দৈনন্দিন বাৰ্তা ডেস্ক : চীনক প্ৰতিৰক্ষা সংক্ৰান্ত গোপন তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন সাংবাদিকসহ তিনি ব্যক্তি ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখাই সাংবাদিক ৰাজীৱ শৰ্মাক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে ৷ ভুৱা কোম্পানীৰ জৰিয়তে তেওঁক শকত পৰিমাণৰ ধন দিয়াৰ অভিযোগত শনিবাৰে এগৰাকী চীনা মহিলা আৰু তেওঁৰ নেপালী সহযোগীকো গ্ৰেপ্তাৰ কৰা হয় ৷ আৰক্ষীৰ সূত্ৰত জানিব পৰা মতে, ধৃত ফ্ৰীলায়েন্স সাংবাদিকৰ ওচৰত সেনাৰ বহু গোপন তথ্য আছে ৷ শকত পৰিমাণৰ ধনৰ বিনিময়ত তেওঁ চীনৰ এগৰাকী মহিলাক দিয়ে ৷ গোপন সূত্ৰে পোৱা খবৰৰ ভিত্তিত সোমবাৰেই ফ্ৰীলায়েন্স সাংবাদিক ৰাজীৱ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ তাৰ পাচৰ দিনা অৰ্থাৎ মঙলবাৰে তেওঁক আদালতত হাজিৰ কৰা হয় ৷ আদালতে তেওঁক ছদিনৰ বাবে আৰক্ষীৰ জিম্মাত দিছে ৷ সাংবাদিকজনৰ ম’বাইল, লেপটপ আৰক্ষীয়ে জব্দ কৰিছে ৷ তদুপৰি কল লিষ্ট পৰীক্ষা কৰিছে আৰক্ষীয়ে ৷ কাৰ কাৰ লগত ৰাজীৱ শৰ্মাৰ যোগাযোগ আছিল সেই দিশটো চাইছে আৰক্ষীয়ে ৷ শনিবাৰে দিল্লী আৰক্ষীয়ে জনাই যে বর্ষীয়ান সাংবাদিক ৰাজীৱ শৰ্মাই চীনা গুপ্তচৰক গোপনীয় তথ্য যোগান দিয়ে ৷ তেওঁক অফিচিয়েল চিক্ৰেট এক্ট বা চৰকাৰী গোপনীয়তা আইনৰ ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে ৷ আনহাতে এগৰাকী মহিলা আৰু নেপালী সহযোগীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁলোকে ভুৱা কোম্পানীৰ নামত ৰাজীৱ শৰ্মাক টকা দিছিল৷ উল্লেখ্য যে টুইটাৰত ৰাজীৱ শৰ্মাই সন্দেহজনক কাৰ্যকলাপ কৰাৰ বিষয়ে জানিব পৰা গৈছে ৷ দিল্লী আৰক্ষীৰ বিশেষ শাখিৰ ডিচিপি সঞ্জীব যাদব, প্ৰতিৰক্ষা সংক্রান্তত বিভিন্ন গোপনীয় তথ্য তেওঁৰ হাতত আছিল ৷
বিজেপি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন
গুৱাহাটী : গুৱাহাটী মহানগৰীৰ দিছপুৰস্হিত গড়কাপ্তানি প্ৰশিক্ষণ কেন্দ্ৰত আজি ভাৰতীয় জনতা পাৰ্টি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ জিলা সভাপতি মৃগেন শৰনীয়াৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট ব্যক্তি হিচাপে গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ৰাজ্যিক মুখ্য মুখপত্ৰ ৰুপম গোশ্বামী, ৰাজ্যিক উপসভানেত্ৰী বিজুলি কলিতা মেধি, অসম বিত্তীয় নিগমৰ অধ্যক্ষ তথা দলৰ জ্যেষ্ঠ নেতা বিজয় গুপ্তা, উত্তৰ পুৰ্বাঞ্চলৰ সাংগঠনিক সম্পাদক অজয় জামোৱাল, জিএম ডিএৰ উপাধক্ষ্য মুকুতা ডেকা, এমট্ৰনৰ উপাধক্ষ্য তথা গুৱাহাটী মহানগৰ জিলাৰ প্ৰভাৰী ঋতুবৰণ শৰ্মা উপস্থিত থাকি সাংগঠনিক দিশত বিস্তিতভাবে আলোকপাত কৰে ৷ সাংগঠনিক সাধাৰণ সম্পাদক ফণিন্দ্ৰ নাথ শৰ্মাই সাংগঠনিক দিশত বুথ প্ৰৰ্যায়ত অধিক শক্তিশালী কৰাৰ যঠেষ্ট গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰ জিলাৰ বিষয়ববীয়া, ১২টা মন্ডলৰ সভাপতি, মৰ্চাৰ সভাপতি সকলৰ লগতে প্ৰায় দুই শতাধিক সদস্য উপস্থিত থাকে ৷ সভাত প্লাষ্টিক মুক্ত অসম গঢ়াৰ সংকল্প লয় প্ৰতিগৰাকী সভাত উপস্থিত থকা সদস্যই ৷ নিমন্ত্ৰিত অতিথি হিচাপে ৰাজ্যিক সভাপতি ৰন্জিত দাস উপস্থিত থাকি সাংগঠনিক দিশত অধিক শক্তিশালী কৰাৰ গুৰুত্ব আৰোপ কৰে৷ উল্লেখ্য যে মহানগৰ জিলাৰ সাধাৰণ সম্পাদক তপন দাসে আতধৰা অনুষ্ঠান বন্দেমাতৰমৰে আৰম্ভ কৰি ৰাষ্ট্ৰীয় সংগীতৰে সমাপ্ত কৰে ৷
নাজিৰা সমষ্টি বিধায়ক ও বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ সম্ভৱনা : শাসকীয়ৰ বাবে হ’ব গভীৰ প্ৰত্যাহ্বান
গেলেকী : অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হোৱাৰ পথত বিধায়ক দেবব্ৰত শইকীয়া। দুই এদিনতে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ তথা নাজিৰা সমষ্টিৰ বিধায়ক ও বৰ্তমানৰ ৰাজ্যৰ বিৰোধী দলৰ দলপতি দেবব্ৰত শইকীয়াক নিযুক্তি দিয়া হ’ব। কংগ্ৰেছৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়কগৰাকীয়ে দিয়া প্ৰতিবেদনৰ ভিত্তিত দেৱব্ৰত শইকীয়াক হাইকামাণ্ডে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰূপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সম্প্ৰতি দিল্লীত বাহৰ পাতি আছে অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা। এতিয়া শাসকীয়ৰ বাবে হ’ব ই এক গভীৰ প্ৰত্যাহ্বান।
পশ্চিম বংগ, কেৰালাত ৯ আল–কায়দা, জম্মু-কাশ্মীৰত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ
দৈনন্দিন বাৰ্তা ডেস্ক : পশ্চিম বংগ আৰু কেৰালাত মুঠ ৯ আল–কায়দা সন্ত্ৰাসবাদীক এনআইএৰ দলে গ্ৰেপ্তাৰ কৰে ৷ আনহাতে জম্মু-কাশ্মীৰত ৩ লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীক নিৰাপত্তা বাহিনীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে পশ্চিম বংগত গোপন সূত্ৰে খবৰ পাই শনিবাৰে মুর্শিদাবাদৰ বিভিন্ন ঠাইত অভিযান চলাই ছটা আল-কায়দা সন্ত্ৰাসবাদীক এনআইএয়ে গ্ৰেপ্তাৰ কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা জেহাদি সাহিত্য, নথিপত্ৰ, বহু পৰিমাণৰ ধ্বংস কৰিব পৰা সামগ্ৰী, ডিজিটেল যন্ত্র, তীক্ষ্ণ অস্ত্রশস্ত্র, দেশীয় আগ্নেয়াস্ত্র, এটা দেশীয় বুলেটপ্ৰুফ জেকেট আৰু সক্ৰিয় বোমা নিৰ্মাণ সামগ্ৰী উদ্ধাৰ কৰিছে ৷ এনআইএৰ তৰফৰ পৰা দিয়া বিবৃতিত জনাইছে যে ধৃত সন্ত্ৰাসবাদীৰ সৈতে পাকিস্তানৰ আল–কায়দা মডিউলৰ যোগাযোগ আছে ৷ দিল্লীসহ দেশৰ বিভিন্ন মেট্ৰো মহানগৰত সন্ত্ৰাসবাদী আক্ৰমণৰ চেষ্টা কৰিছিল এই সন্ত্ৰাসবাদীকেইটাই ৷ পশ্চিম বংগত গ্ৰেপ্তাৰ হোৱা ছটা সন্ত্ৰাসবাদী হ’ল লিউ ইয়ান আহমেদ, আবু ছুফিয়ান, নাজমুছ ছাকিব, মইনুল মণ্ডল আৰু আল মামুন কামাল। আনহাতে কেৰালাতো গ্ৰেপ্তাৰ হ’ল তিনিটা আল–কায়দা সন্ত্ৰাসবাদী ৷ কেৰালাৰ এৰ্ণাকুলামৰ বিভিন্ন ঠাইত তালাচী চলাই শনিবাৰে এনআইএয়ে গ্ৰেপ্তাৰ কৰে তিনিটা সন্ত্ৰাসবাদী ৷ ধৃত সন্ত্ৰাসবাদীকেইটা হ’ল মোছাৰফ হুছেইন, মুৰ্ছিদ হাচান আৰু ইয়াকুব বিশ্বাস। এই সন্ত্ৰাসবাদীকেইটাৰ পৰা নথিপত্র, জেহাদি সাহিত্য, অস্ত্রশস্ত্র, বিস্ফোৰক নিৰ্মাণৰ নথি, সৰঞ্জাম পোৱা গৈছে ৷ ইপিনে, জম্মু আৰু কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত আছে ৷ শনিবাৰে পুৱা পুনৰ জম্মু আৰু কাশ্মীৰত তিনিটা লস্কৰ সন্ত্ৰাসবাদীক যৌথ বাহিনীৰ সদস্যই গ্ৰেপ্তাৰ কৰে ৷ জানিব পৰা মতে, বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা জম্মুৰ ৰাজৌৰি জিলাৰ এক এলেকাত অভিযান চলাই সেনাৰ যুটীয়া অভিযানকাৰী দলে ৷ এই অভিযানত শনিবাৰে তিনিটা লস্কৰ-ই-তৈবাৰ তিনিটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰা দুটা একে ৪৭ ৰাইফল, দুটা পিস্তল, চাৰিটা গ্ৰেনেড আৰু নগদ এক লাখ টকা উদ্ধাৰ কৰে৷ ধৃত সন্ত্ৰাসবাদীকেইটাৰ পৰিকল্পনাৰ বিষয়ে জানিবৰ বাবে সেনাই জেৰা আৰম্ভ কৰিছে ৷
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতা জাতিটোৰ বাবে অশনি সংকেট : বিধায়ক প্ৰদীপ হাজৰিকা
গেলেকী : নাজিৰা আৰু আমগুৰি সমষ্টিত আজি কিছু দিন ধৰি প্ৰৱলভাৱে ৰাজনৈতিক বতাহ বলিছে। নাজিৰা সমষ্টি কংগ্ৰেছৰ দখলৰ বিপৰীতে আমগুৰি সমষ্টি অগপ দখলত আছে। তাতে আকৌ ২০২১ৰ নিৰ্বাচনী বতাহে দুয়োটা সমষ্টিৰ ৰাইজক গা, মন জুৰি পেলাইছে। কিন্তু ব্যতিক্ৰমী ৰূপত আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্ব আৰু বৰ্তমান কাৰ্যকালত সমষ্টিত ৰূপায়ন হোৱা অভিলেখ সংখ্যক উন্নয়নমূলক কাম-কাজত আকৃষ্ট হৈ বৃহত্তৰ চাৰিং অঞ্চলৰ কংগ্ৰেছ দলৰ ৪০ টাকৈ পৰিয়ালে বিধায়কৰ উপস্থিতিত আজি অগপ দলত যোগদান কৰে। উল্লেখ্য যে ৪০ টা পৰিয়ালৰ অধিকাংশ পৰিয়ালেই কংগ্ৰেছৰ দুৰ্গ খ্যাত খনিকৰ বংশৰ লোক। ঐতিহাসিক চাৰিং বৰতলত অনুষ্ঠিত উক্ত যোগদান সভাত উপস্থিত থাকি বিধায়ক প্ৰদীপ হাজৰিকাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰতাই জাতিটোৰ বাবে অশনি সংকেট কঢ়িয়াই আনিব বুলি মন্তব্য আগবঢ়ায়। আজিৰ সভাত অগপৰ আমগুৰি সমষ্টি সমিতিৰ কাৰ্যকৰী সভাপতি বিপুল বৰকটকী, সম্পাদক মণ্টু গগৈ, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুদৰ্শন হাজৰিকা আৰু অগপৰ চাৰিং আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। আনহাতে ১৮ ছেপ্তেম্বৰৰ দিনা বিধায়ক প্রদীপ হাজৰিকাৰ বাসগৃহত ম’ৰাবজাৰ বৰ মছজিদৰ প্ৰাক্তন সম্পাদক চাছাদ আলি, নামতি দ’ল পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ যতীন লাহন, যোগেন গগৈ, কমল গগৈ আৰু ৫ নং ৱাৰ্ডৰ খগেন চেতিয়াই কংগ্ৰেছ দলত্যাগ কৰি অগপ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।
নগাঁৱত ৰ’টাৰী ক্লাৱৰ শিক্ষা সন্মান ২০২০ অনুষ্ঠান
নগাঁও : কালি নগাঁও ৰ’টাৰী ক্লাবৰ উদ্যোগত শিক্ষা সন্মান ২০২০ শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় – আমাৰ সমাজৰ অতিকৈ সন্মানীয় ব্যক্তিসকল হৈছে শিক্ষক। তেওঁলোকেই আমাক পোহৰৰ বাট দেখুৱাইছে। জীৱনৰ পথৰ সন্ধান দিছে। মানৱ সম্পদ গঢ়াত শিক্ষক সমাজৰ অবদান অতি গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় – মোৰ দেউতাও শিক্ষক আছিল। ময়ো শিক্ষা অনুষ্ঠানৰ লগত জড়িত। গতিকে শিক্ষাৰ পৰিৱেশৰ মাজত থাকি মই ভাল পাওঁ। সেয়ে শিক্ষাৰ সৈতে সংপৃক্ত অনুষ্ঠানলৈ আমন্ত্ৰিত হ’লে এই অনুষ্ঠানলৈ আহি মই গৌৰৱ অনুভৱ কৰোঁ। আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত যিসকল ব্যক্তি প্ৰতিস্থিত হৈছে, সেইসকল প্ৰতিস্থিত হোৱাত শিক্ষক সমাজৰ অৱদানক নুই কৰিব নোৱাৰি। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে, সম্প্ৰতি উচ্চ, উচ্চতৰ মাধ্যমিকৰ পৰা আৰম্ভ কৰি স্নাতক পৰ্যায়লৈকে নগাঁৱত পৰীক্ষাৰ ফলাফল আশাতীতভাৱে ভাল হৈছে। নগাঁও এতিয়া শৈক্ষিক হ’বলৈ ৰূপান্তৰিত হৈছে। এইয়া আমাৰ শিক্ষক সকলৰ বাবেই সম্ভৱ হৈছে। বিধায়ক গৰাকীয়ে ৰ’টাৰি ক্লাবৰ বিভিন্ন কাম-কাজৰ প্ৰশংসা কৰে। ক্লাবৰ সভাপতি নবীন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড. শৰৎ বৰকটকী, অবসৰপ্ৰাপ্ত অধ্যাপক তথা জ্যেষ্ঠ সাংবাদিক ডঃ আবু হানিফা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ শিক্ষাবিদ দিলীপ বৰা আদিয়ে অংশগ্ৰহণ কৰে। ৰ’টাৰিয়ান অমিত ম’ৰে উদ্দেশ্য বাখ্যা কৰা সভাখনত ক্লাবৰ প্ৰাক্তন সভাপতি জোন ৰাজখোৱাই আদৰণি ভাষন দিয়ে। সভাতেই ১০ গৰাকী শিক্ষক ক্ৰমে বাবুল বৰা, ৰাজেন্দ্ৰ প্ৰসাদ, পূৰৱী বৰদলৈ, দিপ্তী দাস, পূৰ্ণীমা চৌধুৰী, মনালিছা হাজৰিকা, গৌতম চৰকাৰ, ৰোকছানা ভূঞা, অবন্তী গোস্বামী আৰু দিপালী শৰ্মাক শিক্ষা সন্মান ২০২০ প্ৰদান কৰা হয়।

উজনি মাজুলীৰ এলেঙ্গী টকৌবাৰী সত্ৰত অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কামৰ শুভ উদ্ধোধন
উজনি-মাজুলী : বুধবাৰে সত্ৰনগৰী মাজুলীৰ উজনি মাজুলী এলেঙ্গী টকৌবাৰী সত্ৰলৈ অসম চৰকাৰৰ অনুমোদিত ১০ লাখ টকাৰে অসম দৰ্শন আঁচনিৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কামৰ শুভ উদ্ধোধন কৰা হয়। শ্ৰীৰাম গাওঁ পঞ্চায়ত অন্তৰ্গত বৃহত্তৰ মুদৈবিল অঞ্চলত আটক-ধুনীয়াকৈ এটি অতিথিশালা নিৰ্মাণ কৰিবলৈ লোৱাত অঞ্চলটোৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। বুধবাৰে ভুমি পূজনেৰে আধাৰশিলাৰ শুভাৰম্ভণী কৰা অনুষ্ঠানটিৰ আঁত ধৰে সত্ৰখনৰ ডেকাসত্ৰীয়া তথা নিৰ্মাণ সমিতিৰ সদস্য সচিব পদুম কুমাৰ মহন্তই। সত্ৰৰ ডেকা সত্ৰীয়া অমিয় কুমাৰ মহন্তই বন্তি প্ৰজ্বলন কৰাৰ অন্তত আইসকলৰ মংগল উৰুলি আৰু দেৱবাদ্যৰ ধ্বনিৰ মাজতে মংগলাচৰণেৰে অতিথিগৃহৰ শুভাৰম্ভ কাৰ্য্য কৰে সত্ৰখনিৰে অন্যজন ডেকা সত্ৰাধিকাৰ ভৱকান্ত মহন্তই। কাৰ্যসূচীত উপস্থিত থকা শ্ৰীৰাম গাওঁ পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা, উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ সহকাৰী অভিযন্ত্ৰা অনন্ত মহন্তই নিৰ্মাণ শৈলীৰ ওপৰত বিতং ব্যাখ্যা আগবঢ়ায়। সত্ৰৰ বৰবায়ন পোনা বায়ন ৰাজখোৱা, নগেন বৰুৱা, চুৰেন ৰাজখোৱা, মনিৰাম ভৰালী, বগাই বৰা, সুনিল দত্ত, যদু হাজৰিকা, মনোজ ৰাজখোৱা, চেনাই ৰাজখোৱা, বোপাই বৈৰাগী, প্ৰশান্ত বৰা, আদিত্য শইকীয়া, জগত বৈৰাগী, মিস্ত্ৰীৰ হৈ ধৰনী ৰাজখোৱা, লক্ষীনন্দন ৰাজখোৱা উপস্থিত থাকি বক্তব্য ৰাখে। অনুষ্ঠানটিত শ্ৰীৰাম পঞ্চায়তৰ সভাপতি গৰাকীৰ লগতে সুভাষ মিলি, বুধিন বৰা, সঞ্জীৱ বৰা, শংকৰ গাম, মৃদুল বৰুৱা, প্ৰণৱ ৰাজখোৱা উপস্থিত থাকে। অঞ্চলৰ আইসকলৰ হৈ ৰুনু ৰাজখোৱা, মেমচি শইকীয়া, ইন্দিৰা শইকীয়া, তগৰ বৈৰাগী, মাখনী দত্ত, শিখামনি মহন্ত, পুতলী বৈৰাগী, ৰেনুমাই শইকীয়া, কনকা আৰু যুৱতীসকলৰ পাপুলী, উপাসনা, মন্দিৰা, কংকনা, প্ৰজ্ঞাশ্ৰী, ববিতা, মন আদিয়ে অংশগ্ৰহণ কৰে। নাম প্ৰসংগৰে আৰম্ভ কৰা অৰ্চনৰ পিছত শিলান্যাস কাৰ্যসূচীৰ সমাপন কৰা হয়। এখনিকৈ ফুলাম গামোচাৰে সভাপতি ৰমেশ বৰুৱাসহ অভিযন্তা অনন্ত মহন্তক আদৰণী জনোৱা হয়। অঞ্চলৰ বয়োজেষ্ঠ ব্যক্তি বেদেলা বৈৰাগী। অনুষ্ঠানটিত উজনি মাজুলীৰ এলেঙ্গী নৰসিংহ সত্ৰৰ নিৰ্মাণ সমিতিৰ সম্পাদক প্ৰদীপ শইকীয়াইও অংশগ্ৰহণ কৰি গঠনমূলক দিহা পৰামৰ্শ আগবঢ়ায়। নামকীৰ্তন, ভাগৱত পাঠৰ শেষত নিৰ্মাণ সমিতিক উপস্থিত বৈষ্ণৱবৃন্দই আৰ্শীবাদ প্ৰদান কৰে। অনুষ্ঠানৰ সামৰণিত নামৰ প্ৰসাদ বিতৰণ কৰি কাৰ্য্যসূচী সমাপ্তি ঘটোৱা হয়। উল্লেখযোগ্য যে বিশেষ কাৰণত নিৰ্মাণ সমিতিৰ চেয়াৰমেন তথা উজনি মাজুলী খণ্ড উন্নয়ন বিষয়া পলাস ৰঞ্জন হাজৰিকা অতিথিশালাটিৰ শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকিৱ নোৱাৰাত তেখেতৰ হৈ প্ৰতিনিধি প্ৰেৰন কৰি কাৰ্যসূচী ৰূপায়ন কৰে।
সোণতলীৰ পানীখাইতীত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া অব্যাহত ৷ নিমিষতে জাহ গল কোটি টকীয়া জিঅ’ বেগৰ কাম
সোণতলী, ১৮ ছেপ্টেম্বৰঃ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ অন্তৰ্গত পানীখাইতীত আজি ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে ৷ উল্লেখ্য যে বিগত দিনৰ ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াৰ ফলত সোণতলীৰ লটুৰাদিয়া, ১নং, ২নং জ্যোতিয়াদিয়া, বৰদিয়া নয়াপাৰা, লটুৰটাৰীকে ধৰি কুৰিখনৰো অধিক গাঁও ইতিমধ্যে ব্ৰহ্মপুত্ৰত বিলীন গৈছে ৷ আনহাতে বিগত ২০১৭ চনত সোণতলীৰ পানীখাইতীত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিঅ’বেগৰ আঁচনি ৰূপায়ন কৰা হৈছিল। জলসম্পদ বিভাগে পানীখাইতী অঞ্চলটোত প্ৰায় ১৪ কোটি টকা ব্যয় সাপেক্ষে জিঅ’ বেগৰ জৰিয়তে এই গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰিছিল ৷ পানীখাইতীত সেইসময়ত জিঅ’বেগৰ জৰিয়তে গৰাখহনীয়া প্ৰতিৰোধৰ কাম অতি নিম্নমানৰ হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। সেইসময়ত পানীখাইতী অঞ্চলটোত জিঅ’বেগৰ নিম্নমান কাম কৰাত উক্তস্থানত আজি দুপৰীয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়া আৰম্ভ হৈছে ৷ ফলত জলসম্পদ বিভাগৰ ১৪ কোটি টকীয়া জিঅ’ বেগ পানীত উটি যোৱাৰ লগতে ব্ৰহ্মপুত্ৰৰ খহনীয়াই অঞ্চলটোত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইপিনে চপৰা-চপৰে খহা মাটিয়ে জিঅ’বেগৰ জৰিয়তে খহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰাত অঞ্চলবাসীয়ে বিষয়টো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও এই বাতৰি লিখা পৰলৈকে কোনো লোক সেইস্থানলৈ যোৱা নাই।
কৃষি বিধেয়কক লৈ মিছা প্ৰচাৰ চলিছে : প্ৰধানমন্ত্ৰী
দৈনন্দিন বাৰ্তা ডেস্ক : কৃষিক্ষেত্র সংস্কাৰৰ বিধেয়ক ‘কৃষক-বিৰোধী’ বুলি চিহ্নিত কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে শিৰোমণি আকালি দলৰ নেত্ৰী হৰচিমৰৎ কৌৰ বাদলে ৷ শুকুৰবাৰে সেই বিধেয়কৰ সমৰ্থনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, ঐতিহাসিক এই বিধেয়ক কৃষকসকলৰ ৰক্ষাকবচ ৷ এটা শক্তিয়ে কৃষি বিধেয়কক লৈ কৃষকসকলক বিভ্রান্ত কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ কৰি মত প্ৰকাশ কৰি কয়, কৃষকে যাতে ফচল ন্যুনতম সহায়ক মূল্য পাই তাক নিশ্চিত কৰাত আমাৰ চৰকাৰ দায়বদ্ধ ৷ বিহাৰৰ কোশী নদীৰ এখন দলং উদ্বোধন উপলক্ষে ভাৰ্চুৱেল সভাত মোডীয়ে কয়, নানা ভুল তথ্য আৰু পৰিসংখ্যা দি কৃষকক উচতাই দিয়াৰ চেষ্টা চলিছে ৷ কোৱা হৈছে তেওঁলোকৰ ফচলৰ উচিত দাম নাপায় ৷ কিন্তু যি এইটো কৰিছে তেওঁলোকে ভুল কৰিছে ৷ আমাৰ কৃষকসকল বহু সচেতন ৷
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ হৰচিমৰৎ কৌৰ বদলৰ
দৈনন্দিন বাৰ্তা ডেস্ক : কৃষি বিধেয়কৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে হৰচিমৰৎ কৌৰ বদলে ৷ শুকুৰবাৰে পুৱা তেওঁৰ পদত্যাগ গ্ৰহণ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দই ৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় মন্ত্ৰীসভাৰ পৰা শিৰোমণি আকালি দল এৰি যোৱাৰ পাচত স্বাভাৱিকতে চাপ পৰিছে হাৰিয়ানাৰ উপ মুখ্যমন্ত্ৰী দুষ্মন্ত সিং চৌটালাৰ ওপৰত ৷ কাৰণ তেওঁৰ দল জননায়ক জনতা পাৰ্টি বা জেজেপি হাৰিয়ানা চৰকাৰৰ বিজেপি মিত্ৰ জোঁটৰ হ’লেও আকালি দলৰ সৈতে একমত হৈ কৃষি বিধেয়কৰ বহু বিষয়ত আপত্তি কৰিছিল ৷ হৰচিমৰৎ কৌৰ বদলৰ স্বামী তথা আকালি দলৰ নেতা সুখবীৰ সিং বাদল দুষ্মন্ত সিং চৌটালাৰ ককাক তথা আইএনএলডিৰ প্রতিষ্ঠাতা দেৱী লালক দেশৰ অন্যতম শ্ৰেষ্ঠ কৃষক নেতা হিচাপে আখ্যা দিছিল ৷ ফলত চিন্তিত দুষ্মন্ত সিং চৌটালাই শুকুৰবাৰে পুৱা হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰৰ সৈতে দেখা কৰে৷ তাৰ পাচত নিজৰ দলৰ নেতাসকলৰ সৈতে আলোচনাত বহে ৷ উল্লেখ্য যে ৯০ খন আসনৰ হাৰিয়ানা বিধানসভাত ১০ গৰাকী বিধায়ক আছে জেজেপিৰ ৷ যাৰ ভাৰসাত যোৱা বছৰ ৰাজ্যত ক্ষমতা দখল কৰিছিল খট্টৰে ৷ হৰচিমৰৎ কৌৰ বদলৰ পদত্যাগৰ খবৰ পাই দুষ্মন্ত সিং চৌটালাক কটাক্ষ কৰি কংগ্ৰেছৰ ৰণদীপ সুৰজেৱালাই টুইট কৰে, হৰচিমৰতা পদত্যাগৰ পাচত আপুনি উপ মুখ্যমন্ত্ৰী পদৰ এৰি অহা উচিত আছিল দুষ্মন্তজী ৷ আপুনি কৃষকসকলতকৈ বেছি আপোনাৰ চকীৰ সৈতে একাত্ম ৷ উল্লেখ্য যে আকালি দল আৰু জেজেপি দুয়োটা দলে পাৰিবাৰিক সম্পৰ্ক আছে আৰু গ্রামীণ ক্ষেত্ৰত দুয়োটা দলা প্ৰভাৱ বহু গভীৰ ৷ স্মৰ্তৱ্য যে যোৱা ১০ ছেপ্টেম্বৰত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত কৃষকৰ ওপৰত লাঠিচালনা ঘটনাত ক্ষুব্ধ জেজেপি নেতা ৷ তেতিয়া নীৰৱ আছিল যদিও পাচত দুষ্মন্ত সিং চৌটালাই ঘটনাৰ নিন্দা কৰি তদন্তৰ দাবী জনায় ক্ষান্ত হয় ৷ অৱশ্যে ৰাজ্যৰ মন্ত্ৰী অনিল ভিজে লাঠিচালনাা কথা সম্পূৰ্ণ গুৰুত্বহীন কৰি দিছিল ৷ ইয়াকে লৈ অধিক অসন্তোষৰ সৃষ্টি হৈছিল জেজেপিৰ ভিতৰ মহলত ৷ উল্লেখ্য যে বিধায়ক ৰাম কুমাৰ গৌতমে দুষ্মন্ত সিং চৌটালাৰ নামত বিৰোধিতা কৰিছিল ৷ এইবাৰ আন এক বিধায়ক দেৱানন্দ বাবলিয়ে নেতৃত্ব সলনিৰ দাবী কৰিছে ৷ সমস্যাটো লৈ তেওঁৰ ভাতৃ তথা দলৰ যুৱ শাখাৰ প্রধান দিগ্বিজয় সিং চৌটালা বৃহস্পতিবাৰে কৈছিল, তেওঁৰ দল সকলো সময়তে কৃষকৰ কাষত থাকিব ৷











