Home Blog Page 3042

বটদ্ৰৱা কংগ্ৰেছে এৰি নিদিয়ে আঞ্চলিক গণমৰ্চাক, নগাঁৱত কংগ্ৰেছৰ অসম বচাওক অভিযান

বটদ্ৰৱাত আমাৰ কংগ্ৰেছ দলৰ ভেটি যথেষ্ট শক্তিশালী, সেয়ে বটদ্ৰৱাত আমি নিৰ্বাচন খেলাটো খাটাং, বটদ্ৰৱা এৰি দিয়াৰ প্ৰশ্নই নুঠে”- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক গৌতম বৰাৰ। আজি গুৰুজনাৰ জন্মস্থান বৰদোৱা থানৰ পৰা নগাঁৱৰ ধিং গেটত পথসভা কৰি উভতাৰ পথত কেন্দ্ৰীয় নেতৃত্বৰ সন্মুখতে এই মন্তব্য নেতা গৰাকীৰ। উল্লেখযোগ্য যে, মিত্ৰজোটে বটদ্ৰৱা আসনখন আঞ্চলিক গণমৰ্চাক এৰি দিয়াৰ কথা প্ৰায় নিশ্চিত হোৱাৰ পিচতো বটদ্ৰৱাত প্ৰাৰ্থিত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা গৌতম বৰা, শিৱামণি বৰা আৰু অভিজিৎ বৰাই আবেদন দাখিল কৰিছে। সেয়ে বটদ্ৰৱাত প্ৰস্তাৱিত মহাজোটৰ অংকত আউল লগাৰ সম্ভাৱনাই দেখা দিছে। কেন্দ্ৰীয় নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্য্যবেক্ষক জিতেন্দ্ৰ সিঙ, নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ ৰিপুণ বৰা, বিৰোধী দলৰ প্ৰাক্তন দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত আৰম্ভ হোৱা এই অসম বচাও অভিযানত উপস্থিত থাকে নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা: দুৰ্লভ চমুৱা, চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইন, কংগ্ৰেছ নেতা শান্তনু শৰ্মাৰ লগতে নগাঁও জিলা কংগ্ৰেছৰ বিষয়ববীয়াক

জুবিন গাৰ্গৰ কণ্ঠেৰে কভিড সেনানীসকললৈ উছৰ্গিত “মন্দিৰ মছজিদ “

২০২০ বৰ্ষটো মানৱজাতিৰ বাবে এটা পাহৰিব নোৱাৰা বছৰ।কভিড-১৯ ৰ আতংকই ছানি ধৰা সেই সময়খিনিত সন্মুখৰ শাৰীত থাকি যুঁজ দিয়া সেনানীসকলৰ ভিতৰত অন্যতম আছিল চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকল। নিজৰ পৰিয়ালৰ পৰাও আঁতৰি অহৰহ কভিড আক্ৰান্ত ৰোগীসকলৰ সৈতে তেওঁলোকে সময় পাৰ কৰিবলগা হৈছিল।নিজৰ জীৱনক বাজীত লগাই তেওঁলোকে যুঁজিছিল অদৃশ্য ভাইৰাছটোৰ বিৰুদ্ধে ।
এই শুভ্ৰবৰ্মী সৈনিকসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা যাচি কবি/ গীতিকাৰ মেঘালী গগৈৰ কলমেৰে সৃষ্টি হ’ল “মন্দিৰ মছজিদ “শীৰ্ষক এটি গীত।সেই সময়ছোৱাত চিকিৎসাকৰ্মীসকলৰ মানসিক অৱস্থা তথা শাৰীৰিক কষ্টৰ কথা প্ৰতিফলিত হোৱা গীতটিৰ আৱেগে জোকাৰি যোৱা অসমৰ এগৰাকী প্ৰতিভাৱান সংগীতকাৰ পাৰ্থপ্ৰতিম দাসে অতি সুন্দৰকৈ গীতটি সুৰেৰে সজাই তুলিলে।গীতটিৰ অন্তৰ্নিহিত আৱেগ তথা সহমৰ্মিতাত অভিভূত হ’ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু তেওঁৰ সোণালী কণ্ঠত গীতটি বাণীবদ্ধ হ’ল।।গীতটিৰ ভিডিঅটিত অনুপ্ৰাস দাসৰ নিৰ্দেশনাত অংশগ্ৰহণ কৰিলে নৃত্যশিল্পী ৰাজ চাংমা আৰু নৱনীতা চৌধুৰীয়ে।দুয়োজন শিল্পীৰ অভিনৱ নৃত্যশৈলীৰে জীৱন্ত হৈ উঠিল “মন্দিৰ মছজিদ যোৱা ৫ ফেব্ৰুৱাৰীৰ দিনা গীতটিৰ অডিঅ তথা ভিডিঅটি “ঝংকাৰ-দি মিউজিকেল চেনেল” নামৰ ইউটিউব চেনেলটিৰ জৰিয়তে মুক্তি দিয়া হয় ।মুক্তিৰ পিছতেই গীতটিয়ে শ্ৰোতা-দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰা দেখা গৈছে ।চিকিৎসাকৰ্মীসকলৰ কষ্ট আৰু ত্যাগৰ প্ৰতি সহমৰ্মিতা তথা প্ৰেৰণাদায়ক বাৰ্তা বহন কৰা গীতটিয়ে অনুভৱী শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰা পৰিলক্ষিত হৈছে। কৰণাক্ৰান্ত এছোৱা সময়ৰ কালজয়ী দলিলৰূপে চিহ্নিত হৈছে”মন্দিৰ মছজিদ ।

ধুবুৰী ত প্ৰাৰ্থীত্বকেন্দ্ৰীক সংঘাত ধুবুৰী অগপ ৰ নেতা সকলে বিজেপি ৰ সভাপতিৰ কুশপুত্তলিকা দাহ

Inbox

ধুবুৰী ত নিৰ্বাচন ৰ পূৰ্বে বি জে পি দল নিজৰ সহযোগী দলৰ পৰা প্ৰতি বাদী সন্মুখীন হব লগা হোৱাৰ ঘটনা ত চাঞ্চল্য ৰ সৃষ্টি হৈছে।  যোৱা কালি ধুবুৰী ৰ বিজেপি ৰ সভাপতি  দেবময় সান্যাল .মিএ জোট অগপ দলক তীব্র সমালোচনা কৰাত  আজি ধুবুৰী অগপ দলৰ নেতা সকল  বিজেপি দলৰ সভাপতি দেবময় সান্যালৰ কুশপুত্তলিকা দাহ কৰে আৰু বি ক্ষো ভ প্ৰদৰ্শন কৰে। 

মৰিগাঁও জিলাৰ জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন অনুষ্ঠিত হৈছে।

মৰিগাঁও জিলাৰ  জালুগুটিত একশৰন ভাগৱতী সমাজৰ ৫১ তম অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ অহা ১২ ফেব্ৰুৱাৰীৰ পৰা পাঁচ দিনীয়া কৈ অনুষ্ঠিত কৰা হৈছে। একশৰন  ভাগৱতী সমাজৰ প্ৰতিষ্ঠাপক গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ একনিষ্ঠ সেৱক,মহাপালনামৰ সাধক শংকৰদেৱ বঁটা প্ৰাপ্ত প্ৰয়াত ইলাৰাম দাসৰ জন্ম স্থান তথা একশৰন ভাগৱতী সমাজ, অসমৰ কেন্দ্ৰীয় কাৰ্যালয় জালুগুটিত বৰ্ণাঢ্য কাৰ্যসূচীৰে পৰম মঙ্গলময় অষ্টপ্ৰহৰ মহাপালনাম কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পূৱা ৫ বজাত প্ৰাতঃপ্ৰসংগ, ৮ বজাত ধৰ্মধ্বজা উত্তোলন,৯ বজাত বৃক্ষৰোপণ,৯-৩০ বজাত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা। বিয়লি ১ বজাত ভকত আদৰণি, ৩ বজাত আচাৰ্য প্ৰণাম,৩-৩০ বজাত সদৌ অসম তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰতিনিধিৰ সাধাৰণ সভা। সন্ধিয়া ৬ বজাত জপ-যজ্ঞ অনুষ্ঠিত কৰা হ’ব। ১৩ ফেব্ৰুৱাৰী দ্বিতীয় দিনাৰ কাৰ্যসূচী মতে পূৱা ৪ বজাত শৰাই অৰ্চনা আৰু প্ৰাতঃপ্ৰসংগ, ৫ বজাত খোল প্ৰসংগ,৬ বজৰ  পৰা অষ্টপ্ৰহৰ জুৰি অখণ্ড মহাপালনাম কীৰ্তন মহোৎসৱৰ আৰম্ভণি কৰা হৈছে । সমান্তৰাল কৈ গুণমালা আৰম্ভ কৰা হ’ব। সন্ধিয়া ৭ বজাত সান্ধ্যপ্ৰসংগ। ১৪ ফেব্ৰুৱাৰী দেওবাৰে পূৱা ৬ বজাত মহাপালনাম মহোৎসৱৰ সামৰণি আৰু কৃপা প্ৰাৰ্থনা। পূৱা ৭ বজাত ভাগৱত শোভাযাত্ৰা,১০ বজাত প্ৰসাদ বিতৰণ কৰা হ’ব। বিয়লি ২ বজাত নামকীৰ্ত্তন। নিশা ৮ বজাত সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হৈছে। ১৫ ফেব্ৰুৱাৰীত পূৱা ১০ বজাত শৰণ- ভজন শিবিৰ। ১৬ ফেব্ৰুৱাৰী শেষৰ দিনা পূৱা ১০ বজাত মালাবস্ত প্ৰদান শিবিৰ আৰু সন্ধিয়া ৪ বজাত ধৰ্মধ্বজা অবতৰণ আৰু মহাপালনাম কীৰ্তন মহোৎসৱৰ সামৰণি পৰিব ।

