Home Blog Page 3159

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৯৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫৬৩৫ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১০৫৭ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৩৫৭১ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ১১১৩৮ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯২৩ জন লোকৰ।

অন্যান্য পিছপৰা শ্ৰেণীৰ কৃষকক পাৱাৰ টিলাৰ বিতৰণ বিধায়ক ৰূপক শৰ্মাৰ

দৈনন্দিন বাৰ্তা সেৱাঃ পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS) অধীনত অনুসূচিত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ হিতাধিকাৰী সকলৰ বাবে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা অসম চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা ব্যৱস্থা কৰা হৈছে।কৃষকৰ বাবে উপযোগী এনে অভিলাষী আচঁনিৰ অংশ স্বৰূপ আজি নগাঁও সদৰ সমষ্টিটো প্ৰায়  ৫৮ গৰাকী কৃষকক  খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত পাৱাৰটিলাৰ বিতৰণ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

খুটিকটীয়াস্হিত কৃষ্টি বিকাশ সমাজৰ প্ৰাঙ্গনত কৃষকসকলক পাৱাৰ টিলা বিতৰণ উপলক্ষে অনুষ্ঠিত মুকলি সভাখনত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই  কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সপোন ২০২২  চনৰ ভিতৰত প্ৰত্যেক জন কৃষকৰ আয় দুগুণ হ‌ওক আৰু সেই সপোনক সাৰ্থক কৰাৰ উদ্দেশ্যেই অসমৰ  মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কৃষক ৰাইজৰ সুবিধাৰ্থে বিভিন্ন কৃষি উপযোগী আচঁনিৰ লগতে পাৱাৰটিলা,টেক্টৰ বিতৰন কৰি আহিছে। পৰিয়াল অৰ্থকাৰী যোজনা আচঁনিৰ(FOIGS)  আচঁনিৰ অধীনত  কৃষকসকলক আজি নিজ হাতে ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলা বিতৰণ কৰি যথেষ্ট সন্তোষ্টি লাভ কৰিছো। 

আমি আশা কৰিছো এই আচঁনিৰ জৰিয়তে  পাৱাৰটিলাৰ লাভ কৰা কৃষক সকল উপকৃত হব ।আজিৰ পাৱাৰটিলা বিতৰণ অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাৰ লগতে কাছমাৰী জিলা পৰিষদৰ সদস্য কাঞ্চন বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী দিপাঞ্জলী কোঁৱৰ,সদৰ সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ সভাপতি সকলৰ লগতে বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেছুভাই পেটেলৰ দেহাৱসান

দৈনন্দিন বাৰ্তা সেৱাঃ গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেছুভাই পেটেলৰ দেহাৱসান। বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে শ্বাস-প্ৰশ্বাসত কষ্ট পোৱাৰ পাছতে তেখেতক স্টার্লিং হস্পাতালত ভৰ্তি কৰা হৈছিল যদিও বৃহস্পতিবাৰে পুৱা তেখেতৰ মৃত্যু হয়।

৬ বাৰকৈ গুজৰাট বিধানসভালৈ নিৰ্বাচিত হোৱা প্ৰবীণ ৰাজনীতিবিদ গৰাকীয়ে ১৯৯৫ ৰ পৰা ২০০১লৈকে দুবাৰকৈ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ আসন সুৱনি কৰিছিল। ২০১২ চনত ভাৰতীয় জনতা পাৰ্টী ত্যাগ কৰি গুজৰাট পৰিৱৰ্তন পাৰ্টি নামৰ এটি নতুন ৰাজনৈত্ক দলৰ জন্ম দিছিল। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯২ বছৰ।

নগাঁৱৰ ডিমৰুগুৰিত পেট্ৰল পাম্পত উত্তপ্ত পৰিস্থিতি, উত্তেজীত ৰাইজে আঠুকঢ়ালে পৰিচালকক

দৈনন্দিন বাৰ্তা সেৱা, নগাঁওঃ নগাঁৱৰ ডিমৰুগুৰিস্থ মেচাৰ্চ লক্ষ্মী চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোত কালি দিনৰ প্ৰায় ১ বজাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। জানিবপৰা মতে, সামান্য কথাতে তেল ডিপোৰ কৰ্মচাৰী হীৰকজ্যোতি বৰাক প্ৰহাৰ কৰে ডিপোটোৰ পৰিচালক মদনলাল শৰ্মাই। ইয়াৰ পিছতে ডিপোটোৰ কৰ্মচাৰী সকল পৰিচালক গৰাকীৰ ওপৰত ক্ষুব্ধ হৈ পৰে।

ডিপোটোৰ কৰ্মচাৰী সকলে অনাঅসমীয়া পৰিচালক গৰাকীৰ ব্যৱহাৰত অতীষ্ঠ হৈ বহুসময় ধৰি আঠুকঢ়াই থয় পৰিচালক মদনলাল শৰ্মাক। পিছত নগাঁৱৰ টাউন ইটাচালী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে মদনলাল শৰ্মা নামৰ পৰিচালক গৰাকীক আটক কৰি থানালৈ লৈ যায়।

তেল ডিপোৰ কৰ্মচাৰী সকলৰ অভিযোগ অনুসৰি প্ৰায়ে এইগৰাকী পৰিচালকে অসমীয়া কৰ্মচাৰী সকলক দুৰ্ব্যৱহাৰ কৰি আহিছিল। আনহাতে তেল ডিপোটোৰ মালিক সঞ্জয় আগৰৱালেও তেল ডিপোৰ কৰ্মচাৰী সকলক যথেষ্ট ভাল ব্যৱহাৰ নকৰাৰ অভিযোগ তুলিছে কৰ্মচাৰীসকলে।

কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণী কোৰোনাত আক্ৰান্ত

দৈনন্দিন বাৰ্তা সেৱাঃ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী স্মৃতি ইৰাণী আক্ৰান্ত হৈছে কোৰোনা ভাইৰাছত। বুধবাৰে স্বাস্থ্য পৰীক্ষাৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ দেহত ধৰা পৰে কোৰোনাৰ উপস্থিতি।

বুধবাৰে কোৰোনা ভাইৰাছত আক্ৰান্তৰ কথা খোদ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ টুইটাৰযোগে প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ সংস্পৰ্শলৈ অহা লোক সকলক কোভিড টেষ্ট কৰিবলৈ আহ্বান জনায়।

৬ নবেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান

দৈনন্দিন বাৰ্তা সেৱাঃ কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সম্পূৰ্ণ কোভিড প্ৰট’কল মানি অহা ৬ নৱেম্বৰত দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। পূৰ্বতে ঘোষণা কৰা তাৰিখৰ সালসলনি কৰি ১ নৱেম্বৰৰ পৰিৱৰ্তে ৬ নৱেম্বৰত মুকলি কৰা হ’ব ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্ৰ স‌ংৰক্ষিত বনাঞ্চল।

বুধবাৰে বন বিভাগে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়লৈ এক বিজ্ঞপ্তি প্ৰেৰণ কৰি এই কথা জানিবলৈ দিয়ে। বিজ্ঞপ্তিটোত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ ৰাষ্টা-পদূলি ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনৰ সকলো পৰ্যটন পথ পৰ্যটকসকলৰ বাবে মুকলি কৰি দিব পৰা নাযাব বুলিও উল্লেখ কৰে।

কোৰোনা মহামাৰীৰ বাবেই যোৱা কেইটামান মাহৰ পৰা বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰাৰ আগতে সকলো পৰ্যটকৰ শাৰীৰিক উত্তাপ পৰীক্ষা কৰাৰ হব লগতে পৰ্যটক সকলক স্বাস্থ্য বিভাগে জাৰি কৰা কোৰোনাৰ নীতি-নিয়ম সমূহ মানি পৰ্যটক সকলক ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হব।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫২৩৯ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৪৪৮ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৫২৩৭ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ১৪৮৭ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯২৫১৪ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ১১৮০৩ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯১৭ জন লোকৰ।

