অসম বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে অন্যান্য সমষ্টি সমূহৰ লগতে ৭০নং মাজবাট বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা বৃদ্ধি পাইছে । বিজেপি দলে প্ৰাক্তন এম চি অল এ থকা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ সদস্য জিতু কিষাণক দলীয় প্ৰাৰ্থীত্ব আগবঢ়াইছে । সমষ্টিটোত বিজেপি ওদালগুৰি জিলা বিজেপিৰ সাধাৰণ সম্পাদক অজয় কুমাৰ হাজৰিকা প্ৰাৰ্থীত্ব দাবীদাৰ আছিল যদিও দলে জিতু কিষানক হে দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰে । সমষ্টিটোত ২৩ বছৰে কংগ্ৰেছ দলে , ১৫ বছৰ বিপিএফ দলে , আৰু পাঁচ বছৰ নিৰ্দলীয়ই শাসন ভাৰ চলাইছিল । বৰ্তমানৰ বিপিএফ দলৰ দুৰ্গ স্বৰূপ সমষ্টিটোত বিজেপি দলে যিকোনো প্ৰকাৰে নিজৰ হাতলৈ লৈ দলীয় নেতা কৰ্মী সকলে পৰিয়াল সম্পৰ্ক অভিযানৰ জৰিয়তে ৰাইজৰ ঘৰে ঘৰে গৈ সম্পৰ্ক অভিযান চলাই আহিছে । বিগত বিটিআৰ নিৰ্বাচনাতো উক্ত বিধানসভা সমষ্টি দলৰ লক্ষ্যৰে এম চি অল এ সকলক জয় কৰাই অনাৰ স্বাৰ্থত ২৬ টা সমষ্টিত বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিছিল আৰু ৯ খন কৈ এম চি অল এ ৰ আসন জয় কৰিবলৈ সক্ষম হৈছিল । মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিটো বিপিএফ দলৰ পৰা বিজেপি দলে আজুৰি আনি বিধানসভাৰ বিধানসভাৰ বাবে টঙালি বান্ধিছিল । বৰ্তমান বিপিএফ দলৰ বিধায়ক চৰণ বড়ো দলৰ স্থিতি যিয়েই নহওঁক ব্যক্তি হিচাবে তেখেতৰ জনপ্ৰিয়তা নুই কৰিব নোৱাৰি । বিপিএফ, কংগ্ৰেছ , এ আই ইউ ডি এফ ৰ মহাজোঁটৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত হৈছে । বিজেপি প্ৰাৰ্থী জিতু কিষানেও সমষ্টিটোত অধীনস্থ আঠ খনকৈ চাহ বাগিচাৰ লগতে গাঁও আৰু অঞ্চলতো সমান্নয় বজাই ৰাখিছে । সমষ্টিটোত এই বেলি এক লাখ সাতাউন্ন ১৫৭৪৪৯ ভোটাৰে ভোট দান সাব্যস্ত কৰিব । সমষ্টিটোত বড়ো সম্প্ৰদায়ৰ ৪২,০০০ , চাহ জনগোষ্ঠী ৩৯০০ হাজাৰ মুছলমান ৩২০০০ হাজাৰ , খিলঞ্জীয়া অসমীয়া ১৩০০০ হাজাৰ বেংঙালী সাম্প্ৰদায়ৰ ১২০০০ হাজাৰ নেপালী ১১০০০ , হিন্দী ভাষী ৩০০০ আৰু অন্যান্য ৪০০০ ভোটাৰ এইদৰে সম্প্ৰদায়ৰ ভিক্তিত আছে । উল্লেখ্য যে ৬ ফেব্ৰুৱাৰীত বিজেপি দলীয় টিকট লৈ সমষ্টিলৈ ৰাওনা হওঁতে বিজেপি দলৰ নৱ নিৰ্বাচিত প্ৰাৰ্থী জিতু কিষানক ওৰাং লক্ষী মন্দিৰ প্ৰাংগনত মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা ৰ লগতে বহুতো জ্যেষ্ঠ দলীয় কাৰ্য্যকৰ্তা আৰু স্থানীয় ৰাইজে শ শ গামোছাৰে শ শ লোকে বিপুল আদৰণি জনায় ।বিজেপিৰ কৰ্মী লাধু লোহাৰ , চাৰ্জ্জু চাওৰা , পুষ্প থাপা , ৰঞ্জন ডেকা , মন্না দে , কঁপিল মহাতো , বনলতা শৰ্মা , বিজয়া বৰা , পদুমী মহানন্দ , শচীন মহানন্দ ,বিজয়া বৰা,দিব্য জ্যোতি শইকীয়া আদি উপস্থিত থাকি আদৰনি জনায় ৷
বোকাখাতত আম আদমি পাৰ্টিৰ প্ৰাৰ্থীৰ হৈ আৰ টি আই কৰ্মী বিজয় কুটুমৰ মনোনয়ন পত্ৰ দাখিল
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতেই ৰাজ্যৰ ভিতৰতে দ্বিতীয়গৰাকী প্ৰাৰ্থী হিচাপে বোকাখাতত আজি আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ৰূপে আৰ টি আই কৰ্মী বিজয় কুটুমে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ২০১৬ চনতো বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল বিজয় কুটুমে ৷ সেইবাৰ নিৰ্বাচনত মাত্ৰ ১৩৫১ টা ভোট লাভ কৰিছিল আৰ টি আই কৰ্মী বিজয় কটুমে । মনোনয়ন পত্ৰ দাখিলৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিজয় কুটুমে দুৰ্নীতিমুক্ত আৰু এখন নিকা বোকাখাত গঢ়াৰ লক্ষ্য আগত ৰাখিয়েই মনোনয়ন পত্ৰ দাখিল কৰা বুলি মন্তব্য কৰে ৷ আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত আৰু আকৃষ্ট হৈ আম আদমী পাৰ্টি চমুকৈ আপৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ প্ৰদান কৰে বিজয় কুটুমে ৷ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত আৰু বৰ্তমানৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ দিনত কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰাই বোকাখাতত যিমান পৰিমাণৰ উন্নয়ণ সাধন কৰিব লাগিছিল, সেইয়া সমাধান কৰাত বিফল হোৱা বুলি মন্তব্য কৰে ৷ নিৰ্বাচনত তেওঁ বোকাখাতৰ পৰা বিজয়ী হ’লে স্বচ্ছ, নিকা আৰু দুৰ্নীতিমুক্ত বোকাখাত গঢ়াৰ সংকল্প আছে বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ লগতে শিক্ষিত নিৱনুৱা সকলক সংস্থাপনৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ উপৰিও বোকাখাতৰ উন্নয়ণত বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি সাংবাদিকক জানিবলৈ দিয়ে ৷ ইয়াৰ পূৰ্বে বোকাখাতৰ ইন্দিৰা গান্ধী স্মৃতি উদ্যানৰ সমীপৰ পৰা দলীয় সমৰ্থকসহ পদযাত্ৰা কৰি আহি বোকাখাত মহকুমা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ দুই সমৰ্থকসহ বিজয় কুটুমে মনোনয়ন পত্ৰ নিৰ্বাচনী বিষয়া বিপুল দাসৰ হাতত মনোনয়ন পত্ৰ প্ৰদান কৰে ৷ কিন্তু পূৰ্বৰ নিৰ্বাচন দৰে এইবাৰ নিৰ্বাচনত বোকাখাতৰ জনতা জনাৰ্দনে বিজয় কুটুম প্ৰতি কি ৰায় প্ৰদান কৰে সেইয়া দুই মে’তহে জানিব পৰা যাব ৷
দেৰগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ভবেন্দ্ৰ নাথ ভঁৰালীক বিপুল আদৰণি
আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব নিশ্চিত হোৱা অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ সমষ্টিটোৰ বিধায়ক ভবেন্দ্ৰ নাথ ভঁৰালীক আজি দেৰগাঁৱত বিপুল আদৰণি জনোৱা হয়। আজি গুৱাহাটীৰ পৰা নিজৰ সমষ্টি দেৰগাঁৱলৈ অহাত নিৰ্বাচিনী প্ৰাৰ্থী তথা বৰ্তমানৰ বিধায়ক গৰাকীক সমৰ্থক সকলে আদৰি আনে। অসম গণ পৰিষদৰ দেৰগাঁও নগৰ সমিতিৰ কাৰ্যালয়ত বিধায়ক তথা প্ৰাৰ্থী গৰাকীক সহস্ৰাধিক কৰ্মীয়ে বিপুল ভাবে আদৰণি জনায়। বৰ্তমানৰ বিধায়ক ভবেন্দ্ৰ নাথ ভঁৰালীয়ে প্ৰাৰ্থীত্ব লাভ কৰাত দলীয় কৰ্মী সকল উৎফুল্লিত হৈ আগতীয়া বিহু পতা দেখা যায়। আনহাতে দেৰগাঁও বিধানসভা সমষ্টিটো বৰ্তমানৰ বিধায়ক গৰাকীৰ পৰিবৰ্তে ভাৰতীয় জনতা পাৰ্টীৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ দাবীত ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰি আহিছে। নিজৰ মিত্ৰজোঁটৰ বিধায়ক গৰাকীৰ বিৰুদ্ধেই বিভিন্ন সময়ত অকৰ্মকন্যতাৰ অভিযোগ তুলি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে ধৰি সকলোৰে দলীয় প্ৰাৰ্থীত্বৰ দাবী জনাই আহিছিল। কিন্তু সকলোকে আচৰিত কৰি ভবেন্দ্ৰ নাথ ভঁৰালীয়ে প্ৰাৰ্থীত্ব লাভ কৰিবলৈ সক্ষম হয়। দেৰগাঁও বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাষী সকলৰ ভিতৰত আছিল প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, মৃদুপৱন দাস, জয়ন্ত হাজৰিকা, জ্যোতি প্ৰকাশ নাৰায়ণ, ৰঞ্জিত দাস আদি। ইপিনে ভবেন্দ্ৰ নাথ ভঁৰালীৰ প্ৰাৰ্থীত্ব প্ৰতিবাদত একাংশ বিজেপি দলৰ কৰ্মীয়ে দল ত্যাগৰো ভাবুকি দিয়া পৰিলক্ষিত হয়।উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীত্ব প্ৰত্যাষী মৃদু পৱন দাসে প্ৰাৰ্থী গৰাকীক গুৱাহাটীৰ পৰা নিজৰ সমষ্টি দেৰগাঁৱলৈ কৰা যাত্ৰা পথত সংগ দিয়াৰ লগতে আদৰণিৰ সময়ত বিজেপিৰ দেৰগাঁও নগৰ মণ্ডলৰ সভাপতি দিলিপ খাউণ্ড, সম্পাদক উদয় ভাস্কৰ দত্তও উপস্থিত থাকে।
১০৭ নং থাওৰা সমষ্টিৰ প্ৰাৰ্থী কুশল দুৱৰীক উস্ম আদৰণি, ডিমৌ নিতাই, পানীদিহিং : বকতা পৰিভ্ৰমণ
১০৭ নং থাওৰা বিধান সভা সমষ্টিৰ বিজেপি অগপৰ মিত্রজোঁটৰ প্ৰাৰ্থী কুশল দুৱৰীক প্ৰাথীত্ব প্ৰদান কৰাৰ আনুষ্ঠানিক ঘোষণা নকৰিলেও দুৱৰীয়েই থাওৰাত প্ৰাথীত্ব পোৱাটো এক প্ৰকাৰে নিশ্চিত বুলি জানিব পাৰি উৎফুল্লিত হৈ পৰিছে থাওৰা বিজেপি। আজি দুপৰীয়া গুৱাহাটীৰ পৰা থাওৰা সমষ্টি প্ৰৱেশ পথতে এখন অত্যাধুনিক “ভিনটেজ অলফা ৰোমিঅ'” গাড়ীত বিজেপিৰ ২০২১ ৰ থাওৰা সমষ্টিৰ প্ৰাৰ্থী কুশল দুৱৰীক অাদৰি আনিলে হাজাৰোধিক বিজেপি থাওৰাৰ সৰ্মথকে । ২৭ মাৰ্চ অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দলীয় টিকট ঘোষণাৰ পূৰ্বে ডিমৌ দিচাং ৰজাবাৰীৰ পৰা দলীয় কৰ্মকতা ,শুভাকাংক্ষীয়ে মটৰ চাইকেল গাড়ীয়ে এক বিশাল সমদলেৰে আদৰি আনিলে ডিমৌৰ বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়লৈ । বিজেপিৰ প্ৰাথীত্ব লাভ কৰাৰ এক প্ৰকাৰে নিশ্চিত হোৱাত কুশল দুৱৰীক ৰেলিত থাওৰা সমষ্টিলৈ আদৰি অনাৰ পথত ৩৭ নং ঘাইপৰৰ দাঁতিত দলৰ সমৰ্থক আৰু ৰাইজে ফুলাম গামোচাৰে আদৰণি জনায় বৰ্তমানৰ বিধায়ক কুশল দুৱৰীক । ইয়াৰ পিছতে বিজেপিৰ ডিমৌৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মকৰ্তা সকলক উদেশ্য বক্তব্য ৰাখে আৰু আগন্তুক ২০ দিন থাওৰা বিজেপি তেওঁৰ হৈ কাম কৰি যাবলৈ আহ্বান জনায় আৰু তেওঁ সমষ্টিৰ ৰাইজৰ হৈ পাঁচটা বছৰ নিষ্ঠাৰে কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে। আনহাতে নিতাই পানীদিহিঙৰ নিতাইপুখুৰীত নিব্বাচনী মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। কাৰ্যালয় উদ্ধোধনী অনুষ্ঠানত দলীয় কৰ্মী সকলক উদেশ্যি বক্তব্য ৰাখি আৰু এই নিৰ্বাচনত থাওৰা সমষ্টিৰ পৰা ১৫ হাজাৰ ভোটৰ ব্যৱধানত এইবাৰ জয়ী হৈ যাব বুলি ব্যক্ত কৰে। এই অনুষ্ঠানতে আন কেইবাটাও ৰাজনৈতিক দলৰ সদস্যই ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। আন্যহাতেদি ভাৰতীয় জাতীয় কংগ্ৰেছৰ থাওৰা সমষ্টিৰ প্ৰাথী হিচাপে প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঞি নাম ইতিমধ্যে নিশ্চিত হৈছে। আগন্তুক দিনত থাওৰাত বিজেপি আৰু কংগ্রেছৰ এখন আকৰ্ষণীয় যুঁজ হোৱাটো নিশ্চিত যদিও জয় পৰাজয় সমষ্টিৰ ভোটাৰ ৰাইজেহে নিশ্চিয়তা কৰিব ।
২১টা বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা ল’ব গণশক্তিয়ে : মিত্ৰজোঁটক সৰ্বশক্তিৰে সহযোগৰ প্ৰতিশ্ৰুতি পৰমানন্দ ছায়েঙ্গীয়াৰ
ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে ধেমাজি বিধানসভা সমষ্টিতো ৰাজনৈতিক বাতাবৰণ উত্তাল হৈ পৰিছে ৷ সমষ্টিটোত ৰাজনৈতিক দলবোৰে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত কৰা নাই যদিও সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলবোৰৰ কৰ্মী-সদস্যসকলৰ মাজত নিৰ্বাচন কেন্দ্ৰিক উছাহ বৃদ্ধি পাইছে আৰু সকলো ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰতি ভোটাৰ ৰাইজৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ আজি সন্মিলিত গণশক্তি অসম, দলৰ তৰফৰ পৰা সমাগত বিধানসভা নিৰ্বাচনক লৈ এখনি সংবাদ মেল আয়োজন কৰা হয় ৷ গোগামুখ আবতানি লত্তাত আয়োজন কৰা উক্ত সংবাদ মেলত গণশক্তিৰ কেন্দ্ৰীয় সভাপতি পৰমানন্দ ছায়েঙ্গীয়াই কয়- সন্মিলিত গণশক্তি অসমে এইবাৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ লগত থাকিব আৰু একেলগে নিৰ্বাচনত অবতীৰ্ণ হ’ব ৷ ধেমাজি,. জোনাই, মাজুলী, শদিয়া, শিৱসাগৰ, লখিমপুৰ, গহপুৰ, নাওবৈচা, ডিব্ৰুগড়, গোলাঘাট, বোকাখাট, ডেৰগাঁও, বিহপুৰীয়া, টীয়ক, চাবুৱা, ঢকুৱাখনা, যোৰহাট, থাওৰা আদিকে ধৰি মুঠ ২১ খন বিধানসভা সমষ্টিত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব আৰু আটাইকেইটা সমষ্টিতে মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থন কৰিব ৷ সমষ্টটিবোৰ মিত্ৰজোঁটক জিকাবৰ বাবে গণশক্তিয়ে সৰ্বশক্তি প্ৰয়োগ কৰিব বুলি তেওঁ দোহাৰে ৷ তেওঁ কয়- বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ সামগ্ৰীক উন্নয়নৰ বাবে অভূতপূৰ্ব প্ৰচেষ্টা চলাইছে ৷ জাতি-জনগোষ্ঠীৰ মাজত একতাৰে কাম কৰি শান্তিপূৰ্ণ পৰিৱেশ নিৰ্মাণ কৰিছে ৷ সমবিকাশ আৰু সম অধিকাৰৰ জৰিয়তে অসমৰ জনতাৰ মন জয় কৰিছে ৷ এনেক্ষেত্ৰত বহুল চিন্তা আৰু অসমৰ সাৰ্বিক উন্নয়নৰ স্বাৰ্থত মিত্ৰজোঁটক সমৰ্থন কৰাটো সময়ৰ আহ্বান বুলি তেওঁ সংবাদমেলত মন্তব্য আগবঢ়ায় ৷ গণশক্তিয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক শক্তিৰ ওচৰত আত্মসমৰ্পণ কৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয়- আমাৰ কিমান শক্তি আমি ভালদৰে বুজি পাঁও ৷ গণশক্তিয়ে কৌশলগত কাৰণত সমাগত বিধানসভাৰ নিৰ্বাচনত প্ৰতিদন্দিতা নকৰিলেও এম এ চিৰ পৰিষদীয় নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব ৷ অৱশ্যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলবোৰে যদি আমাৰ আশা-আকাংক্ষা বা দাবীবোৰ পূৰণ নকৰে তেন্তে গণশক্তিয়ে বিকল্প চিন্তাৰে আগবাঢ়িবলৈ প্ৰস্তুত থকা বুলি তেওঁ সংবাদ মেলত সাংবাদিকক অৱগত কৰে ৷ ১০ মাৰ্চৰ পৰা গণশক্তিৰ সকলো ভাতৃ সংগঠনৰ লগত বৈঠক অনুষ্ঠিত কৰি সমাগত নিৰ্বাচনৰ ৰণকৌশল তৈয়াৰ কৰিব আৰু ঘৰে ঘৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষত প্ৰচাৰ কৰিব বুলি তেওঁ দোহাৰে । আজিৰ সংবাদ মেলত উপস্থিত থাকে গণশক্তিৰ কেন্দ্ৰীয় উপসভাপতি সুনীল পেগু, সাধাৰণ সম্পাদক হিৰণ্য দত্ত, সম্পাদক পুৰুষোত্তম দলে আৰু গণশক্তিৰ নেতা ৰাজু পেগু ৷
গৰুগোহালিতকৈও নিকৃষ্ট ঘৰত জীৱন কটাইছে এটা পৰিয়ালে
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বহুল প্ৰচাৰিত শ্লোগান-সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস অসাৰ হ’ল । তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ এটা পৰিয়ালৰ কৰুণ গাঁথাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৰ এই শ্লোগান টোক প্ৰত্যাহ্বান জনাইছে । এই শ্লোগান টো আজি ৭ বছৰে মোদীৰ শাসন কালত তিতাবৰ সমষ্টিৰ ৰঙাজান গাওঁ পঞ্চায়ত এলেকাৰ বুৰুক বৰুৱা চেকনিধৰা গাঁৱৰ অনিল বৰা আৰু পুৰবী বৰাৰ সংসাৰ খনে অনুভৱ কৰিব নোৱাৰিলে। এখন চালিৰ তলতে আজিও বাস কৰিছে এই দুৰ্ভগীয়া পৰিয়ালটো।কোনো চৰকাৰী আঁচনিৰ মুখ দেখা নাই অনিল বৰা আৰু পুৰবী বৰাৰ পৰিয়ালে । ৪টা সন্তানৰ সৈতে এই পৰিয়ালটোক মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাৰ্যকালতো এটি ইন্দিৰা আৱাস যোজনাৰ ঘৰ দি উপকৃত কৰিব নোৱাৰিলে । ৰঙাজানৰে মুখ্যমন্ত্ৰী গগৈৰ জন্ম স্থান আছিল আৰু ৰঙাজানৰে এই দুৰ্ভগীয়া পৰিয়ালটো আজিও উৰুখা চালিত মুকলি ঠাইত বাস কৰিছে । স্বচ্ছ অভিযান আঁচনি খনেও উপলুঙাহে কৰিলে পৰিয়ালটৌক । নি:কিন দৰিদ্ৰতাই কোঙা কৰা পৰিয়ালটোক বৰ্তমানৰ বিজেপি চৰকাৰৰ ৫ বছৰেও এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীন আঁচনিত সাঙুৰি পৰিয়ালটোক উদ্ধাৰ কৰিব নোৱাৰিলে । উন্নয়নৰ বক্তৃতাৰ ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱালৰ বিজেপি মিত্ৰ চৰকাৰে এই দুখীয়া পৰিয়ালটোক জীয়াই থকাৰ নিৰাপত্তা দিব নোৱাৰিলে। দিন হাজিৰা কৰি পোহ পাল দিছে পিতৃ অনিল বৰাই । সবকা সাথ সবকা বিকাশ আৰু বিশ্বাসৰ শ্লোগান দিয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি মিত্ৰ চৰকাৰে পুনৰ এই গৃহহীন দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত আগন্তুক নিৰ্বাচনত কেনেকৈ ভোট ভিক্ষা মাগিব, ই মৰ্য্যাদাৰ প্ৰশ্ন। অৱশ্যে এইটো এটা মাত্ৰ দৃষ্টান্তহে । এনেদৰে তিতাবৰ সমষ্টিৰ চুকে কোণে বহুতো দুখীয়া দৰিদ্ৰ পৰিয়ালে দৰিদ্ৰতাৰ সতে আজিও যুঁজিয়ে আছে । আগন্তুক নতুন চৰকাৰে এই দৰিদ্ৰ পৰিয়াল টোক অনাময় আঁচনি ৰ লগতে এটা জীয়াই থকাৰ বাবে উপযোগী ঘৰ পৰিয়ালটোক আগবঢ়ায় সকাহ দিব ।
আৰণ্যক উদ্যোগত “গঁড়ৰ বিদ্যালয় যাত্রা” সজাগতা সভা
বোকাখাট মহকুমাৰ মহুৰা মৌজাৰ উত্তৰ মহুৰা আৰু দিচৈ গাওঁপঞ্চায়তৰ অন্তৰ্গত ভলুকাগুৰি বামুন চাপৰি প্ৰাথমিক বিদ্যালয়ত, বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়, উজনি বংকোৱালৰ প্ৰাথমিক বিদ্যালয়, ভলুকাগুৰি প্ৰাথমিক বিদ্যালয়, বংকোৱালৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, দিচৈ ভেলি চি এচ আই মিচন স্কুল, বৰবালি প্ৰাথমিক বিদ্যালয়, কেমেৰী প্ৰাথমিক বিদ্যালয়, ১ নং অফলা প্ৰাথমিক বিদ্যালয়, দুসুতী মূখ গাওঁপঞ্চায়তৰ অন্তৰ্গত মিচিমি আঁটি আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, মিচিমি আঁটি আমগুৰি মধ্য ইংৰাজী বিদ্যালয়ত “গঁড়ৰ বিদ্যালয় যাত্ৰা” ৰ্শীষক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয় । আৰণ্যক সচিব প্ৰধান শ্রীযুত বিভৱ তালুকদাৰ নেতৃত্ব চলিথকা এই অভিযানত আৰণ্যকৰ প্ৰকল্প বিষয়া আৰিফ হুছেইন, প্ৰাকৃতি প্ৰেমী স্বপন নাথ অনুষ্ঠানসমুহত সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে । গঁড়ৰ আৱাস, গঁড়ৰ সংৰক্ষণ, গঁড়ৰ বিভিন্ন প্ৰজাতিৰ, সজাগতা ওপৰত তথ্য চিত্রৰ সহায়ত ছাত্র ছাত্রী সকলক বিস্তাৰিত ভাৱে বুজাই আৰিফ হুছেইন ডাঙৰীয়াই । অনুষ্ঠানৰ উদেশ্যে ব্যাখ্যা আগবঢ়াই প্ৰাকৃতি প্ৰেমী বাবুকান্ত দাৱ আৰু সদস্য ইভান লইঙে ।উক্ত অনুষ্ঠানসমুহতে ছাত্র ছাত্রী সকলৰ মাজত মূকলি “কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু বিজেতা সকলক পুৰস্কাৰ বিতৰণ কৰা হয়। ছাত্র-ছাত্রী সকলৰ পৰিবেশ শিক্ষাত সহায় হোৱাকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাবৰ উদ্দেশ্য বংকোৱালৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমুহ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰা ২৫ গৰাকী ছাত্র – ছাত্রী কুইজ প্ৰতিযোগিতা যোগেদি নিৰ্বাচিত কৰা হয় । উক্ত বংকোৱাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে শিক্ষক ৰিতুমনি ভুঞা, মহেন দলে, জীৱন ডেকা, শেৱালি গগৈ, ভেলেনটিনা দাস, দন্দিৰাম মৰাং, প্ৰনামী ভুঞা, নয়ন জ্যোতি বাৰুকিয়াল, কেশৱ বৰি, শোভন বৰি, পল বাহাদুৰ চেত্তী, জিতেন তামূলি,জুৰি গগৈ, বিমলা শইকীয়া, মনিখা দত্ত, পৰান মৰাং, সমাজকৰ্মী কান্দুৰা মৰাঙে । অনুষ্ঠান অভিভাবক, সচেতন নাগৰিক সকলে অৰণ্যকে গঁড় সংৰক্ষণৰ ওপৰা লোৱা এনে সজাগতা সভাৰ সলাগ লয় । শেষত আৰণ্যক তৰফৰ পৰা সলাগৰ শঁৰাই আগবঢ়োৱা হয় ।
নগাঁৱত সদৌ অসম ভিত্তিত তিনিদিনীয়া চিত্ৰ প্ৰদৰ্শনীৰ সামৰণি
নগাঁৱৰ অন্যতম চিত্ৰকলা অনুষ্ঠান নগাঁও আৰ্ট পইন্টৰ উদ্যোগত তিনি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ভিত্তিত চিত্ৰকলা প্ৰদৰ্শনীৰ কালি সামৰণি পৰে। যোৱা ২ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই চিত্ৰ প্ৰদৰ্শনীত নগাঁৱৰ লগতে শিৱসাগৰ, তেজপুৰ, লামডিং আদিকে ধৰি বহু কেইখন জিলাৰ চিত্ৰশিল্পীয়ে অংশগ্ৰহণ কৰে।

প্ৰথম দিনা চিত্ৰ প্ৰদৰ্শনী আনুষ্ঠানিক ভাৱে মুকলি কৰে তেজপুৰৰ বিশিষ্ট তথা জ্যেষ্ঠ চিত্ৰশিল্পী জ্ঞানেন্দ্ৰ নাথ বৰাই। প্ৰদৰ্শনীত ১০১টা চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যৰ খ্যাতনামা চিত্ৰশিল্পী ক্ৰমে ৰাজীৱ দাস, কৃষ্ণ মোদক, মল্লিকা বিশ্বকৰ্মা, অজয় শৰ্মা, অনিতা বিশ্বকৰ্মা, অমিতাভ দাস গুপ্তা, বলবিন্দৰ সিং, ৰচিয়তা দাস, তপন দে, আলি হাইদৰ, ৰনবিৰ দাস, নন্দিতা পাটৰ, শান্ত দলপতি, অৰবিন্দ দাসকে ধৰি দুকুৰি চিত্ৰশিল্পীয়ে অংকন কৰা চিত্ৰও প্ৰদৰ্শন কৰা হয়। উক্ত তিনিদিনীয়া প্ৰদৰ্শনীত অসংখ্য শিল্পী প্ৰেমী ৰাইজৰ আগমন ঘটা পৰিলক্ষিত হয়।
তুলসীবাৰীত ক্ষোভত ফাটি পৰিল এপল’ মিলৰ শ্ৰমিক : ১০ ঘণ্টীয়া ভাৰত-ভূটান পথ অৱৰোধৰে প্ৰতিবাদ সাব্যস্ত
ভি আৰ এছ প্ৰদানৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি অহা এপল’ মিলৰ শ্ৰমিকৰ ১০ ঘণ্টীয়া প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰিল তুলসীবাৰী । বছৰৰ পাছত বছৰ ধৰি প্ৰাপ্য আদায়ৰ দাৱীত সংগ্ৰাম কৰি অহা ৩৯৪ গৰাকী শ্ৰমিক- কৰ্মচাৰীৰ পৰিয়ালৰ লোকে স্থানীয় ৰাইজ তথা দল,সংগঠনৰ সহযোগত ১০ ঘণ্টীয়াকৈ ভাৰত-ভূটান পথ অৱৰোধ কৰে ।শ্ৰমিক সন্থাৰ সভাপতি দুৰ্গা কলিতা আৰু সম্পাদক দুৰ্গা হালৈৰ নেতৃত্বত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ বজালৈ ৰূপায়িত কাৰ্যসূচীৰ ফলত কেবা শতাধিক যান বাহনৰ চলাচল ব্যাহত হৈ পৰে ।ৰাজ্য চৰকাৰৰ লগতে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ বিৰুদ্ধে সৰব হৈ পৰে প্ৰতিবাদকাৰী সকল ।পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনৰ ফালৰ পৰা আৰক্ষী ,অৰ্দ্ধ সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হয় ।সম্পূৰ্ণ শান্তিপূৰ্ণ ভাবে ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে মহকুমা প্ৰশাসনৰ ফালৰ পৰা পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্য দণ্ডাধীশ এগৰাকী উপস্থিত হৈ আলোচনাত মিলিত হয় যদিও প্ৰতিবাদ কাৰী সকলে উথ্বাপিত দাবীৰ সমৰ্থনত যুদ্ধংদেহী মনোভাৱেৰে পথ আবদ্ধ কৰি ৰাখে । কাৰ্যসূচী ত কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ সভাপতি গোলোক ৰাজৱংশী,বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি নিটু ৰাজৱংশী, সম্পাদক নৱজিৎ কলিতাৰ লগতে সমাজকৰ্মী হৰেশ্বৰ বৰ্মণ আদিয়েও সহযোগ কৰে । উল্লেখ্য যে আৰ্থিক সংকটৰ বাবে কেইবাজনো শ্ৰমিকে আত্মহত্যাৰ দৰে চৰম পথ বাছি লবলৈ বাধ্য হোৱাৰ লগতে আন কেবাজনো আৰ্থিক সংকটৰ বাবে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ অকাল মৃত্যুক সাবটি লয় । ৰাজ্য চৰকাৰে বাজেট অধিৱেশনত সিদ্ধান্ত গ্ৰহণ কৰি ভিআৰএছৰ বাবে ধাৰ্য কৰা পোন্ধৰ কোটি টকা বৰ্তমানলৈ মোকলাই নিদিয়াত ক্ষুব্ধ হৈ পৰিছে শ্ৰমিক- কৰ্মচাৰীসকল। ৰাজ্যৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ হিচাবে পৰিচিত ৰঙিয়াৰ তুলসীবাৰীৰ এপ’ল মিলৰ অৱস্থা শোচনীয় হৈ পৰাত বিগত চাৰি বছৰ ধৰি মিলটোৰ উৎপাদন বন্ধ হৈ আছে। যাৰ বাবে মিলটোৰ প্ৰায় ৩৯৪ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ লেখীয়া হৈছে। দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শ্ৰমিক-কৰ্মচাৰীয়ে। প্ৰতিবাদ, আন্দোলন কৰাৰ পিছত চৰকাৰে দিয়া আশ্বাস আশ্বাস হৈয়ে ৰল পৰিৱৰ্তনহে একো নহল বুলিও সভাত ক্ষোভ উজাৰি একাংশ শ্ৰমিকে স্থানীয় বিধায়ক ভৱেশ কলিতাৰ ভূমিকাক লৈ ক্ষোভত ফাটি পৰে ।পাছত বিয়লিৰ ভাগত কামৰূপ জিলাৰ উপায়ুক্ত গৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত শ্ৰমিক সকলৰ দাবী বিভাগীয় ভাবে অগ্ৰগতি লাভ কৰা বুলি সদৰী কৰে ।আনহাতে সমগ্ৰ বিষয় সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ত আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱাত প্ৰতিবাদ কাৰী সকল সৈমান হয় । পাছত মহকুমা ধিপতিৰ জৰিয়তে মূখ্যমন্ত্ৰীলৈ উথ্বাপিত দাৱী সম্বলিত স্মাৰক পত্ৰ দণ্ডাধীশ গৰাকীৰ হাতত অৰ্পণ কৰে ।
মিত্ৰজোঁটৰ মাজত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতৰ উকমুকনি বৰমা সমষ্টিত
ক্ৰমাৎ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত তীব্ৰতৰ হৈছে বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিতত ৷ সমষ্টিটোত কোনে পাব মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব ৷ ইয়াকে লৈ সৃষ্টি হৈছে সমষ্টিটোত তীব্ৰ উত্তেজনা ৷ মিত্ৰজোঁটৰ পৰা সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্ব পাব বুলি সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিচতেই সমষ্টিটোৰ বিজেপি কৰ্মীসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ অসন্তোষ ৷ মিত্ৰজোঁটৰ পৰা কোনো কাৰণতে সংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্ব নামানে সমষ্টিটোৰ বিজেপি কৰ্মীসকলে ৷ এই লৈ কালি সন্ধিয়া বাক্সা জিলাৰ ৬২ নং বৰমা বিধানসভা সমষ্টিত বিজেপিৰ বাক্সা জিলা সমিতিয়ে এখন সংবাদমেল অনুষ্ঠিত কৰি জিলাখনৰ অন্তৰ্গত বিধানসভা সমষ্টি তিনিটাত বিজেপিৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ দাবী জনায় ৷ জিলা সমিতিৰ সভাপতি ৰাম দাহাল, ৰাজ্যিক সদস্য ৰমেশ চন্দ্ৰ দাস আৰু তৰুণ বসুমতাৰীয়ে সংবাদমেলত বিজেপিৰ বাহিৰে কোনো দলৰে প্ৰাৰ্থীক মানি নলয় বুলি জানিব দিয়ে ৷ বিশেষকৈ দলীয় কোনো আলোচনা নোহোৱাকৈ সাংসদ নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থিত্বত বৰমাত মানি নলয় বুলিও উল্লেখ কৰে ৷ ইফালে, সাংগঠনিক ভাৱে বৰমাত বিজেপি দলৰ স্থিতি শক্তিশালী হোৱাৰ পিচতো সাংসদ নৱ কুমাৰ শৰণীয়াক এৰি দিব বিচৰা কাৰ্যক বিজেপি কৰ্মীসকলে সহজ ভাৱে মানি নলয় বুলি জানিব দি পৰিৱেশ উত্তাল কৰি তোলে ৷ বিজেপি কৰ্মী সকলে নৱ কুমাৰ শৰণীয়া মুৰ্দাবাদ, বৰমাত পদুম ফুল লাগে, নৱ কুমাৰ শৰণীয়াৰ প্ৰাৰ্থীত্ব আমি মানি নলওঁ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে সমষ্টিটোৰ পৰা এইবাৰ প্ৰাক্তন মন্ত্ৰী ৰেখাৰাণী দাস বড়ো, জ্যেষ্ঠ নেতা কুমুদ দাস, ৰমেশ চন্দ্ৰ দাসকে ধৰি কেবাজনো বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷











