Home Blog Page 3041

চলচ্চিত্ৰ পৰিচালক দাৰা আহমেদ আৰু নাই

অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আৰু নাই । আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাতালত তেওঁৰ মৃত্যু হয় । দাৰা আহমেদৰ বায়েক বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক এপ’ল’ত ভৰ্ত্তি কৰোৱা হয় । চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰে । কিন্তু আজি পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল দাৰা আহমেদে । এই ছবিসমূহৰ ভিতৰত আছিল ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), ‘পূজা’ আদি । উল্লেখযোগ্য যে জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক হিচাপে কাম কৰি পৰিচালনাৰ দিশত তেওঁ আত্মপ্ৰকাশ কৰিছিল । মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ ।

লাহৰীঘাটৰ টেঙাগুৰি কচাৰী গাঁৱত ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়াৰ তাণ্ডৱ ,এসপ্তাহত গৃহহীন প্ৰায় শতাধিক পৰিয়াল

 মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰী কচাৰী গাঁৱত পুনৰ আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰা -খহনীয়াৰ ভয়াৱহ তাণ্ডৱ। এটা সপ্তাহতে গৃহহীন হৈছে প্ৰায়  শতাধিক পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। খহনীয়াৰ আতংকত আতংকিত আন বহু পৰিয়ালৰ লোকে নিজৰ সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। নৱ গঠিত চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী লোক সকলৰ।

আপোনাৰ ক্ষুদ্ৰ প্ৰয়াসে বচাব পাৰে এগৰাকী চফল ডেকাক, জীৱনৰ কঠোৰ সময়ত পত্নী অনন্যাৰ ফেচবুকযোগে এটি নিবেদন

কোভিডত আক্ৰান্ত হোৱাৰ পিছত ফলাফল নিগেটিভ আহিলেও শৰীৰৰ বিশেষ ক্ষতি কৰি থৈ যায় কোৰোণাই। বিশেষকৈ ই হাঁওফাঁওক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। অসমৰ এগৰাকী চফল ডেকা সম্প্ৰতি পোষ্ট–কোভিডজনিত হাঁওফাঁওৰ সমস্যাত পৰি মৃত্যুৰে যুঁজি আছে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত। এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ অৰ্ণৱ কুমাৰ কাশ্যপ নামৰ যুৱকগৰাকীৰ পত্নী তথা এগৰাকী স্বাস্থ্য কৰ্মী অনন্যা বৰাই এটা ফেচবুক পোষ্টযোগে এই বিষয়ে সদৰী কৰি তেওঁৰ স্বামী অৰ্ণৱৰ আৰোগ্যৰ বাবে সকলো হৃদয়ৱান লোকলৈ জনাইছে এটা নিবেদন।

