Home Blog Page 3097

‘সাংবাদিক পৰিষদ অসম’ গুৱাহাটী জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা সম্পন্ন

অনলাইন বাৰ্তা, ২৩ ডিচেম্বৰঃ সাংবাদিক পৰিষদ অসম’ গুৱহাটী মহানগৰ জিলৰ প্ৰথম কাৰ্যনিৰ্বাহক সভা আজি মহানগৰীৰ বামুনীমৈয়দামত অনুষ্ঠিত হয় ৷ জিলা সভাপতি ঈশ্বৰ মহন্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট ব্যক্তি হিচাপে ৰাজ্যিক সভাপতি চন্দ্ৰ বৰুৱা, প্ৰাগজ্যোতিষ অসম সাপ্তাহিক কাকতৰ পৰিচালন সঞ্চালক খগেন শইকীয়া উপস্থিত থাকি চমু ব্যক্তব্য প্ৰদান কৰে ৷ সভাত সংগঠনৰ আগন্তুক দিনৰ কাৰ্যপন্থাৰ বিষয়ে বিতং ভাবে আলোচানা কৰা হয় ৷ অহা জানুৱাৰী মাহত ৰাজ্যৰ সাহিত্যিক , সমজাকৰ্ম, উদ্যোগী, কৃষককে ধৰি কেইবাগৰাকী ব্যক্তিলৈ বটা প্ৰদান কৰা হ’ব বুলি কাৰ্য্য নিৰ্বাহক সভাই প্ৰস্তাৱ গ্ৰহন কৰে ৷ সাধৰন সম্পাদক মনোজ ডেকাই আতধৰা সভাত  সহকাৰী যুটীয়া সম্পাদক ক্ৰমে ধীৰাজ ডেকা, অনুপমা ডেকা, আলোচনী সম্পাদক ধীৰেন শৰ্মা, কাৰ্য্যলয় সম্পাদক চিন্তুমনি শইকীয়া, সহ বিষয় ববীয়া কাৰ্য্য নিৰ্বাহক সদস্য উপস্থিত থাকে ৷ সাধাৰণ সম্পাদক মনোজ ডেকাই জানিবলৈ দিয়ে যে সমিটিয়ে নজনা কোনোৱা সমাজকৰ্মী, সাহিত্যিক উদ্যোগীৰ বটা প্ৰাপ্তিৰ বাবে নাম জিলা সমিটিলৈ প্ৰেৰন কৰিব পাৰে ৷ নাম প্ৰেৰনৰ পিছত বিষয়ববীয়া সভাই নিৰ্বাচিত কৰিব বুলি ডেকাই উল্লেখ কৰে ৷ নাম প্ৰেৰনৰ বাবে মনোজ ডেকাৰ লগত যোগাযোগ কৰিব পাৰে ৷ যোগাযোগৰ নং ৭০০২৬৫৭৭১২/৮৪৭৪০১৪০৪২

উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশন সম্পন্ন : নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

উজনি-মাজুলী, ২৩ ডিচেম্বৰঃ অসম সাহিত্য সভাৰ অন্তৰ্গত মাজুলী জিলা সাহিত্য সভাৰ অন্যতম শাখা উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু অধিৱেশনখনি আজি দিনজোৰা কাৰ্য্যসূচীৰে দৰিয়াস্থিত পেঞ্চনাৰ ভৱনৰ প্ৰাঙ্গণত অনুষ্ঠিত হয় | পুৱা ৯ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ উপসভাপতি প্ৰণৱজিত মিশ্ৰই পতাকা উত্তোলন কৰাৰ পিছতে ৯.৩০ বজাত স্মৃতি তৰ্পণ কৰে মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগনে | ইয়াৰ পিছতে পুৱা ১০ বজাত উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথে আঁতধৰি উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিনিধি সভাৰ সভাপতিত্ব কৰে শাখাৰ প্ৰতিষ্ঠাপক সভাপতি কনক চন্দ্ৰ বৰুৱাই | মাজুলী জিলা সাহিত্য সভাৰ সম্পাদক মনোজ্যোতি ৰেগন, জিলা কাৰ্যনিৰ্বাহক সদস্য পুনাৰাম নাথ আৰু মুহিকান্ত বৰা বৰবায়ন পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়োৱা সভাখনত সৰ্বসন্মতিক্ৰমে পৰবৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে প্ৰণৱজিত মিশ্ৰক সভাপতি, দাসীৰাম পামেগাম, অনুপ্ৰভা দেৱী, গোবিন চন্দ্ৰ ভূঞা, ফুলেশ্বৰী হাজৰিকাক উপসভাপতি, কৃষাৰাণী বৰুৱাক সম্পাদক, শংকুসিদ্ধ নাথক পত্রিকা সম্পাদক, বিজয় শইকীয়া, জয়ন্ত ৰেগনক সহকাৰী সম্পাদক, অজয় বৰুৱাক কোষাধ্যক্ষ, মামু দেৱীক প্ৰচাৰ সম্পাদক, যাদৱ বৰা আৰু বন্তি দেৱী বৰাক সাংস্কৃতিক সম্পাদক হিচাপে লৈ ২৫জনীয়াকৈ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় | পুনৰ ১১.৩০ বজাৰ পৰা শাখাৰ বিদায়ী সভাপতি কনক চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত উদ্বোধক হিচাপে অংশগ্ৰহন কৰি মাজুলীৰ জ্যেষ্ঠ শিক্ষাবিদ পুনাৰাম নাথে কয় যে সাহিত্যই সমাজ জীৱন শক্তিশালী কৰে | অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক চেনেহী গগৈ কলিতাই নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত বিশিষ্ট অতিথিৰ বক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিশোৰী মোহন পাল আৰু জিলা সম্পাদক মনোজ্যোতি ৰেগনে | শাখাৰ বিদায়ী সম্পাদক শংকুসিদ্ধ নাথে আদৰণী ভাষণ আগবঢ়োৱা বৰ্ণিল সভাখনত মাজুলী জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদক পাপু বৰা, বিশিষ্ট কবি লক্ষীপ্ৰসাদ ৰেগনৰ কবিতা আৰু যুৱশিল্পী সমীৰজিত কলিতাৰ গীতৰ শৰায়ে সকলোকে আপ্লুত কৰে | আবেলি ৩ বজাত সভাপতিৰ সাৰুৱা মন্তব্যৰ পিছতে জাতীয় সংগীতেৰে সভাৰ সফল পৰিসমাপ্তি ঘটে | শেষৰ কাৰ্যসূচী অনুসৰি সন্ধিয়া ৫.৩০ বজাত বন্তি প্ৰজ্বলনেৰে সমাপন কৰা হয় |

এইবাৰ দল এৰিলে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পলাশ তামূলীয়ে

এতিয়া কংগ্ৰেছ দল ত্যাগ কৰি ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই যোগদান কৰিছে অন্য দলত । প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগ, জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্য আৰু কমল মেধিৰ পিছত এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সম্পাদকৰ পদ ত্যাগ কৰিলে যুৱনেতা পলাশ তামূলীয়ে । AICC অৰ্থাৎ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰাও পদত্যাগ কৰিলে পলাশ তামূলীয়ে ।

তামূলীয়ে এসময়ত কংগ্ৰেছৰ ছাত্ৰ সংগঠন NSUIৰ ৰাষ্ট্ৰীয় কমিটীত স্থান লাভ কৰিছিল । দিল্লী বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদকৰ পদবীতো নিৰ্বাচিত হৈছিল তামূলী । গোলাঘাটৰ বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অজন্তা নেওগৰ ঘনিষ্ঠ হিচাপে পৰিচিত পলাশ তামূলী । অজন্তা নেওগৰ পদত্যাগৰ পিছতে কংগ্ৰেছ নেতৃত্বই তামূলীক গোলাঘাটৰ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰাৰো চিন্তা-চৰ্চা কৰা বুলি জানিব পৰা গৈছিল । অজন্তা নেওগৰ প্ৰস্থানৰ পিছতে পলাশ তামূলীক গোলাঘাট কংগ্ৰেছৰ নেতৃত্ব ল’বলৈকো প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গই নিৰ্দেশ দিছিল। পিছে পলাশ তামূলীয়েও দলত্যাগ কৰাত এতিয়া চৰম অস্বস্তিত পৰিছে কংগ্ৰেছ নেতৃত্ব ।পলাশ তামূলীয়ে  ইতিমধ্যে ই–মেইল যোগে তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ।


