বিশিষ্ট সংগীত শিল্পী , “ঝুমইৰ সম্ৰাট” দুলাল মানকিয়ে এই বছৰ ভাৰত চৰকাৰৰ সন্মানীয় পদ্মশ্ৰী বঁটা লাভ কৰাৰ বাবে ডুমডুমা প্ৰেছ ক্লাবে আজি তেখেতক সম্বৰ্ধনা জনায় । ডুমডুমা প্ৰেছ ক্লাবৰ সভাপতি অনুজ কলিতা , উপসভাপতি দীনেশ গোয়েল , সম্পাদক মনোজ বৰুৱা , কোষাধ্যক্ষ পিট্টৰ চন্দ মিট্টল , প্ৰাক্তন সভাপতি অৰ্জুন বৰুৱা , প্ৰাক্তন সম্পাদকদ্বয় মনোজ দত্ত আৰু অভিজিৎ খাটনিয়াৰ আৰু সদস্য ব্ৰহ্মদেউ ৰজকৰে গঠিত ক্লাবৰ এটি প্ৰতিনিধি দলে শিল্পীগৰাকীৰ বৰহাপজান কেছেৰুগুৰি স্থিত বাসভৱনলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানটিৰ আঁত ধৰি ডুমডুমা প্ৰেছ ক্লাবৰ প্ৰাক্তন সম্পাদক অভিজিৎ খাটনিয়াৰে বৃহত্তৰ অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান “ঝুমইৰ” গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে শাস্ত্ৰীয় সংগীত আৰু অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰখনলৈ দুলাল মানকিয়ে আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথা উল্লেখ কৰি ভাৰত চৰকাৰে শেহতীয়াকৈ তেখেতলৈ আগবঢ়োৱা পদ্মশ্ৰী বঁটাই সমগ্ৰ ডুমডুমাবাসীকে গৌৰৱান্বিত কৰা বুলি কয় । ক্লাবৰ তৰফৰ পৰা শিল্পীগৰাকীক এখনি ফুলাম গামোচা , এখন শৰাই আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনাৰ উত্তৰত দুলাল মানকিয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দৈদাম চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পৰা আৰম্ভ কৰা সংগীতৰ যাত্ৰাৰ কথা সোঁৱৰে । এই বঁটা নিজৰ পিতৃ – মাতৃৰ নামত উৎসৰ্গা কৰি শিল্পী দুলাল মানকিয়ে কয় যে তেওঁৰ পিতৃৰ পৰাই সংগীতৰ ক্ষেত্ৰখনলৈ আহিবলৈ তেওঁ অনুপ্ৰেৰণা পাইছিল । এই সন্মানীয় বঁটাৰ বাবে তেওঁক নিৰ্বাচিত কৰাত তেওঁ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে । আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত শিল্পীগৰাকীৰ পৰিয়ালৰ সদস্যসকলৰ উপৰিও ডুমডুমা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা হিৰণ বৈশ্য দত্তও উপস্থিত আছিল । মুনীন্দ্ৰ মহন্ত,ডুমডুমা
চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম অসমীয়া ভাষাতে গ্ৰহণ কৰিব পৰা যাব : প্ৰধানমন্ত্ৰী মোদী
সকলো হিংসা-ভেদ ভাবৰ উৰ্দ্ধলৈ গৈ উত্তৰ পূৰ্বাঞ্চলে এতিয়া বিকাশৰ বাটেৰে আগুৱাই গৈছে। এই বিকাশৰ ধাৰা প্ৰৱাহিত কৰাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে অসমে।
আজি ঢেকিয়াজুলিৰ ভোচপাৰাত এখন বিশাল জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। বিশ্বনাথ আৰু চৰাইদেউত দুখনকৈ মেডিকেল কলেজৰ আধাৰশিলা স্তাপন কৰিবলৈ আহি মোদীয়ে এনেদৰে কয়।
