Home Blog Page 3041

টংলা কবি সন্মিলনৰ উদ্যোগত সমাজ, সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান

সমাজ, সাহিত্য, সংস্কৃতিমূলক অনুষ্ঠান টংলা কবি সন্মিলনৰ উদ্যোগত ৰবিবাৰে টংলা শতদল সাহিত্য সভা ভৱনত ‘বিষয় ফাগুন-কোৰোনা জীৱন প্ৰেম’ ইত্যাদি শীর্ষক কবিতা পাঠ, গীত মাত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়।

ৰাতিপুৱা ১০ বজাত মাজগাঁও ৰূপজ্যোতি নামতি দলৰ সমবেত গীতেৰে আৰম্ভ হোৱা আনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে কবি ফটিক নন্দনে। বন্তি প্ৰজ্জল কৰে টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে। আদৰণী ভাষণ দিয়ে কবি ৰঞ্জি শইকীয়া ডেকাই। টংলা কবি সন্মিলনৰ সভাপতি খগেন্দ্ৰ নাথ বৰাই সঞ্চালন কৰা উক্ত অনুষ্ঠানত টংলা কবি সন্মিলনে বিশিষ্ট কবি ঘটেশ্বৰ বৰুৱাক “পান্থপাদপ” সন্মান প্ৰদান কৰাৰ লগতে গামোচা, মানপত্ৰ, ফুলাম জাপি প্ৰদান কৰা হয়।

বঁটা গ্ৰহন কৰি তেওঁ কয় যে, ‘বঁটা প্ৰাপ্তিয়ে মোক কাব্য সাহিত্য আৰু সমাজ নিৰ্মাণত অধিক দায়বদ্ধ কৰি তুলিছে’ । আনহাতে উক্ত অনুষ্ঠানতে উদিয়মান কবি নিৰুপমা ডেকাৰ কাব্য গ্ৰন্থ “জীৱন দাপোন” উন্মোচন কৰে ডঃ কৈলাশ চন্দ্ৰ চমুৱাই। বিশিষ্ট লেখক তাৰানাথ কলিতাৰ কাব্য গ্ৰন্থ “ফাগুন” উন্মোচন কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ উপ সভাপতি আদিত চন্দ্ৰ কলিতাই।

অনুষ্ঠানটোত গীত পৰিবেশন কৰে লক্ষ্মী ৰাণী ডেকা, ঘটেশ্বৰ বৰুৱা জ্যোতিপ্ৰসাদ কলিতা, অঞ্জনা বৰ্মনে। কবিতা পাঠ কৰে ক্ৰমে প্ৰাৰ্থপ্ৰতিম পাঠক, নিৰূপমা ডেকা,ৰাজীৱ ৰাভা, শান্তিবালা দত্ত, হেমেন দাস, তাৰানাথ কলিতা, আদিত চন্দ্ৰ কলিতা, জয়ামণি ডেকা, ভদ্ৰেশ্বৰী দেৱী, পূৰ্ণিমা ভূঞা, বিদিশা শৰ্মা,কৃষ্ণকান্ত ডেকা, ধৰণীধৰ মেধিয়ে

লগতে সমাজ সেৱক বলিৰাম ডেকাই চমু ভাষণ ব্যক্ত কৰে । সদৌ শেষত জাতীয় সংগীতেৰে অনুষ্ঠান সামৰণি পৰে।

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়ালৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ।

‘অভিনয় ডাঙৰ কথা নহয়,উজু কথা। কেৱল অনুসৰণ কৰিব পাৰিব লাগিব।’- এই মন্তব্য বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ ।

আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দ ৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা আনন্দৰাম ঢেকিয়াল ফুকন বঁটা গ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট অভিনেতাজনে। ইপিনে মহাবিদ্যালয় কৰ্তৃপক্ষৰহৈ এই বঁটা প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে-যি কোনো বিষয়ত আগলৈ যোৱাৰ মানসিকতা থাকিব লাগে।আগলৈ যোৱাৰ মানসিকতা নাথাকিলে সফল হ’ব নোৱাৰে। ছাত্ৰ-ছাত্ৰীসকলক একবিংশ শতিকাৰ পৰ্যালোচনা কৰিবলৈ আহ্বান জনাই তেওঁ কয় যে, ‘এতিয়া প্ৰতিযোগিতাৰ সময়। এতিয়া বিজ্ঞানৰ অগ্ৰগতিৰ সময়ত সকলোৱে আগুৱাই যোৱাৰ, প্ৰথম স্থান দখল কৰাৰ মানসিকতা গঢ় লৈছে। ছাত্র-ছাত্ৰী সকলে এই কথা অনুধাৱন কৰিব লাগিব।’

মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দৰাম ঢেকিয়াল ফুকনৰ দৰে অসমীয়া ভাষাক উজ্জীৱিত কৰা মহান ব্যক্তিৰ নামত বঁটা প্ৰদান কৰা কাৰ্যক প্ৰশংসা কৰে । সভাত আদৰণী ভাষন প্ৰদান কৰে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ সুৰজিৎ ভাগৱতীয়ে। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় কৰ্তৃপক্ষই প্ৰদান কৰা এই বঁটাত আছে গামোচা, চেলেং, শৰাই, মানপত্ৰ, কিতাপৰ টোপোলা, স্মাৰক আৰু ধন।

সভাত বিধায়ক ৰূপক শৰ্মা, প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁই, অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চেনীৰাম বৈদ্য, অধ্যাপক অৰিন্দম বৰকটকী,জিলা উপায়ুক্ত কবিথা পদ্মনাভন, আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ উপস্থিত থাকে ।

ৰাজ্যত পুনৰ নতুনকৈ ১৫ জনকৈ ব্যক্তি ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত

ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১৫ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ 

বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৭২৯৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৭৪গৰাকী চিকিত্‍সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৪৫৮৫ গৰাকী ব্যক্তি। উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১০৮৭ গৰাকীলৈ  বৃদ্ধি পালে।

নগাঁও সদৰ সমষ্টিত ৬৫ কোটি টকাৰ ব্যয় সাপেক্ষে কেইবাটাও উন্নয়ন মূলক কামৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

“গুৰুজনাৰ আৰ্দশৰে মিত্ৰজোটৰ চৰকাৰখনে অসমৰ পাহাৰ ভৈয়ামক একাকাৰ কৰি এক উন্নয়নৰ বাতাবৰণ সৃষ্টি কৰিছে।কংগ্ৰেছ দলে ৫৫ বছৰে কৰিব নোৱাৰা কাম আমাৰ চৰকাৰখনে অতি কম সময়ৰ ভিতৰতে কৰি দেখুৱালে।আমি মূল্যবোধৰ ব্যৱস্থা প্ৰবৰ্তন কৰি অসমৰ ৰাইজৰ আস্থাভাজন হৈছো।অসমৰ ৰাইজে আমাক আস্থাত লৈছে।ৰাইজৰ আস্হা আৰু আৰ্শীবাদত অসমত পুনৰ বিজেপি চৰকাৰ হব।” এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি নগাঁও চহৰত অত্যাধুনিক ৰূপত নিৰ্মাণ কৰি উলিওৱা সা‌ংস্কৃতিক প্ৰকল্প উদ্ধোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পূৰ্বৰ ক‌ংগ্ৰেছ চৰকাৰক সমালোচনা কৰি কয় যে ,২০১৬ চনত আমি দায়িত্ব ভাৰ লোৱাৰ সময়ত ৰাজ্যৰ শাসন ব্যৱস্থা দুৰ্নীতি ভ্ৰষ্টাচাৰে সম্পূৰ্ণ ৰূপে বিধস্ত কৰি পেলাইছিল ।

পূৰ্বৰ চৰকাৰৰ শাসন যন্ত্ৰৰ ওপৰত অসমৰ জনসাধাৰণৰ আস্থা একেবাৰে নোহোৱা হৈ গৈছিল । আমি শাসনলৈ অহাৰ পাছত আমাৰ প্ৰধান দায়িত্ব আছিল শাসনযন্ত্ৰৰ ওপৰত মানুহৰ আস্থা ঘূৰাই আনা । ই আমাৰ বাবে এক প্ৰত্যাহ্বান আছিল । সততা আৰু নিষ্ঠাৰে আমি সেই প্ৰত্যাহ্বান অতিক্ৰম কৰিলো । এখন দুৰ্নীতি মুক্ত অসম গঢ়াৰ সংকল্পৰে আমি শাসন যন্ত্রৰ সংস্কাৰৰ পণ ললো ।  অসম লোকসেৱা আয়োগকে ধৰি বিভিন্ন বিভাগত সংস্কাৰ সাধন কৰাত আমি সফল হলো। 

