Home Blog Page 3119

ডুমডুমাত বিশাল আয়োজনেৰে লাচিত কাপ ২০২১

ক্ৰীড়া হৈছে জাতিৰ গৌৰৱ দেশৰ ভৱিষ্যত। ক্ৰীড়াৰ দ্বাৰা এজন খেলুৱৈৰ দৈহিক গঠনৰ লগতে মানসিক উতকৰ্ষও সাধন কৰে। এই কথা সাৰোগত কৰি ভাৰত তথা বিশ্বৰ ক্ৰীড়া জগতত অসমৰ ভলীবল খেলৰ প্ৰতিভাই উচ্চ আসন অলংকৃত কৰাৰ মানসেৰে অসম ভলীবল সংস্থাৰ তত্বাৱধানত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, বীৰ লাচিত সেনা অসম, ডুমডুমা আঞ্চলিক সমিতি আৰু ডুমডুমা বাসী ৰাইজৰ সহযোগত আমন্ত্ৰণমূলক দিবা-নৈশ ৰাজ্যিক পৰ্যায়ৰ লাচিত কাপ ২০২১ ভলীবল প্ৰতিযোগিতাখনি অহা ইং ২০ আৰু ২১ ফেব্ৰুৱাৰী তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হৈছে। ইতিমধ্যে এই আমন্ত্ৰণমূলক ৰাজ্যিক পৰ্যায়ৰ প্ৰিতযোগিতাখনিলৈ অসমৰ বিভিন্ন ঠাইৰ ভলীবল দলক আমন্ত্ৰণ কৰা হৈছে বুলি জানিবলৈ দিছে বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পুলকেশ বৰুৱাই। দুদিনীয়াকৈ অনুষ্ঠিত দিবা-নৈশ ভলীবল প্ৰতিযোগিতা লাচিত কাপ ২০২১ ৰ প্ৰথম দিনাৰ প্ৰিতযোগিতাৰ শুভাৰম্ভ কৰিব ডুমডুমাৰ চেন্ট জেভিয়াৰ্চ হাইস্কুলৰ অধ্যক্ষ গিলবাৰ্ট দেৱ বাৰ্মাই। অন্যহাতে চুড়ান্ত খেলখনি বীৰ লাচিত সেনা অসম, কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই শুভাৰম্ভ কৰিব বুলি জানিব িদছে  বীৰ লাচিত সেনা অসম, তিনিচুকীয়া জিলা সমিতিৰ মুখ্য সচিব ভৃগু বুঢ়াগোঁহায়ে। অহা ইং ২০ আৰু ২১ ফেব্ৰুৱাৰী তাৰিখে ডুমডুমা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হব লগা লাচিত কাপ ২০২১ ৰাজ্যিক পৰ্যায়ৰ ভলীবল প্ৰতিযোগিতাখনিত সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিৰে সহযোগিতাৰ কামনা কৰিছে উদ্যোক্তাই।

নলবাৰীত জিলা পৰিবহন বিভাগ কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী


নলবাৰী জিলা পৰিবহন বিভাগে আজি ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উদযাপন কৰে । যোৱা মাহৰ ১৮ জানুবাৰীৰ পৰা আজিলৈ চলা এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী । আজি ৰাতিপুৱা পোণ প্ৰথমে পৰিবহন বিভাগৰ উদ্যোগত নলবাৰীৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যলয়ৰ পৰা এটি সজাগতা ৰেলী উলিওৱা হয় । এই ৰেলীটো পৰিবহন নিগমৰ কাৰ্যলয়ৰ পৰা নলবাৰী চহৰৰ মাজেৰে জিলা পৰিবহন বিভাগৰ কাৰ্য্যালয়ত উপস্থিত হয় । তদুপৰি পথ সুৰক্ষা মাহৰ অন্তিম কাৰ্যসূচী উপলক্ষে দিনৰ এক বজাত নলবাৰী পৰিবহন বিষয়াৰ কাৰ্যালয়তে এটি সামৰণি অনুষ্ঠানও অনুষ্ঠিত কৰা হয় । আনহাতে এই অনুষ্ঠানত নলবাৰী জিলাৰ বিভিন্ন বিভাগৰ বহুত কেইজন বিশিষ্ট আমন্ত্ৰিত অতিথি উপস্থিত থাকে তথা আমন্ত্ৰিত অতিথি সকলে পথ সুৰক্ষাৰ ওপৰত নিজৰ নিজৰ মন্তব্য ৰাইজৰ আগত প্ৰকাশ কৰে ।  পৰিবহন বিভাগৰ ভাৰপ্ৰাপ্ত মুখ্য কাৰ্যালয় সহায়ক বিবেকানন্দ গোস্বামীয়ে আঁত ধৰা এই অনুষ্ঠানত নলবাৰী জিলাৰ অতিৰিক্ত উপাযুক্ত ফিৰদোজ অলম চেখ,অতিৰিক্ত আৰক্ষী অধীক্ষক(চিকিউৰিটী) চফিকুল হুচেইন,পৰিবহন বিষয়া সীমান্ত বৰা, যান বাহন পৰিদৰ্শক জয়ন্ত দেউৰী, নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় অধ্যক্ষ কৃষ্ণ চন্দ্ৰ গৌড়,নলবাৰী কলেজৰ অধ্যক্ষ ড৹ কমল নয়ন পাটোৱাৰী,জিলা মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নগাঁৱত একেদিনাই ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে ১২টাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ

আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে নগাঁও সদৰ বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ সমষ্টিটোত সকলো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে ৷ বিশেষকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক ৰূপক শৰ্মাই সমষ্টিটো পুনৰ নিজৰ দখলত ৰাখিবৰ বাবে বিভিন্ন উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ দ্বাৰা ৰাইজৰ মাজত তৎপৰতা অব্যাহত ৰাখিছে ৷ ইয়াৰ অংশস্বৰূপে আজি বিধায়কগৰাকীয়ে সমষ্টিটোৰ বেবেজীয়া ডিমৌ, বাংথাই গাঁও পঞ্চায়ত, দেওধৰ গাঁও পঞ্চায়তত  আৰু শেনছোৱা গাঁও পঞ্চায়তত ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে আজিৰ পৰা পাঁচ বছৰৰ আগৰ অসমখনৰ লগত আজিৰ সময়ৰ অসমখনৰ মাজৰ পাৰ্থক্য ৰাইজে নিজে দেখিছে ৷ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল প্ৰচেষ্টাত আজি অসম উন্নয়নৰ শীৰ্ষতম পৰ্যায়লৈ আগবাঢ়িছে ৷ ঠিক একেদৰেই নগাঁও সমষ্টিতো সৰ্বদিশৰ উন্নয়নৰ ছবিখনে বিশেষ সফলতা লাভ কৰিছে ৷ অনাগত দিনত আমাৰ চৰকাৰখনে ৰাইজৰ পদূলিত থিয় হোৱাৰ পৰিৱৰ্তে উন্নয়নমূলক আৰু বহু কৰ্ম-আঁচনি লৈ  ৰাইজৰ লগত থিয় হৈ আমি ৰাইজৰ হৃদয়ত থাকিম বুলিও  বিধায়ক শৰ্মাই মন্তব্য কৰে । আনহাতে বিৰোধী দলক সমালোচনাৰে বিধায়ক গৰাকীয়ে একপ্ৰকাৰ  নিৰ্বাচনী ৰণ শিঙা  বজায় ৷ বিধায়ক শৰ্মাই আজি ‘অসম আদৰ্শ গাঁও যোজনা’ৰ অধীনত বেবেজীয়া চাৰিআলি বজাৰগৃহৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু খোৱা পানী ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহুৱা গৃহ আৰু অনাময় ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া আত্মসহায়ক গোটৰ হস্ততাঁত উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত তিনিটা অংগনবাড়ী কেন্দ্ৰ মেৰামতিকৰণৰ লগতে ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷আনহাতে দেওধৰ গাঁও পঞ্চায়তত আজি বিধায়ক ৰূপক শৰ্মাই আধাৰশিলা স্হাপন কৰা উন্নয়ন মূলক কাম সমূহ ক্ৰমেঅসম আৰ্দশ গাঁও যোজনাৰ অধীনত  “দেওধৰ গাঁও পঞ্চায়তৰ ৬ নং খন্ডত খোৱাপানী আৰু শৌচাগাৰ সুবিধাৰে অংগনৱাদী কেন্দ্ৰ” নিৰ্মাণৰ আধাৰশিলা, অসম আৰ্দশ গাঁও যোজনাৰ অধীনত “ৰজাভেটি প্ৰাথমিক বিদ্যালয়ত কম্পিউটাৰ সুবিধাৰ লগতে শ্ৰেণীকোঠা” নিৰ্মানৰ আধাৰশিলা,অসম আৰ্দশ গাঁও যোজনাৰ অধীনত  “সোণোৱালী পুথিভঁৰাল নিৰ্মাণ”ৰ আধাৰশিলা,অসম আৰ্দশ যোজনাৰ অধীনত  “খন্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মহিলা আত্মসহায়ক গোটৰ বাবে বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰকল্প”ৰ আধাৰশিলা,দেওধৰ পঞ্চায়তৰ দেওধৰ চাৰিআলিত  “ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ লগতে খোৱা পানী ব্যৱস্থা নিৰ্মাণ”ৰ আধাৰশিলা।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে আজি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে  শেনছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটিকটীয়া কৃষ্টি বিকাশ সমাজৰ আন্তঃগাঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে।অসম চৰকাৰৰ আছুতীয়া পূজিৰ দ্বাৰাই দেওধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত “পিনাক পাণি সনাতন  সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ”ৰ আন্তঃগাঠনি উন্নয়নৰ কামৰো  আজি শুভাৰম্ভ  কৰে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অংকুৰণ প্ৰকাশনৰ ৬ খনকৈ গ্ৰন্থ উন্মোচন