মোদীয়ে কয় যে ২০১৬ চনত অসমত মেডিকেল কলেজ আছিল ৬ খন। বিগত পাঁচ বছৰৰ ভিতৰত ৰাজ্য খনত আৰু নতুনকৈ ৬ খন মেডিকেল কলেজ আৰম্ভ হৈছে।
অসমত এতিয়া প্ৰতি বছৰে ১৬০০ গৰাকী এমবিবিএছ চিকিৎসকৰ সৃষ্টি হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। তেওঁ কয় যে এতিয়া আৰু অসমৰ মানুহে উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যাব নালাগে। অসমতে সকলো উন্নত চিকিৎসাৰ সুবিধা পাব বুলি তেওঁ কয়।
আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত অসমৰ ১ লাখতকৈ বেছি লোকে চিকিৎসাৰ সুবিধা পোৱা বুলি তেওঁ উল্লেখ কৰে। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা খণ্ডৰ অভিকেন্দ্ৰ হিচাবে গঢ়ি তোলাৰ প্ৰচেষ্টা চৰকাৰে চলাই গৈছে বুলি মোদীয়ে কয়।
কৃষক আন্দোলনক সমৰ্থন কৰা বাবে ব্ৰিটিছ অভিনেত্ৰী জামিলালৈ ধৰ্ষণৰ ভাবুকি

কৃষক আন্দোলনক সমৰ্থন কৰাৰ পিছৰে পৰা আহিছে ধৰ্ষণৰ ভাবুকি। ছচিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই কথা জনালে ব্ৰিটিছ অভিনেত্ৰী জামিলা জামিলে। দ্য গুড প্লেছ ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত জামিলা।

অভিনেত্ৰীগৰাকীয়ে জনাইছে যে প্ৰথমৰে পৰা কৃষক আন্দোলনক লৈ সৰৱ আছিল তেওঁ। আৰু তাৰ পিছতে আহিবলৈ ধৰে ধৰ্ষণ আৰু হত্যাৰ ভাবুকি।

ছচিয়েল মিডিয়াত জামিলাই লিখিছে, ‘‘ভাৰতৰ কৃষকসকলৰ আন্দোলনক লৈ বিগত কেইবামাহ ধৰি যি ঘটিছে সেই সম্পৰ্কে মাত মাতিছো।

কিন্তু যিমানবাৰ মই এই বিষয়টোক লৈ কৈছো, মোলৈ ধৰ্ষণ আৰু হত্যাৰ ভাবুকি আহিছে। যিয়ে মোলৈ এই ধৰণৰ মেছেজ পঠিয়াইছে, তেওঁলোকে মনত ৰাখক যে মই এজন মানুহ যাৰ সহ্যৰ সীমা আছে।শুকুৰবাৰে এই পোষ্ট কৰিছে ব্ৰিটিছ অভিনেত্ৰীগৰাকীয়ে।

তেওঁ আৰু লিখিছে, ‘‘মই অৱশ্যে ভাৰতৰ কৃষকসকলৰ সৈতে আছো। যিসকলে অধিকাৰৰ বাবে প্ৰতিবাদ কৰিছে তেওঁলোকৰ পক্ষত আছো।’’
১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ত অখিল গগৈৰ জামিন আবেদনৰ শুনানি
অসম বিধানসভাৰ নিৰ্বাচন চমু আহিছে। কৃষক নেতা তথা বৰ্তমান ৰাইজৰ দলৰ নেতা অখিল গগৈ এতিয়াও কাৰাগাৰতে বন্দী হৈ আছে।
বিজেপি চৰকাৰৰ ৰোষত পৰি এটাৰ পাছত আন এটা গোচৰত বন্দী কৰি ৰখা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে আনকি প্ৰতিবাদো সাৱ্যস্ত কৰি আহিছে।
অহা ১১ ফেব্ৰুৱাৰিত উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব।
ন্যায়াধীশ সূৰ্য কান্ত, এন ভি ৰমন্না আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে এই শুনানি গ্ৰহণ কৰিবলগীয়া এই শুনানিলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে।
ইয়াৰ পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে অখিল গগৈৰ জামিন নাকচ কৰিছিল।
২০১৯ৰ ডিচেম্বৰত গোচৰ নম্বৰ SLP (Crl) No 1050/2021ৰ অধীনত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হৈছিল। তাৰপাছত অখিলক এনআইএৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।
ইতিমধ্যে এনআইএ-য়ে ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিছে।
বৰ্তমানৰ শাসনাধীষ্ঠ বিজেপি চৰকাৰখনে অখিল গগৈক লৈ ইমান শংকিত কিয়? অখিল গগৈ মুকলি আকাশৰ তললৈ আহিলে বহুকেইগৰাকী শীৰ্ষ বিজেপি নেতাৰ সান্দহ খোৱা বালি তল যোৱাৰ আশংকা কৰা হৈছে।
আনহাতে, অখিল গগৈৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মিত্ৰতাও শেহতীয়াকৈ বিজেপিৰ বাবে নতুন মূৰৰ কামোৰণি হৈ পৰিছে।
সেয়ে, অখিল গগৈৰ মুক্তি বিজেপি চৰকাৰে নিবিচৰাটোৱে স্বাভাৱিক বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।
এতিয়া সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰতে অখিল গগৈৰ মুক্তিৰ বিষয়টো নিৰ্ভৰ কৰিছে।
নুৰুল আমিন সোৱৰণি ট্ৰফি ক্ৰিকেট লীগৰ চূঢ়ান্ত ফাইনেল অহা ১৩ ফেব্ৰুৱাৰীত
মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট গাঁও পঞ্চায়ত এলেকাৰ পুৱ বৰখাঁবল ইলেভেন ক্লাৱৰ উদ্যোগত আয়োজিত প্ৰাইজমানি ও নুৰুল আমিন সোৱৰণি ট্ৰফি ক্ৰিকেট লীগৰ চূঢ়ান্ত ফাইনেলত দলৈচুবা বনাম মৈৰাবাৰী ইলেভেন ষ্টাৰ ক্লাৱৰ মাজত অহা ১৩ ফেব্ৰুৱাৰীত দিনৰ ১ বজাত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিৰ সভাপতি ৰুহুল আমিন , সম্পাদক জেহিৰুল ইছলাম , কাৰ্যকৰী সদস্য ক্ৰমে মকিবুৰ ৰহমান , ইনামূল ইছলাম, কিচমত আলীয়ে জনাইছে । অৱশ্যে লীগৰ দৰ্শকে লোৱা ছিজন টিকটৰ বাবে এণ্ড্ৰয়েট মবাইলৰ ভাগ্য পৰীক্ষা খেলো পুৱাৰ ভাগত অনুষ্ঠিত হব বুলি পৰিচালনা সমিতিয়ে জনাইছে ।
পূৰ্বোত্তৰ বিকাশত আগৰণুৱা হৈছে অসম’-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঢেকিয়াজুলিত এখন জনসভা সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত কেইবাটাও অভিলাসী প্ৰকল্পৰ শুভাৰম্ভণি কৰে। প্ৰধানমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে ৰাজ্য চৰকাৰৰ বহু কেইগৰাকী মন্ত্ৰী বিধায়ক।প্ৰধানমন্ত্ৰীয়ে ভাষণ প্ৰসংগত আজি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অসমীয়া ভাষাতে উপস্থিত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘মই অসমৰ জনতাৰ চৰণত প্ৰণাম জনাইছো। মোৰ মনটো অসমীয়া গৌৰৱৰে ভৰি পৰিছে। পূৰ্বোত্তৰে বিকাশৰ বাবে বহুদিন বাট চাবলগীয়া হ’ল। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত এতিয়া আগবাঢ়িছে পূৰ্বোত্তৰ। অসমৰ বিকাশৰ যাত্ৰাত আজি উল্লেখযোগ্য দিন।পূৰ্বোত্তৰ বিকাশত আগৰণুৱা হৈছে অসম। এই বিশেষ দিনটোত মই আন্তৰিক শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী মোদীয়ে আজি অসম মালা আঁচনি মুকলি কৰি অসমবাসীক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে, যোৱা ৫ বছৰত অসমত নতুনকৈ ৬খন মেডিকেল কলেজ হ’ল। বিশ্বনাথ আৰু চৰাইদেউ মেডিকেল কলেজৰ শিলান্যাস হ’ল। ইয়াৰ ফলত ১৬০০ গৰাকী চিকিৎসক লাভ কৰিব অসমবাসীয়ে।
টীয়কৰ যুৱনেতা অসীম কুমাৰ বৰুৱাৰ মহানুভৱতা
টীয়ক ৰাজহ চক্ৰৰ অধীনৰ জাঁজীমুখৰ ওপৰ শগুণ পৰাত ৪ ফেব্ৰুৱাৰীত বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত অগ্নিকাণ্ড হোৱা পৰিয়ালৰ কাষত টীয়কৰ সমাজ কৰ্মী তথা ৰাজ্যিক বি জে পি দলৰ কাৰ্য নিৰ্বাহক সদস্য অসীম কুমাৰ বৰুৱা উপস্থিত হৈ এককালিন আৰ্থিক সাহায্য আগবঢ়াই ।উলেখযোগ্য যে মিছিং অধ্যুষিত এলেকাৰ প্ৰশান্তু কায়ুং আৰু অন্তৰা কায়ুঙৰ বাসগৃহ সম্পূৰ্ণ ৰূপে জাহ যায় ।তদুপৰি বিদ্যুত বিভাগৰ পৰাও পৰিয়াল কেইটাক সকাহ দিবৰ বাবে কতৃৰ্পক্ষক তেখেতে অৱগত কৰাৰ বিষয়েও জানিবলৈ দিছে । তদুপৰি বানপীড়িত চিন্তামণিগড় জাঁজীমুখঅঞ্চলৰ বহুকেইটা দুখীয়া পৰিয়ালক তেখেতে সাহাস্য প্ৰদান কৰাৰ উপৰি যুৱক সকলৰ উন্নয়নৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি বহুকেইটা আঁচনি গ্ৰহণ কৰাৰ বুলি অৱগত কৰিছে ।
কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি
কোচ ৰাজবংশী সন্মীলনিৰ ৩০ তম্ দ্বি-বাৰ্ষিক অধিৱেশনখনি এইবেলি ২০ আৰু ২১ ফেব্ৰুৱাৰী দুদিনীয়া বৰ্নাধ্য কাৰ্যক্ৰমণিকাৰে ওদালগুৰি জিলাৰ টংলাত অনুষ্টিত হব। যাৰ বাবে এটিয়া প্ৰস্তুতি তুংগত উঠিছে। উক্ত অনুস্থানত ৩৩ খন জিলাৰ প্ৰতিনিধিক আদৰিবলৈ সাজু হৈছে ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনী। দেওবাৰে কোচ ৰাজবংসী সন্মিলনীৰ ৩০ তম্ অধিবেশনৰ প্ৰতিনিধি সভাৰ লাইখুটা স্থাপন কৰে ৩৩নং পানেৰী বিধানসভা সমষ্টিৰ বিধায়ীকা কমলী ৰানী বসুমতাৰীয়ে। উক্ত অনুস্থানত ভেৰগাওঁ জিলা কোচ ৰাজবংসী সন্মিলনীৰ মূখ্য উপদেষ্টা নিলধৰ ডেকা, সভাপতি শিৱৰাম ডেকা, সম্পাদক হেমেশ্বৰ ডেকা ,উপদেষ্টা ললিত চন্দ্ৰ ডেকা, সদৌ কোচ ৰাজবংশী চাত্ৰ সন্থাৰ ওদালগুৰি জিলা পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচ সম্পাদক মকুণ্ড ডেকাকে প্ৰমুখ্য কৰি বিষয় ববিয়া সকল উপস্থিত থাকে।
মাজবাট আৰু ওৰাঙত কেইবাটাও আধাৰশিলা স্থাপন বিধায়ক চৰন বড়োৰ
ওৰাং আৰু মাজবাটত ৩১জানুৱাৰীত বহুকেইখন অভিলাষী আঁচনিৰ আধাৰশিলা স্থাপন কৰে মাজবাটৰ যুৱ বিধায়ক চৰন বড়োয়ে। মাজবাটৰ পলাশবস্তীত মাজবাট আৰু গেলাবিল সংযোগী পথৰ পকী দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে। ওৰাঙটো এচ অ পি ডি আঁচনিৰ অধীনত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পকী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। লগতে ওৰাঙৰ পৰিদৰ্শন বংলাৰ নবীকৰণ কাৰ্য আৰু নতুন কোঠা নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে বিধায়ক চৰন বড়োয়ে। দলং আৰু পকী পথ নিৰ্মাণ কাৰ্যই সমষ্টি বাসীক যোগাযোগৰ ক্ষেত্ৰত সুচল কৰাৰ লগতে সমষ্টি বাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে। মাজবাট সমষ্টিবাসী ৰাইজৰ দুখ দুৰ্দশা আৰু প্ৰতিটো সমস্যা সমাধানৰ ক্ষেত্ৰত সদায় কাম কৰিবলৈ প্ৰস্তুত বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। মাজবাট সমষ্টিৰ উন্নয়ৰ বাবে ৰাইজে মোক নিৰ্বাচিত কৰিছিল আৰু মই উন্নয়ন কাম কৰিবলৈ ৰাইজৰ ওচৰত দায়বদ্ধ বুলি মন্তব্য কৰে বিধায়ক চৰন বড়োয়ে। সমষ্টিটোৰ প্ৰতিটো প্ৰান্ততে উন্নয়নমূলক কাম-কাম কৰি সমষ্টিবাসীক উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়াই নিয়াৰ লক্ষ্য বিধায়ক গৰাকীৰ। আগন্তক দিনত সমষ্টিবাসীৰ সকলো দিশৰ উন্নয়নমূলক কাম কাজ কৰিবলৈ প্ৰস্তুত থকা যুৱ বিধায়ক গৰাকীক লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা। আঁচনি সমূহৰ উন্নয়নমূলক কাম কাজৰ বাবে সমষ্টি বাসীৰাইজ সন্তুষ্ট বিধায়ক গৰাকীক লৈ।
দেৰগাঁৱত বিজেপিৰ ৰণশিঙা, বিশাল পৃষ্ঠা প্ৰমুখ সন্মিলন সম্পন্ন
নিৰ্বাচন সমাগত । তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ।দেৰগাঁৱটো দেখা গৈছে শাসক বিৰোধীৰ নিৰ্বাচনী তৎপৰতা। অৱশ্যে বিৰোধীৰ তুলনাত শাসকীয় দলৰ তৎপৰতা তুংগত ।সমষ্টিটোৰ বিভিন্ন স্থানত সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেটি মজবুত কৰি তুলিছে শাসকীয় দল বিজেপিয়ে ।এই উদ্দেশ্যেই বিজেপিৰ কাকডোঙা, খঙীয়া, ঢেকঢ়গঢ়া ব্লক সমিতি আৰু দেৰগাঁও নগৰ মণ্ডলৰ যৌথ উদ্যোগত দেৰগাঁও সমষ্টিৰ বিজেপিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন খনি দেৰগাঁৱত শনিবাৰে অনুষ্ঠিত হয়।বিজেপি যোৰহাট জিলা সমিতিৰ সভাপতি কামাখ্যা মোহন দাসৰ পৌৰহিত্যত দেৰগাঁৱৰ নেঘেৰিটিং ৰংগমঞ্চৰ প্ৰাংগণত অনুষ্ঠিত হোৱা এই সন্মিলনত আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে ১০০+ মিছনৰ উদেশ্যৰে সমবেত হয় দেৰগাওঁ সমষ্টিৰ সহস্ৰাধিক জনতা । সন্মিলন খনিত বিজেপিৰ অবিচি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতোপন ৰাইদিঙীয়া , চাহ নিগমৰ অধ্যক্ষ অমিয় বৰা , বিজেপিৰ গোলাঘাট জিলা সভাপতি দেৱ প্ৰদীপ বৰা, বিজেপিৰ ৰাজ্যিক নেত্ৰী সুশীলা হাজৰিকা, গোলাঘাট জিলা এছ চি মৰ্চাৰ সভাপতি ৰঞ্জিত দাস সহ বহু কেইজন নেতাই অংশগ্ৰহণ কৰে । সন্মিলনত আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপিৰ জয় ১০০ শতাংশ বুলি মন্তব্য কৰে বিজেপিৰ নেতৃবৃন্দই ।অন্যহাতে এই সভাতে বিজেপিৰ তৃনমূলৰ কৰ্মী সকলে আগন্তুক নিৰ্বাচনত দেৰগাঁও সমষ্টিটো অগপৰ পৰিবৰ্তে বিজেপি দলৰ প্ৰাৰ্থীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ দাবী জনায়।







