Home Blog Page 3133

কামৰূপ মহানগৰৰ নতুন জিলা পৰিবহণ বিষয়া গৌতম দাস

ৰাজ্যৰ কেবাখনো জিলাৰ জিলা পৰিবহন বিষয়াক বদলি কৰা হৈছে। গৌতম দাসক কামৰূপ মহানগৰৰ নতুন পৰিবহণ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ।তাৰোপৰি পূৰ্বৰ কামৰূপৰ জিলাৰ পৰিবহন বিষয়া বাপন কলিতাক বদলি কৰা হৈছে মৰিগাঁৱলৈ। মাজুলীৰ জিলা পৰিবহণ বিষয়া অপূৰ্ব কুমাৰ দাসক বঙাইগাঁৱলৈ বদলি কৰা হৈছে। কাছৰৰ জিলা পৰিবহণ পৰিবহন বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়াক শিৱসাগৰলৈ বদলি কৰা হৈছে। শিৱসাগৰৰ ডিটিঅ’ সঞ্জীৱ হাজৰিকাক ডিব্ৰুগড়লৈ বদলি কৰা হৈছে ।

চাওঁক সবিশেষ তলৰ তালিকাতঃ

বিজেপিত যোগদান বিশ্বজিৎ দৈমাৰী, ইমানুৱেল মুছাহাৰীৰ

আজি  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতি বিজেপি যোগদান কৰে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীয়ে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে দললৈ আদৰণি জনালে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীক।

বিজেপিত যোগদান কৰাৰ পিছতেই আজিৰে পৰা বিজেপিৰ হৈ প্ৰচাৰ চলাব বিশ্বজিৎ দৈমাৰীয়ে বুলি মন্তব্য কৰে দৈমাৰীয়ে।  ‘বিটিএডিৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিপিফে। বিটিএডিৰ ৰাইজে এইবাৰ বিচাৰিছে । তাৰোপৰি ‘হাগ্ৰামাক ছীফ হোৱাৰ প্ৰস্তাৱ মইয়ে দিছিলোঁ’।’এতিয়াও চৰকাৰৰ অংশ বিপিএফ, মিত্ৰতা থাকে নে নাথাকে বিপিএফে সিদ্ধান্ত ল’ব’ -এই মন্তব্য দৈমাৰীৰ।

ইয়াৰ লগে লগে বিশ্বজিৎ দৈমাৰী আৰু ইমানুৱেল মুছাহাৰীৰ যোগদানে বিটিচিত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত কৰিলে।

পুনৰ আছুৰ সভাপতি পদত দীপাংক নাথ

আছুৰ সভাপতি ৰূপে পুনৰ নিৰ্বাচিত হয় দীপাংক নাথ । ইয়াৰোপৰি সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছে শংকৰজ্যোতি বৰুৱা ।ইয়াৰ পূৰ্বে দুলীয়াজানৰ অন্তিম দিনাৰ অধিৱেশনত আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল লুৰিণ জ্যোতি গগৈয়ে । কালি এই ঘোষণা কৰা হয়  দুলীয়াজান ক্লাবত।

দুপৰ নিশা হাস্পতালত উপস্থিত জুবিন গাৰ্গ, কিন্ত কিয় ?

কালিৰে পৰা অসমৰ প্ৰাক্তন মুন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ কোনো উন্নতি নাই । নিশা দুপৰলৈ গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চৌহদত ভিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ সহশ্ৰাধিক গুণমুগ্ধৰ।নিশা প্ৰায় ১ মান বজাত গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত জুবিন গাৰ্গ। সকলো সময়তে চিকিত্‍সকৰ দলে তদাৰক কৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ স্বাস্থ্যৰ।

প্ৰায় একে সময়তে ৰিপুন বৰাও উপস্থিত হয় গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত উপস্থিত । ৰকিবুল হুছেইনো নিশাই উপস্থিত হৈ তৰুণ গগৈৰ স্বাস্থ্যৰ বুজ লয়। সকলোৱে প্ৰাৰ্থনা কৰিছে অতি সোনকালেই সুস্থ হৈ উঠক তৰুণ গগৈ ।

তৰুম গগৈ সন্দৰ্ভত জুবিনে, ‘মই খুব ভাল পাওঁ তেওঁক, মই খুব মৰম কৰোঁ, মই আহিব বিচাৰিছিলো, কোভিডৰ বাবে মই আহিব পৰা নাছিলোঁ, ছাৰ্কিট হাউছত মই শেষৰ বাবে লগ পাইছিলোঁ, একেলগে দুঘণ্টা কটাইছিলোঁ’

পৰ্যটন মানচিত্ৰত নতুনকৈ সংযোজন হ’ল জামুগুৰিহাটৰ পানপুৰঘাট : পৰ্যটকৰ বাবে মুকলি হ’ল পানপুৰ বনাঞ্চল

জামুগুৰিহাট,২১ নৱেম্বৰ : কাজিৰঙা বুলি ক’লে অথবা পৰ্যটনথলী বুলি ক’লে কহঁৰা, বাগৰী এই নাম দুটাই মানুহে শুনিছিল কিন্তু আজি কাজিৰঙাত নতুনকৈ সংযোজন হ’ল পৰ্যটলস্থলী পানপুৰ ৷ য’ত মোৰ পানপুৰক লৈ কৰা সপোন জড়িত হৈ আছিল ৷ ৮৫ চনৰ পিছত আমাৰ চৰকাৰৰ দিনত সপ্তম, অষ্টম আৰু নৱম সংযোজনৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষক মাটি দিয়া হৈছে আৰু সেই মাটিৰ পৰিমাণ অনুপাতত কহঁৰা-বাগৰীতকৈও গুৰুত্বপূৰ্ণ স্থান এই পানপুৰ হ’ব ৷ কাৰণ বৰ্তমান কাজিৰঙাৰ জীৱ-জন্তু এই দিশলৈ বেছিকৈ আহিবলৈ লৈছে ৷ তদুপৰি এই পৰ্যটনস্থলীত জীপ চাফাৰি হাতী চাফাৰীৰ ব্যৱস্থা কৰাত যথেষ্ট সম্ভাৱনা পূৰ্ণ হৈ পৰিল পানপুৰ ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ অসমৰ পৰ্যটন মানচিত্ৰত আজিৰ পৰা নতুনকৈ সংযোজন হোৱা জামুগুৰিহাটৰ পানপুৰঘাটৰ পৰ্যটনস্থলীৰ লগতে জীপ চাফাৰি মুকলি অনুষ্ঠানত মূখ্য অতিথি হিচাপে উপস্থিত থাকি এইদৰে কয় বিধায়ক হাজৰিকাই ৷ পানপুৰ হাইস্কুলৰ প্ৰধান শিক্ষক বিশ্ব হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি অনুষ্ঠানটোত অলপতে কাজিৰঙাৰ নৱম সংযোজনৰ অন্তৰ্ভুক্ত বৃহৎ ভূমিৰাশিৰ মাটিসমুহ কিদৰে সেই অঞ্চলসমুহত চৰকাৰী মাটি বেদখল কৰি অবৈধভাৱে বসবাস কৰা সন্দেহযুক্ত নাগৰিকক প্ৰশাসনৰ জৰিয়তে উচ্ছেদ চলাই বহু বাধাবিঘিনি নেঁওচি মুক্ত কৰিবলগীয়া হৈছিল সেই সময়ৰ ঘটনাসমুহৰো সভাত ৰোমন্থন কৰে বিধায়ক হাজৰিকাই ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ  অন্তৰ্গত পানপুৰ বনাঞ্চলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰখনৰ সঞ্চালক পি শিৱকুমাৰৰ উপস্থিতিত বিধায়ক  পদ্ম হাজৰিকাই আনুষ্ঠানিকভাৱে পৰ্যটনৰ বাবে মুকলি কৰি দিয়াৰ পাছতে শোণিতপুৰ জিলাৰ উপাযুক্ত  মানবেন্দ্ৰ প্ৰতাপ সিং, বিশ্বনাথৰ উপাযুক্ত প্ৰণৱ কুমাৰ শৰ্মা, বিশ্বনাথ বন্য প্ৰাণী সংমণ্ডল প্ৰাধিকাৰি  মুকুট  দাসকে ধৰি সকলোৱে ১১খন জীপ চাফাৰিৰ জৰিয়তে পানপুৰ বনাঞ্চলৰ ভিতৰভাগ পৰিভ্ৰমণ কৰি নৈসৰ্গিক দৃশ্যও উপভোগ কৰে। বৰ্তমান জীপ আৰু হাতী চাফাৰিৰ জৰিয়তে পৰ্যটকে পানপুৰ বনাঞ্চলৰ  ভিতৰত থকা পৃথিৱী বিখ্যাত এশিঙীয়া গড়, হাতী, নল গাহৰি, বাঘকে ধৰি বিভিন্ন প্ৰকাৰৰ হৰিণাৰ লগতে শীতৰ আগমনৰ লগে লগে দেশ বিদেশৰ পৰা উৰি আহি বিল জলাশয়ত আশ্ৰয় লোৱা পৰিভ্ৰমী চৰাই স্বচক্ষে প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিব। উল্লেখ্য যে পৰ্যটকৰ বাবে পানপুৰ বনাঞ্চল মুকলি কৰা অনুষ্ঠানটিত প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰি পাৰিপাৰ্শ্বিকতাৰ হেতু কাম কৰা জামুগুৰিহাটত ৫ টাকৈ সংগঠণক মুঠ ২৫ লাখ টকাৰ চেক প্ৰদান কৰে বিধায়ক হাজৰিকাই ৷

অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্রীয় বৰ্ধিত কাৰ্যনিৰ্বাহক আহ্বান

জামুগুৰিহাট, ২১ নবেম্বৰ: অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাঙ্গীন উন্নয়ন হকে গঠিত অসমীয়া সাহিত্য সন্মিলনীৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অহা ২৯ নৱেম্বৰ, দেওবাৰে পুৱা ১১ বজাত ঐতিহ্যমণ্ডিত তেজপুৰ চহৰৰ উত্তৰ পূব ব্যৱসায়ী সন্থাৰ প্ৰেক্ষাগৃহত আহ্বান কৰা হৈছে। সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই জানিবলৈ দিয়া মতে উক্ত সভাত চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত জামুগুৰিহাটত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱস আৰু মধ্যকালীন অধিবেশনৰ হিচাপ দাখিলৰ লগতে আগন্তুক ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত গোলাঘাট জিলাৰ সহযোগত অসম নগাৰাজ্যৰ সীমান্তৱৰ্তী দৈয়াং শাখা সন্মিলনীৰ আতিথ্যত অনুষ্ঠিতব্য পঞ্চম  দ্বি-বাৰ্ষিক অধিবেশন সম্পর্কে আলোচনা আৰু চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। সভাখনত সমূহ বিষয়ববীয়া, কেন্দ্রীয় কাৰ্যনিৰ্বাহ সদস্য, জিলা আৰু আঞ্চলিকৰ সভাপতি, সম্পাদক আৰু দুয়োখন উদ্ যাপন সমিতিৰ বিষয়ববীয়াসকলক উপস্থিত থাকিবলৈ ইয়াৰ দ্বাৰাই আহ্বান জনাইছে প্ৰধান সম্পাদক মিংকু কলিতাই। উল্লেখ্য যে শোণিতপুৰ জিলা সাহিত্য সন্মিলনীৰ সহযোগত অনুষ্ঠিত হ’বলহীয়া সভাখনতে সন্মিলনীৰ ভৱিষ্যত কাৰ্যপন্থা সম্পর্কে ও বিস্তৃতভাৱে আলোচনা কৰি সন্মিলনীৰ বাৰ্ষিক বঁটাসমূহ প্ৰদানৰ দিন নিৰ্ধাৰণ, আগন্তুক ২০২১-২৩ বৰ্ষৰ বাবে সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া প্ৰমুখ্যে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰাৰো সম্ভাৱনা আছে বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে।

বিলাসীপাৰাত মহিলাৰ মাজত চিলাই মেচিন, ফিল্টাৰ বিতৰণ বিধায়ক অশোক কুমাৰ সিংহীৰ

নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং পূৱ বিধান সভা সমষ্টিৰ দুখীয়া মহিলা সকলোৰ মাজত আজি চিলাই মেচিন, ফিল্টাৰ বিতৰণ কৰে বিজেপি দলৰ কৰ্মৰাজি বিধায়ক অশোক কুমাৰ সিংহীয়ে।

সভা খনত ধুবুৰী জিলা উপায়ুক্ত অনন্ত লাল জ্ঞানী, বিলাসীপাৰা মহকুমাধিপতি মৃদুল যাধৱ ।

পুৰণি শৰাইঘাট দলং দুদিনৰ বাবে বন্ধ থাকিব

মেৰামতিৰ বাবে আজিৰে পৰা দুদিনৰ বাবে বন্ধ থাকিব পুৰণি শৰাইঘাটৰ দলং । এই সিদ্ধান্ত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ । উক্ত বন্ধৰ সময়ছোৱাত নতুন শৰাইঘাট দলঙেৰে যান-বাহন চলাচল কৰিব ।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্য্যই জনোৱা অনুসৰি সোমবাৰে ৰাতিপুৱালৈ চলিব দলং মেৰামতিৰ কাম । প্ৰথম অৱস্থাত পৰীক্ষামূলকভাৱে দলংখন মেৰামতি কৰা হ’ব। পৰীক্ষামূলক মেৰামতি ফলপ্ৰসু হ’লে পৰৱৰ্তী সময়ত দলং মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব ৰে’লৱে বিভাগে।

গুৱাহাটীত GMC এ ফিজ ফিক্সড কৰিলে পাৰ্কিংৰ

এতিয়াৰে পৰা এজেণ্টে মন গ’লেই বৃদ্ধি কৰিব নোৱাৰিব গুৱাহাটীৰ পাৰ্কিং ফিজ। পূৰ্বতে একাংশ অসাধু এজেণ্টে মন গ’লেই বৃদ্ধি কৰিছিল পাৰ্কিং ফিজ । যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল মহানগৰবাসী। এই সমূহ আঁসোৱাহৰ পৰা মহানগৰবাসীক সকাহ দিবলৈ গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যনে নিৰ্ধাৰণ কৰিলে পাৰ্কিং ফিজ। দুচকীয়া বাহন, গাড়ী আৰু ট্ৰাকৰ বাবে পাৰ্কিং ফিজ ফিক্সড কৰা হৈছে। লগতে জি এম চিয়ে অসাধু এজেণ্টৰ পৰা আঁতৰি থাকিবলৈ মহানগৰবাসীক আহ্বান জনাইছে ।

কোন বাহনৰ কিমান পাৰ্কিং ৰেট ?

দুঘণ্টাৰ বাবে দুচকীয়া বাহন পাৰ্ক কৰিলে ৫ টকা। দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব পাঁচ টকাকৈ।

দুঘণ্টাৰ বাবে চাৰিচকীয়া বাহন পাৰ্ক কৰিলে ১০ টকা। দুঘণ্টা পাৰ হোৱাৰ পিছত প্ৰতি ঘণ্টাত ভৰিব লাগিব দহ টকাকৈ।

ট্ৰাকৰ প্ৰাকিং ৰেট ২০ টকা ।

জি এম চিয়ে বান্ধি দিয়া নিয়ম অমান্য কৰিলে কমপ্লেইন দিয়াৰো সুবিধা প্ৰদান কৰিছে। সেইদৰে যিকোনো তথ্যৰ বাবে জি এম চিৰ কণ্ট্ৰ’ল ৰুমৰ 8811007000, 7399003001, 7399003002, 7399003003, 739900300 নম্বৰত যোগাযোগ কৰিব পাৰিব।

মাজুলীৰ বিজেপি কাৰ্যালয়ত সংবাদ মেল : যোৰহাট-মাজুলী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষনাত মাজুলীত আনন্দ-উল্লাস

উজনি-মাজুলী, ২১ নৱেম্বৰঃ যোৰহাটৰ পৰা মাজুলী সংযোগী পথচোৱাক নতুন ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে কেন্দ্ৰীয় চৰকাৰে ১৭ নৱেম্বৰত আনুষ্ঠানিক ভাবে অধিশোচনা কৰাত যোৰহাটৰ  ৭১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সংযোগস্থলীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটত সমাপ্ত হ’ব লগা পথচোৱাকো ৭১৫ নং নতুন ৰাষ্টীয় ঘাইপথ হিচাপে ঘোষণা কৰাত দ্বীপ  জিলা মাজুলীত আনন্দৰ উল্লাস উৎভাসিত হৈছে। সেই উদ্দেশে শুকুৰবাৰে বিয়লি ৩ বজাত মাজুলী জিলাৰ বিজেপি কাৰ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি জিলা বিজেপি সভাপতি লোকনাথ কুটুম আৰু সাধাৰণ সম্পাদক দেৱব্ৰত দত্ত , বিজেপি ৰাজ্যিক মেডিয়া কোষৰ আহ্ব্যায়ক মনোজ বৰাই কয়, কেন্দ্ৰীয় চৰকাৰে মাজুলী আৰু যোৰহাট সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিত্যত মাজুলীৰ উন্নত যাতায়ত ব্যৱস্থাৰ জড়িয়তে এক যুগান্তকাৰী পৰিবৰ্তনৰ সুচনা হ’ব। এই ক্ষেত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাষ্ট্ৰীয় ঘাইপথ ৰাজমাৰ্ক মন্তালয়ৰ মন্ত্ৰী জয়ৰাম নিতিন গাডকাৰী, অসমৰ মুখ্যমন্ত্ৰী তথা মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱাল , ৰাজ্যিক পথ পৰিৱহণ মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাক মাজুলীবাসীৰ হৈ আন্তৰিক ধন্যবাদ জনায়। ইয়াৰ পিছতে বিপুল সংখ্যক বিজেপি সমৰ্থকে বিজেপি জিলা কাৰ্যালয় সন্মুখত ফটকা , ফুলজাৰী আদি ফুটাই ভাৰত চৰকাৰ জিন্দাবাদ অসম চৰকাৰ জিন্দাবাদ , ভাৰত মাতাকী জয় আদি জয় ধ্বনিৰে আনন্দ উল্লাস কৰে।