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ কংগ্ৰেছৰ বাছ যাত্ৰা

শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিলৈ বাছ যাত্ৰাৰে কংগ্ৰেছৰ ” অসম বচাও “” অভিযান : বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসনৰ পৰা অসমক পৰিত্ৰাণৰ হুংকাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীদ্বয়  জিতেন্দ্ৰ সিং , পৱন সিং ঘাটোৱাৰ আৰু ৰিপুণ বৰা , দেৱব্ৰত শইকীয়াৰ দিলীপ হাজৰিকা : নাজিৰা : ১৩ ফেব্ৰুৱাৰী : –  সমগ্ৰ দেশৰ লগতে অসমতো বৰ্তমান যি অপশাসন চলাইছে , এই অপশাসন – ভ্ৰষ্টাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি সমাগত বিধান সভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জনগণৰ কাষ চপাৰ লক্ষ্য ৰাখি কালি বিয়লি শিৱসাগৰস্থ শ্বহীদ পিয়লি ফুকনৰ সমাধিক্ষেত্ৰৰ পৰা বাছেৰে যাত্ৰা কৰি সন্ধিয়া ঐতিহাসিক গড়গাঁও কাৰেংঘৰ বাকৰিত  ” অসম বচাও আহক ” অভিযানত  উপস্থিত হয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেৰ্তৃস্থানীয় নেতা । এ আই চি চিৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী – অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং , প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ , ভাৰতীয় জাতীয় কংগ্ৰেছৰ সম্পাদক তথা ছত্তীশগড় চৰকাৰৰ সংসদীয় সচিব বিকাশ উপাধ্যায় , অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা , সম্পাদক চাকিল আহমেদ , বিধায়ক দেৱব্ৰত শইকীয়া , প্ৰাক্তন বিধায়ক সুশান্ত বৰগোঁহাইকে ধৰি প্ৰদেশ আৰু জিলা কংগ্ৰেছ কমিটীৰ ভালেকেইজন শীৰ্ষ নেতাই এই অভিযানত অংশ লয় । উজনি অসমত বিধায়ক দেৱব্ৰত শইকীয়াৰ নেৰ্তৃত্ব দিয়া এই অভিযানত অংশগ্ৰহণ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে  , সমাগত বিধান সভা নিৰ্বাচনত বি জে পি নেৰ্তৃত্বাধীন চৰকাৰৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ নীতিৰ পৰা পৰিত্ৰাণ পাব অসমৰ জনগণে । প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰুজ দিহিঙ্গীয়াই আত ধৰা অনুষ্ঠানটোত সভাপতি ৰিপুণ বৰাই কয় , বি জে পিয়ে মিত্ৰতা কৰিলে একো অপকাৰ নহয় , কিন্তু কংগ্ৰেছে মিত্ৰতা কৰিলে তেওলোকে সমালোচনা কৰে । আমি অসমৰ থলুৱা জনগোষ্ঠীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে মিত্ৰতা কৰিছোঁ । যিহেতু