আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।
তিনিচুকীয়া,লখিমপুৰ,ডিব্ৰুগড়ৰ কোভিড প্ৰট’কল পালন কৰি বীৰপুৰুষগৰাকীৰ প্ৰতিমুৰ্তি আৰু প্ৰতিকৃতিত মাল্যাৰ্পন,বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধা জনোৱা হয়।
আজি মটক ৰাজ্যৰ প্ৰতিস্থাতা বীৰপুৰুষ সৰ্বানন্দ সিংহৰ মৃত্যুদিৱস। উজনি অসমৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন।
তিনিচুকীয়া,লখিমপুৰ,ডিব্ৰুগড়ৰ কোভিড প্ৰট’কল পালন কৰি বীৰপুৰুষগৰাকীৰ প্ৰতিমুৰ্তি আৰু প্ৰতিকৃতিত মাল্যাৰ্পন,বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধা জনোৱা হয়।
যি সময়ত বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে পথ নিৰ্মাণকে ধৰি বহু কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল বাস্তৱ ক্ষেত্ৰত বহুত অঞ্চলত তাৰ বিপৰীত ছবিখন স্পষ্টকৈ ফুটি উঠিছে ৷ এসময়ত গড়কাপ্তানি মন্ত্ৰীৰ দায়িত্বত থকা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ মাহমৰাৰ শিমলুগুৰিৰ ৰামুগাও ফটিকাচোৱা পথটো দীৰ্ঘদিনৰ পৰাই শোচনীয় হৈ থকাত আৰু মন্ত্ৰী মহনে কোনো ব্যবস্থা নকৰাকৈ থোৱাত কালি স্হানীয় ৰাইজ তথা যুৱকসকলে শ্ৰমদান কৰি পথটো যাতায়তৰ উপযোগী কৰি তোলে ৷ প্ৰায় ৫/৬ খন গাৱঁৰ শ শ ৰাইজ তথা বিদ্যালয়ৰ ছাত্ৰছাত্ৰী শিমলুগুৰিলৈ যোৱা নাজিৰা মহকুমাৰ অন্তৰ্গত এই ফটিকাচোৱা পথটো বিগত ১০ বছৰৰ অধিক কাল শোচনীয় হৈ থকাত সমস্যাৰ সৃষ্টি হৈছিল ৷ স্হানীয় বিধায়ক তথা মন্ত্ৰী যোগেন মহনক স্হানীয় ৰাইজে পথটো নিৰ্মাণৰ বাবে বাৰম্বাৰ দাবী জনাই অহা স্বতেও কোনো কানষাৰ নিদিয়াত স্হানীয় দুজনমান উদীয়মান ঠিকাদাৰে শিল যোগান ধৰাত আজি প্ৰায় দুইকিলোমিটাৰ পথটো যাত্ৰাৰ উপযোগী কৰি তোলে ৷ স্হানীয় ৰাইজে দল মত নিৰ্বিশেষে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক ৰামগাঁও হৈ গোমোঠা পৰ্যন্ত পথটো নিৰ্মাণৰ ব্যবস্থা কৰিবলৈ আহ্বান জনাইছে ৷
সাগৰীয় ঘূৰ্ণীবতাহ য়াছৰ কবলত পৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চল৷ এই কথা সদৰী কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে৷ নিৰাপত্তাৰ দিশলৈ লক্ষ্য কৰি ইতিমধ্যে সষ্টম হৈ পৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ সেই অনুসৰি, অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা দক্ষিণ ভাৰতৰ বিভিন্ন প্ৰান্তলৈ যাবলগীয়া ৬ খন ৰে’লৰ লগতে দক্ষিণ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অসমলৈ আহিবলগীয়া মুঠ ১২ খন ৰে’লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে৷ টাউতেৰ প্ৰকোপ হ্ৰাস পোৱাৰ পিছতে এইবাৰ তাণ্ডৱ চলাবলৈ আহি আছে সাগৰীয় য়াছ৷ ২৪ মে’ৰ সন্ধিয়াৰ ভাগত এই ঘূৰ্ণীয়ে দুয়োখন ৰাজ্য কোবাই যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলত যাত্ৰা বাতিল কৰা ৰে’ল কেইখন ক্ৰমে গুৱাহাটী-বেংগালুৰু এক্সপ্ৰেছ, বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছ, ত্ৰিবান্দ্ৰম-শিলচৰ এক্সপ্ৰেছ, শিলচৰ-ত্ৰিবান্দ্ৰম এক্সপ্ৰেছ, তিনিচুকীয়া-টাম্বাৰাম এক্সপ্ৰেছ, টাম্বাৰাম-তিনিচুকীয়া এক্সপ্ৰেছ, বেংগালুৰু-তিনিচুকীয়া এক্সপ্ৰেছ, তিনিচুকীয়া-বেংগালুৰু এক্সপ্ৰেছ, কামাখ্যা-যশৱন্তপুৰ এক্সপ্ৰেছ, য়শৱন্তপুৰ-কামাখ্যা এক্সপ্ৰেছ, চেন্নাই-নিউ জলপাইগুৰি এক্সপ্ৰেছৰ লগতে নিউ জলপাইগুৰি-চেন্নাই এক্সপ্ৰেছ।
অসমীয়া ছবিৰ জনপ্ৰিয় পৰিচালক দাৰা আহমেদ আৰু নাই । আজি পুৱা গুৱাহাটীৰ এপ’ল’ হাস্পাতালত তেওঁৰ মৃত্যু হয় । দাৰা আহমেদৰ বায়েক বিশিষ্ট সাহিত্যিক, গীতিকাৰ এলি আহমেদে জনোৱা মতে, কালি দুপৰীয়া ভাত খাই উঠাৰ পিছতেই হঠাৎ বুকুত এক বিষ অনুভৱ কৰাত ততালিকে দাৰা আহমেদক এপ’ল’ত ভৰ্ত্তি কৰোৱা হয় । চিকিৎসকে লগে লগে তেওঁক আই চি ইউত ভৰ্তি কৰে । কিন্তু আজি পুৱা পৰিচালকগৰাকীয়ে চিকিৎসালয়তে শেষ নিঃশ্বাস ত্যাগ কৰে । উল্লেখযোগ্য যে ভালেসংখ্যক জনপ্ৰিয় অসমীয়া ছবি পৰিচালনা কৰিছিল দাৰা আহমেদে । এই ছবিসমূহৰ ভিতৰত আছিল ‘ৰিক্সাৱালা’, ‘যখিনী’, ‘উৰ্বশী’, ‘ধ্ৰুৱতৰা’, ‘দেৱী’ ( শম্ভু গুপ্তৰ সৈতে যুটীয়াভাৱে ), ‘পূজা’ আদি । উল্লেখযোগ্য যে জনপ্ৰিয় অসমীয়া ছবি ‘ড° বেজবৰুৱা’ত সহকাৰী পৰিচালক হিচাপে কাম কৰি পৰিচালনাৰ দিশত তেওঁ আত্মপ্ৰকাশ কৰিছিল । মৃত্যুৰ সময়ত দাৰা আহমেদৰ বয়স হৈছিল ৭২ বছৰ ।
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ টেঙাগুৰী কচাৰী গাঁৱত পুনৰ আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰৰ গৰা -খহনীয়াৰ ভয়াৱহ তাণ্ডৱ। এটা সপ্তাহতে গৃহহীন হৈছে প্ৰায় শতাধিক পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। খহনীয়াৰ আতংকত আতংকিত আন বহু পৰিয়ালৰ লোকে নিজৰ সপোনৰ ঘৰখন ভাঙি নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে। নৱ গঠিত চৰকাৰক খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী ভুক্তভোগী লোক সকলৰ।
কোভিডত আক্ৰান্ত হোৱাৰ পিছত ফলাফল নিগেটিভ আহিলেও শৰীৰৰ বিশেষ ক্ষতি কৰি থৈ যায় কোৰোণাই। বিশেষকৈ ই হাঁওফাঁওক বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে। অসমৰ এগৰাকী চফল ডেকা সম্প্ৰতি পোষ্ট–কোভিডজনিত হাঁওফাঁওৰ সমস্যাত পৰি মৃত্যুৰে যুঁজি আছে গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত। এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ অৰ্ণৱ কুমাৰ কাশ্যপ নামৰ যুৱকগৰাকীৰ পত্নী তথা এগৰাকী স্বাস্থ্য কৰ্মী অনন্যা বৰাই এটা ফেচবুক পোষ্টযোগে এই বিষয়ে সদৰী কৰি তেওঁৰ স্বামী অৰ্ণৱৰ আৰোগ্যৰ বাবে সকলো হৃদয়ৱান লোকলৈ জনাইছে এটা নিবেদন।
ফেচবুক পোষ্টটোত অনন্যাই উল্লেখ কৰে– ‘কেতিয়াও ভবা নাছিলোঁ আমাৰ জীৱনলৈ এনেকুৱা এটা দিন আহিব বুলি, মাত্ৰ এবছৰৰ আগত আমাৰ নতুন জীৱনটো আৰম্ভ কৰিছিলোঁহে অৰ্ণৱ আৰু মই। আন দিনৰ দৰেই আছিল ৩ মে’ৰ দিনটো, কিন্তু এখন CT scanৰ Reportএ অন্ধকাৰৰ মুখলৈ ঠেলি দিলে আমাক। reportৰ মতে অৰ্ণৱৰ হাঁওফাঁওত covid ৰ ফলত বহুখিনি infection (post covid lung fibrosis) হৈ আছে, আমাৰ মূৰত আকাশখনহে যেন খহি পৰিল। অলপো পলম নকৰি আমি তেওঁক গুৱাহাটীৰ GNRCৰ ICUত ৰখাৰ ব্যৱস্থা কৰিলোঁ। সম্পূৰ্ণ ১৬ দিন ICUত ৰখাৰ পাছতো তেওঁৰ স্বাস্থ্য ভাল নোহোৱাত চিকিৎসকৰ পৰামৰ্শ মতে শেষৰ ৪ দিন তেওঁক ভেন্টিলেচনত ৰখা হয়।য়াৰ পাছতো তেওঁৰ স্বাস্থ্য ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰে। শেষ উপায় হিচাপে ECMOৰ কথা চিকিৎসকে আমাক জনালে আৰু ই হৈছে যথেষ্ট ব্যয়বহুল, অসমৰ কেৱল মাত্ৰ Excel Careতহে এই সুবিধা উপলব্ধ। আমাৰ হাতত আৰু একো উপায় নাছিল, তেওঁক ঘূৰাই অনাৰ শেষ উপায় যিহেতু, অলপো সময় নষ্ট নকৰি আমি তেওঁক Excel Careলৈ নিবৰ বাবে সাজু কৰিলো, সেইটোও আছিল আমাৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান। কিন্তু সকলোৰে সহযোগত তেওঁক আমি ACLS ambulanceৰে ১৭ মে’ত Excel Careত ভৰ্তি কৰাওঁ। অৰ্ণৱৰ চিকিৎসা এতিয়া চলি আছে আৰু চিকিৎসকে কোৱা মতে এই চিকিৎসাত যথেষ্ট সময় লাগিব। আপোনালোকৰ আশীৰ্বাদ মোৰ এই জীৱনৰ কঠোৰ সময়ত বহুত প্ৰয়োজন আৰু আপোনালোকৰ অকণমান সহায়েৰে মই মোৰ যুদ্ধখন যুঁজাত যাতে সহায় হয় তাৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰাৰ্থনা কৰিব যাতে মই মোৰ মানুহজনক সোঁ–শৰীৰে ঘৰলৈ ঘূৰাই আনিব পাৰোঁ।’অৰ্ণৱৰ জীৱনৰ বাবে প্ৰয়োজন আপোনাৰ আশীৰ্বাদ আৰু কিছু সহায়। আপুনি আগবঢ়াই দিয়া সহায়ৰ হাতখনিয়ে জীয়াই তুলিব পাৰে অৰ্ণৱক।
Account No: 0136104000193184
Account Holder Name: Ananya Borah
IFSC: IBKL0000136
Bank: IDBI
G Pay: 9954246915
UPI ID: borah.ananya@okicici
বৰ্তমান সময়ত সমাজৰ একাংশ ব্যক্তিয়ে আবাধে চলাই গৈছে বিভিন্ন ধৰণৰ জুৱা খেল। সমাজৰ এনেধৰণৰ অবৈধ কাৰ্যৰ বিৰুদ্ধে দৰঙৰ ধূলা আৰক্ষীয়ে ধাৰাবাহিক ভাবে চলাই গৈছে অভিযান। সেই মৰ্মে শুক্ৰবাৰে ধূলা আৰক্ষীয়ে গোপন খবৰৰ পম খেদি ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাৰ নিৰ্দেশত থানা খনৰ উপ পৰিদৰ্শক বিকাশ সিঙৰ নেতৃত্বত জুৱা খেলৰ বিৰুদ্ধে এক অভিযান চলায়। অভিযানত ধূলা থানাৰ অন্তৰ্গত বালাবাৰী গাঁৱৰ পৰা পৰা ছয় জন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধিন লোক কেইজন বালাবাৰী গাঁৱৰ ছাইফুদ্দীন আহমেদ, জৰীপ আলি, ৰফিকুল ইছলাম, জলিলুদ্দিন, মোজাহিদ আলি আৰু মুন্তাজ আলি বুলি জানিব পৰা গৈছে। ধৃত লোক কেইজনৰ বিৰুদ্ধে আজি ধূলা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। ধূলা আৰক্ষী থানাৰ গোচৰ নম্বৰ ১৪৪/২১ আৰু Assam Game And Betting act ৰ ১৩ আৰু ১৪ নম্বৰ ধাৰাত গোচৰ ৰুজু কৰি লোক কেইজনক আজি মঙলদৈ জেল হাজতলৈ প্ৰেৰণ কৰে। আনহাতে ধূলা থানাৰ অন্তৰ্গত যিকোনো ঠাইত যোৱা খেলৰ খবৰ পালে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি ধূলা আৰক্ষীয়ে সকীয়াই দিয়ে। সেয়ে এনেধৰণৰ সমাজ বিৰোধী তথা জুৱা, মদ, ভাং, আদি কাৰ্যৰ পৰা বিৰত থাকিবলৈ অঞ্চলবাসীক আহ্বান জনায় ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কল্যান বৰাই।
অপৰাধীৰ ৰাজধানী হিচাপে পৰিচিত নগাঁও। বিগত বছৰটোত নগাঁও আৰক্ষীক জ্বলা-কলা খুৱাইছিল অপৰাধীয়ে। বিগত বৰ্ষৰ আৰম্ভণিতে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা নগাঁও আৰক্ষীৰ জোৱানৰ পৰা পিষ্টল কাঢ়ি নিছিল অপৰাধীয়ে। আনকি অপৰাধীয়ে আৰক্ষী চকীৰ ভিতৰত প্ৰৱেশ কৰি আৰক্ষীক প্ৰহাৰ কৰাৰ ঘটনাও সংঘটিত হৈছিল নগাঁৱত। কিন্তু দুৰ্ভাগ্যজনক এনে অপৰাধীক আটক কৰাত ব্যৰ্থ হৈছিল নগাঁও আৰক্ষী। পিছে নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছতে নতুন আশাৰ সঞ্চাৰ ঘটিছে। নগাঁও আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰিছে আনন্দ মিশ্ৰই। আৰক্ষী অধীক্ষক গৰাকীয়ে বৰ্তমান বহু কুখ্যাত অপৰাধীৰ সন্ধানত আৰম্ভ কৰিছে অভিযান। আৰক্ষী অধীক্ষক গৰাকীয়ে কৰায়ত্ত কৰাৰ চেষ্টাৰে অভিযান চলাইছে নগাঁৱৰ বহু অপৰাধজনিত ঘটনাত জড়িত কংগ্ৰেছ নেতা আব্দুল বাছেট ওৰফে ইফুৰ বিৰুদ্ধেও। অৱশ্যে আৰক্ষীৰ দল উপস্থিত হোৱাৰ পূৰ্বেই সেই স্থানৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হৈছে ইফু নামৰ অভিযুক্ত অপৰাধী। ইফুক বিচাৰি বৰ্তমানেও নগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। নগাঁও আৰক্ষীৰ জালত পৰিছে কেইবাটাও দুধৰ্ষ ড্ৰাগছ মাফিয়া। কিন্তু এইসমূহ অভিযানক অধিক নিখুতভাৱে চলাবলৈ আনন্দ মিশ্ৰই গঠন কৰিছে এটি বিশেষ অভিযানকাৰী বাহিনী। নগাঁও আৰক্ষীৰ ৩০০জোৱানৰ মাজৰ পৰা ৩০জন জোৱানক বাচনি কৰি আৰক্ষী অধীক্ষক গৰাকীয়ে গঠন কৰিছে এই বিশেষ বাহিনীটো। এতিয়াৰে পৰা, নগাঁৱৰ দাগী অপৰাধীক দমন কৰিবৰ বাবে দিনে-নিশাই অভিযান চলাব এই বিশেষ বাহিনীটোৱে আৰু ইয়াৰ নেতৃত্বত থাকিব আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। উল্লেখযোগ্য যে, ডিমাপুৰৰ পৰা নগাঁৱলৈ অবাধ ভাৱে সৰবৰাহ হোৱা নিচাজাতীয় দ্ৰব্যই বৰ্তমান তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে নগাঁৱৰ যুৱপ্ৰজন্মক। সেয়ে নৱনিযুক্ত আৰক্ষী অধীক্ষক গৰাকীৰ তৎপৰতাক লৈ আশাবাদী নগাঁৱৰ সাধাৰণ জনতা।
অসমৰ অন্যতম পীঠস্থান যোৰহাট জিলাৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত সম্প্ৰতি চলিছে চৰকাৰী আঁচনিৰ নামত একাংশ ঠিকাদাৰৰ লুণ্ঠন। ৰাজনৈতিক নেতাৰ পৰা সৰ্বসাধাৰণ লোকৰ ঢেকীয়াখোৱা বৰনামঘৰ বুলি শ্ৰদ্ধাত মূৰ দোঁ খাই যোৱাৰ বিপৰীতে বিভিন্ন বিভাগৰ একাংশ বিষয়া ঠিকাদাৰৰ বাবে এই নামঘৰভাগী যেন এতিয়া হৈ পৰিছে সোণৰ কণী পৰা হাঁহ।উল্লেখযোগ্য যে তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ , সৰ্বানন্দ সোনোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু ৰাজনৈতিক ৰথী- মহাৰথীয়ে প্ৰত্যেক বছৰেই মহাপুৰুষ মাধৱদেৱে নিজহাতে প্ৰতিস্থা কৰা এই নামঘৰটিলৈ আহি শৰাই নৈব্যদ্য আগবঢ়ায়। ঢেকীয়াখোৱা বৰনামঘৰলৈ এনে ৰাজনৈতিক নেতাৰ আগমৰ পিছতে তেওঁলোকে নামঘৰ উন্নয়নৰ বাবে ঘোষণা কৰি যোৱা বিভিন্ন আঁচনি ৰূপায়ণৰ তৎপৰ হৈ পৰে বিভাগসমূহ। শেহতীয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা কৰা “অসম দৰ্শন” আঁচনিৰ কাষতে দিহা নদীৰ খহনীয়া ৰোধৰ বাবে এক কৌটি নব্বৈ লাখ টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে এখন আঁচনি গ্ৰহণ কৰে যদি এজাক বৰষুণতে কৌটি টকীয়া বেৰাখন ভাগি পৰে। অভিযোগ অনুসৰি বিভাগটোৰ বিষয়া ঠিকাদাৰৰ ঐতিহাসিক সম্পদটিৰ উন্নয়নতকৈ আবন্টিত টকা চান কঢ়াৰ স্বাৰ্থত অতি নিম্মমানে কাম সম্পাদনা কৰাৰ বাবেই এনেদৰে এজাক বৰষুণতে খহি পৰে পকী বেৰাখন।ইফালে জলসম্পদ বিভাগৰ ঠিকাদাৰৰ এনে নিম্মমানৰ কামৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ। স্থানীয় ৰাইজে এনে কাণ্ডৰ তদন্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনি সঠিক ৰূপায়ন কৰাৰ ক্ষেত্ৰত জলসস্পদ মন্ত্ৰীক চকু দিবলৈ আহ্বান জনাইছে।
সান্ধ্য আইনৰ সুযোগ লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ দুষ্ট চক্ৰই চলাই আহিছে মদ,জুৱা,তথা ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী প্ৰশাসনৰ চকুত ধুলি দি এটা অসাধু চক্ৰই চলাই আছে নিচাযুক্ত দ্ৰব্যৰ অবাধ বেহা। শোণিতপুৰৰ লখৰাত চাৰিদুৱাৰ আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ সহ দুজন লোকক আটক কৰিছে । এক গোপন সূত্রৰ পম খেদি চাৰিদুৱাৰ আৰক্ষীয়ে লখৰাত তালাচি চলোৱাৰ সময়তে এখন তীব্ৰবেগত আহি থকা নম্বৰ প্লেটবিহীন এল্ট গাড়ীক আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও গাড়ীখন তীব্ৰবেগে পলায়নৰ চেষ্টা কৰে লগে লগে আৰক্ষী দলে খেদি গাড়ীখন ধৰিবলৈ সক্ষম হয় । পিছত গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰপৰা ১ পেকেট ব্ৰাউন চুগাৰ আৰু ৯০ টা কন্টেইনাৰ উদ্ধাৰ হয় । আৰক্ষীয়ে লগতে গাড়ীখনত থকা দুজন লোককো কৰায়ত্ত কৰে । ধৃত লোক দুজন ক্ৰমে ভালুকপুঙৰ জংচৰ দেউৰী ( ২৩ ) আৰু আনজন অৰুণাচলৰ বমদিল্লাৰ টাছি জেৰাং বুলি জানিব পৰা গৈছে । জব্দকৃত সামগ্ৰীখিনিৰ মূল্য এক লাখ টকা। চাৰিদুৱাৰ আৰক্ষীৰ জিন্মাত থকা সৰবৰাহকাৰী যুৱকদ্বয়ে খনামুখৰ চনু নামৰ এজন লোকৰ পৰা উক্ত ব্ৰাউনচুগাৰখিনি অনা বুলি ইতিমধ্যে স্বীকাৰোক্তি দিছে । ইপিনে চনু নামৰ ব্যক্তিজনে পলায়ন কৰিছে বুলি জানিব দিছে চাৰিদুৱাৰ আৰক্ষীয়ে।