Home Blog Page 3139

বিহাৰৰ নিৰ্বাচনৰ শেহতীয়া ফলাফল

Bihar election results 2020 live updates: বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতিৰ সঘন পট পৰিবৰ্তন। বিহাৰত এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা।

Bihar
Result Status
Status Known For 242 out of 243 Constituencies
PartyWonLeadingTotal
All India Majlis-E-Ittehadul Muslimeen033
Bahujan Samaj Party011
Bharatiya Janata Party07373
Communist Party of India033
Communist Party of India (Marxist)022
Communist Party of India (Marxist-Leninist) (Liberation)01414
Independent066
Indian National Congress02121
Janata Dal (United)04747
Lok Jan Shakti Party055
Rashtriya Janata Dal06060
Vikassheel Insaan Party077
Total0242242
ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্য অনুসৰি

বিহাৰৰ নিৰ্বাচনৰ ফলাফল

Bihar election results 2020 live updates:

বিহাৰৰ নিৰ্বাচনৰ ফলাফলৰ পৰিস্থিতিৰ সঘন পট পৰিবৰ্তন। বিহাৰত এনডিএ আৰু মহাজোঁটবন্ধনৰ মাজত তীব্ৰ প্ৰতিন্দন্দ্বিতা।

নগাঁৱত ৰাষ্ট্ৰীয় আইন সেৱা দিৱস উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ উদ্যোগত আৰু নগাঁও আইন মহাবিদ্যালয়ৰ সহযোগত আজি ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি নগাঁৱত উদযাপন কৰা হয়৷ প্ৰতি বছৰে ৯ নৱেম্বৰ দিনটোত ৰাষ্ট্ৰীয় আইন সেৱা দিৱসটি উদযাপন কৰি অহা হৈছে৷ ৰাষ্ট্ৰীয় আইন সেৱা দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে  ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধীকৰণৰ তৰফৰ পৰা শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধীকাৰী, শ্ৰেষ্ঠ অৰ্ধআইনী সহায়ক, শ্ৰেষ্ঠ পেনেল অধিবক্তা আদিৰ বাবে আগবঢ়োৱা হৈ আহিছে একোটিকৈ শ্ৰেষ্ঠত্ব বঁটা৷

বিগত বৰ্ষত নগাঁও জিলাই লাভ কৰি শ্ৰেষ্ঠ জিলা আইন সেৱা প্ৰাধীকাৰীৰ বঁটা৷ সাম্প্ৰতিক সময়ত জনগণৰ মাজত আইন সেৱাৰ জৰিয়তে জাগৰণ সৃষ্টি কৰাৰ লগতে সমাজৰ দৰিদ, নিচলা, নিস্পেষিত, দুৰ্বল শ্ৰেণীৰ লোক সকলক বিনামূলীয়া আইনী সহায় আৰু পৰামৰ্শ প্ৰদান কৰা,যাতে সকলোৰে বাবে নিশ্চিত হয়৷

উক্ত দিৱসৰ লগত সংগতি ৰাখি আজি নগাঁও আইন মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে নগাঁও মহাবিদ্যালয়ৰ সমীপত আইন সেৱা প্ৰাধীকাৰীৰ বিভিন্ন কৰ্মৰাজীৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰে৷ আজিৰ এই দিৱসৰ লগত সংগতি ৰাখি প্ৰচাৰ ভাৰতী নগাঁও কেন্দ্ৰৰ জৰিয়তে এটি অনুষ্ঠান সম্প্ৰচাৰ কৰা হয়৷ অনুষ্ঠানটি আতঁধৰে পেনেল অধিবক্তা মুকুল প্ৰসাদ বৰঠাকুৰে৷ অনুষ্ঠানত আইন সেৱা প্ৰাধীকাৰিৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে৷

ভকত শিৰোমণি শ্ৰীশ্ৰী হৰেকৃষ্ণ মহন্তলৈ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষ বঁ‌টা

