ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাই আজি মঙলদৈত থকা ৰেডক্ৰছ কাৰ্যালয়ত বিশ্ব ৰেডক্ৰছ দিৱস পালন কৰে। ৰাতিপুৱা ভাৰতীয় ৰেডক্ৰছ ছোচাইটীৰ পতাকা উত্তোলন কৰে দৰং জিলা ৰেডক্ৰছ ছোচাইটীৰ অধ্যক্ষ গোবিন্দ উপাধ্যায়ে,ৰেডক্ৰছৰ জন্ম দাতা জন হেনৰি ডোনাল্ড ৰ প্ৰতিচ্ছবি ত মাল্যাৰ্পণ কৰে দৰং জিলা ৰেড ক্ৰছৰ সম্পাদক হৰি চন্দ্ৰ শৰ্মাই, ৰেড ক্ৰছৰ জন্মদাতা জন হেনৰি ডোনাল্ড ৰ জন্ম দিনত সমগ্ৰ বিশ্বতে ৮ মে’ দিনটো বিশ্ব ৰেডক্ৰছ দিৱস হিচাপে পালন কৰিি আহিছে বিশ্ব ৰেডক্ৰছ দিৱস উপলক্ষে । বিশ্ব ৰেডক্ৰছ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে দৰং জিলা ৰেডক্ৰছ ছোচাইটী ৰ কোষাধ্যক্ষ জয়ন্ত শৰ্মা, সদৌ অসম ছাত্ৰ সন্থাৰ বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, দৰং জিলাৰ বিশিষ্ট সাংবাদিক তথা ৰেড ক্ৰছৰ আজিবন সভ্য মুকুট ৰাজ শৰ্মা,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাৰ যুৱ সংগঠক নিৰঞ্জন শইকীয়া, সমাজকৰ্মী শেখৰ মজুমদাৰ, দৰং জিলা ৰেডক্ৰছৰ ছোচাইটিৰ যুৱ সংগঠক দিব্যজ্যোতি ডেকা, স্বেচ্ছাসেৱক হৃদয় শৰ্মা,নিপন ডেকা। ৰেডক্ৰছ দিৱস উপলক্ষে আজি মঙলদৈ ত জনসাধাৰণৰ মাজত মাস্ক আৰু চাবোন বিতৰণ কৰে।
সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰশংসনীয় পদক্ষেপ
সদৌ দৰং জিলা ছাত্ৰ সন্থাই জিলা প্ৰশাসনক দৰঙৰ ৭ তাকৈ শ্বহীদ ভৱন দৰং জিলা প্ৰশাসনক আগবঢ়ায় কোভিড সেৱাৰ বাবে। শনিবাৰে দৰং জিলা ৰ উপায়ুক্ত দিলীপ কুমাৰ বৰাৰ হাতত লিখিত ভাবে আগবঢ়ায় শ্বহীদ ভৱন কেইটা ক’ভিড মহামাৰীৰ সৈতে জিলা প্ৰশাসনে চলাই থকা যুজ খনত ব্যবহাৰ কৰাৰ বাবে। মঙলদৈ, দেওমৰনৈ,দলগাঁও,কুৰুৱা,দুনী, পশ্চিম দৰং, ছিপাঝাৰ এই কেইটা শ্বহীদ ভৱন প্ৰদান কৰে দৰং জিলা প্ৰশাসনক । সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি পৰাগ কুমাৰ চহৰীয়া, সাধাৰণ সম্পাদক সত্যৰঞ্জন ডেকাৰ স্বাক্ষৰত লিখিত ভাবে দৰং জিলাৰ উপায়ুক্তৰ হাতত প্ৰদান কৰে শ্বহীদ ভৱন কেইটা। এই কাৰ্যত সদৌ দৰং জিলা ছাত্ৰ সন্থাক আদৰণি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, বিত্ত সম্পাদক খনিন্দ্ৰ ৰাজবংশী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নিৰঞ্জন শইকীয়াই ।
এন চি চি ত ভৰ্ত্তি হব পাৰিব অসমসহ উত্তৰ পূৱৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী ,উত্তৰ পূৱ মণ্ডলৰ এ ডি জি মেজৰ জেনেৰেল অনন্ত ভূঞাৰ ঘোষণা
দেশৰ সৰ্ববৃহৎ যুৱ সংগঠন আৰু প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী চমুকৈ এন চি চি ত এইবাৰ অসমসহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী সকলেও ভৰ্ত্তি হব পাৰিব । বৰ্তমান উত্তৰ পূৱৰ বাবে কেন্দ্ৰীয় চৰকাৰে জুনিয়ৰ ডিভিজন অৰ্থাৎ নৱম শ্ৰেণীৰ তলৰ ছাত্ৰ – ছাত্ৰীৰ বাবে প্ৰায় পাঁচ হাজাৰ পদত অনুমোদন দিছে । এই ঘোষণা কৰিছে এন চি চি ৰ শ্বিলংস্থিত উত্তৰ পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান আৰু অসম সন্তান মেজৰ জেনেৰেল অনন্ত ভূঞাৰ । ৭ মে’ত এই ঘোষণা কৰি এ ডি জি মেজৰ জেনেৰেল অনন্ত ভূঞাই কয় ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়েও এন চি চি ত ভৰ্ত্তি হৈ ৰাষ্ট্ৰ নিৰ্মাণত জড়িত হব পাৰিব । তেনেদৰে বাহিনীটোৰ জুনিয়ৰ ডিভিজনৰ কেডেটৰ বাবে বিশেষ গুৰুত্ব থকা ” এ ” প্ৰমাণ পত্ৰৰ পৰীক্ষাত অৱতীৰ্ণ হৈ তাত আঁৰত হোৱাৰ পাছত পৰৱৰ্তী সময়ত উচ্চ শিক্ষাত নাম ভৰ্ত্তি , বা চাকৰিৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব । অৱশ্যে আন আন চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানত চৰকাৰে যিদৰে এন চি চি ত আৰ্থিক সাহায্য আগবঢ়াই ইয়াৰ বিপৰীতে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত প্ৰথম পৰ্যায়ত তেনে ধৰণৰ সুবিধা ৰখা হোৱা নাই । ইয়াত কেডেট সকলৰ বাবে Self Financing আঁচনিৰ সুবিধাহে ৰখা হৈছে বুলি এ ডি জি অনন্ত ভূঞাই জানিবলৈ দিছে ।উল্লেখযোগ্য যে অনন্ত ভূঞাই বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুসৰি উত্তৰ পূৱত আন্তৰ্জাতিক সীমান্তৰে পৰিবেষ্টিত ৰাজ্যকেইখনত সীমান্তবৰ্তী অঞ্চলৰ শিক্ষানুষ্ঠানত নতুনকৈ এন চি চি ৰ শাখা স্থাপন কৰি কেডেট ভৰ্ত্তি অভিযানত আত্মনিয়োগ কৰিছে ।
ওদালগুৰিত ক’ৰণাত আক্ৰান্ত ৫৯জনসহ মুঠ ৬৮৩লৈ বৃদ্ধি ,মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি
ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ৭মেলৈ ওদালগুৰিত ৫৯ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত দ্বিতীয় পৰ্যায়ত এক এপ্ৰিলৰ পৰা ৭মেলৈ আক্ৰান্তৰ সংখ্যা ৬৮৩ জনলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে বৰ্তমানলৈ ৭মেত ৫৮৬ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৫৯ গৰাকী দেহত কৰোনা ধৰা পৰে ।।ইয়াৰ ভিতৰৰ ৬৫ গৰাকী ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ২৮৩ গৰাকী হোম আইচিলেচনত চিকিৎসাধীন আছে।এতিয়ালৈকে ৫৬ গৰাকী ক’ৰণা ৰোগী সুস্হ হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়। আজি কৰ’নাত ওদালগুৰি সুন্দৰিদিয়াপট্টি নিবাসী মঞ্জু দাস(৫৪)ৰ মৃত্যূ হয়।তেওঁক কালি তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰা হৈছিল।আনহাতে যোৱা ৫ মে’ত কলাইগাওঁ মডেল হস্পিতালত কভিডত আক্ৰান্ত হৈ ঘৰতে চিকিৎসাধীন হৈ থকা বাগিছাচুবা নিবাসী জয়ন্তী কুমাৰ নাথ(৪৫)ৰ ৭মেত মৃত্যু হয়।এইলৈ মাৰ্চ’২১ৰ পৰা ওদালগুৰিত মৃত্যুৰ সংখ্যা ১১ জনলৈ বৃদ্ধি পালে।ইতিমধ্যে জিলা খনৰ ৫৪টা স্বাস্হ্য কেন্দ্ৰত ৭মেলৈ ৫৮,১৫৬ জনৰ দেহত টিকাকৰণৰ কৰা হয় বুলি জানিব পৰা গৈছে আৰু ৭মেত ১৮ৰ পৰা ৪৪ বছৰৰ বয়সৰ লোকক ৬টা কেন্দ্ৰত ৮১৯ গৰাকীক টিকাকৰণ কৰে স্বাস্হ্য বিভাগে।সেয়ে সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি কভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়।
বিশ্বনাথ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত এজন চিকিৎসালয়ৰ কৰ্মচাৰী।
বিশ্বনাথ চাৰিআলি নগৰত শুক্ৰবাৰে নিশা এঘাৰ মান বজাত সংঘটিত হল এক ভয়ংকৰ পথ দুৰ্ঘটনা। নাইট ছুপাৰৰ খুন্ধাত থিতাতে নিহত হল বিশ্বনাথ অসামৰিক চিকিৎসালয়ৰ এজন চতুৰ্থবৰ্গৰ কৰ্মী। উল্লেখ্য যে নিশা এঘাৰমান বজাত বিশ্বনাথৰ পাভৈ পথৰ পৰা দেৱজিত টেৰাং নামৰ চিকিৎসালয়ৰ চতুৰ্থবৰ্গৰ কৰ্মী জনে স্কুটি লৈ বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ নাইট ডিউটি কৰিবলৈ আহি থকা অৱস্থাত নগৰ খনৰ পুলিচ পইন্ট অতিক্ৰম কৰাৰ মূহুৰ্ততে লক্ষীমপুৰ অভিমুখৰ পৰা আহি থকা As 01 EC-3103 নম্বৰৰ নাইট ছুপাৰ খনে মহতিয়াই নিয়ে স্কুটি আৰোহী তথা দেৱজিত তেৰাংক। লগে লগে স্কুটি আৰোহী দেৱজিৎ তেৰাং নাইট ছুপাৰৰ তলত সোমাই যায় আৰু নাইট ছুপাৰখনে স্কুটি আৰোহী জনক বছাবলৈ চেষ্টা কৰি পুলিচ পইন্টৰ চিগনেল দিয়া খুটা এটা ভঙাৰ লগতে এটা বৈদুতিক খুটাও ভাঙি পেলাই নাইট ছুপাৰখনে। লগ লগে বিশ্বনাথৰ জনপ্ৰিয় কন্ঠ শিল্পী মানস ভাগৱতী,বিপ্লব পাল,পংকজ হাজৰিকা আৰু দিগন্ত হাজৰিকাই দুৰ্ঘটনাস্থলীত উপস্হিত হৈ দুৰ্ঘটনাগ্ৰস্থ স্কুটি আৰোহী গৰাকীক গাড়ীৰ তলৰ পৰা উদ্ধাৰ কৰি 108 সেৱা মাতি দুৰ্ঘটনাগ্ৰস্থ লোক জনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে আৰক্ষীকো খবৰ দিয়ে। পিছত আৰক্ষীয়ে উক্ত স্থানত উপস্হিত হৈ মানস ভাগৱতী আৰু অন্যান্য সচেতন লোক সকলৰ সহায়ত দুৰ্ঘটনা সংঘটিত হোৱা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আতৰ কৰিবলৈ সক্ষম হয়। আনহাতে দুৰ্ঘটনা গ্ৰস্থ লোকজন চিকিৎসালয় পোৱাৰ পূৰ্বেই মৃত্যুক সাৱতি লয়।
মাৰ্ঘেৰিটাত বিশ্ব ৰেডক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাৰ দিবস উৎযাপন
আজি বিশ্ব ৰেডক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাৰ দিবস। সমগ্ৰ বিশ্বৰ লগতে তিনিচুকীয়াৰ জিলাৰ মাৰ্ঘেৰিটাতো ৰেডক্ৰছ ছচাইটিৰ উদ্যোগত পালন কৰা হৈছে বিশ্ব ৰেড ক্ৰছ ছচাইটিৰ দিবস।ৰাজ্যত অৱ্যাহত থকা ক’ভিড ১৯ ৰ ভয়ঙ্কৰ মহামাৰীৰ প্ৰতি লক্ষ ৰাখি আজি তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা শাখা ৰেডক্ৰছ ছছাইটিয়ে অনুষ্টুপিয়াকে পালন কৰে প্ৰতিষ্ঠাৰ দিৱসটি। পুৱা পতাকা উত্তোলনৰ পিছতে ৰেড ক্ৰছ ছচাইটিৰ প্ৰতিষ্ঠাপক জন হেনৰি ডোনাল্টৰ প্ৰতিছবিত মাল্য অৰ্পণৰ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়| ৰেড ক্ৰছ ছছাইটি মাৰ্ঘেৰিটা শাখাৰ তৰফৰ পৰা প্ৰায় শতাধিক লোকক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা লগতে সজাগতামূলক ভাৱে বিভিন্ন ৰাজহুৱা স্থানত বেনাৰ ,পষ্টাৰ আদি আৰি সৰ্বসাধাৰণ লোকক ক’ৰোনাৰ পৰা সাৱধনতা অৱলম্বনৰ বাবে প্ৰচেষ্টা হাতত লোৱা দেখা যায়|
গুৱাহাটীৰ বেলতলাত লোমহৰ্ষক হত্যাৰ বলি নগৰবেৰাৰ প্ৰাঞ্জল কলিতাৰ পৰিয়ালে আজিও নাপালে ন্যায় ,হত্যাকাণ্ডৰ ৪০ দিন পিছতো অপৰাধীক কৰায়ত্ব কৰিব নোৱাৰিলে মহানগৰ আৰক্ষীয়
কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত মেধিপাৰা গাঁওৰ হৰিপদ কলিতাৰ একমাত্ৰ পুত্ৰ প্ৰাঞ্জল কলিতা (২৯) নামৰ এগৰাকী যুৱকক গুৱাহাটীৰ বেলতলাৰ ধৰ্মপুৰত শোৱাপাটীতে দূবৃত্তই হানি খুচি নৃশংসভাৱে হত্যা কৰাৰ প্ৰায় ৪০ দিন উকলি যোৱাৰ পাছতো মহানগৰ আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। পৰিয়ালৰ লোকে জনোৱা মতে প্ৰাঞ্জল কলিতাই পৰিয়ালৰ দাৰিদ্ৰতা মোচনৰ বাবে গুৱাহাটীৰ বেলতলাত সত্যজিৎ ডেকা নামৰ এগৰাকী লোকৰ জি ডি মীট শ্বপ নামৰ ব্যৱসায় প্ৰতিষ্ঠানত কাম কৰিছিল। যোৱা ২১ মাৰ্চত দোকান সামৰি বেলতলাৰ ভাড়াঘৰত শুই থকা অৱস্থাত নিশা কোনো দুৰ্বৃত্তই প্ৰাঞ্জল কলিতাক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰে। পিছত কেইজনমান লোকে যুৱকজনক তেজে তুমৰলি হৈ পৰি থকা অৱস্থাত প্ৰত্যেক্ষ কৰে। ২২ মাৰ্চত পুৱা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ খৱৰ বিয়পি পৰাত ঘটনাস্থলীত দিছপুৰ আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবেগুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু এক গোচৰ পঞ্জীয়ণ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখে।সেই সময়ত আৰক্ষীয়ে ঘটনাত জড়িত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰৰ আশ্বাস দিছিল যদিও হত্যাকাণ্ড সংঘটিত হোৱাৰ প্ৰায় ৪০ দিন পাছতো দিছপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে প্ৰাঞ্জল কলিতাৰ পৰিয়ালৰ লগতে মেধিপাৰা গাঁওৰ একাংশ সচেতন লোকে।ইফালে প্ৰাঞ্জল কলিতাই কাম কৰা উক্ত ব্যৱসায় প্ৰতিষ্ঠানৰ সত্বাধিকাৰী সত্যজিৎ ডেকাও নীৰৱ ভূমিকা গ্ৰহন কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাঞ্জল কলিতাৰ পৰিয়ালৰ লোকে। অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক প্ৰাঞ্জল কলিতাৰ হত্যাকাৰীক যিকোনো প্ৰকাৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ মহানগৰ আৰক্ষীক দাবী জনাইছে পৰিয়ালৰ লগতে মেধিপাৰা গাঁওবাসীয়ে ।
ক’ভিড ১৯ ৰ প্ৰতিষেধক বিছাৰি ৰাইজৰ ব্যপক ভীৰ মাৰ্ঘেৰিটাত,ক’ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰ বৃদ্ধিৰ আহ্বান
ৰাজ্য চৰকাৰে মুকলি কৰাৰ ১৮ৰ পৰা ৪৪ বয়সৰ ব্যক্তিৰ ক’ভিড ১৯ৰ প্ৰতিষেধক তিনিচুকীয়া জিলাৰ অন্তৰ্গত মাৰ্ঘেৰিটা মহকুমাটোতো ৭ মে’ৰ পৰা কেইবাটাও ঠাইতো জনসাধাৰণক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে| অন লাইন যোগেদি নিজৰ নাম পঞ্জীয়ন কৰাৰ ব্যক্তিসকলে গৈ নিজৰ নিজৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰলৈ গৈ প্ৰতিষেধক গ্ৰহণ কৰিব লাগে যদিও পঞ্জীয়ণ নকৰা লোকসকলেও প্ৰতিষেধক কেন্দ্ৰ সমূহত ভীৰ কৰা পৰিলক্ষিত হৈছে| অৱশ্যে পঞ্জীয়ন কৰা লোকৰ সংখ্যাও যথেষ্ট হৈছে| ৰাইজৰ ব্যাপক ভীৰ পৰিপেক্ষিতত মহকুমাটোত আৰু অধিক প্ৰতিষেধক প্ৰদান কেন্দ্ৰ মুকলি কৰা প্ৰয়োজন আছে| ইয়াৰ ওপৰিও যিসকস সাধৰণলোকে এন লাইন যোগে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ সক্ষম হোৱা নাই তেনেলোকসকলোকো প্ৰতিষেধক কেন্দ্ৰলৈ গৈ নিজৰ নাম পঞ্জীয়ণ কৰি ক’ভিড-১৯ প্ৰতিষেধক লোৱা ব্যাৱস্থা কৰি গ্ৰহণ কৰিব বাৱে সচেতন লোকসকলে স্বাস্থ্য বিভাগলৈ আহ্বান জনাইছে|
অসমৰ অগ্নি গৰ্ভা পৰিস্থিতিত চৰকাৰ গঠনৰ হোহকা- পিচলা কৰা কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যত অসন্তুষ্টি মাজুলী বাসীৰ: সৰ্বানন্দ সোণোৱাল মূখ্যমন্ত্ৰী থকা স্বত্বেও দ্বিতীয় এগৰাকীৰ প্ৰয়োজন ক’ত ?
দ্বিতীয় বাৰৰ বাবে একক সংখ্যা গৰিষ্ঠ আসনত জয়লাভ কৰা অসমৰ নৱনিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দলৰ চৰকাৰ গঠনৰ ক্ষেত্ৰত মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টো লৈ হোহকা পিচলা কৰা কেন্দ্ৰীয় নেতৃত্বৰ কাৰ্যকলাপত অসন্তুষ্টি প্ৰকাশ কৰিছে মাজুলী বাসীয়ে। দেশৰ এনে অগ্নগৰ্ভা পৰিস্থিতিৰ সৈতে মুখামুখি হ’বলৈ এখন শক্তিশালী চৰকাৰৰ প্ৰয়োজন । কেৱল মূখ্য মন্ত্ৰী কেন্দ্ৰীক বিষয়টোৰে অনিশ্চয়তাৰ সৃষ্টি কৰি অসমবাসীক বিপদৰ সময়ত অনিশ্চিত ভৱিষ্যতৰ ইংগিত দিছে । অসমৰ বিজেপি দলৰ উত্থানৰ মূল হোতা,দক্ষ আৰু সৰ্বজন সমাদৃত মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিদ্যমান স্বত্বেও ইয়াত লৈ অযথা ৰাজনীতি কৰি বিভাজনৰ ৰাজনীতি নকৰিবলৈ মাজুলী বাসীয়ে সকীয়াই দিয়ে আৰু অনতি পলমে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ দাবী জনায়। মূখ্যমন্ত্ৰী সলনি কৰাৰ অপচেষ্টাত বিভিন্ন দলৰ বক্তব্য চৰকাৰ খনক অস্থিৰ কৰাৰ এক অভিসন্ধি বুলি আজিৰ সভাই মতপোষণ কৰে। ৰাইজৰ সেৱা কৰিব বুলি ভোট ভিক্ষা কৰা বহু কেইজন বিধায়কে পোনপটীয়াকৈ বৰ্তমানৰ মূখ্যমন্ত্ৰীৰ পৰিবৰ্তে আন কাৰোবাক বিচৰাৰ ৰহস্য কি জনসাধাৰণে এতিয়া বুজিবলৈ বাকী নাই । এনে জনপ্ৰতিধিৰ দ্বাৰা দলটো সুৰক্ষিত হ’ব বুলি বিশ্বাস কৰিবলৈ টান আৰু জনসাধাৰণ কেনেধৰণৰ সেৱা আগবঢ়াব সেয়াও অনিশ্চিত।
আজি কমলাবাৰীত মাজুলীৰ দলসংগঠন একত্ৰিত হৈ অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত মাজুলী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বুঢ়া ভকত, ভোগপুৰ, আদি বিহিমপুৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ সকলক, মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° আনন্দ হাজৰিকা, মাজুলী জিলা মইনা পাৰিজাতৰ সভাপতি লোহিত বৰা, মাজুলী জিলা মাছৰ প্ৰাক্তন সভাপতি তিলক ৰাজখোৱা, হিন্দু যুব ছাত্ৰ পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি গোস্বামী, অনুসুচীত জাতি যুব ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি নিতুল হাজৰিকা প্ৰমুখ্যে টি এম পি কৰে, সংবাদ প্ৰতিষ্ঠান, সংবাদ কৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত আছিল।
নগৰবেৰাত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ পাতিলে দীঘলীয়া শাৰী। ভেকচিন নাপাই বহুত উভতিল অহাবাটে
দেশ তথা ৰাজ্যত কৰোণাৰ সংহাৰ অব্যাহত, প্ৰতিদিনে মৃত্যু হৈছে ইজনৰ পিছত সিজনকৈ লোকৰ। ৰাজ্যত কৰোণাৰ দ্বিতীয়টো ঢৌয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগতে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে যাৰ বাবে কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবলৈ চৰকাৰে কভিড’১৯ টিকাকৰণ অভিযান আৰম্ভ কৰিছে। আজি পুৱাৰে পৰা নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৮ বৰ্ষৰ উৰ্ধৰ লোকে ভেকচিন লবলৈ দীঘলীয়া শাৰী পতাৰ দৃশ্য পৰিলক্ষিত হয়। অনলাইন পঞ্জীয়ন কৰি ভেকচিন থলীত দীঘলীয়া শাৰী পাতি সামাজিক দূৰত্ব নৰখাকৈ ঘন্টাৰ পাছত ঘন্টা ধৰি আশাৰে ৰৈ আছিল বহু লোক পিছে ভেকচিন নাপাই অহা বাটেৰে উভতি গল বহুতে। জানিব পৰা মতে অনলাইনত পঞ্জীয়ন কৰিলেই নাপাব ভেকচিন, কভিড ভেকচিন লবলৈ হলে অনলাইন পঞ্জীয়ন কৰাৰ লগতে আগতীয়াকৈ কৰিব লাগিব বুকিং। বিষয়টো লৈ ভেকচিন থলীত বঞ্চিত হিতাধিকাৰীৰ মাজত যথেষ্ট অসন্তুষ্টিৰ পৰিলক্ষিত হয়। অজ্ঞাতাৰ বাবেই আগতীয়াকৈ বুকিং নথকা সকলে ঘন্টাৰ পিছত ঘন্টা ধৰি আশাৰে ৰৈ থাকি অৱশেষত দুখে-বেজাৰে ঘৰমুৱা হবলগীয়া হয়।











