চৰকাৰে ISROএ বিকশাই তােলা প্রযুক্তিসমূহ ব্যৱসায়িক ব্যৱহাৰৰ বাবে এক প্রযুক্তি হস্তান্তৰকৰণ প্ৰক্ৰিয়াৰ আন্তঃগাঠনি তৈয়াৰ কৰিছে । পৰমাণু শক্তি আৰু মহাকাশ বিভাগৰ কেন্দ্রীয় ৰাজ্য মন্ত্রী জিতেন্দ্র সিংএ কয় যে প্রায় ৩৬৩টা প্রযুক্তি ২৩৫টাতকৈও অধিক উদ্যোগলৈ হস্তান্তৰিত কৰা হৈছে ।
লগতে মন্ত্ৰী গৰাকীয়ে কয় যে চৰকাৰে ভাৰতীয় মহাকাশ সংস্থাই ব্যক্তিগত পর্যায়ত মহাকাশ সম্পর্কীয় কাম-কাজৰ অগ্ৰগতিৰ বাবে ৰাষ্ট্ৰীয় পর্যায়ত এটি Atonomus Nodal Agency গঠন কৰিছে ।
ড০ সিঙে আৰু কয় যে প্রথম মানৱীয় মিছন গংগাযান দুখনকৈ মানৱবিহীন বিমানত অৱতৰণ কৰােৱা হ’ব ।
আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ শিক্ষাবিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সংবাদমেলত শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকৰণৰ লগতে বিভিন্ন পৰ্যায়ত অভিলেখসংখ্যক শিক্ষক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।
৫ ফেব্ৰুৱাৰীত সৰুসজাইত বৃহৎ নিযুক্তি সমাৱেশ অনুষ্ঠিত কৰি অভিলেখসংখ্যক ২৯,৭০০ গৰাকী শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা ৰাজ্য চৰকাৰৰ। এই সকলৰ ভিতৰত নতুনকৈ নিযুক্তি দিয়া হ’ব ১৩২১৭ গৰাকী শিক্ষকক। নিযুক্তি দিয়া সকলৰ ৪,৪৯৩ গৰাকী হ’ব প্ৰাথমিক টেট শিক্ষক আৰু ২১৩৯ গৰাকী উচ্চ মাধ্যমিক টেট শিক্ষক। নতুনকৈ নিযুক্তিপ্ৰাপ্ত শিক্ষকৰ তালিকা প্ৰকাশ কৰা হ’ব ৪ ফেব্ৰুৱাৰীত ।
কেৱল সেয়াই নহয় মহাবিদ্যালয় প্ৰাদেশীকৰণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। মুঠ ৩৩ খন মহাবিদ্যালয় প্ৰাদেশীকৰণ কৰাৰ ফলত ৬৯৩ গৰাকী অধ্যাপক উপকৃত হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। আনহাতে ২৬৬খন উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাদেশীকৰণৰ কথা ঘোষণা কৰা হয় সংবাদমেলত। পূৰ্বে প্ৰাদেশীকৰণ হোৱা বিদ্যালয়ৰ ৪,৯৯৬জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হ’ব বুলিও মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেলত শিক্ষকৰ বাবে আন এক বিশেষ সুবিধাৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষকসকলে ১০ দিন চাকৰি কৰি অৱসৰ ল’লেও গ্ৰেচুইটি দিয়াৰ লগতে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ১০ লাখ টকা দিয়া হ’ব বুলিও উল্লেখ মন্ত্ৰীগৰাকীৰ। লগতে নিযুক্তিৰ ১২ বছৰলৈ শিক্ষকসকলে বিদ্যালয় বদলি কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।