Home Blog Page 3045

অৱশেষত প্ৰকাশ বৰুৱাক বহিস্কাৰ কৰিলে ৰাইজৰ দলে

বীৰ লাচিত সেনাৰ পৰা আহি ৰাইজৰ দলত যোগদান কৰা নগাঁৱৰ কা বিৰোধী আন্দোলনৰ নেতা প্ৰকাশ বৰুৱাই ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বত আছিল। ৰাইজৰ দলত যোগদান কৰিয়ে নগাঁৱৰ সংখ্যালঘূ অধ্যূষিত অঞ্চলত ৰাইজৰ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিগত সময়ছোৱাত বৰুৱাই বিভিন্ন বিতৰ্কিত মন্তব্য প্ৰদান কৰিছিল।অৱশেষত ৰাইজৰ দলে বহিস্কাৰ কৰিলে বিতৰ্কিত নেতা প্ৰকাশ বৰুৱাক। অসমীয়া মহিলাৰ ওৰণিক ইছলামীয় সংস্কৃতিৰ বোৰ্খাৰ পৰা গ্ৰহণ কৰা বুলি বিতৰ্কিত মন্তব্যৰে সামাজিক মাধ্যমত সমালোচিত হোৱা বৰুৱাক পূৰ্বেও সাধাৰণ ৰাইজে গৰিহণা দিছিল।

কিন্তু সোমবাৰে নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ দক্ষিণ খাটোৱালত আৰএছএছৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন পৰিচালিত হোৱা বুলি মন্তব্য কৰাৰ লগতে এয়া গুৰুজনাৰ নামত আৰএছএছ ৰ ব্যৱসায় বুলিও মন্তব্য কৰিছিল।এখোপ আগুৱাই গৈ বৰুৱাই ৰাইজৰ দলৰ চৰকাৰ হ’লে অসমৰ সকলো শ্ৰীমন্ত শংকৰদেৱ শিশু নিকেতন বন্ধ কৰি দিয়া হ’ব বুলি ঘোষণা কৰে।

এই ঘটনাৰ পিছতে ৰাইজৰ দলৰ সভাপতি ভাস্কো ডি শইকীয়াই প্ৰকাশ বৰুৱাক নগাঁও জিলা সমিতিৰ সম্পাদকৰ দায়িত্বৰ পৰা নিলম্বন কৰা হয় বুলি প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰে। অৱশ্যে বাতৰি প্ৰকাশ হোৱাৰ পিছতহে প্ৰকাশ বৰুৱাক নিলম্বন কৰাৰ পদক্ষেপ লোৱা ৰাইজৰ দলৰ নেতৃত্বই পূৰ্বে কিয় পদক্ষেপ লোৱা নাছিল বুলিও সাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই

এইবাৰ চাইকেল নচলাই কংগ্ৰেছ নেতাই । এইবাৰ সমষ্টিয়ে সমষ্টিয়ে বাছ যাত্ৰা কৰি বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ চলাব শীৰ্ষ কংগ্ৰেছ নেতাই।  কংগ্ৰেছৰ ‘অসম বচাও আহক’ কাৰ্যসূচীৰ অধীনত শীৰ্ষ নেতাই বাছেৰে কৰিব যাত্ৰা। বুধবাৰে এই সন্দৰ্ভত ৰাজীৱ ভৱনত আয়োজন কৰা হয় এখন সংবাদমেল।অহা ১২ ফেব্ৰুৱাৰীত বটদ্ৰৱা সমষ্টিৰ পৰা বাছেৰে যাত্ৰা আৰম্ভ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। সেইদৰে  দেৱব্ৰত শইকীয়াই ১২ ফেব্ৰুৱাৰীত শিৱসাগৰৰ পৰা আৰম্ভ কৰিব বাছ যাত্ৰা। সাংসদ গৌৰৱ গগৈয়ে ১৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ পৰা আৰম্ভ কৰিব যাত্ৰা। সুস্মিতা দেৱে শিলচৰৰ পৰা যাত্ৰা আৰম্ভ কৰি বৰাকৰ তিনিখন জিলা সামৰি ল’ব।ইফালে নিৰ্বাচনৰ প্ৰাক ক্ষণত এতিয়া উদুলি মুদুলি পৰিৱেশ ৰাজীৱ ভৱনত। নতুন নতুন বেনাৰ পোষ্টাৰ লগাই আটক ধুনীয়াকৈ সজাই তুলিছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়টো ।

৫ বছৰীয়া কিশোৰীক নৃশংসভাৱে ধৰ্ষণ কৰি হত্যা, ধৰ্ষণকাৰীক ফাঁচীৰ নিৰ্দেশ

এবছৰৰ পাছত ন্যায় পালে পিংকলাই । হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান।

বিগত বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত হোজাই দাৰিয়া বস্তিত সংঘটিত হোৱা এক জঘন্য ধৰ্ষণও হত্যাকাণ্ডৰ গুৰুত্বপূৰ্ণ ৰায়দান হোজাইৰ শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায় ধীশ আদালতৰ।

দাৰিয়া বস্তিত পিংকলা দেৱী নামৰ এগৰাকী পাঁচ বছৰীয়া কিশোৰীক আতি নৃশংস ভাৱে ধৰ্ষণ কৰি হত্যা কৰিছিল একে গাঁৱৰে নিবাসী চন্দন হৰিজন নামৰ এক পাষণ্ডই।

ঘটনাৰ সংক্ৰান্তত কিশোৰীগৰাকীৰ পিতৃ প্ৰকাশ শৰ্মাৰ হোজাই আৰক্ষী থানাত গোচৰ নং১৬৪/২০ত এজাহাৰ দাখিল কৰিছিল। বুধবাৰে লংকা শংকৰদেৱ নগৰ জিলা ও সত্ৰ ন্যায়ধীশ এচ.চানাবায়া দেউৰী আদালতত চন্দন হৰিজনক দোষী সাব্যস্ত কৰি ফাঁচীৰ নিৰ্দেশ জাৰি কৰে।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি !

বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ধুপগুৰিত অনুষ্ঠিত হোৱা এ আই ইউ ডি এফ দলৰ এখন সভাত “শংকৰদেৱ জিন্দাবাদ” আৰু “শংকৰদেৱ চাহাব” বুলি ধ্বনি দিয়া কাৰ্যক লৈ সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে গুৰুজনাৰ পবিত্ৰ জন্মভূমি বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই দলটোৰ মুৰব্বী তথা সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৷

মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- “অশুভ শক্তিৰ বিৰুদ্ধে বিজেপিয়ে সদায় মাত মাতি আহিছে ৷ জাতি-ভেটি-মাটিৰ সুৰক্ষাৰ বাবে বিজেপি চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ অসমীয়া জাতিক প্ৰাণ প্ৰতিষ্ঠা কৰা, বিশ্ব দৰবাৰত অসমীয়া কৃষ্টি-সংস্কৃতি প্ৰতিষ্ঠা কৰি থৈ যোৱা মহাপুৰুষজনাক জিন্দাবাদ ধ্বনি দিয়াৰ অৰ্থই বা কি৷ গুৰুজনাৰ জন্মভূমিলৈ আহি ৰাজ্যৰ এজন জনপ্ৰতিনিধি আৰু এটা দলৰ মুৰব্বীয়ে যেতিয়া এনেদৰে শংকৰদেৱ জিন্দাবাদ ধ্বনি দিয়ে, তেতিয়াই বুজিব পাৰি অসম কিমান সুৰক্ষিত তেওঁলোকৰ হাতত ৷ আচলতে গুৰুজনাক ভালদৰে নজনাকৈ, গুৰুজনাৰ সৃষ্টি আৰু কৰ্মৰাজিক অধ্যয়ন নকৰাকৈ তেওঁলোকে কিদৰে অসমক সুৰক্ষা দিব তাক সহজেই অনুমান কৰিব পাৰি ৷

বিধায়িকাগৰাকীয়ে লগতে কয় যে, “ড০ হিমন্ত বিশ্ব শৰ্মাই কৈ থকা সভ্যতাৰ যুঁজ এইখনেই৷ আমাৰ সভ্যতাই কেতিয়াও শংকৰদেৱ জিন্দাবাদ ধ্বনি দি পোৱাই নাই৷ আমি সদায় “জয় গুৰু শংকৰ” বুলি জয়ধ্বনি দিওঁ৷ বিধায়কাগৰাকীয়ে আৰু কয় যে বিধানসভা এনেকুৱা এডোখৰ ঠাই য’ত নেকি অসমীয়া কৃষ্টি-সাহিত্য-সংস্কৃতিকে ধৰি বিভিন্ন সমস্যাবোৰ সমাধানৰ বাবে এইবোৰ উত্থাপন কৰা হয়৷ গতিকে গুৰুজনাক ভালদৰে চিনি নোপোৱা এই ধৰণৰ এজন মুৰব্বীয়ে পঠিওৱা সদস্য যেতিয়া বিধানসভালৈ যাব, তেতিয়া অসমখন কোনফালে গতি কৰিব বা অসমৰ সংস্কৃতি কোন দিশে ধাবৱান হ’ব সেয়া সহজেই বুজিব পাৰি৷”

শংকৰদেৱ জিন্দাবাদ ধ্বনিয়ে অসমীয়া জাতি সত্ত্বাক আৰু গুৰুজনাক অপমান কৰিছে বুলি উল্লেখ কৰি বিধায়িকাগৰাকীয়ে অনতিপলমে ৰাজ্যবাসীৰ ওচৰত এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়। এনে ধৰণৰ মন্তব্যই অসমত পৰৱৰ্তী সময়ত অশোভনীয় পৰিস্থিতিৰ সৃষ্টি কৰাত অৰিহনা যোগাব বুলি কয় আঙুৰলতা ডেকাই ৷

বিধায়িকা আঙুলতাৰ উপস্থিতিত বিজেপিত যোগদান অভিনেতা নয়ন নিৰ্বানৰ

মঙলবাৰে বটদ্ৰৱা সমষ্টিৰ দলংঘাটত গেৰুৱা বসন পিন্ধিলে অভিনেতা নয়ন নিৰ্বান বৰুৱাই । পূৰ্বতে কংগ্ৰেছ দলত যোগদান কৰা অভিনেতা নয়ন নিৰ্বান বৰুৱাই ‘কা’ আন্দোলনৰ সময়ত বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ কৰায়ো দেখিব পোৱা গৈছিল । মঙলবাৰে দলংঘাটত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ পৃষ্ঠা প্ৰমুখ সন্মিলন আৰু যোগদান কাৰ্যসূচীত বিধায়িকা আঙুৰলতা ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে।

এই যোগদান কাৰ্যসূচীতে নয়ন নিৰ্বান বৰুৱাৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জ্যেষ্ঠ অভিনেত্ৰী ভাৰতী কলিতা, অভিনেতা বিপুল বৰা, অবিনাশ দাসকে প্ৰমুখ্য কৰি বটদ্ৰৱা সমষ্টিৰ কেইবাগৰাকী শিল্পী, কলা-কুশলীৰ লগতে কংগ্ৰেছ দলৰ কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ।

এষাৰো কথা ক’ব পৰা অৱস্থাত নাই প্ৰিয়দা গগৈ

ক্ৰমশ গুৰুতৰ অৱস্থালৈ গতি কৰিছে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ স্বাস্থ্য । মঙলবাৰে সন্ধিয়া যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত চিকিৎসাধীন হৈ থকা কাৰাবন্দী অখিল গগৈৰ মাতৃৰ স্বাস্থ্য বুজ লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

বিধায়কগৰাকীয়ে প্ৰিয়দা গগৈৰ পৰিয়ালৰ লোকৰ লগত মত বিনিময় কৰাৰ লগতে প্ৰিয়দা গগৈৰ চিকিৎসা আগবঢ়াই থকা চিকিৎসা মহাবিদ্যালয়খনৰ জ্যেষ্ঠ চিকিৎসকসকলৰ লগতো আলোচনাত মিলিত হয় ।

অখিল মাতৃৰ স্বাস্থ্যৰ বুজ লৈ ওলাই আহি সাংবাদিকৰ আগত কুৰ্মীয়ে কয়, “চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া বাবে অখিল গগৈক অন্যায়ভাৱে দীৰ্ঘদিনে বন্দী কৰি ৰাখিছে বিজেপি চৰকাৰে। যাৰ বাবে মাতৃ অসুস্থ হৈ পৰিছে। খাবলৈ মন নকৰা হৈছে। স্বাস্থ্যৰ অৱনতি হৈছে। আজি তেওঁ এষাৰো কথা ক’ব পৰা অৱস্থাত নাই। মাত্ৰ চকুপানী টুুকি আছে।”বিধায়ক গৰাকীয়ে কয়, “অখিল গগৈৰ মাতৃৰ স্বাস্থ্যক লৈ আমি চিন্তিত হৈ পৰিছো। অখিল গগৈৰ মাতৃ অকল অখিল গগৈৰ মাতৃৰ নহয়। অসমৰ মাতৃ। যদি মাতৃৰ কিবা হ’বলৈ হয় তেন্তে ইয়াৰ ভয়াৱহ পৰিস্থিতি ভুগিব লাগিব বিজেপি দল আৰু চৰকাৰে।

৭ মাহত ৭বাৰ বিক্ৰী এগৰাকী যুৱতীক, অৱশেষত আত্মহত্যা !

৭ মাহত ৭বাৰ বিক্ৰী। ছত্তীশগড়ৰ যুৱতীক বাৰম্বাৰ নির্যাতনৰ ঘটনাত ৮ জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। মধ্যপ্রদেশ, উত্তৰ প্রদেশ আৰু ছত্তীশগড়ৰ পৰা এওঁলোকক গ্রেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, বিগত ছেপ্টেম্বৰ মাহত যুৱতীগৰাকীয়ে আত্মহত্যা কৰে। আত্মহত্যাৰ পিছত তদন্তত গতি আহে। তাৰ পিছতেই গ্রেপ্তাৰ কৰা হয় ৩ ৰাজ্যৰ ৮ বাসিন্দাক।

ঘটনাটি প্রথম পোহৰলৈ আহে ছত্তীশগড়ৰ বাসিন্দা যুৱতীগৰাকী অপহৃত হোৱাৰ পিছত। পেছাত কৃষক পিতৃক কৃষিকাৰ্যত সহায় কৰিছিল যুৱতীগৰাকীয়ে। মধ্যপ্রদেশৰ ছতৰপুৰ জিলাৰ এক আত্মীয়ৰ ঘৰলৈ আহিছিল কামৰ সন্ধানত। তাৰ পৰাই তেওঁক অপহৰণ কৰা হয়। পৰিয়ালে আৰক্ষীৰ ওচৰত অভিযোগ কৰি জনায়, অপহৰণকাৰীয়ে বিপুল পৰিমাণৰ ধন দাবী কৰে। অন্যথা যুৱতীগৰাকীক হত্যাৰ ভাবুকি দিয়ে।

পিছত আৰক্ষীৰ তদন্তত জনা যায় যে কাম দিয়াৰ প্রলোভন দেখুৱাই ঘৰৰ পৰা মধ্যপ্রদেশলৈ যিজন আত্মীয়ই যুৱতীগৰাকীক লৈ আহিছিল, তেওঁলোকেই পিছত ২০ হাজাৰ টকাত তেওঁক বিক্ৰী কৰি দিয়ে। তাৰ পিছত সেই ক্রেতাই পুনৰ ৭০ হাজাৰ টকাত বিক্ৰী কৰে যুৱতীগৰাকীক।

তাৰ পিছত বাবলু কুশাৱাহ নামৰ এজন বিশেষভাবে সক্ষম যুৱকৰ ওচৰত যুৱতীগৰাকীক জোৰ কৰি বিক্ৰী কৰা হয়। ইয়াৰ পিছতো ৪ বাৰ বিক্ৰী কৰা হয় তেওঁক।আৰক্ষীয়ে জনোৱা মতে, মুঠ ৭ মাহৰ ব্যৱধানত ৭ বাৰ বিক্ৰী কৰা হয় যুৱতী গৰাকীক। এই দীর্ঘ যন্ত্রণা সহ্য কৰিব নোৱাৰি যোৱা ছেপ্টেম্বৰ মাহত আত্মহত্যা কৰে যুৱতীগৰাকীয়ে।

“মই আৰু বাচি নাথাকিম,শেষবাৰৰ মোৰ সোনটোৰ মুখখন চাবলৈ মন গৈছে”

মই আৰু বাচি নাথাকিম, শেষবাৰৰ বাবে মোৰ সোনটোৰ মুখখন চাবলৈ মন গৈছে”– এইদৰে শয্যাশায়ী প্ৰিয়দা গগৈয়ে পুত্ৰ বিচাৰি উচুপি উঠিছে। আনহাতে প্ৰিয়দা গগৈৰ দৃষ্টিশক্তিও সম্পূূূূৰ্ণ ৰূপে লোপ পোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা গুৰুতৰভাৱে অসুস্থ প্ৰিয়দা গগৈক এখন এম্বুুুুলেন্সৰ যোগেদি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে। বছৰতকৈও অধিক দিন কাৰাবন্দী হৈ থকা কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ শাৰীৰিক অৱস্থা শেহতীয়াকৈ অতি সংকটজনক হৈ পৰিছে। ৮০ৰ ঊৰ্ধ্বৰ অখিলৰ মাতৃ দীৰ্ঘদিনে মধুমেহ, হৃদৰোগ, চকুত চানি পৰা ৰোগ লগতে ককাল আৰু মাংসপেশীৰ বিষত আক্ৰান্ত হৈ আছে। আনহাতে যোৱানিশাৰ পৰা প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। পুৱতিনিশাৰ পৰা প্ৰিয়দা গগৈৰ একাধিক বাৰ শৌচ-বমি হোৱা লগতে শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে।

উল্লেখযোগ্য যে কাৰাৰুদ্ধ হৈ থকা পুুুুত্ৰ অখিল গগৈৰ মুুক্তিৰ কামনা কৰি বৃদ্ধা মাতৃৃ প্ৰিয়দা গগৈয়ে বিভিন্ন সময়ত চৰকাৰক কাকুুতি–মিনতি কৰি অহা লগতে নামঘৰত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিছিল। অখিল মাতৃৃ প্ৰিয়দা গগৈৰ স্বাস্থ্যৰ অৱস্থাই অঞ্চলবাসীৰ লগতে কৃষক মুুুক্তি আৰু ৰাইজৰ দলৰ কৰ্মকতাসকলক উদ্বিগ্ন কৰি তুলিছে।

কৃষক বিদ্ৰোহত উদগনি : পাকিস্তান পৰিচালিত ১১০০ টা টুইটাৰ একাউণ্ট বন্ধৰ নিৰ্দেশ চৰকাৰৰ

দিল্লীত প্ৰায় দুমাহ ধৰি চলি থকা আন্দোলন কৰি থকা কৃষকসকলক পাকিস্তানৰ পৰা পৰিচালিত সহস্ৰাধিক টুইটাৰ একাউণ্টৰ জৰিয়তে উচটনি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভাৰত চৰকাৰে ।

সেই মৰ্মে পাকিস্তানৰ পৰা পৰিচালিত বুলি সন্দেহ কৰা ১১৭৮ টা টুইটাৰ একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ৪ ফেব্ৰুৱাৰীতে চৰকাৰে টুইটাৰ কৰ্তৃপক্ষলৈ এনে টুইটাৰ একাউণ্টৰ এখন তালিকা দাখিল কৰিছে।

উক্ত টুইটাৰ একাউণ্টৰ জৰিয়তে কৃষকসকলক বিভিন্ন ধৰণে প্ৰৰোচিত কৰা হৈছে বুলি চৰকাৰে অভিযোগ কৰিছে। ইয়াৰ পূৰ্বেও কেন্দ্ৰৰ হেঁচাত ২৫৭ টা টুইটাৰ একাউণ্ট বন্ধ কৰি দিয়া হৈছিল।

উল্লেখ্য  পাকিস্তানে ৩০৮ টা ভুৱা টুইটাৰ একাউণ্ট ব্যৱহাৰ কৰি কৃষকৰ ট্ৰেক্টৰ ৰেলী হিংসাত্মক কৰি তুলিবলৈ  চেষ্টা চলোৱা বুলি  দিল্লী আৰক্ষীৰ শীৰ্ষ বিষয়া দীপেন্দ্ৰ পাঠকে  কিছুদিন পূৰ্বে প্ৰকাশ কৰিছিল।

তেওঁ কৈছিল যে পাকিস্তানত ১৩ জানুৱাৰীৰ পৰা ১৮ জানুৱাৰীৰ ভিতৰত সেই টুইটাৰ একাউণ্ট কেইটা খোলা হৈছিল ।

উল্লেখ্য যে কেন্দ্ৰৰ তিনিখন বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীত দিল্লী সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰচণ্ড শীতকো নেওচি দেশৰ হাজাৰ হাজাৰ কৃষকে যোৱা প্ৰায় দুমাহ ধৰি আন্দোলন কৰি আছে।

মিয়া খালিফাৰ প্ৰশ্ন “দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহক লৈ প্ৰিয়ংকা চোপ্ৰা কিয় মনে মনে আছে ?”

বলিউদৰ তাৰকা তথা আমেৰিকাৰ বোৱাৰী প্ৰিয়ংকা চোপ্ৰা দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহ সম্পৰ্কে কিয় নিশ্চুপ হৈ আছে সেই কথা জানিব বিচাৰিছে ইন্টাৰনেট ব্যক্তিত্ব মিয়া খালিফাই।

যোৱা ৭০ টাৰো অধিক দিন দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অব্যাহত থকা কৃষক বিদ্ৰোহৰ বিষয়ে বলিউদৰ অভিনেত্ৰীগৰাকী নিশ্চুপ হৈ থকা বুলি অভিযোগ তুলিছে মিয়া খালিফাই।

সোমবাৰে দিয়া এটা টুইটত লেবাননৰ বৰ্তমানৰ ইন্টাৰনেট ব্যক্তিত্বগৰাকীয়ে মিমেছ জ’নাছ বুলি প্ৰিয়ংকা চোপ্ৰালৈ আঙুলিয়াই কৃষক বিদ্ৰোহৰ সন্দৰ্ভত কিয় নিশ্চুপ হৈ আছে সেয়া জানিব বিচাৰে।

“মিচেছ জ’নাছ মাত শুনিবলৈ পাম নে? মই মাত্ৰ জানিবলৈ ইচ্ছুক।…’ মিয়া খালিফাই কয়।

মিয়া খালিফাৰ এই টুইটৰ পিছতে সামাজিক মাধ্যমত এই বিষয়টোক লৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ্য যে যোৱা ডিচেম্বৰতে প্ৰিয়ংকা চোপ্ৰাই দিল্লী সীমান্তৰ কৃষক বিদ্ৰোহৰ সন্দৰ্ভত টুইট কৰি নিজৰ স্থিতি প্ৰকাশ কৰিছিল।

কণ্ঠশিল্পী দলজিৎ সিঙৰ এটা টুইট শ্বেয়াৰ কৰি প্ৰিয়ংকা চোপ্ৰাই টুইট কৰি কৈছিল, “আমাৰ কৃষকসকল ভাৰতৰ খাদ্য সৈনিক, তেওঁলোকৰ সংশয় দূৰ কৰিব লাগে। তেওঁলোকৰ আশা পূৰণ কৰাৰ প্ৰয়োজন। এখন সমৃদ্ধ গণতন্ত্ৰ হিচাপে আমি এইটো নিশ্চিত কৰিব লাগিব যে এই সংকটবোৰ যাতে অতি শীঘ্ৰে সমাধান হয়।”