মিত্ৰতা অতীব প্ৰয়োজন । কিয়নো বি জে পিয়ে অসম বিক্ৰী কৰিবলৈ আৰু বাকী নাই । প্ৰথমতে নাগৰিকত্ব সংশোধনী আইন প্ৰণয়ন কৰি জাতিটোক ধ্বংস কৰাৰ প্ৰচেষ্টা চলালে , এতিয়া বিমান বন্দৰ , কাগজ কল , অসমৰ পনীয়াসোণৰ ক্ষেত্ৰ , অ’ এন জি চি অসম সম্পদ , তেল শোধনাগাৰ বিক্ৰীৰ পৰিকল্পনা প্ৰস্তুত কৰিছে । অৱশিষ্ট কণ বচাবলৈ আমি কংগ্ৰেছে প্ৰচেষ্টা চলাইছো । দেৱব্ৰত শইকীয়াই কয় , মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিয়ক অসমৰ মানুহে এনে কি অপৰাধ কৰিলে যে , যাৰ বাবে অসমে বিশেষ ৰাজ্যৰ মৰ্যদা হেৰুৱাবলগাত পৰিল । এনে কাৰণতেই অসমে বছৰি ৮,৫০০ কোটি টকা কৈ হেৰুৱাব লগাত পৰিছে । অসমৰ উন্নয়ন মূলক কাম – কাজ স্থবিৰ হৈ পৰিছে । হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ আগত অসমৰ ২৫ লাখ নিবনুৱাক নিযুক্তি দিয়াৰ কথা কৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ২ কোটি নিবনুৱাক নিযুক্তি দিয়াৰ কথা কৈছিল কিন্তু সেয়া বি জে পিয়ে পালন নকৰিলে । অনুষ্ঠানত স্থানীয় বিভিন্ন জাতি – জনগোষ্ঠীৰ ব্যক্তি – সংগঠনৰ প্ৰতিনিধিয়ে বক্তব্য দাঙি ধৰি বি জে পিৰ প্ৰৱঞ্চনা – প্ৰতাৰণা , অপশাসনৰ বিৰুদ্ধে সৰৱ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । 

গৌৰীপুৰত এক জঘন্য ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল

প্ৰেমিকক নিৰ্যাতন কৰাৰ কথা শুনিছে ।কিন্তুএইবাৰ প্ৰেমিকাক অমানুষিক নিৰ্যাতন চলালে প্ৰেমিকৰ পৰিয়ালে । ৰৌৱা তৃতীয় খণ্ড গাঁৱৰ বাসিন্দা আব্দুল হামিদৰ কণ্যা ছাদিকা বেগমৰ লগত একে গাঁৱৰ বাসিন্দা হেলাৰ পুত্র আলিমুলৰ লগত তিনি বছৰীয়া প্ৰেম চলি থকাৰ পিছত বিয়া কৰাৰ প্ৰলোভন দি চলাই গৈছিল দৈহিক মিলন ।  যাৰ ফলত ছাদিকা বেগম দুমহীয়া অন্তঃসত্তা হোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰেমিকা ছাদিকাই । উক্ত গৰ্ভপাত নষ্ট কৰাৰ বাবে প্ৰেমিকৰ ঘৰত মাতি নি বিদ্যুৎ খুটাত বান্ধি  প্ৰেমিকৰ পৰিয়ালে ওৰে দিন অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলিছে প্ৰেমিকা ছাদিকাই । উপায় বিহীন হৈ ১০ ফেব্ৰুৱাৰীত গৌৰীপুৰ থানাত প্ৰেমিক আলিমুলৰ লগতে প্ৰেমিকৰ পৰিয়ালৰ সদস্য আলম, আমিনা, মজিয়া বিবি, আম্বিয়া, আকতাৰাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে । উক্ত ঘটনাটো আৰক্ষীৰ তদন্ততহে প্ৰকৃত ৰহস্য ওলাই পৰিব ।

হোজাইত শ্রমিকক ধৰ্ষণৰ অপচেষ্টা কৰি আটক

হোজাইত ইটা ভাটাৰ শ্ৰমিকক ধৰ্ষণৰ অপচেষ্টা কৰি আটক হয় ভাটাৰ ম’হৰি। হোজাইৰ হাৱাইপুৰৰ MS ইটা ভাটাৰ ম’হৰি আতৰ আলিয়ে ভাটাৰ শ্রমিক হিচাপে কাম কৰা এগৰাকী নাবালিকাক ধৰ্ষণৰ অপচেষ্টা চলায়। ঘটনাস্থলিত উপস্থিত হৈ হোজাই আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৌতম কুমাৰে মন্তব্য আগবঢ়োৱা অনুসৰি উক্তঘটনা যোৱা দেওবাৰৰ। হোজাই বজাৰলৈ ফুৰিবলৈ গৈ ঘুৰি আহোতে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ধৰ্ষণৰ অপচেষ্টা চলায় লম্পট  ম’হৰিয়ে। ভুক্তভোগী ছোৱালী জনীয়ে ওচৰৰ গাওঁত দুদিনমান সৰণ লৈ থাকে আৰু বৃস্পতিবাৰে লম্পট যুৱকজনক স্হানীয় ৰাইজে আটক কৰি গটাই দিয়ে আৰক্ষীৰ হাতত। ঘটনাস্থলিত হোজাই আৰক্ষী উপস্থিত হৈ ছোৱালীজনীক উদ্ধাৰ কৰাৰ লগতে চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।

ভূঞাপট্টি দলঙৰ পথৰ দাঁতিত হাতত চিৰিঞ্জ লৈ থকা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

নগাঁও চহৰৰ ভূঞাপট্টি দলঙৰ সমীপৰ পথৰ দাঁতিত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পুৱাই পথৰ দাঁতিত যুৱকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে পিচত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।যুৱকজনৰ নাম সুশীল বুলি জানিব পৰা গৈছে।তেওঁ আৰক্ষী কনিষ্টবলৰ পুত্ৰ বুলিও চৰ্চিত হৈছে।জিনচ পেন্ট,জেকেট আৰু জোতা পৰিহিত যুৱকজনৰ মৃতদেহটোৰ কাষত এটা মবাইল ফোন পৰি থকাও দেখা পোৱা গৈছে।তদুপৰি যুৱকজনৰ এখন হাতত এটা চিৰিঞ্জ আছে।স্থানীয় একাংশলোকে যুৱকজনৰ হাতত চিৰিঞ্জ থকালৈ চাই তেওঁ ড্ৰাগছ আসক্ত আছিল বুলি আৰু অত্যাধিক ড্ৰাগছ সেৱনৰ ফলতেই যুৱকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে।অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিচতহে যুৱকজনৰ মৃতদেহৰ প্ৰকৃত কাৰণ উন্মোচিত হব।তাৎপৰ্যপূৰ্ণ যে শেহতীয়াকৈ নগাঁও চহৰ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে।নৱ প্ৰজন্মৰ একাংশৰ মাজত ড্ৰাগছ আসক্তৰ সংখ্যা বৃদ্ধি পোৱা কাৰ্য উদ্বিগ্নতাৰ কাৰণ হিচাপে বিবেচিত হৈছে।

