দৈনন্দিন বাৰ্তা প্ৰতিবেদন: ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলা আইন কোষে আজি বিনামূলীয়া আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ আজি গুৱাহাটী মহানগৰ জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰে ৷ অনুষ্ঠানত গুৱাহাটী মহানগৰ জিলা সভাপতি মৃগেন শৰনীয়া, মহানগৰ জিলা আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰা, সহ আহ্বায়ক ক্ৰমে দীপ্ত প্ৰসাদ গোশ্বামী, দেৱজিত কলিতা, জিলা সাধাৰন সম্পাদক অমৰজ্যোতি ডেকা উপস্থিত থাকে ৷ এই ক্ষেত্ৰত সাংসদ কুইন ওজাই আইন সাহৰ্য্য কেন্দ্ৰ মুকলি কৰি কয় যে, এচাম দুখীয়া পৰিয়ালে বিভিন্ন গোচৰ সন্দৰ্ভত আদলতত তাতবাটি কাটিবলগীয়া হয় ৷ আইনৰ বিষয়ে জ্ঞান নথকা লোকসকলে আদলতত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াৰ বাবেই বিজেপি গুৱাহাটী মহানগৰ জিলা আইন কোষে সাধাৰণ ৰাইজক বিনামূলীয়াকৈ আইনী সাহৰ্য্য প্ৰদান কৰিব ৷ ইয়াৰ ফলত যথেষ্ট দুখীয়া পৰিয়ালে বিভিন্ন গোচৰৰ আইনী সাহৰ্য্য লাভ কৰিব বুলি সাংসদ কুইন ওজাই কয় ৷ আনহাতে আইন কোষৰ আহ্বায়ক দীপাঞ্জলী বৰাই কয় প্ৰতি শনিবাৰে দিনৰ ১২-২বজালৈ মহানগৰ জিলা কাৰ্যালয়ত সাধাৰন জনসাধাৰনে বিনামূলীয়াকৈ আইনী সাহৰ্য্য লাভ কৰিব ৷ আইনী সাহৰ্য্য কেন্দ্ৰত বিভিন্ন গোচৰ সন্দৰ্ভত পৰমৰ্শ প্ৰদান কৰিব বুলি বৰাই উল্লেখ কৰে ৷ ইপিনে জিলা সভাপতি মৃগেন শৰনীয়াই অনুষ্ঠানত উপস্থিত থাকি কয় আইনী সাহৰ্য্য প্ৰদান কৰাৰ উপৰিও জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰা হ’ব ৷ ইয়াৰ বাবেই জিলা আইনী কোষৰ প্ৰতিগৰাকী সদস্য তথা অধিবক্তা সকলক ধন্যবাদ জ্ঞাপন কৰে সভাপতি মৃগেন শৰনীয়াই ৷ উল্লেখ্য যে আইনী কোষৰ ৯ গৰাকী অধিবক্তা সহ প্ৰায় শতাধিক সদস্য অনুষ্ঠানত উপস্থিত থাকে ৷৷
জামুগুৰিহাট, ১০ ডিচেম্বৰ : জামুগুৰিহাটৰ মূলকেন্দ্ৰস্থলৰ পৰিদৰ্শন বঙলাৰ কাষতেই থকা এটি বাসগৃহত ৮ ডিচেম্বৰৰ নিশা এক চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দূৰ্বৃত্তই এই ঘটনা সংঘটিত কৰে ৷ জানিব পৰা মতে পৰিদৰ্শন বঙলাৰ কাষতেই থকা ৰঞ্জিত শইকীয়াৰ বাসগৃহত যোৱা মঙ্গলবাৰে নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ বাসগৃহৰ মূল প্ৰৱেশদ্বাৰৰ দৰ্জাৰ লক ভাঙি দূৰ্বৃত্তই ভিতৰত প্ৰৱেশ কৰে ৷ পৰৱৰ্তী সময়ত ভিতৰত থকা গদৰেজৰ লকাৰ ভাঙি কাপোৰ কানি তথা আচবাব লণ্ডভণ্ড কৰাৰ লগতে সোণৰ আ-অলংকাৰসহ প্ৰায় ২ লক্ষাধিক টকাৰ সা-সম্প্ৰতি চুৰি কৰাৰ লগতে লোক নিৰ্মান বিভাগত কৰ্মৰত বাসগৃহৰ গৰাকী ৰঞ্জিত শইকীয়াৰ বিভাগীয় প্ৰয়োজনীয় কিছুমান নথি পত্ৰও দূৰ্বৃত্তই লৈ উধাও হোৱা বুলিও জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ লগতে আৰক্ষীয়ে চুৰিকাণ্ডৰ তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে জামুগুৰি আৰক্ষী চকীৰপৰা মাত্ৰ এশ মিটাৰ দূৰত্বত অৱস্থিত বাসগৃহত নিশা দূৰ্বৃত্তই সংঘটিত কৰা এনে লুটপাতৰ ঘটনাই কাষৰীয়া বাসিন্দাসকলক ভীতিগ্ৰস্ত কৰি তুলিছে ৷ প্ৰণিধানযোগ্য যে পূৰ্ৱে জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত নৈশ পহৰাৰ ব্যৱস্থা আছিল যদিও বৰ্তমান নৈশ পহৰাৰ ব্যৱস্থাতো বন্ধ হৈ পৰাত জামুগুৰি মূল কেন্দ্ৰস্থলৰ আশে পাশে থকা বাসগৃহত চোৰৰ দলে পশুধন চুৰি কৰাকে আদি কৰি বাসগৃহটো চুৰিকাণ্ড সংঘটিত কৰিবলৈ সুযোগ গ্ৰহণ কৰা বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে ৷