আনহাতে দুৰ্নীতিক  সামাজিক ব্যাধি বুলি উল্লেখ কৰি মুখ্যমন্ত্রী  সোণোৱালে  কয় যে দুৰ্নীতিৰ বিৰুদ্ধে চলা অভিযানত বহুতে জেল হাজোতলৈ যাব লগা হল। দুৰ্নীতি কৰা সকল সামাজিক ব্যাধিৰ বলি বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে কংগ্ৰেছৰ শাসনত সংঘটিত দুৰ্নীতিৰ বাবে অসম্পূর্ণ হৈ থকা ৩ লাখ ইন্দিৰা আৱাস যোজনাৰ গৃহ বৰ্তমানৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে নিৰ্মাণ সম্পূৰ্ণ কৰি দুখীয়া জনসাধাৰণৰ হিত সাধন কৰা বুলিও মুখ্যমন্ত্ৰী সোণোৱালে প্ৰসংগ ক্ৰমে উল্লেখ কৰে। 

বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত সমগ্ৰ অসমত উন্নয়ণৰ বাতাৱৰণ শক্তিশালী ৰূপত গঢ় লৈ উঠা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী গৰাকীয়ে ছাত্ৰী-ছাত্ৰীৰ বিনামূলীয়া নামভর্তি, পাঠ্যপুথি যোগান , স্কুটী প্ৰদানকে ধৰি শিক্ষাৰ লগতে বিভিন্ন বিভাগত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি লগতে কয় যে “ভোটৰ লালসাত নহয় অসমৰ ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে আমি ছাত্ৰ-ছাত্ৰী সকলক সবল ৰূপত গঢ় দিয়াৰ চেষ্টা চলাইছো ।

ইপিনে নগাঁও সদৰ সমষ্টিৰ উন্নয়নত বিশেষভাৱে মনোনিবেশ কৰা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰি মুখ্যমন্ত্রী সোণোৱালে বিধায়ক শৰ্মাই ৰাজহ সৎ ভাৱে ব্যৱহাৰ কৰা বুলিও মন্তব্য কৰে ।

গুৰুজনাৰ জন্মস্থান নগাঁও জিলাক এক পৱিত্র স্হান বুলি উল্লেখ কৰি মুখ্যমন্ত্রী গৰাকীয়ে বহু মনীষীৰ জন্মস্থান নগাঁও চহৰে এক শক্তিশালী ঐতিহ্য বহন কৰা বুলিও কয় । আনহাতে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাই ২০০৪ চনত আধাৰশিলা স্থাপন কৰা নগাঁও সাংস্কৃতিক প্ৰকল্পই মানৱতাৰ গীত গোৱা হাজাৰ হাজাৰ শিল্পী গঢ় দিব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ।

উদ্বোধনী অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই বৰ্তমানৰ চৰকাৰখনৰ কাৰ্যকালত নগাঁও চহৰকে ধৰি সদৰ সমষ্টিৰ উন্নয়নৰ খতিয়ান দাঙি ধৰাৰ লগতে সমষ্টিটোৰ উন্নয়ণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আগবঢ়োৱা সহযোগিতাৰ শলাগ লয় । জিলা উপায়ুক্ত কবিথা পদ্মনাভণে উদ্দেশ্য বাখ্যা কৰা সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, নগাঁও জিলাৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ, নগাঁও সাহিত্য সভা সভাৰ সভাপতি মিন্টু শৰ্মা উপস্থিত থাকে । নগাঁও সাহিত্য সভাৰ সম্পাদক পাপুল বৰাই আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত মুখ্যমন্ত্রীৰ লগতে বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা হয় ।

