Home Blog Page 3059

সংগীত শিল্পী বুধিন চাংমাই স্মৃতিচাৰণ সভা সম্পন্ন

যোৰহাট জিলা বাম ঢেকীয়াখোৱাত অৱস্থিত বিষ্ণুজ্যোতি সংগীত চিত্ৰকলা প্ৰেক্ষাগৃহত সোমবাৰে প্ৰয়াত সংগীত শিল্পী বুধিন চাংমাইৰ এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় ।

বিষ্ণুজ্যোতি সংগীত চিত্ৰকলা বিদ্যালয় আৰু মধ্য যোৰহাট মইনা পাৰিজাতৰ সহযোগত আয়োজিত সভাখনত সভাপতিত্ব কৰে প্ৰাক্তন শিক্ষক জীৱেশ্বৰ বৰপাত্ৰয়ে । প্ৰয়াত শিল্পীজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পবিত্ৰ মংগলাচৰণ আৰু জীৱেশ্বৰ বৰপাত্ৰ আৰু মধ্য যোৰহাট মইনা পাৰিজাতৰ উপ -সভাপতি পংকজজ্যোতি বৰুৱাই ।

স্মৃতিচাৰণ সভাখনিত উপস্থিত থাকে প্ৰয়াত বুধিন চাংমাইৰ সংগীত যাত্ৰাৰ গুৰু আৰু সংগীসকল ক্ৰমে নীৰৱ গগৈ, শিৱপ্ৰসাদ শইকীয়া, দিলীপ দাস, জিনু শইকীয়া, প্ৰণতি বৰপাত্ৰ, অনিল শইকীয়া, প্ৰভাত ৰঞ্জন গগৈ, দীপক বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি।

এটি সমৱেত সংগীতেৰে আৰম্ভ কৰা সভাখনিত বিশিষ্ট লোক সকলে প্ৰয়াত শিল্পী জনাৰ জীৱন আৰু অমৰ সৃষ্টি বিষয়ে এক বহুমূলীয়া আলোকপাত আগবঢ়াই । সভাত প্ৰয়াত শিল্পী জনাৰ বিয়োগত বিষ্ণুজ্যোতি সংগীত বিদ্যালয়ে এটি শোক-প্ৰস্তাৱ বিদ্যালয়ৰ সঞ্চালক নৱকৃষ্ণ বৰাই পাঠ কৰি সভাৰ সভাপতিত্বৰ দ্বাৰা শিল্পী জনাৰ সুযোগ্য কন্যা হাতত অৰ্পণ কৰে।

বিদ্যালয়ৰ অধ্যক্ষ নয়নমনি ভট্টাচাৰ্য আৰু সঞ্চালক নৱকৃষ্ণ বৰাই আদ্যশ্ৰাদ্ধ দিনাই এখনি স্মৰণিকা প্ৰকাশ কৰা লগতে আৰ্থিক অনুদান দিয়া হ’ব বুলি ঘোষণা কৰে । সভাখনিত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, অভিভাৱক-অভিভাৱিকা উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে ।

ৰঙিয়াত ব্যতিক্ৰম ৰূপত মুকলি হʼল AZ হোম কেয়াৰ চাৰ্ভিচ

কেয়াৰ চাৰ্ভিচেচ নামৰ এটি সংস্থাই তেঁওলোকৰ ব্যাৱসায়ৰ শুভ উদ্বোধন কৰে । স্থানীয় যুৱক তথা প্ৰতিষ্ঠানটোৰ স্বত্তাধীকাৰি আলম হুচেইনে জানিবলৈ দিয়ামতে এই সংস্থাটোৰ দ্বাৰা সমগ্ৰ ৰঙিয়া অঞ্চলৰ লোকসকলক গাড়ীৰ ড্ৰাইভাৰ,হেণ্ডিমেনৰ পৰা আদি কৰি বাদ্যযন্ত্ৰী,ফটোগ্ৰাফাৰ, ৰাজমিস্ত্ৰী, ৰংমিস্ত্ৰী, ইলেক্ট্ৰীচিয়ান,প্লাম্বাৰ,নাপিত,বিউটিচিয়ান,দিন হাজিৰা কৰা মানুহ ইত্যাদি আৰু বহুতো সুবিধা উপলব্ধ কৰাব ।

পৰৱৰ্তী পৰ্যায়ত মোবাইল এপযোগে এই সকলো সুবিধা লাভ কৰিব পাৰিব বুলি জনোৱাৰ উপৰিও উক্ত প্ৰতিষ্ঠানটোত থলুৱা যুৱক যুৱতীক নিযুক্ত কৰা হব বুলিও জানিবলৈ দিয়ে ।

দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি

তেজপুৰ আৰু শুৱালকুচিত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা অৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মীক আৰক্ষীয়ে কৰা বৰ্বৰ আক্ৰমণৰ প্ৰতিবাদত সোমবাৰে সন্ধিয়া ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত  দুমুনিচকীত দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাই  গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচী ৰূপায়ন কৰে। উক্ত কাৰ্যসূচীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক মোজাম্মিল হক, দুমুনিচকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ইনজামুল হক চৌধুৰী, সাধাৰণ সম্পাদক মিনাৰুল হকৰ লগতে ছাত্ৰ সন্থাৰ কৰ্মী সকল উপস্থিত থাকে ।

ইটাখোলাত বিবাহিত মহিলাক যৌন নিৰ্যাতন

বিশ্বনাথ জিলাৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত টেঙাবস্তিত এগৰাকী বিবাহিতা মহিলাক যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাই সমগ্ৰ ইটাখোলাত চাঞ্চল্যকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে ৩০ জানুৱাৰীৰ নিশা বিবাহিত মহিলা গৰাকীক আব্দুল ৰহমানে  ঘৰত মহিলাগৰাকীৰ স্বামী মহম্মদ ৰেজাউদ্দিন নথকাৰ সুযোগ গ্ৰহণ কৰি ঘৰৰ দেৱাল বগাই অনাধিকাৰভাৱে প্ৰৱেশ কৰি মহিলা গৰাকীক যৌন নিৰ্যাতন চলাই। অসহায় মহিলা গৰাকী চিৎকাৰ শুনি নিশাই স্থানীয় লোকে ওলাই অহাত আব্দুল ৰহমান নামৰ লোকজন হাতে-লোটে ধৰা পৰাত ৰাইজে উত্ত্ম-মাধম সোধাই। এই সন্দৰ্ভত নিৰ্যাতিত মহিলা গৰাকীয়ে ইটাখোলা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে। পিছত এজাহাৰৰ ভিত্তিত ইটাখোলা আৰক্ষী চকীয়ে গোচৰ ৰুজু কৰি আব্দুল ৰহমানক কৰায়ত্ব কৰি জেল হাজুতলৈ প্ৰেৰণ কৰে।

কেন্দ্ৰীয় বাজেট অৰ্থনীতি, কৃষিক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু আন্তঃগাথঁনি উন্নয়নত সহায়ক হ’ব : সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট । বাজেটত অসমৰ উন্নয়নৰ বাবে কেইবাটাও বিশেষ প্ৰস্তাৱ সন্নিবিষ্ট কৰা হৈছে । বাজেটত অহা তিনিবছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ পুজিৰ আৱণ্টন দিয়া হৈছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় বাজেট সন্দৰ্ভত কয় যে, এই বাজেটখন অৰ্থনীতি, কৃষিক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষা আৰু আন্তঃগাথঁনি উন্নয়নত সহায়ক হ’ব । মুখ্যমন্ত্ৰীয়ে সংস্কাৰমুখী বাজেট দাখিল কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ।

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডুএ কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰে

উপৰাষ্ট্ৰপতি ভেংকাইয়া নাইডু এ নতুন দিল্লীৰ দিল্লীহাটত কালি ৰাষ্ট্ৰীয় জনজাতীয় সমাৰােহ আদি মহােৎসৱ মুকলি কৰাৰ পাছত এটা ফেচবুক পষ্টৰ জৰিয়তে জনজাতি লােকসকলৰ বিশেষ পৰিচয় সংৰক্ষণৰ উদ্দেশ্যে বিকাশৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে।

বিশাল জনজাতীয় হস্তশিল্পৰ বিষয়ে উল্লেখ কৰি ভেংকাইয়া নাইডু এ এই লােকসকলৰ আয় বৃদ্ধি কৰাৰ লগতে জীৱন ধাৰণৰ মান উন্নত কৰাৰ আৰু তেওঁলােকৰ হস্তশিল্প তথা বিভিন্ন কৌশলসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্রয়ােজনীয়তাৰ ওপৰত গুৰুত্ব আৰােপ কৰে।

মৰিগাঁও নিজ কপাহেৰাত চাওলুং চুকাফা দিৱস সম্পন্ন

মৰিগাঁও জিলাৰ নিজ কপাহেৰাত দুদিনীয়াকৈ চুকাফা দিৱস পালন কৰা হয়। অসম আৰু অসমীয়া জাতি গঠনৰ পুৰুধা পুৰুষ চাওলুং চুকাফাৰ ত্যাগ আৰু বীৰত্বক সুৱঁৰি যোৱা ৩০, ৩১ জানুৱাৰীত বৰ্ণাঢ্য কাৰ্যসূচীৰে চুকাফা দিৱস উদযাপন কৰা হয়। এয়েলৈ প্ৰথম দিনা সন্ধিয়া ৬ বজাত ফী মুঙ পূজা কৰা হয় মহন বাইলুং সন্মিলন পণ্ডিত পৰিষদৰ দ্বাৰা। দ্বিতীয় দিনা পূৱা  ৯ বজাত পতাকা উত্তোলন কৰে জিলা শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে। ১০ বজাত চুকাফাৰ প্ৰতিমূৰ্তিত মাল্য অৰ্পন কৰে জিলা টাইপাৰ সভাপতি দিব্যজ্যোতি সন্দিকৈয়ে। ১১ বজাত সমূহীয়া প্ৰাথনা সভা অনুষ্ঠিত কৰা হয়। ইয়াৰ পিছতে ১১,৩০ বজাত পৰিচালনা সমিতিৰ সভাপতিৰ ঠগীত চন্দ্ৰ বৰদলৈৰ সঞ্চালনত মুকলি সভা অনুষ্ঠিত হয়। এই সভাত কেন্দ্ৰীয় টাইপা সমিতিৰ সভাপতি দিলীপ গগৈ উপস্থিত থাকি ভাষণ প্ৰদান কৰে। জিলা আৰক্ষী অধীক্ষক নন্দসিঙ বৰকলা উপস্থিত থাকি অসমীয়া জাতীয় জীৱনত চুকাফাৰ অৱদান সম্পৰ্কে কয়।ধন্তি বৰুৱাই উদ্বোধনী ভাষণ দি উপস্থিত সমূহ অতিথিকেঅসমীয়া জাতিৰ বাবে চাওলুং চুকাফাৰ এই দিৱসৰ গুৰুত্বৰ বিষয়ে অৱগত কৰে।সভাত অঞ্চলৰ বিদ্যালয়ৰ অধ্যক্ষ সকলৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।
খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও 

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ তৎপৰতাত উৎখাত বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ

সোমবাৰে নিশা ১০.৩০ বজাত হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালীৰ নেতৃত্বত মোৰাঝাৰ থানা আৰু দেৱস্থান আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে অভিযান চলাই যমুনাগাঁৱৰ পৰা নাৰী দেহ ব্যৱসায়ী চক্ৰ তথা নাৰী সৰবৰাহকাৰী চক্ৰৰ হাতৰ পৰা উদ্ধাৰ কৰে কেইবাগৰাকীও কিশোৰী আৰু যুৱতীসকলক ৷

বহিঃৰাজ্যলৈ সৰবৰাহ কৰাৰ সময়তে আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি তৎকালীনভাৱে অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী আৰু যুৱতীসকলক ৷

আৰক্ষীয়ে নাৰী সৰবৰাহকাৰী চক্ৰৰ এজন যুৱক আৰু তিনিগৰাকী মহিলা আৰু এগৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হয়৷

এইসকল নাৰী সৰবৰাহকাৰী চক্ৰৰ লগত এটা আন্তৰাষ্ট্ৰীয় চক্ৰ জড়িত হৈ থকাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷

বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ এই সৰবৰাহকাৰী চক্ৰটোৱে তিনিচুকীয়া তথা ইয়াৰ আশে পাশে থকা অঞ্চলৰ পৰা কৰ্মসংস্থাপন দিয়াৰ চলেৰে ফুচলাই আনিছিল কিশোৰী আৰু যুৱতীসকলক৷

হোজাই উপ আৰক্ষী অধীক্ষক দীপ্তি মালী আৰু মোৰাজাৰ আৰক্ষীৰ সঠিক পদক্ষেপৰ বাবে ৰক্ষা পৰিল ১১ গৰাকীকৈ কিশোৰী ৷

স্থানীয় ৰাইজে আৰক্ষীৰ এই ভূমিকাক প্ৰশংসা কৰি নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ দাবী জনাইছে ৷

৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা অসম চৰকাৰৰ

অসম চৰকাৰৰ অসম ভাষা গৌৰৱ আৰু প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ সকলো থলোৱা ভাষাৰ ৬০ বছৰৰ অনূৰ্ধ ৬০০ গৰাকী নিৰ্বাচিত লেখক-লেখিকাক সম্বৰ্ধনা পত্ৰৰ লগতে ৫০ হাজাৰকৈ টকা প্ৰদান কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে ।

কম্পিউটাৰ শিক্ষকক বিচাৰি ছাত্ৰ ছাত্ৰীৰ হাহাকাৰ

যিটো সময়ত সমগ্ৰ দেশতে ছাত্ৰ ছাত্ৰী সকলে অনলাইন ক্লাছত ব্যস্ত হব লগীয়াত পৰিছে তেনে সময়তে ৰাজ্যৰ হেজাৰ হেজাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত কম্পিউটাৰ কক্ষ থকাৰ পাছতো এতিয়া ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ৰ কম্পিউটাৰ ৰুমত কম্পিউটাৰ  শিকিবলৈ শিক্ষকক বিচাৰি হাহাকাৰ কৰি থকা ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শৈক্ষিক মহলত। উল্লেখযোগ্য যে ২০০৩ চনতে ৰাজ্যৰ বিদ্যালয় সমূহত ৰাজীৱগান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযান আঁচনিৰ জৰিয়তে কম্পিউটাৰ শিক্ষা আৰম্ভ কৰা হৈছিল। এমত্ৰনৰ অধীনত কেবাটাও ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে শ শ শিক্ষক নিযুক্তি দিয়া হৈছিল যদিও বছৰ বছৰ ধৰি শিক্ষকতা কৰা এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ যোৱা দুই তিনিটা বছৰত পৰ্যায় ক্ৰমে শেষ হয়। পুনৰ নিযুক্তিৰ বাবে কম্পিউটাৰ শিক্ষক সকলে বহু প্ৰতিবাদ, আন্দোলন কৰাৰ পাছত সৰ্বানন্দ সোনোৱাল চৰকাৰে যোৱা বছৰত বাণীকান্ত কম্পিউটাৰ স্বাক্ষৰতা আঁচনিৰ জৰিয়তে প্ৰায় এঘাৰশ শিক্ষকক পুনৰ নিযুক্তি দিয়ে যদিও সূক্ষ্ম কাৰণত দুই সহস্ৰাধিকৰো অধিক শিক্ষক বাদ পৰি যায় এই চাকৰিৰ পৰা। সম্প্ৰতি হাতত চাকৰিৰ বাবে উপযুক্ত অৰ্হতা লৈও নিজৰ চাকৰিৰ বাবে ৰৈ থাকিব লগা হৈছে এই সকল শিক্ষকে। ইফালে  বিদ্যালয় সমূহত কম্পিউটাৰৰ সুব্যৱস্থা থকাৰ পাছতো কম্পিউটাৰ শিকিবলৈ ছাত্ৰ ছাত্ৰী সকলে শিক্ষকক নাপায় হাহাকাৰ কৰিব লগা হৈছে। বহু বিদ্যালয়ত একাংশ ছাত্ৰ ছাত্রীয়ে কম্পিউটাৰ বিজ্ঞান ঐচ্ছিক বিষয় হিচাবে লৈ এতিয়া শিক্ষকক নাপাই হাহাকাৰ কৰিব লৈছে। আনহাতে, ৰাজীৱ গান্ধী কম্পিউটাৰ শিক্ষা আঁচনিৰ অধীনত ২০১৩ চনত ৭৫০ জন উচ্চ শিক্ষিত কম্পিউতাৰ শিক্ষকক এমত্ৰনৰ দ্বাৰা ঠিকা ভিত্তিক হিচাবে নিযুক্তি দিয়া হৈছিল। সেই সময়ত এই সকল শিক্ষকক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতকলৈ নিম্নতম ৫০ শতাংশ নম্বৰ আৰু কম্পিউটাৰ ডিপ্লোমা বাধ্যতামূলক কৰি আৰু নিযুক্তিৰ পূৰ্বে পৰীক্ষা লৈ বাছনি কৰি চাকৰিত নিয়োগ কৰিছিল। ২০১৬ চনত এই সকল শিক্ষকৰ চাকৰিৰ ম্যাদ উকলি গৈছিল যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰে বাণীকান্ত কম্পিউটাৰ শিক্ষা আঁচনিৰ জৰিয়তে নিয়োগ কৰা কম্পিউটাৰ শিক্ষকৰ পৰা বাদ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এই ৭৫০ গৰাকী উচ্চ শিক্ষিত ও সু অৰ্হতা সম্পন্ন শিক্ষকে। অভিযোগ মতে, বাণীকান্ত কাকতি আঁচনিত চাৰি বছৰ কম্পিউটাৰ শিক্ষক হিচাপে কাম কৰাৰ অভিজ্ঞতা বিচাৰিছিল যদিও এই সকল শিক্ষকৰ মাত্ৰ দুই- এমাহ অভিজ্ঞতা কম থকাৰ কাৰণে চৰকাৰে নাটকীয় ভাবে বঞ্চিত কৰে নতুন আঁচনিটোত নিযুক্তি দিয়াৰ পৰা। যাৰ কাৰণে নিজৰ চাকৰি হেৰুৱাই এতিয়া পৰিয়াল পোহপালৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে এওঁলোক । বাণীকান্ত আঁচনিত এই সকল শিক্ষকে নিজৰ নাম অন্তৰ্ভুক্ত হব বুলি সম্পূৰ্ণ আশ্বস্ত আছিল যদিও চাকৰিৰ পৰা বঞ্চিত হৈ মানসিক ভাৱে ভাগি পৰিছে তেওঁলোকে। অতি শীঘ্ৰে ৰাজীৱ গান্ধী কম্পিউটাৰ স্বাক্ষৰতা অভিযানত কাম কৰা সমূহ শিক্ষকক বাণীকান্ত কম্পিউটাৰ আঁচনিৰ অধীনত নিযুক্তি দিবলৈ সব কে সব কা বিকাশৰ কথা কোৱা চৰকাৰ খনৰ কথা কোৱা চৰকাৰ খনৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে ।