সমগ্ৰ দেশৰ লগতে অসমতো কভিড ১৯ নে ভয়াবহ ৰূপ লোৱা সময়তে এই ৰোগৰ পৰা দেশৰ জনতাক ৰক্ষা কৰা উদেশ্যৰে দেশৰ প্ৰধান মন্ত্ৰীয়ে ইটোৰ পিছত সিটো লকডাউনৰ ঘোষণা কৰে।যাৰ ফলত সমগ্ৰ দেশৰ লগতে অসমৰো ভ্ৰাম্যমাণ থিয়েটাৰৰ জগত খন একেবাৰে বন্ধ হৈ যোৱা পৰিলক্ষিত হৈছে। ফলশ্ৰুতিত বিগত ৩৮ বছৰ ধৰি ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ লগত জড়িত টংকেশ্বৰ কলিতা দৰে ব্যক্তি সকললৈ সংকত নামি আহিছে। পদ পথত লাউ,বেঙেনা, আলু পিয়াজ আদি লৈ জীয়াই থকাৰ তাড়নাত দুই-চাৰি টকা পোৱাৰ আশাৰে গ্ৰাহক অহালৈ অপেক্ষা কৰি থকা এইজনেই টংকেশ্বৰ কলিতা। সোমবাৰে মৰিগাঁও চহৰৰ মাজমজিয়াৰ পদপথত শাক-পাচলি বিক্ৰী কৰি থকা অৱস্থাত একাংশ সাংবাদিকে দেখা পাই তাৎক্ষণিকভাৱে তেখেতৰ পৰা কিছু কথা জানিব বিছৰাত প্ৰকাশ কৰে যে বিগত ৩৮ বৰ্ষৰে তেওঁ অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰি আহিছে ।অভিনয় তেওঁ প্ৰেচা হয় ।ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিয়ে নিজৰ পৰিয়ালটিক কোনো অভাব নোহোৱাকৈ চলাই গৈছিল।বিগত সময়ত চৰকাৰে লগডাউন ঘোষণা কৰা পিছত ভ্ৰাম্যমাণ থিয়েটাৰ সমুহ অচল হৈ পৰিল যাৰ ফলত তেওঁলোকৰ দৰে থিয়েটাৰৰ শিল্পী সমুহৰ লগতে পৰিয়ালৰ সদস্য সকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিল।অভিনয় কৰি পৰিয়াল পোহপাল দিব নোৱাৰা হোৱা পেটৰ তাড়নাত এতিয়া এই দৰে পদপথত মুলধনৰ অভাবত সামান্য কেইটামান সামগ্ৰী লৈ গ্ৰাহকৰ বাবে ৰৈ থাকিব লগিয়া হৈছে বুলি মন্তব্য কৰে।
“অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে!”- বিধানসভাত এই বক্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।
“অখিল গগৈৰ মানসিক ৰোগৰ চিকিৎসা চলি আছে!”- বিধানসভাত এই বক্তব্য মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ।
বুঢ়ীদিহিং নদীৰ গঢ়াখহনীয়া কৱলত মাৰ্ঘেৰিটা কেইবাখনো গাওঁ|গঢ়াখহনীয়া জাহ গ’ল হাজাৰ হাজাৰ বিঘা কৃষিভূমি
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত নৈ পৰীয়া বহু কেইখন গাঁৱলৈ বুঢ়ীদিহিং নৈ ব্যাপক খৰাখহনীয়াই নৈ কঢ়িয়াই অনিছে তীব্ৰ ভাবুকি|সমষ্টিটোৰ অন্তৰ্গত বুঢ়ীদিহিং মাকুম আৰু টিৰাপ আটাইকেইটা মৌজাৰ বহু কেইখন গাঁৱত বুঢ়ীদিহিং নদীৰ খহনীয়াই লৈছে ভয়ংকৰ কালৰূপ। আগন্তুক ভৰ বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে শংকিত হৈ পৰিছে নৈপৰীয়া বাসী। বাৰিষাৰ পূৰ্বেই নদীৰ খহনীয়া ৰোধৰ দাবী এজেৱাইচিপিৰ।মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিং নদীত অব্যাহত থকা খহনীয়াই নিদ্ৰা সৰিছে নৈপৰীয়া বাসীৰ। বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত নদীখন পানীৰে উপচি পৰিছে যাৰ ফলত খৰস্ৰোতা নদীখনৰ পানীৰ সোঁতে নদীখনৰ পাৰৰ প্ৰায় সংখ্যক ঠাইতে প্ৰৱল খহনীয়াৰ সৃষ্টি কৰিছে।উল্লেখ্যে যে দীৰ্ঘ সময়ধৰি হৈ থকা গঢ়াখহনীয়া ফলত প্ৰায় ২০-৩০ হাজাৰ বিঘা কৃষি ভূমি,চাহ বাগান তথা ঘৰৰ মাটি বাৰী নদীৰ বুকুত জাহ যোৱাৰ বাবে শতাধিক পৰিয়াল ইতিমধ্য গৃহহাৰা হ’ব লগীয়া হৈছে। খহনীয়া ফল স্বৰূপে শতকা গৰকা বহু পুৰণি গাওঁলৈ অস্তিত্ব সংকট নমাই আনিছে|বুঢ়ীদিহিং নৈ খহনীয়া ৰোধৰ দাৱীত বিভিন্ন জাতীয়তাবাদী দল সংগঠনে বিগত সময়ত বহু ধৰ্ণা প্ৰতিবাদী আন্দোলন ৰূপায়ণ কৰি আহিছে| ইয়াৰ পিছতো যেন কোনো কানসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ |ইতিপূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নদীৰ পাৰৰ খহনীয়া স্থলিতে মানৱ শৃংখলৰ দৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰি স্থানীয় বিধায়ক, জিলা উপায়ুক্ত লগতে মহকুমাধিপতিক বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিবলৈ দিছে জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ জিলাৰ নেতৃত্বই| ইমানবোৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা আজি পৰ্যন্ত কোনো ধৰণৰ সঁহাৰী নাপোৱা বুলি অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ যুতীয়া সম্পাদক দেৱজিত সোনাৰে।সোনাৰে অতি শীৰ্ঘ্ৰে বুঢ়ীদিহিং নৈ গঢ়াখহনীয়া ৰোধৰ বাবে নৱ গঠিত চৰকাৰ খনলৈ দাৱী জনাইছে | অন্যথা জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজপথত আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হব বুলি চৰকাৰক সকিয়াই দিছে|
পৰেশ বৰুৱা প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।
পৰেশ বৰুৱা প্ৰসংগত বিধানসভাত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।
মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ৰহিম আৰু চফিকুল হক ৷ ৯ টা কন্টেইনাৰ, ২০৯ টা নিচাজাতীয় টেৱলেট জব্দ৷
মুকালমুৱাত ড্ৰাগছ বিৰোধী অভিযান ৷
ড্ৰাগছৰ বিৰুদ্ধে মুকালমুৱা আৰক্ষীৰ সফল অভিযান ৷
মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ ঘোগাত আৰক্ষীৰ অভিযান ৷
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী ৷
ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছ ভৰ্তি ৯ টাকৈ কন্টেইনাৰ আৰু ২০৯ টা নিচাজাতীয় টেৱলেট ৷
দুই ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ১৫,৩৪০ টকা ৷
ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে আব্দুল ৰহিম আৰু চফিকুল হক ৷
দুয়োজনৰে ঘৰ মুকালমুৱা থানাৰ ঘোগাত ৷
লেটচ পেডেলৰ কভিড সজাগতাৰে চাইকেল ৰেলী
লে’টছ পেডেলৰ উদ্যোগত পুৱাভাগতে বিশ্বনাথ চাৰিআলিৰ মধুপুৰ তিনিআলিৰ পৰা এক ক’ভিড সজাগতা ৰেলি উলিওৱা হয়। লে’টছ পেডেলৰ তৰফৰ পৰা বিশ্বনাথ ঘাট, নৱপুৰ আৰু বামগাৱঁত চাবোন আৰু মাস্ক বিতৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ক’ভিড আচৰণবিধি সম্পূৰ্ণৰূপে পালন কৰি আজিৰ ৰেলি সম্পন্ন কৰা লে’টছ পেডেলৰ সদস্যসকলে বিশ্বনাথ ঘাটৰ গাওঁ সুৰক্ষা বাহিনীৰ (ভিডিপি) সম্পাদক সোনালী ভৰালীৰ হাতত পুৱা ছয় বজাত কিছু মাস্ক আৰু চাবোন অৰ্পণ কৰে। ইয়াৰ পাছত নৱপুৰ ভিডিপিৰ সভাপতি অক্ষয় বৰ্মণৰ হাতত আৰু বামগাঁৱত ৰেলি সমাপন কৰি ভিডিপি সম্পাদক গজেণ বৰুৱা, সদস্য যতীন বৰা আৰু গাওঁবুঢ়া অংকু বৰাৰ হাতত কিছু মাস্ক আৰু চাবোন অৰ্পণ কৰে। আজিৰ কাৰ্যসূচীত লে’টছ পেডেলৰ প্ৰতিষ্ঠাপক স্নেহাংকৰ চক্ৰৱৰ্তী তথা সদস্য নিহাৰ শইকীয়া, ৰাজ ঋষি ভট্টাচাৰ্য্য, চম্পক শৰ্মা, ধীৰাজ গুপ্তা আৰু শেখৰ ভূঞাই অংশ গ্ৰহণ কৰে।
মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত।
মটক ৰাজ্যৰ প্ৰতিস্থাতা সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস পালন দৈনন্দিন বাৰ্তা আৰু ডিবি নিউজৰ মুখ্য কাৰ্যালয়ত।
উপস্থিত থাকে সদস্য মটক স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৱজ্যোতি শইকীয়া,অমূল্য সেনাপতি ,সদৌ অসম মটক সন্মিলনৰ (কেন্দ্ৰীয়) সাংগঠনিক সম্পাদক জীৱন কোঁৱৰ, সদৌ অসম মটক সন্মিলনৰ (মহানগৰ) সাধাৰণ সম্পাদক শংকৰ গোহাঞি, শৰণীয়া কছাৰী প্ৰচাৰ সম্পাদক অৰুণ শৰণীয়া আদি ।
নগাঁও মৰিকলং আৰক্ষীৰ অভিযান নগাঁও মৰিকলংত ব্ৰাউন চুগাৰ সহ এজনক আটক
নগাঁৱত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান।নগাঁও মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জুমনি কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলেকালি সন্ধিয়া মৰিকলং অঞ্চলৰ পৰা আটক কৰে এটা কুখ্যাত ড্ৰাগছ মাফিয়াক। কুখ্যাত ড্ৰাগছ মাফিয়াটোৰ নাম ৰিংকু আলি।ৰিংকু আলিৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৪০ হাজাৰ টকা মূল্যৰ ব্ৰাউন চুগাৰ।উল্লেখযোগ্য যে ৰিংকু আলিৰ মাতৃও বন্দী হৈ আছে কাৰাগাৰত।দীৰ্ঘদিনৰ পৰা ৰিংকুয়ে মৰিকলংৰ নিজ বাসগৃহৰ পৰাই চলাই আহিছিল এই অবৈধ বেহা৷
অৱশেষত গ্ৰেপ্তাৰ হ’ল মল্লযোদ্ধা সুশীল কুমাৰ
অৱশেষত ১৮ দিনীয়া উৎকণ্ঠাৰ পাছত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে সাগৰ ৰাণা হত্যাকাণ্ডত অভিযুক্ত, অলিম্পিকত দুবাৰকৈ মেডেল অৰ্জন কৰা মল্লযোদ্ধা সুশীল কুমাৰক। দেওবাৰে পুৱা দিল্লী মুণ্ডকা অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে সুশীল কুমাৰৰ লগতে আন এগৰাকী অভিযুক্ত অজয় কুমাৰক। উল্লেখযোগ্য যে সুশীল কুমাৰক বিচাৰি দিল্লী পুলিচৰ স্পেচিয়েল চে’লে দিল্লীৰ লগতে উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, উত্তৰাখণ্ড, হাৰিয়ানা আৰু পঞ্জাৱত তালাচী চলাইছিল। সুশীল কুমাৰৰ সন্ধান দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰিছিল দিল্লী পুলিচে। লগতে আনজন অভিযুক্ত অজয় কুমাৰৰ সন্ধান দিওঁতালৈ ৫০ হাজাৰ টকা পুৰস্কাৰ দিয়া কথা আছিল দিল্লী পুলিচৰ। উল্লেখযোগ্য যে দিল্লীৰ ছত্ৰসাল ষ্টেডিয়ামত ৪ মে’ৰ নিশা সুশীল কুমাৰ আৰু তেওঁৰ সহযোগী কেইবাগৰাকী মল্লযোদ্ধাই মৰিয়াই মৰিয়াই হত্যা কৰিছিল সাগৰ ৰাণাক।
দূৰাৰোগ্য ব্লাডকেঞ্চাৰত আক্ৰান্ত মৰিগাঁওৰ লাহৰিঘাটৰ কণমাণী ছোৱালীঃ আৰ্থিক সাহায্যৰ আহ্বান দৰিদ্ৰ পৰিয়ালৰ
সম্প্ৰতি মৰিগাঁও জিলাৰ লাহৰিঘাট গাঁও নিবাসী আইজুল ইছলামৰ কণমাণী ছোৱালী ছুমায়া চিদ্দিকা(৭) ই বিগত ৬ মাহ ধৰি দুৰাৰোগ্য ব্লাড কেঞ্চাৰত আক্ৰান্ত হৈ আছে। বৰ্তমান তাইৰ অৱস্থা খুবেই সংকটজনক হোৱা বাবে বৰ্তমান তাইৰ উন্নত চিকিৎসাৰ প্ৰয়োজন হৈ পৰিছে। যদিও পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে শোচনীয়। যাৰ বাবে উন্নত চিকিৎসাৰ কাষ চাপিব পৰা নাই। সেয়ে কোনোবা সু-হৃদয়বান ব্যক্তিৰ পৰা অাৰ্থিক সাহায্য বিচাৰিছে। সেয়ে কোনোবা ইচ্ছুক সদাশয় ব্যক্তিয়ে অাৰ্থিক সাহায্য প্ৰদান কৰিব বিচাৰিলে A/C- 33195482269IFSC- SBIN0005462Account holder name: Afsarin sulatanaPH-9101664752 ( gpay, phonepay, paytm)A/C- 33195482269IFSC- SBIN0005462Account holder name: Afsarin sulatanaPH-9101664752 ( gpay, phonepay, paytm) অথবা 87210 25667 নম্বৰত পোনপটীয়াকৈ যোগাযোগ কৰি কৰিবও পাৰে ।











