Home Blog Page 3112

চৰকাৰে কৰিব নোৱাৰা বৰলুইতৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে আগবাঢ়ি আহিছে লাহৰীঘাটৰ বানাক্ৰান্ত ৰাইজ

মৰিগাঁও, ১১ ডিচেম্বৰ :   মৰিগাও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিত  ১৯৬৯চনৰ পৰাই ব্ৰহ্মপুত্ৰ নদীয়ে গৰাখহাই  এশৰো অধিক গাওঁ আৰু অৰ্ধশতাধিক মচজিদ, মন্দিৰ, নামঘৰ বিদ্যালয় নদীৰ বুকুত জাহ নিচে। ব্ৰহ্মপুত্ৰৰ গৰাৰ কবলত পৰি মাটিৰ গৰাকীও হৈ পৰিছে বাটৰ ভিক্ষাৰী , আশ্ৰয় লব লগীয়া হৈছে পথৰ দাঁতিত , মাথাউৰিত। উল্লখ্য যে এই বানাক্ৰান্ত লাহৰীঘাট সমষ্টিৰ পৰা একেটা পৰিয়ালে ৪২বছৰ প্ৰতিনিধিত্ব কৰিছে আৰু লগতে তিনিবাৰকৈ অসম চৰকাৰৰ শক্তিশালি মন্ত্রী হৈ থকা স্বত্বেও কোনোদিনেই  লাহৰীঘাটবাসীক ৰক্ষা কৰাৰ চিন্তা কৰা নাই। যাৰ বাবে এই বাৰ লাহৰীঘাটবাসী বানাক্ৰান্ত ৰাইজে সকলো আশা-ভৰষা বাদ দি নিজৰ মাতৃভুমি ৰক্ষাৰ বাবে জীয়াই থকাৰ বাবে মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰা খহনীয়া ৰোধৰ বাবে ৰাইজৰ দান-বৰঙুনিৰে বাহঁ আৰু বালিৰ বস্তাৰে কেইবাটাও বান্ধ নিৰ্মান কৰি আছে । ব্ৰহ্মপুত্ৰৰ নদীৰ বুকুত ৰাইজে নিৰ্মান কৰি থকা বান্ধ  পৰিদৰ্শন কৰে ১৫বছৰ আগতে চাকৰি সুএে লাহৰীঘাটত  থকা  প্ৰাক্তন BDO জি আদিলে। প্ৰাক্তন BDO জি .আদিলে ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মান কাম চলি থকা বান্ধটো পৰিদৰ্শন কৰাৰ লগতে এই অঞ্চলৰ ৰাইজৰ লগত মতবিনিময় কৰি এই বন্ধ সমূহ নিৰ্মানৰ ৰাইজৰ লগত সৰ্ম্পুন সহাযোগীতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

টংলাৰ যুৱ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ দুৰ্নীতি বিৰোধী শূণ্য সহনশীল বঁটা

টংলা, ১১ডিচেম্বৰ : সামাজিক দায়বদ্ধতা, নিষ্ঠা, সমাজ হিতৈষী শূন্য সহনশীল মনোভাৱেৰে গনতন্ত্ৰৰ চতুৰ্থস্তম্ভ সাংবাদিকতা জীৱনৰ পাতনিমেলি দুখ যন্ত্ৰণাৰ মাজেৰে প্ৰতিদিনে ৰাইজৰহৈ কলমেৰে মাত মাতি অহা টংলা দৈনিক অগ্ৰদূতৰ সাংবাদিক দিগন্ত কুমাৰ শৰ্মালৈ “২০২০ বৰ্ষৰ দুৰ্নীতি বিৰোধী শূণ্য শহনশীল বিশেষ বঁটা” প্ৰদান কৰে দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে।যোৱা ৯ ডিচেম্বৰত বঁটা গ্ৰহণ কৰি সত্য আৰু সততাৰে সমাজৰ হকে কাম কৰাৰ মন ব্যক্ত কৰে বঁটা প্ৰাপক দিগন্ত কুমাৰ শৰ্মাই। দুৰ্নীতি বিৰোধী যুৱ শক্তি অসম লখিমপুৰ জিলা সমিতিৰ উদ্যোগত লগতে কেন্দ্ৰীয় সমিতি আৰু লখিমপুৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা আন্ত:ৰাষ্ট্রীয় দুৰ্নীতি বিৰোধী দিৱসৰ লগত সংগতি ৰাখি যোৱা বুধবাৰে লখিমপুৰৰ যুৱ নগৰ লালুকত বঁটা প্ৰদান আনুষ্ঠানত এই বঁটা প্ৰদান কৰে। প্ৰায় দুটা দশক ধৰি সংবাদসেৱাৰ জড়িয়তে ৰাইজৰহৈ মাত মাতি অহাৰ লগতে সময়ে সময়ে বহু শিক্ষিত যুৱক যুৱতীক আত্মাসংস্থাপনৰ বাট দেখুৱাই অহা টংলা প্ৰেছ ক্লাৱৰ উপ সভাপতি দিগন্ত কুমাৰ শৰ্মালৈ এই বঁটা প্ৰদানে তেওঁৰ লগতে টংলা প্ৰেছ ক্লাবে গৌৰৱ অনুভৱ কৰাৰ লগতে এনে এক বটা টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়ালৈ দিয়াৰ বাবে দুৰ্নীতি বিৰোধী যুৱ শক্তিক টংলা প্ৰেছ ক্লাৱৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা প্রকাশ কৰে টংলা প্ৰেছ ক্লাৱৰ বিষয়ববীয়া আৰু সদস্য সকলে। লগতে বটা প্ৰাপ্ত টংলা প্ৰেছ ক্লাৱৰ উপঃ সভাপতি দিগন্ত কুমাৰ শৰ্মাক শুভেচ্ছা আৰু আদৰণি জনাই।

জম্মু এণ্ড কাশ্মীৰৰ শ্বপিয়ানত উগ্ৰবাদী কঢ়িয়াই নিয়াৰ অভিযোগত কংগ্ৰেছ কৰ্মী আটক

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত ৭ ডিচেম্বৰত উগ্ৰবাদী কঢ়িয়াই নিয়াৰ অভিযোগত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে শণিবাৰে কংগ্ৰেছ দলৰ এজন সদস্যক আটক কৰে ।

“এই সম্পৰ্কত সপিয়াৰ ইমামচাহব থানাত ইউএপিএ-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে” আৰক্ষী বিষয়াজনে কয়।

চৰকাৰী সূত্ৰই জনায় যে, নিৰাপত্তা বাহিনীয়ে ইনপুট কৰিছিল যে সন্ত্ৰাবাদীসকলে এখন গাড়ীত ভ্ৰমণ কৰি আছে আৰু যেতিয়া সেনাৰ ৪৪ আৰ আৰ এ ৭ ডিচেম্বৰত ট্ৰাজ অঞ্চলৰ বাবা খাদৰ ৰামপুৰা চ’কত ৰখোৱা অৱস্থাত সন্ত্ৰাবাদী দলটোৱে পলায়ন কৰে আৰু পাৰগাচীৰ ওচৰত বাহনখন ত্যাগ কৰে।

“পথাৰো আমাৰ বজাৰো আমাৰ” কাৰ্য্যসূচীৰ আধাৰত অসম পশুধন নিগমৰ উদ্যোগত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ

গুৱাহাটী, ১১ ডিচেম্বৰঃ অসম পশুধন নিগমে ৰাজ্যৰ অৰ্থনীতিত সংযোজন কৰা নৱতম কাৰ্য্যসূচী ‘পথাৰো আমাৰ বজাৰো আমাৰ‘ পদক্ষেপৰ আধাৰত আজি অসম পশুধন নিগম প্ৰাঙ্গনত প্ৰশিক্ষণপ্ৰাপ্ত নিবনুৱা যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত বিনামূলীয়াকৈ পাচঁ হেজাৰ হাঁহৰ পোৱালী আৰু বিশ্ব বেঙ্কৰ অধিনষ্ঠ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ আচঁনিৰ অধীনত গাহৰি পোৱালী বিতৰণ কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই কয় যে, গ্ৰাম্য অৰ্থনীতি শক্তিশালী হ’লেহে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হ’ব। বিগত সময়ছোৱাত পশুধন নিগমে বিশেষভাৱে গ্ৰাম্যাঞ্চলৰ প্ৰায় ১৫ হেজাৰ যুৱক-যুৱতীক বিজ্ঞানসন্মত ভাৱে পশুপালনৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণৰ লগে লগে স্বাৱলম্বীতাৰ বাবেও নিগমে বাস্তৱিক ব্যৱস্থা গ্ৰহণ কৰিছে। ফলত চাৰি হেজাৰৰো অধিক যুৱক-যুৱতী প্ৰতিষ্ঠিত হবলৈ সক্ষম হৈছে। পথাৰো আমাৰ বজাৰো আমাৰ কাৰ্য্যসূচী জনপ্ৰিয় হোৱাৰ লগতে বহু যুৱক-যুৱতী ইয়াৰ লগত জড়িত হৈ পৰিছে বুলি মন্তব্য কৰি নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাজ্যখনে দুগ্ধ, কুকুৰা, গাহৰি, ছাগলি আদি উৎপাদনত আত্মনিৰ্ভৰ হবলৈ সক্ষম হব বুলি মতপোষণ কৰে। অধ্যক্ষ শইকীয়াই লগতে কয় যে, সংগঠিত ৰূপত পশুপালন কৰাত গুৰুত্ব দিয়া উচিত আৰু অসমৰ বজাৰ অসমৰ কৃষকে দখল কৰাই নহয় বহিঃৰাজ্যলৈ ৰপ্তানী কৰাৰ বাট মুকলি কৰিব লাগিব। ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা আচঁনি সম্পৰ্কতো ৰাখ্যা কৰে। পশুপালন বিভাগৰ চিকিৎসক বিষয়াসকলে পশুপালক সকলৰ সাৰথি হিচাপে কাষত থাকি সহযোগ কৰিব লাগিব বুলি সোৱঁৰাই দিয়ে। সভাত ৰাজ্য চৰকাৰৰ পশুপালন বিভাগৰ আয়ুক্ত – সচিব শ্যাম জগন্নাথন, সচিব ৰবিনচন মুছাহাৰী, সঞ্চালক অশোক বৰ্মন, নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, দুগ্ধ উন্নয়ণ সঞ্চালক উৎপল শৰ্মা আৰু পশুপালন বিভাগৰ বহু সংখ্যক বিষয়া উপস্থিত থাকে। সভাত দুই শতাধিক যুৱক-যুৱতী আৰু পুৰুষ মহিলাৰ মাজত হাঁহ আৰু গাহৰি পোৱালী বিতৰণ কৰা হয়।

কৃষক আন্দোলনৰ বেশত খালিস্তান আন্দোলন, মহাৰাষ্ট্ৰ ছাইবাৰ চেলৰ হাতত ভয়ংকৰ তথ্য

কৃষক আন্দোলনৰ মাজতে খালিস্তান বিচাৰধাৰৰ সৈতে জড়িত বহুতো দল সক্ৰিয় হৈ পৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এনে বহুতো প্ৰমাণ লাভ কৰিছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে এই সকলোবোৰৰ দলৰ ওপৰত নজৰ ৰাখিছে আৰু তেওঁলোকৰ সৈতে জড়িত সামাজিক মাধ্যমৰ একাউণ্টসমূহো পৰীক্ষা কৰি আছে ।

আনহাতে দেশত কৃষকৰ আন্দোলন চলি আছে আৰু আনহাতে অনুসন্ধানকাৰী সংস্থাসমূহে এই আন্দোলনৰ প্ৰতিটো গতিবিধিৰ ওপৰত চকু ৰাখিছে ।

শেহতীয়াকৈ মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলে চিনাক্ত কৰিছে যে কেইদিনমানৰ পৰা খালিস্তানৰ লোকৰ কট্টৰপন্থী বিচাৰধাৰা আৰু সন্ত্ৰাসবাদী জনৰেল সিং সম্পৰ্কত চছিয়েল মেডিয়া’ত পোষ্ট কৰাৰ বাবে চেষ্টা কৰি আছে। মহাৰাষ্ট্ৰৰ ছাইবাৰ চেলৰ মতে, যোৱা ১৬ দিনৰ পৰা তেওঁলোকে খালিস্তান উল্লেখ কৰা ১২,৮০০ টা পোষ্ট পোৱা গৈছে আৰু আনহাতে ৬,৩২১ টা পোষ্ট আছে য’ত উগ্ৰবাদী জনৰেল সিং বিন্দ্ৰানৱালে উল্লেখ আছে ।

মহাৰাষ্ট্ৰ আৰক্ষীৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, “ব্যৱহাৰ হৈ থকা চছিয়েল মিডিয়া একাউণ্টৰ ভিতৰত এই পোষ্টবোৰ ইউ কে, ইউ এছ এ, কানাডা আৰু ভাৰতৰ পৰা চলোৱা হৈছে। লগতে দেখা গৈছে যে এই পোষ্টবোৰ দি থকা ব্যৱহাৰকাৰীৰ বহুতো একাউণ্ট নৱেম্বৰ বা ডিচেম্বৰত খোলা হৈছে । কিছুমান একাউণ্ট এনে আছে যিবোৰ বহু বছৰ ধৰি ব্যৱহাৰ কৰা হোৱা নাই কিন্তু হঠাৎ সেই সকলো একাউণ্ট সক্ৰিয় হৈ পৰিছে ।”

আৰক্ষীৰ ছাইবাৰ বিশেষজ্ঞই জনোৱা অনুসৰি, এই পোষ্টবোৰৰ জড়িয়তে অপপ্ৰচাৰ বিয়পাবলৈ চেষ্টা কৰি থকা হৈছে আৰু ভাৰতীয় ছেয়াৰ স্পেচত খালিস্তানী আদৰ্শ বিস্তাৰ কৰাৰ প্ৰচেষ্টা কৰা হৈছে।

আৰক্ষীয়ে এই একাউণ্টবোৰ বিশ্লেষণ কৰি আছে আৰু ইয়াত এইটোও দেখা গৈছিল যে তেওঁলোকৰ পিছফালে কাম কৰা লোকসকল হৈছে ছাইবাৰ বিশেষজ্ঞ আৰু নাও ব্যৱহাৰ কৰা । কেৱল এয়াই নহয়, এনে লোকে তেওঁলোকৰ পৰিচয় লুকুৱাবলৈ বিভিন্ন দেশৰ আইপি ঠিকনা ব্যৱহাৰ কৰি আছে ।

যোৱা সপ্তাহত, দিল্লী পুলিচৰ বিশেষ কোষে উগ্ৰবাদী ঘটনা কৰাৰ আগতে এজন খালিস্তানি কাশ্মীৰীক আটক কৰিবলৈ সক্ষম হয় ।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (এন আই এ)য়ে গুৰুপন্তৱন্ত সিং পাণুৰ বিৰুদ্ধে আৰু ইউএপিএ শাখাৰ অধীনত ১৫ জন লোকৰ বিৰুদ্ধে চাৰচিত দাখিল কৰিছে। এই লোকসকলে ‘জনমত 2020’ শব্দটো ব্যৱহাৰ কৰি খালিস্তানী আন্দোলন আন্তৰ্জাতিকভাৱে চলাবলৈ চেষ্টা কৰি আছিল।

মংগলদৈত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বয়োজ্যেষ্ঠ আৰু দিব্যাংগসকলৰ সামগ্ৰী বিতৰণৰ শিবিৰ

সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনত বৃহস্পতিবাৰে মঙলদৈ সৈনিক ভৱনত ALIMCO, Kanpur ৰ উদ্যোগত আৰু জিলা প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগ, দৰঙৰ সহযোগত দিব্যাংগ আৰু বয়োজ্যেষ্ঠ নাগৰিকৰ মাজত বিভিন্ন সা-সজুলি বিতৰণৰ সামাজিক অধিকাৰিতা শিবিৰ অনুষ্ঠিত কৰা হয়। মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, উপায়ুক্ত দিলীপ কুমাৰ বৰা, অতিৰিক্ত উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডিকে ধৰি সমাজ কল্যাণ বিভাগৰ আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া উপস্থিত থকা এই সভাৰ লগত ভিডিঅ কনফাৰেঞ্চ যোগে সহযোগ কৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী থাৱৰচন্দ্ৰ গেহলটে। তেওঁ দিব্যাংগ আৰু জ্যোষ্ঠ নাগৰিকৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে তেওঁৰ ভাষণত বিশদ বিৱৰণ দাঙি ধৰে। এই শিবিৰত ADIP, CSR আৰু ৰাষ্ট্ৰীয় ব্যৱোশ্ৰী যোজনাৰ অধীনত কেবাখনো মটৰ চালিত ট্ৰাইচাইকেল, মটৰ চালিত হুইল চেয়াৰ, হিয়াৰিং এইডচ, যন্ত্ৰ সংযোগী লাখুটি আদি বিভিন্ন সামগ্ৰী ২৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে বিতৰণ কৰা হয়।

“বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” – বিধায়ক ৰূপক শৰ্মা

তুংগত উঠিছে সমাগত তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান । বেবেজীয়াৰ জামুগুৰিত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিধায়ক ৰূপক শৰ্মাৰ মন্তব্য “পদুম ফুল নাথাকিলে, বিজেপি নাথাকিলে অসমীয়াৰ অস্তিত্ব নাথাকিব” । বৃহস্পতিবাৰে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তিৱা স্বায়ত্ত পৰিষদৰ ২২নং পুখুৰীপাৰ সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰৰ হৈ মাৰাথন নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই বিধায়ক ৰূপক শৰ্মাই।


বিধায়কগৰাকীয়ে সমষ্টিটোৰ দলীয় প্ৰাৰ্থী বিশ্বজ্যোতি পাটৰক লগত লৈ ডেকাগাঁও, বেজৰগাঁও, বৰাগাঁও, কাছমাৰী, বামুনগাঁও, মহেখুছা, পুখুৰীপাৰ, জলময়গাঁও, পূব জামুগুৰিত দহটাকৈ  নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাৰ লগতে বহুকেইখনো নিৰ্বাচনী সভাত অংশ গ্ৰহন কৰে ।

আই পি এল ২০২১ : ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৪তম সংস্কৰণ ১০ এপ্ৰিলৰ পিছতহে অনুষ্ঠিত হ’ব

বি চি চি আইয়ে এতিয়াও ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ১৪তম সংস্কৰণৰ তাৰিখ ঘোষণা কৰিব পৰা নাই। অৱশ্যে, ই পি এল ২০২১ কেতিয়া আৰম্ভ কৰিব পাৰে তাৰ এক ইংগিত প্ৰদান কৰিছে।

ব’ৰ্ড অফ কণ্ট্ৰোল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া (বিচিচিআই)য়ে বৃহস্পতিবাৰে ভাৰতৰ ৪ খন টেষ্ট, ৫ খন টি-২০ আৰু ইংলেণ্ডৰ বিৰুদ্ধে তিনিখন কৈ ODI শৃংখলাৰ তাৰিখ ঘোষণা কৰে। দুমহীয়া শৃংখলাখন প্ৰথম টেষ্টৰ বাবে চেন্নাইত ৫ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হব। খেলসমূহ ৮ মাৰ্চত সমাপ্ত হব।

ইয়াৰ পিছত T20I শৃংখলাখন ১২মাৰ্চৰ পৰা ২০মাৰ্চলৈ অনুস্থিত হ’ব। ইয়াৰ পিছত, ভাৰত আৰু ইংলেণ্ডে ২৮ মাৰ্চত সমাপ্ত হোৱা ODI শৃংখলাখন খেলিব।

এই দীঘলীয়া আৰু ব্যস্ত শৃংখলাৰ পিছত, আই পি এল ২০২১-ৰ বাবে তেওঁলোকৰ সংশ্লিষ্ট আই পি এল ৰ গ্ৰাঞ্চাইজিত যোগদান কৰাৰ আগতে খেলুৱৈসকলে বিৰতি বিচাৰিব। খেলুৱৈসকলে ১০ দিনৰ বিৰতিৰ পিছত নতুন আই পি এলৰ বাবে সাজু হ’ব।

বি চি চি আইয়ে সম্ভৱতঃ ১০ এপ্ৰিলৰ পিছত নতুন সংস্কৰণ টো আয়োজন কৰিবলৈ সিদ্ধান্ত ল’ব। ই খেলুৱৈসকলক তেওঁলোকৰ ধাৰ্যকৰা নতুন দলৰ সদস্যসকলৰ সৈতে অনুশিলন কৰিবলৈ কিছু সময় দিব, যদি প্ৰস্তাৱিত মেগা-নিলাম হয়।

আকৰ্ষণীয় কথা যে, ভাৰতীয় ক্ৰিকেট বোৰ্ডে নতুন সংস্কৰনৰ বাবে দুটা নতুন দল পৰিচয় কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ ওপৰত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ২৪ ডিচেম্বৰত ।

‘বিশ্বৰ আটাইতকৈ শক্তিশালী কিশোৰী’

এগৰাকী ৭ বছৰীয়া কিশোৰায়ে আমেৰিকাৰ ৱেটলিফটিংৰ ৩০ কেজি শাখাৰ ১১ আৰু ১২ ৰ কম বয়সৰ যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নৰ মুকুট লাভ কৰিবলৈ সক্ষম হৈছে । যাৰ ফলত তেওঁ ইতিহাসৰ কনিষ্ঠতম মাৰ্কিন যুৱ ৰাষ্ট্ৰীয় চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে ।

তেওঁ পঞ্চম জন্মদিনৰ পিছতে জিনাষ্টিকৰ শ্ৰেণীত যোগদান কৰি আৰম্ভ কৰিছিল প্ৰশিক্ষণ । ৭ বছৰীয়া কিশোৰী গৰাকীয়ে দাঙিব পাৰে ৮০ কেজি পৰ্যন্ত ওজন ।

কিশোৰী গৰাকীৰ এই ছবি আৰু ভিডিঅ’ সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ । সকলোৱে প্ৰশংসা কৰিছে কিশোৰী গৰাকীক ।

সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ অঙ্কীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ

উজনি-মাজুলী, ১০ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত আৰু সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত মাজুলীৰ নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা এটিৰ বুধবাৰে শুভাৰম্ভ কৰা হয় | নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু, বুদ্ধিন পেগু প্ৰমুখ্যে সচেতন সংস্কৃতি-প্ৰেমী লোকসকলৰ লগতে স্থানীয় গাঁৱৰ পুৰুষ-মহিলাসকলৰ উপস্থিতিৰে কণকণ শিশু আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অঙ্কীয়া নাট কৰ্মশালাটি আধাৰ সত্ৰৰ সত্ৰাধিকাৰ  মহেশ গোস্বামীয়ে বন্তি জ্বলাই শুভাৰম্ভণী ঘটায় | সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ সভাপতি  জনাৰ্দন দেৱ গোস্বামীয়ে সঞ্চালনা কৰা অনুষ্ঠানটিৰ চিনাকী পৰ্ব আৰু উদ্দেশ্য ব্যাখ্যা কৰে মঞ্চটিৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই | উদ্দেশ্য ব্যাখ্যা প্ৰসংগত তেখেতে কয় যে অসমত জাতি-জনজাতিৰ সংমিশ্ৰণৰ মাজতে আছে সাংস্কৃতিক উপাদানৰ বৰ্ণিল যাত্ৰা | যি যাত্ৰাই সামৰি লয়, ভাষা, সাহিত্য আৰু স্বকীয় বৈশিষ্ট্য প্ৰাঞ্জলতা | সকলো জাতি-জনগোষ্ঠীৰ মিলনভূমি মাজুলীত অনুষ্ঠিত হোৱা এই অঙ্কীয়া নাট কৰ্মশালাৰ দ্বাৰা সাধাৰণ লোকসকলৰ দৰে মিচিংলোকৰ বসতিপ্ৰধান অংঞ্চলতো ব্যাপক সাংস্কৃতিক প্ৰভাৱ পৰিব | মঞ্চৰ মুখ্য উদ্দেশ্যও সকলো শ্ৰেণীৰ লোকৰ সাংস্কৃতিক সজাগতা সৃষ্টি কৰা |এই অনুষ্ঠানৰ দ্বাৰা চেৰেপাই অঞ্চলটোত নিশ্চিতভাৱে সমৃদ্ধ কৰিব | ইয়াৰ পিছতে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰা মাজুলীৰ বিশিষ্ট সংগীত শিল্পী নৃপেন কলিতাই কৰ্মশালা সম্পৰ্কে কাৰিকৰী দিশ সামৰি প্ৰশিক্ষণ প্ৰণালী সন্দৰ্ভত বক্তব্য আগবঢ়ায় |ইতিমধ্যে ২৭ অক্টোবৰৰ পৰা এই স্থানতে এই মঞ্চৰ দ্বাৰা আগবঢ়াই থকা বিশিষ্ট সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়াৰ পৰিচালনাত সত্ৰীয়া আৰু থলুৱা গীত-নৃত্য প্ৰশিক্ষণৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা মাটি আখৰা, আৰু বৰগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে | মঞ্চৰ উপ-সভাপতি পদুম মহন্তই অঙ্কীয়া নাট কৰ্মশালাৰ সামগ্ৰিক দিশ উল্লেখ কৰি চেৰেপাই অঞ্চলত ইয়াৰ ব্যতিক্ৰম প্ৰয়াস গ্ৰহণ কৰাৰ বাবে সাংস্কৃতিক বিকাশ মঞ্চ,অসম আৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ক ধন্যবাদ জ্ঞাপন কৰে | বিশিষ্ট শিল্পী, অসম চৰকাৰ, সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট প্ৰশিক্ষক-পৰিচালক গোলাপ বৰুৱা বৰবায়নে অঙ্কীয়া নাটৰ অভিনয় কলা আৰু আনুসংগিক দিশসমূহৰ লগতে ইয়াৰ গূঢ়াৰ্থ বুজিব পৰা সাধাৰণ কৌশলসমূহৰ বিষয়ে আলোচনা আগবঢ়ায় | সত্ৰীয়া গীত-নৃত্যৰ লগতে অঙ্কীয়া নাটৰ প্ৰশিক্ষণ বিষয়ক আলোচনাখিনিও বৰবায়নজনাই নিজৰ বক্তব্যত উল্লেখ কৰে | অঙ্কীয়া নাট প্ৰশিক্ষণৰ আগন্তুক এমাহজোৰা সময়খিনিত মুখ্য প্ৰশিক্ষক গোলাপ বৰুৱা বৰবায়ন, ৰাতুল চেকনিধৰা আৰু মঞ্চৰ পৰা বিশিষ্ট সংগীত সাধক – সাংস্কৃতিক কৰ্মী মালভোগ শইকীয়া , উত্তৰ কমলাবাৰী সত্ৰৰ একনিষ্ঠ বৈষ্ণৱ-সাংস্কৃতিক কৰ্মী সৰ্বানন্দ দুৱৰীয়া আৰু সাংস্কৃতিক কৰ্মী যদু শইকীয়াক দায়িত্ব অৰ্পণৰ আনুষ্ঠানিকতা কৰে মঞ্চৰ সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে | মঞ্চৰ অন্যতম কৰ্মকৰ্তা, সহকাৰী সম্পাদক বিশ্বনাথ মেধি, সৰ্বানন্দ দুৱৰীয়া, ভৰত পেগুৰ সহযোগিতা আছিল অতি গঠনমূলক | বিশেষকৈ নামনি চেৰেপাই গাঁৱৰ ভৰত পেগু এজন বিশিষ্ট নেতা আৰু সাংস্কৃতিক কৰ্মী বুলি সুবাদ থকাৰ লগতে তেখেত আৰু গাঁৱৰ সহযোগীসকলৰ নিৰলস কৰ্মস্পৃহা আৰু ন-উদ্যমৰ ফলশ্ৰুতিতে এই মহান অনুষ্ঠানটি আগবাঢ়িছে বুলি শলাগৰ শৰাই আগবঢ়াই বক্তব্য ৰাখে মঞ্চৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকায় | আগন্তুক এমাহজোৰা সময়খিনিত সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰি সভাপতি জনাৰ্দন দেৱ গোস্বামীয়ে সভাখনিৰ সফল সামৰণি ঘটায় |