জানিব পৰা মতে, অহা ২৬ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত তামূলীয়ে অজন্তা নেওগৰ সৈতে বিজেপিত যোগদানৰ সম্ভাৱনা আছে । অৱশ্যে পলাশ তামূলীয়ে অনাগত সময়ত কি সিদ্ধান্ত ল’ব সেই বিষয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো মন্তব্য প্ৰকাশ কৰা নাই ।

প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব নেকি অসম জাতীয় পৰিষদত ! নগাঁৱত লুৰিণক আদৰণি জনালে মহন্তৰ শিবিৰৰ নেতা-কৰ্মীয়ে

নগাঁও, ২৩ডিচেম্বৰ:  বিজেপিৰে মিত্ৰতাক লৈ অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে ক্ৰমাৎ ব্যৱধান বৃদ্ধি পোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই যোগদান কৰিব পাৰে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদত। প্ৰত্যক্ষ ৰাজনীতিত যোগদানৰ পিছত কালি নিশা নগাঁৱত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈক আদৰণি জনোৱাৰ সময়ত দেখা গ’ল প্ৰফুল্ল মহন্তৰ শিবিৰৰ কেইবাজনো নেতা-কৰ্মীক। যোৰহাটৰ পৰা উভতি নগাঁৱৰ হোটেল নগাঁও পইণ্টত নিশা প্ৰায় ১০ বজাত উপস্থিত হোৱা জনপ্ৰিয় যুৱনেতা লুৰিণজ্যোতি গগৈক আদৰনি জনোৱাৰ সময়ত বিপুল জনসমাগম পৰিলক্ষিত হয়। “লুৰিণজ্যোতি গগৈ জিন্দাবাদ, অজাপ জিন্দাবাদ” ধ্বনিৰে নিশা নগাঁৱৰ আকাশ-বতাহ মুখৰিত হয়। নগাঁৱত উপস্থিত হয় সাংবাদিকৰ সন্মুখত লুৰিণে কয়, “ক্ষমতা কুক্ষিগত কৰাৰ স্বাৰ্থত অসম জাতীয় পৰিষদৰ জন্ম হোৱা নাই। অসমীয়া জাতিৰ স্বাভিমান ৰক্ষাৰ বাবেই এই দলৰ জন্ম হৈছে।” ইপিনে বৰ্তমান বিজেপিৰ সৈতে মিত্ৰতাৰ বিৰোধিতা কৰি অসম গণ পৰিষদৰ নেতৃত্বৰ সৈতে প্ৰত্যক্ষ সংঘাতত অৱতীৰ্ণ হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক অসম জাতীয় পৰিষদত আদৰি ল’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত লুৰীণে কয়, “প্ৰকৃত আঞ্চলিকতাবাদত বিশ্বাসী প্ৰতিজন ব্যক্তিকে অসম জাতীয় পৰিষদে আদৰি ল’ব।” উল্লেখযোগ্য যে অগপৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অজাপত যোগদানৰ বিষয়ে যোগাযোগ চলাই থকা বুলি মন্তব্য কৰি লুৰিণে কয় শীঘ্ৰেই এই বিষয়ে অসমবাসীয়ে গম পাব। অজাপই ভেজাল জাতীয়তাবাদক প্ৰশ্ৰয় নিদিয়ে বুলিও পৰোক্ষ ভাৱে অগপ ক কটাক্ষ কৰে। আনহাতে, অতি শীঘ্ৰেই নগাঁৱলৈ পুনৰ আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত আশীষ ল’ব বুলি লুৰিণজ্যোতি গগৈয়ে সাংবাদিকক অৱগত কৰে। লুৰিণে সাংবাদিকক কয়, “গুৰুজনাই তাহানিতে গঢ়িব বিচৰা ভেদাভেদহীন সমাজক গঢ় দিয়াৰ লক্ষ্যৰে অসম জাতীয় পৰিষদে কাম কৰি যাব।” লুৰিণে লগতে কয় প্ৰকৃত অসমীয়া জাতিসত্বাক জীয়াই ৰাখিবলৈ তেঁও সদায় সংকল্পবদ্ধ।

জামুগুৰিহাটত সৰবৰহী যুৱকৰ মৃত্যু

জামুগুৰিহাট, ২৩ডিচেম্বৰ: জামুগুৰিহাটৰ ডেকাসুন্দৰ গাঁও নিৱাসী ,সৰবৰহী যুৱক বিষ্ণু শইকীয়াৰ(৩৬)আজি পুৱা গুৱাহাটীৰ জিএন আৰ চি হাস্পতালত মৃত্যু হয়। যোৱা ১১ডিচেম্বৰত হঠাৎ অচেতন হৈ পৰা যুৱক গৰাকীক প্ৰথম অৱস্থাত তেজপুৰ টাইমচ হাস্পতালত ভৰ্তি কৰাই চিকিৎসা প্ৰদান কৰা হৈছিল যদিও কোনো উপশম নোহোৱাত উন্নত চিকিৎসাৰ বাবে সপ্তাহ পূৰ্বে গুৱাহাটী জি এন আৰ চি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও আজি পুৱা ৮ বজাত নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয় যুৱক গৰাকীয়ে। ডেকাসুন্দৰ গাঁওৰ গিৰিশ শইকীয়াৰ পুত্ৰ বিষ্ণু শইকীয়াৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱক গৰাকীয়ে পিতৃ মাতৃ পত্নী সহ এটি সাত বছৰীয়া কন্যা সন্তানক ইহসংসাৰত এৰি থৈ যায় ।

পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ : অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত ১৮ লাখৰ জৰিমণা

পালঘৰ কাণ্ডৰ পৰা আৰম্ভ কৰি সুশান্তৰ মত্যুলৈকে মাত মাতি অহা অসম সন্তান তথা ৰিপাব্লিক টিভিৰ এডিটৰ-ইন-চীফ অৰ্ণৱ গোস্বামীৰ এতিয়া এটাৰ পিছত আন এটা সমস্যাই লগ নেৰা হৈছে । কিছুদিনৰ আগতে জেললৈ যাবলগীয়া হোৱা অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ ওপৰত ইউ কে ব্ৰডকাষ্টিং ৰেগুলেটৰে (UK broadcasting regulator ) ২০,০০০ পাউণ্ড অৰ্থাত ১৮ লাখ টকাৰ জৰিমণা বিহিছে ।

ব্ৰিটেইনৰ অৰ্ণৱ গোস্বামীৰ হিন্দী চেনেল ৰিপাব্লিক ভাৰতৰ ওপৰত হেট স্পিছৰ গোচৰত নিয়ম উলংঘন কৰাৰ বাবে বিহা হৈছে । জানিব পৰা অনুসৰি অৰ্ণৱ গোস্বামীৰ চেনেলৰ ওপৰত পাকিস্তানী লোকৰ প্ৰতি ভেদভাৱ বৃদ্ধি কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে । ২০১৯ চনৰ ৬ চেপ্তেম্বৰত অৰ্ণৱ গোস্বামীৰ পুছতা হে ভাৰতৰ এটি খণ্ডত হেট স্পিছৰ সম্বন্ধত ৰিপাব্লিক টিভিৰ ওপৰত এই জৰিমণা লগোৱা হৈছে । খণ্ডটোত অৰ্ণৱ গোস্বামীয়ে ৩ জন ভাৰতীয় আৰু তিনিগৰাকী পাকিস্তানী লোকৰ মাজত চন্দ্ৰযান-২ কলৈ আলোচনা হৈছিল ।

যমুনামুখত কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দীঘলীয়া শাৰী : জ্যেষ্ঠ কংগ্ৰেছী বচিৰ উদ্দিন লস্কৰৰ পক্ষত শক্তিশালী দাবী : কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতাক সমৰ্থন লস্কৰৰ

 ডবকা, ২৩ ডিচেম্বৰঃ ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও চাৰি মাহ সময় বাকী ৷ হোজাই জিলাৰ অন্যান্য সমষ্টিৰ তুলনাত যমুনামুখত তীব্ৰ হৈ উঠিছে নিৰ্বাচনী গতিবিধি ৷ প্ৰায় আটাইকেইটা দলে ৯০ নং যমুনামুখ সমষ্টিত তীব্ৰ কৰি তুলিছে নিজ নিজ দলৰ নিৰ্বাচনী কুচকাৱাজ ৷ শাসকীয় বিজেপিৰ লগতে বিজেপিৰ মিত্ৰদল অগপই আৰম্ভ কৰিছে সমষ্টিটোত ব্যাপক সাংগঠনিক তৎপৰতা ৷ তাৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছে আৰম্ভ কৰিছে নিৰ্বাচনী আখৰা ৷ সমানে দলটোৰ টিকট প্ৰত্যাশীসকলেও আৰম্ভ কৰিছে নিজৰ অনুকুলে প্ৰচাৰ ৷ যমুনামুখত কংগ্ৰেছৰ কেবা গৰাকী টিকটৰ দাবীদাৰ ৷ তাৰ মাজতে অন্যতম হল প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা বচিৰ উদ্দিন লস্কৰ৷ লস্কৰে পূৰ্বতে দুবাৰকৈ যমুনামুখ সমষ্টিৰ পৰা প্ৰৰ্থীত্ব আগবঢ়াই পৰাজয় বৰন কৰিছিল।আগন্তক বিধান সভা নিৰ্বাচনত এ আই ইউ ডিএফৰ সতে কংগ্ৰেছৰ মিত্ৰতাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তেএই জন জ্যেষ্ঠ কংগ্ৰেছী নেতাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰেমিএতা হোৱাটো বিচাৰে । কংগ্ৰেছ নেতা জনে আজি সংবাদ মাধ্যমক জানিব দিয়া মতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ  মিত্ৰজোঁট নহলে পুনৰ দিছপুৰ দখল কৰিব বিজেপি দলে । অকল সেয়াই নহয় জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে যমুনামুখ সমষ্টিৰ কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিনৰ বিৰুদ্ধে সৰব হোৱা পৰিলক্ষিত হয়। কংগ্ৰেছৰ যুৱ নেতা ৰেহান উদ্দিনে সমষ্টিৰ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কৰ্মীক একাষৰীয়াকৈ থৈ তেওঁৰ ইচ্ছা অনুসৰি  আৰম্ভ কৰিছে দলীয় কাম-কাজ। যাৰ ফলত জেষ্ঠ কংগ্ৰেছ নেতা  লস্কৰ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছৰ যুৱ নেতা ৰেহানৰ বিৰুদ্ধে। এই জন যুৱ নেতাৰ বাবে যমুনামুখ সমষ্টিৰ মণ্ডল কংগ্ৰেছ কমিটী সমুহত ব্যাপক বিশৃংখলতাৰ সৃষ্টি হোৱাৰ অভিযোগ কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা লস্কৰে । যমুনামুখ সমষ্টিত কংগ্ৰেছৰ ভাল দিন, বেয়া দিনত লস্কৰে কংগ্ৰেছৰ হৈ বহু কষ্ট কৰিছে ।গতিকে সমাগত বিধান সভা নিৰ্বাচনত যমুনামুখ সমষ্টিৰ পৰা কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থিত্ব প্ৰত্যাশী লস্কৰ ৷ সমাগত ২১’ৰ বিধান সভা নিৰ্বাচনত যদি যমুনামুখ সমষ্টিত দলে টিকট প্ৰদান কৰে তেন্তে তেওঁৰ জয়  নিশ্চিত বুলি লস্কৰে দাবীকৰে। ইতিমধ্যে জেষ্ঠ নেতা লস্কৰে বিধান সভা নিৰ্বাচনৰ প্ৰতিলক্ষ্য ৰাখি পুৰণি দলীয় কৰ্মীক একগোট কৰি যমুনামুখ সমষ্টিত আৰম্ভ কৰিব নিৰ্বাচনী প্ৰচাৰ।

সাংবাদিকলৈ ৫ লাখ টকাৰ স্বাস্থ্য বীমা ঘোষণা মুখ্যমন্ত্ৰীৰ

ফ’ৰাম ফৰ ডেভেলপমেণ্ট এণ্ড প্ৰটেকছন অব মিডিয়া কমিউনিটীৰ প্ৰথমখন বাৰ্ষিক সন্মিলনত ভাগ লৈ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ সাংবাদিকসকলক বছৰি ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমাৰ সুবিধা কৰাই দিয়াৰ কথা ঘোষণা কৰে ।

আয়ুস্মান ত্ৰিপুৰা আঁচনিৰ অধীনত সাংবাদিক সকললৈ বাৰ্ষিক ৫ লাখ টকা স্বাস্থ্য বীমা ঘোষণা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰৰ ।

লগতে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰে কয় যে,  “নিম্ন আয়ৰ সাংবাদিক সকলৰ জীৱন ধাৰণৰ মান উন্নীত কৰাৰ ক্ষেত্ৰত ত্ৰিপুৰাৰ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কোনোধৰণৰ ক্ৰুটি নকৰে”।

উক্ত অনুষ্ঠানতে মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে তিনিশতাধিক সাংবাদিকক গৰম জেকেট যোগান ধৰাৰ কথাও ঘোষণা কৰে।

অসামাজিক কাৰ্য্যত লিপ্ত থকা গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীক সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ দাৱী, ৰঙাপানী সৰ্বসাধাৰণ ৰাইজৰ

বিলাসীপাৰা, ২৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ  ৰঙাপানী দ্বিতীয় খণ্ডৰ গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে যোৱা কেইটা মাহ মান পূৰ্বতে গৰু চুৰি কাণ্ড সংঘটিত কৰি জেল হাজোতলৈ গৈছিল । ইয়াৰ উপৰিও এই গৰাকী গাওঁৰক্ষী বাহিনীৰ সম্পাদক জামাল আলীয়ে সদাশয় ব্যক্তিৰ পৰা দাৱী ধমকি দি ধন ঘটাৰ  অভিযোগ উত্থাপন হৈছে । উল্লেখ্য যে,  এই গৰাকী জামাল আলীয়ে ৰঙাপানী দ্বিতীয় খণ্ডত গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ পদত নিয়োজিত থাকি চুৰি কাণ্ড সংঘটিত কৰি অহা জামাল আলীক অনতি পলমে গাওঁৰক্ষী বাহিনীৰ সম্পাদকৰ পদৰ পৰা বহিষ্কাৰ কৰাৰ দাৱী তুলিছে ৰঙাপানীৰ সৰ্বসাধাৰণ স্থানীয় ৰাইজে। মন কৰিবলগীয়া কথা যে, এই সন্দৰ্ভত ৰঙাপানীৰ সৰ্বসাধাৰণ ৰাইজে, ধুবুৰী জিলা উপায়ুক্তক আৰু ছি ও ভি ডি পিক এক লিখিত অভিযোগ দাখিল কৰে, যদিও ধুবুৰী জিলা উপায়ুক্ত আৰু ছি ও ভি ডি পিয়ে কি পদক্ষেপ হাতত লয় সেৱা সময়ে স্পষ্ট হৈ পৰিব।।

ৰাহুল গান্ধীৰ প্ৰধান মন্ত্ৰী মোদীক প্ৰশ্ন “ভাৰতত ক’ভিড টীকাকৰণ কেতিয়া”

প্ৰায়েই বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি অহা দেখা পোৱা যায় কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ ৰাহুল গান্ধীক । এইবাৰ ৰাহুল গান্ধী সৰৱ হোৱা পৰিলক্ষিত হৈছে ক’ৰ’না ভেকচিনকলৈ ।

ৰাহুল গান্ধীয়ে চৰকাৰক লক্ষ্য কৰি কয় যে, “বিশ্বৰ বিভিন্ন দেশে ক’ভিড মহামাৰীৰ সন্ত্ৰাস নিৰ্মূল কৰাৰ বাবে টীকাকৰণ অভিযান আৰম্ভ কৰিছে আৰু এতিয়ালৈকে লাখৰো অধিক লোকক এই টীকা দিয়া হৈছে কিন্তু আমাৰ ইয়াত একো পদক্ষেপ গ্ৰহণ কৰা নাই। এই পৰ্যন্ত বিশ্বৰ ২৩ লাখ লোকে এই টীকা গ্ৰহণ কৰিছে আৰু আমাৰ ইয়াৰ ক’ভিডৰ বিৰুদ্ধে টীকাকৰণ কেতিয়াৰ পৰা আৰম্ভ হ’ব ।”

ৰাহুলে টুইট কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন কৰি কয়, “চীন, আমেৰিকা, বৃটেইন, ৰাছিয়াত ‘ক’ভিডৰ টীকা দিয়া প্ৰক্ৰিয়া আৰম্ভ হৈছে। মোদী ডাঙৰীয়া, ভাৰতৰ নম্বৰ কেতিয়া আহিব কওক’।