দৈনন্দিন বাৰ্তা ডেস্ক : অহা ৩১ আগষ্টত আনলক ৩ শেষ হ’ব ৷ আনহাতে ১ ছেপ্টেম্বৰৰ পৰা আনলক ৪ আৰম্ভ হ’ব ৷ যোৱা পাঁচ মাহ ধৰি দেশজুৰি বন্ধ আছে শিক্ষানুষ্ঠান ৷ আনলক ৪ আৰম্ভ হ’লে শিক্ষানুষ্ঠানবোৰ খুলিবনে নাই তাক লৈ এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ দেশৰ বিভিন্ন নগৰত মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ চিন্তা কৰা হৈছে ৷ অৱশ্যে এইক্ষেত্ৰত কেইখনমান ৰাজ্যৰ পৰা আপত্তি আহিছে ৷ তাৰ মাজতো মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে ৷ দিল্লী চৰকাৰে পৰ্যায়ক্ৰমে মেট্ৰ সেৱা মুকলি কৰিবলৈ ব্যৱস্থা হাতত লৈছে ৷ অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰই কোনো কথা কোৱা নাই ৷ উল্লেখ্য যি ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৱা মাৰ্চ মাহৰ পৰা মেট্ৰ’ ৰে’ল সেৱা বন্ধ আছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পৰীক্ষামূলকভাৱে দিল্লী মেট্ৰ’ আৰম্ভ কৰিবলৈ বিচাৰিছে ৷ আনহাতে কেন্দ্ৰীয় চৰকাৰে পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠানবোৰ খোলাৰ কথা চিন্তা কৰিছে৷ এই ক্ষেত্ৰত কি সাৱধানতা অৱলম্বন কৰিব সেয়া স্পষ্ট নহয় ৷
এনআইএৰ চাৰ্জছীটত দাখিল : পুলৱামা কাণ্ডৰ পৰিকল্পনা মাছুদ আজহাৰ, ভায়েক আব্দুল ৰাউফ আজগৰৰ
দৈনন্দিন বাৰ্তা ডেস্ক : পুলৱামা কাণ্ডৰ পৰিকল্পনা কৰিছিল জইছ-ঈ-মহম্মদ সন্ত্ৰাসবাদী সংগঠনৰ প্ৰধান মাছুদ আজহাৰ আৰু ভায়েক আব্দুল ৰাউফ আজগৰে৷ অভিযোগনামাত এই কথাকে উল্লেখ কৰিছে এনআইএয়ে৷ জম্মুৰ আদালতত মঙলবাৰে ৫০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে এনআইএয়ে৷ তাত পুংখানুপুংখভাৱে কোৱা হৈছে, কিদৰে পাকিস্তানে পুলৱামাত আক্ৰমণ ৰচনা কৰিছিল সকলো উল্লেখ কৰিছে ৷ উল্লেখ্য য়ে ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত চিআৰপিএফৰ কনভয়ত সোমোৱাই দিছিল বিস্ফোৰক ভৰ্ত্তি গাড়ী ৷ আত্মঘাতী বিস্ফোৰণত শ্বহীদ হৈছিল ৪০ জন জোৱানৰ ৷ এই ঘটনাৰ চাৰ্জছীট আজি জমা দিয়া হয় ৷ ইয়াত ২০ জনৰ নাম অনা হৈছে ৷ পাকিস্তান সমৰ্থিত জইছৰ প্ৰধান মাছুদ আজহাৰ, আজহাৰৰ ভায়েকৰ নাম উল্লেখ আছে ৷ তদুপৰি আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ নাম আৰু এই কামত সমৰ্থন কৰাসকলৰ নাম আছে ৷ এনআইএৰ ডেপুটি ইনস্পেক্টৰ ছোনীয়া নাৰাঙে জনোৱা মতে এই চাৰ্জছীট যথেষ্ট দীঘলীয়া ৷ এই চাৰ্জছীটত সন্ত্ৰাসবাদীৰ কল ৰেকৰ্ড, ৱাটছৱেপ চাট দিয়া হৈছে ৷ সেই চাটত আৰডিএক্স আৰু আন বিস্ফোৰকৰ ছবিও দিয়া হৈছে ৷ পুলৱামা কাণ্ডৰ পাচত জইছৰ কমাণ্ডাৰ উমৰ ফাৰুক ভাৰতীয় সেনাৰ হাতত নিহত হয়৷ সেই ফাৰুকৰ ম’বাইলৰ পৰা এই চাট পোৱা গৈছে ৷ উল্লেখ্য যে এই আক্ৰমণক প্ৰশংসা কৰি আজহাৰে এটা ভিডিঅ’ আৰু অডিঅ’ প্ৰকাশ কৰিছিল ৷ চাৰ্জছীটত এইবোৰো দাখিল কৰা হৈছে ৷ আনহাতে পুলৱামাত আক্ৰমণৰ পাচত জইছে এক টেলিগ্ৰাম গ্ৰুপত মেছেজ দিছিল ৷ তাত লেখা হৈছিল, ১০০ ভাৰতীয় হিন্দু সৈন্যৰ মৃত্যু হৈছে৷ চাৰ্জছীটত এই মেছেজও দিয়া হৈছে ৷ উল্লেখ্য যে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম চক্ৰান্তকাৰী এই মাছুদ আজহাৰেই৷ আজহাৰৰ উপৰি চাৰ্জছীটত নাম আছে আত্মঘাতী সন্ত্ৰাসবাদী আদিল আহমেদ দাৰৰ ৷ এইজনেই সিই বিস্ফোৰক থকা গাড়ী কনভয়ত সোমোৱাই দিছিল৷ ইয়াৰ উপৰি নাম আছে গাড়ীত বোমা ৰখা উমৰ ফাৰুকৰ ৷ এই বছৰ এক সংঘৰ্ষত এই সন্ত্ৰাসবাদীৰ মৃত্যু হৈছে ৷ তদুপৰি চাৰ্জছীটত নাম আছে ছাকিৰ বছিৰ মাগৰৰ৷ সেইদিনা এই সন্ত্ৰাসবাদীয়ে সেইখন গাড়ী চলাইছিল ৷ ঘটনাস্থলীৰ ৫০০ মিটাৰৰ আগতে এই সন্ত্ৰাসবাদীয়ে গাড়ীৰ পৰা জাপ মাৰি নামি দিছিল ৷ সেই ঠাইত সন্ত্ৰাসবাদীটোৰ আচবাবৰ দোকান আছে৷ জোৱানৰ গতিবিধিৰ খবৰ দিছিল উমৰ ফাৰুকে ৷ তদুপৰি পাকিস্তান সন্ত্ৰাসবাদীৰ গাড়ী সৰবৰাহ কৰিবৰ বাবে মহম্মদ ইকবাল ৰাথেৰ, ম’বাইল দিবৰ বাবে বিলাল আহমেদ কুচে, জইছ সন্ত্ৰাসবাদী তাৰিক আহমেদ শ্বাহ, কন্যা ইনছাৰ নামো আছে চাৰ্জছীটত ৷
ইজৰাইলত ১০০০ বছৰ পুৰণি সোণৰ মুদ্ৰা আবিষ্কাৰ কিশোৰৰ
দৈনন্দিন বাৰ্তা ডেস্ক : ইজৰাইলৰ কিশোৰে হাজাৰ বছৰৰো অধিক সময়ৰ আগৰ কেতবোৰ সোণৰ মুদ্ৰা মাটিৰ পাত্ৰত থকা অৱস্থাত উদ্ধাৰ কৰিছে ৷ ইজৰাইলৰ পৌৰাণিক সম্পদ কৰ্তৃপক্ষই ১৮ আগষ্টত এই মুদ্ৰাবোৰ আবিষ্কাৰ কৰিছিল, কিশোৰ-কিশোৰীসকলে ইজৰাইলৰ এটা খনন কামত স্বেচ্ছাসেৱীৰ দ্বাৰা সেই ঠাইত নতুনকৈ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল ৷ যিজন ব্যক্তিয়ে সেই মুদ্ৰা ১১০০ বছৰৰ আগতে পুতি ৰাখিছিল তেওঁ পুনৰুদ্ধাৰ কৰিবলৈ আৰু সুৰক্ষিত কৰিব পৰা নাছিল ৷ সেই মুদ্ৰা সংগ্ৰহ কৰোতে তেওঁ ঘুৰি আহোতে কি কি বাধা পাইছিল সেয়া কেৱল অনুমানহে কৰিব পাৰি ৷ খনন পৰিচালক লিয়াদ নাদভ-জিভে এনেদৰে কয় ৷ ইজৰাইলৰ প্ৰত্নতত্ত্ববিদ শ্বাহাৰ ক্ৰিছপিনে আব্বাচীয় ৰাজবংশৰ তাৰিখ অনুসৰি স্বৰ্ণ মুদ্ৰা গণনা কৰিছিল৷ মুদ্ৰাবোৰ গোপন কৰাৰ সময়ত এটা আৱাসিক কাৰখানা পোৱা গৈছিল ৷ তাৰ মালিকৰ পৰিচয় এতিয়াও এক ৰহস্য ৷ এয়া আশ্চৰ্যজনক আছিল৷ ওজ কোহেনে এই কথা কয়৷ স্বেচ্ছাসেৱীসকলৰ জৰিয়তে এই মুদ্ৰা পাইছিল ৷ নৱম শতাব্দীৰ আব্বাচীয় খিলাফত আমোলাত ৪২৫ ২৪ কেৰেটৰ বিশুদ্ধ সোণৰ মুদ্ৰাবোৰ তেতিয়াৰ সময় উল্লেখনীয় পৰিমাণে অৰ্থ থাকিব পাৰে ৷ পৌৰাণিক কৰ্তৃপক্ষৰ মুদ্ৰা বিশেষজ্ঞ ৰবাৰ্ট কুলে এইদৰে কয়৷ উদাহৰণ হিচাপে এই পৰিমাণৰ ধনৰ সহায়ত কোনো ব্যক্তিয়ে সেই সময়ত মিছৰৰ সৰ্বাধিক ধনী ৰাজধানী ফুস্তাতৰ অন্যতম ঠাইত এটা বিলাসবহুল ঘৰ কিনিবও পাৰে৷ কুলে এনেদৰে প্ৰকাশ কৰে ৷
সমগ্ৰ বিশ্বত ক’ৰোনা ভাইৰাছত ২৩.৬৫ মিলিয়ন লোক আক্ৰান্ত
অনলাইন বাৰ্তা : সমগ্ৰ বিশ্বৰ ২১০ খনৰো অধিক দেশত ক’ৰোনা ভাইৰাছত ২৩.৬৫ মিলিয়ন লোক আক্ৰান্ত হৈছে ৷ আনহাতে এই ভাইৰাছত আক্ৰান্ত হৈ ৮১১৮৯৫ জন লোকৰ মৃত্যু হৈছে ৷ ইপিনে এই ভাইৰাছত আক্ৰান্ত হৈ ১৫ মিলিয়নৰো অধিক লোক আৰোগ্য হৈছে ৷ বিশ্ব স্বাস্থ্য সংস্থাই জনোৱা মতে ক’ভিড-১৯ এতিয়াও সংক্ৰমণ হৈ আছে ৷ কিন্তু সংক্ৰমণ বৃদ্ধি আৰু মৃত্যুৰ সংখ্যা বিশ্বজুৰি কমিবলৈ ধৰিছে ৷ অৱশ্যে দক্ষিণ পূৱ এছিয়া আৰু পূৱ মেদিটেৰীয়েন অঞ্চলত ইয়াৰ বিপৰীত হৈ আছে ৷ শেহতীয়া তথ্য মতে বিশ্ব স্বাস্থ্য সংস্থাই কয় যে আমেৰিকা হ’ল সৰ্বাধিক আক্ৰান্ত এলেকা ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ২৩ আগষ্টত সমাপ্ত হোৱা সপ্তাহটোত ক’ভিড-১৯ত ১.৭ মিলিয়ন নতুন আক্ৰান্ত আৰু ৩৯০০০ নতুনকৈ মৃত্যু হয় ৷ এই সংখ্যা মুঠ আক্ৰান্তৰ ৪ শতাংশ কমিছে আৰু মৃত্যুৰ হাৰ আগৰ সপ্তাহতকৈ কম৷ দক্ষিণ পূৱ এছিয়া হ’ল দ্বিতীয় সৰ্বাধিক আক্ৰান্ত এলেকা ৷ এই এলেকাত নতুনকৈ ২৮ শতাংশ আক্ৰান্ত হৈছে আৰু ১৫ শতাংশৰ মৃত্যু হৈছে৷ ভাৰত হ’ল সৰ্বাধিক আক্ৰান্ত এলেকা ৷ ইপিনে নেপালত এই ভাইৰাছ দ্ৰুতগতিত সংক্ৰমণ হৈছে ৷ লেবালন, টিউনেছিয়া আৰু জৰ্ডানত আগৰ সপ্তাহতকৈ বেছি লোক আক্ৰান্ত হৈছে ৷ ইপিনে গাজাত লকডাউন চলাই যাবলৈ লৈছে৷ দেশখনত মঙলবাৰে প্ৰথম ক’ভিড আক্ৰান্ত ধৰা পৰাৰ পাচত লকডাউন দিছে৷ দেশখনৰ চৰকাৰৰ মুখপাত্ৰই কয় যে এটা শৰনাৰ্থী পৰিয়ালৰ চাৰিজন লোক আক্ৰান্ত হয়৷ ইপিনে দুগৰাকী ইউৰোপীয়ান ৰোগী পুনৰ ক’ৰোনাত আক্ৰান্ত হৈছে৷ নেডাৰলেণ্ড আৰু বেলজিয়ামত এই ভাইৰাছত পুনৰ আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে৷ জাৰ্মানীত ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ জাৰ্মানীত নিৰ্মাণ আৰু সেৱাত জড়িত ব্যৱসায় উন্নত কৰাৰ ব্যৱস্থা হাতত লোৱা হৈছে৷ ইউৰোপৰ সৰ্ববৃহৎ অৰ্থনীতি পুনৰ ঘুৰাই অনাৰ আশাৰে কাম আৰম্ভ কৰিছে৷ ইণ্ডোনেছিয়াত নতুনকৈ ক’ৰোনাত ২৪৪৭ জন আক্ৰান্ত হৈছে ৷ দেশখনত বৰ্তমানলৈকে ১৫৭৮৫৯ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈছে৷ দক্ষিণ কোৰিয়াত বিদ্যালয়বোৰ পুনৰ সংক্ৰমণৰ বাবে বন্ধ কৰিছে ৷ দক্ষিণ কোৰিয়াত নতুনকৈ ২৮০ জন আক্ৰান্ত হোৱাৰ কথা প্ৰকাশ ৷ দেশখনট ১৭৯৪৫ জন এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৩১০ জনৰ মৃত্যু হৈছে ৷ দক্ষিণ কোৰিয়াত জনসমাগম যোৱা দেওবাৰৰ পৰা বন্ধ কৰিছে ৷ ইয়াৰ লগতে বিভিন্ন অনুষ্ঠান আৰু ক্ৰীড়া বন্ধ কৰিছে ৷ বেইজিং বিশ্ববিদ্যালয়লৈ ঘুৰি অহা শিক্ষাৰ্থীৰ ভাইৰাছ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছে ৷ অহা ৯ ছেপ্টেম্বৰৰ পৰা বিশ্ববিদ্যালয়খনৰ পাঠদান আৰম্ভ হ’ব৷ মেক্সিকোৰ বিদ্যালয়বোৰৰ নতুন বৰ্ষ আৰম্ভ কৰিছে ৷ ভাইৰাছটোৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি স্পেইনত কেতবোৰ নতুন নিষেধাজ্ঞা প্ৰচলন কৰিছে ৷
চিকিৎসকক আতিশয্যৰ প্ৰতিবাদত বুধবাৰে নাগালেণ্ডত ২৪ ঘণ্টাৰ বাবে চিকিৎসা ব্যৱস্থা বন্ধ ঘোষণা
দৈনন্দিন বাৰ্তা ডেস্ক : আৰক্ষীয়ে চিকিৎসকক আতিশয্য কৰাৰ অভিযোগত নাগালেণ্ড ইন-ছাৰ্ভিচ ডক্টৰছ এছ’চিয়েছনে অহা বুধবাৰে পুৱা ৬ বজাৰ পৰা ২৪ ঘণ্টাৰ বাবে ৰাজ্যখনৰ সকলো স্বাস্থ্য সেৱা সম্পূৰ্ণ বন্ধ ঘোষণা কৰিছে ৷ নাগালেণ্ড ইন-ছাৰ্ভিচ ডক্টৰছ এছ’চিয়েছনৰ সভাপতি ডাঃ ৰিতু থুৰ আৰু সম্পাদক ডাঃ আবু ছীকহোছে এক বিবৃতিত কয়, চিকিৎসকৰ বিপক্ষে আৰক্ষীয়ে যি বৰ্বৰতা প্ৰদৰ্শন কৰিছে তাৰ অভিযোগত সম্পূৰ্ণ বন্ধ ঘোষণাৰে প্ৰতিবাদ জনোৱা হৈছে ৷ অৱশ্যে জৰুৰীকালীন সেৱা অব্যাহত থাকিব বুলি সভাপতি আৰু সম্পাদকে জনাইছে ৷ নাগালেণ্ড ইন-ছাৰ্ভিচ ডক্টৰছ এছ’চিয়েছনৰ তৰফৰ পৰা জনাই যে যোৱা ৩ এপ্ৰিলত ডিমাপুৰত ডাঃ নোজেজল ছিজু আৰু ১৭ এপ্ৰিলত ঊষাত ডাঃ মংগশ্বিটুঙক আৰক্ষীয়ে বৰ্বৰভাৱে আতিশয্য কৰিছিল ৷ আনহাতে ঊষাত ২১ আগষ্টৰ নিশা ডাঃ আটোকাক আইআৰবি জোৱানে আতিশয্য কৰিছিল ৷ ইয়াৰ পাচতে ৰাজ্যৰ গৃহ বিভাগে এখন তিনিজনীয়া সদস্যৰ সমিতি তদন্তৰ বাবে গঠন কৰি দিছিল ৷ এই সমিতিয়ে ২৩ আগষ্টত দায়িত্ব লয় আৰু সাত দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰাৰ কথা ৷
পাকিস্তানৰ চিনেমা উদ্যোগৰ বহু অভিনেত্ৰীৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ডাউদ ইব্ৰাহিমৰ
দৈনন্দিন বাৰ্তা ডেস্ক : পাকিস্তানৰ কৰাচীতে আছে ডাউদ ইব্ৰাহিম ৷ এই কথা স্বীকাৰ কৰিলে পাকিস্তান চৰকাৰে ৷ ১৯৯৩ চনত মুম্বাই কাণ্ডৰ মূল অভিযুক্তক আশ্ৰয় দিয়াৰ কথা অস্বীকাৰ কৰিছিল পাকিস্তানে ৷ অৱশেষত ডাউদৰ ঠিকনা প্ৰকাশ কৰিলে ইমৰান খান চৰকাৰে ৷ পাকিস্তান চৰকাৰে জনাইছে, পাকিস্তানৰ কৰাচীত ছৌদি মছজিদৰ কাষত ক্লিফটনৰ হুৱাইট হাউচত থাকে মুম্বাই বোমা আক্ৰমণৰ মূল নায়ক ডাউদ ইব্ৰাহিম ৷ উল্লেখ্য যে ডাউদ ইব্ৰাহিমে পাকিস্তানৰ চিনেমা উদ্যোগৰ লগত জড়িত বহু অভিনেত্ৰীৰ লগত নিয়মীয়াকৈ সম্পৰ্ক ৰক্ষা কৰি আছে ৷ মন কৰিব লগা যে বলীউড আৰু আণ্ডাৰৱ’ৰ্ল্ডৰ মাজত সম্পৰ্ক থকা কথাটো দীৰ্ঘদিন ধৰি প্ৰচাৰ হৈ আছে ৷ একালত বলীউডত ডাউদ ইব্ৰাহিমৰ ভাল প্ৰভাৱ আছিল ৷ ডাউদে বলীউডৰ বহু চিনেমাত পুঁজি যোগান ধৰিছে বুলিও অভিযোগত প্ৰকাশ ৷ বহু ভাৰতীয় অভিনেতাই ডাউদে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰা অভিযোগ আছে ৷ কিন্তু পাকিস্তানৰ চিনেমা উদ্যোগত ডাউদে নিজৰ অধিপত্য চলাই আছে ৷ পাকিস্তানৰ বৃহৎ অসামৰিক সন্মান ‘টামজা-ই-ইমতিয়াজ’ বঁটা দেশখনৰ এগৰাকী অভিনেত্ৰীয়ে লাভ কৰাৰ সময়ত, ২০১৯ চনত ডাউদ তাৰ চিনেমা উদ্যোগৰ লগত জড়িত থকাৰ কথা পোহৰলৈ আহে ৷ এই ৩৭ বছৰীয়া অভিনেত্ৰীগৰাকী হ’ল মেহবিশ হায়াত ৷ মন কৰিব লগা যে কিছু বছৰৰ আগলৈকে মেহবিশক চিনি পোৱা নাছিল ৷ কিন্তু এইগৰাকী অভিনেত্ৰী পাকিস্তানৰ সংবাদ মাধ্যম আৰু গ্লেমাৰ উদ্যোগত এতিয়া জনপ্ৰিয় নাম ৷ মেহবিশে ‘টামজা-ই-ইমতিয়াজ’ বঁটা লাভ কৰাৰ বিষয়ে পাকিস্তান চৰকাৰৰ সিদ্ধান্তক বহু লোকে প্ৰশ্ন উত্থাপন কৰিছিল ৷ এটা ৱেব পৰ্টেলে মেহবিশক ডাঙৰ সন্মান দিব বুলি সংবাদ কৰাত পাকিস্তানৰ চিনেমা উদ্যোগক আচৰিত কৰি তুলিছিল ৷ ৱেব পৰ্টেলটোৱে কৰা সংবাদ মতে চিনেমা উদ্যোগত বহু কাম কৰাৰ বাবে বা যি শাসনাধিষ্ঠিত পাকিস্তান-টেহৰীক-ই-ইনছাফ পাৰ্টিৰ লগত নিবিড় কৰাচীৰ শক্তিশালী ব্যক্তিৰ লগত সম্পৰ্ক থকাত মেহবিশে ‘টামজা-ই-ইমতিয়াজ’ বঁটা লাভ কৰিব ৷ এই খবৰৰ পাচত মেহবিশক ট্ৰোল কৰা হয়৷ তেওঁ তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ বুলি অভিহিত কৰিছিল ৷ প্ৰাপ্ত সূত্ৰই জনোৱা মতে সম্প্ৰতি পাকিস্তানৰ অভিনেত্ৰীৰ সৈতে ডাউদৰ নিয়মীয়া সম্পৰ্ক আছে ৷ এইগৰাকী অভিনেত্ৰী গেংষ্টাৰৰ প্ৰতি দুৰ্বল বুলি প্ৰকাশ৷ মেহবিশে এটা আইটেম নম্বৰ লৈ তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু কোৱা হয় যে এই আইটেম নম্বৰৰ পাচত তেওঁ ডাউদ ইব্ৰাহিমৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৷ জানিব পৰা মতে কৰাচীৰ এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে ঘনিষ্ঠতাৰ বাবে পাচত মেহবিশে বহু কেইটা বৃহৎ প্ৰকল্পত কাম কৰাৰ সুযোগ পাইছিল, যিটো ডাউদৰ বাদে আন কোনো নহয় ৷ মেহবিশৰ উত্থানত দেখা যায় যে ডাউদে এতিয়াও চিনেমা উদ্যোগত প্ৰচুৰ পৰিমাণে ব্যয় কৰিছে আৰু ডাউদে গ্লেমাৰ উদ্যোগত যিকোনোৰে কেৰিয়াৰ গঢ়িব পাৰে ৷
দহলাখ টকাৰ ব্যয়ৰে কুসুমটোলাৰ দীপাটোলাত খেলাপথাৰৰ চাৰিসীমাৰ দেৱালৰ আধাৰশিলা শিলা স্থাপন
জামুগুৰিহাট : চতিয়া সমষ্টিৰ কুসুমটোলাৰ নিকটৱৰ্ত্তি দীপাটোলাৰ দীপাটোলা খেলাপথাৰৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়। ২০১৯-২০ বৰ্ষৰ আনটাইট পুঁজিৰ পৰা আৱণ্টন হোৱা দহ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব লগা খেলাপথাৰখনৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই। বিধায়ক হাজৰিকাই আধাৰশিলা স্থাপন কৰি নিজৰ ভাষণ প্ৰসংগত দীপাটোলা অঞ্চলত পূৰ্বৰে পৰা থকা খেলা-ধূলাৰ পৰিবেশ অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত খেলাপথাৰখনৰ চাৰিসীমাৰ দেৱাল নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে আৰু অধিক অনুকূল হৈ পৰিব বুলি উল্লেখ কৰে। ইয়াৰোপৰি চলিত বৰ্ষতেই খেলাপথাৰখনৰ উন্নয়নৰ বাবে আৰু বিশ লাখ টকা আগবঢ়োৱা হ’ব বুলিও উল্লেখ কৰে বিধায়ক হাজৰিকাই। আধাৰশিলা স্থাপন অনুষ্ঠানটিত নদুৱাৰ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা দিব্যজ্যোতি হাজৰিকা, সাতগাঁও উন্নয়ন সমিতিৰ সভাপতি ডম্বৰু নাথ, সমাজকৰ্মী লালন ওৰাং, হোমনাথ ছেত্রীকে ধৰি বিশিষ্ট লোকসকলক উপস্থিত থাকে।

কাৰ্বিআংলং ৰ পয্যটন স্থলীত সশস্ত্ৰ কুকি উগ্ৰপন্থীৰ মুক্ত বিচৰণ : বন্ধ হল টকৌলাংচ জলপ্ৰপাত : পয্যটকৰ প্ৰৱেশ নিষিদ্ধ
বোকাজান : প্ৰকৃতিৰ মনোৰম নৈসৰ্গিকতাৰে ভৰপূৰ পৰ্য্যটকৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু কাৰ্বিআংলং জিলাৰ বোকাজান মহকুমাৰ বালিপথাৰৰ টকৌলাংচ জলপ্ৰপাতস্থলিত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত উগ্ৰপন্থী সদস্যৰ মুক্ত বিচৰণে সমগ্ৰ জিলাখনত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। যোৱা দেওবাৰে টকৌলাংচ জলপ্ৰপাতথলিত জলকেলি বিনোদন কৰিবলৈ যোৱা এটা স্থানীয় পৰ্য্যটকৰ দল যাত্ৰা পথত হঠাৎ এটা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সদস্যৰ লগত মুখামুখি হয়। হাতে হাতে মাৰণাঅস্ত্ৰ লৈ কোনো গন্তব্য স্থানলৈ যাত্ৰা কৰি থকা উগ্ৰপন্থী সদস্যসকলে পৰ্য্যটকৰ দলটোৰ কোনো ক্ষতি নকৰি শাৰী শাৰী কৈ গৈ থাকে। এই সমগ্ৰ দৃশ্য পৰ্য্যটকৰ দলটোৰ এজনে নিজৰ মোবাইল কেমেৰাত গোপনে আবদ্ধ কৰি ৰাখে। পৰৱৰ্তী সময়ত এই ভিডিঅ’ ভাইৰেল হৈ পৰাত জিলাবাসীৰ লগতে কাৰ্বিআংলং জিলা আৰক্ষী প্ৰশাসনৰ মাজতো তীব্র চাঞ্চল্য সৃষ্টি হয়। পাহাৰীয়া জিলাখনত উগ্ৰপন্থীৰ বিৰুদ্ধে আৰক্ষীয়ে সততে কঠোৰ স্থিতি গ্ৰহণ কৰি অহা পাছতো দিন দুপৰতে উগ্ৰপন্থীৰ এনে মুক্ত বিচৰণে সকলোকে শংকিত কৰি তুলিছে। উগ্ৰপন্থী সংগঠনৰ মুক্ত বিচৰণৰ দৃশ্য ভাইৰেল হৈ পৰা ঘটনাৰ পাছতে সোমবাৰে ততাতৈয়াকৈ টকৌলাংচত আৰক্ষীৰ এটা উচ্চ স্তৰীয় দল উপস্থিত হৈ ঘটনাস্থলি পৰিদর্শন কৰে। দুৰ্গম অঞ্চলটোত উগ্ৰপন্থীৰ গতি বিধি সম্পৰ্কত আৰক্ষীয়ে গোপন তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে ভিডিঅ’টোত থকা উগ্ৰপন্থী সদস্যসকলক কুকি উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি চিনাক্ত কৰা হৈছে। আৰু তেওঁলোকৰ হাতত এম কে ১৬, একে ছিৰিজৰ দৰে অত্যাধুনিক মাৰণাস্ত্ৰ দেখিবলৈ পোৱা গৈছে। উগ্ৰপন্থী সদস্যসকলৰ ভিতৰত ইউপিআৰএফৰ মুখ্য সেনাধ্যক্ষ মাইক গাউতো থকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰ অঞ্চলৰ পৰা ১২ কিলোমিটাৰ সোমাই গলে পয্যটনস্থলি টকৌলাংচ পোৱা যায়। কিছু দুৰ্গম ঠাইত অৱস্থিত টকৌলাংচ লৈ গৰমৰ দিনকেইটাত জলকেলীৰ বাবে শ শ পৰ্য্যটকৰ আগমণ ঘটে। বৰ্তমান শনি-দেওবাৰে সম্পূৰ্ণ লকডাউন্ অব্যাহত থকাত সেই দিন দুটাত টকৌলাংচ জলপ্ৰপাতত শ শ লোকৰ আগমণ ঘটে। উগ্ৰপন্থীৰ এই মুক্ত বিচৰণৰ চাঞ্চল্যকৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতে সম্ভাব্য বিপদ আৰু নিৰাপত্তাজনিত কাৰণত বোকাজান আৰক্ষী প্ৰশাসনে টকৌলাংচ পৰ্য্যটনস্থলি অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে।
নগাঁৱৰ মৰিকলং চাৰিআলি-জয়শ্ৰী চিনেমা হল সংযোগী মহাত্মা গান্ধী পথৰ বিধ্বস্ত ৰূপ
নগাঁও : নগাঁও জিলাৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মৰিকলং চাৰিআলিৰ পৰা পাৱাৰ হাউছ তিনিআলি হৈ কৃষ্ণা হল চাৰিআলি আৰু জয়শ্ৰী চিনেমা হলৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী মহাত্মা গান্ধী পথ এটা অতি গুৰুত্বপূৰ্ণ পথ ৷ গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ নগাঁৱৰ এই পথটো বৰ্তমান ঠায়ে ঠায়ে বিধ্বস্ত ৰূপে তীব্ৰ সমস্যাৰ সৃষ্টি কৰিছে পথচাৰীসকলৰ ৷ পথচোৱাৰ মৰিকলং চাৰিআলিৰ গ্ৰামীণ বিকাশ বেংকৰ সন্মুখৰ পৰা আৰম্ভ কৰি একেলেথাৰিয়ে কেইবা ঠাইতো পথৰ বিধ্বস্ত ৰূপে বহু সময়ত পথচাৰীসকলক যমৰ-যাতনাত পেলাই আহিছে ৷ ৩৬ নং ৰাষ্ট্ৰীয় পথৰ পৰা মৰিকলং চাৰিআলি হৈ নগাঁও চহৰলৈ বুলি সোমোবা সদাব্যস্ত এই পথটোৰে বহুকেইখন বিদ্যালয়, কেইবাটাও ৰাজহুৱা মঠ-মন্দিৰ, কেইবাটাও চৰকাৰী বিভাগৰ জিলা কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে কেইবাটাও বেচৰকাৰী কাৰ্যালয় ওপৰি কেইবাখনো ব্যক্তিগত খণ্ডৰ চিকিৎসালয় আৰু ফাৰ্মাচীলৈ বুলি ৰোগী তথা নগাঁও ৰেল ষ্টেচনলৈ ৰেল ধৰিবলৈ বুলি বহু লোক আহ-যাহ কৰাৰ উপৰিও আই টি আই বজাৰ, পানীগাওঁ চাৰিআলি বজাৰ, কেইবাখনো চিকিৎসালয়, নাৰ্ছিং হোম, উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, নিয়োগ বিনিময় কেন্দ্ৰ আদিলৈ বুলি বহুলোকে যাত্ৰায়ত কৰে এই পথচোৱাৰে ৷ নগাঁও চহৰবাসীৰ এটি সদাব্যস্ত এই চিনাকী পথচোৱাৰ ঠায়ে ঠায়ে বৰ্তমান এক বিধ্বস্তৰূপে সকলো পথচাৰীকে জলাকলা খোৱাইছে ৷ একাংশ পথচাৰী তথা স্থানীয় ৰাইজে জানিব দিয়া অনুসৰি আজিৰ পৰা প্ৰায় পাঁচ মাহৰ পূৰ্বে গড়কাপ্তানি বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি পথচোবাৰ ঠায়ে ঠায়ে মেৰামতিৰ কাম হাতত লৈছিল যদিও কোনো অজ্ঞতা কাৰণত আজিকোপতি এই গুৰুত্বপূৰ্ণ পথটিৰ মেৰামতি সম্পূৰ্ণ কৰিব নোবাৰিলে দায়িত্বপ্ৰাপ্ত ঠিকাদাৰী প্ৰতিষ্ঠানে ৷ আজি পুনৰ পূৰ্বৰ অৱস্থাতে এক বিধ্বস্ত ৰূপ ধাৰণ কৰিছে এই পথচোবাই৷ যাৰ ফলত এজাক বৰষুণৰ ফলতেই একাঠু পানী জমা হোবাত এই পথটিৰ বাবে আজি ৰাইজ ভিশন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ বহু সময়ত স্থানীয় ৰাইজৰ লগতে পথচাৰীসকলে দায়িত্বপ্ৰাপ্ত বিভাগীয় কৰ্তৃপক্ষক পথটি উন্নত মানদণ্ডৰ সামগ্ৰীৰে নিৰ্মাণ কৰিবলৈ দাৱী জনাই আহিছে যদিও গড়কাপ্তানি ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় কৰ্তৃপক্ষৰ গাৰ নোম এডালো লৰাব পৰা নাই পথচাৰী ৰাইজৰ এই দাৱীয়ে ৷ এইক্ষেত্ৰত গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডলৰ বিভাগীয় উদ্ধতন কৰ্তৃপক্ষক অতিশীঘ্ৰে পথচোবাৰ মেৰামতিৰ নিৰ্মাণ কৰি লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ বাবে মুকলি কৰিবলৈ ৰাইজে তীব্ৰ দাৱী জনাইছে ৷
গামোচাক লৈ ৰাজনীতি নকৰিব
গামোচাখনক লৈ ৰাজনীতি নকৰিব এই গামোচা প্ৰতিজন অসমীয়াৰ স্বাভিমান। গামোচাখনত প্ৰতিজন অসমীয়াৰে সমান অধিকাৰ আছে হয়তো সেইজন ব্যক্তি হিন্দুৱে হওঁক নতুবা মুছলমান হওঁক। মই যিমান দূৰ জানো মুছলমান লোকসকলে গামোচাখন নামাজ কৰোতে লয় আৰু আমি হিন্দুসকলে শাস্ত্ৰপাঠ কৰোতে ব্যৱহাৰ কৰা হয়। এই ক্ষেত্ৰত গামোচাখনক অপমান কৰা নুবুজাই। নামাজ পঢ়াৰ সময়ত ব্যৱহাৰ হোৱা বাবে “জাইনামাজ” বুলি কোৱা হয়। প্ৰতিজন মুছলমান ব্যক্তিৰবাবে “জাইনামাজ” যথেষ্ট গুৰুত্বপূৰ্ণ হয়। মুছলমান লোকসকলে ইয়াক পবিত্ৰ হিচাপে মানি আহিছে। এনেকুৱা কথাবোৰক লৈ একাংশই সাম্প্ৰদায়িকতাৰ বীজ ছটিয়াব ধৰিছে। গতিকে ইয়াক লৈ বিতৰ্ক হ’ব নালাগে। এচামে ৰাজনৈতিক স্বাৰ্থৰ বাবে সাম্প্ৰদায়িকতাৰ বিষ বিয়পাই আমাৰ সমাজৰ একতা নষ্ট কৰিবলৈ বহু চেষ্টা কৰি আছে। আমি প্ৰতিজন অসমীয়া সচেতন হ’ব লাগে। সাম্প্ৰদায়িকতাৰ পৰা আঁতৰত থাকি আমাৰ ভাতৃত্ববোধৰ একতাৰ এনাজৰীডাল নিকপকপীয়াকৈ ৰাখিব লাগে, যিহেতু আমাৰ পৰিচয় আমি অসমীয়া।