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা “মোৰ ভ্ৰমণ ডায়েৰী” অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে, শিক্ষয়িত্ৰী কুৰালগুৰিৰ ৰাজশ্ৰী বৰাই লেখা “হেঁপাহৰ আবিৰ” শিক্ষয়িত্ৰী বন্দনা দত্তই, যোৰহাটৰ নাৰায়ণ চন্দ্ৰ ঘোষে লেখা “স্মৃতিৰ সঁফুৰা” কবি সাহিত্যিক দেৱেন তাছাই, মাজুলীৰ ত্ৰিবেণী পায়েঙে লেখা “জ্যোতি” গোপালদেৱ সেৱক সমাজৰ যোৰহাটৰ সম্পাদক সুৰেশচন্দ্ৰ হাজৰিকাই, লখিমপুৰৰ আকবৰ পায়েঙে লেখা “নৱ যুৱ সমাজঃ তেজস্বী কলম” মাজুলীৰ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে আৰু মাজুলীৰ পদ্ম পেগুৱে লেখা “মোৰ মুক্ত চিন্তা” নামৰ গ্ৰন্থখন আমাৰ অসমৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক ৰমেন শইকীয়াই উন্মোচন কৰি বক্তব্য আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন ডঃ অখিল চক্ৰৱৰ্তীয়ে ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। অংগন-ই আলোচনীখনৰ সম্পৰ্কত ৰূপজ্যোতি নাথে বক্তব্য আগবঢ়োৱা কবিতা পাঠ অনুষ্ঠান পৰিচালনা কৰে অৰ্চনা শইকীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা সকলৰে সৌৰভ জ্যোতি দুৱৰা, ধন দাস, স্বেতা ছেত্ৰী, তেজস্বিনী বৰঠাকুৰ, ৰিতু ভৰালী, পংকজ দাস, অন্তৰীপ কাকতি, বুবুল শইকীয়া, আৰতী টুকুৰীয়া, আৰতী শইকীয়া, বিৰাজ দত্ত, প্ৰিয়ংকা কলিতা, চয়নিকা বৰুৱা, জোনা বৰঠাকুৰ, ৰাণুপ্ৰভা দত্ত, অঞ্জুমণি বৈৰাগী দত্তই স্ব-ৰচিত কবিতা পাঠ কৰে।অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজন কৰা নীলা খামৰ চিঠি প্ৰতিযোগিতাত যোৰহাটৰ বিশ্ব বৰুৱা, গোলাঘাটৰ নেইনা বৰঠাকুৰ, কাৰ্বি আংলঙৰ লক্ষ্যজিৎ শইকীয়াই, স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ মধুমিতা বৰুৱা শইকীয়া, যোৰহাট টীয়কৰ ঋতুপৰ্ন দত্ত, শিৱসাগৰৰ পাৰ্থপ্ৰতিম নাথে, অংকুৰণ ৰঙালী বিহু মডেল প্ৰতিযোগিতাত শিৱসাগৰৰ কল্পদ্বীপ নাথ, যোৰহাট টীয়কৰ তছলিনা বেগম, দুলীয়াজানৰ পৰকাষ্ঠা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়কৈ স্থান লাভ কৰাত পুৰষ্কাৰ প্ৰদানৰ লগতে দৰ্শনত সৰ্বোচ্চৰ বাবে শিৱসাগৰৰ অনুষ্পা দেৱীক বিশেষ পুৰষ্কাৰ ১২ ফেব্ৰুৱাৰীত অংকুৰণ প্ৰকাশনৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য, এইঅনুষ্ঠানত অনুপস্থিত বিজয়ীসকলক কাৰ্যালয়ৰ পৰা তেওঁলোকৰ পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ

টীয়ক সোণাৰী মিচিং গাঁৱত উদযাপন নহয় আলি আয়ে লৃগাং

আলি আয়ে লৃগাংৰ দিনাই টীয়কৰ এখন গাঁৱত এক ব্যতিক্ৰমী দৃশ্য । হাতে হাতে দা,কোৰ,বাঁহ আদি লৈ গাঁওবাসী ব্যস্ত হৈ পৰিছে গৃহ নিৰ্মানৰ কামত ।এইবাৰ যোৰহাট জিলাৰ টীয়ক সোণাৰী মিচিং গাঁৱৰ ৰাইজে উদযাপন কৰা নাই আলি আয়ে লৃগাং । অৱশ্যে সিদ্ধান্ত কৰিছিল আলি আয়ে লৃগাং দুদিনীয়াকৈ অনুষ্ঠিত কৰাৰ ।কিন্তু যোৱা ১১ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাত চাৰিটাকৈ বাসগৃহ জুইত জাহ যোৱাত এক দুৰ্যোগৰ সন্মুখীন হয় পৰিয়াল কেইটা । পৰিয়াল কেইটাৰ দুৰ্যোগৰ সমভাগী হৈ আলি আয়ে লৃগাংৰ সকলো কাৰ্যসূচী বাতিল কৰি আজিৰ এই পবিত্ৰ দিনটোত গাঁও খনৰ সকলো সমবেত হৈ জুইত জাহ যোৱা পৰিয়ালকেইটা থাকিব পৰাকৈ অস্থায়ী ভাবে গৃহ নিৰ্মাণ কৰিবৰ বাবে শ্ৰমদান কাৰ্যসূচী গ্ৰহণ কৰে ‌আৰু আলি আয়ে লৃগাং উদযাপনৰ বাবে সংগৃহীত সকলো ধন পৰিয়াকেইটালৈ আগবঢ়াই গাঁও বাসীয়ে দেখুৱাইছে মানৱতাৰ উৎকৃষ্ট নিৰ্দশন ।

যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়


যোৱা ১৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ দ্বি-বাৰ্ষিক অধিৱেশনখন কৰ্মী সন্থাৰ ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সভাপতি অসীম গগৈয়ে পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক ড° মৃদুল গগৈয়ে স্মৃতি তৰ্পণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ ২০২১-২০২৩ বৰ্ষৰ কাৰ্যনিৰ্বাহকে কাৰ্যভাৰ গ্রহণ কৰে। এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে নবনির্বাচিত সভাপতি ড° মৃদুল গগৈয়ে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাধ্যাপক এন এছ যাদৱ, পঞ্জীয়ক জিতেন হাজৰিকা, যুটীয়া শৈক্ষিক পঞ্জীয়ক ড° বিনোদ বড়া, জ্যেষ্ঠ সহকাৰী পঞ্জীয়ক ৰুহিণী বুঢ়াগোহাঁই। সভাখনৰ আঁত ধৰে নবনির্বাচিত সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ গগৈয়ে। উক্ত অনুষ্ঠানতে বৃক্ষৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য যে ৫ ফেব্ৰুৱাৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। নিৰ্বাচনৰ জড়িয়তে ড° মৃদুল গগৈক সভাপতি, উৎপল গগৈ আৰু মৃদুল গগৈক উপ-সভাপতি, জয়ন্ত কুমাৰ গগৈক সাধাৰণ সম্পাদক, বিশ্বজিৎ গগৈ আৰু উত্তম দত্তক সহকাৰী সম্পাদক, জয়দ্বীপ মজুমদাৰক সাংগঠনিক সম্পাদক, লিমা কোঁৱৰক আলোচনী সম্পাদক, জিতুল দেউৰীক সাংস্কৃতিক সম্পাদক, অমৃত ঠাকুৰীয়াক ক্ৰীড়া সম্পাদক আৰু বেদব্ৰত বৰুৱাক কোষাধ্যক্ষ হিচাবে নিৰ্বাচিত কৰাৰ লগতে ত্ৰিদিব ডেকা বৰুৱা, ধ্ৰুৱজ্যোতি গগৈ, হিৰণ্য শইকীয়া, কস্তুৰি শৰ্মা, আৰাধনা বুঢ়াগোহাঁই, ৰূপম কৌশিক শৰ্মা, নিৰোদ গগৈ, প্ৰদীপ শৰ্মা আৰু হিৰুমণি কলিতাক কাৰ্যনিৰ্বাহৰূপে মনোনীত কৰে।

লাহৰীঘাটৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্না বি জে পি দলত যোগদান

মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত ধুমকুৰা গাঁও পঞ্চায়তৰ  শিয়ালমাৰি কছাৰী গাৱৰ অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাই যোৱা কালি ৰাজ্যিক বি জে পি দলৰ মূখ্য কাৰ্যালয় গুৱাহাটীত  আনুষ্টানিক ভাৱে গেৰুৱা দলত যোগদান কৰে । অৱশ্যে এই যোগদান পৰ্বত  উপস্থিত আছিল ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলিপ শইকীয়া  , সাংসদ পল্লৱ লোচন দাস,  বি কলিতা  ,ৰাজদ্বীপ ৰয়,  পৰিবেশ আৰু বন মন্ত্ৰী মাননীয় পৰিমল শুক্লবৈদ্য, ৰাজ্যিক সাংগঠনিক সম্পাদক ফনিন্দ্ৰ শৰ্মাৰ লগতে মৰিগাঁও জিলা সমিতিৰ সভাপতি  প্ৰভীন মেধি  । এই  যোগদান পৰ্বই উনুকিযাই দিলে যে লাহৰীঘাট সমষ্টিত বি জে পি দলৰ সম্ভাব্য প্ৰাৰ্থিত্বৰ তালিকাত  অৱসৰপ্ৰাপ্ত বন বিষয়া কাদিৰুজ্জামান জিন্নাও  হয়তো  প্ৰৱল দাবীদাৰ ।

যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়

সদৌ অসম যোগ মহাসংঘ আৰু পতঞ্জলী যোগপীঠ হৰিদ্বাৰৰ যৌথ প্ৰচেষ্ঠাত আৰু স্থানীয় জাগৰণ শোণিতপুৰৰ উদ্যোগত যোৱা ১৩ আৰু ১৪ তাৰিখ দুদিনীয়া কাৰ্যসূচীৰে চৈবাৰীৰ বৰাচুক গাঁৱৰ নামঘৰ প্ৰাঙ্গণত যোগৰ এটি কৰ্মশালা অনুষ্ঠিত হৈ যায়। অবিভক্ত শোণিতপুৰ জিলাৰ যোগ প্ৰশিক্ষক আৰু প্ৰচাৰক নিৰঞ্জন গগৈয়ে অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীক দুদিনীয়া যোগ শিবিৰত প্ৰশিক্ষণ প্ৰদান কৰে। দুদিনীয়া কৰ্মশালাত ক আৰু খ শাখাত মুঠ এশগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাৰ শেষৰ দিনা প্ৰশিক্ষাৰ্থীৰ মাজত যোগাসনৰ এক প্ৰতিযোগীতা অনুষ্ঠিত হয়। ইয়াৰে দুয়োটা শাখাৰে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীক মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰা হয় আৰু  বাকী অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীকো অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। প্ৰথম দিনাৰ কাৰ্যসূচীৰ বন্তী প্ৰজ্বলনেৰে আৰম্ভ হয়। বন্তী প্ৰজ্বলন কৰে স্থানীয় সমাজকৰ্মী ভানু বৰাই। অনুষ্ঠানত বিশ্বনাথ জিলাৰ যোগ প্ৰভাৰী শিব প্ৰসাদ শইকীয়া, জাগৰণৰ সভআপতি ৰঞ্জিত বৰা, স্থানীয় জীতেন শইকীয়া উপস্থিত থকাৰ বিপৰীতে দ্বিতীয় দিনাৰ কাৰ্যসূচী উদ্ধোধন কৰে অৱসৰী শিক্ষয়িত্ৰী গীতাঞ্জলী মহন্থই। জাগৰণত সমূহ উদ্যোক্তা আৰু স্থানীয় ৰাইজৰ উপস্থিতিত যোগাসনৰ প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়জোন বৰা,জামুগুৰিহাট।

বৰকলাৰ প্ৰথমগৰাকী মহিলা আৰক্ষী উপ-পৰিদৰ্শক প্ৰভজিৎ কৌৰক সম্বৰ্ধনা

জিলাৰ বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন কৃতী ছাত্ৰী প্ৰভজিৎ কৌৰে মহিলা আৰক্ষী উপপৰিদৰ্শক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছে ৷ কৌৰে মহিলা আৰক্ষী উপপৰিদৰ্শকৰ ২০২০-২১ বৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈ এই নিযুক্তি লাভ কৰি সমগ্ৰ বৰকলা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে,প্ৰভজিৎ কৌৰ বৰকলা অঞ্চলৰ প্ৰথমগৰাকী মহিলা আৰক্ষী উপপৰিদৰ্শক ৷ ১৬ ফেব্ৰুৱাৰীত বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৰফৰ পৰা কৌৰক সম্বৰ্ধনা জনোবা হয় ৷

ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন


কোচ ৰাজবংশী সন্মিলনীৰ ৩০ তম্ দ্বি বাৰ্ষিক অধিবেশনৰ প্ৰাক ক্ষনত ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ নতুন সমিতি গঠন কৰা হয়। ২০২১ পৰা ২০২৩ বৰ্ষৰ তিনি বছৰীয়া কাৰ্য্য কালৰ সভাপতিৰ দায়িত্ব ভাৰ গ্ৰহণ কৰে দেৱজিৎ কুমাৰ ডেকাই। আনহাতে কাৰ্যকাৰী সভাপতি  তৰুন চন্দ্ৰ বড়াউপ সভাপতি তৰুণ চন্দৰ চহৰীয়া ,গজেদ্ৰ বৰুৱা জিতেদ্ৰ ভদ্ৰ  দিনেশ্বৰ ডেকা ধৰ্ম কান্ত দাস লম্বু ৰাম শইকীয়াই দ্বায়িত্ব ভাৰ গ্ৰহণ কৰে। সাধাৰণ সম্পাদক হেমধৰ ডেকাৰ লগতেসহ সম্পাদকৰ তালিকাত নিতুল ডেকা, জ্যোতিশ চৌধুৰী, বাবুল ডেকা, থানেশ্বৰ ডেকা গোপাল ডেকাৰ নাম প্ৰকাশ পায়।সাংগঠনিক সম্পাদক জীৱন বৰুৱাপ্ৰচাৰ সম্পাদক নাৰায়ন ডেকাকাৰ্যালয় সম্পাদক বেলিৰাম ডেকাক দায়িত্বাৰ দি নতুন সমিটিখন গঠন কৰা হয়। আনহাতে একেটা দিনতে ভেৰগাওঁ জিলা কোচ ৰাজবংশী সন্মিলনীৰ মহিলা গোটৰ আৰু যুৱ ছাত্ৰ সন্মিলনীৰ সমিটি খনৰো সাল সালনি কৰা হয়। মহিলা গোটৰ সভানেত্ৰী পদত কুনুমা বৰুৱা আৰু সম্পাদিকাৰ পদত পদুমি ডেকাৰ লগতে যুৱ ছাত্ৰ সন্মিলনীৰ সভাপতি যতিন হাজৰিকা আৰু  সম্পাদকৰ পদত সুৰ্য বৰুৱাক দায়িত্ব ভাৰ প্ৰদান কৰা হয়।
পানেৰীৰ পৰা নীলোৎপল দাস।