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ জীৱনৰ অপৰাহ্ণ পৰত মই আজি পোৱা এই বিশেষ সন্মানে মোক অভিভূত কৰি তুলিলে; নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে সত্ৰ প্ৰতিষ্ঠা কৰি সমাজ সংস্কাৰৰ নিমিত্তে জীৱনটো উছৰ্গা কৰি আজি মই বহু সন্মান পালোঁ‌;এই অভাজনক মৰম-চেনেহৰ ওপচাই দিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ আদৰ্শক আখৰে আখৰে পালন কৰি আমি প্ৰতিষ্ঠা কৰা সত্ৰই যেন এক স্বীকৃতি পালে।’–ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বাপ আতাই প্ৰয়াত অনিল বৰঠাকুৰ সমাজ প্ৰভাকৰ উত্তৰ পুৰুষ বঁ‌টা-২০২০ গ্ৰহণ কৰি এইদৰে কয়। উল্লেখ্য যে যোৱা ৮ নৱেম্বৰ তাৰিখ দেওবাৰে ওদালগুৰি জিলাৰ বৰঙাজুলি সত্ৰত “উত্তৰ পুৰুষৰ মঞ্চ” অসমৰ উদ্যোগত এই বঁ‌টা প্ৰদান কৰা হয়।

৩৩ খনকৈ সত্ৰ স্থাপন কৰা ৯৭ বছৰীয়া শ্ৰদ্ধাৰ সত্ৰাধিকাৰ মহন্তদেৱক এই বঁ‌টাত ফুলাম গামোচা, এখন চেলেং চাদৰ, এটি বকুল গছৰ পুলি, নগদ দহ হেজাৰ টকা, এখন সম্বৰ্ধনা পত্ৰ, এটি স্মাৰক, এটি মঞ্চৰ পৰা প্ৰকাশিত কিতাপৰ টোপোলা,স্মৃতিগ্ৰন্থ উত্তৰ পুৰুষ,এটি শৰাই,ফুলাম জাপি,মঞ্চৰ অংগ বস্ত্ৰ,পান তামোল  আদি আগবঢ়োৱা হয়। ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই গছপুলি  ৰোপণেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত বিশিষ্ট সাহিত্যিক,প্ৰাক্তন উপায়ুক্ত থানেশ্বৰ মালাকাৰ,সাংস্কৃতিক কৰ্মী লেখক গোপাল জালানেও গছপুলি ৰুই সেউজী ধৰণী ধুনীয়া কৰিবলৈ সংকল্পবদ্ধ  হয়। সংকল্প পাঠ কৰাই মঞ্চৰ কাৰ্য্যকৰী সভাপতি ৰীনা বুঢ়াগোঁ‌হাই বৰুৱাই।”আমাক হেজাৰখন হাত লাগে,যাৰ মন এটাই” শীৰ্ষক আপ্তবাক্যৰে জনমানসত অনেক দৃষ্টান্তমূলক কামৰ বৰঙনি আগবঢ়োৱা উত্তৰ পুৰুষৰ মঞ্চৰ মুখ্য সম্পাদক তথা বিশিষ্ট নিবন্ধকাৰ কবি দিবাকৰ ৰেণুৱে মংগলাচৰণ ধ্বনি কৰা অনুষ্ঠানটোত প্ৰয়াত অনিল বৰঠাকুৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন,পুষ্প মাল্যাৰ্পণ কৰে তেখেতৰ সহধৰ্মিনী দীপামণি বৰঠাকুৰে।

উত্তৰ পুৰুষৰ মঞ্চৰ যুটীয়া সাধাৰণ গৌতম হালৈয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা,আন এগৰাকী সাধাৰণ সম্পাদক স্পন্দন পলাশে গুৰু বন্দনা কৰা অনুষ্ঠানটোত ওদালগুৰি জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া কয়-‘ সঁ‌চাকৈয়ে আজিৰ অনুষ্ঠানটোৰ মহত্ত্বই বেলেগ,এটা বৰ সুন্দৰ অনুষ্ঠানৰ ভাগ্যক্ৰমে আজি সাক্ষী হৈ ৰ’লোঁ‌; এনে  পূৰোধা ব্যক্তি সঁ‌চাকৈয়ে সন্মান পোৱাৰ যোগ্য।বাপ হৰেকৃষ্ণ মহন্ত আতাইয়ো  যথেষ্ট কষ্ট, ত্যাগ স্বীকাৰ কৰিলৈ সমাজ সংস্কাৰৰ কৰিলে। মঞ্চৰ অন্যতম সদস্য নব ডেকাই বৰগীত পৰিৱেশন কৰা অনুষ্ঠানটোত নিৰঞ্জন বড়ো, জ্যোতিপ্ৰসাদ বৰুৱা, উমেশ চন্দ্ৰ ৰাভা, অনিৰূদ্ধ ভৰালী, উদয় চন্দ্ৰ বৰুৱা,গুৰু প্ৰসাদ বায়ন,দ্বীপেন ডেকা, ধীৰেন মহলীয়া, দীপক ডেকা, গণেশ ডেকা, মুকেশ  ডেকাকে ধৰি আন বহু জনকো মঞ্চৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয় সোণসেৰীয়া অনুষ্ঠানটোত। উত্তৰ পুৰুষৰ মঞ্চৰ শীৰ্ষক সংগীতেৰে সকলো সদস্যই পৰিৱেশন কৰা অনুষ্ঠানটোত এক মিনিট সময় অতিমাৰী ক’ৰোনাত এই ধৰা ধামৰ পৰা বিদায় লোৱা লোক সকলৰ স্মৃতিত বিদেহ আত্মাক সুঁ‌ৱৰি মৌনতা অৱলম্বন কৰা হয়। উত্তৰ পুৰুষৰ মঞ্চৰ পঞ্জীয়ন কমিটিৰ সভানেত্ৰী ড°অনিমা বৰা, ববিতা বৈশ্য লহকৰ,ডা°বিজুজ জাহান চালেহা বেগম উপস্থিত থকা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়াই বিশিষ্টা লেখিকা তথা মঞ্চৰ কাৰ্য্যকৰী সভাপতি ৰীনা বুঢ়াগোঁ‌হাই বৰুৱাই।মঞ্চৰ জন্মদাতা তথা লাই খুটা স্বৰূপ দিবাকৰ ৰেণুৱে যুগুতাই অনা প্ৰয়াত অনা প্ৰয়াত অনিল বৰঠাকুৰদেৱৰ জীৱন পৰিক্ৰমা লিখিত ৰূপত পাঠ কৰে মঞ্চৰ সাহিত্য সম্পাদক হৰেকৃষ্ণ হালৈয়ে।

ক’ভিড প্ৰট’কলৰ মাজতো প্ৰায় অৰ্ধশতকতকৈ অধিক জনাকীৰ্ণ সভাখনত উত্তৰ পুৰুষৰ মঞ্চৰ প্ৰচাৰ সম্পাদক প্ৰনৱ কলিতা, মনু দেৱী, অনাতাৰ শিল্পী শিখামণি দত্ত, সদস্য দীপক ডে, দুই  কিশোৰ ক্ৰমে অহিৰণ অন্তৰীপ, দীপাংশু প্ৰিয়ম, শিৱন্যা, ডিম্পী নাথ, কবিতা ডি ৰেণু, আদি বহুতো উত্তৰ পুৰুষৰ বিষয়ববীয়া তথা সদস্য উপস্থিত থাকে। মঞ্চৰ অন্যতম সাহিত্য সম্পাদক তথা জোনাক মাহেকীয়া আলোচনীৰ  মুখ্য সম্পাদক কবি পুলকেশ ৰায় বৰুৱাই আঁ‌ত ধৰা এই মনোজ্ঞ অনুষ্ঠানটো অসম সংগীত পৰিৱেশনেৰে সামৰণি মৰা হয়। বৰঙাজুলি অঞ্চলৰেই নহয়, অসমৰ বৈষ্ণৱ সংস্কৃতিৰ এক অন্যতম পিতামহ ভকত শিৰোমণি শ্ৰীশ্ৰীহৰেকৃষ্ণ মহন্ত আতাক প্ৰয়াত অনিল বৰঠাকুৰ বঁ‌টাৰে সন্মান জনোৱা উত্তৰ পুৰুষৰ মঞ্চৰ দৃষ্টান্তমূলক কাৰ্য্যক সৰ্বস্তৰৰ ৰাইজে সাধুবাদ দিছে।

শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত ১৫ লক্ষাধিক টকাৰ গাঞ্জা জব্দ

দৈনন্দিন বাৰ্তাৰ সেৱা, ডিব্ৰুগড়, ৯ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষীয়ে আজি এজন কম্পাউণ্ডাৰক গ্ৰেপ্তাৰ কৰে৷ মটক চাহ বাগিচা চিকিৎসালয়ত চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ কম্পাউণ্ডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লাহোৱাল আৰক্ষী। গৌতম মিত্ৰ নামৰ কম্পাউণ্ডাৰ জনক গ্ৰেপ্তাৰ কৰে।

মটক চাহ বাগিচাৰ জংঘল তলিৰ পূৰৱ মূড়া নামৰ দুই মহীয়া এটি শিশুৰ মৃত্যু হৈছিল। পাপু মূড়া আৰু নীহা মূড়া নামৰ দম্পত্তী হালৰ কণমানি পুত্ৰক কম্পাউণ্ডাৰ জনে চিকিৎসকৰ ভূমিকাত অৱতীৰ্ণ হৈ ভুল চিকিৎসা কৰাৰ ফলতেই মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছিল। শিশুৰ মৃত্যুৰ পিছৰে পৰা বাগিচা খনত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে। এজাহাৰৰ ভিত্তিত আজি গ্ৰেপ্তাৰ কৰে স্বয়ম্ভু চিকিৎসক গৌতম মিত্ৰক।

শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকাৰ শপত গ্ৰহণ

দৈনন্দিন বাৰ্তাৰ সেৱা, গুৱাহাটী, ৯ নৱেম্বৰঃ ৰাজ্য চৰকাৰৰ ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনষ্ঠ তথা নতুনকৈ গঠন কৰা শৰণীয়া কছাৰী উন্নয়ন পৰিষদে ৭ নবেম্বৰত ভৈয়াম জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত বিভাগৰ অধ্যক্ষৰ উপস্থিতিত উন্নয়ন পৰিষদৰ অধ্যক্ষ হিতেশ ডেকা, উপাধ্যক্ষ কুমুদ দাস, সদস্য পৰীক্ষিত ৰঞ্জন শৰণীয়া, অৰুণ শৰণীয়া, হেমন্ত ডেকা, শমীন শৰণীয়া, ৰাজীৱ দাস, গৰিমা ডেকা, বীৰেন ডেকা, প্ৰদীপ ডেকা, ভূপেন দাস, সীমান্ত ডেকা, সঞ্জয় দাস, স্মিতা ডেকা, নীলমণি ডেকা, সুনিল শৰণীয়া, বিপুল শৰণীয়া, লাচিত চন্দ্ৰ দাস, বলোৰাম ডেকা, ভূপেন দাসকে ধৰি ২৩ গৰাকীয়ে শপত গ্ৰহণ কৰে।

নৱগঠিত পৰিষদলৈ আশাবাদী শৰণীয়া কছাৰী ৰাইজ। সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ ডেকা শৰণীয়া, সাধাৰণ সম্পাদক দীপজোতি শৰণীয়া ধন্যবাদ জনায় পৰিষদ খনক তেওঁলোকৰ দৃষ্টিৰে গঠন কৰাত সন্তোষ প্ৰকাশ জনগোষ্ঠীৰ সচেতন নাগৰিকৰ ইয়াৰ উপৰিও অধ্যক্ষ, উপাধ্যক্ষ, সদস্য সকলক বাচনিৰ বাবেও এক উল্লেখনীয় বুলি এক নতুন মাত্ৰা দিব পাৰিব বুলিও আশা কৰে।

ৰাইজৰ দলৰ ব্যাপক তৎপৰতা, দলগাও সমষ্টিৰ আহ্বায়ক সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, খাৰুপেটিয়া, ৯ নৱেম্বৰঃ ঐক্য, আপোচহীন, প্ৰগতিশীল, জাতীয়তাবাদী চিন্তাধাৰাৰে গঠন হোৱা  “ৰাইজৰ দল”ৰ দলগাও সমষ্টি আহ্বায়ক সমিতি গঠনাৰ্থে দেওবাৰে কল্যাণ গাও পঞ্চায়তৰ  সভা কক্ষত  অনুষ্ঠিত হয় এখনি সভা৷ উক্ত সভাত সভাপতিত্ব কৰে জিলা মূখ্য আহব্বায়ক তথা  দলগাঁৱৰ সমাজকৰ্মী,শিল্পী ক্ষীৰোধ শইকীয়াই৷ সভাত ভাষণ প্ৰদান কৰে দলৰ অৱসৰ প্ৰাপ্ত শিক্ষক  মুক্তাৰুল ইচলাম, দলৰ জিলা আহ্বায়ক বীৰেণ শৰ্মা, জিলা পৰ্যবেক্ষক আব্দুল হালিম, আৰৱ আলী, ৰাজ্যিক পৰ্যবেক্ষক ছাদ্দাম হুছেনে,ৰাজ্যিক আহ্বায়ক আজমল হুছেইন, আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক মুকুট ডেকাই৷

ৰাইজৰ দলৰ দৰং জিলা সমিতিৰ মূখ্য আহ্বায়ক  ক্ৰমে  বীৰেন শৰ্মা,  ছাদ্দাম হুছেইন,  ক্ষিৰোদ শইকীয়া, আব্দুল হালিম  আৰু  আৰৱ আলীৰ আহ্বানত অনুষ্ঠিত সভাখনত দুই শতাধিক ৰাইজৰ লগতে  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক  মুকুট ডেকাৰ উপস্থিতিত আঞ্চলিক দলটোৰ দলগাও সমষ্টি আহ্বায়ক সমিতিখন গঠন কৰা হয়৷ ৰাইজৰ দলৰ ৰাজ্যিক পৰ্যবেক্ষক ছাদ্দাম হুছেইনে ভাষণ সন্দৰ্ভত কয় যে,অসমত শাসন চলোৱা  দলে কেৱল বিদেশী, বাংলাদেশীৰ কথা কৈ ৰাজনীতি কৰি আহিছে৷ সমাধানৰ বিপৰীতে  সমস্যাটো  জীয়াই ৰাখি নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যবহাৰ কৰে৷ৰাইজৰ সমস্যা, কৃষকৰ মাটি বাৰীৰ সমস্যা সমস্যা হৈয়ে থাকিল৷

সেয়ে ৰাইজে ৰাইজৰ দলৰ চৰকাৰ কৰি মূল সমস্যা সমুহ সমাধান কৰিব লাগিব৷ অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত কংগ্ৰেছ,বিজেপি এ আই ইউ ডি এফ ইত্যাদি ৰাজনৈতিক দলবোৰ থকাৰ পিছতো কিয় ৰাইজৰ দল নামৰ আন এটা ৰাজনৈতিক দল গঠন কৰিব লগা হল? কাৰণ স্বাধীনতাৰ ৭০ বছৰ অতিক্ৰম হল কিন্তু এই ৰাজনৈতিক দল বোৰে অসমৰ কোনো এটা সমস্যাই স্থায়ীভাৱে সমাধান কৰিব নোৱাৰিলে। বানপানীৰ সমস্যাৰ পৰা আৰম্ভ কৰি বিদেশী সমস্যালৈকে সকলো ধৰণৰ সমস্যা জীয়াই ৰাখি অসমৰ ৰাইজৰ আৱেগক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে। মানুহৰ অৰ্থনৈতিক অধিকাৰ হেৰুৱাব লগীয়া হৈছে। দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰে অসমৰ ওপৰত দমননীতি চলাই আহিছে। কেন্দ্ৰই অসমৰ সম্পদ লুণ্ঠন কৰি আহিছে।

কিন্তু কেন্দ্ৰৰ এই দাদাগিৰীৰ বিৰুদ্ধে কোনো এটা ৰাজনৈতিক দল আৰু কোনো নেতাই মাত মাতিব পৰা নাই। কাৰণ ৰাষ্ট্ৰীয় দলৰ নেতৃত্বত হোৱা অসমৰ চৰকাৰ আৰু নেতা কেৱল নিজৰ গাদী ৰক্ষাৰ যুজঁত অৱতীৰ্ণ হৈ সাধাৰণ ৰাইজৰ দুখৰ কথা পাহৰি যায়। অসমৰ তেল,চাহপাত, কয়লা ইত্যাদি সম্পদবোৰ কেন্দ্ৰীয় চৰকাৰে কবজা কৰি তাৰ পৰা অসমে মাত্ৰ ১০ শতাংশ হে ৰয়েল্টী পায়। অসমে ইয়াৰ পৰা ৫০ শতাংশ ৰয়েল্টী পাব লাগিব।

কেন্দ্ৰৰ পৰা ৫০ শতাংশ ৰয়েল্টী আৰু অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্য্যদাৰ দাবী কেন্দ্ৰৰ ওচৰত সৱল বাবে উৎত্থাপন কৰিব পৰা একমাত্ৰ নেতাজন অখিল গগৈ। অসমৰ প্ৰত‍্যেকজন কৃষকে চৰকাৰী আচনিৰ জৰিয়তে খেতি কৰাৰ অধিকাৰ পাব লাগিব। ভূমিহীন কৃষকক ভূমি প্ৰদান কৰিব লাগিব।অসমত দীৰ্ঘদিন ধৰি চলি থকা বানপানী আৰু নাগৰিকত্বৰ সমস্যাৰ স্থায়ী সমাধান কৰাই হব ৰাইজৰ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য।