ফেচবুক পোষ্টটোত অনন্যাই উল্লেখ কৰে– ‘কেতিয়াও ভবা নাছিলোঁ আমাৰ জীৱনলৈ এনেকুৱা এটা দিন আহিব বুলি, মাত্ৰ এবছৰৰ আগত আমাৰ নতুন জীৱনটো আৰম্ভ কৰিছিলোঁহে অৰ্ণৱ আৰু মই। আন দিনৰ দৰেই আছিল ৩ মে’ৰ দিনটো, কিন্তু এখন CT scanৰ Reportএ অন্ধকাৰৰ মুখলৈ ঠেলি দিলে আমাক। reportৰ মতে অৰ্ণৱৰ হাঁওফাঁওত covid ৰ ফলত বহুখিনি infection (post covid lung fibrosis) হৈ আছে, আমাৰ মূৰত আকাশখনহে যেন খহি পৰিল। অলপো পলম নকৰি আমি তেওঁক গুৱাহাটীৰ GNRCৰ ICUত ৰখাৰ ব্যৱস্থা কৰিলোঁ। সম্পূৰ্ণ ১৬ দিন ICUত ৰখাৰ পাছতো তেওঁৰ স্বাস্থ্য ভাল নোহোৱাত চিকিৎসকৰ পৰামৰ্শ মতে শেষৰ ৪ দিন তেওঁক ভেন্টিলেচনত ৰখা হয়।য়াৰ পাছতো তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰে। শেষ উপায় হিচাপে ECMOৰ কথা চিকিৎসকে আমাক জনালে আৰু ই হৈছে যথেষ্ট ব্যয়বহুল, অসমৰ কেৱল মাত্ৰ Excel Careতহে এই সুবিধা উপলব্ধ। আমাৰ হাতত আৰু একো উপায় নাছিল, তেওঁক ঘূৰাই অনাৰ শেষ উপায় যিহেতু, অলপো সময় নষ্ট নকৰি আমি তেওঁক Excel Careলৈ নিবৰ বাবে সাজু কৰিলো, সেইটোও আছিল আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু সকলোৰে সহযোগত তেওঁক আমি ACLS ambulanceৰে ১৭ মে’ত Excel Careত ভৰ্তি কৰাওঁ। অৰ্ণৱৰ চিকিৎসা এতিয়া চলি আছে আৰু চিকিৎসকে কোৱা মতে এই চিকিৎসাত যথেষ্ট সময় লাগিব। আপোনালোকৰ আশীৰ্বাদ মোৰ এই জীৱনৰ কঠোৰ সময়ত বহুত প্ৰয়োজন আৰু আপোনালোকৰ অকণমান সহায়েৰে মই মোৰ যুদ্ধখন যুঁজাত যাতে সহায় হয় তাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰাৰ্থনা কৰিব যাতে মই মোৰ মানুহজনক সোঁ–শৰীৰে ঘৰলৈ ঘূৰাই আনিব পাৰোঁ।’অৰ্ণৱৰ জীৱনৰ বাবে প্ৰয়োজন আপোনাৰ আশীৰ্বাদ আৰু কিছু সহায়। আপুনি আগবঢ়াই দিয়া সহায়ৰ হাতখনিয়ে জীয়াই তুলিব পাৰে অৰ্ণৱক।

Account No: 0136104000193184
Account Holder Name: Ananya Borah
IFSC: IBKL0000136

Bank: IDBI
G Pay: 9954246915
UPI ID: borah.ananya@okicici

৬ জুৱাৰীক আটক কৰি জেল হাজতলৈ প্ৰেৰণ ধূলা আৰক্ষীৰ।

 বৰ্তমান সময়ত সমাজৰ একাংশ ব্যক্তিয়ে আবাধে চলাই গৈছে বিভিন্ন ধৰণৰ জুৱা খেল। সমাজৰ এনেধৰণৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে দৰঙৰ ধূলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে চলাই গৈছে অভিযান। সেই মৰ্মে শুক্ৰবাৰে ধূলা আৰক্ষীয়ে গোপন খবৰৰ পম খেদি ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাৰ নিৰ্দেশত থানা খনৰ উপ পৰিদৰ্শক বিকাশ সিঙৰ নেতৃত্বত জুৱা খেলৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানত ধূলা থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ পৰা পৰা ছয় জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধিন লোক কেইজন বালাবাৰী গাঁৱৰ ছাইফুদ্দীন আহমেদ, জৰীপ আলি, ৰফিকুল ইছলাম, জলিলুদ্দিন, মোজাহিদ আলি আৰু মুন্তাজ আলি বুলি জানিব পৰা গৈছে। ধৃত লোক কেইজনৰ বিৰুদ্ধে আজি ধূলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। ধূলা আৰক্ষী থানাৰ গোচৰ নম্বৰ ১৪৪/২১ আৰু Assam Game And Betting act ৰ ১৩ আৰু ১৪ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি লোক কেইজনক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে। আনহাতে ধূলা থানাৰ অন্তৰ্গত যিকোনো ঠাইত যোৱা খেলৰ খবৰ পালে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ধূলা আৰক্ষীয়ে সকীয়াই দিয়ে। সেয়ে এনেধৰণৰ সমাজ বিৰোধী তথা জুৱা, মদ, ভাং, আদি  কাৰ্যৰ পৰা বিৰত থাকিবলৈ অঞ্চলবাসীক আহ্বান জনায় ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাই।

কুখ্যাত অপৰাধীক দমনৰ বাবে নগাঁও আৰক্ষী অধীক্ষকে গঠন কৰিলে বিশেষ অভিযানকাৰী বাহিনী, নগাঁৱত অপৰাধ নিয়ন্ত্ৰনৰ বাবে সাঁজু ৩০জনীয়া বিশেষ দল

