Home Blog Page 3044

হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী:কিন্তু কিয় চাঁও আহক

হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এক ভিডিঅ কনফাৰেঞ্চত হঠাতে কান্দি উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। স্বাস্থ্য কৰ্মী তথা চিকিৎসৰ সৈতে হোৱা এক বাৰ্তালাপত আৱেগিক হৈ পৰিল প্ৰধানমন্ত্ৰী। কৰণাৰ সংহাৰত বহু আপোনক হেৰুৱাৰ দুখতেই তেনেদৰে আৱেগিক হৈ পৰি মোদী।শুকুৰবাৰে বাৰাণসীৰ চিকিৎসা কৰ্মীৰ সৈতে এক ভিডিঅ কনফাৰেঞ্চত মিলিত হয় প্ৰধানমন্ত্ৰী। তেতিয়াই তেখেতে দেশৰ বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত কথা বাৰ্তা হয়। সেই কনফাৰেঞ্চতেই তেখেত কয়, ‘যতেই বেমাৰ তাতেই উপচাৰ’।কেৱল ক’ৰণাৰ বিষয়েই নহয়, কলা ভেঁকুৰ যি ব্লেক ফাংগাছ নামেৰে ভয়াবহ হৈ দেখা দিছে বৰ্তামানে দেশত সেই বিষয়েও আলোচনাত মিলিত হয়। অধিক সতৰ্কতা অৱলম্বনৰ বাবে কোৱাৰ লগতে ইয়াক ক’ৰণাৰ পৰৱৰ্তী মহামাৰী হিচাপেও অবিহিত কৰে।যি দেশৰ বাবে আন এক প্ৰত্যাহ্বান হৈ থিয় দিছে। তেওঁ কয় এতিয়া দেশৰ যুঁজ এক অদৃশ্য অতিকে ধুৰ্ত ৰূপ সলাই থকা বেমাৰৰ বিৰুদ্ধে। সেয়ে সতৰ্ক হোৱাতো খুবেই প্ৰয়োজনীয়।

জৰুৰীকালীন যাতায়তৰ বাবে অনলাইন যোগেদি ই-পাছৰ সুবিধা প্ৰদান

সাম্প্ৰতিক ক’ভিড-১৯ ৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি তথা ইয়াৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ স্বাৰ্থত যাতায়তৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰোপ কৰা নিষেধাজ্ঞাৰ সময়ছোৱাত চিকিৎসাজনিত সেৱাৰ বাবে, মৃতকৰ শেষকৃত্য তথা অন্যান্য জৰুৰীকালীন সময়ত কৰিবলগীয়া যাতায়তৰ বাবে জনসাধাৰণে ই-পাছৰ বাবে আবেদন কৰিব পাৰিব। ই-পাছ সংগ্ৰহৰ বাবে https://serviceonline.gov.in/directApply.do?serviceId=2023 লিংকটোত ক্লিক কৰি আবেদন কৰিব পাৰিব। উল্লেখযোগ্য যে, ই-পাছৰ বাবে আবেদন কৰাৰ পাছত ই-পাছ পোনপটীয়াকৈ মোবাইল ফোনত মেছেজযোগে আবেদনকাৰীয়ে লাভ কৰিব পাৰিব। এতিয়াৰে পৰা জৰুৰীকালীন যাতায়তৰ অনুমতি লাভ কৰাৰ বাবে কোনো ব্যক্তিয়ে উপায়ুক্ত কাৰ্য্যালয়লৈ আহিব নালাগে। নিজ গৃহৰ পৰাই অনলাইন যোগেদি ই-পাছৰ বাবে আবেদন কৰিব পাৰিব।

দৰং আৰক্ষীৰ সফলতা।শ্যামপুৰত হস্ত নিৰ্মিত পিষ্টল সহ তিনি ডকাইত গ্ৰেপ্তাৰ।ধুলাত ড্ৰাগছ ,ভাং সহ‌ এজনক গ্ৰেপ্তাৰ।

দৰঙত  নৱ নিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই যোগদান কৰাৰ পিছতেই   আৰক্ষীয়ে  অবৈধ ড্ৰাগছ, ভাং আদি নিচাজাতীয় সামগ্ৰীৰ লগতে অপৰাধ জনিত কাৰ্ষত জড়িতৰ  বিৰুদ্ধে  অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে । নৱ নিৰ্বাচিত আৰক্ষী অধীক্ষক গৰাকীৰ  নিৰ্দেশ মৰ্মে সদৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকাই   ধূলা  থানাৰ আৰক্ষীৰ  সহযোগত অভিযান চলাই  থানাখনৰ অন্তৰ্গত ওন্দোলাঝাৰ গাঁৱৰ চামাদ আলি নামৰ লোকজনৰ  পৰা  প্লাষ্টিকৰ সাতটা ক্ষুদ্ৰ কন্টেইনাৰত  নিষিদ্ধ ড্ৰাগছ  আৰু  ৭০০গ্ৰাম ওজনৰ এটা ভাংঙৰ  টোপোলা জব্দ কৰে । ধূলা আৰক্ষীয়ে  অভিযুক্তৰ বিৰুদ্ধে  এক গোচৰ ৰুজু কৰি  চামাদ আলীক  জেল হাজতলৈ প্ৰেৰণ কৰে । একেদৰে  যোৱা ১৮  মেৰ  নিশা    ৪নং শ্যামপুৰ গাঁৱৰ  মুক্তাৰ আলী নামৰ  কাপোৰ দোকানীজনৰ  ঘৰত সংঘটিত ডকাইতি কাণ্ডত জড়িত থকা সাত জনীয়া দলটোৰ তিনি জনক জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱাই শ্যামপুৰ  আৰক্ষীৰ সহযোগত অভিযান চলাই   গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা হস্ত নিৰ্মিত পিস্তল আৰু লুটি নিয়া আ-অলংকাৰ আদি  উদ্বাৰ  কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা ডকাইত তিনিজন হ’ল জন ক্ৰমে বক্কৰ আলী, হামিদ আলী আৰু মতিউৰ ৰহমান। উল্লেখযোগ্য যে  ১৮ মে’ৰ নিশা সাত  জনীয়া ডকাইতৰ  দলটোৱে  নগদ ৬৫ হাজাৰ টকা দুটা মোবাইল ফোনৰ লগতে ৭০ হাজাৰ টকাৰ সোণ ৰূপৰ  গহনা আদি লুটি নিছিল ডকাইতৰ দলটোৱে ।
ঘটনা সংক্ৰান্তত ভুক্তভোগীয়ে   শ্যামপুৰ  থানাত  দাখিল কৰা এজাহাৰৰ ভিত্তিত  জিলাৰ  আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে  অতিৰিক্ত আৰক্ষী অধীক্ষক উজ্জ্বল বৰুৱা আৰু  শ্যামপুৰ  থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ হাজৰিকাই গাঁওৰক্ষী বাহিনীৰ সহযোগত  কৌশলেৰে অভিযান চলাই    তিনিজনকৈ ডকাইতক আটক কৰিবলৈ সক্ষম হয়।।সম্প্ৰতি তিনি অভিযুক্তক শ্যামপুৰ আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।

গহপুৰৰ দুই কণমানিৰ অপহৰণৰ ঘটনা দিনে সন্ধান নাই ভাতৃ-ভগ্নীৰ উদ্ধাৰৰ বাবে তীব্ৰ অভিযান গহপুৰ আৰক্ষীৰ

দুই কণমানি।নাম নেহা খাৰীয়া (বয়স-১০) আৰু সুভাষ খাৰীয়া (বয়স-৫)।গহপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহপুৰ নগৰৰ ৬ নং ৱাৰ্ড (গোট বজাৰ) নিবাসী দিন হাজিৰা কৰা শ্ৰমিক বিকি খাৰীয়া(২৪)ৰ সন্তান তেওঁলোক।কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে দৰিদ্ৰ পৰিয়ালটোৰ উক্ত দুই কণমানি যোৱা ৯ মে’ৰ পুৱা প্ৰায় ১০ বজাত ঘৰৰ পৰা অপহৃত হোৱাৰ পিছৰ পৰা আজিলৈকে কোনো শুংসুত্ৰ উলিয়াব পৰা নাই তেওঁৰ পিতৃ আৰু পৰিয়ালৰ লোকে।অৱশ্যে ক’ভিড মহামাৰীৰ এই ভয়াবহতাৰ মাজত কণমানি দুটিক সোশৰীৰে উদ্ধাৰ কৰিবলৈ তীব্ৰ অভিযান অব্যাহত ৰাখিছে গহপুৰ আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথৰ নেতৃত্বত অভিযান চলোৱা আৰক্ষীৰ এটা অভিযানকাৰী দলে।উল্লেখযোগ্য যে,বিকি খাৰীয়া নামৰ শ্ৰমিক জন পৰিয়াল সহ গোট বজাৰ নিবাসী বুনি গোড় নামৰ মহিলাগৰাকীৰ ঘৰত ভাৰতীয়া হিচাপে থাকে।এনেদৰে যোৱা প্ৰায় তিনি মাহৰ পৰা ভাৰতীয়া হিচাপে থকাৰ পিছত অকলশৰীয়া বুনি গোড়ৰ লগত বিকি খাৰীয়াৰ পৰিয়ালটোৰ আন্তৰিক সম্পৰ্ক গঢ়ি উঠে।আৰু বিকি দিন হাজিৰা কৰিবলৈ ওলাই গ’লে মাতৃহাৰা উক্ত দুই কণমানিয়ে বুনি গোড়ৰ লগতে সময় অতিবাহিত কৰে।আনদিনাৰ দৰে যোৱা ৯ মে’ৰ পুৱা বিকি খাৰীয়া কামলৈ ওলাই যোৱাৰ সময়ত বুনি গোড়ৰ ওচৰত থৈ গৈছিল তেওঁৰ দুই সন্তান নেহা আৰু সুভাষক।সন্ধিয়া কামৰ পৰা আহি ঘৰৰ মালিকনী বুনি গোড়ৰ লগতে তেওঁৰ দুই সন্তানক ঘৰত নেদেখি বিকি খাৰীয়াই প্ৰথমে ওচৰে পাজৰে বিচাৰ-খোচাৰ কৰে যদিও তেওঁলোকৰ কোনো সন্ধান নাপালে।পিছদিনাৰ পৰা কেইবাদিনো তেওঁ সাম্ভাব্য স্থান সমূহত তেওঁলোকৰ বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াব নোৱাৰিলে।ইপিনে ঘৰৰ মালিকনী বুনী গোড়ৰ ৯৭০৬৭২৩২১০ নম্বৰৰ মবাইল ফোনটো  ৯ মে’ৰ পৰাই ছুইচ অফ হৈ পৰাত সমগ্ৰ বিষয়টো ৰহস্যজনক হৈ পৰাৰ লগতে দুই কণমানি নেহা আৰু সুভাষক বুনী গোড়ে অপহৰণ কৰি লৈ যোৱা বুলি সন্দেহ প্ৰকাশ কৰে বিকি খাৰীয়াৰ লগতে স্থানীয় ৰাইজে।যাৰ বাবে ঘটনাৰ সমস্ত কাহিনী বৰ্ণনা কৰি যোৱা ১৬ মে’ত গহপুৰ আৰক্ষী থানাত অপহৰণ সংক্ৰান্তীয় এখন এজাহাৰ দাখিল কৰে বিকি খাৰীয়াই।উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধীৰ ৩৬৩ ধাৰাৰ অধীনত ১২৮/২১ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি গহপুৰ আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক ভাস্কৰ জ্যোতি নাথৰ নেতৃত্বত অপহৃত দুই কণমানি নেহা আৰু সুভাষক সোশৰীৰে উদ্ধাৰ কৰা আৰু অপহৰণকাৰী বুনী গোড়ক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে।দিন-ৰাতি একাকাৰ কৰি চলোৱা  আৰক্ষীৰ এই অভিযানত বৰ্তমানলৈকে তেওঁলোকৰ কোনো সন্ধান পোৱা নাই যদিও এইক্ষেত্ৰত আৰক্ষীয়ে তেওঁলোকৰ অভিযানত অকণো ক্ৰুটি ৰখা নাই। কোনো সদাশয় লোকে এইক্ষেত্ৰত কিবা খবৰ পালে গহপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

গোলাঘাটত ৫ গ্ৰাম ব্ৰাউন চুগাৰ আৰু বৃহৎ পৰিমাণৰ ভাং জব্দ

 গোলাঘাটত মাৰাত্মক ভাৱে বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছ, ভাং আদিৰ ব্যৱসায় । গোলাঘাটৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক ডা: ৰবীন কুমাৰৰ নিৰ্দেশমৰ্মে আজি গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে অভিযান চলাই এজন ড্ৰাগছ পেডলাৰ আৰু এজন ভাং সৰহবৰাহকাৰীক আটক কৰে।আৰক্ষীৰ অভিযানত গোলাঘাটৰ আবিদ আলি নামৰ যুৱক জনৰ পৰা ৫  গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰাৰ বিপৰীতে ফৰকাটিং গাড়ীগাঁৱৰ অনিল বৰা নামৰ লোকজনৰ পৰা ২৪ কি:গ্ৰাম ভাং জব্দ কৰে।  ফৰকাটিং জংচনৰ সমীপত এনেধৰণৰ নিষিদ্ধ ব্যৱসায় পূৰ্বৰ পৰা চলি আছে । তেনেক্ষেত্ৰত ৰাইজে   ফৰকাটিং আৰক্ষীৰ  এনেধৰণৰ অভিযান নিয়মমাফিক নহৈ প্ৰকৃতাৰ্থত হোৱাৰ কামনা কৰিছে ।

প্ৰাক্তন ভলীবল খেলুৱৈ অৱনী শৰ্মাৰ বিয়োগত নলবাৰীত শোক

নলবাৰী জিলাৰ সন্ধেলী গাওঁ নিবাসী জিলা পৰ্য্যায়ৰ সুদক্ষ ভলীবল খেলুৱৈ তথা বিশিষ্ট ব্যাৱসায়ী অৱনী শৰ্মাই যোৱা ২০ মেত নলবাৰীৰ এখন ব্যাক্তিগত চিকিৎসালয়ত হৃদ ৰোগত আক্ৰান্ত হে মাত্ৰ ৫৯ বছৰ বয়সত মৃত্যুবৰন কৰে। মৃত্যুৰ সময়ত পত্নী, পুত্ৰ-বোৱাৰী, এজনী ছোৱালীৰ লগতে অসেংখ্য গুণমুগ্ধক এৰি থৈ যায়। কেইবাবাৰো নলবাৰী জিলাৰ ভলীবল দলক প্ৰতিনিধিত্ব কৰা শৰ্মাই নলবাৰী চহৰৰ মাজ মজিয়াত আৰ্য মেডিকোছ নামেৰে এখন ফাৰ্মাচীৰ স্বতাধিকাৰী আছিল। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নলবাৰীৰ ঔষধ ব্যাৱসায়ী সন্থাই বিয়লি ৩ বজাৰ পৰা ৫ বজালৈ দোকান-পোহাৰ বন্ধ ৰাখে। সন্থাৰ প্ৰশাসনিক সচিব প্ৰকাশ শৰ্মাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। লগতে নলবাৰীৰ প্ৰবীণ ভলীবল খেলুৱৈ সন্থাৰ সম্পাদক বীৰেন কুমাৰ শৰ্মা, নলবাৰী ক্ৰীড়া সন্থাৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, সম্পাদক মনোজ কুমাৰ চৌধুৰী, কোষাধক্ষ্য কৰুণা বৰ্মন, ৰেফাৰী বোৰ্ডৰ সভাপতি হেমেন্দ্ৰ মহন্ত, প্ৰাক্তন সভাপতি আব্দুল গফ্ফাৰ উজ জামান, হৰিশ গোস্বামী, প্ৰাক্তন ৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ দিলীপ শৰ্মা, বিকাশ ভট্ট, ৰাষ্ট্ৰীয় খেল পৰিচালক দেৱজিৎ ডেকা, ভলীবল সম্পাদক দীপক কুমাৰ দাস,ক্ৰীড়া সংগঠক চন্দন হালৈ, পূব নলবাৰী ক’চিং চেণ্টাৰ, নলবাৰী ভলীবল ক’চিং চেণ্টাৰ, পকোৱা সূনীতি সংঘ আদি বিভিন্ন ব্যাক্তি আৰু অনুষ্ঠান প্ৰতিস্থানে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তাপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

লাহৰীঘাটৰ তিনিচুকীয়া মহমাৰাত গৰাখহনীয়া অব্যাহত

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ তিনিচুকীয়া মহমাৰা গাঁও পঞ্চায়তৰ মহমাৰাত  এতিয়াও চলি আছে গৰাখহনীয়াৰ তাণ্ডৱলীলা । এয়া  আজি ১৯ মে’ৰ বিয়লিৰ গৰাখহনীয়াৰ দৃশ্য । চপৰা চপৰে খহাই নিছে মহাবাহু ব্ৰহ্মপুত্ৰ তথা লুইতৰ বুকুত । দুনাই কোৱাৰ প্ৰয়োজন নাই যে এতিয়ালৈকে কিমান ৰাজহ গাঁও লুইতৰ বুকুত বিলীন হৈ গল আৰু কিমান সহস্ৰাধিক হেক্টৰ কৃষি ভূমি  মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হল,  কত জনৰ ভেটি,  সা সম্পত্তি , মন্দিৰ,  মছজিদ,  ৰাজহুৱা শিক্ষা অনুষ্টান, আৰু ধৰ্মীয় শিক্ষা অনুষ্টানৰ লগতে শ্মশান  ও কবৰস্তান  ইত্যাদি ইত্যাদি । বিনাশৰ বাহিৰে  অন্য কোনো নাই । নতুন চৰকাৰৰ নতুন জলসম্পদ মন্ত্ৰীয়ে হয়তো নতুন পদক্ষেপ লব নৈ পৰীয়া ৰাইজৰ বাবে এই  আশা কৰিছে স্হানীয় ভুক্তভোগী জন সাধাৰণৰ লগতে লাহৰীঘাট সমষ্টি বাসীয়ে ।অৱশ্যে  আশা কৰাৰ কাৰণো  আছে,  যিহেতুকে বিগত ২৫ টা বছৰে লাহৰীঘাট সমষ্টি বাসীয়ে পালে কেৱল নিৰাশা আৰু প্ৰৱঞ্চনা । 

বিধায়কৰূপে শপত গ্ৰহণ কৰিলে অখিল গগৈয়ে।

বিধায়কৰূপে অসম বিধান সভাত শপত গ্ৰহণ কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধান সভাৰ প্ৰ’টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে অখিল গগৈক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়।বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ প্ৰাৰ্থীৰূপে কাৰাগাৰৰ পৰাই শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্ৱিতা কৰি জয়ী হৈছিল সংগ্ৰামী নেতা অখিল গগৈ ৷ বিধানসভাত ৭৮ সংখ্যক আসনত বহিছে বিধায়ক গগৈয়ে। বিৰোধী শিবিৰত বহিছে বিধায়কজন।ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত NIAৰ গোচৰত এবছৰতকৈ অধিক কাল কাৰাৰুদ্ধ হৈ আছে বিধায়ক অখিল গগৈ। কিন্তু স্বাস্থ্যজনিত কাৰণত অখিল গগৈ চিকিৎসাধীন হৈ আছে GMCHত। বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অখিল গগৈক NIAৰ আদালতে বিশেষ অনুমতি দিছিল ৷

কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত অসম বিধানসভাত উপস্থিত শিৱসাগৰৰ বিধায়ক অখিল গগৈ।আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে।

“মোক হত্যা কৰিব পাৰিব ৷ মোৰ কণ্ঠ কোনেও ৰুদ্ধ কৰিব নোৱাৰে ৷ বিধানসভাত সিংহৰ দৰে গৰজি উঠিম।” বিধানসভাত প্ৰৱেশৰ আগ মহূৰ্তত অখিল গগৈৰ হুংকাৰ।

আজি ঐতিহাসিক দিন যদিও ক’লা দিন বুলি মন্তব্য কৰিছে অখিল গগৈয়ে। অখিলৰ অভিযোগ চোৰ-ডকাইতৰ দৰে লৈ আনিছে তেওঁক। টনা-আঁজোৰা কৰি আনিছে গোটেই ৰাস্তাত। এয়া গণতন্ত্ৰৰ নামত কি? এজন জন প্ৰতিনিধিক এনে ব্যৱহাৰ? এই মন্তব্য অখিলৰ।আৰক্ষীৰ বাহনত উঠাই GMCHৰ পৰা অসম বিধান সভালৈ নিয়া হৈছে অখিলক।

আজি বিধায়কৰূপে শপত গ্ৰহণ কৰিব শিৱসাগৰৰ কাৰাৰুদ্ধ বিধায়ক অখিল গগৈয়ে। NIAৰ আদালতে অখিল গগৈক বিধায়ক হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অনুমতি দিছিল ৷”মোৰ কণ্ঠ ৰোধ কৰিব নোৱাৰে, শিৱসাগৰৰ উন্নয়ন হ’বই।” GMCHৰ পৰা অসম বিধান সভালৈ নিয়াৰ সময়ত এই মন্তব্য অখিল গগৈৰ।

ওদালগুৰিত আজি ক’ৰণাত আক্ৰান্তৰ সংখ্যা মুঠ ৮৮ গৰাকী :ভয়াবহ ৰূপত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰুণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি ২০মেত   ওদালগুৰিত ৮৮ গৰাকী  কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত  এক এপ্ৰিলৰ পৰা ২০মেলৈ  আক্ৰান্তৰ সংখ্যা ১৭১৯ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে  ২০মেলৈ ১৭৭৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৮৮  গৰাকী দেহত  কৰোনা ধৰা পৰে।ইয়াৰ ভিতৰৰ ৯১ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন  হৈ থকাৰ বিপৰীতে ৩৪৬ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।সুস্হ হৈ উঠা ৬০ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হয়।ইপিনে-২০মে ২ গৰাকী ক’ভিডত মৃত্যু হোৱাত শেহতীয়া তথ্য অনুসৰি ওদালগুৰিত  মাৰ্চ’২১ৰ পৰা এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৩০ গৰাকীলৈ বৃদ্ধি পালে।নিজ বাস গৃহতে যোৱা এসপ্তাহ ধৰি হোম আইচেলেচনত থকা ওদালগুৰিৰ ৰণথলী বাগিছাৰ ৰজনী হাজৰিকাৰ (৬৫)ৰ ২০মেৰ  বিয়লি ৩ বজাত মৃত্যু হয়।।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে  সজাগ আৰু সচেতন  হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি  চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।ওদালগুৰি জিলাৰ অম্বাগাওৰ ২নং উলুবাৰী আৰু ১নং উলুবাৰী গাওঁত কেইবাজনো লোকৰ দেহত ক’ভিদ পজিটিভ ধৰা পৰাত ৰাইজৰ মাজত ব্যাপক আতংকৰ সৃষ্টি হৈছে ৷ চলিত মাহটোৰ ভিতৰতে  কেথলিক মিশ্চনৰ ফাদাৰ প’ল তিৰ্কি (৩৪) আৰু জেমচ দৈমাৰী ( ২৬) নামৰ দুজন চফল ডেকাৰ মৃত্যুই গাওঁ তথা অন্চলটোত আতংক মাৰ নাযাওতেই  ১৮আৰু১৯ মেত গাওঁখনত চিকিৎসা বিভাগৰ দ্বাৰা RAT পৰীক্ষাৰ অন্তত এগৰাকী শিশুকে ধৰি ৩ গৰাকী লোকৰ দেহত কৰোনাৰ উপস্থিতি ধৰা পৰে ৷ আনহাতে ওচৰৰে ১নং উলুবাৰী গাওঁখনত একেটা পৰিয়ালৰে ৪ জনকৈ ব্যক্তিৰ দেহত ক’ভিদ পজিটিভ ধৰা পৰে ৷আক্ৰান্ত লোক সকল জন দৈমাৰী ( ২৯)তওঁৰে  ৩বছৰৰীয়া সন্তান আৰু নিজৰা কোৱৰ( ১৮) ১নং উলুবাৰী গাওঁৰ আক্ৰান্ত ব্যক্তি কেইগৰাকী হল ধনবহাদুৰ চেত্ৰী (৬৫) গীতা চেত্ৰী ( ৬০) দীপক ৪৫ ,প্ৰকাশ ৩৫ বিকাশ চেত্ৰী ৩৩৷