ইপিনে আজি কেবাটাও কাৰ্য্যসূচী লৈ নগাঁৱত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইয়াৰ পূর্বে নগাঁও চহৰৰ মৰিকলঙ বিল পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে বিলৰ পাৰত আটকধুনীয়া পদপথ, শিশু উদ্যান আৰু নৌকা বিহাৰৰ ব্যৱস্থা কৰাৰ বাবে গ্ৰহণ কৰা প্ৰকল্পৰ কামৰ শুভাৰম্ভ কৰে । প্রকল্পটোৰ বাবে চৰকাৰে ২৫ কোটি ৩৪ লাখ টকা আবন্টন দিয়ে। প্ৰকল্পটোৰ কামৰ শুভাৰম্ভ কৰাৰ পিছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মৰিকলঙত  ৬ কোটি ৬২ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া আটকধুনীয়া  বাছ আস্থানৰ কামৰো শুভাৰম্ভ কৰে।

আনহাতে  নগাঁও চহৰৰ সংস্কৃতিক প্ৰকল্প উদ্ধোধন স্হলীত মুখ্যমন্ত্ৰী গৰাকীয়ে নগাঁও চহৰৰ  কলঙৰ সৌন্দৰ্য্য বৰ্ধনৰ লগতে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সমীপৰ পৰা নগাঁও আইন মহাবিদ্যালয় পৰ্যন্ত কলঙৰ পাৰত নিৰ্মাণ হবলগা এখন আটকধুনীয়া পদসেঁতুৰ আধাৰশিলা স্থাপন কৰে।

ইয়াৰোপৰি চহৰখনৰ পানীগাঁও চাৰিআলিৰ পৰা হয়বৰগাঁও পৰ্যন্ত পদপথত টাইলচ আৰু ৰেলিং নিৰ্মাণৰ কামৰো শুভাৰম্ভ কৰে।ইয়াৰ পিচতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নগাঁও  চহৰৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াক আনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰে।

‘আসাম ৰাইজিং-২০২১’ : ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক, ব্যৱসায়ি, সমাজসেৱক, শিক্ষাৰ আৰু প্রশাসনিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিক সম্বর্ধনা

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

এই বঁটা প্রদান কার্যসূচীৰ লগতে ৰাজ্যৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিক, ব্যৱসায়ি, সমাজসেৱক, শিক্ষাৰ লগত জড়িত ব্যক্তি, প্রশাসনিক ক্ষেত্ৰৰ লগত জড়িত আদি ব্যক্তিক সম্বর্ধনা জনােৱা হয়।

সংবাদক্ষেত্ৰৰ লগত জড়িত বিশিষ্ট সাংবাদিক ভূপেন্দ্রনাথ ভট্টাচার্য, প্রাঞ্জিৎ শইকীয়া, পার্থদেৱ গােস্বামী, ৰঞ্জনলাল শর্মা, মনজিত বৰা, কৌশিক কুমাৰ ডেকা আৰু দ্বীপৰাজ পেগুক বিশিষ্ট চিন্তাবিদ ড° হিতেশ ডেকাই সম্বর্ধনা জনায়।

সমাজসেৱক মৈনাক পাত্র, ডাঃ ৰঞ্জন গগৈ আৰু ড° কিশােৰ হাজৰিকাক পদ্মশ্রী সম্মান প্রাপক এলি আহমেদে সম্বর্ধনা জনায়।

যুৱ ব্যবসায়ী হাবি মঃ চৌধুৰী, অজয় গগৈ, ঋষিৰাজ হাজৰিকা, ৰঘুবীৰ মাহাতাে আৰু নন্দগিৰি ভুঞাক বিশিষ্ট শৰীৰচর্চাবিদ মহাদেৱ ডেকাই সম্বর্ধনা জনায়।

শিক্ষা জগতৰ পুৰােধা দিগন্ত শর্মা আৰু বাবুল আলী চৌধুৰীক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই সম্বর্ধনা জনায়।

আনহাতে, প্রশাসনিক ক্ষেত্রত আনন্দ প্রকাশ তিৱাৰী আৰু গৌতম দাসক সম্বর্ধনা জনায় বিশিষ্ট সমাজসেৱক তীর্থংক দাস কলিতাই। অনুষ্ঠানত গীতাঞ্জলী দাস বৈশ্যকো সম্বর্ধনা জনােৱা হয়।