অপৰাধীৰ ৰাজধানী হিচাপে পৰিচিত নগাঁও। বিগত বছৰটোত নগাঁও আৰক্ষীক জ্বলা-কলা খুৱাইছিল অপৰাধীয়ে। বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নগাঁও আৰক্ষীৰ জোৱানৰ পৰা পিষ্টল কাঢ়ি নিছিল অপৰাধীয়ে। আনকি অপৰাধীয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈছিল নগাঁৱত। কিন্তু দুৰ্ভাগ্যজনক এনে অপৰাধীক আটক কৰাত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী। পিছে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে নতুন আশাৰ সঞ্চাৰ ঘটিছে। নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আনন্দ মিশ্ৰই। আৰক্ষী অধীক্ষক গৰাকীয়ে বৰ্তমান বহু কুখ্যাত অপৰাধীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান।  আৰক্ষী অধীক্ষক গৰাকীয়ে কৰায়ত্ত কৰাৰ চেষ্টাৰে অভিযান চলাইছে নগাঁৱৰ বহু অপৰাধজনিত ঘটনাত জড়িত কংগ্ৰেছ নেতা আব্দুল বাছেট ওৰফে ইফুৰ বিৰুদ্ধেও। অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হৈছে ইফু নামৰ অভিযুক্ত অপৰাধী।  ইফুক বিচাৰি বৰ্তমানেও নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। নগাঁও আৰক্ষীৰ জালত পৰিছে কেইবাটাও দুধৰ্ষ ড্ৰাগছ মাফিয়া। কিন্তু এইসমূহ অভিযানক অধিক নিখুতভাৱে চলাবলৈ আনন্দ মিশ্ৰই গঠন কৰিছে এটি বিশেষ অভিযানকাৰী বাহিনী। নগাঁও আৰক্ষীৰ ৩০০জোৱানৰ মাজৰ পৰা ৩০জন জোৱানক বাচনি কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে গঠন কৰিছে এই বিশেষ বাহিনীটো। এতিয়াৰে পৰা,  নগাঁৱৰ দাগী অপৰাধীক দমন কৰিবৰ বাবে দিনে-নিশাই অভিযান চলাব এই বিশেষ বাহিনীটোৱে আৰু ইয়াৰ নেতৃত্বত থাকিব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। উল্লেখযোগ্য যে, ডিমাপুৰৰ পৰা নগাঁৱলৈ অবাধ ভাৱে সৰবৰাহ হোৱা নিচাজাতীয় দ্ৰব্যই বৰ্তমান তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে নগাঁৱৰ যুৱপ্ৰজন্মক। সেয়ে নৱনিযুক্ত আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাক লৈ আশাবাদী নগাঁৱৰ সাধাৰণ জনতা।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত চৰকাৰী আঁচনিক লৈ জলসম্পদ বিভাগৰ কোটি টকীয়া পকী বেৰা বাগৰি পৰিল দিহা নদীত

অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চলিছে চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন। ৰাজনৈতিক নেতাৰ পৰা সৰ্বসাধাৰণ লোকৰ ঢেকীয়াখোৱা বৰনামঘৰ বুলি শ্ৰদ্ধাত মূৰ দোঁ খাই যোৱাৰ বিপৰীতে বিভিন্ন বিভাগৰ একাংশ বিষয়া ঠিকাদাৰৰ বাবে এই নামঘৰভাগী যেন এতিয়া হৈ পৰিছে সোণৰ কণী পৰা হাঁহ।উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , সৰ্বানন্দ সোনোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক ৰথী- মহাৰথীয়ে প্ৰত্যেক বছৰেই মহাপুৰুষ মাধৱদেৱে নিজহাতে প্ৰতিস্থা কৰা এই নামঘৰটিলৈ আহি শৰাই নৈব্যদ্য আগবঢ়ায়। ঢেকীয়াখোৱা বৰনামঘৰলৈ এনে ৰাজনৈতিক নেতাৰ আগমৰ পিছতে তেওঁলোকে নামঘৰ উন্নয়নৰ বাবে ঘোষণা কৰি যোৱা বিভিন্ন আঁচনি ৰূপায়ণৰ তৎপৰ হৈ পৰে বিভাগসমূহ। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা কৰা “অসম দৰ্শন” আঁচনিৰ কাষতে দিহা নদীৰ খহনীয়া ৰোধৰ বাবে এক কৌটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে যদি এজাক বৰষুণতে কৌটি টকীয়া বেৰাখন ভাগি পৰে। অভিযোগ অনুসৰি বিভাগটোৰ বিষয়া ঠিকাদাৰৰ ঐতিহাসিক সম্পদটিৰ উন্নয়নতকৈ আবন্টিত টকা চান কঢ়াৰ স্বাৰ্থত অতি নিম্মমানে কাম সম্পাদনা কৰাৰ বাবেই এনেদৰে এজাক বৰষুণতে খহি পৰে পকী বেৰাখন।ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ এনে নিম্মমানৰ কামৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে এনে কাণ্ডৰ তদন্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত জলসস্পদ মন্ত্ৰীক চকু দিবলৈ আহ্বান জনাইছে।

