Home Blog Page 3044

আমছুৰ হোজাই জিলা বন্ধ সফল


হোজাই জিলা উপায়ুক্তৰ স্বৈৰাচাৰী শাসন আৰু পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ উত্থাপন কৰি আজি হোজাই জিলা আমছুৱে ৬ ঘন্টীয়া হোজাই জিলা বন্ধ ঘোষণা কৰিছে ৷ পুৱা ৬ বজাৰ পৰা দিনৰ ১২  বজালৈকে হোৱা এই বন্ধৰ প্ৰভাৱ জিলাখনৰ আন আন প্ৰান্তৰ সমান্তাৰলকৈ ডবকা,মোৰাঝাৰ, নীলবাগানতো সৰ্বাত্মক দেখা গৈছে ৷ পুৱাৰে পৰা ডবকা চহৰ আৰু নীলবাগানৰ সমূহ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে বন্ধ থকা পৰিলক্ষিত হৈছে ৷বন্ধৰ কালছোৱাত বন্ধ সমৰ্থক সকলে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টায়াৰ জ্বলোৱাৰ উপৰিও উপায়ুক্তৰ বিৰুদ্ধে শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে ৷বন্ধৰ কালচোৱাত অৱশ্যে কোনো ধৰনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱা নাই ৷ ইফালে  বন্ধৰ প্ৰতি লক্ষ্য ৰাখি হোজাই জিলা আৰক্ষী প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ৷ইপিনে, নীলবাগানৰ পৰা আমছুৰ কেইবাজনো সদস্যক আৰক্ষীয়ে আটক কৰিছে |এই খবৰৰ পিছতে ৰাজ্যচৰকাৰে কি পদক্ষেপ লয় সময়ত লক্ষণীয় হব |

উচ্চতম ন্যায়ালয়ে আৰম্ভ কৰিবলৈ অস্বীকাৰ কৰিলে অখিল গগৈৰ জামিনৰ শুনানি

২০১৯ চনৰ ডিচেম্বৰ মাহত তেওঁ নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হৈছিল আৰু তেতিয়াৰ পৰা আজিকোপতি তেওঁ কাৰাৰুদ্ধ হৈ আছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈয়ে প্ৰতিবাদৰ নামত দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি প্ৰদান কৰে তথা দেশৰ বিৰোধী সংগঠনৰে সম্পৰ্ক থকাৰ অভিযোগৰ দোহাই দি জামিন মঞ্জুৰ কৰা নাছিল।৭ জানুৱাৰী তাৰিখে ন্যায়াধীশ কল্যাণ ৰায় সুৰানা আৰু অজিত বৰঠাকুৰৰে গঠিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে অখিল গগৈৰ জামিন আবেদন নাকচ কৰিছিল। গগৈক আন গোচৰৰ লগতে UAPAৰ অধীনতো অভিযুক্ত কৰিছে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা National Investigation Agencyয়ে।

উচ্চ ন্যায়ালয়ৰ শুনানিত গগৈক প্ৰতিনিধিত্ব কৰিছিল উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হুজেফা এহমদীয়ে। NIAক প্ৰতিনিধিত্ব কৰিছিল Additional Solicitor General এছ ভি ৰাজুৱে। ৰাজুৱে অখিল গগৈয়ে অসম বন্ধৰ আহ্বান দি দেশৰ অৰ্থনৈতিক সুৰক্ষাত ভাবুকি নমাই আনিছিল বুলি যুক্তি দৰ্শাই জামিনৰ বিৰোধিতা কৰি যুক্তিতৰ্কৰ অৱসান ঘটাছিল। অৰ্থনৈতিক গতিবিধিত বাধা প্ৰদান কৰি অখিল গগৈয়ে সন্ত্ৰাসবাদত লিপ্ত হৈছিল বুলিও যুক্তি দৰ্শাইছিল ৰাজুৱে।

হুজেফা এহমদীয়ে ৰাজুৰ যুক্তি খণ্ডন কৰি কৈছিল – তেনেস্থলত দিল্লীৰ চাৰিওদিশে প্ৰতিবাদ সাব্যস্ত কৰি থকা দেশৰ কৃষকসমূহো সন্ত্ৰাসবাদী হৈ পৰিব। তেওঁ লগতে কৈছিল কোনো কার্যৰ যোগেদি অৰ্থনৈতিক ক্ষতি হোৱাটোক অৰ্থনৈতিক সুৰক্ষাৰ প্ৰতি ভাবুকি বুলি গণ্য কৰিব পৰা নাযায়; কোনো দুষ্কৃতিকাৰীয়ে যদিহে চাইবাৰ আক্ৰমণ কৰি দেশৰ বেংকিং প্ৰণালী বিনষ্ট কৰিবলৈ চেষ্টা কৰে তেন্তে সেয়া সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ বুলি ক’ব পাৰি। হুজেফাই লগতে কৈছিল অখিল গগৈয়ে অৰ্থনৈতিক অৱৰোধ কৰিবলৈ আহ্বান কৰাৰ সময়ত চৰকাৰে Essential Service Management Act প্ৰযোজ্য কৰা নাছিল। সেয়ে যদিহে অখিল গগৈয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহত বাধা প্ৰদান কৰিছিল চৰকাৰৰ ওচৰত সেই আইন প্ৰযোজ্য কৰাৰ অৱকাশ আছিল।

হুজেফাই কোনো ব্যক্তিয়ে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলেই সেয়া যে দেশদ্ৰোহ নহয়, এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে প্ৰদান কৰা ৰায়ো পাঠ কৰিছিল। NIA-এ অভিযোগনামাত অখিলৰ বিৰুদ্ধে দেশদ্ৰোহৰ অভিযোগ উত্থাপন কৰা নাই বুলিও আদালতক অৱগত কৰে হুজেফাই। লগতে UAPAত সন্নিৱিষ্ট সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সন্দৰ্ভৰ দফাও NIA-এ অভিযোগনামাত সংলগ্ন কৰা নাই বুলি আদালতক কৈছিল  হুজেফাই।

মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো

বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ কৰিছে ব্যাপক তৎপৰতা। মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো : মমতা বেনাৰ্জীপশ্চিম বংগত।ইয়াৰ মাজতে তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বুধবাৰে এখন জনসভাত অংশ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা যায়।

মমতা বেনাৰ্জীয়ে জনসভাখনত কয়, ‘মৰি যাম কিন্তু বিজেপিৰ সন্মুখত আত্মসমৰ্পণ নকৰো। বংগত বিভাজনৰ ৰাজনীতি নকৰিব। তৃণমূলে বৃহৎ সংখ্যাগৰিষ্ঠতাৰ সৈতে ক্ষমতা পুনৰ দখল কৰিব।মমতাই লগতে বেংগল দখল কৰাৰ পিছত মোদী নেতত্বাধীন বিজেপি চৰকাৰক দিল্লীৰ পৰাও আঁতৰ কৰা হ’ব বুলি হুংকাৰ দিয়ে।বেনাৰ্জীয়ে কয়, ‘মই সাধাৰণ মানুহ হিচাপে চৰকাৰ চলাইছো। তৃণমূলে কাম কৰা লোকসকলক টিকট প্ৰদান কৰিব’।মমতাই লগতে কয় যে, বিজেপিয়ে ভাৱে যে তেওঁলোকৰ ওচৰত টকা আছে আৰু তেওঁলোকে যিকোনো কাম কৰিব পাৰে। আপুনি মানুহক টকাৰে মূল্যাংকন কৰিব নোৱাৰে।ইয়াৰ উপৰি কেন্দ্ৰীয় চৰকাৰক কৃষকসকলৰ তথ্য প্ৰদান কৰিছে কিন্তু কেন্দ্ৰই কৃষকসকললৈ আৰ্থিক সাহায্য আগবঢ়োৱা নাই বুলিও অভিযোগ তোলে মমতা বেনাৰ্জীয়ে।আনহাতে মমতাই পশ্চিম বংগৰ প্ৰতিগৰাকী লোককে নমস্কাৰৰ পৰিৱৰ্তে জয় বাংগ কবলৈও অনুৰোধ জনায়।

অন্য বহুতৰ দৰে বৰ্তমানলৈ কোনো খবৰ নাই তিনি অসমীয়া সন্তানৰ।

উত্তৰাখণ্ডৰ প্ৰকৃতিৰ মহাপ্ৰলয়ত তচনচ হৈ পৰিল বহুতৰে জীৱন। কোনো শুংসূত্ৰই নাই বহু লোকৰে। ইয়াৰে মাজত কেইবাজনো উদ্ধাৰ হোৱাৰ বিপৰীতে বহু মৃতদেহো উদ্ধাৰ হৈছে।নিৰবিচ্ছিন্ন ভাবে উদ্ধাৰ অভিযান চলাই গৈছে উদ্ধাৰকাৰী দলে। নিশাও অব্যাহত আছে উদ্ধাৰ অভিযান। পিছে বৰ্তমানলৈ কোনো খবৰ নাই অন্য বহুতৰে দৰে তিনিও অসমীয়া সন্তানৰ।নগাঁৱৰ দুখনকৈ ঘৰত আজিও কান্দোনৰ ৰোল। কামপুৰৰ ঘৰখনত যেন একোৱেই নাইকিয়া এতিয়া। দুয়ো পুত্ৰৰে নাই কোনো খবৰ।

আনহাতে তপোবনৰ সুৰংগত বৰ্তমানেও বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে। সেয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিন্তু সুৰংগত বোকা সোমাই পৰাত লেহেমীয়া হৈছে অভিযান।কিন্তু বোকা গুচাই, পাইপ আদি কাটি আগবাঢ়ি গৈ আছে উদ্ধাৰকাৰী দল। ভিতৰত ৩০ ত কৈ অধিক শ্ৰমিক আবদ্ধ হৈ থকাৰ আশংকা ব্যক্ত।৬০০ত কৈ অধিক উদ্ধাৰকাৰী দলে দিনে নিশাই অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। উল্লেখ্য যে, বৰ্তমানেও ১৭২ লোক সন্ধানহীন হৈ আছে দুৰ্ঘটনাটোৰ পিছৰে পৰা।

অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে এতিয়া বেলেগ ৰূপত দেখা পাব

ৰাজ্যসভাৰ পৰা অতি শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিবলগীয়া জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদক দেশবাসীয়ে বেলেগ ৰূপত দেখা পাব।বুধবাৰে তেওঁ উচ্চ সদনত কয় যে মানুহে এতিয়া তেওঁক বহু ঠাইত দেখিবলৈ সক্ষম হ’ব কিয়নো তেওঁ এতিয়া মুক্ত হৈছে।ইয়াৰ উপৰি তেওঁৰ এতিয়া সাংসদ-মন্ত্ৰী হোৱাৰ ইচ্ছা নাই আৰু দলৰ কোনো পদবীও ল’ব নিবিচাৰে বুলি মন্তব্য কৰে।বক্তব্যত তেওঁ লগতে এজন ৰাজনীতিবিদ হিচাপে নিজৰ কামকলৈ সন্তুষ্ট আৰু জীয়াই থকালৈকে জনসাধাৰণৰ সেৱা কৰি যাব বুলি কয়।

সংবাদ সংস্থা এ এন আইৰ সৈতে হোৱা এটা সাক্ষাতত আজাদে কয়, ‘মই ১৯৭৫ চনত জম্মু আৰু কাশ্মীৰ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি আছিলো। মই দলৰ বহুতো পদত কাম কৰিছো। মই বহুতো প্ৰধানমন্ত্ৰীৰ সৈতে কাম কৰিছো। মই নিজকে ভাগ্যৱান বুলি বিবেচনা কৰোঁ যে মই দেশৰ বাবে কাম কৰাৰ সুযোগ পাইছিলো’।

‘মই সুখী যে মই বিশ্বস্ততাৰে মোৰ দায়িত্ব পালন কৰিছিলো। মই দেশ আৰু বিশ্বক জানিবলৈ আৰু বুজিবলৈ সুযোগ পাইছিলো’, তেওঁ লগতে কয়।সংসদত তেওঁ লাভ কৰা প্ৰশংসা আৰু অভিনন্দনৰ বিষয়ে সোধাত তেওঁ কয়, ‘যিসকলে মোক গভীৰভাৱে বুজি পায়, তেওঁলোকে বহু বছৰ ধৰি মোৰ কাম দেখিছে আৰু সেয়ে আৱেগিক হৈ পৰিছে। মই তেওঁলোক সকলোৰে প্ৰতি কৃতজ্ঞ’।  আৰু কয় যে মই  প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি আৰু বিভিন্ন দলৰ সহকৰ্মীসকলৰ প্ৰতি কৃতজ্ঞ যিসকলে মোক প্ৰশংসা কৰিছিল আৰু যাৰ সৈতে মই কাম কৰাৰ সুযোগ পাইছিলো।

আজি চিৰাঙলৈ অমিত শ্বাহ, গুৰুৰ ঘৰত গ্ৰহণ কৰিব আহাৰ

আজি চিৰাঙলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনৰ সময়ত সভা–সমিতিৰ লগতে অত্যন্ত গুৰুত্বপূৰ্ণ লাঞ্চ পলিটিক্স। মাটিৰ মানুহৰ সৈতে সম্পৰ্ক স্থাপনত বদ্ধপৰিকৰ বিজেপি নেতাসকলে সাধাৰণতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে কোনো সাধাৰণ মানুহৰ ঘৰত। দখল কৰে বাতৰিৰ শিৰোনাম। আজি চিৰাঙলৈ যাবলগীয়া অমিত শ্বাহে আহাৰ গ্ৰহণ কৰিব অনন্ত মহাৰাজৰ ঘৰত। কি থাকিব অমিত শ্বাহৰ মেন্যুত?চিৰাঙত ৰাজবংশীয় ধৰ্মগুৰু অনন্ত মহাৰাজৰ ঘৰলৈ যাব অমিত শ্বাহ। গ্ৰেটাৰ কোচবিহাৰ পিপল্ছ এছ’চিয়েচনৰ নেতা অনন্ত ৰায় কোচবিহাৰৰ স্বঘোষিত মহাৰাজা। থাকে চিৰাং জিলাত। ৰাজনৈতিক মহলৰ মতে, কোচ ৰাজবংশীৰ ১৮ লাখ মানুহ আছে অনন্ত ৰায়ৰ সৈতে। মধ্যাহ্ন ভোজনো তাতেই কৰিব অমিত শ্বাহে। অংশ ল’ব বৈঠকতো।অমিত শ্বাহৰ খোৱাৰ ব্যৱস্থা কৰাৰ দায়িত্ব অনন্ত ৰায়ৰ পত্নী সাবিত্ৰী ৰায়ৰ ওপৰত। একেবাৰে সাধাৰণ আহাৰ গ্ৰহণ কৰিব অমিত শ্বাহে। পুৱা চাউলৰ পিঠা আৰু নাৰিকলৰ লাড়ুৰ জুতি ল’ব গৃহমন্ত্ৰীয়ে।দুপৰীয়া গ্ৰহণ কৰিব মধ্যাহ্ন ভোজন। ভাত, দাইল, পটল ভাজি, পনীৰ, চাটনি, দৈ–গোল্লা খাব অমিত শ্বাহে।ইয়াৰ পূৰ্বে মেদিনীপুৰত আদিবাসী পৰিয়ালত, শান্তি নিকেতনত বাসুদেৱ বাউলৰ ঘৰত খাদ্য গ্ৰহণ কৰিছিল অমিত শ্বাহে।

বজালী মহকুমাক অানুষ্ঠানিকভাবে জিলালৈ ৰূপান্তৰিত কৰিলে মুখ্যমন্ত্ৰী সণোৱালে

 বজালীবাসীৰ এক দিৰ্ঘদিনীয়া দাবীৰ প্ৰতি সহাৰি জনায় সৰ্ৱানন্দ সণোৱাল নেতৃত্বাধীন বিজেপি  চৰকাৰ খনে সোমবাৰে অানুষ্ঠানিক ভাবে বজালী মহকুমাক জিলালৈ ৰূপান্তৰিত কৰিলে।বজালী উচ্চতৰ মাধ্যমিক খেল পথাৰত অনুষ্ঠিত অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্ৱানন্দ সণোৱালে অানুষ্ঠানিক ভাবে শুভৰাম্ভ কৰে বজালী জিলাৰ অনুস্থানটোত মুখ্য মন্ত্ৰীৰ সৈতে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ ৰণজিৎ দাস,মুখ্য মুখ পাত্ৰ ৰূপম গোস্বামী। বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে নিজৰ ভাষণত সৰুক্ষেত্ৰী সমষ্টিৰ ৩২ খন গাঁও বজালী জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায় কিছু দিন পূৰ্বে নিযুক্তি দিয়া উপায়ুক্ত অাৰু অাৰক্ষী অধীক্ষকৰ হাতত বজালী জিলাৰ দায়িত্ব অৰ্পণ কৰে মুখ্য মন্ত্ৰী সোণোৱালে।লগতে পাঠশালাক নিম নগৰী হিচাপে ঘোষণা কৰাৰ লগতে ৪.৬৮ কৌটি টকা ব্যয় সাপেক্ষে পাঠশালা স্থাপন হবলগীয়া  দুগ্ধ সংসাধন উদ্যোগৰ  নিৰ্মাণ কাৰ্য্যত অাধাৰশিলা স্থাপন কৰে মুখ্য মন্ত্ৰীয়ে।

নগাঁও পৌৰ এলেকাৰ ১৩ টা পথৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ


নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই সো়মবাৰে সমষ্টিটোৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে।পথ সমূহৰ আধাৰশিলা স্থাপন কৰি বিধায়ক শৰ্মাই কয় যে নগাঁও সদৰ সমষ্টিৰ সৰ্বাঙ্গীন বিকাশৰ ধাৰাক অনন্য মাত্ৰা প্ৰদানৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছো।নগাঁও চহৰক উন্নয়নৰ নতুত্বৰে জাতিষ্কাৰ কৰাৰ উদ্দেশ্যে আজিও চহৰখনৰ পৌৰসভা এলেকাৰ ১৩ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰাৰ লগতে  ভূঞাপট্টি শিশু উদ্যানৰ চাৰিসীমাৰ নৱ নিৰ্মিত পকীদেৱাল উদ্ধোধন কৰা হয় বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে । এই উদ্যানখনত  শিশুৱে উমলি আনন্দ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।আনহাতে নগাঁও পৌৰসভা এলেকাৰ পথৰ উন্নয়নে নগাঁও বাসী ৰাইজক উপকৃত কৰিব বুলিও বিধায়ক গৰাকী আশাবাদী। সো়মবাৰে আধাৰশিলা স্থাপন কৰা পৌৰসভা এলেকাৰ পথ সমূহ হৈছে- ৮ নং ৱাৰ্ডৰ এন বি পি উপপথ, ২২নং ৱাৰ্ডৰ লখিমী পথ, ২নং ৱাৰ্ডৰ ৰামকৃষ্ণ পলি উপপথ,২১নং ৱাৰ্ডৰ লাচিত নগৰ পথ,১ নং ৱাৰ্ডৰ হয়বৰগাঁও হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পথ ,২নং ৱাৰ্ডৰ শান্তিপুৰ উপপথ,৬নং ৱাৰ্ডৰ হৰিজন কলনি পথ‌,১৯ নং ৱাৰ্ডৰ ফুলচান্দ বৰা পথ,১৯ নং ৱাৰ্ডৰ ভোলা বৰুৱা পথ‌,১৯ নং ৱাৰ্ডৰ খুটিকটীয়া কলংপাৰ পথ, ১৬ নং ৱাৰ্ডৰ দেছুৱালী পট্টি পথ,১৬নং ৱাৰ্ডৰ কীৰ্তন ঘৰ পথ আৰু ২ নং ৱাৰ্ডৰ শান্তিপুৰৰ কালী মন্দিৰৰ সমীপৰ ১ নং উপপথ ।

এদিনীয়া ভ্ৰমণসূচীৰে আজি নিশা অসমত উপস্থিত হ’ব অমিত শ্বাহ

এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আজি নিশা গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰীগৰাকী । গৃহমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমিনগাঁৱত বৰ্তমান কটকটীয়াকৈ গঢ়ি তোলা হৈছে নিৰাপত্তা বেষ্টনী ।

বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে চিৰাঙলৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।

অৱশ্যে, অমিত শ্বাহৰ এই ভ্ৰমণৰ উদ্দেশ্য সুকীয়া । গৃহমন্ত্ৰীগৰাকীয়ে কোনো ৰাজনৈতিক সভাত অংশ ল’বৰ বাবে নহয়, চিৰাং জিলাৰ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ অতিথি হৈহে আহিব। চিৰাঙত গ্ৰেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ নেতা অনন্ত ৰায়ক সাক্ষাৎ কৰিব শ্বাহে। এই ভ্ৰমণত অমিত শ্বাহক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।

ডবকাত পৰিবহন বিভাগৰ পথ সজাগতা সভা,মটৰ চাইকেল ৰেলী আৰু বাটৰ নাট পৰিবেশন

হোজাই জিলা পৰিৱহন বিভাগৰ উদ্যোগত আজি ৩২ তম পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি এখন পথ সুৰক্ষা সজাগতা সভা ,মটৰ চাইকেল ৰেলী আৰু বাটৰ নাট ডবকা চহৰত অনুষ্ঠিত কৰি পৰিৱহন বিভাগে দুৰ্ঘটনাৰ পৰা কিদৰে ৰাইজে সকাহ পাব পাৰে তাৰ প্ৰয়াস চলায় ৷ এই উপলক্ষে আয়োজিত বাইক ৰেলীৰ ফ্লেগ মাৰ্চ কৰে পৰিবহন বিষয়া তামছিন আফতাবে ৷

সজাগত সভাত হোজাই জিলা পৰিৱহন বিষয়া তামছিন আফতাব, এম বি আই হৰমহন শিকীয়া, এনফৰ্চমেন বিষয়া মখলিচুৰ ৰহমান আৰু ডবকা হিৰো মটৰ চাইকেল শ্ব’ৰুমৰ স্বত্থাধিকাৰী ফাৰুক আহমেদসহ স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে ৷ ডবকা হিৰো মটৰ চাইকেল শ্ব’ৰুমৰ সন্মুুুুখত এখন পথ সজাগতা সভা অনুষ্ঠিত হয় ৷ সভাত পৰিবহন বিভাগৰ বিষয়া সকলে পথ সুৰক্ষাৰ উপৰত ৰাইজৰ আগত বক্তব্য প্ৰদান কৰে ৷ ইয়াৰ পিছত মটৰ চাইকেল ৰেলি কৰি ডবকা পুলিচ পিন্টৰ সমীপত সকলো সমবেত হোৱাৰ পাছত কাকীৰ শিল্পী সকলৰ দ্বাৰা পথ সুৰক্ষা সন্দৰ্ভত এখন বাটৰ নাট অতি সুন্দৰকৈ পৰিবেশন কৰা হয় ৷