বঁটা প্রদান অনুষ্ঠানৰ আৰাম্ভণী কৰা হয় এটা গণেশ বন্দনাৰে। ইয়াৰ পিছতে অনুষ্ঠানত অংশগ্রহণ কৰা মুখ্য অতিথি আৰু বিশিষ্ট অতিথিসকলক সম্বর্ধনা জ্ঞাপন কৰা হয়। বিশিষ্ট ভাস্কর্য শিল্পী বীৰেন সিংহ, পদ্মশ্রী বঁটাপ্রাপক এলি আহমেদ, সূর্যকান্ত হাজৰিকা, বিশিষ্ট সমাজকর্মী তীর্থংক দাস কলিতা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড° হিতেশ ডেকা, বিশিষ্ট শৰীৰচর্চাবিদ মহাদেৱ ডেকাক আয়ােজক সমিতিৰ তৰফৰ পৰা গামােচা, চেলেং চাদৰ, ছচাইটীৰ অংগবস্ত্র আৰু এক স্মাৰকেৰে সম্বর্ধনা জনােৱা হয়।

ইয়াৰ পিছতে অনুষ্ঠানৰ বক্তি প্রজ্বলন কৰে আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ মুখ্য উপদেষ্টা ডাঃ অঞ্জনজ্যোতি চৈধুৰী আৰু বিশিষ্ট সাহিত্যিক, সাংবাদিক নৰেন হাজৰিকাই।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়ােজক গােষ্ঠীৰ হৈ শংকৰ গােহাঁয়ে।

অনুষ্ঠানৰ শেষৰ ফালে আয়ােজক সমিতিৰ তৰফৰ পৰা প্রকাশ কৰা আদিত্য নামৰ স্মৃতিগ্রন্থখন উন্মােচন কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, প্রজ্ঞাৰ সাধক হােমেন বৰগােহাত্রিয়ে।

লগতে আলাকপ্রভঞ্জন ৰেলফেয়াৰ ছচাইটীৰ সৌজন্যত আৰম্ভ কৰা ডি বি নিউজ নামৰ ডিজিটেল সংস্কৰণৰ শুভাৰম্ভ কৰে বিশিষ্ট চিন্তাবিদ প্রজ্ঞাৰ সাধক হােমেন বৰগােহাত্রিয়ে।

‘আসাম ৰাইজিং-২০২১’ : প্রবাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ডাঃ জয়ন্ত বিশ্ব শৰ্মালৈ ‘দ্যা আছাম ৰাইজিং বঁটা’

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

প্রবাসী বিশিষ্ট চিকিৎসক, সমাজকর্মী ডাঃ জয়ন্ত বিশ্ব শৰ্মাৰ হৈ ‘দ্যা আছাম ৰাইজিং বঁটা’ গ্রহণ কৰে তেওঁৰ প্রতিনিধিয়ে । ‘দ্যা আছাম ৰাইজিং বঁটা’ প্রদান কৰে বিশিষ্ট সাহিত্যিক পদ্মশ্রী বঁটাপ্রাপক সূর্যকান্ত হাজৰিকাই ।

প্রৱাসত থকা ডাঃ জয়ন্ত বিশ্ব শর্মা বঁটাপ্রদান আৰু সম্বর্ধনা অনুষ্ঠানলৈ দিয়া এক ভিডিঅ ক্লিপযােগে আয়ােজক সমিতিয়ে তেওঁক বঁটাৰ বাবে বাছনি কৰা কার্যক ধন্যবাদ জনায় আৰু কয় যে, তেওঁ দেশ আৰু অসমৰ কথা বিদেশত থাকিও এক মুহুৰ্তৰ বাবেও নভবাকৈ থকা নাই। নিজৰ ভাব-চিন্তাক কৰ্মলৈ ৰূপান্তৰ কৰাৰ প্রচেষ্টাও গ্রহণ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে চাকৰিৰ সময়খিনিৰ বাহিৰে বাকীখিনি সময় তেওঁ অৱসৰ বিলাসিতাৰ বাহিৰত নিজা স্বাৰ্থৰ উৰ্ধত কর্মত প্রবৃত্ত হৈ থাকে। ব্যক্তিক পৰিস্থিতিয়ে গঢ় দিয়ে বুলি মন্তব্য কৰি ডাঃ শর্মাই এই বঁটা প্রাপ্তিৰ দ্বাৰা অনাগত সময় অধিক উচ্চাহেৰে কাম কৰি যাবলৈ উৎসাহ লাভ কৰিছে বুলি মন্তব্য কৰে।

‘আসাম ৰাইজিং-২০২১’ : সমাজসংস্কাৰক পদ্মশ্রী বঁটাপ্রাপক বীৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’

সমাজে কাটিলেও, মাৰিলেও ডাইনী হত্যাৰ প্রতিবাদ কৰি যাব : বীৰুবালা ৰাভা

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

সমাজসংস্কাৰক পদ্মশ্রী বঁটাপ্রাপক বীৰুবালা ৰাভাক “দৈনন্দিন বার্তা বঁটা’ প্রদান প্ৰদান কৰা হয় ।

বীৰুবালা ৰাভাক ‘দৈনন্দিন বার্তা বঁটা’ প্ৰদান কৰে পদ্মশ্রী বঁটা প্রাপক এলি আহমেদে। বঁটা গ্রহণ কৰি নিজৰ বক্তব্যত কয় যে, তেওঁ বহুত সৰুৰে পৰা সমাজৰ কাৰণে কাম কৰি আহিছে। বিশেষকৈ বিবাহপাশত আৱদ্ধ হােৱাৰ পিছৰে পৰাই তেওঁৰ সমাজৰ ডাইনী প্রথা ৰােধ কৰিবলৈ চেষ্টা চলাই আহিছে। মানুহ মানুহৰ বাবে এই আদর্শৰে তেওঁ সমাজৰ প্রতি সেৱা আগবঢ়াই আহিছে। তেওঁক সমাজে কাটিলেও, মাৰিলেও ডাইনী হত্যাৰ প্রতিবাদ কৰি যাব বুলি মন্তব্য কৰে ।

আজি কালি শিক্ষা আৰু বিজ্ঞানৰ যুগ বুলি উল্লেখ কৰি ডাইনী হত্যা ৰােধৰ বাবে সমাজৰ সকলােৰে সহায়-সহযােগিতা কামনা কৰে। ২০১৫ চনত চৰকাৰে গ্রহণ কৰা ডাইনী হত্যা প্রতিৰােধ আইন গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰকো তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

‘আসাম ৰাইজিং-২০২১’ : প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বটা’

আলোকপ্ৰভঞ্জন বঁটা গ্ৰহণ কৰি প্ৰজ্ঞাৰ সাধক হোমেন বৰগোহাঞিয়ে অসমীয়া সমাজক আত্মসমালোচনাৰে আগুৱাই যাবলৈ আহ্বান জনায়

গুৱাহাটীৰ উজানবজাৰস্থিত বিবেকানন্দ কেন্দ্রত ১৩ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বেচ্ছাসেৱী সংগঠন আলােকপ্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটীৰ সৌজন্যত আয়ােজিত ‘আসাম ৰাইজিং-২০২১’ শীর্ষক এক অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ তিনিজন বিশিষ্ট ব্যক্তিক ‘আলােকপ্রভঞ্জন বঁটা’, ‘দৈনন্দিন বার্তা বঁটা’ আৰু ‘দ্য আছাম ৰাইজিং বঁটা’ প্রদান আৰু সম্বধানা জনােৱা হয়।

ৰাজ্যৰ বিশিষ্ট সাংবাদিক সাহিত্যিক, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি, প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বটা’ প্ৰদান কৰা হয় । হােমেন বৰগােহাঞিক ‘আলােকপ্রভঞ্জন বঁটা’ প্রদান কৰে বিশিষ্ট স্থপতিবিদ, শিল্পী বীৰেন সিংহই ।

বঁটাপ্রাপকসকলক আয়ােজক সমিতিৰ ফালৰ পৰা একোখনকৈ গামােচা, চেলেংচাদৰ, আলােকপ্রভঞ্জন রেলফেয়াৰ ছচাইটাৰ অংগবস্ত্র, বঁটা, প্রশস্তি পত্র, শৰাই, জাপি আৰু মাননীৰে সম্বর্ধনা জ্ঞাপন কৰা হয়।