আই পি এল’ত আজি চেন্নাই বনাম কলকতা, মুম্বাইৰ হাতত পৰাস্ত বাংগালোৰ

দৈনন্দিন বাৰ্তা সেৱাঃ আই পি এল’ত আজি চেন্নাইৰ মুখামুখি হ’ব কলকতা। চলিত বৰ্ষত দুয়োটা দলে ১২ খন খেলৰ ক্ৰমে ৪ আৰু ৬ খনত জয়ী হৈছে। ইতিমধ্যে আইপিএলৰ পৰা বাহিৰ হৈছে চেন্নাই ছুপাৰ কিংছ। সন্মান ৰক্ষাৰ বাবে চেন্নাই ছুপাৰ কিংছে খেলত অংশ গ্ৰহন কৰাৰ বিপৰিতে কলকতাই জয়লাভ কৰিব পাৰিলে প্লে অফলৈ উত্তীৰ্ণ হোৱাৰ আশা কৰিব পাৰি।

আজিৰ চেন্নাই বনাম কলকতা খেলখন দুবাইৰ খেল পথাৰত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব৷ আনহাতে মুম্বাই ইণ্ডিয়ানছ আই পি এল ২০২০ৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল হিচাপে পৰিগণিত হৈছে। মুম্বাই ইণ্ডিয়ানছে প্ৰথমে টছত বিজয়ী হৈ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰক বেটিং কৰিবলৈ নিমন্ত্ৰণ জনাই।

বাংগালোৰৰ জ’ছ ফিলিপ আৰু দেৱদূতে দলক এটা ভাল আৰম্ভণি দিয়ে। ফিলিপে ২৪ বলত ৩৩ ৰান আৰু দেৱদূতে ৪৫ বলত ৭৪ কৰিবলৈ সক্ষম হয়। ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ অন্য বেটছমেন সকল সহযোগিতা আগবঢ়োৱাত ব্যৰ্থ হয় যাৰ বাবে ২০ অ’ভাৰৰ অন্তত ৰয়েল চেলেঞ্জাৰ্ছে ৬ টা উইকেট হেৰুৱাই  মাত্ৰ ১৬৪ ৰান কৰিবলৈ সক্ষম হয়।

আনহাতে মুম্বাইৰ হৈ বুমৰাহে ৪ অভাৰত ১৪ ৰান দি ৩ টা উইকেট দখল কৰে। ১৬৫ ৰানৰ লক্ষ্যৰ পিছলৈ মুম্বায়ে সূৰ্যকুমাৰ যাদৱৰ ৪৩ টা বলত ৭৯ ৰানৰ সহায়ত মুম্বাই ইণ্ডিয়ানছে জয় লাভ কৰাৰ লগতে আই পি এল ২০২০ৰ প্লে অফলৈ উত্তীৰ্ণ হোৱা প্ৰথমটো দল হিচাপে নিজৰ পথ প্ৰসস্থ কৰে।

নগাঁৱৰ বৰভেটি পঞ্চায়তত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ বিধায়ক ৰূপক শৰ্মাৰ

 দৈনন্দিন বৰ্তা সেৱা, নগাঁওঃ নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত বৰভেটি পঞ্চায়তত চুৰ্তদশ বিত্তীয় আয়োগৰ অধীনত ৯ টাকৈ আঁচনিৰ শুভাৰম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। শুভাৰম্ভ কৰা আঁচনি সমূহ হৈছে- পশ্চিম কাৱৈমাৰী পি এম জি এচ ৱাই পথৰ পৰা  চাইদুল ইছলামৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, পি এম জি এচ ৱাই পথৰ পৰা দেৱকান্ত বৰাৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, কাৱৈমাৰী পি এম জি এচ ৱাই পথৰ পৰা হেকমত আলীৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, বৰভেটি গৰিয়াগাঁও পথৰ পৰা ইংলিছপট্টিৰ মল্লিকা গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, বৰভেটি আলিপাৰ প্ৰাথমিক বিদ্যালয়ৰ কাষৰ নৱনিৰ্মিত পুথিভঁৰাল,  কাৱৈমাৰী চুবহী মোক্তাবৰ কাষত খোৱাপানী ব্যৱস্থা সহ নৱনিৰ্মিত ৰাজহুৱা ভৱন, ৰিয়াজউদ্দিনৰ গৃহৰ পৰা হিবজুৰ ৰহমানৰ গৃহ পৰ্যন্ত নৱনিৰ্মিত পথ, শিমলুগুৰি তিনিআলিৰ সমীপৰ তিনি কোঠালিৰ বজাৰগৃহ আৰু পশ্চিম কাৱৈমাৰীৰ চফিজউদ্দিনৰ গৃহৰ সমীপত নৱনিৰ্মিত ৰাজহুৱা ভৱন।

উল্লেখিত আচঁনি সমূহ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই আঁচনি সমূহৰ জৰিয়তে পঞ্চায়তটোৰ জনসাধাৰণ উপকৃত হব বুলি আশা প্ৰকাশ কৰে। আজি উন্নয়ন মূলক আঁচনি সমূহৰ শুভ উদ্ধোধনী অনুষ্ঠানত কাছমাৰী জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, বৰভেটি পঞ্চায়তৰ সভানেত্ৰী নীলাংকৃতা বৰদলৈ, খাগৰিজান উন্নয়ন খন্ডৰ আঞ্চলিক পঞ্চায়ত সভানেত্ৰী দিপাঞ্জলী কোৱৰ, ভাৰতীয় জনতা পাৰ্টিৰ  খাগৰিজান মন্ডলৰ সভাপতি হৰিচৰন ডেকা, বৰভেটি পঞ্চায়তৰ সচিব পল্লবী বৰা প্ৰমুখ্যে পঞ্চায়তটোৰ  প্ৰতিনিধি আৰু স্হানীয় ৰাইজ উপস্থিত থাকে।

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰ্মল শইকীয়াৰ বিয়োগ

দৈনন্দিন বৰ্তা সেৱা, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তেজপুৰ কুমাৰগাঁও নিবাসী নিৰ্মল শইকীয়া(৬৯)ৰ কালি সন্ধিয়া প্ৰায় ৬:৩০ বজাত উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ ১৯৭৪ চনত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদ্ভিদ বিভাগৰ বিষয় শিক্ষক হিচাপে যোগদান কৰা শইকীয়াই ২০০৪ চনত বিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰি ২০১১ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল৷

অমায়িক তথা মৰমীয়াল, ছাত্ৰ-ছাত্ৰীক জ্ঞান বিলোৱাৰ দিশত এক সুকীয়া কৌশল থকা নিৰ্মল শইকীয়াই সেয়ে সকলো ছাত্ৰ-ছাত্ৰীৰ মনত এক সুকীয়া স্থান লাভ কৰিবলৈও সক্ষম হৈছিল৷ ১৯৫২ চনত জন্মগ্ৰহণ কৰা নিৰ্মল শইকীয়াই তেজপুৰতেই শিক্ষা জীৱণ আৰম্ভ কৰি পৰৱৰ্তী সময়ত ঢেকীয়াজুলিত হাইস্কুলীয়া শিক্ষা, দৰং কলেজৰপৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা স্নানকোত্তৰ ডিগ্ৰী লাভ কৰিছিল৷

মৃত্যুৰ সময়ত শইকীয়াই পত্নী, পুত্ৰ, জী-জোৱাইৰ লগতে অনেক গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শইকীয়াৰ মৃত্যুত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোটেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে৷ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সমাজকৰ্মী গৰাকীৰ মৃত্যুত জন্মস্থান তেজপুৰৰ লগতে জামুগুৰিহাটতো শোকৰ ছাঁয়ে বিৰাজ কৰা দেখা গৈছে৷