গোলাঘাট জিলা কংগ্ৰেছৰ টিকট আৱেদনকাৰীৰ নাম ঘোষণা

আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ বাবে গোলাঘাট জিলাৰ ৫ টা সমষ্টিৰ কংগ্ৰেছৰ টিকট আবেদনকাৰী সকলৰ নাম ঘোষণা । গোলাঘাট জিলা কংগ্ৰেছৰ কাৰ্যালয়ত কংগ্ৰেছৰ জিলা সভাপতি দাদু তায়ে ঘোষণা কৰে আবেদনকাৰী সকলৰ নাম । টিকটৰ বাবে আবেদন কৰা  নাম সমূহ হ’ল ৯৫ নং গোলাঘাট সমষ্টিৰ সাগৰিকা বৰা, দেৱব্ৰত ফুকন ,দীপেন বৰা, ব্ৰজেন কুমাৰ তালুকদাৰ, ভূপেন ৰাজখোৱা, সুশান্ত বৰা, অনিল বৰা,জিতেন বৰুৱা,মদন বৰা,প্ৰণৱ গগৈ, গোলাপ শইকীয়া, দীপাংকৰ বৰা । ৯৬ নং খুমটাই সমষ্টিৰ বিস্মিতা গগৈ । ৯৪ নং সৰুপথাৰ সমষ্টি ৰ’জলিনা তিৰ্কী,পল্লব জ্যোতি চেতিয়া, ডঃ অভিষেক তিৰ্কী , বালিকা লাহন পেগু, ৰত্ন গগৈ, ব্ৰজেন কুমাৰ সন্দিকৈ, নিলাকৰ তাছা। ৯৩ নং বোকাখাত সমষ্টিৰ দাদু তায়ে , হৰি প্ৰসাদ শইকীয়া ,পৰাগ শইকীয়া ,তপন কৰ্মকাৰ , মিনতি দলে, জিতেন শইকীয়া । ৯৭ নং দেৰগাঁৱৰ কৃষ্ণকান্ত দাস, ডঃ ৰামানন্দ দাস , বাণী হাজৰিকা, ৰঞ্জিত বৰা , মণি ৰুপা দাস, কুকিল চন্দ্ৰ দাস, প্ৰভাত কুমাৰ দাস।

মাজুলী মহাবিদ্যালয় ছাত্র একতা সভা এবিভিপিৰ দখলত

মাজুলীৰ উচ্চ শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত মাজুলী মহাবিদ্যালয়ৰ ২০২১-২২ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সকলে বিপুল ভোটত জয়লাভ কৰে। ক্ৰমে এবিভিপিৰ হৈ সভাপতি পদত সঞ্জয় ৰেগণ, উপ:সভাপতিৰ পদত কমলাকান্ত পায়েং, সাধাৰণ সম্পাদকৰ পদত আকাশ পেগু,সাংস্কৃতিক সম্পাদিকাৰ পদত নিহাৰিকা শইকীয়া,তৰ্ক সম্পাদিকাৰ পদত জ্যোৎস্না গায়ন,উৎসৱ সম্পাদকৰ পদত পার্থ কলিতা আৰু আলোচনী সম্পাদকৰ পদত দেৱজিৎ শইকীয়াই বিজয় লাভ কৰে। বৃহৎ ব্যৱধানত বিদ্যাৰ্থী পৰিষদে বিপুল ভোটত জয়লাভ কৰাত মহাবিদ্যালয় খনৰ সকলো এবিভিপিৰ কাৰ্যকৰ্তা উল্লাসিত হৈছে । জয়লাভ কৰা সকলো সদস্যকে জিলা সাংগঠনিক সম্পাদক ৰূপজ্যোতি সোণোৱাল , ৰাজ্যিক কাৰ্যনিৰ্বাহক ভাৰ্গব প্ৰতীম বৰুৱা,সংযোজক লোহিত বৰুৱাই অভিনন্দন জনায়। আৰ.এছ.এছ.ৰ জিলা কাৰ্যবাহ ত্ৰিণয়ন দত্ত, এবিভিপিৰ প্ৰাক্তন ৰাজ্যিক যুটীয়া সম্পাদক বিশ্বজিৎ খাউণ্ডেও সকলো বিজয়ী প্ৰাৰ্থীলৈ অভিনন্দন জনায়।