ৰঙাচকুৱাৰ জেষ্ঠ সমাজকৰ্মী, শিক্ষক ৰাজীৱ শৰ্মাৰ শিক্ষাৰ্থীৰ মাজত বিনামুলীয়াকৈ মাক্স বিতৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, ইটাখোলা, ৯ নৱেম্বৰঃ শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰিস্থিত ৰঙাচকুৱা অঞ্চলৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীব শৰ্মাই চৰকাৰে নিৰ্ধাৰিত নিয়ম অনুসৰি ক’ভিড পটৰ্কল মানি চলি বিদ্যালয়সমুহ খোলাৰ সময়তে ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে ৰঙাচকুৱা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰায় দুশৰো অধিক শিক্ষাৰ্থীক সম্পূৰ্ণ বিনামুলীয়াকৈ মাক্স বিতৰণ কৰাৰ পদক্ষেপ সচাঁই প্ৰশংসনীয়।

ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক অঞ্জন বৰা, নাৰায়ন পখ্ৰেল, ৰাজেন শৰ্মাৰ তত্বাৱধানত অঞ্চলটিৰ জেষ্ঠ সমাজকৰ্মী তথা শিক্ষক ৰাজীৱ শৰ্মাই মেডিকেল যুক্ত তিনিতৰপীয়া মাক্স সমুহ প্ৰদান কৰে। ৰাজীৱ শৰ্মাই জানিবলৈ দিয়া অনুসৰি দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীসকল মাক্স নোহোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিব পৰা নাই।

ছাত্ৰ-ছাত্ৰী সকলে বৰ্তমানে নিয়মীত বিদ্যালয়ত উপস্থিত হৈ বৰ্ষটিত হোৱা শৈক্ষিক ক্ষতি পূৰণত সহায়ক হোৱাৰ বাবে তেখেতৰ এই পদক্ষেপ বুলি কয়। তেওঁৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰে।

স্বেচ্ছাসেৱী সংগঠন ৰবিনহুড আৰ্মিৰ আৰ্তজনক সহায়

দৈনন্দিন বাৰ্তাৰ সেৱা, মোৰাঝাৰ, ৯ নৱেম্বৰঃ ৰবিনহুড আৰ্মি  এটি স্বেচ্ছাসেৱক সংগঠন, যিয়ে অভাৱগ্রস্ত দৰিদ্ৰ লোকক সেৱা আগবঢ়াবলৈ এমুঠি অন্ন যোগান ধৰাৰ কাম কৰে। এই সংস্থাই ৰেস্তোৰা আদি ভোজনালয়ৰ অবশিষ্ট খাদ্য সামগ্ৰীৰ অপব্যৱহাৰ হ’বলৈ দিয়াৰ বিপৰীতে দৰিদ্ৰ সকলৰ মুখত তুলি দিয়াৰ কাম কৰি আহিছে৷ সঁচা অর্থত সহজ, বিশ্যব্যাপী ক্ষুধাক পৰাজয় কৰা আৰু খাদ্য দানক এক মাধ্যম ৰুপে ব্যবহাৰ কৰি উত্তম মানবীয়তাক প্রকাশ কৰা। স্বেচ্ছাসেৱক সংগঠনৰ ধাৰণাটো হল গোটেই বিশ্ব জুৰি স্বাৱলম্বী অধ্যায় বোৰ স্থাপন কৰা আৰু নিজ নিজ স্থানীয় লোকৰ চোৱা চিতা কৰা লগতে আমাৰ চাৰিওফালে থকা লোকসকলক অভাৱগ্রস্ত লোকসকলৰ  সহায় কৰিবলৈ অনুপ্ৰাণিত কৰা। সংস্থাটো ক্ষুধার্ত দেশবাসীক সেৱা আগবঢ়াবলৈ স্থাপন কৰা হৈছিল। ইয়াৰ স্থাপন হৈছিল  ২০১৪ চনৰ ২৬ আগষ্টত। বৰ্তমানলৈকে এই সংস্থাই গোটেই বিশ্ব জুৰি ২০০ তকৈও বেছি দেশত ১৪,৫৩৫ জনৰো অধিক স্বেচ্ছাসেৱকৰ সৈতে কাম কৰি আছে আৰু  ৬৩,৬১৬,৯৬৯ জনৰো অধিক লোকক খাদ্য যোগান ধৰিছে। হোজাই জিলাত  ২০২০ চনৰ ২ আগষ্টত স্থাপিত হৈছে। ইয়াত আনৰ ওঠত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে।

