটিকাচোৱা পথটো দীৰ্ঘদিনৰ পৰাই শোচনীয় হৈ থকাত আৰু মন্ত্ৰী মহনে কোনো ব্যবস্থা নকৰাকৈ থোৱাত কালি স্হানীয় ৰাইজ তথা যুৱকসকলে শ্ৰমদান কৰি পথটো যাতায়তৰ উপযোগী কৰি তোলে ৷ প্ৰায় ৫/৬ খন গাৱঁৰ শ শ ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰছাত্ৰী শিমলুগুৰিলৈ যোৱা নাজিৰা মহকুমাৰ অন্তৰ্গত এই ফটিকাচোৱা পথটো বিগত ১০ বছৰৰ অধিক কাল শোচনীয় হৈ থকাত সমস্যাৰ সৃষ্টি হৈছিল ৷ স্হানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনক স্হানীয় ৰাইজে পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই অহা স্বতেও কোনো কানষাৰ নিদিয়াত স্হানীয় দুজনমান উদীয়মান ঠিকাদাৰে শিল যোগান ধৰাত আজি প্ৰায় দুইকিলোমিটাৰ পথটো যাত্ৰাৰ উপযোগী কৰি তোলে ৷ স্হানীয় ৰাইজে দল মত নিৰ্বিশেষে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক ৰামগাঁও হৈ গোমোঠা পৰ্যন্ত পথটো নিৰ্মাণৰ ব্যবস্থা কৰিবলৈ আহ্বান জনাইছে ৷

য়াছৰ কবলত পৰিব অসম! বাতিল কৰা হ’ল কেইবাখনো গুৰুত্বপূৰ্ণ ৰে’ল

সাগৰীয় ঘূৰ্ণীবতাহ য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ নিৰাপত্তাৰ দিশলৈ লক্ষ্য কৰি ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ সেই অনুসৰি,  অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া ৬ খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিবলগীয়া মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে এইবাৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় য়াছ৷ ২৪ মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷  অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাত্ৰা বাতিল কৰা ৰে’ল কেইখন ক্ৰমে গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, তিনিচুকীয়া-টাম্বাৰাম এক্সপ্ৰেছ, টাম্বাৰাম-তিনিচুকীয়া এক্সপ্ৰেছ, বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ, তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ, কামাখ্যা-যশৱন্তপুৰ এক্সপ্ৰেছ, য়শৱন্তপুৰ-কামাখ্যা এক্সপ্ৰেছ, চেন্নাই-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ লগতে নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ।