নগাঁৱৰ বঢ়মপুৰৰ বাৰগঞা মন্দিৰ সমীপত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বঢ়মপুৰৰ বাৰগঁঞা নামঘৰৰ সমীপতত থকা এটা পুখুৰীত উপঙি থকা অবস্থাত উদ্ধাৰ হয় মৃতদেহটো ।এজন অচিনাক্ত লোকৰ এই মৃতদেহটোক লৈ বঢ়মপুৰত এতিয়া তীব্ৰ চৰ্চা চলিছে ।কিয়নো বঢ়মপুৰৰ কোনো অঞ্চলৰ পৰিচিত ব্যক্তিৰ নোহোৱা এই মৃতদেহটো কিদৰে বঢ়মপুৰৰ উক্ত অজ্ঞাত স্থানত কিদৰে উদ্ধাৰ হ’ল তাক লৈ এতিয়া ৰহস্যঘন হৈ পৰিছে ।আনপিনে সন্দেহ কৰা হৈছে যে প্ৰায় দুই তিনিদিন পূৰ্বে মৃতদেহটো পুখুৰীত পৰা কিয়নো ইতিমধ্যেয়ে মৃতদেহটো গেলিবলৈ আৰম্ভ কৰিছে ।পাছত সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উক্ত স্থানত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।উল্লেখ্য যে অচিনাক্ত এই লোকজনৰ মৃতদেহটো কিদৰে বঢ়মপুৰৰ বাৰেগঞা নামঘৰৰ সমীপৰ পুখুৰীলৈ আহিল ।সেয়া পৰবৰ্তী সময়ত আৰক্ষীৰ সঠিক তদন্তহে পোহৰলৈ আহিব ।
কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সাধাৰণ ৰোগীৰ হাহাকাৰ : কভিড নিগেটিভ লোককো প্ৰেচাৰ পৰীক্ষা নকৰে
যোৰহাট জিলাৰ বৃহত্তৰ কাকজান গ্ৰাম্য এলেকাৰ লোক সকলৰ স্বাস্থ্য ৰক্ষাৰ একমাত্ৰ ভৰসাৰ একমাত্ৰ স্থল হল কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । বিভিন্ন সময়ত এই কেন্দ্ৰত সংঘটিত কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈ আহিছে । কভিড সৃষ্ট এই পৰিবেশত মুষ্টিমেয় কেইজনমান কৰ্মচাৰীৰ বাহিৰে প্ৰায় বোৰেই ৰোগী আৰু আত্মীয়ক অশালীন ব্যৱহাৰ কৰি অহাৰ অভিযোগ প্ৰায়েই পোৱা যায় । শেহতীয়াকৈ চিকিৎসালয় খনত ঠাকুৰীয়া উপাধিৰ এগৰাকী চিকিৎসকে ৰোগীক চিকিৎসাৰ কেতবোৰ নিয়ম নিজেই সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে । প্ৰাপ্ত অভিযোগ মতে কভিড পৰীক্ষাৰ অন্তত নিগেটিভ কাগজ দেখুৱাৰ পিছতো ৰোগীক প্ৰেচাৰ (BP)পৰীক্ষা নকৰে । তেওঁৰ মতে কভিডৰ বাবে ৰোগীক এই পৰীক্ষা কৰা নহয়। এতিয়া সাধাৰণ ৰাইজৰ এটাই প্রশ্ন যদি উক্ত ৰোগী জন উচ্চ ৰক্তচাপত ভুগি মৃত্যুক আঁকোৱালি লব লগীয়া হয় তাৰ বাবে দায়ী কোন হব। এটা কথা ঠিক কভিডৰ নীতি নিয়ম ৰক্ষা কৰাটো চিকিৎসক ৰোগী সাধাৰণ ৰাইজ সকলোৰে দায়িত্ব। কিন্তু এগৰাকী চিকিৎসকে সম্পূৰ্ণ নীতি নিয়ম বৰ্তাই ৰাখি ৰোগীক প্ৰাথমিক পৰীক্ষা সমূহ কিয় কৰিব নোৱাৰে । এই মহিলা চিকিৎসক গৰাকীৰ বিৰুদ্ধে পুৰ্বেও বহু অভিযোগ উত্থাপিত হৈ আহিছে ।এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া অথবা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যনীয় বিষয় হ’ব ।
প্ৰয়াত হোমেন বৰগোহাঞি ৰ বাসগৃহত উপস্থিত মন্ত্ৰী পীযুষ হাজৰিকা
জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্রী পীযুষ হাজৰিকাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে আজি প্ৰয়াত হোমেন বৰগোহাঞিৰ খাৰঘূলিৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা শোক সংবাদ পত্ৰখন শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হাতত প্ৰদান কৰে।
বিশিষ্ট সাহিত্যিক,বুদ্ধিজীৱী,সাংবাদিক জনৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে ।
ৰঙ্গেশ্বৰীত মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি উধাও ঠিকাদাৰ, আতংকিত গঞাৰ ব্যৱস্থা গ্ৰহণৰ দাবী
বাৰিষাৰ সময় কাষ চাপি অহাৰ লগে লগে চিন্তিত হৈ পৰিছে ৰাজ্যৰ নৈপৰীয়া আৰু ভগ্ন মথাউৰিৰ আশেপাশে থকা লোকসকল। নগৰবেৰাৰ ৰঙ্গেশ্বৰীতো মথাউৰি নিৰ্মাণ কাৰ্য্য আধৰুৱা কৰি ঠিকাদাৰ উধাও হোৱাত চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৰাইজে। কিয়নো যোৱাটো বানে ৰঙ্গেশ্বৰী গাঁৱৰ মাজেৰে যোৱা ই এণ্ড ডি মথাউৰিটোৰ কেইবাঠাইত ছিঙি নিয়াৰ ফলত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাইজৰ মাজত। তাৰ পাছতে মথাউৰিটো পুণৰ নিৰ্মানৰ বাবে এছ ডি আৰ এফ আঁচনিৰ অধীনত প্ৰায় এক কৌটি ১৭ লাখ টকা ধাৰ্য্য কৰিছিল জলসম্পদ বিভাগে। প্ৰায় পাঁচ মাহ পূৰ্বে যুটীয়া ভাৱে আঁচনিটোৰ আধাৰশিলা স্থাপন কৰিছিল ৭ নং গুৱাহাটী লোকসভাৰ সাংসদ কুইন ওঝা আৰু স্থানীয় বিধায়িকা নন্দিতা দাসে। সেইমতেই প্ৰায় তিনিমাহ পূৰ্বে অৰ্থাৎ খৰালী দিনত আৰম্ভ হৈছিল পথটিৰ নিৰ্মাণকাৰ্য্য। কিন্তু সামান্য পৰিমানৰ (৫%)কাম কৰিয়েই উধাও হয় কামৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱা। যাৰ বাবে আজিও আধৰুৱা হৈয়ে থাকিল মথাউৰিটোৰ নিৰ্মানকাৰ্য। ফলত চিন্তিত হৈ পৰিছে মথাউৰিটোৰ ভিতৰফালে বসবাস কৰা লোকসকল। উল্লেখ্য যে অঞ্চলটোৰ ৰাইজে বাৰম্বাৰ জলসম্পদ বিভাগক আবেদন নিবেদন কৰিও নাপালে কোনো সুফল। বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ নহলে পুনৰ এক অনাকাংক্ষিত পৰিৱেশৰ সন্মুখীন হব লাগিব বুলি গাঁওবাসীয়ে মন্তব্য কৰে। সেয়ে বাৰিষাৰ পূৰ্বেই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ কৰিবলৈ ৰাজ্যৰ নৱ নিৰ্বাচিত জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাক অঞ্চলটোৰ ৰাইজে দাবী জনোৱাৰ লগতে নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ পৱণ বৰুৱাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।
ডিগবৈৰ গ্ৰেনেড বিস্ফোৰণত জড়িত পালচাৰ বাইক জব্দ, আটক এজন
ডিগবৈ টিংৰাইৰ গ্ৰেনেড বিস্ফোৰণত জড়িত থকা পালচাৰ বাইক জব্দ কৰিছে আৰক্ষীয়ে। লগতে এই বিস্ফোৰণত জড়িত এজন লোকক আটক কৰিছে আৰক্ষীয়ে। ধৃত যুৱক জন লক্ষীপথাৰ দেওঘৰীয়া গাঁৱৰ হীৰেণ গগৈ। পূৰ্বে কেইবাটাও ধন দাবী আৰু ডকাইতি গোচৰতো জড়িত আছিল এই যুৱকজন। পুৱতি নিশা চাৰি বজাত লক্ষীপথাৰ বাসগৃহৰ পৰা তিনিচুকীয়া আৰক্ষীয়ে অভিযান চলাই আটক কৰে দুৰ্বৃত্তটোক। আৰক্ষী উপ-মহাপৰিদৰ্শক জিৎমল দলেৰ নেতৃত্বত বৰ্তমানেও দুই দুৰ্বৃত্তৰ সন্ধানত অভিযান চলাই আছে আৰক্ষীয়ে। বৰ্তমান যুৱকজনক জিৎমল দলেৰ তত্ত্বাৱধানত জেৰা অব্যাহত ৰখা হৈছে।
অপহৃত ৰিতুল শইকীয়াৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অতি সোনকালে ৰিতুলক উদ্ধাৰৰ আশ্ৱাস
আলফা স্ৱাধিনে অপহৰণ কৰা বৰহোলাৰ ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। বৰহোলাৰ নাঙল গাঁৱত ৰিতুল শইকীয়াৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালক লগ কৰা লগতে ৰিতুল শইকীয়াৰ অসুখীয়া মাতৃৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।গুৱাহাটীৰ পৰা হেলিকপ্টাৰেৰে আহি ন পাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অৱতৰণ কৰি পোনে পোনে ৰিতুল শইকীয়াৰ বাসগৃহলৈ যায় মুখ্যমন্ত্ৰী শৰ্মাই।উল্লেখ্য, অপহৃত ONGCৰ কৰ্মচাৰী ৰিতুল শইকীয়া ম্যানমাৰত আছে আৰু ভালে আছে বুলি জনাইছিল মুখ্যমন্ত্ৰীয়ে। ৰিতুলক উভতাই অনাৰ বাবেও চৰকাৰে পদক্ষেপ লোৱা বুলি জনায় মুখ্যমন্ত্ৰী শৰ্মাই।
লাহৰীঘাটত লুইতৰ গৰাখহনীয়া অব্যাহত!নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ!যোৱা বৰ্ষত নিৰ্মিত মথাউৰি জাহ যোৱাৰ সম্ভাৱনা
বাৰিষাৰ পূৰ্বেই মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে লুইতৰ গৰাখহনীয়া !লাহৰীঘাটৰ ভিন্ন স্হানত লুইতে অধিক উগ্ৰৰূপ ধাৰণ কৰাত নৈপৰীয়া লোকসকলৰ মাজত হাহাকাৰ লাগিছে !বাৰিষাৰ পূৰ্বেই গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাত নৈপৰীয়া লোকসকল অধিক শংকিত হৈ পৰিছে !সম্প্ৰতি লাহৰীঘাটৰ মহমাৰী পথাৰ আৰু টেঙাগুৰি কছাৰী গাঁৱত খহনীয়া অব্যাহত আছে ! যোৱা এমাহ ধৰি এই দুয়োটা অঞ্চলত অব্যাহত থকা গৰাখহনাীয়াত প্ৰায় অৰ্ধশতাধিক পৰিয়াল গ়হহীন হৈছে !ইয়াৰ উপৰি এই গৰাখহনীয়াত জাহ গৈছে শয্য শ্যামলা পথাৰ !খহনীয়াই উগ্ৰৰূপ ধাৰণ কৰাত একাংশ নৈপৰীয়া লোক নিৰাপদ স্হানত ঢাপলি মেলিছে !গৰাখহনীয়াত মাটি ভেটি হেৰুৱা অধিকাংশ লোক ৰাজপথত আশ্ৰয় লব লগা হৈছে !এইদৰে খহনীয়া চলি থাকিলে বাৰিষাত খহনীয়াই অধিক ভয়াৱহ ৰূপ লব বুলি নৈ পৰীয়া লোক সকলে ধাৰণা কৰি একাংশই নিৰাপদ স্হানত যোৱাৰ প্ৰস্ততি চলাইছে !ইফালে এইদৰে মহমাৰী পথাৰত গৰাখহনীয়া অব্যাহত থাকিলে কিছুদিনৰ ভিতৰতেই যোৱা বৰ্ষত জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি জাহ যোৱাৰ সম্ভাৱনা আছে !মথাউৰিৰ পৰা মাত্ৰ ৩০০মিটাৰ দূৰত্বত লুইতে তাণ্ডৱলীলা অব্যাহত ৰাখিছে !গৰাখহনীয়াত জাহ গলে বাৰিষাত বানত বুৰ যাব সমগ্ৰ মৰিগাঁও জিলা !মথাউৰি জাহ যোৱাৰ আশংকাত আতংকিত হৈ পৰিছে জিলা বাসী !গৰাখহনীয়াই তাণ্ডৱলীলা অব্যাহত থকাৰ পিছতো জিলা জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্হা গ্ৰহন কৰা নাই বুলি নৈপৰীয়া ৰাইজে অভিযোগ কৰিছে ! মহমাৰী পথাৰ আৰু টেঙাগুৰি কছাৰী গাঁৱত অব্যাহত থকা গৰাখহনীয়াৰ সাময়িক ভাৱে প্ৰতিৰোধৰ ব্যৱস্হাা কৰি মথাউৰি ৰক্ষাকৰিবলৈ নৱ গঠিত মিত্ৰজোঁট চৰকাৰ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক নৈপৰীয়া ৰাইজে অনুৰোধ জনাইছে !অন্যথা বাৰিষাৰ সময়ত জিলাখনৰ অধিকাংশ অঞ্চলত হাহাকাৰময় পৰিবেশৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে !
তাহানিৰ আভিজাত্যৰ প্ৰতীক, আজি যেন নষ্টালজিয়া৷এসময়ৰ ভাৰতীয় ৰাজপথৰ সম্ৰাট আজি সকলোৰে বাবে অতিত
চুবুৰীয়া কোনো এটা শিশুৱে যদি হাতৰ তলুৱাৰে বহুদিনৰ পৰা খামোচ মাৰি ধৰি থকা ধূলিৰ প্ৰলেপখিনি আতঁৰাই গ্লাছেৰে ভিতৰলৈ জুমি চাইছে,কোনোৱে আকৌ তাৰ বুকুত এ বি চি ডি-ক খ গ ঘ-১ ২ ৩ ৪ ৰ আখৰ লিখাৰ আখৰা চলাইছে ৷ বহুতে আকৌ তাৰ আঁৰ লৈ খেলিছে শৈশৱৰ লুকা-ভাকু,চোৰ-পুলিছৰ খেলা ৷ মুঠৰ ওপৰত তাৰ ওপৰেৰে পাৰ হৈ গৈছে ইটোৰ পিছত সিটোকৈ বহুত ফাগুন ৷ আগতে হোৱা হলে আপোনাৰ সন্মুখেৰে দৌৰি থাকিলহেতেঁন সি বীৰদৰ্পে ৷ যাক এসময়ত ৰাজকীয় মৰ্যাদা দিছিল গৰাকীয়ে,তালৈ এতিয়া কেৰাহিকৈয়ো নোচোৱা হ’ল কোনো এজন মানুহে ৷ তাৰ এতিয়া কেৱল এটাই মাঠো কাম- ৰ’দে, বৰষুণে এলাইবাদু হৈ গৰাকীৰ গেৰেজতে পৰি ৰোৱা ৷ মুঠৰ ওপৰত ই এতিয়া গৃহস্থৰ কাৰণে এক ডাঙৰ বুজা ৷ পেলাও বুলিও খালে-ডোঙে ক’তো সহজতে পেলাই দিবও নোৱাৰে কোনেও ৷ হয়,কৱলৈ লোৱা হৈছে হৈছে স্বৰাজোত্তৰ ভাৰতৰ একমাত্ৰ ৰাজকীয় বাহন,শ-শ কিলোমিটাৰ জোৰা পথ অতিক্ৰম কৰিবলৈ যোৱাৰ সময়ত সততে ব্যৱহাৰ কৰা,অতিকৈ আৰামদায়ক,আপোনাৰ মোৰ লগতে সহস্ৰজন যাত্ৰীৰ বহু স্মৃতিৰ সৈতে জড়িত “এম্বেছাডৰ”বা “টেক্সিৰ” কথাই ৷ অভিধানিক অৰ্থত “ৰাজদূত” বা “কটকী” এই এম্বেছাডৰ শব্দটো উচ্চাৰণ হ’লেই সকলোৰে মানসপটত ভাহিঁ উঠে হিন্দুস্থান মটৰ্ছ কোম্পানীৰ বেনাৰত নিৰ্মিত এম্বেছাডৰ গাড়ীখনৰ কথাই ৷ ভাৰতীয় পথৰএটা সময়ত “ভাৰতীয় ৰাজপথৰ ৰজা” নামেৰে পৰিচিত এম্বেছাডৰ গাড়ীখন হিন্দুস্থান মৰ্টছ কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছিল ১৯৫৮ চনত ৷ এই হিন্দুস্থান মৰ্টছ কোম্পানীয়ে নিৰ্মাণ কৰা আভিজাত্যৰ প্ৰতীক স্বৰূপ এম্বেছাডৰ গাড়ীৰ গৰাকী হব পৰাটোও এটা সময়ত অতিকৈ গৌৰৱৰ কথা আছিল ৷ সেই সময়ত এইখনে এম্বেছাডৰ গাড়ীয়েই একমাত্ৰ আভিজাত্যৰ প্ৰতীক আছিল সেইসকল নগৰ-চহৰত বসবাস কৰা গৰাকীৰ বাবে ৷ সময়ৰ সৈতে খোজ মিলাই হিন্দুস্থান মৰ্টছে কোম্পানীয়ে নিৰ্মাণ কৰা এম্বেছাডৰ গাড়ীয়ে লাহে লাহে ভাৰতীয় ৰাজপথৰ সম্ৰাট হৈ সংগ দিছিল শতসহস্ৰলোকক ৷ “মাৰ্ক-৪” ১৯৭৯-৯০,ন’ভা-১৯৯০-৯৯,ক্লাছিক-১৯৯৮-২০১০,এভ্ৰিগ’-২০০৪-১০,গ্ৰেণ্ড-২০০৩-১৩ আদি নতুন নতুন মডেলেৰে বিশ্বৰ দ্বিতীয় বৃহৎ ভাৰতীয় বজাৰত জনতাৰ চাহিদা পুৰণ কৰা এম্বেছাডৰৰ এটা সময়ত হিন্দুস্থান মৰ্টছে ম’ৰিছ অক্সফ’ৰ্ড থ্ৰীৰ আৰ্হি গ্ৰহণ কৰি এম্বেছাডৰ নিৰ্মাণ কৰাত ব্যস্ত হৈ পৰিছিল ৷ ভাৰতীয় বজাৰলৈ মাৰুতি কোম্পানী নহালৈকে সকলো ঠিকেই আছিল ৷ তেতিয়াৰ সময়ত দেশৰ ৰজাৰ পৰা আৰম্ভ কৰি প্ৰজালৈকে সকলোৱে আৰামদায়ক যাত্ৰাৰ সোৱাদ লৈছিল কেৱল এম্বেছাডৰ গাড়ীত উঠি ৷ বিয়াগোম ৰাজনৈতিক নেতা,মন্ত্ৰী,আমোলা,প্ৰশাসনিক বিষয়া সকলোৰে প্ৰথম পছন্দ আছিল এই এম্বেছাডৰ গাড়ী ৷নিতৌ পৰিৱৰ্তন হোৱা মানুহৰ ৰুচিৰ ওপৰত ভিত্তি কৰি বিশ্বৰ দ্বিতীয় সৰ্ব্ববৃহৎ ভাৰতীয় বজাৰত দেশী-বিদেশী বহুতো কোম্পানীয়ে মেলি দিলে অত্যাধুনিক সা-সুবিধাযুক্ত চাৰিচকীয়া বিলাসী বাহন সমূহ ৷ অৱশেষত ২০১৪ চনৰ ১ এপ্ৰিলত হিন্দুস্থান মৰ্টছে হঠাতে বন্ধ কৰি দিলে এম্বেছাডৰ গাড়ীৰ নিৰ্মাণ ৷ কিয়নো,২০১১-১২ বিৰ্ত্তীয় বৰ্ষত মাত্ৰ ২৫০০ খন এম্বেছাডৰ গাড়ীহে বৃহৎ ভাৰতীয় বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হোৱা হিন্দুস্থান মৰ্টছে সন্মুখীন হৈছিলি সেই বৰ্ষটোত প্ৰায় ২৯৯.৬ মিলিয়ন টকাৰ লোকচানৰ ৷ তাৰ পিছতো যেনিবা পঞ্চাশ-ষাঠী খন এম্বেছাডৰ গাড়ী মানুহে কিনিকা নহয় ৷ কিন্ত সেইয়া আজিৰ প্ৰতিযোগিতা পৃথিৱীখনৰ বজাৰৰ বাবে তেনেই নগন্য ৷বহু লোকে আকৌ তাহানিৰ আৰাম দায়ক বাহন,দুৰনিবতীয়া যাত্ৰাৰ বাবে অতিকৈ সুৰক্ষিত বাহন এম্বেছাডৰ পৰিত্যাগ কৰি এতিয়া মাশ্বিৰ্ডিজ, ই’নভা,স্কৰপি’অ,ফৰচুনাৰ,স্কভা,হুণ্ডা,চিটী,ৱাগনাৰ,এছেন্ট,এস্ক ইউ ভি,ক্ৰেটা,হুণ্ডাই এল্কাইজাৰ-মহিন্দা এস্কইউভি-ফৰ্ড-স্কাডা-অ’ডি-টাটা ইণ্ডিকা-বিএমডাব্লিও-ৰেনল্ড-মাৰুতি এল’ট্ৰ-ড্ৰাষ্টাৰ-ক্ৰিয়া চ’নেট-হুণ্ডা জাজ-ৰেঞ্জ ৰ’ভাৰআদিলৈ ঢাপলি মেলিলে আৰু গেৰেজত বা ঘৰৰ চোতালৰ এচুকত ধুলি-মাকতিৰ বুকুত এৰি দিলে পুৰণি এম্বেছাডৰ খন ৷ কিন্ত,তাৰ মাজতে আকৌ বহু লোকৰ বাবে এতিয়াও মৰমৰ এম্বেছাডৰ খন আৰামদায়ক আৰু সুৰক্ষিত ভ্ৰমণ সংগী হৈয়ে আছে ৷ উল্লেখ্য যে চহৰ নগৰৰ পিছত এতিয়া গ্ৰামাঞ্চল সমূহলৈও বহু পৰিৰ্ৱতন আহিছে ৷ পূৰ্বতে নগাঁৱৰ বহু গ্ৰামাঞ্চলৰ একো একোজন চৰকাৰী বিষয়া-অভিযন্ত্ৰা-অধ্যাপক-অধ্যক্ষ আদি সকলৰ ঘৰত আভিজাত্যৰ প্ৰতীক ৰূপে একোখন এম্বেছাডৰ আছিল ৷ কিন্ত,এতিয়া তাহানিৰ এইসকল লোকৰ গৃহত দেখিবলৈ নাই আভিজাত্যৰ প্ৰতীক সেই নষ্টালজিয়া ভৰা ভ্ৰমণৰ সাক্ষী মৰমৰ এম্বেছাডৰ খন ৷ নগাঁৱৰ অৰ্জুনতল কাটনীগাঁৱৰ গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-অভিযন্ত্ৰা কিনাৰাম শইকীয়াৰ গৃহত ক’লা ৰঙৰ তিনিটা সংখ্যাৰে পঞ্জীয়নভুক্ত এখন এম্বেছাডৰ আছিল ৷ বহুদিন এম্বেছাডৰ খন গেৰেজতে পৰি আছিল ৷ কিন্ত বিকল হৈ পৰি থকা নাছিল ৷ অত্যাধীক মৰমৰ মাজেৰে কিনাৰাম শইকীয়াৰ পৰিয়ালটোবে ঘৰতে এম্বেছাডৰখন ৰাখিছিল যদিও মাজে- সময়ে তথা দুই তিনিদিনৰ মুৰে মুৰে নিজে ষ্টাৰ্ট দি ইঞ্জিনটো পৰিস্কাৰ কৰি ৰখোবা ওপৰি চুতালতে ইফাল সিফাল কৰি ৰাখিছিল এম্বেছাডৰখন ৷ অৱশ্যে সময়ৰ সোঁতত সকলো সলনি হোবাৰ লেখীয়াকৈ আৰু ঘৰত এম্বেছাডৰখন ৰখাবলৈ ঠাইৰ অভাৱৰ বাবে আজি চাৰিবছৰ মানৰ আগতে মাত্ৰ কেইবাহাজাৰ টকাৰ বিনিময়ত এজন গাড়ী চালকক বিক্ৰী কৰিলে সেই এম্বেছাডৰ খন ৷ আনহতে,টাউন-মৰিকলং নিৱাসী এসময়ৰ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বহুবছৰ ধৰি সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰা প্ৰয়াত কমল চন্দ্ৰ বৰাৰ গৃহতো মাত্ৰ তিনিটা সংখ্যাৰে পঞ্জীয়নভুক্ত এখন ৰঙীন এম্বেছাডৰ আছিল যদিও বৰ্তমান সময়ৰ গতীত সেইখনো বিক্ৰী কৰিব লগাত পৰিল প্ৰয়াত কমল চন্দ্ৰ বৰাৰ পৰিয়ালবৰ্গ ৷ বহুলোকে তেওঁলোকৰ মৰমৰ এম্বেছাডৰখন গেৰেজত ধুলি মাকতিৰ বুকুত পেলাই থ’লেও এচাম লোকে কিন্ত,ৰাজপথলৈ এম্বেছাডৰ খন উলিয়াই নিনিলেও আটোমটোকাৰীকৈ সাঁচি ৰাখিছিল আপোন গাড়ী খন মৰমতে ৷ চুবুৰীৰ কোনো শিশুয়ে যাতে এম্বেছাডৰখনৰ আইনাত ক খ গ ঘ আৰু এ বি চি ডি ১ ২ ৩ ৪ৰ আখৰা চলাব নোবাৰে,তাৰ প্ৰতি সচেতন হৈ ঢাকি ৰাখিছে এসময়ৰ ৰাজপথৰ সম্ৰাট এম্বেছাডৰ গাড়ীখন ৷ এতিয়া আৰু সেই তাহানিৰ আভিজাত্যৰ প্ৰতীক এম্বেছাডৰ আজিৰ একৈশ শতিকাত মানুহে নিকিনে ৷ যি কেইখন বৰ্তমানে আছে সেইয়া হয়তো কাৰোবাৰ চুতালত ফুলদানি থোবা পাত্ৰ হৈও পৰি আছে ৷ যদি কেতিয়াবা কোনোবাই ৰাজপথত এখন এম্বেছাডৰ চলাই তেতিয়া সকলোৱে জুমিজুমি চাইহে ৷ এতিয়া যেন তাহানিৰ সেই এম্বেছাডৰ সকলোৰে বাবে এক নষ্টালজিয়া মাথোঁ ৷ আকৌ ঘুৰি আহিবনে তাহানিৰ আভিজাত্যৰ প্ৰতীকৰূপী আৰাম দায়ক তথা সুৰক্ষাৰ বাহন নামেৰে সৰ্ব্বজন পৰিচিত হিন্দুস্থান মটৰ্ছ কোম্পানীৰ বেনাৰত নিৰ্মিত এম্বেছাডৰৰ সেই সোনালী দিনবোৰৰ কথা ৷



পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ৰাইনো ইকো ৰিজৰ্ট:জিপলাইনিং,কামাণ্ড নেট , বাৰ্মা ব্ৰিজৰ লগতে আছে দুঃসাহসীক ক্ৰীড়াৰ অনেক সুবিধা
ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ খৈৰানীত নতুনকৈ শুভাৰম্ভণি কৰা ৰাইনো ইকো ৰিজৰ্টে এতিয়া ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত ভূটান সীমান্তৰ পাহাৰীয়া অঞ্চলত অৱস্থিত হোৱা হেতুকে প্ৰাকৃতিক পৰিৱেশৰ মাজত কিছু সময় কটোৱাৰ বাবে বিভিন্ন অঞ্চলৰ পৰা প্ৰকৃতিপ্ৰেমীৰ লগতে বহুতো পৰ্যতকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এই ৰিজৰ্ট খন।দুজন যুৱ ব্যৱসায়ীৰ প্ৰচেষ্টাত কেইবাটাও চাংঘৰ আৰু বিভিন্ন প্ৰকাৰ গছ লতিকা আৰু বহু প্ৰজাতিৰ ফুলেৰে সু সজ্জিত ৰাইনো ৰিজৰ্টত কৰ্ম সংস্হাপন লাভ কৰিছে প্ৰায় পঞ্চাশ গৰাকীকৈ উদীয়মান যুৱক যুৱতীয়ে। যদিও ভাৰতৰ ভূটান সীমান্তৰ অঞ্চল বোৰৰ পূৰ্বৰে পৰা যাতায়তৰ সু-ব্যৱস্থা নাই তথাপি ইয়াৰ পৰিবেশ আৰু জলবায়ু শীতল আৰু শুদ্ধসেয়ে ইয়ালৈ সোট বয় বিভিন্ন শ্ৰেণীৰ ৰাইজৰ। কেঁচা ছাহ পাতৰ আমোল মোলাই থকা গোন্ধৰ মাজত প্ৰকৃতিপ্ৰেমী সকলে ইয়াত বিচাৰি পায় মনৰ শান্তি। ৰাইনো ইকো ৰিজৰ্টত উপলব্ধ হৈছে বিভিন্ন সা সুবিধা। শিশু সকলৰ মাজত সমাদৰ লাভ কৰা বিভিন্ন উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়াৰ লগতে জিপলাইনিং,কামাণ্ডু নেট , বাৰ্মা ব্ৰিজৰ লগতে আছে এডভেনজাৰৰ অনেক সুবিধা। আনফালে দূৰৰ পৰা অহা পৰ্যটকৰ বাবে আছে ৰাতি থাকিব পৰাকৈ সু ব্যৱস্থা। এনে ধৰণেই অতিকৈ পিছপৰা অঞ্চলৰ পৰাই জনপ্ৰিয়তা অৰ্জন কৰি আগবাঢ়ি গৈছে ৰাইনো ইকো ৰিজৰ্ট। জ্যোতি কুমাৰ গয়াৰী আৰু অজিত বসুমতাৰীয়ে নতুন উদ্যম আৰু নতুন চিন্তাৰে মুকলি কৰা ৰিজৰ্ট খন বৰ্তমান সময়ত সমাদৰ লাভ কৰিছে নৱ প্ৰজন্মৰ মাজত। প্ৰকৃতিৰ এটা সুন্দৰ পৰিবেশৰ মাজত অৱস্থিত ৰিজৰ্ট খনত আছে ভোজনালয়, ৰাতি থকাৰ বাবে আছে জুপুৰি ঘৰ, তম্বু আৰু লগতে বিভিন্ন দুঃসাহসী মুলক কাৰ্যকলাপৰ সুবিধা। জ্যোতি আৰু অজিতৰ প্ৰচেষ্টাত মুকলি কৰা ৰিজৰ্ট খনত বৰ্তমান ৪৫ জনকৈ কৰ্মচাৰী কৰ্মৰত হৈ আছে। কৰোণাৰ সন্ত্ৰাসৰ বাবে বৰ্তমান সময়ত বহি ৰাজ্য আৰু বহি জিলাৰ পৰা পৰ্যতক আহিব পৰা নাই যদিও ওচৰৰ অঞ্চলৰ ৰাইজৰ বিপুল সমাদৰ লাভ কৰিছে ৰাইনো ইকো ৰিজৰ্ট। ৭ মাহৰ ভিতৰত গঢ় লৈ উঠা ৰিজৰ্ট খনত আছে বহুতো দুঃসাহসী মুলক কাৰ্যকলাপৰ ব্যবস্থা। জিপলাইনিং, কামাণ্ড নেট, বাৰ্মা ব্ৰিজ, পেদেলিং, চাইকেলিং আদি দুঃসাহসী মুলক কাৰ্যকলাপৰ ওপৰিও প্ৰায় ১৫০ বিঘাৰ পাহাৰীয়া অঞ্চলত ট্ৰেকিঙৰ সুবিধা আছে ৰাইনো ইকো ৰিজৰ্টৰ ভিতৰত।
ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ চোৰাং কাঠ বেপাৰীৰ গোপন বুজাবুজিত মোক্ষম আঘাত,নগৰবেৰাত ডি, এফ, অ ৰঞ্জিত কোঁৱৰে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ
কামৰূপ জিলাৰ নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন ঠাইত ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াত চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হোৱাৰ মাজতে সোমবাৰে জামলাইৰ পৰা স্বয়ং নৱ নিযুক্ত ডি এফ অ ৰঞ্জিত কোৱৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়। ডি এফ অ ৰঞ্জিত কোঁৱৰে নগৰবেৰালৈ কিবা কামত আহি থকা অৱস্থাত জামলাই পকী দলঙৰ ওপৰেদি তিনিটা অৱৈধ চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী নগৰবেৰা অভিমুখে আহি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। পিছত ডি এফ অ গৰাকীয়ে নিজৰ গাড়ী ৰখাই চোৰাং কাঠ ভৰ্তি ঘোঁৰাৰ গাড়ী তিনি খন জব্দ কৰি নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ত খৱৰ দিয়াত ঘটনাস্থলীত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এদল বন কৰ্মী উপস্থিত হৈ গাড়ী সহ চোৰাং কাঠ খিনি নগৰবেৰা ৰেঞ্জা অফিচলৈ আনে। জব্দকৃত চোৰাং কাঠ খিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় লক্ষ্যধিক টকা হব বুলি ধাৰণা কৰা হৈছে। উল্লেখ্য যে, নগৰবেৰা ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসৰ ছত্ৰছায়াতে নগৰবেৰা ৰেঞ্জৰ বিভিন্ন এলেকাত লাখ লাখ টকাৰ চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ লগতে অৱৈধ শিল আৰু বালিৰ মুক্ত ব্যৱসায় চলি থকাৰ গুৰুতৰ অভিযোগ উঠিছে ।মাহেকীয়া কমিছন খাই ৰেঞ্জাৰ ভূপেন চন্দ্ৰ দাসে চোৰাং বেপাৰী সকলক এনে অৱৈধ ব্যৱসায় চলাই থকাৰ অঘোষিত লাইচেঞ্চ দিয়াৰ অভিযোগ উঠিছে।