আলােকপ্রভঞ্জন বটা গ্রহণ কৰি বিশিষ্ট সাংবাদিক, সাহিত্যিক প্রজ্ঞাৰ সাধক হােমেন বৰগােহাঞিয়ে বর্তমান অসমত এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে বুলি মন্তব্য কৰে। নিজৰ ভাষণত তেওঁ কয় যে ‘অসমত যােৱা বহু বছৰ ধৰি এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। আহাৰ-শাওণ মাহৰ নদী যেনেকৈ পুহ-মাঘ মাহত শুকাই চেৰচেৰীয়া হয় তেনে অসমৰ সমাজ জীৱনতাে এক বৌদ্ধিক শূন্যতাই বিৰাজ কৰিছে। কেৱল বৈষয়িক উন্নতিতে এখন সমাজে নিজকে সুস্থ বুলি দাবী কৰিব নােৱাৰে বুলি মন্তব্য কৰি হােমেন বৰগােহাঞিয়ে কয় যে অসমত বর্তমানে বহুত উন্নতি হৈছে। আগৰ তুলনাত অসমখন নদন-বদন হৈছে। কিন্তু অসমৰ সভ্যতা সংস্কৃতিলৈ যিধৰণৰ বৰঙণি আগবঢ়াই, এখন সমাজে, এটা জাতিয়ে নিজকে সন্মানৰ যােগ্য কৰি তুলিব পাৰে সেই ধৰণৰ ঘটনা অসমত বহু বছৰ ধৰি হােৱা নাই। এখন সমাজৰ বৈষয়িক উন্নতিয়ে নিজকে এখন সুস্থ সমাজ বুলি দাবী কৰিব নােৱাৰে।

চুইজাৰলেণ্ড আৰু ইটালীৰ উদাহৰণ দাঙি ধৰি হােমেন বৰগােহাঞিয়ে চুইজাৰলেগুত যােৱা ৭০০ বছৰ ধৰি শান্তি বিৰাজ কৰিছে যদিও তাত বিগত ৭০০ বছৰ ধৰি কোনাে উল্লেখযােগ্য সাহিত্য, শিল্প, সংগীত আদিৰ সৃষ্টি হােৱা নাই। আনহাতে, ইটালীত ডেৰশ বছৰ ধৰি গৃহযুদ্ধই বিৰাজ কৰিছিল যদিও তাত উল্লেখযােগ্য সাহিত্য, সংস্কৃতিৰ সৃষ্টি তাৰ লােকসকলে বিশ্বজুৰি অখ্যাতি অর্জন কৰিবলৈ সক্ষম হৈছে। অসমীয়া জাতিৰ, অসমীয়া সমাজৰ ভৱিষ্যৎ অন্ধকাৰচ্ছন্ন বুলি মন্তব্য কৰি প্রজ্ঞাৰ সাধকগৰাকীয়ে কয় যে অসমীয়া জাতিয়ে এতিয়াও কাম কৰিবলৈ শিকা নাই, পৰিশ্ৰম কৰিবলৈ শিকা নাই, কোনাে এটা কাম সুদীর্ঘদিন ধৈর্য্য ধৰি কৰিবলৈ শিকা নাই। বিদেশৰ কথাটো বাদেই আমাৰ ভাৰতবে মাৰাঠী, উৰিয়াসকলে যিদৰে উন্নতি কৰিছে অসমীয়া মানুহে তেনে কৰিবলৈ সক্ষম হােৱা নাই। অসমীয়া মানুহে নিজকে আত্মসমালােচনা কৰিব লাগিব আৰু এই আত্মসমালােচনা কৰি আমি যে পিছপৰি আছাে সেই কথা চিন্তা কৰি অসমীয়া জাতি আগবাঢ়ি যাব লাগিব।

২১ত কোনে শেষ হাঁহি মাৰিব মাজুলী সমষ্টিত !