বালিপৰা লখৰাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক আটক

সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে মদ,জুৱা,তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এটা অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা।  শোণিতপুৰৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই  বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজন লোকক আটক কৰিছে । এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাত তালাচি চলোৱাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰ প্লেটবিহীন  এল্ট  গাড়ীক আৰক্ষীয়ে ৰ’বলৈ  নিৰ্দেশ দিয়ে যদিও  গাড়ীখন  তীব্ৰবেগে পলায়নৰ চেষ্টা কৰে লগে লগে আৰক্ষী দলে  খেদি গাড়ীখন ধৰিবলৈ সক্ষম হয় । পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰপৰা  ১ পেকেট  ব্ৰাউন চুগাৰ আৰু ৯০ টা কন্টেইনাৰ উদ্ধাৰ হয় । আৰক্ষীয়ে লগতে গাড়ীখনত থকা দুজন লোককো কৰায়ত্ত কৰে । ধৃত লোক দুজন ক্ৰমে ভালুকপুঙৰ জংচৰ দেউৰী ( ২৩ ) আৰু আনজন  অৰুণাচলৰ বমদিল্লাৰ  টাছি জেৰাং বুলি জানিব পৰা গৈছে । জব্দকৃত সামগ্ৰীখিনিৰ মূল্য এক লাখ টকা। চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাত থকা  সৰবৰাহকাৰী যুৱকদ্বয়ে খনামুখৰ  চনু নামৰ এজন লোকৰ পৰা  উক্ত ব্ৰাউনচুগাৰখিনি অনা বুলি ইতিমধ্যে  স্বীকাৰোক্তি দিছে । ইপিনে চনু নামৰ ব্যক্তিজনে পলায়ন কৰিছে বুলি জানিব দিছে চাৰিদুৱাৰ আৰক্ষীয়ে। 

মাৰ্ঘেৰিটাত যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰা যুগ্ম-অযুগ্ম সংখ্যা নিয়ম ধোঁৱাচাঙত

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে যান-বাহনৰ ক্ষেত্ৰত জাৰি কৰি নীতি নিদেৰ্শনা| সমগ্ৰ ৰাজ্যখনৰ লগতে তিনিচুকীয়া জিলা মাৰ্ঘেৰিটাতো দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা | ইয়াৰ পিছতো যেন মুঠেও সচেতন নহয় একাংশ লোক | যান-বাহনৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এচ,অ, পিয়ে চোব পৰা নাই মাৰ্ঘেৰিটাৰ একাংশ যান-বাহনৰ চালকক| মাৰ্ঘেৰিটাৰ ৰাজপথত যুগ্ম অযুগ্ম সকলোবোৰ  সংখ্যা যান-বাহনৰ অবাধ চলাচল হৈ আছে|ক’ভিডৰ  ভয়াবহতাক লৈ তিলমানো সচেতন নহয় মাৰ্ঘেৰিটাৰ  এইসকল যান-বাহনৰ  চালক আৰু গৰাকীৰ|  এই ক্ষেত্ৰত নিৰ্বিকাৰ মাৰ্ঘেৰিটা আৰক্ষীৰ  প্ৰশাসন| এইদৰে অবাধ গতিত যান-বাহনৰ লগতে জনসমাগম অব্যাহত থাকিলে অতি শীৰ্ঘ্ৰে মাৰ্ঘেৰিটাত ক’ভিডে ভয়াবহ ৰূপ ধাৰণা নুই কৰিব নোৱাৰি|

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।

ৰিতুল শইকীয়াক মুকলি কৰাৰ পাছত প্ৰথম প্ৰতিক্ৰিয়া আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।চৰকাৰৰ সৈতে আলোচনা কৰিবলৈ সাজু আলফা স্বাধীন ! যদিহে পথ মসৃণ হয়, যদিহে কোনো বাধা নাথাকে তেন্তে আলোচনা কৰিব আলফা স্বাধীনে জনালে সংবাদ মাধ্যমক ।

নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত বিপদসংকুল আহ যাহ

দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ চৰাঞ্চলত লক্ষাধিক লোকৰ নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত সম্প্ৰতি এক ভয়াবহ যাতায়ত অব্যাহত আছে। স্বাধীনতাৰ সাত দশকৰ পিছতো মৰণক শৰণ দি নিতৌ পাৰাপাৰ হয় চৰাঞ্চলৰ সহস্ৰজনে। কিছু দিনৰ আগলৈ চৰাঞ্চলৰ একাংশ যুৱকে নিজৰ গাঁঠিৰ ধন খৰচ কৰি বাঁহৰ সাঁকো সাজি ধনৰ বিনিময়ত নৈৰ খন পাৰাপাৰ হৈছিল যদিও ধলৰ পানীয়ে সাকোঁখন উঠুৱাই নিয়াত যাতায়তলৈ বিপৰ্যয় নামিছে। কোনোবাই যদি খোজকাঢ়ি, আন কোনোবাই কাপোৰ তিয়াই খুপি খুপি আঁঠু জোখৰ পানী পাৰ হয়। ইয়াৰ উপৰিওঁ একাংশ বাইক আৰোহীয়ে আকৌ মৰসাহ কৰি নৈ পাৰ হয় বাইকত উঠিয়েই। পদে-পদে বিপদৰ হাতবাউল। আনহাতে পানী কম হোৱা বাবেই উক্ত স্থানত নাও চলাচলতো যথেষ্ট অসুবিধা। বেহা বেপাৰকে আদি কৰি বিভিন্ন কামৰ বাবে বাঘবৰ আৰু চেঙা সমষ্টিৰ দক্ষিণ পাৰৰ ৰাইজ গ্ৰাম্য কামৰূপৰ মফচলীয় চহৰ নগৰবেৰালৈ এদিন আহযাহ নকৰিলেই পৰিয়ালত হাহাকাৰ লাগে। পিছে আদবাটতে জলজলী নদীৰ এই বিপদসংকুল স্থানত থমকিবলগীয়া হয় চৰাঞ্চলৰ পথিক। উপায়বিহীন হৈ উক্ত জলপথত নিতৌ ৰাইজে দুঃসাহসিক, পুতৌজনক যাতায়ত অব্যাহত ৰাখিবলগীয়া হোৱাটো সচাকৈ এক ভাবিবলগীয়া বিষয়। সমষ্টিটোৰ বিধায়ক শ্বেৰমান আলী আহমেদে নিৰ্বাচন আহিলেই উক্ত স্থানত পকী দলং নিৰ্মাণৰ ললীপপ দেখুৱাই আহিলেও তেওঁৰ দহ বছৰীয়া শাসন কালত উক্ত স্থানত এখন পকী দলং কৰিব নোৱাৰিলে। এইবাৰ আকৌ আশ্বাস আৰু প্ৰতিশ্ৰুতি দি তৃতীয় বাৰৰ বাবে বিধায়ক হল। দেখিলেই গাৰ নোম শিঁয়ৰি উঠা বিপদসংকুল যাতায়ত সুচল কৰাৰ বাবে সমষ্টি দ্বয়ৰ নৱ নিৰ্বাচিত বিধায়ক দ্বয়লৈ আৰু নতুন চৰকাৰলৈ চৰাঞ্চলৰ ৰাইজে নগৰবেৰা আলোপতি-মাজৰচৰ সংযোগী জলপথত এখন স্থায়ী পকী দলং নিৰ্মাণৰ বাবে কাতৰ আহ্বান জনাইছে।