Home Blog Page 3087

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই কলেজৰ ছাত্ৰৰ পৰা লুটি নিলে ধন

নগাঁৱত দিন দুপৰতে চোকা অস্ত্ৰ দেখুৱাই দুৰ্বৃত্তই দুজনকৈ কলেজীয়া ছাত্ৰৰ পৰা লুটি নিলে ধন। নগাঁও চহৰৰ মুকুট শৰ্মা চাৰিআলি আৰু নগাঁও ছোৱালী কলেজৰ সমীপৰ পদ সেঁতুৰ সমীপত আজি বিয়লি প্ৰায় চাৰি বজাত পৃথকে পৃথকে সংঘটিত হয় এই ডকাইতিৰ ঘটনা। নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ পৰা পৰীক্ষা দি হোষ্টেল অভিমুখে খোজকাঢ়ি গৈ থকা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ দুজনকৈ ছাত্ৰৰ পৰা মুঠ ২,৪০০ টকা দুৰ্বৃত্তই লুট কৰি নিয়ে । এজন ছাত্ৰৰ পৰা ভয়-ভাবুকিৰে নগদ চাৰিশ টকা কাঢ়ি নিয়াৰ বিপৰীতে দুৰ্বৃত্তই আন এজন ছাত্ৰৰ হাতত নগদ ধন নথকাত এ টি এম বুথৰ পৰা ২০০০ টকা উলিয়াই আনিবলৈকো বাধ্য কৰে। এই দুষ্কাৰ্য সংঘটিত কৰিয়েই পলায়ন কৰে দুৰ্বৃত্তৰ দলটোৱে। নগাঁও চহৰৰ মাজ মজিয়াত দিনৰ পোহৰতে সংঘটিত এই ঘটনাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে বিভিন্নজনে। ইপিনে, নগাঁও চহৰৰ ষ্টেডিয়াম মাৰ্কেটত এগৰাকী যুৱতীৰ পৰা ম’বাইল থপিয়াই গণৰোষৰ বলি হ’ল এটা চোৰ। ৰাইজে চোৰটোক খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই আৰক্ষীৰ হাতত গতাই দিয়ে। উল্লেখ্য যে, নগাঁও চহৰত সঘনাই সংঘটিত হ’বলৈ ধৰিছে এনে ধৰণৰ ঘটনা। একাংশ ড্ৰাগচ আসক্ত যুৱকে পথচাৰীৰ পৰা সোণৰ আ-অলংকাৰৰ উপৰিও ম’বাইল আদি কাঢ়ি নিয়া ঘটনা প্ৰায়েই সংঘটিত হ’ব ধৰিছে।

অসমক ইছলামিক ৰাষ্ট্ৰ হোৱাৰ পৰিকল্পনা কেতিয়াও বাস্তৱ হ’ব নিদিয়ে বিজেপিয়ে : জয়ন্ত মল্ল বৰুৱা

বিজেপি হোজাই জিলাৰ কাৰ্য্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ আহি জয়ন্ত মল্ল বৰুৱাৰ বিস্ফোৰক মন্তব্য । বদৰুদ্দিন আজমল সম্পৰ্কত মন্তব্য কৰি কয় যে, “অসমত এক চক্ৰই গ্ৰাস কৰিবৰ কাৰনে চেষ্টা কৰি আছে, যত অসম বা উত্তৰ পূৰ্বাঞ্চলক ইছলামিক ৰাষ্ট্ৰ কৰাৰ পৰিকল্পনাৰে বহুতে কাম কৰি আছে, সেয়া স্বাধীনতাৰ আগৰে পৰা আজিলৈ চলি আছে। তেনে পৰিকল্পনা বিজেিপি দলে কেতিয়াও বাস্তৱত হ’বলৈ নিদিয়ে আৰু বিজেপি থকা লৈকে তেওঁলোকে সেই কাম কেতিয়াও কৰিব নোৱাৰে। আজমল ৰাজনৈতিক ভাৱে কোনো প্ৰত্যাহ্বান নহয়, যেতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে ৰাজনৈতিক ভাৱে এইদৰে দিশ দৰ্শন দি কাম কৰিব। অসমৰ সমাজ জীবনটো ভাঙি-চিঙি পেলোৱাত বা সমাজ জীৱনত প্ৰকৃত ভাৰতীয় মূল খুতিৰ বা প্ৰকৃত অসমীয়া মূল খুতিৰ লোক সকলক গ্ৰাস কৰিবলৈ বিচৰা লোক সকল তেওঁৰ লগত আছে, গতিকে বদৰুদ্দিন আজমল প্ৰত্যাহ্বান। বিজেপিয়ে সদায় সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি আহিছে আৰু দলে তাক নিঃশেষ কৰিবলৈ সদায় কাম কৰি যাব।

এ জে পিৰ বিষয়ত খোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে বিভিন্ন দল বোৰত নিজৰ জেগা বনাব নোৱাৰি তালৈ ঠিয় হৈছে, সি প্ৰবীণ ডেকাই হওঁক বা জগদীশ  ভূঞাই হওঁক। এইবিলাক কোনো আঞ্চলিক শক্তি বা আঞ্চলিকতা বাদী চিন্তাধাৰা নহয়, অসমত যদি আঞ্চলিকতাবাদী চিন্তাধাৰা শক্তিশালী কৰিব বিচাৰে তেন্তে তেওঁলোক এজিপিত গৈ শক্তিশালী কৰক, তেতিয়াহে আঞ্চলিকতাবাদী চিন্তাধাৰা হ’ব। অসমৰ সেইসকল লোকে এই কথাটো নেজানে যে আঞ্চলিকতাবাদ বা জাতীয়তাবাদ কাক কয়,জাতীয়তাবাদ বুলি কলে অসমীয়া কোৱা মানুহ সিনিয়েই কি জাতীয়তাবাদ নেকি, অসমতো বিভিন্ন ভাষাভাষী আছে। আনহাতে জাতীয় পৰিষদ দলে এখনো আখন নাপায় বুলিও মন্তব্য আগবঢ়ায়, খুব বেছি পালেও চাৰি-পাচ হেজাৰলৈকে যাব তাকো দুই এটা সমষ্টিত আৰু বেছিভাগ সমষ্টিত একহেজাৰৰ তলতে ভোট পোৱা দেখিবলৈ পাব বুলিও মন্তব্য আগবঢ়ায়।


হোজাই নতুন বজাৰস্থিত মণিপুৰী সাহিত্য পৰিষদ ভৱনত অনুষ্ঠিত হোৱা বিজেপিৰ হোজাই জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সভাত হোজাইৰ প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ, প্ৰাক্তন ৰেল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁই আদি নেতা সকল উপস্থিত থাকে। হোজাই জিলা বিজেপি সভাপতি অনুপ দেৱৰ নেতৃত্বত অনুষ্টিত হোৱা কাৰ্য্যনিৰ্বাহক সভাত জিলাৰ প্ৰায় দুইশতাধীক নেতা কৰ্মী সকল উপস্থিত থাকে।

পাকাবেতবাৰীত দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেলৰ শুভ উদ্বোধন

বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী স্পৰ্টিং ক্লাৱৰ সৌজন্যত স্থানীয় পুজা ফিল্ডত ২৯ আৰু ৩০ ডিচেম্বৰত  দুদিনীয়াকৈ চলা দিবা-নৈশ প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগীতাখন কালি শুভ উদ্বোধন কৰে এ আৰু ইউ ডি এফ দলৰ বৰপেটা জিলা সমিতিৰ উপ-সভানেত্ৰী, বিশিষ্ট সমাজসেৱীকা তথা সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মিনাক্ষী ৰহমানে । কালি সন্ধিয়া ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ পিচত  উদ্বোধনী সভাত মিনাক্ষী ৰহমানে ভাষন প্ৰসংগত কয় যে, বিভিন্ন ঠাইত এই খেল সমূহ এটা প্ৰতিযোগীতা হিচাপে অনুষ্ঠিত হৈ অাছে যদিও এই খেল সমূহৰ প্ৰয়োজনীয়তা আমাৰ আছে। কিয়নো অাজি সৰু-সুৰা খেলৰ পৰাই যিসকল প্ৰতিভা বিকশিত হৈ অাহিব, সেই সমূহ প্ৰতিভা কিন্তু অহা দিনত আমাৰ নক্ষত্ৰৰ দৰে জিলিকি থাকিব।  বি.কে. নিত্যানন্দ-ওৱাহেদ আলী হাইস্কুলৰ প্ৰধান শিক্ষক নন্দলাল সৰকাৰৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিশিষ্ট সমাজ কৰ্মী নিখিল মণ্ডল, ইউ ডি এছ এফ’ৰ উপ-সভাপতি মফিদুল ইছলাম,  কয়াকুছিৰ বিশিষ্ট সমাজসেৱীদ্বয় আমজাদ হুছেইন আৰু শ্বাহানুৰ ৰহমান, পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইন, সমাজকৰ্মী শশীমোহন ৰায়, শিক্ষক সনাতন মণ্ডল, সাংবাদিক জিলমোহন ৰায় আৰু ৰপছেত আলীকে ধৰি বহুতো গুনি-মানি ব্যক্তিৰ  উপস্থিতত উদ্যোক্তাসকলে মিনাক্ষী ৰহমানক এখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনায়। আনহাতে আজি উক্ত অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দীপুল ভূঞা, পাকাবেতবাৰী মণ্ডল বিজেপিৰ সভাপতি ধনমণি ডেকা, পাকাবেতবাৰী ব্লক সংখ্যালঘূ মৰ্চাৰ সভাপতি হুৰমুজ অালী, বজালী জিলা বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গুনজিৎ বৰ্মন আৰু সৰুক্ষেত্ৰী সমষ্টি বিজেপিৰ বিস্তাৰক নৱজিৎ দাসে অংশগ্ৰহন কৰি ক্ৰীড়া সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন প্ৰদান কৰে। 

অসম ৰাজ্যিক চিৰিয়াখানা পুনৰ মুকলি

অৱশেষত আজিৰে পৰা পুনৰ মুকলি কৰা হ’ব গুৱাহাটীস্থিত অসম ৰাজ্যিক চিৰিয়াখানা । কৰ’ণাৰ প্ৰকোপৰ ওপৰত লক্ষ্য ৰাখি ১৭ মাৰ্চৰ পৰা বন্ধ হৈ আছিল চিৰিয়াখানা ।

বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰিব চিৰিয়াখানা ।

ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা : গৃহীত হ’ল বিল

সদনত গৃহীত হ’ল আছাম ৰিপিলিং বিধেয়ক ২০২০। এই বিধেয়কৰ ভিত্তিতেই ৰাজ্যত বন্ধ হ’ল চৰকাৰী মাদ্ৰাছা। মাদ্ৰাছা ৰূপান্তৰিত হ’ব চৰকাৰী স্কুললৈ। চৰকাৰী ধনেৰে ধৰ্মীয় শিক্ষা দিয়া নহ’ব বুলি উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। ধৰ্মীয় শিক্ষাৰ বিপৰীতে এতিয়া অসমৰ মুছলমানসকলে ডাক্তৰ ইঞ্জিনীয়াৰ হোৱাৰ সপোন দেখিব বুলিও উল্লেখ হিমন্ত বিশ্ব শৰ্মাৰ। 

তীব্ৰ বাক-বিতণ্ডাৰ অন্তত ধ্বনি ভোটেৰে গৃহীত হ’ল বিধেয়কখন। মাদ্ৰাছা বন্ধ হ’লেও অব্যাহত থাকিব আৰৱী ভাষাৰ শিক্ষা। আৰু লগতে  মাদ্ৰাছাৰ শিক্ষকসকলৰ চাকৰি অব্যাহত থাকিব বুলিও মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মাদ্ৰাছা বন্ধই ৰক্ষণশীল সমাজক ৰক্ষা কৰিব বুলি উল্লেখ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

আনহাতে সংস্কৃত টোলসমূহো বন্ধ হোৱাৰ কথা উল্লেখ মন্ত্ৰীগৰাকীৰ। মাদ্ৰাছা শিক্ষা লাভ কৰা সকলে ব্যৱহাৰিক শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত শীঘ্ৰেই আন এক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ হিমন্ত বিশ্বৰ। উল্লেখ্য যে বিধেয়ক গৃহীত হোৱাৰ পাছতেই সদন ত্যাগ কৰে কংগ্ৰেছ আৰু AIUDF এ। বিৰোধীয়ে এই বিধেয়কক লৈ আইনৰ কাষ চাপিলেও বিজেপিয়েই আইনী যুঁজত জয় লাভ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ।

বঢ়মপুৰৰ দিন-হাজিৰা কৰা পৰিয়াললৈ এমাহৰ বিদ্যুৎ বিল আহিল ১.৩৭ লাখ টকা

নগাঁও জিলাৰ চামগুৰি বিদ্যুৎ উপ-সংমণ্ডল কাৰ্য্যালয়ৰ জৰিয়তে বহু উপভোক্তালৈ অত্যাধিক টকা পৰিমাণৰ বিদ্যুৎ বিল প্ৰেৰণ কৰাৰ দৰে ঘটনা সততে সংঘটিত হোৱাৰ দৰে পুনৰ আন এক আজৱ কাণ্ড শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰাপ্ত তথ্য অনুসৰি, বঢ়মপুৰ বৰলালুংগাঁও অঞ্চলৰ মুৰ্গীলড়াই মাজগাঁওৰ এটা দিন হাজিৰা কৰা পৰিয়ালৰ মুৰব্বী মাংৰা মূৰাৰ নামত আহিছে এমাহৰ বৈদ্যুতিক বিল ১,৩৭,৯১১ টকা । এই সম্পৰ্কত ভুক্তভোগী লোকজনে জানিবলৈ দিয়া মতে তেওঁ যোৱা মাহতো বিদ্যুৎ বিল পৰিশোধ কৰিছে। প্ৰতি মাহে তেওঁলৈ বিল ১০০ ৰ পৰা ৩০০ টকাৰ ভিতৰত আহে যদিও এইবাৰ তেওঁ এই বিলখন পোৱাৰ পিছত হতভম্ব হৈ পৰে। তেওঁ ইতিমধ্যে বিদ্যুৎ বিভাগৰ কোনো লোকৰ সৈতে যোগাযোগ কৰিছে যদিও বিষয়টো এই পৰ্যন্ত সমাধান হোৱা নাই বুলি জানিবলৈ দিছে। উল্লেখ্য যে , কেইমাহমান পূৰ্বে বঢ়মপুৰ ভকতগাঁৱৰ যোগেশ্বৰ বৰা নামৰ এজন ব্যক্তিৰ নামত এমাহৰ বিদ্যুৎ বিল হিচাপে প্ৰেৰণ কৰা হৈছিল  ত্ৰিশ হাজাৰৰ অধিক টকাৰ বিল। সেইদৰে, এবছৰ মান পূৰ্বেও বামুণী অঞ্চলৰ এজন লোকলৈ বিদ্যুৎ সংযোগ নোহোৱাকৈয়ে আহিছিল বিল। এনেধৰণৰ আজব ঘটনা সংঘটিত হোৱাৰ আঁৰত বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলৰ কৰ্তব্যৰ প্ৰতি অনীহা নে দায়িত্বজ্ঞানহীনতা, তাকে লৈ এতিয়া সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

নিজৰ জীৱন উচৰ্গা কৰি দেশ মাতৃৰ সেৱা কৰাৰ লগতে ভাৰতীয় সেনা বাহিনীয়ে বিগত বছৰ বছৰ ধৰি বিভিন্ন সামাজিক কাৰ্যত মনোনিৱেশ কৰাত পৰিলক্ষিত হৈছে । সেইমৰ্মে আজি বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ পাটকিজুলি অঞ্চলৰ ফুটবল খেলপথাৰত আজি ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ দ্বাৰা দিনযোৰা হিচাপে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । এই স্বাস্থ্য শিবিৰত দন্ত,কাণ,নাক,মেডিচিন বিভাগৰ লগতে বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনে অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । তদুপৰি দৰঙ্গা হাইস্কুলৰ ছাত্ৰ ছাত্ৰী সকলেও এই চিকিৎসা শিবিৰত উপস্থিত হয় নিজৰ নিজৰ স্বাস্থ্য পৰীক্ষা কৰায় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে ভূয়সী প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা স্থানীয় ৰাইজে শলাগ লয় ।

সমাজকৰ্মীলৈ জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক-২০২০ঃদিল্লীত উজলিল নাজিৰাৰ শুৱলা দাস

শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী ব্যৱসায়ী আনন্দ দাসৰ পত্নী শুৱলা দাসে নতুন দিল্লীত ভাৰতৰ কেইবাগৰাকী শ্ৰেষ্ঠ সমাজ সেৱক আৰু সাংস্কৃতিক কৰ্মীৰ তালিকাত অসমৰ পৰা  শ্ৰেষ্ঠ সমাজ সেৱীকাৰ স্হান দখলৰে এক সুনাম কঢ়িয়াই আনিছে।উল্লেখ্য‌ যে সমাজৰ অৱহেলিত,দৰিদ্ৰ ,নিপিড়িত ৰাইজৰ হৈ সেৱা আগঢ়াই অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হৈ পৰা নাজিৰা নগৰৰ ৬নং ৱাৰ্ডৰ নিবাসী তথা প্ৰাক্তন ৱাৰ্ড কমিচনাৰ,ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ উপ-সভানেত্ৰী শুৱলা দাস নতুন দিল্লীত অনুষ্ঠিত বাবু জগজীৱন ৰাম কলা-সংস্কৃতি আৰু সাহিত্য একাডেমীৰ ৰাষ্ট্ৰীয় বিজয় দিৱস অনুষ্ঠানলৈ অসমৰ অন্যতম শ্ৰেষ্ঠসমাজ সেৱক হিচাপে আমন্ত্ৰিত হয়।এই অনুষ্ঠানতে সমাজৰ অৱহেলিত,দৰিদ্ৰ,নিপিড়িত ৰাইজৰ হৈ সেৱা আগবঢ়োৱাৰ উপৰি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে অসমৰ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ শুৱলা দাসক “বাবু জগজীৱন ৰাম ৰাষ্ট্ৰীয় সন্মান পদক-২০২০বঁটা প্ৰদান কৰে বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীৰ সঞ্চালক ড০ এচ এন খুবাই।এই অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্হিত থাকে কেন্দ্ৰীয় চৰকাৰৰ সামাজিক ন্যায় আৰু শ্ৰম অধিকাৰ মন্ত্ৰী ৰামদাস অঠাচেল,লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰ,বিশিষ্ট অতিথি হিচাপে উপস্হিত থাকে দিল্লী চৰকাৰৰ সমাজ কল্যাণ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম,ৰাজ্য সভাৰ সাংসদ ড০সত্য নাৰায়ন জাঠিয়া,লোক সভাৰ সাংসদ ৰাজকুমাৰ ৰঞ্জন সিং,বিশেষ অতিথি হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ ড০ এন ডি আৰ চন্দ্ৰাকে প্ৰমূখ্য কৰি বহু গণ্য মান্য ব্যক্তি উপস্হিত থাকে ।এই অনুষ্ঠান অসমৰ আনকেইবাগৰাকী ব্যক্তিক বঁটা প্ৰদান কৰা হয় ।

গোৱালপাৰাৰ ৰনুৱাত AIUDF দলৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা

সমাগত বিধানসভা নিৰ্বাচন ৷এই নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল ৷পিছে এনে ক্ষনত পিছ পৰি নাথাকিল গোৱালপাৰ জিলাৰ পুৱ গোৱালপাৰা সমষ্টি ৷সমষ্টিখনত নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে AIDUF দলৰ ৷দলটোৰ জিলা উপ সভাপতি তথা টিকট প্ৰত্যাশী প্ৰাৰ্থী যুৱ নেতা আবুল কালাম হুছেইনে সমষ্টিখনৰ চুকেকোণে যুদ্বংদেহী মনোভাৱেৰে সৰু বৰ সভা সমিতি অনুষ্টিত কৰি দলৰ হাত মজবুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ইয়াৰ মাজতে মঙ্গলবাৰে নিশা সমষ্টিখনৰ ৰনুৱাত অনুষ্টিত হয় এক বিশাল নিৰ্বাচনী সভা ৷প্ৰায় দুই সহশ্ৰাধিক ৰাইজে উপস্তিত থকা জন সভাখনত যুৱনেতা আবুল কালাম হুছেইনে ভাষন প্ৰদান কৰে ৷ভাষনত তেও দলৰ হৈ কৰা অশেষ কষ্টৰ কথা ব্যাখ্যা কৰি দলৰ হাত মজবুত কৰিবলৈ উপস্তিত ৰাইজক আহ্বান জনায় ৷ভাষনত যুৱ নেতাজনে আগন্তক নিৰ্বাচনত তেওক দলে টিকট প্ৰদান কৰিলে নিশ্চত ৰূপে নিৰ্বাচিত হোৱাৰ কথাকৈ গৰিষ্ঠ সংখ্যক আসন দলে লাভ কৰিব বুলি দাবী কৰে ৷সভাত তেওৰ সহধৰ্মিণী তথা কেন্দ্ৰীয় কমিটিৰ মহিলা মৰ্চাৰ উপসভানেত্ৰী জেৰিনা বেগমে উপস্তিত থাকে ৷সভাত যুৱ নেতা হুছেইনে শক্তিশালীৰূপে অৱৰ্তীৰ্ন হৈ ব্যাপক হাৰত নিৰ্বাচনী প্ৰচাৰ চলাই সমষ্টিখন দলৰ হাতলৈ দখল কৰাৰ ৰনকৌশল প্ৰস্তত কৰি দিনে নিশাই নামি পৰিছে প্ৰচাৰ সভাত ৷সভাত কেৱাজন বিশিষ্ট ব্যক্তিয়ে কংগ্ৰেছ আৰু বিজেপি দলক ক্ষুৰধাৰে সমালোচনা কৰি NRC আৰু মাটিৰ পট্টা সম্পৰ্কে  ভাষন দি বিজেপি দলে দলৰ সভাপতি বদৰুদ্দিন আজমলক TARGET কৰি লোৱা বুলি তীব্ৰ সমালোচনা কৰে ৷লগতে আগন্ততক নিৰ্বাচনত এই সমষ্টিৰ পৰা দলৰ উপ সভাপতি যুৱ নেতা আবুল কালাম হুছেইনে বিপুল ভোটত নিৰ্বাচিত হোৱাৰ দাবী কৰে ৷ঠেটুৱ পৰা জাৰতো দুপৰ নিশালৈ সভাখনত জিলা কমিটিৰ উপ সভাপতি ৰমজান আলী.জিলা যুৱ মৰ্চাৰ উপ সভাপতিদ্বয় জালাল সেখ.সাইদুল সিখদাৰ.জিলা যুৱ মৰ্চাৰ সাংগাঠনিক সম্পাদক আমজাদ আলী. সমষ্টি কমিটিৰ সাধাৰন সম্পাদকদ্বয় আব্দুৰ ছামাদ. নাছিৰ আলী আহমেদ. সমষ্টি যুৱ মৰ্চাৰ কাৰ্যকৰী সভাপতি জংসেদ আলম. সাধাৰন সম্পাদক প্ৰশাসনিক লাহুল ইছলাম আদি কৰি গন্যমান্য ব্যক্তি সকল উপস্তিত থাকে ৷উল্লেখ্য যে সভাৰ আগে আগে উপস্তিত সকলক ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷

বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায় সম্পৰ্কে আলোচনা চক্ৰ

নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত মংগলবাৰে সাময়িক প্ৰেক্ষাপটত নাৰী নিৰ্যাতন প্ৰতিৰোধৰ উপায়(A Symposium on protection of women from harassment at present situation) সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়। অধ্যক্ষ হবিবুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানতিৰ আতঁ ধৰে শিক্ষা বিভাগৰ অধ্যাপিকা ৰানী বৰাই। অনুষ্ঠানটিত মুখ্য সমল ব্যক্তি ৰূপে উপস্থিত থাকি জেষ্ঠ অধিবক্তা দিপ্তী ফুকনে নাৰীয়ে বিভিন্ন ক্ষেত্ৰত সন্মুখিন হোৱা নিৰ্যাতন আৰু তাৰ বাবে পাব পৰা আইনী সুৰক্ষাৰ উপয় সমূহৰ বিষয়ে আলোচনা কৰে। আন এগৰাকী সমল ব্যক্তি তথা মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী অধিবক্তা অসমী কলিতাই নাৰী সজাগতা সম্পৰ্কে বহুল ব্যখ্যা আগবঢ়াই। জেষ্ঠ অধ্যাপক দেৱজিৎ মহন্ত, ড০ বীনা কলিতা, নাচৰিন আহমেদ ভাষন প্ৰদান কৰা অনুষ্ঠানটিত অধ্যাপক দিলীপ ভূঞা, হেময়ন্তী ডেকা, প্ৰাঞ্জলী মহন্ত, লিপিকা আফৰুজকে প্ৰমুখ্য কৰি মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে।