Home Blog Page 3202

পশ্চিম বংগৰ মহাবিদ্যালয়ত মেধাৰ তালিকাত কণ্ঠশিল্পী নেহা কাক্কাৰ

দৈনন্দিন বাৰ্তা ডেস্ক : ছানী লিয়নিৰ পাচত পশ্চিম বংগৰ মালদা জিলাৰ এখন মহাবিদ্যালয়ৰ এইবাৰ মেধাৰ তালিকাত সোমাল কণ্ঠশিল্পী নেহা কাক্কাৰ ৷ তালিকা মতে নেহাই মাণিকচক কলেজৰ পৰা কলা বিভাগত প্ৰথম স্থান লাভ কৰিছে ৷ তদুপৰি শিক্ষা আৰু ইংৰাজী সন্মানত একেখন মহাবিদ্যালয়ৰ পৰা তেওঁৰ নাম প্ৰথম স্থান লাভ কৰা বুলি আছে ৷ মাণিকচক কলেজৰ কৰ্তৃপক্ষই কয় যে মেধাৰ তালিকাত কণ্ঠশিল্পীগৰাকীৰ নাম মেধাৰ তালিকাত শুকুৰবাৰে প্ৰকাশ পোৱাটো দেখিবলৈ পায় ৷ ইয়াৰ পাচত শুদ্ধৰণি কৰা হয় ৷ এই বিষয়ে স্থানীয় আৰক্ষী আৰু পশ্চিম বংগৰ চাইবাৰ ক্ৰাইম চেলত ওচৰত অভিযোগ দিয়া হৈছে ৷ উল্লেখ্য যে কিছুদিনৰ আগতে কলকাতাৰ আশোতোষ কলেজৰ মেধাৰ তালিকাত ছানী লিয়নিৰ নাম মেধাৰ তালিকাত অন্তভূক্ত হৈছিল ৷ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই কলকাতা আৰক্ষীৰ চাইবাৰ চেলত অভিযোগ দিছিল ৷

তৈয়াৰ কৰা হৈছে তালিকা : অযোগ্য দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক অৱসৰ ল’বলৈ বাধ্য কৰাব কেন্দ্ৰই

দৈনন্দিন বাৰ্তা ডেস্ক : যিসকল কৰ্মচাৰীৰ ৩০ বছৰ পূৰ্ণ কৰিছে, তেওঁলোকৰ ছাৰ্ভিচ ৰেকৰ্ড চাবলৈ সকলো বিভাগৰ সচিবক নিৰ্দেশ দিছে কেন্দ্ৰই ৷ তাৰ পৰা অযোগ্য আৰু দুর্নীতিগ্রস্ত কৰ্মচাৰীক চিহ্নিত কৰি জনস্বাৰ্থত তেওঁলোকক আগতীয়া অৱসৰ দিয়া হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে ৷ কেন্দ্ৰৰ এক নিৰ্দেশনাত কোৱা হৈছে, ফাণ্ডামেণ্টাল ৰোল ৫৬ (জে), ৫৬ (এল) আৰু ১৯৭২ৰ চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ (পেন্সন) ৪৮ (১) (বি) ধাৰা অনুযায়ী উপযুক্ত কৰ্তৃপক্ষৰ হাতত জনস্বাৰ্থত কোনো চৰকাৰী কৰ্মচাৰীক আগতীয়া অৱসৰ দিয়াৰ ক্ষমতা দিয়া হৈছে ৷ অৱশ্যে এয়া বাধ্যতামূলক অৱসৰৰ দৰেহে শাস্তিমূলক নহয় ৷ এই ব্যৱস্থাত কৰ্মজীৱনৰ ৩০ বছৰ পূৰ্ণ হ’লে বা কৰ্মচাৰীৰ ৫০-৫৫ বছৰ বয়স হ’লে চৰকাৰে জনস্বাৰ্থত তেওঁক আগতীয়া অৱসৰ দিব পাৰে ৷ শুকুৰবাৰে এই মৰ্মে নিৰ্দেশ জাৰি কৰা হৈছে ৷ এই নিৰ্দেশনাত দাবী কৰা হৈছে যে চৰকাৰী কৰ্মচাৰীৰ দক্ষতা নিৰিক্ষণ কৰি মাজে মাজে এই ধৰণৰ নিৰ্দেশনা জাৰি কৰা হয় ৷ নতুন নিৰ্দেশনাত সেয়া স্পষ্ট কৰা হৈছে ৷ যাতে বিভিন্ন বিভাগত ইয়াক কাৰ্যকৰী কৰা হয় তাকো নিশ্চিত কৰা হৈছে ৷ এই নিৰ্দেশ অনুযায়ী, গ্ৰুপ এ আৰু গ্ৰুপ বিৰ ক্ষেত্ৰত বয়স যদি ৫০ বছৰ হয় (যদি ৩৫ বছছৰ বয়স হোৱাৰ আগতে কামত যোগ দিয়ে) তেওঁৰ দক্ষতা পৰ্যৱেক্ষণ কৰা হ’ব ৷ নতুবা ৫৫ বছৰৰ পাচত (৩৫ বছৰ বয়সৰ পাচত কামত যোগ দিছে) সেয়াও কৰা হ’ব ৷ গ্ৰুপ চি আৰু আন স্তৰৰ ক্ষেত্ৰত (পেন্সন ৰুলৰ অন্তগৰ্ত নহ’লে) ৩০ বছৰ কৰ্মজীৱন পূৰ্ণ কৰিলে তিনি মাহৰ লিখিত জাননী আৰু বেতন আৰু ভাট্টা দি তেওঁৰ আগতীয়া অৱসৰ দিয়া হ’ব পাৰে ৷ পেন্সন ৰুলৰ অন্তর্গত যিকোনো কৰ্মচাৰীক ৩০ বছৰ কাম কৰাৰ পাচত পাৰফৰ্মমেন্স নিৰিক্ষণ কৰি অৱসৰ দিব ৷ সেইক্ষেত্ৰত তিনি মাহৰ জাননী, বেতন-ভাট্টা আৰু অৱসৰকালীন পেন্সন আৰম্ভ কৰা হ’ব ৷ প্ৰতিটো বিভাগকে তাৰ বাবে ৰেজিষ্টাৰ তৈয়াৰ কৰিবলৈ কোৱা হৈছে৷ প্ৰতি তিনি মাহত আৰম্ভণিতে ইয়াক দেখুৱাব জ্যেষ্ঠ বিষয়াক ৷ চোৱা হ’ব সংশ্লিষ্ট পদত কাম কৰাৰ দক্ষতা কৰ্মচাৰীজনৰ আছে নে নাই, তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আছে নে নাই ৷ লগতে চাব তেওঁৰ কৰ্মজীৱনৰ ছাৰ্ভিচ ৰেকৰ্ড, বাৰ্ষিক পাৰফৰ্মমেন্স এপ্ৰাইজেল ৰিপৰ্ট ৷ সংশ্লিষ্ট কৰ্মচাৰীৰ ফাইল আৰু ৰিপৰ্ট পৰীক্ষা কৰা হ’ব পাৰে ৷

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পকোৱাৰ আঞ্চলিক সমিতি গঠন

নলবাৰী : আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ অন্তৰ্গত দক্ষিণ পকোৱাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এখন আঞ্চলিক সমিতি গঠন কৰা হয়। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ সভাপতি মনোৰম কলিতাৰ সভাপতিত্বত, উপদেষ্টা গৌতম কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক নিৰোদ দাস, সাংস্কৃতিক সম্পাদক কৌশিক বৰ্মণ, বৰভাগ আঞ্চলিক সমিতিৰ সভাপতি তাজিমউদ্দিন আহমেদ, প্ৰচাৰ সম্পাদক বিৰু আলীৰ উপস্থিতিত আব্দুল আৱালক সভাপিত আৰু কিশোৰ ডেকাক সাঃ সম্পাদক হিচাপে দায়িত্ব অৰ্পণ কৰি দক্ষিণ পকোৱা আঞ্চলিক সমিতিখন গঠন কৰা হয়। পৰিষদৰ পতাকা আৰু সংবিধানৰ সন্মান অক্ষুন্ন ৰাখি কাম কৰি যোৱাৰ সংকল্পৰে প্ৰতিজন বিষয়ববীয়াই শপত গ্ৰহণ কৰে।

খাদ্যৰ নামত বৰবিহ : চাহপানী নে বিহপানী

নাজিৰা : দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱণ কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ নিত্য ব্যৱহাৰ্য প্ৰতিটো খাদ্য সামগ্ৰীতেই বিভিন্ন ধৰণৰ মাৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে৷ উদাহৰণস্বৰূপে আমাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ৰাতিপুৱা শুই উঠাৰ পৰাই দিনটোত কেইবাবাৰো খোৱা “চাহপানী” টোপাৰ কথাই ক’ব পাৰি৷ ৭৬৫ খন বৃহৎ আৰু প্ৰায় এক লাখৰো অধিক মজলীয়া তথা সৰু সৰু চাহ বাগান থকা আমাৰ অসমে বছৰি প্ৰায় ৫৭০ মিলিয়ন কিলোগ্ৰামতকৈও বেছি চাহপাত উৎপাদন কৰে৷ চাহ গছৰ অধিক উৎপাদনশীলতাৰ বাবে সৰু বৰ চাহ বাগান সমূহে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কীটনাশক আৰু পুষ্টিবৰ্দ্ধক ৰাসায়নিক সাৰ সমূহৰ অৱশিষ্ট চাহপাতত ৰৈ যোৱাৰ হেতু আজিকালি স্বাস্থ্য সচেতন পশ্চিমীয়া বিশ্বকে ধৰি আন বহু দেশেও ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা খাদ্য সামগ্ৰী বৰ্জ্জনৰ বিপৰীতে জৈৱিক(Organic) কৃষিক প্ৰাধান্য দিয়াৰ ফলত ভাৰতীয় চাহৰ বজাৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যদিও আমাৰ সাধাৰণ ৰাইজে আজিও বিনাদ্বিধাই ৰাসায়নিক দ্ৰব্য মিশ্ৰিত চাহকে ধৰি আন বিভিন্ন এনে খাদ্যকেই গ্ৰহণ কৰি আছো৷

জামুগুৰিহাটত ৯ বছৰীয়া কিশোৰৰ গ্ৰন্থ উন্মোচন : প্ৰকাশ পালে “EXPRESSIONS OF THE MIND IN WORDS”

জামুগুৰিহাট : কুসুমটোলাত কালি ৯ বছৰীয়া কিশোৰ লক্ষ্যজয় কলিতাৰ “EXPRESSIONS OF THE MIND IN WORDS” শীৰ্ষক এখনি ইংৰাজী ভাষাৰ গ্ৰন্থ উন্মোচন হয়। সেই উপলক্ষে অনুষ্ঠিত উন্মোচনী সভাখনত সভাপতিৰ আসন গ্ৰহণ কৰে ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী গ্ৰন্থাগাৰ সুৰেন কলিতাই। যুৱ লেখক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই আঁত ধৰা আৰু গ্ৰন্থকাৰৰ পিতৃ দেবজিৎ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত গ্ৰন্থ উন্মোচক হিচাপে বিশিষ্ট লেখক, শিশু সাহিত্যিক বিশ্বনাথ চাৰিআলিৰ দিলীপ কুমাৰ ভট্টাচার্য আৰু বিশিষ্ট অতিথি হিচাপে আসন লয় পাঁচিঘাট চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষ ধৰ্মেশ্বৰ হাজৰিকাই। সভাৰ প্ৰাৰম্ভিকতে প্ৰয়াত অঞ্জলি কলিতাৰ প্ৰতিছৱিত পুষ্পাঞ্জলি অৰ্পণ কৰে গ্ৰন্থকাৰ লক্ষ্যজয় কলিতাই। উল্লেখ্য যে ২০১০ চনৰ ৩০ আগষ্টত ইটানগৰত জন্মলাভ কৰা আৰু শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰত শিক্ষাৰ পাতনি মেলা লক্ষ্যজয় কলিতা বৰ্তমান তেজপুৰ গুৰুকুলৰ চতুর্থ মানৰ ছাত্ৰ। ৪ বছৰ বয়সৰ পৰাই সাহিত্য কৰ্মত জড়িত অসাধাৰণ প্ৰতিভাৰ স্বাক্ষৰ লক্ষ্যজয়ে নিজকে এগৰাকী ধ্ৰুপদী সংগীতৰ গায়ক হিচাপেও প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে তেওঁ ভাটখাণ্ডে বিশ্ববিদ্যালয়ৰ পৰা ভোকেলত মধ্যমা ডিগ্ৰী লাভ কৰাৰ লগতে গুৱাহাটী জিলা পুথিভঁৰালত অনুষ্ঠিত সৰ্বভাৰতীয় সংগীত ও সংস্কৃত পৰিষদ কলকতাৰ অনুষ্ঠানত দুবাৰকৈ ধ্ৰুপদী সংগীত পৰিবেশনেৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। জামুগুৰিহাটৰ কুসুমটোলাৰ দেবজিৎ কলিতা আৰু ইন্দ্ৰানী কলিতাৰ পুত্ৰ আৰু ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক গোলাপ কলিতাৰ নাতি লক্ষ্যজয়ে সৰ্বভাৰতীয় প্ৰতিভা সন্ধানী পৰীক্ষাতো পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। এক বৌদ্ধিক সামাজিক পৰিবেশত ডাঙৰ হোৱা লক্ষ্যজয়ৰ এই সফলতা যাত্ৰাৰ মূৰ আঁৰিয়া ধৰোতা হিচাপে তেওঁৰ আইতাক প্ৰয়াত অঞ্জলি কলিতা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। অতি কম বয়সৰ পৰাই গ্ৰন্থ প্ৰতি বিশেষ আকৰ্ষিত হোৱা লক্ষ্যজয়ৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজিত সভাখনত উন্মোচন হিচাপে উপস্থিত থকা দিলীপ কুমাৰ ভট্টাচার্যই এটি কণমানিৰ এনে কৰ্ম নিসন্দেহে প্ৰশংসনীয় আৰু সমাজৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰি ইংৰাজী ভাষাৰ সমানুপাতিকভাবে অসমীয়া ভাষাতো লিখা-মেলা আগবঢ়াই নিবলৈ পৰামৰ্শ আগবঢ়াই। তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে কিতাপেহে প্ৰকৃতাৰ্থত এখন দেশ শাসন কৰে আৰু মানুহ গঢ়াত কিতাপেই মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। বিশিষ্ট অতিথিৰ ভাষণত ধৰ্মেশ্বৰ হাজৰিকাই সাম্প্রতিক সময়ত পুথিভঁৰালৰ প্ৰাসংগিকতা সম্পর্কে বিস্তৃত বাখ্যা দাঙি ধৰি অসমৰ পুতৌলগা পুথিভঁৰাল ব্যবস্থাৰ বাবে দুখ প্ৰকাশ কৰে। মুঠ ২০ টা লেখনিৰে সমৃদ্ধ “EXPRESSIONS OF THE MIND” শীর্ষক সচিত্র গ্ৰন্থখনত আশিসসূচক শুভেচ্ছাৰে সৌষ্ঠব বৃদ্ধি কৰিছে ক্ৰমে ইন্দীয়ান নেভিৰ কেপ্তেইন এডউইন জ্যোতিৰাজন, শ্ৰী শ্ৰী ৰবিশংকৰ বিদ্যা মন্দিৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী সুস্মিতা সোম, তেজপুৰ গুৰুকুলৰ প্ৰধান শিক্ষয়িত্ৰী মৰমী শইকীয়া বৰুৱা, মুনীন্দ্ৰ নাথ তামুলী আৰু গোলাপ কলিতাই। গ্ৰন্থখনে শিশুসকলৰ সাহিত্য চর্চাত বিশেষ অৰিহণা যোগাব বুলি সভাই একেমুখে মত পোষণ কৰে।

অমিয় নগৰ-জয়পুৰৰ সমস্যাৰ বুজ ল’লে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই

অনলাইন বাৰ্তা : গুৱাহাটী মহানগৰীৰ চানমাৰিস্হিত অমিয় নগৰ-জয়পুৰৰ বাসিন্দাৰ বিভিন্ন সমেস্যাৰ বুজ ল’লে পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ কালি দিনৰ ১১ বজাত জয়পুৰ পানী যোগান আঁচনি পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ এক সভা অনুষ্ঠিত হয় ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ বৃহত্তৰ অঞ্চলৰ উন্নয়নৰ বাবেই মন্ত্ৰীগৰাকীক সমিতিৰ তৰফৰ অৱগত কৰে ৷ কৰোনা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত সৰ্বাংগীণ উন্নয়ন স্তব্ধ হৈছিল অঞ্চলবাসী ৰাইজৰ ৷ সেয়ে মন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই উন্নয়নমূলক কাম-কাজ তাৰাম্বিত কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে সভাখনত পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বৃহত্তৰ অঞ্চলত প্ৰায় দুই শতাধিক সদস্য উপস্থিত থাকে ৷

পৰীক্ষাক লৈ নহ’ল চৰ্চা : পুতলাক লৈ চৰ্চাত প্ৰধানমন্ত্ৰীক আক্ৰমণ ৰাহুল গান্ধীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : বিশ্বৰ পুতলা খেলা সামগ্ৰীৰ বজাৰ কাৰ্যত একচেটিয়া দখল চীনৰ ৷ কিন্তু ভাৰত কাৰ্যত উল্লেখ কৰাৰ দৰে ঠাই নাই ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুতলা বজাৰত দেশীয় উদ্যোগপতিৰ অধিক অংশ লোৱাৰ আহ্বান জনোৱাৰ কটাক্ষ কৰিলে ৰাহুল গান্ধীয়ে৷ প্ৰাক্তন কংগ্ৰেছ সভাপতিয়ে মত, ছাত্ৰ-ছাত্ৰীৰ ‘পৰীক্ষা পে চৰ্চা’ চাইছেনে ৷ প্ৰধানমন্ত্ৰীয়ে কৰিছে ‘পুতলা পে চৰ্চা’ ৷ ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ মাজতে ১ ছেপ্টেম্বৰত নেচনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট (নিট) আৰু জয়েণ্ট এণ্ট্ৰেন্স এগজাম (জেইই) পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই ৷ কিন্তু এই পৰিস্থিতিৰ মাজত পৰীক্ষা অনুষ্ঠিত কৰাৰ বিৰুদ্ধে তীব্ৰ সমালোচনা হৈছে ছাত্ৰ আৰু শিক্ষক-শিক্ষাবিদৰ মাজত ৷ ৰাজনৈতিকভাৱে প্ৰতিবাদৰ লগতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ, তৃণমূলসহ বিৰোধী দলবোৰ ৷ ইয়াৰ মাজতে দেওবাৰে মাহেকীয়া ‘মন কি বাত’ অনুষ্ঠানত বক্তৃতা দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ কিন্তু তেওঁৰ সেই বক্তৃতাত শিক্ষাৰ্থীৰ এই উদ্বেগৰ বিষয়টো এইবাৰ উল্লেখ নকৰিলে ৷ কিন্তু বিশ্বত পুতলা বজাৰত ভাৰতীয়ৰ অধিক অংশগ্ৰহণৰ আহ্বান জনায় ৷ মোডীৰ সেই বক্তব্যৰ পাচত ৰাহুল গান্ধীয়ে টুইট কৰি কয়, নিট-জেইই পৰীক্ষাৰ্থীয়ে প্ৰধানমন্ত্ৰীৰ ওচৰত ‘পৰীক্ষা পে চৰ্চা’ বিচাৰে ৷ কিন্তু প্ৰধানমন্ত্ৰীয়ে কৰিলে ‘পুতলা পে চৰ্চা’ ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত নৰেন্দ্ৰ মোডী তথা বিজেপিৰ অন্যতম কৰ্মসূচী আছিল ‘চায়ে পে চৰ্চা’ ৷ নিট-জেইই লৈ শুকুৰবাৰে কেন্দ্ৰক তীব্ৰ আক্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে ৷

‘মন কি বাত’ত ভিদা, ছোফি, বলোৰামক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

দৈনন্দিন বাৰ্তা ডেস্ক : দেশৰ নিৰাপত্তাত কুকুৰে লোৱা ভূমিকাৰ ওপৰত ৬৮ সংখ্যক ‘মন কি বাত’ অনুষ্ঠানত উল্লেখ কৰে৷ তেওঁ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দি জনগণক ভাৰতীয় জাতৰ কুকুৰ গ্ৰহণৰ আহ্বান কৰে৷ সুৰক্ষা বাহিনীত কুকুৰৰ ভূমিকাক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে দুটা সাহসী চৰিত্ৰৰ নাম উল্লেখ কৰিছে ছোফিয়া আৰু ভিদাৰ, যাক এই বছৰ ৭৪ তম স্বাধীনতা দিৱসত চিফ অব আৰ্মি ষ্টাফক প্ৰশংসা কাৰ্ড দিছিল৷ তেওঁ লগতে কয়, দুৰ্যোগ ব্যৱস্থাপনা আৰু উদ্ধাৰ অভিযানত কুকুৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ভাৰতত এনডিআৰএফ-এ কেইবা ডৰ্জন কুকুৰ প্ৰশিক্ষণ দিছে৷ এই কুকুৰবোৰ ভূমিকম্প বা অট্টালিকা ভাঙিলে আবদ্ধ হৈ থকা মানুহ চিনাক্ত কৰাত বিশেষজ্ঞ৷ মোডীয়ে মোদোল হাউণ্ড, হিমাচলি হাউণ্ড, ৰাজপালায়াম, কন্নী, চিপ্পিপাড়াই আৰু কম্বাইৰ দৰে বহু কেইটা ভাৰতীয় জাতৰ নাম লয়৷ এইবোৰৰ ৰক্ষণাবেক্ষণৰ ব্যয় কম আৰু ভাৰতীয় অৱস্থাৰ সৈতে অভ্যস্ত৷ আমাৰ সুৰক্ষা বাহিনী ভাৰতীয় জাতৰ কুকুৰক তেওঁলোকৰ স্কোৱাদত অন্তভূক্ত আৰু প্ৰশিক্ষণ দিছে৷ আমাৰ সশস্ত্ৰ বাহিনীৰ হাতত এনে বহু সাহসী কুকুৰ আছে যি দেশৰ বাবে বাস কৰে আৰু সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে এনেদৰে উল্লেখ কৰি কয়, এই জাতীয় কুকুৰবোৰে বহু বোমা বিস্ফোৰণ আৰু সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ এনে এটা কুকুৰ বলৰামে ২০০৬ চনত অমৰনাথ যাত্ৰাৰ পথত প্ৰচুৰ পৰিমাণৰ বিস্ফোৰক চিনাক্ত কৰিছিল৷ ২০০২ চনত ভাৱনাই আইইডি চিনাক্ত কৰিছিল৷ আইইডি বিচ্ছিন্ন কৰাৰ সময়, সন্ত্ৰাসবাদীৰ এটা বিস্ফোৰণ ঘটায় আৰু শ্বহীদ হয়৷ মোডীয়ে প্ৰসংগক্ৰমে এই কথা উল্লেখ কৰে৷ মোডীয়ে কয়, দুই তিনি বছৰৰ আগতে ছত্তিছগড়ৰ বিজপুৰত আইইডি বিস্ফোৰণত ক্ৰেকাৰ নামৰ কুকুৰটো শ্বহীদ হৈছিল৷ সম্প্ৰতি টিভিত এক আবেগময় দৃশ্য দেখিব পায় য’ত বীড পুলিচে তেওঁলোকৰ কুকুৰ ৰকিক এটা অশ্ৰুসঞ্চাৰৰ অধিকাৰী বুলি কৈছিল৷ ৰকিয়ে আৰক্ষীক ৩০০ টাৰো বেছি ঘটনা সমাধানত সহায় কৰিছিল৷ নাগৰিকসকলক ভাৰতীয় জাতৰ কুকুৰ গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোডীয়ে কয়, পিছৰ বাৰ আপুনি পোহনীয়া কুকুৰ ৰখাৰ কথা ভাবে, তেতিয়া অৱশ্যেই ভাৰতীয় জাতৰ এটা কুকুৰ ঘৰলৈ আনিব৷ যেতিয়া আত্মনিৰ্ভৰ ভাৰত জনসাধাৰণৰ মন্ত্ৰ হৈ উঠিব তেতিয়া কোনো অঞ্চলক পিছ ফালে ৰখা উচিত নহয়৷ প্ৰধানমন্ত্ৰীয়ে কয়, ভাৰতীয় সেনা বাহিনী, কেন্দ্ৰীয় উদ্যোগ সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰহৰীয়ে ভাৰতীয় জাতৰ কুকুৰ প্ৰৱৰ্তন আৰম্ভ কৰিছে৷ ভাৰতীয় কৃষি গৱেষণা পৰিষদে ভাৰতীয় জাতৰ কুকুৰক লৈ গৱেষণা কৰিছে৷

জামুগুৰিহাটত অসম ভিত্তিত অন লাইন সংগীত প্ৰতিযোগিতাৰ বঁটা বিতৰণ । একাঁজলি সুৰৰ সন্ধানৰ প্ৰশংসনীয় পদক্ষেপ

জামুগুৰিহাট : যোৱা মে’ মাহৰ পৰা অনুষ্ঠিত একাঁজলি সুৰৰ সন্ধানত অনলাইন সংগীত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি স্থান লাভ কৰা জামুগুৰিহাটৰ শ্ৰেষ্ঠ প্ৰতিযোগীসকলক ২৯ আগষ্টত জামুগুৰিহাটৰ শ্বহীদ ভৱনত বঁটা সমূহ প্ৰদান কৰা হয়। সেই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী সভাখনত সঞ্চালকৰ আসন অলংকৃত কৰে যুৱ লেখক সাংবাদিক তথা অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাই। যুৱ সমাজকৰ্মী, শিক্ষক জিতু কুমাৰ নাথ আৰু কামিনী কাকতিয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে আসন লয় বিশিষ্ট সাংস্কৃতিক কৰ্মী বিশ্বনাথ চাৰিআলিৰ সোণমনি বৰা আৰু চতিয়াৰ জয়ন্ত নাথে। কণমানি অনসূয়া গায়নৰ বৰগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক উপস্থিত থকা সভা খনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষয়িত্ৰী সেবিকা বৰা দাসে। উল্লেখযোগ্য যে সোণমনি বৰা আৰু জয়ন্ত নাথৰ পৰিচালনাত ‘একাঁজলি সুৰৰ সন্ধান’ নামৰ সামাজিক মাধ্যমৰ পেজটোৰ জৰিয়তে অসম ভিত্তিত বৰগীত, লোকগীত, বিহু, ভূপেন্দ্র সংগীত, জয়ন্ত হাজৰিকা, দিপালী বৰঠাকুৰৰ গীতৰ পৰা জুবিন, পাপন, নীল আকাশৰ গীতলৈকে মুঠ ৩৫ টা বিভাগত প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসমৰ বিশিষ্ট শিল্পীসকলৰ দ্বাৰা নিৰ্বাচিত শ্ৰেষ্ঠ প্ৰতিযোগীসকলক কেন্দ্র ভিত্তিত পুৰস্কাৰ সমূহ বিতৰণ কৰা হৈছে। গীত -মাতেৰে সজোৱা আজিৰ অনুষ্ঠানটো গীতেৰে সজীৱ কৰি তোলে ক্ৰমে সংস্কৃতি প্ৰিয়া কাশ্যপ, বিশালতা নন্দা ৰাজবংশী, কামিনী কাকতি, কংকনা কাকতি, বৈশালী দেৱী, ধ্ৰুৱজ্যোতি শইকীয়া, জ্যোতিমালা বৰদলৈ, ঝৰ্ণা ভড়ালী, ধীৰাজ বৰা, ৰক্তিম বৰা, আৰু বিশিষ্ট শিল্পী পূৰ্ণ নাথে। ঠিক সেইদৰে কবিতাৰে অনুষ্ঠানটো সজাই তোলে অনুৰাগ গায়ন, সেৱিকা বৰা দাস, জিতু কুমাৰ নাথে। অনুষ্ঠানটিত মুখ্য বক্তাসকলৰ উপৰিও বিশিষ্ট সমাজকৰ্মী জগত শইকীয়া, মিন্টু নাথ আৰু যুৱ সমাজকৰ্মী সংগ্ৰাম ৰতন ৰাজবংশীয়ে প্ৰতিযোগীসকলক উদ্দেশ্যি বক্তব্য প্ৰদান কৰে। এক গাম্ভীর্যপূৰ্ণ পৰিবেশত সম্পূৰ্ণ চৰকাৰী নীতি নিয়ম মানি অনুষ্ঠিত হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই জ্যোতিমালা শৰ্মা বৰদলৈ। অনুষ্ঠানটি সফল ৰূপায়নত সকলোলৈ কৃতজ্ঞতা জ্ঞাপন কৰে উদ্যোক্তাসকলে।

দুৰ্গা মন্দিৰৰ ওপৰত গো মাংস বনোৱাক লৈ নলবাৰীত হাহাকাৰময় পৰিস্থিতি । চাৰিজন যুৱক আটক

নলবাৰী : নলবাৰীত গো মাংস কেন্দ্ৰ কৰি উত্তেজনায় পৰিবেশৰ সৃষ্টি । চাৰিজনকৈ যুৱকে গো মাংস ৰন্ধাৰ হৈ উত্তম মাধ্যম সোধালে ৰাইজে । ঘটনা অনুসৰি আজি নলবাৰী জিলাৰ চাৰমিনাৰ চকৰ সমীপত থকা ৰেল লাইনৰ গেট অপাৰেটিং কাৰ্যালয়ৰ নিচেই ওচৰতে ৰেলৱে ঠিকাদাৰ অধীনস্থ চাৰিজন কৰ্মচাৰীয়ে মুকলি ভাৱে গো মাংস বনাই আছিল । ৰঙিয়া নিবাসী হিচাপে পৰিচয় দিয়া চাৰি কৰ্মচাৰী নাম ক্ৰমে ইমাম হুচেইন,আজাদ আলী,চাইনুল হক আৰু চাইজুদ্দিন আলী । মন কৰিবলগীয়া বিষয় যে ৰেলৱে গেট অপাৰেটিং কাৰ্যালয়টোৰ লগত লাগি আছে শ্ৰী শ্ৰী মা দূৰ্গাৰ এটি অতিকৈ উক্ত স্হানটিৰ প্ৰসিদ্ধ পুৰণি মন্দিৰ । যুৱক কেইজনে গো মাংস বনাই থকাৰ কথা স্হানীয় ৰাইজে অৱগত হোৱাৰ পিছত উক্ত ঠাইত উপস্থিত হয় যুৱক কেইজনক উত্তম মাধ্যম দিয়ে । আনহাতে সংবাদ মাধ্যমৰ আগত যুৱক কেইজনে গো মাংস বনাই থকা বুলি প্ৰকাশ কৰে । এই ঘটনা বতাহৰ দৰে বিয়পাৰ পিছত নলবাৰীৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে একাংশ দল সংগঠনে ব্যাপক প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । পিছত ঘটনাস্থলীত নলবাৰী পুলিচ উপস্থিত হৈ চাৰিওজন যুৱককে কৰায়ত্ত কৰি নলবাৰী সদৰ থানাক লৈ আহে । উল্লেখযোগ্য যে এই ঘটনা সংঘটিত হোৱা ঠাইখিনিৰ নিচেই ওচৰতে স্থানীয় বিধায়ক অশোক শৰ্মাৰ বাসগৃহ ।