বৰ্তমানলৈকে  সুভাষ নগৰ, বিহুতুলি, হোজাই ৰেল ষ্টেচন, ৰামপুৰ বস্তি, ফুটপাথ আদি ঠাইলৈ গৈ চাউল, ডাইল, শাক পাচলি, ৰুটি, বিস্কুট, কেক আদিৰে প্রায় ১,৪৮০ ৰো অধিক লোকক খাদ্য যোগান ধৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগতে স্বাস্থ্য সচেতনতা যাত্ৰা কৰি দৰিদ্র আৰু অশিক্ষিত লোকক সাম্প্ৰতিক মহামাৰী কোৰোনাৰ সম্পর্কে অৱগত কৰাই ইয়াৰ বিৰুদ্ধে লবলগা পদক্ষেপ বোৰ বুজোৱা, আৰু স্বাস্থ্য সম্বন্ধীয় কিছুমান সামগ্রী যেনে ঔষধ, পাট্টী, মাস্ক, ডেটল আদি বিতৰণ কৰা দেখা গৈছে। মানুহৰ লগতে জীৱ জন্তু, পৰিবেশ আদিৰ প্ৰতিও সচেতন ৰবিনহুড আৰ্মি। বৰ্তমানলৈকে  ফুড ড্রাইভ, স্যনিটাইজেশন ড্রাইভ, প্লন্টেশন ড্রাইভ আৰু এনিম্যাল ড্রাইভ পৰিচালনা কৰিছে য’ত ৰবিন্দ্রনাথ বিশ্ব বিদ্যালয়ৰ কেম্পাচত ৪৩ ডাল গছ ৰোপণ কৰিছে। আনৰ সেৱা কৰাৰ আনন্দ অন্য কোনো আনন্দৰ সমান হ’ব নোৱাৰে। আমাৰ দৰে এজন ৰবিন হওঁক আৰু আহক আমি সকলোৱে মিলি ক্ষুধাৰ বিৰুদ্ধে যুঁজো। এই আহব্বান সংগঠনৰ বিষয়ববীয়াৰ৷

টিংখাঙৰ পিঠাগুটি চাৰিআলিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ মৃত্যু

দৈনন্দিন বাৰ্তাৰ সেৱা, টিংখাং, ৯ নৱেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাঙৰ পিঠাগুটি চাৰিআলিত দেওঁবাৰে নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনা আটাছু বৰহাট আঞ্চলিক সমিতিৰ সদস্য তথা বৰহাটৰ নাৰেমপথা গাঁৱৰ যুৱক কৌশিক গগৈ মৃত্যু হয়। মৰাণত অনুষ্ঠিত হোৱা আটাছুৰ চৰাইদেউ জিলা সমিতিৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰি বাইকেৰে ঘৰলৈ উভতি অহাৰ পথত দুৰ্ঘটনাটো সংঘটিত হয়৷

পিঠাগুটি চাৰিআলিত টাৰ্ণিং লোৱাৰ সময়ত বাইকৰ নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাত বাগৰি পৰে কৌশিক গগৈ৷ মূৰত প্ৰচণ্ডভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ পিছত সতীৰ্থসকলে গাড়ীৰে যুৱজনক ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰলৈ আনে যদিও চিকিৎসকলে যুৱকজনক মৃত ঘোষণা কৰে৷ দেওঁবাৰে নিশা প্ৰায় ৯-৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হয়৷

নিশাই আটাছুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়়াগোহাঁইসহ বহু নেতাকৰ্মী ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰত উপস্থিত হৈ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ সোমবাৰে নেতাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰাজগড় সামূহিক স্বাস্থ্যকেন্দ্ৰৰপৰা ডিব্ৰুগড়ৰ এএমচিলৈ প্ৰেৰণ কৰে৷