‘২১ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ আৰু ৫০টা দিন। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে নদীদ্বীপ মাজুলী সমষ্টিটো তুংগত হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ। যোৱা নিৰ্বাচনত অভিলেখ সংখ্যক ভোটেৰে জয় লাভ কৰা সৰ্বানন্দ সোণোৱালৰ বাবে ‘২১ৰ নিৰ্বাচন এক বৃহৎ প্ৰত্যাহ্বান যে হ’ব সেইটো নিশ্চিত।

‘মাজুলী’ মহকুমাক জিলা হিচাপে ঘোষণা কৰিয়ে যোৱা কেইবাটাও বছৰ নীৰৱ ভূমিকা পালন কৰা সোণোৱালৰ যোৰহাট-মাজুলী সংযোগী দলঙ নিৰ্মাণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিও বৰ্তমান প্ৰায় কাৰ্যকৰী অৱস্থালৈ আগবাঢ়িছে। তদুপৰি শেষৰ দুটা দশক যদি লক্ষ্য কৰা যায়, যোৱা ৪টা বছৰতে মাজুলী সমষ্টিৰ স্থল পথসমূহ যথেষ্ট স্বাভাবিক হৈছে বুলি অনুমান কৰিব পাৰি। আনহাতে উক্ত সমষ্টিটোৰ পৰাই ৰাজ্যৰ প্ৰাক্তন জলসম্পদ মন্ত্ৰী ৰাজীৱ লোচন পেগুৱে কংগ্ৰেছ দলৰ হৈ ‘২১ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাটো নিশ্চিত। ৰাইজৰ দল আৰু এজেপি মিত্ৰজোঁটৰ হৈ সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাক্তন নেতা তথা বৰ্তমানৰ এজেপি দলৰ শিশুধৰ দলেই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট।‌এনে পৰিপ্ৰেক্ষিতত সৰ্বানন্দ সোণোৱালে কিদৰে ৰণকৌশল ৰচনা কৰে সেইয়া সময়তহে লক্ষণীয় হ’ব। আনহাতে সমষ্টিটোৰ পৰা বিজেপি দলৰ হৈ যদি সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা নকৰে তেন্তে বিজেপি মিত্ৰজোঁটৰ হৈ গণ শক্তি দলৰ ৰণোজ পেগুৱেই প্ৰতিদ্বন্দিতা কৰাটো একপ্ৰকাৰৰ নিশ্চিত। অৱশ্যে ৰাজীৱ লোচন পেগু, শিশুধৰ দলে আৰু ৰণোজ পেগুৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হ’লে মিছিং সম্প্ৰদায়ৰ ভোট বিভাজনে বিজেপি দলটোক শলকেঠত পেলাব। কিন্তু এটা কথা নিশ্চিত যে বিজেপি দলৰ প্ৰতি সমষ্টিবাসীৰ আস্থা বৰ্তমানৰ দৰে প্ৰকট থাকিলে সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দিতা কৰিলে শেষ হাঁহি মৰাটো নিশ্চিত।

প্ৰেমৰ জালত পেলাই বৰ্হিৰাজ্যত বিক্ৰীৰ পৰিকল্পনা কিশোৰীক

দেশৰ বিভিন্ন প্ৰান্তত সময়ে সময়ে লাভজেহাদৰ দৰে ঘটনা সংঘটিত হোৱা বুলি ব্যাপক চৰ্চা চলি থকাৰ সময়তে এইবাৰ নগাঁৱতো এনে ঘটনা সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে।প্ৰাপ্ত খবৰ মতে নগাঁও জিলাৰ ননৈৰ বাবুল খান নামৰ এজন যুৱকে ফেচবুকত নিজকে বাবুল দাস বুলি পৰিচয় দি নগাঁৱৰ ৰহাৰ এগৰাকী কিশোৰীক প্ৰেমৰ জালত পেলায়। বৰ্তমান বৰ্হিৰাজ্যত কৰ্মৰত যুৱকজনৰ পৰিয়ালৰ লোকে কালি নিশা ৰহাৰ পৰা কিশোৰীগৰাকীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। কিশোৰীগৰাকীক পলুৱাই নিয়াৰ পিছত কালি নিশাই নগাঁৱৰ আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰে। বাবুল খান নামৰ যুৱকজনে নিজকে বাবুল দাস বুলি পৰিচয় দি  হিন্দু ধৰ্মাৱলম্বী কিশোৰীগৰাকীৰ সৈতে  ফেচবুকত চিনাকি হোৱাৰ পিছত প্ৰেমত পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি বাবুল খান নামৰ যুৱকজনে কিশোৰীগৰাকীক বহিঃৰাজ্যত নি বিক্ৰীৰ পৰিকল্পনা কৰাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।নগাঁৱত এনে ঘটনা পূৰ্বতে সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে।