Home Blog Page 3112

১৭ ডিচেম্বৰৰ পৰা বদৌচা কাপ ফুটবল আৰম্ভ

তিনিচুকীয়া, ১৫ ডিচেম্বৰ: তিনিচুকীয়া জিলা ক্রীড়া সন্থাৰ কাৰ্যালয়ত বদৌচা স্পৰ্টছ ক্লাবৰ এখন সংবাদ মেল অনুষ্ঠিত হৈ যায় । সংবাদ মেলত বদৌচাম্পৰ্টছ ক্লাব সভাপতি অৰুণজ্যোতি মৰাণে কয় যে বদৌচা স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰি অহা অসম ফুটবল সন্থাৰ স্বীকৃতিপ্রাপ্ত বদৌচা কাপ আমন্ত্রণমূলক ফুটবল প্রতিযগিতাখনৰ দ্বাদশ সংখ্যক প্রতিযােগিতাখন অহা ১৭ ডিচেম্বৰ ২০২০ তাৰিখৰ পৰা ৩১ ডিচেম্বৰ ২০২০ তাৰিখলৈকে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ১৬ তাকৈ স্থানত অনুষ্ঠিত কৰিবলৈ লােৱা হৈছে । স্থান কেইটা ক্রমে- কচুজান খেলপথাৰ , ডুমডুমা ৰাজহুৱা খেলপথাৰ , কাকপথাৰ ৰাজহুৱা খেলপথাৰ , বৰগড়া ৰাজহুৱা খেলপথাৰ , গৰিয়াটিং খেলপথাৰ , এঠেঙীয়া খেলপথাৰ , দিয়ামুলী পালং লাইন খেলপথাৰ , লংছােৱাল চাইডিং চাহ বাগিছা খেলপথাৰ , চামদাং চাহ বাগিছা খেলপথাৰ , বজালনী চাহ বাগিছা খেলপথাৰ , বগাপানী চাহ বাগিছা খেলপথাৰ , ৰাইডাং ৰাজহুৱা খেলপথাৰ , ফিল’বাৰী হাইস্কুল খেলপথাৰ , মুলােক গাঁও খেলপথাৰ , কঠালগুৰি খেলপথাৰ , দুলীয়াজান নেহেৰু মৈদান খেলপথাৰ । প্রতিযােগিতাখনত অইল ইণ্ডিয়া এফ . চি . , অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ , এ.পি.আৰ.অ . গুৱাহাটী , তিনিচুকীয়া ৰেলৱে ডিভিজনেল এফ.চিকে আদি কৰি মুঠ টা উত্তৰ – পূৰ্বাঞ্চলৰ আগশাৰীৰ ফুটবল দলে অংশগ্রহন কৰিব । প্রতিযােগিতাখন সর্বটো প্রকাৰে সফল কৰি তুলিবলৈ ইতিমধ্যে ১৬ টা স্থানত ১৬ খন উপ- অভ্যর্থনা সমিতি গঠন কৰা হৈছে।প্রতিযােগিতাখনি সফল সমাপ্তি কৰিবলৈ সকলাে ক্রীড়া প্রেমী ৰাইজকে বদৌচা স্পৰ্টছ ক্লাবৰ তৰফৰ পৰা অনুৰোধ জনায় । 

লাহোৱালত ডিব্ৰুগড় জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ সজাগতা সভা

মদাৰখাত, ১৫ ডিচেম্বৰ: সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত লাহোৱাল বালিকা বিদ্যালয়ত এখন সজাগতামূলক সভা সম্পন্ন হয়। ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক তথা জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে চৰকাৰী কৰ্মচাৰীৰ বাবে প্ৰৱৰ্তন কৰা নতুন পেঞ্চন নীতিয়ে কেতিয়াও ভৱিষ্যত সুৰক্ষিত নকৰে বুলি কয়। এই ব্যৱস্থা শ্বেয়াৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ বাবে সাম্ভাৱ্য অনিশ্চয়তাৰ কথা বিতংভাৱে অৱগত কৰে। চলকাৰক এই ব্যৱস্থাৰ সংশোধন কৰি পুৰণি পেঞ্চন ব্যৱস্থাকে কৰ্মচাৰীৰ কল্যানাৰ্থে বাহাল ৰাখিবলৈ আহ্বান জনায়। সুকুমাৰ ঘোষে সভাত এন পি এছ কৰ্মচাৰীৰ অৱসৰকালীন পেঞ্চনৰ বিষয়ে তথ্য সহকাৰে ব্যাখ্যা কৰে। ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক অনিল সিংহই কৰ্মচাৰী পৰিষদে এন পি এছৰ বিৰুদ্ধে মাত মাতি আহিছে আৰু ভৱিষ্যতেও প্ৰচেষ্টা অব্যাহত থাকিব বুলি কয়। তেওঁ যৌথ সংগ্ৰামৰো পোষকতা কৰে। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক, সমল ব্যক্তি তথা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি কেশৱানন্দ হালৈয়ে এন পি এছ কি আৰু ই কেনেদৰে অৱসৰকালত প্ৰযোজ্য হ’ব তাক বিতংভাৱে বিশ্লেষণ কৰে। নতুন পেঞ্চন নীতি কেতিয়াও কৰ্মচাৰীৰ হিতাৰ্থে নহয় বুলি উল্লেখ কৰি ভৱিষ্যতত ই অন্ধকাৰহৈহে পৰিব বুলি কয়। সেয়ে চৰকাৰক পুনৰ পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তন কৰিবলৈ দাবী জনাই কৰ্মচাৰীৰ ভৱিষ্যতৰ অৱসৰকালীন সময়ছোৱা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সহকাৰী সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে এন পি এছৰ বিৰুধিতা কৰি অহাৰ লগতে অনাগত দিনত সহযোগিতা থাকিব বুলি বক্তব্য ৰাখে। সজাগতামূলক সভাতেই সংগ্ৰামখন শক্তিশালী কৰাৰ স্বাৰ্থত পূণ্য গোঁহাই দত্তক সভাপতি, ৰাজীৱ দাসক উপ সভাপতি, দিগন্ত গোঁহাইক সম্পাদক, মৃদুল কলিতাক সহ সম্পাদক হিচাপে লৈ লাহোৱাল আঞ্চলিক সমিতিখন গঠন কৰা হয়। সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাংগঠনিক সম্পাদক বিশ্বজিত গগৈ, সদৌ অসম এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকন, জিলা সম্পাদক মনোজ মহন, যুটীয়া সম্পাদক নন্দৰাম তাঁতীৰ লগতে জিলা বিষয়ববীয়াসকলে অংশ গ্ৰহণ কৰে।

ষ্ট্ৰীট লাইটৰ অভাৱত অন্ধকাৰচন্ন গান্ধী মন্ডপ পথ; আন্ধাৰৰ সুযোগত বৃদ্ধি পাইছে অসামাজিক কাৰ্যকলাপ

অনলাইন বাৰ্তা, ১৫ ডিচেম্বৰ: মহানগৰীৰ গান্ধী মন্ডপ পথৰ বিকল ষ্ট্ৰীট লাইটে সন্ধিয়া অন্ধকাৰচন্ন  কৰি তুলিছে শৰনীয়া পাহাৰ ৷ ২অক্টোবৰ গান্ধী জয়ন্তী উপলক্ষে মহানগৰ জিলা প্ৰশাসন – গুৱাহাটী পৌৰনিগমে গান্ধী মন্ডপৰ বৃহত্তৰ অঞ্চল সজাইপৰাই ৰঙীল কৰি তোলে ৷ অনুষ্ঠান শেষ হোৱাৰ পিছৰ পৰা এবাৰো চোৱাৰ আহৰি নাই জিলা প্ৰশাসন তথা গুৱাহাটী পৌৰনিগমৰ ৷ স্হানীয় ৰাইজৰ অভিযোগ অনুসৰি  গান্ধীজয়ন্তী উদযাপনৰ মাত্ৰ দুই তিনিদিন আগতে ষ্ট্ৰীট লাইট সমুহ মেৰামতি কৰি পোহৰায় তোলা হৈছিল শৰনীয়া পাহাৰ ৷ কিন্তু এমাহ পাৰ নহোতেই ষ্ট্ৰীট লাইট সমুহ বিকল হোৱা দেখা গৈছে ৷ ইয়াৰ বাবেই বৃহত্তম এলেকাত সন্ধিয়াৰ পৰা অন্ধকাৰচন্ন হৈ পৰে ৷ একাংশ স্হানীয় ৰাইজে জনোৱা মতে শৰনীয়া মুল পথৰ পৰা গান্ধীমন্ডপ যোৱা  পথচোৱাত মাত্ৰ ১০-১২ ষ্ট্ৰীট লাইট সন্ধিয়াৰ ভাগত জ্বলে যদিও বাকী লাইট সমুহ সম্পূৰ্ণ বিকল ৷ এনেক্ষেত্ৰত গান্ধী মন্ডপ দৰ্শন কৰিব অহা বিভিন্ন স্তৰৰ ব্যক্তিসকলে সন্ধিয়া সময়ত লাইটৰ অভাবত যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ সন্ধিয়া আন্ধাৰৰ সুযোগ গ্ৰহন কৰি এচাম যুৱক – যুৱতীয়ে নিশালৈ আদ্দাস্হলীত পৰিনত কৰিছে গান্ধীমন্ডপ অঞ্চল ৷ আন একাংশই সন্ধিয়া হলেই মুকলি মুৰীয়াকৈ মদ,ভাং খোৱা পৰিলক্ষিত হৈছে ৷ সন্ধিয়া ভ্ৰমন কৰিবলৈ অহা নাগৰিক সকলৰ একাংশই জানিবলৈ দিয়ে যে  মদ ভাং অসামাজিক কাৰ্য্য স্হলীত পৰিনত হৈছে বৃহত্তৰ গান্ধী মন্ডপ অঞ্চল ৷ ইয়াৰ বাবেই অতি শীঘ্ৰেই ষ্ট্ৰীট লাইট সমুহ মেৰামতিৰ বাবেই গুৱাহাটী পৌৰনিগম তথা জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই ৷

হোজাই বজাৰৰ বিভিন্ন স্থানত ডাষ্টবিন বিতৰণ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাৰ

হোজাই, ১৫ ডিচেম্বৰ: প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কৃষ্ণ কান্ত শৰ্মাই স্বচ্ছতাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কে কে শৰ্মাই হোজাই বজাৰৰ বিভিন্ন ঠাই সমূহত ঘূৰি ডাষ্টবিন বিতৰণ কৰা পৰিলক্ষিত হয়। উপস্থিত স্থানীয় সংবাদিক সকলৰ লগত হোৱা সাক্ষাৎকাৰত হোজাই পুৰণা বজাৰ আৰু নতুন বজাৰৰ বিভিন্ন স্থানত প্ৰায় এশ টা ডাষ্টবিন বিতৰণ কৰা হ’ব বুলি মন্তব্য আগবঢ়ায়। নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ সম্ভাব্য টিকট প্ৰত্যাশী সকলে জনসাধাৰণৰ কাষ চাপি বিভিন্ন জনকল্যান মুলক কাম কৰা পৰিলক্ষিত হৈছে। কংগ্ৰেছ দলৰ হোজাইৰ পৰা টিকট প্ৰত্যাশী প্ৰাক্তন আৰক্ষী উপ মহাপৰিদৰ্শক তথা বৰ্তমানৰ কংগ্ৰেছ নেতা কে কে শৰ্মা বিগত কেই মাহমানৰ পৰা হোজাইৰ বিভিন্ন অঞ্চল সমূহত সমাজ সেৱা কৰাত ব্যস্ত হৈ পৰিছে। ভাগ্যৰ যোৱাৰ কাৰ পক্ষত বলিব তথা ৰাজতিলক ভাগ্যত আছে নে নাই সেয়া সময়তেহে গম পোৱা যাব।

চৰাইদেউৰ সাপেখাতীত ভাৰ উত্তোলন, শক্তি উত্তোলন, দেহশ্ৰী আৰু ফিটনেছ জিলাভিত্তিক প্ৰতিযোগিতা সম্পন্ন

সাপেখাতী, ১৪ নৱেম্বৰ : শৰীৰ নিৰোগী কৰি ৰাখিবলৈ সদায় শৰীৰ চৰ্চা কৰাটো অতিকৈ প্ৰয়োজনীয় ।  বৰ্তমান সময়ত শৰীৰৰ চৰ্চাৰ প্ৰতি খুবেই সচেতন আমাৰ  যুৱক যুৱতী সকল। নৱপ্ৰজন্মক  শৰীৰ চর্চাৰ প্ৰতি আকৰ্ষিত কৰি নিৰোগী কৰি ৰখাৰ উদ্দেশ্যেৰে অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱে আয়োজন কৰে  জিলাভিত্তিক  দেহশ্ৰী , ভাৰ উত্তোলন, শক্তি উত্তোলন আৰু ফিটনেছ প্ৰতিযোগিতা । শীতৰ তীব্ৰ  প্ৰকোপকো নেওচি  ৰাজ্য খনৰ  বিভিন্ন প্ৰান্তৰৰ পৰা আহি  প্ৰতিযোগীয়ে সকলে প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰে । উক্ত  দেহশ্ৰী  প্ৰতিযোগিতাত সংগীতৰ তালে তালে বিভিন্ন ভংগীমাৰে দেহ প্ৰদৰ্শনেৰে দৰ্শকক চমক দেখুৱাই  সাপেখাতীৰ নিৰ্বাসি ৰাজেশ  শ্যামে ২০২০ বৰ্ষৰ মিষ্টাৰ চৰাইদেউ খিতাপ  অর্জন কৰে । শক্তি উত্তোলনত ষ্ট্ৰং মেন  অৱ চৰাইদেউ২০২০  খিতাপ লাভ কৰে পাৱাৰ হাউচ  ক্লাৱৰ  আচিফুৰ ৰহমান বৰাই ।  ষ্ট্ৰং অ’মেন অফ চৰাইদেউ ২০২০ খিতাপ লাভ কৰে চৰাইদেউ ৱেট লিফটিং প্ৰশিক্ষণ কেন্দ্ৰৰ  তুতু মণি খাতুৱালে । ৱেট লিফ্টিংৰ  বেষ্ট লিফটাৰ ২০২০ ৰ  খিতাপ  অর্জন ৰাজা ঠাকুৰে । ৱেট লিফ্টিংৰ  বেষ্ট লিফটাৰ ২০২০  অ’মেন খিতাপ অর্জন কৰে  ৰিজু মণি খাতুৱালে । মি: ফিটনেছ ২০২০ খিতাপ লাভ কৰে সাপেখাতীৰ চন্দন গগৈয়ে । মিছ ফিটনেছ ২০২০ খিতাপ লাভ কৰে  সোনাৰীৰ অনন্যা  নাওশলীয়াই । মি: চৰাইদেউ মাষ্টাৰ শ্ৰী খিতাপ অর্জন কৰে সোনাৰীৰ জয়ন্ত দাসে । অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱে আয়োজন  কৰা এই প্ৰতিযোগিতাই নৱ প্ৰজন্মৰ খেলুৱৈক দিলে  নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লবলৈ অধিক অনুপ্ৰেৰণা। যি সময়ত আজিৰ যুৱ প্ৰজন্মই ৰাগিয়াল দ্ৰব্যৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ জীৱন ধ্বংসৰ মুখলৈ ঠেলি দিছে, তেনে সময়তে অলিম্পাছ জিম এণ্ড ফিটনেছ ক্লাৱৰ  কৰ্মকতা সকলে নৱপ্ৰজন্মক শৰীৰ চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰা এই পদক্ষেপক সকলোৱে শলাগ লৈছে ।

ডিবি নিউজৰ বাতৰিৰ প্ৰভাৱ : অৱশেষত আৰক্ষীৰ জালত নিজ পত্নীৰ হত্যাকাৰী হোছেন আলী

যোৱা ১৩ ডিচেম্বৰত দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত ১নং মাকেলীত সংঘটিত এক শিহৰণ কাৰি হত্যা কান্ডই জোঁকাৰি গৈছিল সমগ্ৰ অঞ্চল । ১নং মাকেলী গাওঁৰ শুকুৰ আলীৰ পুত্ৰ হোছেন আলীৰ দাৰ ঘাপত প্ৰাণ হেৰুৱাইছিল পত্নী মফিদা বেগমে । দুই সন্তানৰ মাতৃ মফিদা বেগমক হত্যা কৰি স্বামী হোছেন আলীয়ে আত্মগোপন কৰি আছিল । যোৱা ১৪ ডিচেম্বৰত  ডিবি নিউজত বাতৰিটো প্ৰচাৰ হোৱাৰ পিছতেই বকো আৰক্ষী আৰু ছমৰীয়া পহৰা চকী আৰক্ষীয়ে জোৰদাৰ অভিযান চলায় ২৪ ঘন্টাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম হয় নিজ  পত্নীৰ হত্যাকাৰী হোছেন আলীক ।

১৪ ডিচেম্বৰত  ডিবি নিউজত প্ৰচাৰ হোৱা বাতৰিটো

ইপিনে মৃত মফিদা বেগমৰ পিতৃ-মাতৃ কন্যাৰ মৃত্যুয়ে আইনৰ জড়িয়তে দোষীৰ উপযুক্ত শাস্তি বিচাৰিছে।

বিটিচিৰ চীফ হিচাপে শপত গ্ৰহণ কৰিলে প্ৰমোদ বড়োৱে

হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া ৰাজত্বৰ অৱসান ঘটাই বিটিচিত নতুন পৰিষদৰ জৰিয়তে সকলো ৰাইজৰ সৰ্বাংগীন বিকাশ আৰু শান্তিৰ বাবে দৃঢ় প্ৰতিজ্ঞ বুলি ঘোষণা কৰি কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাসৰ মাজত চতুৰ্থ বিটিচিৰ নতুন চীফ হিচাপে বড়ো ভাষাত শপত গ্ৰহণ কৰে বড়ো সমাজৰ ‘ব্লু আইড বয়’ প্ৰমোদ বড়োৱে । শপত গ্ৰহণৰ পূৰ্বে পুৱাতেই প্ৰমোদ বড়োৱে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

উপ মুখ্য কাৰ্যবাহী সদস্য হিচাপে গোবিন্দ বসুমতাৰীয়ে অসমীয়াত শপতগ্ৰহণ কৰে । আজি প্ৰমোদ বড়োসহ পাঁচজনে শপত গ্ৰহণ কৰে। মুখ্য সচিব জিষ্ণু বৰুৱাই পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰালে। বিজেপিৰ কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিলে গৌতম দাসে। গণ সুৰক্ষা পাৰ্টিৰ MCLA হিচাপে নিৰ্বাচিত হৈ EM পদত অধিষ্ঠিত হ’ল ঘনশ্যাম দাস।

কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত লক্ষাধিক জনতাৰ প্ৰবল হৰ্ষোল্লাস

শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি আটাইকেইটা দলৰ নেতৃত্বৰ লগতে সন্মিলিত পৰিষদৰ সকলো নিৰ্বাচিত পাৰিষদৰ উপস্থিত থাকে।

AGP এৰি AJP লৈ পাটাচাৰকুছিৰ বিধায়ক পবীন্দ্ৰ ডেকা

অসম গণ পৰিষদক মোক্ষম আঘাট । অসম গণ পৰিষদ এৰিলে বিধায়ক পবীন্দ্ৰ ডেকাই । আৰম্ভণিৰে পৰা ‘কা’ৰ তীব্ৰ বিৰোধিতা কৰি আহিছে পবীন্দ্ৰ ডেকাই। তাকেলৈ বিগত কিছু দিনৰ পৰা অগপ নেতৃত্বৰ ওপৰত মুকলি ক্ষোভ ব্যক্ত কৰি আহিছিল পাটাচাৰকুছিৰ বিধায়কগৰাকীয়ে। অসম গণ পৰিষদক মোক্ষম আঘাট সানি জন্মলগ্নৰে পৰা থকা জেষ্ঠ নেতা গৰাকীয়ে পদত্যাগে কৰিলে ৰাজ্যৰ আঞ্চলিক দলটোৰ পৰা ।

আনহাতে, অসম গণ পৰিষদৰ পৰা পদত্যাগ কৰি কালিলৈ ১৬ ডিচেম্বৰ বুধবাৰে পবীন্দ্ৰ ডেকাই অসম জাতীয় পৰিষদত যোগদান কৰিব। AJP ৰ অভিৱৰ্তনত অংশগ্ৰহণৰ বাবে আজিয়ে শিৱসাগৰলৈ ৰাওনা হ’ব ডেকা।

হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷প্ৰমোদ বড়ো চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত BTCৰ সদ্য প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমন্ত্ৰণ জনোৱা হৈছে৷ এই সন্দৰ্ভত BTRৰ নতুন মুৰব্বী প্ৰমোদ বড়োৱে সংবাদ মাধ্যমক ক’লে- “আমাৰ শপত গ্ৰহণ অনুষ্ঠানলৈ BTCৰ প্ৰাক্তন মুৰব্বী হাগ্ৰামা মহিলাৰীকো আমি আমন্ত্ৰণ জনাইছো৷ আমি আশা কৰিছো যে আমাৰ শপত গ্ৰহণ অনুষ্ঠানত তেওঁ উপস্থিত থাকিব৷ BTRৰ অধীনস্থ সকলো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীন উন্নতিৰ বাবে আমি ল’বলগীয়া সকলো কাৰ্যতে তেওঁৰ পৰা আমি সহায়-সহযোগিতা পাম বুলি আশা কৰিলো৷” অৱশ্যে প্ৰমোদ বড়োৰ আহ্বান হাগ্ৰামা মহিলাৰীয়ে ৰক্ষা কৰিব নে নাই সেয়া অস্পষ্ট৷

কোকৰাঝাৰত উৎসৱমুখৰ পৰিৱেশ, আজি BTRৰ মুৰব্বী হিচাপে শপত ল’ব প্ৰমোদ বড়োৱে

ৰাজ্যপালে জনোৱা আহ্বান ক্ৰমে আজি পুৱা ১০ বজাত BTRৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰিব UPPLৰ সভাপতি প্ৰমোদ বড়োৱে৷ BTRৰ প্ৰথমজন মুখ্য কাৰ্যবাহী সদস্য হ’ব প্ৰমোদ বড়ো৷

কিয়নো এতিয়া বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ পৰা উন্নীত হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনলৈ৷

প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL-এ BJP আৰু নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন GSPৰ সৈতে সন্মিলিত চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে৷ কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীন ফিল্ডত আয়োজিত এক বিশাল গণ সমাবেশত প্ৰমোদ বড়োক শপত বাক্য পাঠ কৰাব ৰাজ্যপালৰ হৈ নামনি অসমৰ আয়ুক্তই৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, অসম চৰকাৰৰ কেইবাজনো মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত ৷